হনুমন্তৰ জন্ম পৰিচয়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায়
- পদ ।
হনুমন্তৰ জন্ম পৰিচয় ।
অগস্তিত ৰামে পাছে পুছিল সংশয় ।
মহাবীৰ হনুমন্ত ত্ৰৈলোক্য বিজয় ॥১
কিসক নমাৰি মহাবৈৰী বালীৰাই ।
ঋষ্যমুখ পৰ্ব্বতত আছিল পলাই ॥২
দেখিলোহো যেন হনুমন্তৰ মহত্ত ।
বালিৰাজা জানো আন আগে তৃণবত ॥৩
যৈসানি কন্দল ভৈল বালি সুগ্ৰীৱৰ ।
কিয় হনুমন্ত তাৰ নলৈলন্ত শিৰ ॥৪
ছেদিয়ো সংশয় মোৰ মনৰ সৰ্ব্বথা ।
অগস্তি বোলন্ত ৰাম শুনা পূ্ৰ্ব্বকথা ॥৫
অঞ্জনাত উপজিয়া দুৰ্জ্জয় মাৰুতি ।
ক্ষুধায় কান্দন্ত কপি পৃথিবীত শুতি ॥৬
সেহি বেলা সূৰ্য্য আসি উদয় ভৈলন্ত ।
তাঙ্কালিয়া ফল গুটি মানি হনুমন্ত ॥৭
দিলা ডেৱ ধৰিবাক মলি দুয়ো বাহু ।
সেহি দিনা সূৰ্য্যক গ্ৰাসিবে আসে ৰাহু ॥৮
চিন্তন্ত মাৰুতি তাক চাহি টেৰ কৰি ।
ইগোটা সুপক্ক ফল সিগোটাত কৰি ॥৯
তাক লাগি দিলা লাম্ফ আদিত্যক এৰি ।
পলাই উলতি ৰাহু ডৰে পাৰে গেৰি ॥১০
কম্পন্তে জম্পন্তে লৈল ইন্দ্ৰত শৰণ ।
কিসগোটে খাইবে খোজে মিলিল মৰম ॥১১
শুনি ইন্দ্ৰে আথে বেথে ঐৰাৱতে উঠি ।
কৰে বজ্ৰ ধৰি ধাইল বায়ু যেন ছুতি ॥১২
পাছে পাছে ধাইলন্ত কপিৰ ক্ষুধা বৰ ।
এহি গোটে খেদে ৰাহু দেখি দিলে লৰ ॥১৩
থমকিল ইন্দ্ৰে ভয়ে পাছে গুচি যান্ত ।
দেখি তাক শিশু হনুমন্তে গুণিলন্ত ॥১৪
মহাচিত্ৰ বিচিত্ৰ যৱঞ্জ ইটো ফল ।
ইহাক ভুঞ্জিলে ভোক পলাইব সকল ॥১৫
এহি বুলি কৌতূহলে দিলেক জোলক ।
খাইবে লাগি ঐৰাৱত সমে বাসৱক ॥১৬
এৰাইবে নপাৰি ইন্দ্ৰে মনত তৰাসে ।
শিশু হেন জানি বজ্ৰ হানিলন্ত পাশে ॥১৭
বাম হনু ভাঙ্গি পৰ্ব্বতত পৰিলন্ত ।
এতেকেহে আন নাম থৈলা হনুমন্ত ॥১৮
সাবতি বুকত বায়ু মৃতক পুত্ৰক ।
অনেক কান্দিল ক্ৰোধ কৰিয়া ইন্দ্ৰক ॥১৯
পুত্ৰৰ লগতে হৌক সবাৰ বিনাশ ।
হিয়াৰ হৰিল বায়ু নোলাই উশাস ॥২০
হেন দেখি ভৈলন্ত ত্ৰিদশে মহা ত্ৰাস ।
ব্ৰহ্মাত পুছিলা কিয় নহ্লায় উশাস ॥২১
ব্ৰহ্মায়ে বোলন্ত ইটো কথা ভৈল টান ।
সবে মিলি উঠি গৈল শঙ্কৰৰ থান ॥২২
