লক্ষণৰ শক্তিশেল
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪৩ অধ্যায় ।
- লক্ষ্মণৰ শক্তিশেল ।
- পদ ।
প্ৰবন্ধে খুজিবোঁ যাক আগে উপপন্ন ।
ইদানিক ভৈলা বিধি আমাত প্ৰসন্ন ॥১
দৃষ্টিৰ আগক আইল আৰ কিবা চাওঁ ।
দশ শিৰ ছেদি যম কৰণে পঠাওঁ ॥২
আকৰ্ণ পূৰিয়া ধনু আজুৰিয়া নিল ।
সৰ্পৰ সদৃশ বাণ ৰাঘৱে হানিল ॥৩
ৰাৱনে দেখয় শৰ আসে বৰ টানে ।
আকাশতে কাটিয়া পেলাইলা তিনি বাণে ॥৪
ৰাঘৱৰ শৰ যেবে কাটিলা ৰাৱণে ।
ধনুৰ টঙ্কাৰ বৰ কৰিলা লক্ষ্মণে ॥৫
আকৰ্ণ যে শবদে পৰ্ব্বত টলি গৈল ।
বিম্বাদ শবদে দশ দিশ পৰি ভৈল ॥৬
ধনুৰ টঙ্কাৰ শুনি অন্তৰ্গতে ভয় ।
ৰাৱণে বিস্ময় ভৈলা ক্ৰোধৰ উদয় ॥৭
সম্বুধি বোলন্ত শুনা লখমন বীৰ ।
আজি সমৰত তোৰ ছেদিবোহোঁ শিৰ ॥৮
মোহোৰ হাতত আজি তোৰ হৈব উলি ।
মাৰিয়া পঠাওঁ তোক পাঞ্জৰক ফুলি ॥৯
তিনি লোক জিনিলো আমাত মুনিষাই ।
এতকাল নমাৰোঁ ছৱাল উমলাই ॥১০
শুনিয়া লক্ষ্মণ বীৰে তুলিলন্ত হাস ।
তাৱে মাত যাৱে নতো যমঘৰে যাস ॥১১
দশ গোট শিৰ তোৰ ছেদিবোঁ সকল ।
বতাসতে খসি যেন পৰে পকাফল ॥১২
বচন তৰ্জন এৰি পৰুজাউ ৰণ ।
লক্ষ্মণৰ সহ আজি ঘোৰ বানগণ ॥১৩
মিছা নগৰ্জয় ৰণে যিবা হৱে সুৰ ।
সম্মুখে সমৰ দেৱ ৰাৱণ দুন্দুৰ ॥১৪
লক্ষ্মণৰ বোলে শুনি বৰ কোপ গাইল ।
সকল সেনাক ৰাজা শৰ হানি ছাইল ॥১৫
ৰাম লক্ষ্মণক বেঢ়িলেক ঘোৰ বাণে ।
অসংখ্যাত কপিগণ মৰিল পৰাণে ॥১৬
সবাকে এৰিয়া ৰাজা ৰামক পয়ান ।
ৰাঘৱে সম্মুখ হাতে লৈয়া ধনু বান ॥১৭
দুয়ো বীৰ যুজে সাৰ তিনি ভুবনত ।
সাগৰ দুখান যেন প্ৰলয় কালত ॥১৮
ৰাৱণে যতেক হানিলেক শৰ জাক ।
আপনাৰ শৰে ৰামে কাটিলন্ত তাক ॥১৯
ৰাঘৱে হানিল কৌটি অসংখ্যাত শৰে ।
আকাশতে কাটিয়া পেলাইলা লঙ্কেশ্বৰে ॥২০
সব শৰে খাঞ্চিলা গগণ নিৰন্তৰ ।
বহু শৰে জৰ্জ্জৰিত দুইয়ো কলেৱৰ ॥২১
চিনিবাক নপাৰি আপন কোন পৰ ।
কুহুঁৰি ঢাকিল যেন পুষ যে মাসৰ ॥২২
লঙ্কেশ্বৰে সসাগৰা পৃথিবী কম্পায়া ।
প্ৰৱন্ধে যুজয় ৰাজা পৌৰুষ ৰাখিয়া ॥২৩
একেশ্বৰে ৰাৱণ যুজয় কুৰি বাহু ।
চন্দ্ৰ সূৰ্য্য কোলে তাক যেন দেখি ৰাহু ॥২৪
