সীতাৰ অগ্নি পৰীক্ষা

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৫০ অধ্যায় ।
সীতাৰ অগ্নি-পৰীক্ষা ।
পদ ।

ৰামে দেখিলন্ত পলাই ভালুক বানৰ ।

সেৱতিয়া কোবায়া কৰিলা দূৰন্তৰ ॥১

ক্ৰোধিয়া বোলন্ত বানৰৰ দুঃখ জানি ।

ওৰা বিভীষণ মিত্ৰ হেন লঘুপ্ৰাণী ॥২

বানৰেসে বন্ধু মোৰ পিতৃ পিতামহ ।

যাত হন্তে এৰাইলোঁ দুৰ্গতি অনেকহ ॥৩

বানৰক মাৰিবাৰ কমন প্ৰস্তাৱ ।

আসম্বাক মাৰি মোৰ প্ৰাণে দেস ঘাৱ ॥৪

এহি কাৰ্য্যে মোহোৰ কৰিলা অসন্তোষ ।

পুত্ৰ সবে মাতৃক দেখিলে কিবা দোষ ॥৫

সবাক আনিয়ো ঝাণ্টে আশ্বাস কৰিয়া ।

সীতাক চাহোক সবে নয়ন ভৰিয়া ॥৬

যাহাৰ নিমিত্তে দুঃখ পাইল বহুতৰ ।

চাহিবাক মন কৰে ভালুক বানৰ ॥৭

বিবাহ ব্যবহাৰ যজ্ঞ অনুষ্ঠান কালে ।

অৱস্থাক নিৰূপণ স্বয়ম্বৰ শালে ॥৮

সভা আগমন ধৰ্ম্ম বিচাৰ নবোধ ।

সবহি দেখিব কিছু নাহিকে বিৰোধ ॥৯

বিভীষণে লাজ পাইলা ৰামৰ বচনে ।

সকল বানৰগণ আনাইলা তেখনে ॥১০

আদেশিলা ৰাঘৱে মনত মন্যু ভাৱে ।

ওৱাৰ গুছায়ো সীতা আসো ভূমিপাৱে ॥১১

ইঙ্গিততে ৰামৰ বচন অৱগাই ।

সকল প্ৰজায়ে আউৰক আউৰে চাই ॥১২

সজল নয়নে সবে ভূমি খছৱন্ত ।

সীতা গোসাঁনীক জানোঁ ৰাঘৱে এৰন্ত ॥১৩

বিভীষণে চৌদোলৰ গুছাইল ওৱাৰ ।

তৰাসে সীতাৰ নিকলিল লোহ ধাৰ ॥১৪

জনক জীৱৰ নয়নৰ নীৰ বহে ।

সব কপিগণে দেখি পৰাণে নসহে ॥১৫

মুখত কাপৰ দিয়া কান্দন্ত লক্ষ্মণ ।

ভূমি চায়া কান্দন্ত অঙ্গদ বিভীষণ ॥১৬

সুগ্ৰীৱ যে কান্দন্ত গবাক্ষ জাম্বৱন্ত ।

নল নীল কেশৰী পনস হনুমন্ত ॥১৭

গোসাঁনী কান্দন্ত দেখি নধৰন্ত বুক ।

আন ভিতি চাহি কান্দে বানৰ ভালুক ॥১৮

বিভীষণ আগে সীতা যান্ত ভূমি পাৱে ।

বুলন্তে দেখিয় ফুটি ৰুধিৰ বজাৱে ॥১৯

অলঙ্কাৰ শব্দ ৰুন ঝুন কৰি ভাষে ।

যেন লক্ষ্মী চলি যান্ত নাৰায়ণ পাশে ॥২০

ডাহিন সুবৰ্ণ যেন শৰীৰৰ কান্তি ।

শঙ্কৰ পাশ যেন দুৰ্গা দেবী যান্তি ॥২১

লাজ পায়া গোসাঁনী পৰম মহাশান্তী ।