মহেশে বোলন্ত খুজি নাপাই সৰ্ব্বথা ।
সবে গৈয়া বিষ্ণুত পুছিলা পাছ কথা ॥২৩
মাধৱে বোলন্ত আৰে ভৈল বিসঙ্গতি ।
বায়ুৰ পুত্ৰক মাৰিলন্ত সুৰপতি ॥২৪
পুত্ৰৰ সন্তাপ পায়া জগতৰে আয়ু ।
সবাৰো হিয়াৰ পৰা হৰিলন্ত বায়ু ॥২৫
এতেকেসে নাসৈ আউৰ কাহাৰো উশাস ।
আসা সবে যাও বায়ু দেৱতাৰ পাশ ॥২৬
এহি বুলি দেৱে সমে বিষ্ণু গৈলা লৰি ।
পুত্ৰ লৈয়া বায়ু কান্দিলন্ত পাৱে পৰি ॥২৭
দিলা দুঃখ সাখি দেখিয়োক চক্ৰপাণি ।
শিশুক মাৰিলে মোৰ ইন্দ্ৰে বজ্ৰ হানি ॥২৮
মাধৱে বোলন্ত বায়ু কৰিয়ো সঞ্চাৰ ।
পৰশিলো হেৰা পুত্ৰ জীলেক তোমাৰ ॥২৯
জাগি যেন তেখনে উঠিলা হনুমান ।
দিলন্ত ত্ৰিদশে চিৰঞ্জীৱ বৰদান ॥৩০
একো দেৱতাৰ অস্ত্ৰে নুহিবে বিকল ।
শৰীৰত তোৰ অপৰ্য্যন্ত হৌক বল ॥৩১
গৈলা সবে বৰ আনো দিয়া অসংখ্যাত ।
সঞ্চাৰিলা বায়ু পাছে সবাৰো হিয়াত ॥৩২
বলৰ দৰ্পতে হনুমন্ত যেন যম ।
ফল মুল খান্ত লুড়ি ঋষিৰ আশ্ৰম ॥৩৩
উভতাই ৰুই তৰু ভাঙ্গি ছিঙ্গি মঠ ।
দেখি সব ঋষিৰ লাগিল মনকষ্ট ॥৩৪
বৃত্তিছেদ কৰিলে বানৰ ইটো পাপ ।
সবে মিলি আচোলি দিলন্ত পাছে শাপ ॥৩৫
সাধিবে নলাগে আৰ চাৱে ৰামকাৰ্য্য ।
বলৰ প্ৰমাণ নজানোক কপিৰাজ ॥৩৬
দেখক গোখজ যেন সাগৰ সংঙ্কাশ ।
সেই শাপে কপিৰ গুচিল সবে সাস ॥৩৭
এৰিল প্ৰচণ্ড ভাৰ বায়ুৰ কুমাৰ ।
আৰো বালিৰাই মৰা বানৰক ডৰ ॥৩৮
এতেকেসে বালিক নবধি হনুমন্ত ।
ঋষ্যমুখ পৰ্ব্বতক লাগি পলাইলন্ত ॥৩৯
এহিমানে থৈলা ৰাম অগস্তি সম্বাদ ।
গাইবে লৈলা জানকীৰ নিৰ্ব্বাস বিষাদ ॥৪০
বোলে কুশে লৱে শুনিয়োক সমাজিক ।
অনন্তৰে পঠাই প্ৰভু ৰামে অগস্তিক ॥৪১
পৰম আনন্দে দশ হাজাৰ বৎসৰ ।
ভুঞ্জিলন্ত অকন্তকা ৰাজ্য ৰঘুবৰ ॥৪২
অযোধ্যাত মহা মহা মিলিল বিপত্তি ।
প্ৰাণ প্ৰিয়া সমে ৰামে ভুঞ্জিলা ভুকুতি ॥৪৩
ৰাত্ৰি দিনে চৰণ চিন্তন্ত সীতা সতী ।
স্বামীৰ সংযোগে পাছে ভৈলা গৰ্ভৱতী ॥৪৪
ৰামৰ বাঢ়ন্তে যায় নয়নৰ প্ৰীতি ।
আনন্দে আছন্ত প্ৰভু ভাৰ্য্যায়ে সহিতি ॥৪৫
মিলিল দুৰ্য্যোগে পাছে পাইলেক বিপাকে ।