লঙ্কেশ্বৰ তাম্ৰময় অস্ত্ৰক হানিয়া ।
দশ দিশ ঢাকিলেক শৰ জাক দিয়া ॥২৫
নৰাচ পঙ্কতি ৰাম কপালত হানি ।
সশৰীৰে দুই ভাইক বিন্ধিলেক টানি ॥২৬
ৰামদেৱে শৰে তাক জৰ্জ্জৰিত কৃতে ।
শৰ জাকে ভেদিলেক সব শৰীৰতে ॥২৭
ঘোৰ যুদ্ধ ভৈল যেন অনুৰাধ যমে ।
অন্ধকৰ যুদ্ধ যেন মহাদেৱ সমে ॥২৮
নাৰায়ণ সমে যেন কালনেমী দৈত্য ।
তাৰকেৰ যুদ্ধ যেন কাৰ্ত্তিকে সহিতে ॥২৯
ত্ৰিপুৰক যেন মতে বধিলা শঙ্কৰে ।
তেনয় দাৰুণ যুদ্ধ ৰাম ৰাৱণৰে ॥৩০
সব দিশ জুৰি শৰ বৃষ্টি অন্ধকাৰ ।
পৃথিবী আকাশ সবে দেখি একাকাৰ ॥৩১
হানিলা গন্ধৰ্ব্ব অস্ত্ৰ ৰাম মহাবীৰে ।
সৰ্প নিকলয় তাৰ পাঞ্চ পাঞ্চ শিৰে ॥৩২
দুৰ্ব্বাৰ শকতি আকাশক ছানি যাই ।
ৰাক্ষসৰ সেনাগণ খেদি খেদি খাই ॥৩৩
সৰ্পৰ সদৃশ সম বিষ শৰ ছয় ।
ওলান্তে আছয় তাক দেখি লাগে ভয় ॥৩৪
অন্তৰীক্ষে ছানিয়া চলয় নাগ বলে ।
ৰথকো বেঢ়ন্তে আছে ৰাৱণে আকলে ॥৩৫
অসুৰৰ অস্ত্ৰক ধনুত যুৰিলেক ।
মন্ত্ৰ পঢ়ি তাহাক ৰাৱণে হানিলেক ॥৩৬
সিংহ বাঘ ঘোঙ্গ সাব ছানিয়া ওলাই ।
সকল সৰ্পক সবে খেদি খেদি খাই ॥৩৭
ৰাঘৱক বেঢ়িলন্ত গাৱক সমস্তে ।
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা পাৱকৰ অস্ত্ৰে ॥৩৮
অগ্নি সূৰ্য্য সম যেন নিকলিলা শৰ ।
অৰ্দ্ধচন্দ্ৰ পঙ্কতি চলয় নিৰন্তৰ ॥৩৯
বজ্ৰৰ সদৃশ যেন বজাৱয় তুণ্ড ।
আকাশে চলিল অসংখ্যাত বহ্নি কুণ্ড ॥৪০
অসুৰৰ অস্ত্ৰ খেদি বেগে চলি গৈলা ।
বাঘ ঘোঙ সিংহ সবে পুৰিয়া মাৰিলা ॥৪১
পুনৰপি নাসে শৰ পুৰিয়া মাৰিল ।
শ্ৰীৰামৰ কাৰ্য্য দেখি ৰাৱণে ডৰিল ॥৪২
যমে দিবা শৰ অস্ত্ৰ ৰাৱণে হানিল ।
কূট মুদগৰ বাণে গগণ ঢাকিল ॥৪৩
অসংখ্যাত খাণ্ডা জাঠি মুষল শতঘ্নী ।
নিসন্ধি কৰিলা সবে দশ দিশ ছানি ॥৪৪
ক্ষণতেক মাত্ৰে তাক কৌশল্যা তনয় ।
গন্ধৰ্ব্বৰ শস্ত্ৰ সবে কৰিলেক ক্ষয় ॥৪৫
ঘোৰ শৰ চাৰি লক্ষ ধনুৰ বজাইল ।
গদা মুদ্গৰ খাণ্ডা কাটিয়া পেলাইল ॥৪৬
ৰাৱণৰ অস্ত্ৰ যেবে সবে ভৈলা ক্ষয় ।
কৌতুকে বানৰে ৰিঙ্গ দিলা জয় জয় ॥৪৭
ৰামৰ পাশত থাকি ভাবুকিৰ জাক ।
আঙ্গুলিৰ ঠাৰ দিয়া বোলে থাক থাক ॥৪৮
ৰাৱণে ৰামক হানিলেক শৰ জাক ।
