ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩১ অধ্যায়
ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা
- পদ ।
আত অনন্তৰে শুনি সমস্ত সমাজ ।
সঞ্চলিলা ৰামে লক্ষ্মণৰ প্ৰেতকায ॥১
আউৰ সুখ শান্তি নাই ৰাঘৱৰ মনে ।
নিশ্চয় কৰিলা প্ৰভু স্বৰ্গক গমনে ॥২
পুৰোহিত বশিষ্ঠক বুলিলা বচন ।
এৰি পৃথিবীক কৰোঁ স্বৰ্গক গমন ॥৩
কৰায়োক যেন লাগে যাত্ৰাৰ বিধান ।
বিহিলন্ত বশিষ্ঠে বিশিষ্ট অনুষ্ঠান ॥৪
দীপ ঘট দধি দুৰ্ব্বাক্ষতে ৰঞ্জি থলি ।
চৰে সমে সাৰি সাৰি ৰোৱাইলা কদলী ॥৫
দিয়াইলা মণ্ডল আলি পথে থানে থান ।
ভৈল শুভক্ষণ ৰাঘৱত দিলা জান ॥৬
কৰিলন্ত ৰামে সৰযুত পাছে স্নান ।
সুবৰ্ণ ৰজত ৰত্ন কৰিলন্ত দান ॥৭
পিন্ধিলন্ত ধৌত দিব্য বস্ত্ৰ ৰুচিকৰ ।
গন্ধে পুষ্পে মাল্যে অলঙ্কৃত কলেৱৰ ॥৮
কৰিলন্ত যাত্ৰা জগতৰে প্ৰভুৰাম ।
মাধৱ মাধৱ মুখে উচ্চৰন্ত ৰাম ॥৯
আপোনাৰ নিজ ৰূপ ধৰি হৃদয়ত ।
লৰিলন্ত ধৈৰ্য্যভাৱ সবাৰো আগত ॥১০
চতুৰ্ভিতি জয় জয় ৰাম মাত্ৰ শুনি ।
উচ্চৰন্ত মূলমন্ত্ৰ যত মহামুনি ॥১১
দেৱমাতা সাবিত্ৰী লৰিলা অগ্ৰদেশে ।
চলিল চাৰিয়ো বেদ ব্ৰাহ্মণৰ বেশে ॥১২
ৰাম পাশে লক্ষ্মী যান্ত জগত মোহিনী ।
লক্ষ্মীহীনা কৰি পৃথ্বী চলন্ত গোসাঁনী ॥১৩
দিব্য ধনু শৰ পুৰুষৰ ৰূপ ধৰি ।
পাছত চলিলা ৰাঘৱক অনুসৰি ॥১৪
আসিয়া আকাশী গঙ্গা সিঞ্চি যান্ত জল ।
মূৰ্ত্তিমন্ত মন্ত্ৰগণে পঢ়ন্ত মঙ্গল ॥১৫
বসুমতী তুতি আতি কৰন্ত একত্ৰ ।
যাই ধৰি ওপৰত মেঘে শ্বেত ছত্ৰ ॥১৬
সুগ্ৰীৱ প্ৰভৃতি যত বানৰ ভালুকে ।
চলে সালঙ্কৃত হুয়া পৰম উৎসুকে ॥১৭
কৰে কলি মানি মহা জয় জয় নাদে ।
জীৱন্তে স্বৰ্গক পাইবো প্ৰভুৰ প্ৰসাদে ॥১৮
শত্ৰুঘন ভৰত ভকত যত ৰাজা ।
চৌপাশে উপাসি যাই অযোধ্যাৰ প্ৰজা ॥১৯
পিন্ধি ধৌত কাপোৰ সকলে পৰিবাৰে ।
গন্ধে পুষ্পে ভূষিত অমূল্য অলঙ্কাৰে ॥২০
ব্ৰাহ্মণৰ হাতে কৰে সৰ্ব্বস্ব উৎসৰ্গ ।
ৰামৰ প্ৰসাদে পাইবো জীয়ন্ততে স্বৰ্গ ॥২১
