ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৭ অধ্যায় ।
ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত ।
- পদ ।
ৰামদেৱ থাকিলন্ত কৌতূহল ভাৱে ।
বাৰ্ত্তা পৰি পৰি গৈলা ৰাৱণৰ ঠাৱে ॥১
ৰণশেষ যিবা ইন্দ্ৰজিতৰ লগৰ ।
কৰযোৰ কৰি বোলে দেৱ লঙ্কেশ্বৰ ॥২
শুনিয়োক ৰাজা চিত্ত কৰিয়োক থিৰ ।
শুনা ৰণে পৰিলন্ত ইন্দ্ৰজিত বীৰ ॥৩
ইন্দ্ৰে যাত হাৰিলা আউৰ সুৰগণে ।
হেন বীৰ জিনিলন্ত দুৰ্জয় লক্ষ্মণে ॥৪
পাঞ্চদিন পাঞ্চ ৰাতি দেখিলোহোঁ ৰঙ্গ ।
দুৰ্ঘোৰ সমৰে কেহোঁ নেদিলেক ভঙ্গ ॥৫
লক্ষ্মণ বীৰক কোনে যুজিবেক আন ।
নাহিকে সদৃশ মেঘনাদৰ সমান ॥৬
লক্ষ্মণৰ শৰে গাৱে উদ্ধাৱয় বিষ ।
বাতুল ভৈলাহা একো নপান্ত উদ্দেশ ॥৭
শিৰ ছেদ কৰিলন্ত লক্ষ্মণৰ শৰে ।
নিৰ্ম্মল স্বৰ্গক পাইল তোমাৰ কুমাৰে ॥৮
লঙ্কেশ্বৰে শুনিলন্ত তনয়ৰ বধ ।
নিশ্চলে পৰিলা কুৰি নয়ন তবধ ॥৯
বিমূৰ্চ্ছিত ভৈলা তমোময় অন্ধকাৰ ।
ফুৰনি দেখিলা চিত্ত স্থিৰ নোহে তাৰ ॥১০
সুশীতল জলে তিয়াইলন্ত মন্ত্ৰীগণে ।
অনন্তৰে কতোক্ষণে লভিলা চেতনে ॥১১
চেতন লভিয়া উঠি ৰাজা দশগ্ৰীৱে ।
হা হা পুত্ৰ বুলি মুঠি হানিলন্ত হিয়ে ॥১২
ক্ৰন্দন কৰয় ৰাজা গম্ভৰী যে নাদে ।
বিলাপ কৰয় ৰাজা মনত বিষাদে ।১৩
হৰি হৰি বাপ সুৰপতিক ভঙ্গাইলে ।
ইন্দ্ৰজিত নাম বৰ কীৰিতি আনাইলে ॥১৪
ত্ৰিভুবনে চমৎকাৰ মুনিষ বলাইলে ।
লক্ষ্মণৰ হাতে কেনে প্ৰাণ হৰুৱাইলে ॥১৫
স্বৰ্গত ইন্দ্ৰক জিনি মনালেক কাপ ।
পৃথিবীৰ ৰাজা তোৰ নসহে প্ৰতাপ ॥১৬
পাতালতে হাৰিলা যতেক সুৰ লাগে ।
মানুষে মাৰিলে তোক মোৰ কৰ্ম্মভাগে ॥১৭
মেৰু পৰ্ব্বতক শৰে পাৰস ফুলিত ।
হেমৱন্ত পৰ্ব্বতক পাৰস তুলিত ॥১৮
প্ৰচণ্ড অগনি বাপ কি মতে জুৰাইলে ।
লক্ষ্মণৰ হাতে পৰি কিমতে বুৰাইলে ॥১৯
হা মেঘনাদ মোক কৈক এৰি যাই ।
তোৰ শোকে প্ৰাণ ফুটে কৈ গৈলে পুতাই ॥২০
ত্ৰিশূন্য দেখোঁ অন্ধকাৰ দশোদিশ ।
শোক সৰ্পে দংশিলে শৰীৰে উধাই বিষ ॥২১
তোৰ মাৱ বাপে এবে কেন মতে জীৱোঁ ।
ৰাজন্ধৰ পুত্ৰ বুলি ফোকাৰ কৰিবো ॥২২
বিধৱা ভাৰক বহিবেক বধুলোকে ।
তোহোৰ নিমিত্তে মৰিবোহোঁ পুত্ৰশোকে ॥২৩
