মাৰীচৰ মৃগৰূপ ধাৰণ

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


১০ অধ্যায় ।


মাৰীচ আৰু ৰাৱণৰ মন্ত্ৰণা


দুলৰি ।

ৰাৱণে বোলয়,         মাৰীচ মমাই,

তুমি মোৰ মহাপাত্ৰ ।

মোক কি কৰিতে,         পাৰয় ৰাঘৱে,

মানুষ গোটসে মাত্ৰ ॥১

দশৰথ সুত,         পাপৰ চৰিত্ৰ,

নজানয় ধৰ্ম্মলেশ ।

স্ত্ৰীৰ বচনে,         ভাৰ্য্যা ভাতৃ সমে,

আসি ভৈল বন দেশ ॥২

মানুষ ৰাঘৱ,         হোৱে বৰ বীৰ,

কেমনে তই জানস ।

কি কাৰণে মোক,         মাৰীচ মমাই,

বাক্য বিষ বৰিষস ॥৩

ত্ৰৈলোক্য বিজয়ী,         দুৰ্জ্জয় ৰাৱণ,

মোৰ বীৰ নেদেখস ।

মোহোৰ আগত,         মানুষ ৰামক,

মুনিষ বুলি লেখস ॥৪

বাপেকে বনক,         ডাকিলে নহয়,

পিতৃত সিটো ভকত ।

তেহ্নয় সহস্ৰ,         কোটি একোৰামো,

নুহিকে মোক শকত ॥৫

কুৱেৰ দাদাক,         যুদ্ধত জিনিয়া,

লঙ্কাদেশ কাঢ়ি লৈলোঁ ।

ত্ৰিদশক জিনি,         ৰণচেৰ কৰি,

কীৰিতিক বৰ থৈলোঁ ॥৬

পাতাল পুৰত,         ন ভৈলে শকত,

মোক বৰ বৰ নাগে ।

মানুষ গোটক,         মুনিষ বোলস,

কি হেতু মোহেৰে আগে ॥৭

ইটো পৃথিবীৰ,         ৰাজাগণ যত,

মহাবীৰ বোলাইলেক ।

সি সব সমস্ত,         মোহোৰ আগত,

উচিত দণ্ড পাইলেক ॥৮

মাৰীচ মমাই,         তুমি মহাবীৰ,

মোহোৰ বচন শুন ।

নুপুছিলে কথা,         আপুনি কহৱৈ,

মন্ত্ৰীৰ নুহিকে গুণ ॥৯

ত্ৰিদশে ৰামৰ,         সহায়ক ভজি,

এহি যে কাৰ্য্য সাধিব ।

তথাপি সীতাক,         হৰি লঙ্কা নিব,

দৈৱে তাক ন বাধিব ॥১০

জানিবা মমাই,         মোহোৰ সীতাক,

ৰামে আৰ নপাইবেক ।

গম্ভীৰ সাগৰ,         তৰিয়া কেমনে,

লঙ্কাক লাগি যাইবেক ॥১১

অবশ্যেকে মই,         জানিবা খৰৰ,

কৰিবোহোঁ প্ৰতিকাৰ ।

পুনৰপি তুমি,         হেন লঘু বোল,

মোক নুবুলিবা আৰ ॥১২

হেন শুনি পাছে,         মাৰীচে বোলয়,

ৰাৱণৰ মন জানি ।

কেনেনো বিধাতা,         জানকী সীতাক,

এথা মিলাইলেক আনি ॥১৩

তোহোৰ ক্ষয়ৰ,         কাৰণে নেজানোঁ,

সীতা উতপতি ভৈল ।

সকল ৰাক্ষস,         কুলৰ মাথাত,

কালী পেচী পৰি গৈল ॥১৪

কমন মুগুধ,         মন্ত্ৰীয়ে তোহোক,