বাল বৃদ্ধ যুবা জীৱ পিম্পৰা পৰ্য্যন্তে ।
চলি যাই ৰাঘৱৰ মহিমা কহন্তে ॥২২
ছাগ গৰু গান্ধ গণ্ড গৱয় শৃগাল ।
কুকুৰ বিৰালি বৰা হৰিণৰ পাল ॥২৩
ঘোটক কণ্টলা উট মেঠন মহিষে ।
যূথে যূথে হস্তী সব চলে সহৰিষে ॥২৪
কাউৰ,কৈৰা,মৈৰাপাত্ৰ,পিৰিকাবৰল ।
কোৰষ্ণ,চকোৰ,কিঞ্চা,পেঞ্চা,ছেঞ্চাৱল ॥২৫
সৰালি,শালিকা,সাৰু হংস সজাই মৰা ।
কলিবণ্টা,বটা,টুনি,টিপসি,টোকৰা ॥২৬
ইসব প্ৰমুখ্যে পশু পক্ষী যত আছে ।
তৃণ তৰু লতাছয়ো চলে আগে আছে ॥২৭
ৰামৰ প্ৰভাৱ ভৈল সবাতো চেতন ।
পৰম হৰিষে কৰে স্বৰ্গক গমন ॥২৮
কিৰীটি,কুণ্ডল মহা হেমময় হাৰে ।
চিকি মিকি কৰে ৰত্নময় অলঙ্কাৰে ॥২৯
যায় মনে হৃষ্ট পুষ্ট ৰঙ্গে তুষ্টি চলি ।
তুলি ছত্ৰদণ্ড বাদ্যভণ্ড কুৰুস্থলি ॥৩০
ভৈলা ৰাম চন্দ্ৰ ইন্দ্ৰ সম উপসম ।
চন্দ্ৰ সূৰ্য্য দুই ভিতি ভৰত শত্ৰুঘন ॥৩১
সুগ্ৰীৱ প্ৰভৃতি যান্ত যত মহীপাল ।
ৰূপে প্ৰকাশন্ত সবে যেন দিকপাল ॥৩২
ভালুক বানৰ দেৱ সোনাৰ আকৃতি ।
ঋষি সব ভৈল যেন গুৰু বৃহস্পতি ॥৩৩
নিৰন্তৰে নৰ বিদ্যাধৰ এৰে সৰি ।
নাৰী সবে চলে অপেশ্বৰী বিদ্যাধৰী ॥৩৪
চিকি মিকি অলঙ্কাৰে কৰে চতুৰ্ভিতি ।
কৰে তাৰা গন যেন স্বৰ্গত দীপিতি ॥৩৫
চিৰল পতাকা ৰথ ধ্বজ ছত্ৰদণ্ড ।
আকাশে প্ৰকাশে যেন মেঘ খণ্ড খণ্ড ॥৩৬
পৰম শ্ৰীমন্ত দেহা দিব্য ৰূপ ধৰ ।
নিষ্পাপ নিৰ্ম্মল সকলৰে কলেৱৰ ॥৩৭
নৃত্য গীতে আনন্দতে নাই চিন্তা শোক ।
মহা কৌতূহলে চলি যাই স্বৰ্গলোক ॥৩৮
শুনে সাম ৰাজে ৰাম স্বৰ্গক গমন ।
চাহিবাক আসে আনো দেশী সবজন ॥৩৯
মিলে অনুৰাগে তাসম্বাৰো অন্তৰ্গতে ।
ঘৰ বাৰী এৰি চলে ৰামৰ লগতে ॥৪০
সৰযূৰ তীৰে তীৰে আতি অনুপামে ।
পুত্ৰৱতে প্ৰজাক পালন্তে যান্ত ৰামে ॥৪১
তিনি দিন তিনি ৰাতি যান্ত একাকুলে ।
ৰহিলন্ত হিমৱন্ত পৰ্ব্বতৰ মূলে ॥৪২
বিবিধ বাদ্যৰ নাদে শবদ আম্ফাল ।
জয় জয় ৰাঘৱৰ প্ৰজাৰ কোলাহল ॥৪৩
ছত্ৰে দণ্ডে বাদ্য ভণ্ডে লোকে ভৰিপূৰি ।
থাকিলন্ত পৰ্ব্বতৰ কতো দূৰ যুৰি ॥৪৪
অনন্তৰে ৰাম আসিবাৰ বাৰ্ত্তা শুনি ।
ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰ লৰিলা আপুনি ॥৪৫
দশ দিগপাল ইন্দ্ৰ আদি দেৱ যত ।
তিনিকো আবৰি নামি আসিল লগত ॥৪৬
সিদ্ধমুনি বিদ্যাধৰ কিন্নৰ চাৰণ ।
নাচন্তে আচন্ত নামি অপেস্বৰাগণ ॥৪৭
গন্ধৰ্ব্বে যোগাৱে গীত মৃদঙ্গৰ ধ্বনি ।
লক্ষ কোটি বিমান আকাশ আসে ছানি ॥৪৮
চিকি মিকি কৰে জৌতি চাহন নযাই ।
অসংখ্যাত সূৰ্য্য যেন নামৈ একে ঠাই ॥৪৯
বাজে ঘণ্টা সোনাৰ কিঙ্কিনি ৰুণ জুন ।
উদ্ধমুখে সচকিতে চাৱৈ সৰ্ব্বজন ॥৫০
দেখি কৰে ৰাঘৱৰ প্ৰজা জয় জয় ।
বাল বৃদ্ধ নাচে গাৱে আনন্দ বধায় ॥৫১
দেৱ দিব্যমান তল ছানি নামি আসে ।
দিন ৰাতি নমনিয় ৰত্নৰ প্ৰকাশে ॥৫২
চন্দ্ৰ সূৰ্য্য সমান একৈক দিব্য ৰথ ।
বাঞ্চা মাত্ৰে মিলৈ তৈতে যত মনোৰথ ॥৫৩
তথাতে বিচিত্ৰ গৃহ প্ৰাসাদ উদ্যান ।
হীৰা মৰকত ৰত্ন ৰঞ্জে থানে থান ॥৫৪
নিৰ্ম্মল কমলে সৰোবৰ সব শোভে ।
ভ্ৰমৰে কৰয় কেলি মধুগন্ধ লোভে ॥৫৫
ৰথতে বিচিত্ৰ নৃত্য গীত বাদ্য ধ্বনি ।
অসংখ্যাত দেৱ কন্যা ৰূপে বিতোপনী ॥৫৬
শ্ৰবন অমৃত সুললিত গাৱে গীত ।
শুনি পুৰুষৰ চিত্ত কামে বিমোহিত ॥৫৭
হেন দিব্য যান লৈয়া দেৱগণ লৰি ।
আসিলা ৰামক নিবে লাগি আগবাঢ়ি ॥৫৮
ৰাঘৱক দেখি দেৱগণৰ আহ্লাদ ।
পুষ্প সিঞ্চাৰিয়া কৰে দুন্দুভি সম্বাদ ॥৫৯
দেৱতা মনুষ্য দেখা দেখি কৰে আসি ।
অন্যো অন্যে দশন প্ৰকটি কৰে হাসি ॥৬০
ব্ৰহ্মাদেৱে সাদৰে কৰিয়া যোৰ হাত ।
ৰাঘৱক লগাইলা হংসৰে পৰা মাত ॥৬১
শুনিয়োক ৰামচন্দ্ৰ প্ৰভু ৰঘুনাথ ।
দেখিয়োক ত্ৰিদশ দেৱক তুলি মাথ ॥৬২
তুমি ত্ৰিভুবন পতি জগতৰে গতি ।
তুমিসি অচিন্ত্য গুণ অনন্ত শকতি ॥৬৩
প্ৰকৃতিত অন্তৰ পৰম তুমি তত্ত্ব ।
আদি অন্ত নজানিয় তোমাৰ মহত্ত্ব ॥৬৪
তুমি ভাৰ হৰা বাৰে বাৰে অৱতৰি ।
দুষ্টক দণ্ডিয়া মহন্তক ৰক্ষা কৰি ॥৬৫
তুমিসি ঈশ্বৰ সুৰাসুৰে কৰে সেৱ ।
অন্তত তুমিসি থাকা নথাকয় কেৱ ॥৬৬
শুনিয়ো নৰেন্দ্ৰ ৰাম চন্দ্ৰ কৃপাময় ।
আছে পুৰাতন তনু তযু তেজোময় ॥৬৭