ছেদিলন্ত আকাশতে লক্ষ্মণে তাহাক ॥৪৯
সুমিত্ৰা তনয় বৈৰী বিমৰ্দ্দন বীৰ ।
ধ্বজ কাটি পেলাইলেক মানুষৰ শিৰ ॥৫০
ৰাৱণক আবৰিয়া শৰ জাক দিল ।
লক্ষ্মণ প্ৰচণ্ড সমৰত নঘাটিল ॥৫১
মণ্ডল আকায়ৰ ধনু আজুৰিলা টানে ।
সাৰথিৰ শিৰ ছেদিলন্ত একে বাণে ॥৫২
বিভীষণে ঘোৰ গদা তুলি লৈলা কৰে ।
কাল গিৰি সম চাৰি ঘোড়া ৰাৱণৰে ॥৫৩
মাৰিয়া পেলাইলা ঠাঙ্গঠিঙ্গ বাৰি ঘাৱে ।
লঙ্কেশ্বৰে ক্ৰোধে খেদি গৈলা ভূমি পাৱে ॥৫৪
বিভীষণ লক্ষিযে শকতি হানিলেক ।
সাক্ষাততে অগনি গগণে চলিলেক ॥৫৫
ৰামদেৱে বান হানিলন্ত বৰ টানে ।
আকাশতে কাটিয়া পেলাইল তিনি বানে ॥৫৬
চাৰি খান হুয়া যেবে শকতি পৰিল ।
বানৰ ভালুকে কৌতুহলে ৰিঙ্গ দিল ॥৫৭
শুনিয়া তেনয় আতি ক্ৰোধ ৰাৱণৰ ।
প্ৰলয়ৰ বহ্নি যেন প্ৰজা ক্ষয়ঙ্কৰ ॥৫৮
নিৰ্ম্ম্ল শকতি মনে বিমৰিশি পাইল ।
দুই হাতে ধৰি তাক তুলি আলগাইল ॥৫৯
ভকৰ ভকৰ কৰি অগণি বজাই ।
বিভীষণে প্ৰাণান্তিক মিলিলা অপায় ॥৬০
লক্ষ্মণে দেখন্ত তান প্ৰাণৰ সংশয় ।
ভকত জমক ভালে ৰাখিতে লাগয় ॥৬১
বিভীষণৰ আগ হুয়া সুমিত্ৰা কুমাৰে ।
ৰাৱণক নিসন্ধি তাৰিলা ঘোৰ শৰে ॥৬২
ঠাঙ্গঠিঙ্গ শবদ শৰৰ কোলা ৰাবে ।
হানিতে নপাৰে লক্ষ্মণৰ উপদ্ৰৱে ॥৬৩
শকতি ধৰিয়া বীৰে নয়ন ফুৰাইল ।
কনিষ্ঠক এৰি ৰাজা লক্ষ্মণক ধাইল ॥৬৪
সম্বুধি ৰাৱণে বোলে শুন সুমিত্ৰক ।
ভাইক ৰাখিলা তুমি বৰহি ধাৰ্ম্মিক ॥৬৫
দশৰথ ৰাজাৰ তই প্ৰসিদ্ধ কুমাৰ ।
এহি শকতিৰ ঘাৱ আপনি সামৰ ॥৬৬
ৰণ পণ্ডিতক ধায় অবোধ চৱালে ।
আজিসি জানিলোঁ তোক পাইল যমকালে ॥৬৭
পিছলা পৰিল যেন বুঢ়াৰ হাতত ।
যম কাল নাচে দেখোঁ তোৰ উপৰত ॥৬৮
ছাতিৰ নালিত যেন পশিল আঙ্গুলি ।
ইন্দ্ৰজিত বধৰ সুধিবোঁ গুল গুলি ॥৬৯
সুমৰণ কৰ তোৰ গুৰু বাপ মাৱ ।
চক্ষুৱে দেখিবে আৰ নাহিক প্ৰস্তাৱ ॥৭০
প্ৰণাম কৰহ জেষ্ঠ ভাইৰ চৰণ ।
সম্বুধিয়া পেশোঁ তোক যমৰ কৰণ ॥৭১
সুমৰণ কৰ তোৰ যত দেৱ ইষ্ট ।
নাম লুকাইবো আজি ৰামৰ কনিষ্ট ॥৭২
এহি বুলি শকতিক হানিল সম্ভৃত ।
স্বৰ্গত প্ৰভাৱ হীন ভৈলন্ত আদিত্য ॥৭৩
মন্দ তেজ অগনি নিষ্প্ৰভ তাৰাগণ ।
মেৰু গিৰি টলিল শৱদ কল কল ॥৭৪
দিশি দিশি পলাইল অসুৰ সুৰগণ ।