তোৰ যাৰ শঙ্কা আবে সবে ভৈলা দূৰ ।
অচিন্তে কৰিব নিদ্ৰা দেৱতা অসুৰ ॥২৪
মোৰসে বুৰিল জগতৰে ভৈলা ৰঙ্গ ।
এহি বুলি ৰাৱণাৰ উঠি গৈলা খঙ্গ ॥২৫
দশ গোট মাথা কম্পৱয় কুৰি কৰ্ণ ।
ক্ৰোধে কুৰি গোট চক্ষু সিন্দুৰৰ বৰ্ণ ॥২৬
কুৰি পালী দশন চোবাৱে কৰ কৰি ।
দশখান জান্তে যেন তলী তেল পেৰি ॥২৭
হাতে হাতে পিষয় কণ্ডুতি কৰে শিৰ ।
ঘনে ঘন কম্পে তাৰ সকল শৰীৰ ॥২৮
হাতত খৰগ ধৰি ছালিলেক গাৱ ।
সীতাক কাটিতে যাই প্ৰচণ্ড প্ৰভাৱ ॥২৯
আতি বৰ খঙ্গে ৰাজা যেই ভিতি চাই ।
সি ভিতৰ প্ৰজা যত পাছত লুকাই ॥৩০
পুত্ৰৰ মৰণ মোৰ পাপিষ্ঠীৰ কাযে ।
আজি কাটি পেলাওঁ অশোক বনমাজে ॥৩১
মোহৰ লঙ্কাত আসি সোণগুই পশিল ।
অমাত্য সহিতে পুত্ৰ ৰণত নাশিল ॥৩২
মায়াসীতা কাটিলেক পুত্ৰ বীৰবৰে ।
স্বৰূপ সীতাক কাটি পেশোঁ যমঘৰে ॥৩৩
তপস্বীত গহে মোক দিয়া থাকে পিঠি ।
মই যদি ভালে থাকোঁ কন্যাৰ কি লাঠি ॥৩৪
সীতাক কাটিয়া তপস্বীৰ মান সাৰোঁ ।
সমৰ ভূমিত পাছে দুয়ো ভাইক মাৰোঁ ॥৩৫
আলোচি দক্ষিণ হাতে খাণ্ডা তুলি লৈলা ।
অশোক বনক ৰাজা কোপে চলি গৈলা ॥৩৬
দূৰে বসি সীতা দেবী আকলিলা তাক ।
ৰাৱণাৱে আসয় আমাক কাটিবাক ॥৩৭
শুনি আছো লক্ষ্মণে বধিলা ইন্দ্ৰজিত ।
পুত্ৰ শোকে আসে ৰাজা আমাক কাটিক ॥৩৮
বাৱে যেন কদলী কাম্পন্ত দেখি মূৰ্ত্তি ।
ডৰে থৰ পশি ভৈলা হৰিলেক সুৰ্ত্তি ॥৩৯
অন্তকালে মাধৱক সুমৰন্ত মাৱ ।
আন গতি নাহিকে ৰামৰ দুই পাৱ ॥৪০
অৰবিন্দ মন্ত্ৰীয়ে জানন্ত অভিপ্ৰায় ।
ৰাৱণাক মন্ত্ৰী বাধা কৰিলন্ত যাই ॥৪১
আগ বাঢ়ি বোলে শুনা লঙ্কেশ্বৰ নাথ ।
হেন কি ঘাটন বুদ্ধি ফলিল তোমাত ॥৪২
পুলস্তি বংশত তুমি ভৈলা উতপতি ।
তিৰি বধ কৰিতে তোমাৰ অযুগুতি ॥৪৩
সমস্ত বিদ্যাত তুমি শাস্ত্ৰত পণ্ডিত ।
শোকৰ বেগত কেনে কৰাঁ গৰিহিত ॥৪৪
হঠাৎকাৰ কৰ্ম্ম এৰি ত্যজিয়োক ৰোষ ।
মনে গুণি চাৱা জানকীত কিবা দোষ ॥৪৫
তিৰি বধ মহাপাপ ন কৰিয়ো সাৰ ।
যাৱে চন্দ্ৰ দিবাকৰে কুযশ তোমাৰ ॥৪৬
শুকান ঘাৱত ঘষা আকনাৰ আঠা ।
ইন্দ্ৰজিত মৰিল সীতাক কিয় কাটা ॥৪৭
ষাণ্ডে ধান খাইলেক তান্তিৰ কাটে বাটি ।
আনে চুৰি কৰিলেক আনৰ চুলকাটি ॥৪৮