হেনয় বুদ্ধি দিলেক ।

তোক ন সহিয়া,         কোনে হেন মতে,

লঙ্কা পুৰী দহিলেক ॥১৫

ৰাৱণ ৰাজাৰ,         শ্ৰী সম্পত্তিক,

দেখিতে কোনেনো পাৰে ।

সেহিসে কাৰণে,         ৰামৰ হাতত,

উপায় কৰিয়া মাৰে ॥১৬

আপোনাৰ মই,         কথাক কহওঁ,

শুনিবি ৰাজা ৰাৱণ ।

বলৰ গৰ্ব্বত,         পূৰ্ব্ব কালে মই,

গৈলোঁ দণ্ডকাৰ বণ ॥১৭

বাছিয়া অনেক,         ৰাক্ষস সেনাক,

তুলত কৰিয়া লৈলোঁ ।

মহা মহা ঋষি,         সবক মাৰিয়া,

ভুঞ্জিয়া তৃপিতি ভৈলোঁ ॥১৮

পাছে এক বাৰ,         বিশ্বামিত্ৰ নামে,

ঋষিৰ থানক গৈলোঁ ।

ৰাক্ষসে সহিতে,         যজ্ঞ ছন্ন কৰি,

অনেক ঋষিক খাইলোঁ ॥১৯

ধৰ্ম্মৰ চৰিত্ৰ,         ঋষি বিশ্বামিত্ৰ,

তেহোঁ আতি বৰ তপী ।

পৰম কৃপালু,         অধৰ্ম্মক ডৰে,

মোকন মাৰিলা শাপি ॥২০

আতি মহাক্ৰুৰ,         ৰাক্ষসৰ জাতি,

আসঙ্গক বৰ পাইলোঁ ।

ৰাক্ষসক লৈয়া,         নিতে নিতে গৈয়া,

ঋষিগণ মাৰি খাইলোঁ ॥২১

হেন দেখি আছে,         বিশ্বামিত্ৰ পাছে,

গৈলা অযোধ্যাক লাগি ।

দশৰথ মহা-         ৰাজাত ঋষিয়ে,

ৰামক আনিলা মাগি ॥২২

পূৰ্ব্বকাল মতে,         যজ্ঞ আৰম্ভিয়া,

ঋষি সবে কৰে কাম ।

দিব্য ধনু শৰ,         হাতত ধৰিয়া,

ৰাখিয়া থাকিলা ৰাম ॥২৩

ঋষিক ভুঞ্জিয়া,         লাণ্টা পায়া পাছে,

চাপিলোঁহোঁ গৈয়া কোল ।

দেখাঁ দেখাঁ ৰাম,         বুলিয়া ঋষিৰ,

উথলিল মহাৰোল ॥২৪

আকাশত দেখি,         পাছে মোক লাগি,

ৰামে কৰিলন্ত শৰ ।

মহাবেগে গৈয়া,         হিয়াত পৰিয়া,

কম্পি গৈল কলেৱৰ ॥২৫

দেখোঁ অন্ধকাৰ,         ৰামৰ প্ৰহাৰ,

যেন শঙ্কৰৰ শূল ।

চেতন না পাইলোঁ,         আকাশে উৰাইলোঁ,

যেন শিমলীৰ তুল ॥২৬

ইন্দ্ৰৰ বজ্ৰৰ,         প্ৰহাৰতে শালি,

গাৱত মোৰ পৰিল ।

বৰৰ প্ৰসাদে,         মোহোৰ গাৱৰ,

লোম গাছো ন লৰিল ॥২৭

যত যত অস্ত্ৰ,         কৰিল প্ৰহাৰ,

মোহোক দেৱ অসুৰ ।

মোহোৰ কঠিন,         গাৱত পৰিয়া,

সৱে ভৈল মসিমুৰ ॥২৮

আপুনি জানাহা,         নৃপতি ৰাৱণ,

মাৰীচ যিমত বীৰ ।

কহোঁ স্বৰূপত,         ৰামৰ শৰত,

পৰিল দেখোঁ শৰীৰ ॥২৯