বিদ্যমানে বিমানতে দেখা হৃষিকেশ ।
ভাতৃগণ সমে আন্তে হুয়োক প্ৰবেশ ॥৬৮
হেৰা সুৰাসুৰে সেৱা কৰে প্ৰণিপাত ।
দেখাঁ গদা পদ্ম শঙ্খ চক্ৰ চাৰি হাত ॥৬৯
পূৰ্ব্বৰূপ তোমাৰে আহাঙ্কে বিষ্ণু বুলি ।
পাৰিষদ গণে ৰঙ্গে নাচে বাহু তুলি ॥৭০
শুনি ৰঘুপতি পাছে ব্ৰহ্মাত বদতি ।
ই সি মোৰ মুখ্য প্ৰয়োজন প্ৰজাপতি ॥৭১
দেখা আসি আছে ৰাজা প্ৰজা পাত্ৰ ছয় ।
পশু,পক্ষী,বৃক্ষ,তৰু,লতা সমস্তয় ॥৭২
অনুগত ভকত সম্যেক মোৰ প্ৰাণ ।
আগে আঙ্ক দিয়োক অক্ষয় মোক্ষ স্থান ॥৭৩
মোতে পতিয়াসে সবে আসিল লগতে ।
আবে আসম্বাক তেজি যাওঁ কোন সতে ॥৭৪
দিব্য বিমানতে সবে ছড়োক সম্প্ৰতি ।
দিয়োক সত্ত্বৰে প্ৰজাপতি অনুমতি ॥৭৫
পাছতেসে যাইবো বোলোঁ বচন নিশ্চয় ।
বিনাৱন্ত বিধি ধন্য ধন্য কৃপাময় ॥৭৬
আছে মোক্ষ স্থান ব্ৰহ্মালোকৰ ওপৰ ।
সান্তানক নামে তাৰ নাই পটন্তৰ ॥৭৭
তযু প্ৰজা দিব্য ভোগ ভুকুতি ভুঞ্জন্তে ।
তথাতে থাকোক মহা প্ৰলয় পৰ্য্যন্তে ॥৭৮
বানৰ ভালুক যত দেৱ অৱতাৰ ।
প্ৰবেশোক পূৰ্ব্বদেহে আদেশ আমাৰ ॥৭৯
এহি তীৰ্থ-জলতে সত্ত্বৰে কৰি স্নান ।
আসি আৰোহোক অবিলম্বে দিব্য যান ॥৮০
ব্ৰহ্মাৰ আদেশে ৰাঘৱৰ অভিমত ।
জাম্প দিয়া পৰে প্ৰজা তীৰ্থৰ জলত ॥৮১
ছোঞ্চ গুচি হোৱৈ তৈতে দিব্য কলেবৰ ।
সূৰ্য্য সম জ্বলে দেহা যেন বিদ্যাধৰ ॥৮২
সহস্ৰ সংখ্যাত বিদ্যাধৰী অপেস্বৰী ।
গাৱে গাৱে গোছি বিমানক নেই ধৰি ॥৮৩
সিংহাসনে বসি সিটো পাৱে আতি তৃপ্তি ।
ইন্দ্ৰৰ সমান কৰে পুৰুষে দীপিতি ॥৮৪
কিৰটি কুণ্ডল দিব্য বস্ত্ৰ অলঙ্কাৰ ।
গন্ধে পুষ্পে চন্দনে ভূষিত কলেৱৰ ॥৮৫
শিৰৰ ওপৰে শ্বেত ছত্ৰ তুলি ধৰি ।
ধৱল চামৰে ঢোলে পদ্মিনী সুন্দৰী ॥৮৬
কৰ্পূৰ তাম্বুল সাজি যোগাৱে ৰমণী ।
হাতে ভৰি ধৰি জান্তে কতো বিতোপনী ॥৮৭
বায়া মৃদু মৃদঙ্গ কৰন্ত কতো নৃত্য ।
গাৱে হাতে তাল কতো সুললিত গীত ॥৮৮
সুৰভি শীতল অনুকূলে বায়ু বহে ।
দেখা চতুৰ্ভিতে সবে আনন্দত ৰহে ॥৮৯
নুগুচে বসন্ত মত্ত কোকিলৰ নাদ ।