সঙ্কুচিত ভাৱে মাৱ গাৱতে লুকান্তি ॥২২

লৱনু পুত্তলী যেন সুকোমল গাৱ ।

একোভিতি নচাই চলি যান্ত জগমাৱ ॥২৩

গোসাঁনীৰ ৰূপ দেখি বানৰ ভালুকে ।

পৰম আনন্দে চাহে হৰষিত বুকে ॥২৪

বোলে জানকীক চাই আনন্দক পাইলোঁ ।

আমি সবে সাৰ্থক ৰামৰ লগে আইলোঁ ॥২৫

বানৰ ভালুক সবে ৰাক্ষস বিস্ময় ।

সীতাৰ সুৰূপে সব জগত মোহয় ॥২৬

সীতাক দেখিয়া ৰাম অন্তৰ্গতে স্নেহ ।

ক্ষণে সকৰুণ ক্ষণে নিকৰুণ দেহ ॥২৭

দুঃখ দেখি ৰামৰ চক্ষুৰ পৰে পানী ।

ক্ৰোধ কৰি পুনঃ তাক ধৰে টানি ॥২৮

ধৰন্তে ধৰন্তে লোহ ধৰণ নযাই ।

শোক দুঃখ ক্ৰোধ সব ভৈলা এক ঠাই ॥২৯

সমীপ ছাপিলা দেবী স্বামী শ্ৰীৰামৰ ।

নমাতি থাকিলা ৰামে কৰি অনাদৰ ॥৩০

লাজে মাথা নতোলন্ত সঙ্কুচিত ভাৱে ।

ডৰে দেবী কাম্পন্ত কদলী যেন বাৱে ॥৩১

লাজ ভয় এৰিয়া স্বামীত বৰ স্নেহা ।

আপনাক শুদ্ধ জানি দৃঢ় কৰি দেহা ॥৩২

চিৰকালে দেখিবাক বৰ হাবিলাষে ।

মুখ চাহি কটাক্ষে থাকিলা এক পাশে ॥৩৩

সীতাক ৰাঘৱে চাহিলন্ত মাথা তুলি ।

আৰকত নয়ন হিয়াৰ গুল গুলি ॥৩৪

মহাক্ৰোধে বচন বুলিলা ৰঘুনাথে ।

জনকৰ জীৱ হেৰা বোলহোঁ তোমাতে ॥৩৫

ৰাৱণক মাৰিয়া এৰাইলোঁ লোকবাদ ।

তোমাক আনিলোঁ ৰাখি বংশৰ মৰ্য্যাদ ॥৩৬

লোকে বুলিবন্ত ৰাম হাৰিল অন্তৰে ।

সি কাৰণে তিৰী বৈৰী নমাৰিলা ডৰে ॥৩৭

নিন্দাক এৰাইলোঁ মই আপন বংশৰ ।

কুৎসা বাণী এৰাইলোহোঁ সমস্ত লোকৰ ॥৩৮

দৈব দোষে ৰাজা হৰি আনিলা তোমাক ।

পৌৰুষতা বলে আমি মলছিলোঁ তাক ॥৩৯

ৰাঘৱৰ অভিপ্ৰায় ইঙ্গিততে জানি ।

ঘামিলা কম্পিলা গাৱ ডৰিলা গোসাঁনী ॥৪০

শ্ৰীহানি ভৈলা মুখ মলিনতা চন্দ ।

মেঘে যেন ঢাকিলেক পূৰ্ণিমাৰ চান্দ ॥৪১

শুন মাতো জানকী তোহোত মই কায ।

প্ৰতিজ্ঞা সাফলি বিভীষণে দিলোঁ ৰাজ ॥৪২

প্ৰতিজ্ঞাক সাফলিলোঁ মাৰুতি বীৰৰ ।

মনোৰথ সিদ্ধি ভৈলা সুগ্ৰীৱ মিত্ৰৰ ॥৪৩

তোমাক লাগিয়া আমি নকৰিলো কায ।

পৌৰুষতা আচৰি গুছাইলো সব লাজ ॥৪৪