সীতাক কাটিয়া পুত্ৰ জীয়াইবাক পাৰি ।
তেবে কাটিয়োক আৰো এক লক্ষ নাৰী ॥৪৯
হিত বাক্য বোলোঁ ৰাজা ধৰিয়ো মনত ।
এহি কোপ সাফলিয়ো ৰাম লক্ষ্মণত ॥৫০
অৰবিন্দ বোলে ৰাজা কোপ পলটাইল ।
অঙ্কুশৰ ঘাৱে যেন হস্তী বাহুৰাইল ॥৫১
লঙ্কেশ্বৰে পাইলা যায় অন্তেষ যে পুৰ ।
কোলাহল শুনিলেক ক্ৰন্দন তুমুল ॥৫২
ক্ৰন্দন শুনিয়া ৰাজা তেখনে ওলাইল ।
মনত অসুখে গৈয়া মণ্ডপক পাইল ॥৫৩
- ৩৮ অধ্যায় ।
- ৰাৱণৰ যাত্ৰা ।
যত বল আছিল ৰাৱণ অৱশেষ ।
যুজিবাক লাগি ৰাজ্য কৰয় আদেশ ॥১
কৰযোৰ কৰিয়া বোলয় লঙ্কেশ্বৰ ।
বচনক শুন মোৰ যত নিশাচৰ ॥২
ছপকৰে সমদলে ঝাণ্টে যাহাঁ চলি ।
নিৰ্ভয়ে যুজিয়ো গৈয়া সব সৈন্যে মিলি ॥৩
অবহিতে যুজিবাক কৰিয়া যতন ।
আন যত এৰিয়া ৰামক কৰাঁ ৰণ ॥৪
ৰামক জিনিলে জানা জিনিবো সবাকে ।
সবে মিলি বেঢ়ি মাৰাঁ অকলে ৰামকে ॥৫
ৰামক বেঢ়িয়া সবে কৰিবাহা শৰ ।
বাণাঘাতে হৈবন্ত শৰীৰ জৰজৰ ॥৬
আমি পাছে চলিবো আপন ৰথ সাজি ।
ৰাম লক্ষ্মণৰ নাম লুকাই এৰোঁ আজি ॥৭
পুত্ৰ শোকে মোৰ সব গাৱ দহে ।
হাজাৰেক ৰামে আজি লাহাৰি নসহে ॥৮
ৰাৱণ সাগৰ মাজে ৰাঘৱ মজোক ।
নৈৰাশিত হুয়া সীতা আমাক ভজোক ॥৯
হেন শুনি চলি গৈলা ৰাক্ষস সমস্তে ।
অসংখ্যাত হয় হস্তী চতুৰঙ্গ ৰথে ॥১০
সবে ছপকৰে গৈয়া জপাইলেক ৰণ ।
দেখি ৰিঙ্গ দিলা বানৰৰ সেনাগণ ॥১১
বানৰে ৰাক্ষসে যুদ্ধ ভৈলা ভয়ঙ্কৰ ।
মৰণক ভয় এৰি যুজে নিশাচৰ ॥১২
পয়দা পাইকে বস্ত্ৰ ধোৱে যেন ধোবে ।
পিঠিত আসন কোবাৱয় থিউ কোবে ॥১৩
বানৰৰ মুণ্ড গাণ্ডি ফালিয়া পেলাৱে ।
হাত পাৱ চিণ্ডে সবে খৰগৰ ঘাৱে ॥১৪
হস্তী ঘোড়া ছেপি মাৰি ভঙ্গাইল সকলে ।
বানৰেয়ো পাছে খেদি গৈল পৰদলে ॥১৫
কাহাকো মাৰন্ত নিৰ্যাস লাঠি কিলে ।
ঘোৰাকাতি কামোৰে টাকৰে তৰুশিলে ॥১৬
নাক মুখ কান দান্তে কামুৰিয়া ছিণ্ডে ।
ৰাক্ষস বলক মাৰি থৱৈ ভিণ্ডে ভিণ্ডে ॥১৭
হাত পাৱ মছৰিয়া শৰীৰ পচাৱে ।
পাছে তাক বানৰে মাদল কৰি বাৱে ॥১৮
ৰাক্ষসে ভঙ্গাৱে কতো কপি সবে তোলে ।
সম যুদ্ধ কতো বেলি হিন্দলা হিন্দোলে ॥১৯
হেন দেখি সমৰে সম্মুখ ভৈলা ৰাম ।
গন্ধৰ্ব্ব অস্ত্ৰক লৈয়া আতি অনুপাম ॥২০