শুনি পুৰুষৰ মন সদায়ে উন্মাদ ॥৯০
নাৰী সবে জলত মজিয়া মহাৰঙ্গে ।
বিমানত বসিয়া প্ৰকাশে স্বামী সঙ্গে ॥৯১
ত্ৰৈলোক্য মোহিনী ৰূপ লয় লাস গতি ।
যেন কৈলাসত শোভে শঙ্কৰ পাৰ্ব্বতী ॥৯২
যত পশু পক্ষী বৃক্ষ বন নিৰন্তৰ ।
জলত নামিলে হোৱে দিব্য কলেৱৰ ॥৯৩
বিমানত উঠি ইন্দ্ৰ যেন কৰে ভোগ ।
দিব্য নাৰী সবে সেবে যাক যেন যোগ ॥৯৪
সন্তোষন্ত চিত্ত বিতোপন নৃত্য গীতি ।
পলু পিম্পৰায়ো পাইল পৰম ইৰিটি ॥৯৫
ৰামত ভকত ভৈল ৰাক্ষস যতেক ।
সিয়ো দিব্য কলেৱৰ লভিলা প্ৰত্যেক ॥৯৬
চড়ে দিব্য বিমানে সাক্ষাতে যেন দেৱ ।
ভুঞ্জে দিব্য ভোগ কৰে নাৰী সৱে সেৱ ॥৯৭
জয় জয় ৰাঘৱ ঘোষন্ত মহানাদে ।
আমিয়ো মুকুত ভৈলোঁ প্ৰভুৰ প্ৰসাদে ॥৯৮
শুনাঁ ৰামায়ণ সবে সভাসদ যত ।
হৰি ভকৰিৰ দেখা পৰম মহত্ত্ব ॥৯৯
তৃণ বন বৃক্ষ পশু পতঙ্গৰো গতি ।
একোয়ে নবাছে দেখা হৰিৰ ভকতি ॥১০০
দোষৰ সাগৰ ইটো কলি যদি পাপী ।
আছে একগুণ আত মহত তথাপি ॥১০১
কৃষ্ণৰ কীৰ্ত্তণ মাত্ৰ কৰিয়ো প্ৰৱন্ধ ।
কৃষ্ণক সুহৃদ পাৱে চিণ্ডে কৰ্ম্ম বন্ধ ॥১০২
এতেকে কলিসি ভাল ভকতৰ মতে ।
দুৰাচাৰো তৰে গুণ নাম কীৰ্ত্তনতে ॥১০৩
আন ধৰ্ম্ম গৈলা গুচি কৃষ্ণৰ লগত ।
তথাপি নোপজে কিয় চেতনা গাৱত ॥১০৪
হেন জানি বুদ্ধজন তেজিয়োক হেলা ।
ৰাম নাম মধ্যত ধৰ্ম্মৰ সবে মেলা ॥১০৫
মিচাতেসে মৰা সবে আলসত থাকি ।
সংসাৰ নিস্তৰা ৰাম ৰাম বোলা ডাকি ॥১০৬
- ৩২ অধ্যায়
পদ ।
আত অনন্তৰে, শুনিয়োক নিৰন্তৰে,
- ৰাঘৱৰ কথা অসৰিশ ।
ভকত প্ৰজাৰ প্ৰভু, পৰম ইষিটি চাই,
- মনে মহা মিলিল হৰিষ ॥১
তৃণ বন পশু পক্ষী, ৰাক্ষসৰ ৰঙ্গ কেলি,
- মিলে মহা মনত উল্লাস ।
ভকত ইষট কাৰ, দেখি ৰাম দেৱতাৰ,
- খল খল সম্পজিল হাস ॥২
আঞ্জৰ পাঞ্জৰ চাই, দেখন্ত গোটে বশাই,
- বিমানে চড়িল সবে প্ৰজা ।
কেবলেসে তিনি ভাই, ৰহি আছো সমুদায়,
- জানি বিমৰিষি ৰাম ৰাজা ॥৩
ভাতৃ সব সমে সিটো, তীৰ্থত নামিয়া পাছে,
- সপটে কৰিলা গৈয়া স্নান ।
মনুষ্য স্বভাৱ তেজি, জ্বলৈ জ্যোতি শৰীৰৰ,