দশোদিশ প্ৰসন্ন মেলিয়া চক্ষু চাহাঁ ।

তোমাক এৰিলোঁ সীতা যথা মন যাহাঁ ॥৪৫

চিৰকাল হৰি তোক নিলেক ৰাৱণে ।

তই শুদ্ধ ভাৱ হেন পতিয়াইব কোনে ॥৪৬

সান্তোষ মেলিবে কোনে শিলা বান্ধি বুকে ।

কমন মুগুধে আৰ সম্বৰিব তোকে ॥৪৭

ৰাৱণৰ গৃহত আছিলা চিৰকাল ।

পুনৰপি তোমাক নিবাক নুহি ভাল ॥৪৮

তোমাক আনিলে বৰ কুযশ লভিবোঁ ।

জন অপবাদ হেতু তোমাক নেনিবোঁ ॥৪৯

লক্ষ্মণত ভজ নুহি ভজ ভৰতত ।

বিভীষণ ভজ নোহে ভজ সুগ্ৰীৱত ॥৫০

ত্ৰৈলোক্য সুন্দৰী হেন জানিয়া তোমাক ।

ৰাৱণে ক্ষমিব হেন পতিয়াস কাক ॥৫১

স্বামীৰ বচন হেন শুনিয়া নিষ্ঠুৰ ।

লাজে ভয়ে গোসাঁনীৰ হিয়া ধুৰ ধুৰ ॥৫২

দুৰ্ব্বাৰ বচন শালে শালিলেক হিয়ে ।

ধীৰে ধীৰে বুলিলন্ত জনকৰ জীয়ে ॥৫৩

উত্তম কুলত আমি জনম লভিলো ।

মহন্ত কুলত মোক বাপে বিহা দিল ॥৫৪

আমাক ইতৰ নাৰীসম দেখিলাহা ।

নটৰ নটিনী যেন আনক বিলাহা ॥৫৫

পাপিষ্ঠ ৰাৱণে মোক আনিলেক হৰি ।

তিৰী জাতি পৰাধীন নহোঁ স্বতন্তৰি ॥৫৬

অন্তৰ্গত মনক পালিলোঁ নিয়মিত ।

ৰাত্ৰিয়ে দিবসে মোৰ তোমাতেসে চিত্ত ॥৫৭

তুমি যেন শঙ্কি আমি নহোঁ হেন ঠান ।

দেৱ ধৰ্ম্ম সাক্ষী হুইবা পৃথিবী প্ৰমাণ ॥৫৮

অন্তৰ্গত শুদ্ধ আমি হোওঁ মহা শান্তী ।

ইতৰ পুৰুষে যেন লঘু বোল মাতি ॥৫৯

যৈসানি খুজিত মোক আইলা হনুমন্তে ।

হেনয় বচন বুলি পঠাইলাহা হন্তে ॥৬০

পাৰান ত্যজিলোঁ হন্তে তাহাৰ আগতে ।

সব সেনা কিক প্ৰয়াসিব হেন মতে ॥৬১

নসুমৰা মোৰ এক দিবসৰ গুণ ।

নিৰ্দ্দয় পুৰুষ জাতি কিনো নিদাৰুণ ॥৬২

ভাগি গৈলা লোহা আউৰ গঢ়ন নযাই ।

ইকালে ঔষধ চিন্তোঁ যেহেন উপায় ॥৬৩

শুনিয়ো লক্ষণ মাতে আলখনী সীতা ।

ঝাণ্ট কৰি বাপু তই সাজি দেহ চিতা ॥৬৪

আপনি কৰিবোঁ আপনাৰ প্ৰতিকাৰ ।

অগণিত ঝাস কৰোঁ কি কাৰ্য্য জীবাৰ ॥৬৫

হেন শুনি লক্ষণে ৰামৰ ভিতি চাইল ।

চক্ষু নিমিষতে ৰাঘৱৰ আজ্ঞা পাইল ॥৬৬

তেতিক্ষণে সুমিত্ৰাৰ হৃদয় নন্দনে ।

চিতা খান নিৰ্ম্মিলন্ত আগৰ চন্দনে ॥৬৭

