সূৰ্যবংশৰ বিৱৰণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৬ অধ্যায়
- সূৰ্য্যবংশৰ বিৱৰণ
অনন্তৰে হৰিষে বাল্মীকি তপোধন ।
ৰামক সুমৰি আতি ভৈলা শুদ্ধমন ॥১
শুভক্ষণে বসিলা কৰিতে ৰামায়ণ ।
আচৰিলা সুমঙ্গল হৰিৰ কীৰ্ত্তন ॥২
ধৰিয়া শিৰত মুনি ব্ৰহ্মাৰ আদেশ ।
সুমৰিলা মনে নাৰদৰ উপদেশ ॥৩
ৰামায়ণ কৰিতে লাগিলা অনুক্ৰমে ।
বংশাৱলী কহিবাক লাগিলা প্ৰথমে ॥৪
ভৈলন্ত মাৰীচ নামে ব্ৰহ্মাৰ তনয় ।
তান পুত্ৰ ভৈলন্ত কশ্যপ মহাশয় ॥৫
কশ্যপ ঋষিৰ পুত্ৰ ভৈলন্ত আদিত্য ।
শ্ৰাদ্ধদেৱ মনু সূৰ্য্যতনয় বিদিত ॥৬
ভৈলন্ত সুযজ্ঞ নামে মনুৰ তনয় ।
তান পুত্ৰ ভৈলন্ত ইক্ষ্বাকু মহাশয় ॥৭
ভৈলন্ত ইক্ষ্বাকু আতি নৃপতি প্ৰধান ।
তেন্তে কৰিলন্ত পুৰী অযোধ্যা নিৰ্ম্মাণ ॥ ৮
বিকুক্ষি ভৈলন্ত পুত্ৰ ইক্ষ্বাকু ৰাজাৰ ।
ভৈলা বিকুক্ষিৰ পুত্ৰ পৃথু নাম যাৰ ॥৯
প্ৰসাক্ৰুত ভৈলন্ত পৃথুৰ বীৰ্য্যে জত ।
ভৈলন্ত মান্ধাতা তান তনয় প্ৰখ্যাত ॥১০
কৰিলা মান্ধাতা সপ্তদ্বীপ অধিকাৰ ।
কুৰু নামে ভৈলা তান তনয় প্ৰচাৰ ॥১১
ভৈলন্ত তাহাৰ পুত্ৰ স্বয়ম্বুব নাম ।
অনাৰণ্য ভৈল পুত্ৰ অনুপাম ॥১২
তান পুত্ৰ আৰণ্য বিষ্ণুৰ সমসৰ ।
দীৰ্ঘবাহু নামে পুত্ৰ ভৈল আৰণ্যৰ ॥১৩
ভৈল দীৰ্ঘবাহুত দিলীপ নৰেশ্বৰ ।
হাৰ্য্যক নামত পুত্ৰ ভৈল দিলীপৰ ॥১৪
হাৰ্য্যক পাইলন্ত মাধৱত পুত্ৰবৰ ।৪
হাৰিদ্ৰ ভৈলন্ত তেবে পুত্ৰ হাৰ্য্যকৰ ॥১৫
সাস্ৰুক নামত পুত্ৰ ভৈল হাৰিদ্ৰৰ ।
মন্দক্ষিণি নামে পুত্ৰ ভৈল সাস্ৰুকৰ ॥১৬
মন্দক্ষিণিৰ তনয় ভৈলন্ত সগৰ ।
শশবিন্দ ভৈলন্ত তনয় সগৰৰ ॥১৭
ভৈলা নন্দনামে শশবিন্দৰ সন্ততি ।
তান পুত্ৰ ভৈলন্ত নন্দন মহামতি ॥১৮
বিশ্বনাথ নামে পুত্ৰ ভৈল নন্দনৰ ।
অম্বত্ৰক নামে পুত্ৰ ভৈল বিশ্বনাথৰ ॥ ১৯
ভগীৰথ ভৈলা অম্বত্ৰকৰ তনয় ।
গঙ্গাক নমাইলা ভগীৰথ মহাশয় ॥২০
ভৈলন্ত সৌদাস ভগীৰথৰ সন্ততি ।