- সহস্ৰেক সূৰ্য্যৰ সমান ॥৪
দেখি দেৱ হাত তুলি, জয় জয় ৰাম বুলি,
- পুষ্পচয় সিঞ্চাৰিলা শিৰে ।
শত্ৰুঘন ভৰতৰ, জ্যোতিৰ্ম্ময় কলেৱৰ,
- প্ৰবেশিলা ৰামৰ শৰীৰে ॥৫
যিটো বিষ্ণুৰূপ ধৰি, প্ৰকাশ কৰন্ত হৰি,
- তেন্তে ব্ৰহ্মতত্ত্ব স্বৰূপতে ।
ৰাঘৱৰ গৈয়া কায়, বিজুলি চটক প্ৰায়,
- প্ৰবেশিলা বিষ্ণুৰ ৰূপতে ॥৬
চাৰি হস্তে চাৰি অস্ত্ৰ, শৰীৰত পীত বস্ত্ৰ,
- দিব্য বনমালা দোলে গলে ।
কণ্ঠত কৌস্তুভ মণি, মকৰ কুণ্ডল ঢুলি,
- চিকি মিকি কৰে গণ্ডস্থলে ॥৭
ৰত্নৰ মুকুট মাথে, অঙ্গদ বলয় হাতে,
- বাখৰ আঙ্গুঠি আঙ্গুলীত ।
নয়ন পঙ্কজ পাসি, বয়নে ঈষত হাসি,
- ললাটে তিলক সুলম্বিত ॥৮
হিয়ে গজমতি হাৰ, জিলি মিলি পেছন্দাৰ,
- শ্যাম শৰীৰত কান্তি কৰে ।
ঝিকি পাৰে অলঙ্কাৰ, চান্তো অতি চমৎকাৰ,
- মেঘে যেন বিজুলী সঞ্চাৰে ॥৯
কটিত কনক কাঞ্চি. দিব্য ৰথে আছে খাঞ্চি,
- যুৰৈ পাদ পঙ্কজে নুপূৰ ।
অৰুণ নখৰ পান্তি, চন্দ্ৰতো অধিক কান্তি,
- কৰে দৰশনে দুখ দূৰ ॥১০
ৰত্নৰ শলকা নয়, প্ৰকাশে অঙ্গুলী চয়,
- ৰত্নময় উজন্তি ৰঞ্জিত ।
দেহ অতি সুকোমল, মনোহৰ পদতল,
- ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত ॥১১
ভকত অভয় পাত্ৰ, তাপহাৰি শ্বেত ছত্ৰ,
- সংসাৰ সাগৰে মহা নাৱ ।
সেৱে পাৰিষদ যত, ৰত্নপীঠ ওপৰত,
- প্ৰকাশন্তে আছে দুই পাৱ ॥১২
বিপৰীত দেখি দেৱ, আনন্দ দুন্দুভিবাৱে,
- ফুঙ্কে মুখে শঙ্খ ভেৰু তুলি ।
ৰামৰ বিমান বেঢ়ি, প্ৰজাৰ জোকাৰ গেৰি,
- জয় জয় ভগৱন্ত বুলি ॥১৩
মহিমা বৰ্ণায়া বেঢ়ি, সিদ্ধমুনি কৰে স্তুতি,
- শিৰত সিঞ্চাৰি পাৰিজাত ।
নানা বাদ্য বাৱে জাকি, বিমানে লৰিলা ঢাকি,
- সূৰ্য্য যেন জ্বলে অসংখ্যাত ॥১৪
পৃথিবীৰে পৰালঞ্জি, গীত গায়া যাই খাঞ্চি,
- ক্ৰমে ছয় স্বৰ্গক এৰাই ।
ছিন্ন ছোণ্ডা ছত্ৰদণ্ডে, উঠলিয়া বাদ্য ভণ্ডে,
- পুণ্য বায়ু তুলে আলগাই ॥১৫
যতলোক স্বৰ্গবাসী, মহিমা দেখিয়া আসি,
- পৰম বিস্ময় হুয়া মনে ।