একে ৰাম যুজন্তে শতেক ৰাম দেখি ।
অস্ত্ৰ সব প্ৰহাৰন্তে কেহোৱে নলক্ষি ॥২১
দশদিশে ধনু খান ফুৰে যেন চাক ।
চতুৰ্দ্দিশে বোম্বালে নিকলে শৰ জাক ॥২২
লৱৰন্তে যোৰন্তে ক্ষেপন্তে শৰ ছয় ।
ৰণে কেহো ৰামক লক্ষিতে নপাৰয় ॥২৩
পূব যে দিশত দেখি পশ্চিমতো দেখি ।
দক্ষিণ দিশত দেখি উত্তৰতো লখি ॥২৪
অগনি নৈঋত কোণ বায়ব্য ঐশাণ ।
অধে উৰ্দ্ধে দশ দিশে কৰিলা সন্ধান ॥২৫
হেন মতে ৰাম দেৱে বাণ বৰিষন্ত ।
শৰ বৰিষন্তে একো বীৰে নলক্ষন্ত ॥২৬
হেন শীঘ্ৰ বেগে যাই শৰ চয় পৰে ।
হস্তী ঘোড়া ৰথিয়ে সাৰথি ৰথ মাৰে ॥২৭
বৃদ্ধ জঙ্কাৰন্তে যেন সবে পকা ফল ।
ৰাক্ষসৰ মুণ্ডে ভূমি যুৰিলা সকল ॥২৮
সহস্ৰেক ৰাম যেন দেখিয়া চৌফালে ।
সকল সেনাক পীড়িলেক ইন্দ্ৰজালে ॥২৯
আৰকায়ে যুজন্ত দেখেন্ত একেশ্বৰে ।
ক্ষয় কাল মিলিলা সকল ৰাক্ষসৰে ॥৩০
নিশাচৰ জাঁজি ভৈলা ৰাঘৱে সমুদ্ৰ ।
প্ৰলয় কালত যেন কাল অগ্নি ৰুদ্ৰ ॥৩১
কেহো বোলে মোৰ হস্তী গৈল যমঘৰ ।
কেহো বোলে আমাৰ মাৰিল হয়বৰ ॥৩২
কেহো বোলে আমাৰ যে মৰিল তনয় ।
কেহো বোলে মোৰ ভাই গৈলা যমালয় ॥৩৩
মৰিল মৰিল শুনি ৰাক্ষসৰ বাণী ।
ৰামদেৱে বধে তাক বধন্তে নজানি ॥৩৪
ৰথ দশ হাজাৰ ছেদিলা তেতিক্ষণে ।
অষ্টাশী হাজাৰ আৰো ছেদিলা ৰাৱণে ॥৩৫
চৌৰাশী সহস্ৰ ঘোড়া ৰাউত সমে মাৰি ।
ত্ৰিশ লক্ষ পদাতিক মাৰিলা মুৰাৰি ॥৩৬
চাৰি দণ্ডে একে যে প্ৰজাক কৰি ক্ষয় ।
মহাবীৰ ৰাম দেৱে লভিলা বিজয় ॥৩৭
সুগ্ৰীৱক চাহি ৰামে বুলিলন্ত বাণী ।
ইটো দিব্য অস্ত্ৰ মিত্ৰ কেহোঁৱে নজানি ॥৩৮
আমি আক জানওঁ আউৰ মহাদেৱ ।
গন্ধৰ্ব্বৰ অস্ত্ৰ আক নজানয় কেৱ ॥৩৯
সুগ্ৰীৱ শুনিয়া বৰ আনন্দক পাইল ।
অতি প্ৰশংসায়ে সবে তেজক বঢ়াইল ॥৪০
ৰামহাতে পৰিলেক সেনাপতি দশ ।
বিমৰ্দ্দন বিদ্যুজিহ্ব চক্ৰাদি ৰাক্ষস ॥৪১
কুম্ভহনু খৰ ৰুদ্ৰ বীৰ সঙ্কুকৰ্ণ ।
বীৰ লক্ষ হয়গ্ৰীৱ আৱৰ তপন ॥৪২
হস্তীকৰ্ণ সমন্নিতে দশ সেনাপতি ।
ৰামৰ হাতত পৰি ভৈলা সদ্গতি ॥৪৩
গন্ধৰ্ব্বৰ অস্ত্ৰত পৰিয়া মোক্ষ ভৈল ।
দেৱ বিমানত চড়ি স্বৰ্গলোকে গৈল ॥৪৪
ৰামদেৱে সমৰত যত সেনা মাৰি ।