চন্দ্ৰ মণ্ডলৰ জ্যোতি ৰহিত কিৰণ ॥৭৫
পাতালতো তোলপাৰ ভৈলা সব নাগে ।
পৃথিবীয়ো প্ৰলয় নভৈলা বৰ ভাগে ॥৭৬
হানিলা শকতি দুই হাতে ধৰি বলে ।
প্ৰলয় কালৰ যেন অগ্নি সম জ্বলে ॥৭৭
আকাশ ছানিয়া যেন চলে ধুমকেতু ।
ঋষি সবে মন্ত্ৰ পঢ়িলন্ত শুভ হেতু ॥৭৮
লক্ষ্মণৰ হৃদয়ত ফুটিলা সন্ধানে ।
শ্ৰীৰামে বোলন্ত ভৈয়াই জীৱন্তো কল্যাণে ॥৭৯
চিত কৰি লক্ষ্মণক পেলাইলেক জান্তি ।
যেন ক্ৰৌঞ্চ গিৰিক কুমাৰে ভেদিলন্তি ॥৮০
হৃদয়ত পৰি পিঠি আছে বাজ ভৈল ।
পাতাল পৰ্য্যন্তে হলহলি পশি গৈল ॥৮১
দশদিশ পূৰিলেক তাহাৰ শবদে ।
যত জীয়া জন্তু শুনি থাকিলা তবধে ॥৮২
বিষাদে ৰামৰ পোৰে নিৰন্তৰে দেহে ।
চক্ষুৰ লোতক পৰে কনিষ্ঠৰ স্নেহে ॥৮৩
বিষাদৰ কাল নুহি মনে গুণি চাইল ।
ধনু বাণ ধৰি ৰামে ৰাৱণক ধাইল ॥৮৪
হস্তীক ঢালিয়া যেন সিংহৰ আক্ৰান্ত ।
লক্ষ্মণক আনিবাক ৰাজা চলি যান্ত ॥৮৫
দেখন্ত আসয় লক্ষ্মণক ধৰিবাক ।
নাকে কাণে মুখে ৰামে দিলা শৰ জাক ॥৮৬
ভাইৰ সন্তাপে ৰামে দশ গুণে চণ্ড ।
শৰীৰৰ মাংসক কৰিলা খণ্ড খণ্ড ॥৮৭
অষ্ফোট কৰিয়া ৰামে বীৰ কাছে কাছি ।
অৰ্দ্ধ চন্দ্ৰ নৰাচ হানন্ত বাছি বাছি ॥৮৮
ৰাৱণক নানা শৰ হানি বনমালী ।
নাকে মুখে গাণ্ডি মুণ্ডে থৈলা শালি শালি ॥৮৯
নাক মুণ্ড জঙ্কাৰে আজোৰে হাত পাৱ ।
শ্ৰুতিক হৰান্তে আছে আকুল স্বভাৱ ॥৯০
পাশ গুছি ৰাৱণ পলাইল প্ৰাণ ৰাখি ।
দশোদিশ নিহালয় কতো দূৰে থাকি ॥৯১
সুগ্ৰীৱ অঙ্গদ হনুমন্ত নল নীল ।
লক্ষ্মণৰ হিয়াৰ শকতি আজুৰিল ॥৯২
যত মান শৰীৰৰ বলে দঙ্গা দিল ।
সবাকো জৰ্জৰীকৃতে শৰে বিন্ধি থৈল ॥৯৩
তাহাৰ শৰক নগনিয়া ৰঘুনাথে ।
শকতিক ধৰি আজুৰিলা বাম হাতে ॥৯৪
হসকাইলা শকতিক লক্ষ্মণৰ গাৱৰ ।
বল দিয়া ভাঙ্গিলা শবদ ঠাট্ কাৰ ॥৯৫
যেতিক্ষণে ৰাঘৱে শকতি আজুৰিল ।
ৰাৱণে ৰামক বেঢ়ি শৰ জাক দিল ॥৯৬
তাহাৰ শৰক নগণিয়া ৰঘুনাথে ।
লক্ষ্মণক তুলিয়া লৈলন্ত বামহাতে ॥৯৭
সুগ্ৰীৱ প্ৰমুখ্য কৰি সকল বীৰক ।
ৰাঘৱে বোলন্ত ৰাখি থাকা লক্ষ্মণক ॥৯৮
বানবাস যি কাৰ্য্যে খাটিলোঁ বৰ দুঃখে ।
সীতাক হৰাইলো চিৰ কালতে অসুখে ॥৯৯