এহিমতে ৰাম হৰি, লোকৰ আনন্দ কৰি,
- লৰি যান্ত ব্ৰহ্মৰ ভবনে ॥১৬
ৰামে পাছে দেখিলন্ত, লক্ষ্মণো লগতে যান্ত,
- দিব্যৰূপ কৰিয়া প্ৰকাশ ।
আনন্দৰ সীমা নাই, দুয়ো দুইক আছে চাই,
- কৰন্ত কৌতুক মহাহাস ॥১৭
আতিশয় স্নেহভাৱে, নমিলা লক্ষ্মণ পাৱে,
- গুচিল সকলে শোক ক্লেশ ।
ৰঙ্গে ৰাম বনমালী, সাবতন্তে আঙ্কোয়ালি,
- তেহো ভৈলা ৰামতে প্ৰৱেশ ॥১৮
অপেস্বৰা,নৃত্য কৰে, গাৱে বাৱে বিদ্যাধৰে,
- খম দম মৃদঙ্গ তুম্বুল ।
দশোদিশে জয়ধ্বনি, তুতি পঢ়ে সিদ্ধমুনি,
- হৰিষে বৰিষে দিব্য ফুল ॥১৯
এহিমতে প্ৰজাবৰ্গ, পাইলন্ত অক্ষয় স্বৰ্গ,
- নাই আৰ আনন্দৰ পাৰ ।
ব্ৰহ্মলোক সন্নিধান, সান্তানক নামে থান,
- নিৰ্ম্মিল নগৰ জাতিষ্কাৰ ॥২০
সাৰি সাৰি যানচয়, যাক যেন যোগ্য হয়,
- থাকিলন্ত কতো দূৰ যুৰি ।
চন্দ্ৰ সূৰ্য্য যেন পান্তি, জ্বলে বিমানৰ কান্তি,
- পাতিলা বহল মহাপুৰী ॥২১
ভালুক বানৰ নৰ, পশু পক্ষী নিৰন্তৰ,
- দিব্য ৰূপ ধৰি বিপৰীত ।
একান্তে ৰামক পূজে, স্বৰ্গত ভুকুতি ভুঞ্জে,
- শুনি নিতে ৰামৰ চৰিত্ৰ ॥২২
ৰামৰ সভাত বসি, জ্বলে যেন কোটি শশী,
- ৰামগুণ গাৱন্ত আহ্লাদে ।
সান্তানক পায়া স্থান, অমৃত কৰিয়া পান,
- কৃত্য কৃত্য ৰামৰ প্ৰসাদে ॥২৩
কীট পতঙ্গম বৰ্গ, লভিয়া অক্ষয় স্বৰ্গ,
- কাৰো নাহি আনন্দৰ সীমা ।
এহিমতে ৰামহৰি, অসাধ্য কৰ্ম্মক কৰি,
- ভকতিৰ দেখাইলা মহিমা ॥২৪
স্বৰ্গ মৰ্ত্ত্য পাতালত, বিধাতাৰ সমাজত,
- সিদ্ধ যত দেৱাসুৰ লোক ।
ৰামৰ চৰিত্ৰচয়, সম্যকে অমৃতময়,
- শুনি যেন পীৱে ঢোকো ঢোক ॥২৫
জগতৰে নিস্তাৰণ, পুণ্য কথা ৰামায়ণ,
- তাক শুনে ভণে যিটো নৰে ।
পাতেকত লাগে জুই, দেৱৰো পূজনী হুই,
- বঞ্চে সাতো স্বৰ্গৰ ওপৰে ॥২৬
ৰামৰ চৰিত্ৰ ইটো, শুনিবাক ইচ্ছে যিটো,
- হাহাকাৰ কৰে তাৰ পাপে ।
এৰি পলাই তাৰক্ষণে, উজাৰে হৰিৰ নামে,
- প্ৰচণ্ড বহ্নিৰ যেন তাপে ॥২৭
হেন জানি সভাসদ, শুনাঁ ৰামায়ণ পদ,
- মুকুতিক যাৰ অভিলাষ ।