সৌদাসৰ তনয় দিলীপ নৰপতি ॥২১
দিলীপৰ পুত্ৰ ৰঘু নামে নৰেশ্বৰ ।
ৰঘুৰ তনয় ভৈল অজ নৃপবৰ ॥২২
অজৰ যে পুত্ৰ ভৈলা দশৰথ নাম ।
পৃথিবীতে যাৰ গুণে নাহি অনুপাম ॥২৩
অজ নৃপতিৰ পটেশ্বৰী ইন্দুমতী ।
দশৰথ নৃপতিৰ মাতৃ মহা সতী ॥২৪
অনুক্ৰমে বংশাৱলী কহিলোঁ সকল ।
অযোধ্যা নগৰে ৰাজা হৈবা মহাবল ॥২৫
সূৰ্য্য বংশে বত্ৰিশ পুৰুষ অনন্তৰ ।
ভৈল উতপতি দশৰথ নৰবৰ ॥২৬
কি কহিবোঁ কথা দশৰথ নৃপতিৰ ।
সাগৰ গম্ভীৰ ধীৰ গুণৰ মন্দিৰ ॥২৭
মহা মহা পাপী তৰে নাম লৈলে যাৰ ।
হেন ৰামচন্দ্ৰ ভৈলা যাত অৱতাৰ ॥২৮
তান আন গুণ কিবা বৰ্ণাইবোঁ বিস্তৰ ।
নাহি সুপুৰুষ দশৰথ সমসৰ ॥২৯
যিতো বাহুবলে অসুৰক কৰি হত ।
দেৱ সমে বাসৱক থাপিলা স্বৰ্গত ॥৩০
তাহান গুণক কোনে কৰিবেক অন্ত ।
বিষ্ণুত ভকত যেতো পৰম মহন্ত ॥৩১
সংক্ষেপে কহিলোঁ দশৰথৰ মহত্ত্ব ।
বিস্তাৰিয়া কহোঁ কিছু শুনিয়ো সাম্প্ৰত ॥৩২
কোশলৰ উত্তৰত অযোধ্যা নগৰ ।
দুতি স্বৰ্গপুৰ অম্ৰাৱতী পটন্তৰ ॥৩৩
বাৰ প্ৰহৰৰ পথ পথালি প্ৰমাণ ।
পঞ্চিশ যোজন পথ দীৰ্ঘৰ নিৰ্ম্মাণ ॥ ৩৪
পৃথিবীত পটন্তৰ নাহি অযোধ্যাৰ ।
ত্ৰিভুবন জিনি পুৰি কৰে জাতিষ্কাৰ ॥৩৫
ভুবন দুৰ্ল্লভ নগৰৰ পৰিপাটী ।
সুবৰ্ণ ৰতনে বিৰচিত হাটী বাটী ॥৩৬
স্থানে স্থানে প্ৰকাশয় দীঘী সৰোবৰ ।
নানাৰত্নে ৰচি আছে চাৰিও কাষৰ ॥৩৭
নানা ফল ফুলে পাৰে পাৰে ৰহি আছে ।
নানা উপবন শোভা কৰে কাছে কাছে ॥৩৮
চৌভিতি নগৰ গড় প্ৰাঞ্চী সুবৰ্ণৰ ।
নানাবিধ অস্ত্ৰে শস্ত্ৰে দুৰ্দ্ধৰ নিৰন্তৰ ॥৩৯
নগৰৰ দ্ধাৰ আছে লঙ্ঘিয়া আকাশ ।
নানা জলজন্তু তাত কৰয় প্ৰকাশ ॥ ৪০
নানা ৰত্নে বিৰচিত চৌপন্থা পদূলি ।
ধ্বজ দণ্ড পতাকা তোৰণ আছে তুলি ॥৪১
নানাবিধ গৃহ সাৰি সাৰি প্ৰকাশয় ।
ওপৰত পঞ্চ সুবৰ্ণৰ ঘটচয় ॥ ৪২
যেন দেৱ দেৱী অযোধ্যাৰ নৰনাৰী ।
দিব্য বস্ত্ৰ অলঙ্কাৰে ফুৰে কাছি পাৰি ॥৪৩