জনবাদে দিলা ৰামে নিৰ্ব্বাস সীতাকে ॥৪৬
কণ্টক সঙ্কট বনে থৈলন্ত লক্ষ্মণে ।
ভৈলা অচেতন আতি দেবী দুঃখ মনে ॥৪৭
সীতাৰ শুনিয়া যেন আপদ দুৰ্ঘোৰ ।
তাক আবে পাইবে সে কেহি কোনে ওৰ ॥৪৮
যিটো পুণ্য তনু কৃপাময় ৰামদেৱ ।
পৰম মহন্ত গুণে সম নাহি কেৱ ॥৪৯
অনুচিত পিম্পৰাৰে নিচিন্তন্ত মাৰ ।
কৰ্ম্মফলে ভৈলা যম তেহেন্তে সীতাৰ ॥৫০
একে পতিব্ৰতা নাৰী আৰো গৰ্ভৱতী ।
তাহাঙ্কো বধিবে ৰাঘৱৰ ভৈলা মতি ॥৫১
কিনো বিপৰ্য্যয় বিধি লিখিল কপালে ।
ভৈলা ৰাম স্বামী জানকীৰ যমকালে ॥৫২
প্ৰকটিয়া কহিলা শান্তীৰ যত দুঃখ ।
ভৈলা সবে সমাজিকো শোকে অধোমুখ ॥৫৩
লৱে কুশে আকুল কৰিলা সমজ্যাক ।
দেখে যেন আজি দিলা নিৰ্ব্বাস সীতাক ॥৫৪
জানকীৰ নিকাৰ শুনিয়া সামৰাজ ।
কান্দিলন্ত মকমকি সকল সমাজ ॥৫৫
হাহাকাৰ শবদ উঠিল সভাস্থলি ।
ৰামৰ গাৱত যেন লাগিল অগনি ॥৫৬
সুমৰিয়া পুনৰপি ৰাঘৱে সীতাক ।
বিষাদৃশে শোকানলে চানিলে হিয়াক ॥৫৭
নিমাইল অগনি যেন জ্বালিল দুনাই ।
পৰম সন্তাপ তাপে প্ৰাণ ফুটি যাই ॥৫৮
মূৰ্চ্ছা গৈয়া পৰিলন্ত সিংহাসন হন্তে ।
ধৰিল বুৰিল বুলি ভৰত লক্ষ্মণে ॥৫৯
শিৰত সিঞ্চন্ত জল বিঞ্চন্ত চামৰে ।
লগতে কান্দন্ত তান তিনি সহোদৰে ॥৬০
বশিষ্ঠ প্ৰমুখ্যে ঋষি নধৰন্ত হিয়া ।
কান্দন্ত সীতাৰ দুখে মুখে বস্ত্ৰ দিয়া ॥৬১
বিভীষণ সুগ্ৰীৱ জাম্বৰ হনুমন্ত ।
কান্দন্ত সন্তাপে পৰি কপি অপৰ্য্যন্ত ॥৬২
চেতন লভিয়া প্ৰভু ৰাঘৱে দুনাই ।
কৰন্ত সন্তাপ আতি প্ৰিয়াক বৰ্ণাই ॥৬৩
হা হা সীতা শান্তী পতিব্ৰতা সুচৰিতা ।
মোহোৰ বল্লভা সুভান্বিতা বিবাহিতা ॥৬৪
ভাগ্যেহে লভিলোঁ ভাৰ্য্যা কত তপসাই ।
হাততে বিধাতা তাক হৰিলে দেখাই ॥৬৫
গেল পৰিচ্ছেদা দেখা ইজন্মক লাগি ।
মই সি পাতকী তোৰ ভৈলো বধভাগী ॥৬৬
ঘোৰ বনবাসে দুঃখে নভৈলা নিৰ্যাণ ।
হৰি নিলে ৰাৱণে ৰহিল তাতে প্ৰাণ ॥৬৭
আতি সুচৰিতা শান্তী জনকৰ জীক ।
মই হাতে বধি ভৈলো ৰাক্ষসতোধিক ॥৬৮
দণ্ডকা বনত আপনাৰ এৰি চিন্তা ।
মোকেসে সেবিলি সতী তই বিবাহিতা ॥৬৯