আমাৰ কবিতা জানি, নিন্দা নুবুলিবা বাণী,
- নকৰিবা আত উপহাস ॥২৮
ৰামৰ চৰিত্ৰচয়, পাতেকৰ অগ্নিময়,
- মহা মোক্ষফল আত আছে ।
যেই সেই জুই দেই, তথাপিতো দহি নেই,
- যেন অগ্নি একোৱে নবাছে ॥২৯
নজানিয়া যিটো দম্ভ, কৰে মহা উপলম্ভ,
- তাহাকো আঞ্জলি কৰোঁ পুষ্ট ।
স্বৰূপ কহিলো বাণী, তাকো মহালাভ জানি,
- নিন্দি মাত্ৰ হৌক মোত তুষ্ট ॥৩০
নিজ পুণ্য ক্ষয় কৰে, আমাৰ অধৰ্ম্ম হৰে,
- যেবে ক্ষমা নকৰো তথাপি ।
শুনিয়োক নিৰন্তৰে, তেবেতো আমাত পৰে,
- আউৰ কোন আছে মহাপাপী ॥৩১
ইকথা থাকোক ভালে, যাৱেনতো ধৰে কালে,
- হৰি নাম কৰিয়ো কীৰ্ত্তন ।
সিটো মৃত্যু সময়ত, হুইবে শ্ৰুতি বুদ্ধি হত,
- হৰিবেক মুখত বচন ॥৩২
মৰণক দেখা কাছে, গাৱত চেতন আছে,
- লৈয়ো হৰি নামত শৰণ ।
নামত নকৰি ৰতি, কলিত নপাইবা গতি,
- বেদো কহে এহিসে বচন ॥৩৩
শাস্ত্ৰৰ এহিসে মজ্জা, হৰিৰ স্মৰণ ৰাজা,
- আন পুণ্য কিঙ্কৰ ইহাৰ ।
হেন নামে নাই ইচ্ছা, পণ্ডিত বোলাৱে মিছা,
- আন মতে নতৰে সংসাৰ ॥৩৪
ৰামে পিতৃ মাতৃ সুত, সুহৃদ সোদৰ বন্ধু,
- ৰামে আত্মা ৰামে জীৱ প্ৰাণ ।
ৰামে জপ যজ্ঞ দান, ৰামেসে পৰম জ্ঞান,
- ৰামে কৌটি শত তীৰ্থস্নান ॥৩৫
ৰাম মোৰ ইষ্ট দেৱ, ৰামকেসে কৰোঁ সেৱ,
- গতি মোৰ ৰামৰ চৰণ ।
ৰাম ধৰ্ম্ম ৰামে কৰ্ম্ম, ৰামেসে বান্ধৱ মৰ্ম্ম,
- জানি লৈলোঁ ৰামৰ শৰণ ॥৩৬
হেন জানি মোৰ চিত্ত, ৰামৰ চৰণ চিন্ত,
- বিষয় চিন্তায় এৰি কাম ।
পাপ তাপ লোকচাৰি, মোৰ মুখে আগবাঢ়ি,
- সৰ্ব্বদায়ে বোলোঁ ৰাম ৰাম ॥৩৭
তৰিবাৰ কৰাঁ কাম, কৰ্ণে শুনা ৰাম নাম,
- গীতবাদ্য নুশুনি বিফলে ।
আৱে চক্ষু দুৰাশয়, এৰিয়োক মায়াময়,
- ৰামময় দেখিয়ো সকলে ॥৩৮
নমো প্ৰভু ভগৱন্ত, নাই যাৰ আদি অন্ত,
- ভকতিতে যাহাৰ সন্তোষ ।
হুয়া মূঢ় মতিমন্ত, কৰোঁ ৰামায়ণ পদ,
- ক্ষেমা প্ৰভু বাঢ়া তুটা দোষ ॥৩৯
সম্যক অমৃত ভাণ্ড, উত্তম উত্তৰাকাণ্ড,
- এহিমানে ভৈলা সমাপতি ।
কৃষ্ণৰ কিঙ্কৰে ভণে, ৰাম ৰাম ঘোষাঘনে,
- পাপমানে যাউক অধোগতি ॥৪০