তুলা যেন ঠানে,         ৰাঘৱৰ বাণে,

গগনক খেদাইলেক ।

নিমিষেকে নিয়া,         সাগৰ চড়ায়া,

সি কুলত পেলাইলেক ॥৩০

পাচে চিৰ কালে,         কথমপি তথা,

চেতন মই লভিলোঁ ।

বন্ধু জন দেখি-         বাক ধীৰে ধীৰে,

লঙ্কাক লাগিয়া গৈলোঁ ॥৩১

অদ্যপি ৰামৰ,         প্ৰহাৰ সুমৰি,

ধৰিতে ন পাৰোঁ মন ।

সবে পৰিহৰি,         সি কাৰণে তপ,

কৰোঁ এহি তপোবন ॥৩২

শুনাঁ লঙ্কেশ্বৰ,         বিস্তৰ দুঃখক,

পাইলোঁ আমি অনুপম ।

যেখন তেখন,         সুমৰন্তে দেখোঁ,

হেৰ আসি পাইলে ৰাম ॥৩৩

এহিসে নিমিত্তে,         এৰিলোঁহোঁ চাৰ,

ভাৰ্য্যা পুত্ৰ পৰিবাৰ ।

প্ৰাণ অৱশেষ,         কেৱলে মোহোৰ,

তপ মাত্ৰ ভৈল সাৰ ॥৩৪

স্বৰ্গৰ ভিতৰে,         যতেক দেৱতা,

পাতালৰ যত নাগ ।

ইটো পৃথিবীৰ,         যত ৰাজা আছে,

তোমাক কৰিয়া আগ ॥৩৫

যেৱে সৱে মিলি,         একল ৰামক,

একেবাৰে কৰে ৰণ ।

ৰাঘৱৰ শৰ,         চোটত জানিবা,

সবাৰে হুইবে মৰণ ॥৩৬

মোহোৰ বচন,         সাৰ জানি তুমি,

উলটি লঙ্কাক যাহা ।

বিভীষণ বুদ্ধি-         মন্তত ইসব,

কথাক পুছিয়া চাহা ॥৩৭

ত্ৰিজটা তোমাৰ,         বহিনীত সুধি,

যেৱে তাৰা দেই সাহা ।

তিনিৰ সন্মতে,         পাচে নৃপবৰ,

জানকীক হৰিবাহা ॥৩৮

তোৰ হিত পক্ষ,         ত্ৰিজটা বহিনী,

হিত বিভীষণ ভাই ।

দুই হন্তত পৰে,         লঙ্কাৰ ভিতৰে,

তোৰ ইষ্ট কেহোঁ নাই ॥৩৯

তাৰা দুইজনে,         তোক যিটো বোলে,

সেহি বোল সাৰ কৰাঁ ।

চটুৱা মন্ত্ৰীৰ,         বচন নৃপতি,

বিদূৰতে পৰিহৰাঁ ॥৪০

হেনয় হিতক,         নুশুনিয়া তুমি,

কৰা যেৱে আন মন ।

সব বন্ধু জন,         মৰাইবাহা তেবে,

লঙ্কাৰাজ্য হুইব ছন ॥৪১

দুৰ্জ্জয় ৰামৰ,         হাতত সমস্তে,

বলদৰ্প হুইব চূৰ ।

অবিলম্বে তেৱে,         দেখিবা নৃপতি,

দুৰ্ব্বাৰ এ যমপুৰ ॥৪২

ৰামৰ চৰিত্ৰ,         পৰম অমৃত,

শুনাঁ সভাসদ জন ।

নিশ্চয় জানিবা,         ইসে মহাধৰ্ম্ম,

কলিমল কৰে ছন্ন ॥৪৩

পুণ্যক সঞ্চিয়ো,         যমক বঞ্চিয়ো,

সংসাৰ কৰি মোচন ।

এৰি আন কাম,         বোলাঁ ৰাম ৰাম,

ঘুষিয়োক ঘনে ঘন ॥৪৪