পাশৰিলো কিমতে সিসব তোৰ গুণ ।
কিনো নিদাৰুণ মই পুৰুষ আপোন ॥৭০
অপাৰ সাগৰে বান্ধিলোহোঁ শিলা সেতু ।
সবান্ধৱে বধিলো ৰাৱণ যাৰ হেতু ॥৭১
হেনয় প্ৰিয়াক মই তেজিলো আপোনে ।
চণ্ডাল বুলিয়া গৰহিবে যিটো শুনে ॥৭২
এহি বুলি ৰামচন্দ্ৰে কৰন্ত বিলাপ ।
ভৰত লক্ষ্মণ শত্ৰুঘনৰ সন্তাপ ॥৭৩
বোলন্ত প্ৰবোধ সবে বেঢ়ি ভ্ৰাতৃলোক ।
সন্ধুক্ষণ হোয়া দদা পৰিহৰাঁ শোক ॥৭৪
ইটো খেদ দদা হৃদয়ত দিয়া ঠাই ।
আৰকি কান্দিলে সিটো জানকীক পাই ॥৭৫
আপুনি সৰ্ব্বজ্ঞ সবে জানা যেন নয় ।
অসাৰ সংসাৰ ইটো দেখি মায়াময় ॥৭৬
পুত্ৰ দাৰা ধন জন যত পৰিকৰ ।
হেন জানা সবে শোক সন্তাপৰ ঘৰ ॥৭৭
ক্ষেণেকে সংযোগ হৱে ক্ষেণেক বিয়োগ ।
মিছা বিষয়ত কিছু নাহি সুখভোগ ॥৭৮
যেন ফেন সব হোৱে উঠি এক ঠাই ।
জলৰ বেগত বাজি তিলেকে মিলাই ॥৭৯
বান্ধৱৰ সমাগমে তেহ্নয় অথিৰ ।
ধৈৰ্য্যসে ঔষধ দদা আপদ ব্যাধিৰ ॥৮০
প্ৰবোধ শুনিয়া ৰাম থাকন্ত থমকি ।
সুমৰন্তে সীতাক কান্দন্ত মকমকি ॥৮১
বহি যাই দুয়ো নয়নৰ নীৰ ধাৰে ।
নিচুকান্ত ভ্ৰাতৃ সবে ধৰি বাৰে বাৰে ॥৮২
হা সীতা বুলি ক্ষণে তেজন্ত নিশ্বাস ।
আপুনি চিন্তিলো আপোনাৰ সৰ্ব্বনাশ ॥৮৩
কিবা কৰ্ম্ম কৰো আবে যাওঁ কোন ভিতা ।
ইটো গৃহবাস বনবাস বিনে সীতা ॥৮৪
লৈয়ো ৰাজ্যভাৰ ভৈয়াই ভৰত সোদৰ ।
ৰাজ্যত নাহিকে কাৰ্য্য কৰো দেশান্তৰ ॥৮৫
সীতা বিনে দশোদিশে দেখন্ত আন্ধাৰ ।
ৰাঘৱৰ নাহি আৰ সন্তাপৰ পাৰ ॥৮৬
সীতাৰ যতেক শ্বাশু কৌশল্যা প্ৰমুখ্যে ।
হা সীতা বুলিয়া কান্দন্ত অধোমুখে ॥৮৭
কান্দন্ত আবৰি আনো নাৰী অসংখ্যাত ।
ক্ৰন্দনৰ উৰ্ম্মি উথলিলা সমজ্যাত ॥৮৮
ৰাঘৱৰ শোকে লোক সকলে আকুল ।
যাৱৈ যেন আগ উভাৰিলে বৃক্ষমূল ॥৮৯
বশিষ্ঠ উঠিয়া পাছে বুলিলা প্ৰবোধ ।
সবাকে কৰাইলা ঋষি ক্ৰন্দন নিৰোধ ॥৯০
ৰামক বোলন্ত তাত তেজিয়ো সন্তাপ ।
এৰাইবেক সাধ্য কাৰ বিধি লিখিতাক ॥৯১
আপনি সমস্তে জানা জগতৰে বাপ ।
ইসি বিপৰীত মহা মহন্তৰ তাপ ॥৯২
যাৰ যেন হুইবে ইটো হুইবেক সৰ্ব্বথা ।
উত্তৰাকাণ্ডৰ আৱে শুনা পাছ কথা ॥৯৩