ৰামৰ চৰিত্ৰ শুনা সাৱধান কৰি ।

নিৰন্তৰে নৰে ডাকি বোলাঁ হৰি হৰি ॥৬৮


৫১ অধ্যায় ।
ছবি ।

চিতাত অগনি কুণ্ড,       জ্বালিলন্ত লখমণে,

হাণ্ডি হাণ্ডি ঢালিলন্ত ঘৃত ।

জাজ্জ্বল্য সমান কৰি,       বহ্নিকুণ্ড জ্বলি গৈলা,

সীতাদেবী ভৈলন্ত সম্ভৃত ॥১

ৰাঘৱৰ হৃদয়ত,       শেল যেন পশি গৈলা,

আথাকে নয়নে জল বহে ।

সকল সেনাৰ দেখি,       হাহাকাৰ লাগি গৈলা,

মহাশোকে পৰাণ নসহে ॥২

হেট মাথে ৰাঘৱক,       ফুৰি প্ৰদক্ষিণ কৰি,

প্ৰণামি যুৰিলা দুই কৰ ।

জন্মে জন্মে তুমি মোৰ,       টীকৰ সুস্বামী হুইবা,

লক্ষ্মণেসে হুইবন্ত দেৱৰ ॥৩

দশৰথ নৃপতিসে,       শ্বশুৰ হৈবন্ত মোৰ,

কৌশল্যা হৈবন্ত মোৰ শ্বাশু ।

হৰি হৰি গোসাঁনীক,       দৰশন নভৈলোহোঁ,

হেৰা মৰোঁ সীতা পৰবাসু ॥৪

হাতযোৰে ত্ৰিদশক,       নমস্কাৰ কৰিয়া যে,

অগনিক কৰিয়া প্ৰণাম ।

স্বপনে গিয়ানে মই,       আনকিছো নজানওঁ,

অহৰ্নিশে সুমৰিলোঁ ৰাম ॥৫

কায়বাক্য মনে পাপ,       নিমিষকো নজানওঁ,

আছিলোহোঁ শান্তি পুণ্য ৰাখি ।

হেন জানি অগ্নি মোক,       উচিত ফলক দিবা,

তুমি দেৱ জগতৰ সাক্ষী ॥৬

আপনাক শুদ্ধ হেন,       জানিয়া নিশঙ্কভাৱে,

মুখ ভৈলা হৰিষ সৰস ।

স্বৰ্গতো দেৱতা বৰ্গ,       সবে চাহি আছিলন্ত,

সীতা দিলা অগনিত ঝাস ॥৭

লঙ্কা নগৰীত যত,       বাল্য বৃদ্ধ যুবা জন,

অসংখ্যাত সেনা নিকলিল ।

শোকে দুঃখে অপমানে,       হাহাকৰা শব্দ উঠি,

মহাৰোলে গগন পূৰিল ॥৮

তিনি লোক ভুবনত,       চাহি চাহি আছিলন্ত,

আকাশ পৃথিবী খণ্ড ছানি ।

বানৰ ভালুকগণ,       হৰি হৰি বিষাদত,

স্বৰ্গক পৰ্য্যন্তে গৈলা ধ্বনি ॥৯

হাহা সীতা শান্তী মাৱ,       বুলি বুলি কন্যাগণে,

বেঢ়ি বেঢ়ি সবে প্ৰসংসন্ত ।

স্বৰ্গত দেৱতা সবে,       শোকত পাগল ভৈলা,

ধৰ্ম্ম ধৰ্ম্ম সবে সুমৰন্ত ॥১০

ব্ৰহ্মা মহেশ্বৰ হৰি,       দেৱৰাজ আদি কৰি,

আপোন আপোন ৰথে চড়ি ।

সীতাদেবী অগনিত,       প্ৰবেশ ভৈলন্ত দেখি,