খৰ আৰ দূষণক ত্ৰিশিৰা মাৰিলোঁ ।
বালিক মাৰিয়া সুগ্ৰীৱক ৰাজ্য দিলোঁ ॥১০০
বানৰ লোকক দুঃখ দিলো যিবা হেতু ।
কৰিলো অশক্য সাগৰত বান্ধি সেতু ॥১০১
লঙ্কাক আসিলো কৰ্ম্ম মিলিলা দুৰ্ঘোৰ ।
সকল কৰ্ম্মৰ জানা এবে ভৈল ওৰ ॥১০২
তিৰী চোৰা পাপিষ্ঠ আসিল দৃষ্টিপথ ।
খিয়াতি থৈবোহোঁ আজি তিনিয়ো লোকত ॥১০৩
মোহোৰ হাতত আজি যাইব কত দূৰ ।
মাৰিয়া পঠাওঁ আজি বৈৰ সুতপুৰ ॥১০৪
হেন বাণী শুনিয়া বানৰ সামৰাজে ।
ৰখিয়া থাকিয়া লক্ষ্মণক সব সাজে ॥১০৫
হেন দেখি ধনু বাণ ধৰি লঙ্কেশ্বৰে ।
মৰ্ম্মস্থানে সবাৰ ভেদিলা ঘোৰ শৰে ॥১০৬
জৰ্জ্জৰিত ভৈলা যেবে ৰাৱণৰ শৰে ।
লক্ষ্মণক এৰি পলাই ভালুক বানৰে ॥১০৭
সুগ্ৰীৱ অঙ্গদ নীল বীৰ হনুমন্ত ।
জাম্বৱ প্ৰমুখ্যে বীৰগণে ৰাখিলন্ত ॥১০৮
ৰামদেৱে বোলন্ত আৱৰ নপলাহা ।
পৰ্ব্বত উপৰে চড়ি দুইৰো যুদ্ধচাহা ॥১০৯
এগোট পৰিবা আজি ৰাম বা ৰাৱণ ।
কৌতূহলে ৰঙ্গ চাহি থাকাঁ কপিগণ ॥১১০
এহি বুলি ৰাৱণক দিলা শৰ জাক ।
ৰাক্ষসত পৰিয়া মৰয় জাকে জাক ॥১১১
ৰাৱণএ হাময় অসংখ্যাত শৰ জাক ।
আপনাৰ শৰে ৰাম সংহাৰন্ত তাক ॥১১২
ৰাম ৰাৱণৰ ভৈলা তুম্বুল আম্ফাল ।
দুইৰো ভৈলা শৰীৰ সৰঙ্গা যেন জাল ॥১১৩
ধনুৰ যে টঙ্কাৰে কাণত দেই তাল ।
সকল গগণে ছাইল শৰে কোলাহল ॥১১৪
ত্ৰিদশ দেৱৰ ভয় মিলিল প্ৰলয় ।
পৃথিবী কম্পয় টলে নাগৰ আলয় ॥১১৫
ত্ৰৈলোক্য বিজয় দুই মুনিষ যুজয় ।
ভঙ্গ নপৰয় তিনি লোকত বিস্ময় ॥১১৬
দুয়ো বীৰ সম সাক্ষাততে যেন যম ।
বল অনুপাম ৰঙ্গ দেখিতে সুগম ॥১১৭
সোন্ত যেন বহয় বিন্ধিলা স্থানে মৰ্ম্ম ।
ফুটে হাত চৰ্ম্মে দুই হান্তৰ তুল্য কৰ্ম্ম ॥১১৮
ভুষণ্ডি পৰিঘ গদা ৰাৱণে হানয় ।
আন সব দিব্য অস্ত্ৰ যতেক আছয় ॥১১৯
ৰঘুনাথ বীৰ দশৰথ কুমাৰে ।
পথত কাটিলা তাক আপনাৰ শৰে ॥১২০
থাক মাৰোঁ বুলি দুয়ো অস্ত্ৰক তুলিল ।
ইকূলে সিকূলে দুয়ো দুইহাঙ্কো ফুলিল ॥১২১
শোণিত সিন্দুৰ বৰ্ণ ভৈলা কলেৱৰ ।
হতাশনে হেসনি মিলিলা ৰাৱণৰ ॥১২২
হিয়া পেট হাত পাৱ ৰাঘৱে সিন্ধিল ।
বৰৰ প্ৰসাদে সিটো বৰ কষ্টে জীল ॥১২৩
ৰথ খান তাহাৰ পাছক লাগি নিল ।
কতোদূৰে পাছ গুচি সন্ধুক্ষণ ভৈল ॥১২৪