পৰম সঙ্কুল হস্তী ঘোঁৰা ৰথে আতি ।
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতি ॥৪৪
আচাৰে হৰিষে যাৰ যেন জাতিধৰ্ম্ম ।
নিজ বৃত্তি বিনে নকৰয় আন কৰ্ম্ম ॥৪৫
নাহি অনাচাৰ হিংসা মিছা ডাকা চুৰি ।
নকৰয় পৰদাৰ অন্যায় চাতুৰি ॥৪৬
নাহি শোক সন্তাপ নাহিকে দ্বন্দবাদ ।
অকালত মৃত্যু আসি নকৰে প্ৰমাদ ॥৪৭
নাহি দুঃখী ভিক্ষী জন অযোধ্যা নগৰে ।
সমস্তৰে অচলা সম্পত্তি ঘৰে ঘৰে ॥৪৮
হেন মহা সুখে বঞ্চে অযোধ্যাৰ প্ৰজা ।
তাতে ভৈলা পাচে দশৰথ মহাৰাজা ॥৪৯
পৰম মহন্ত সন্ত শীতল স্বভাৱ ।
ভৈলা যেন লোকৰ সম্যক বাপমাৱ ॥৫০
স্বধৰ্ম্মত শুদ্ধবুদ্ধি সুন্দৰ শৰীৰ ।
ৰমণীৰমণ ৰতিৰঙ্গ মহাবীৰ ॥৫১
সদাই ধৰ্ম্মত ৰতি বিষ্ণুত ভকত ।
সৰ্ব্বগুণযুত গুণ সমস্তে মহত ॥৫২
ধৈৰ্য্যে যেন মেৰু গিৰি গম্ভীৰ সাগৰ ।
প্ৰতাপত আদিত্য ক্ৰোধত মহেশ্বৰ ॥৫৩
দানে বলি ৰাজা হৰিশ্চন্দ্ৰ সমসৰ ।
বলে বুদ্ধি সমান ভোগত পুৰন্দৰ ॥৫৪
অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে নানা গুণে সুমণ্ডিত ।
বৃহস্পতি সম ৰাজা পৰম পণ্ডিত ॥ ৫৫
সাম দান ভেদ দণ্ড জানা চাৰি নয় ।
মহা সুৰ সমৰে যমকো নাহি ভয় ॥৫৬
সাতোদ্বীপা পৃথিবীৰ ভৈলা অধিপতি ।
পুত্ৰৱতে লোকক পালন্ত প্ৰতিনিতি ॥৫৭
নাহিকে শত্ৰুক শঙ্কা ৰাজাৰ আগত ।
ভৃত্য যেন খাটয় নৃপতি আছে যত ॥৫৮
মহামুনি বশিষ্ঠ ভৈলন্ত পুৰোহিত ।
সুমন্ত্ৰ প্ৰমুখ্যে আঠ মন্ত্ৰী সুবেষ্টিত ॥৫৯
হৃষ্ট পুষ্ট সন্তুট বলিষ্ঠ মহাশূৰ ।
অস্ত্ৰে শস্ত্ৰে সমন্বিতে কটক প্ৰচুৰ ॥৬০
সমৰত যম সম যেন কৰে গতি ।
অসংখ্য প্ৰমাণ গজ বাজী ৰথপতি ॥ ৬১
মহা শ্ৰীযুত ৰাজা মহেন্দ্ৰ পৰায় ।
কতেক বৰ্ণাইবোঁ গুণ কহন নাযায় ॥৬২
সুবলিত ভুজযুগ বাসুকী সমান ।
বজ্ৰতো অধিক তান শৰৰ সন্ধান ॥৬৩
মহা যশ ৰাশি প্ৰকাশয় ত্ৰৈলোক্যত ।
ভয়ে তৰ তৰি সুৰাসুৰ নাদ যত ॥৬৪