সবেয়ো আসিলা দৰদৰি ॥১১

দেৱতা সবক দেখি,       কৃতাঞ্জলি কৰি উঠি,

চিন্তিয়া থাকিলা ৰঘুনাথে ।

আকাশত থাকি সবে,       ৰাঘৱক বুলিলন্ত,

উচ্ছায়া দক্ষিণ তুলি হাত ॥১২

শ্ৰেষ্ঠায়ে পুৰুষ তুমি,       জ্ঞানময় মহৌষধি,

দেৱকাৰ্য্যে আসিলা ভূমিক ।

সীতাদেৱী অগনিত,       প্ৰবেশ ভৈলন্ত দেখাঁ,

উপেখি আছিলা তুমি কিক ॥১৩

আমি সবে ভাল জানোঁ,       এহেঁ পতিব্ৰতা শান্তী,

হেন নাৰী নাহি সীতা সম ।

আপনাক নিচিনিয়া,       হেন কৰ্ম্ম কৰিলাহা,

মুনিয়ো হৱয় মতিভ্ৰম ॥১৪

দেৱতাক সম্বুধিয়া,       ৰঘুনাথে বুলিলন্ত,

সবেয়ো বখানা মোৰ গুণ ।

প্ৰতি প্ৰতি কৰিতেবে,       পৰিচয় কৰায়োক,

আমিনো দেৱতা হওঁ কোন ॥১৫

হেন জানো দশৰথ,       নৃপতিৰ পুত্ৰ মই,

কৌশল্যা যে দেবীৰ তনয় ।

মানুষৰ ৰূপ ধৰি,       নৰ অৱতাৰ কৰি,

শত্ৰুগণ কৰিলোহোঁ ক্ষয় ॥১৬

অমোঘ স্তুতিক কৰি,       ব্ৰহ্মাদেৱে বুলিলন্ত,

তুমি নাৰায়ণ মহা হৰি ।

উৎপত্তি মৰণ হন্তে,       অসুৰক সংহৰণ,

শঙ্খ চন্দ্ৰ গদা পদ্ম ধৰি ॥১৭

মুনিগণে তোমাকেসে,       স্থূলৰূপে চিন্তে প্ৰভু,

মোক্ষৰূপে নিৰ্ণয় নজানি ।

দাৰিদ্ৰ্য দুঃখক খণ্ডি,       তযু হৃদি মণ্ডলিনী,

সীতাদেবী লক্ষ্মীনী গোসাঁনী ॥১৮

ৰাৱণ মাৰিতে লাগি,       ত্ৰিদশৰ বোকে স্বামী,

মৰ্ত্তত ভৈলাহা অৱতাৰ ।

তুমিসি সংসাৰ সেতু,       উৎপত্তি প্ৰলয় হেতু,

অসন্তক কৰাহা সংহাৰ ॥১৯

এতহন্তে অগ্নি আসি,       পুৰুষ মূৰ্ত্তিক ধৰি,

জানকীক কোলে তুলি লৈলা ।

সেহি বস্ত্ৰ অলঙ্কাৰে,       দশগুণ তেজকান্তি,

ৰামৰ আগত নিয়া থৈলা ॥২০

শুনিয়োক সৰ্ব্বজন,       পুণ্যকথা ৰামায়ণ,

মনোহৰ ৰামৰ চৰিত্ৰ ।

কৰাঁ কৰ্ণাঞ্জলি পান,       মন কৰাঁ সাৱধান,

দিয়া ৰাম চৰণত চিত্ত ॥২১

যত মহাপাপ চয়,       খণ্ডিৱন্ত কৃপাময়,

সুখে পাইবা বৈকুণ্ঠত থান ।

জানি সভাসদ জাক,       ৰাম বুলি ছাৰ ডাক,

হৌক সব পাপৰ নিৰ্বাণ ॥২২


৫২ অধ্যায় ।
পদ ।

অগনি বোলন্ত শুনা জগতৰ বাপ ।

মই ভালে জানহোঁ সীতাত নাহি পাপ ॥১

সংসাৰ মাজত নাহি মোত অবিদিত ।

সত্যে সত্যে জানকীৰ তোমাতেহে চিত ॥২

ভাৱবাক্য টনকে বুলিলা জানকীক ।

বিচনিৰ বাৱে মেৰু টলিৱন্ত কিক ॥৩

আপনি জানাহা প্ৰভু সীতা ব্যৱহাৰ ।

সম্বৰিয়ো গোসাঁই বিলম্ব কিক আৰ ॥৪

ৰাঘৱে বোলন্ত তুমি শুনিয়ো অগনি ।

সীতা যেন শান্তী আমি ভাল মতে জানি ॥৫

নজানা সীতাক পৰিক্ষিলো যি কাৰণে ।

জনত থাকিব ৰাম হেন লঘু জনে ॥৬

চিৰকাল আছিলা ৰাৱণ ওৱাৰিত ।

স্ত্ৰীজাতি উত্ৰাৱল জগতে বিদিত ॥৭

হেনসে ৰাঘৱ তেহোঁ অনুচিতকাৰী ।

অশোধনে সম্বৰিলা আনি হেন নাৰী ॥৮

অগনিত উত্তৰিল জগতে গোচৰ ।

কুল্যা বাণী এৰাইলোহোঁ সমস্ত লোকৰ ॥৯

দেৱতা সবৰ হেন থাকে অনুৰোধ ।

এবে সীতা সম্বৰিবোঁ নাহিকে বিৰোধ ॥১০

ব্ৰহ্মায়ে বোলন্ত প্ৰভু হুয়ো পৰিচিত ।

দশৰথ আসিলন্ত তোমাক দেখিত ॥১১

তুমি পুত্ৰে তৰাইলা পাইলন্ত স্বৰ্গলোক ।

পৰম বিভৱে আদৱন্ত দেৱলোক ॥১২

হেন শুনি ৰঘুনাথে মাথা তুলি চাইল ।

পাছে দিব্য বিমানে বাপক ভেট পাইল ॥১৩

চৰণ বন্দিলা আথে বেথে গাৱ চালি ।

দশৰথে আনন্দে ধৰিলা আঙ্কোৱালি ॥১৪

সীতা দেখি তাসম্বাৰ আনন্দ মিলিল ।

পাৱ হন্তে লক্ষ্মণক তুলি সাবটিল ॥১৫

ৰামক দুইহাতে ধৰি কোলাত বৈসাইল ।

তিনিকো দেখিয়া বৰ কৌতূহল পাইল ॥১৬

ৰাঘৱক সম্বুধি বোলন্ত দশৰথ ।

আজিসে আছওঁ মই সপ্তম স্বৰ্গত ॥১৭

কৈকেয়ীৰ বচনক নপাসৰোঁ ভালে ।

অদ্যাপিয়ো হিয়াক শালিল যেন শালে ॥১৮

পাপিষ্ঠীৰ বচনে পঠাইলোঁ বনে তোক ।

প্ৰাণক ত্যজিলোঁ পাই নিদাৰুণ শোক ॥১৯

সাৰ্থক কৌশল্যা দেবী সহিলেক শোক ।

বন হন্তে গৈলে দেখিবন্ত দুই পোক ॥২০

সাফল জনম পাইব অযোধ্যাৰ লোকে ।

শ্ৰী সিংহাসনে বাপ দেখিবন্ত তোকে ॥২১

সীতা সম্বৰিয়ো বাপ জগতৰ আই ।

স্বপ্নে জ্ঞানে মনে থাকে তোমাক ধিয়াই ॥২২

আমাৰ বংশৰ বাপ তুমি দীপখেৱ ।

ৰাৱণক মাৰি উদ্ধাৰিলা যত দেৱ ॥২৩

ত্ৰৈলোক্য বিজয় ৰাম পূৰ্ব্বে জানো তোক ।

সিংহাসন ৰাজ্য দিবে চাহিলোহোঁ তোক ॥২৪

জ্যেষ্ঠত ভকত লখাই ধন্যতো জীৱন ।

যাহাৰ কীৰিতি গৈলা তিনিয়ো ভুবন ॥২৫

সাৰ্থক জানকী কুল বহাৰী আমাৰে ।

সীতা শান্তি পতিব্ৰতা বিদিত সংসাৰে ॥২৬

ৰঘুৰ বংশৰ ভৈলা বৰ যশকাৰী ।

জনক নন্দিনী গুণৱতী মহানাৰী ॥২৭

ৰাম তুমি ভালমতে কৰাঁ প্ৰতিপাল ।

তোমাৰ বিয়োগে দুঃখ পাইলা চিৰকাল ॥২৮

তোমাৰ কনিষ্ঠ ৰাম ভৰতক পাল ।

তোমাত ভকতে দুঃখ সহে চিৰকাল ॥২৯

শত্ৰুঘন পালিবাহা কুমাৰ নিষ্পাপ ।

জ্যেষ্ঠ ভাই হৈলে হৱে কনিষ্ঠৰ বাপ ॥৩০

ৰাঘৱে বোলন্ত বাপ বচন নবাধোঁ ।

এখানি গোচৰ তযু চৰণত সাধোঁ ॥৩১

বুলিলা পাপিষ্ঠী আৰ নচাহিবোঁ তোক ।

কৈকেয়ী মাৱৰ দোষ সব দিয়া মোক ॥৩২

তোমাৰ মনত যদি হেনয় সন্তোষ ।

সমস্ত এৰিলোঁ কৈকেইৰ যত দোষ ॥৩৩

এহি বুলি দশৰথ স্বৰ্গক গৈলন্ত ।

শ্ৰীৰাম লক্ষ্মণ সীত আকুল ভৈলন্ত ॥৩৪

দশৰথ গৈলা যদি দেৱৰ ভুবন ।

বাসৱে ৰামক চাহি বুলিলা বচন ॥৩৫

ৰাৱণ মাৰিলা মহা বৈৰী জগতৰ ।

যেন অভিমত প্ৰভু মোত লৈয়ো বৰ ॥৩৬

শ্ৰীৰামে বোলন্ত মোক যেবে দিবা বৰ ।

জীয়ায়া দিয়োক মোৰ ভালুক বানৰ ॥৩৭

দাৰুণ সংগ্ৰামে যত বানৰ মাৰিল ।

তাৰা সবে জীলে মোক সবে বৰ দিল ॥৩৮

সুস্তৰৰ বন্ধু বৰ্গ বানৰ আমাৰ ।

মোক পাই এৰিলেক পুত্ৰ পৰিৱাৰ ॥৩৯

অদ্যাপিয়ো ধৰিবে নোৱাৰোঁ শোকে বুক ।

জীয়ায়া দিয়োক মোক বানৰ ভালুক ॥৪০

অমৃতৰ বৃষ্টি কৰিলেক দেৱৰাজ ।

শ্ৰীৰামৰ হিত চিন্তি সংগ্ৰামৰ মাজ ॥৪১

দাৰুণ সমৰ মাজে যতেক মৰিল ।

নিদ্ৰাৰ জাগিয়া যেন উঠিয়া বসিল ॥৪২

মনত পৰিলা সবে ৰণে মৰণক ।

সষ্টাঙ্গে প্ৰণাম পৰি কৰিলা ৰামক ॥৪৩

শুনা সভাসদ সব ৰামৰ চৰিত্ৰ ।

পাপৰ অগনি ইটো কৰ্ণৰ অমৃত ॥৪৪

জানিয়া সংসাৰ তৰিবাৰ কৰাঁ কাম ।

পাতেক ছাৰোক ডাকি বুলি ৰাম ৰাম ॥৪৫

মাধৱ কন্দলী কহে আন কাম এৰি ।

নিৰন্তৰে নৰে ডাকি বোলোঁ হৰি হৰি ॥৪৬