মাধৱ কন্দলী কহিলন্ত অল্প কৰি ॥৪৫
ৰামক যুজৰ কথা কি কহিবোঁ আৰ ।
বাহুল্য কহিতে নাহি সংক্ষেপে পয়াৰ ॥৪৬
হত শেষ ৰাক্ষস লঙ্কাক লাগি গৈলা ।
নৰ নাৰী ক্ৰন্দন তুম্বুল ৰোল ভৈলা ॥৪৭
নমোঁ নমোঁ নাৰায়ণ ৰাম ৰঘুপতি ।
তোমাৰ চৰণে মোৰ নছাৰোক মতি ॥৪৮
সদায় নেৰোক মুখে তজু গুণ নাম ।
পাতেক ছাৰোক ডাকি বোলাঁ ৰাম ৰাম ॥৪৯
- ৩৯ অধ্যায় ।
- ছবি ।
এতহন্তে লঙ্কেশ্বৰে, শুনিলন্ত নিৰন্তৰে,
- তিৰী লোক অনেক কান্দয় ।
কতো কতো আজোৰয়, হিয়ামুণ্ড ধাকুৰয়,
- কতো কতো বিধিক নিন্দয় ॥১
কেহো বোলে সখী আই, কি কাৰণে যমৰাই,
- এত দুঃখে নেনিলেক মোক ।
সিহেন সুন্দৰ স্বামী, কোথা গৈলে পাইবো আমি,
- আৱৰ মাণিক মুৱা পোক ॥২
কতোকতো বোলে আই, হা গুণৱন্ত ভাই,
- হা হা বাপ কৈ গৈলে শ্বশুৰ ।
বান্ধৱ মমাই আৱে, কোথা গৈলে লাগ পাওঁ,
- মুঠি হানি হিয়া কৰোঁ চূৰ ॥৩
ৰাৱণ ৰাজাৰ তেবে, হেনমতি কৰিলেক,
- আমাৰ ভৈলেক বধ ভাৰি ।
ত্ৰৈলোক্যৰ কন্যাগণে, ইহাঙ্ক নাটিলে দেখাঁ,
- জানকীক আনিলেক হৰি ॥৪
যিটো বীৰে মাৰিলেক, খৰ আৰ দূষণক,
- মাৰীচ ত্ৰিশিৰা কুম্ভকৰ্ণ ।
সম্মুখেয়ো লঙ্কেশ্বৰে, হাৰিলেক শ্ৰীৰামত,
- মুখ ভৈলা নিশ্ৰীক বিবৰ্ণ ॥৫
দেখ অৰে পুত্ৰ ভাই, সমৰত হত ভৈলা,
- বুৰিল পৰায় দেখোঁ ৰাজ ।
এভো নিয়া জানকীক, ৰাঘৱত নসম্পয়,
- বিৰহত মৰয় নিলাজ ॥৬
সবে গাৱ মৰিলেক, কৰঙ্গনে ৰাতি জ্বলে,
- বিৰহৰ কমন প্ৰস্তাৱ ।
চুলি সমে মুণঅডনাই, দুয়ো হাতে ধৰি যেন,
- তৈল বুলাৱয় সৰ্ব্ব গাৱ ॥৭
গাওঁত বসতি নাই, সীমাক গুণয় যেন,
- নৃপতিক কুলক্ষণে পাইল ।
নিৰ্ব্বাণ কালৰ দীপ, জ্বলিয়া নিমাই যেন,
- দেখ তোৰমানে বুৰি আইল ॥৮
ঘৰেযে বাহিৰ ঘোৰ, ক্ৰন্দনৰ উৰ্ম্মিৰোল,
- কাণ যেন ফুটয় ৰাজাৰ ।
তিৰীৰ বিৰোধ বৰ, বচন শুনিয়া কোপে,
- অগনি উধাই গৈলা তাৰ ॥৯
ওৰ পলাশৰ বৰ্ণ, কুৰি গোটা চক্ষু জ্বলে,
- ফুৰে যেন কুমাৰৰ চাক ।
কহিৰা সাৰথি মোৰ, ৰথ খান সাজ গৈয়া,
- ঝাণ্টে কৰি হোগায়ো আমাক ॥১০
এতেক বুলিয়া সিটো, আদেশ কৰিলা যেবে,
- দুৰজয় ৰাক্ষসৰ ৰাজে ।
সাজি আনি সাৰথিয়ে, ৰথখান যোগাইলেক,
- আথ বেথ কৰি সব সাজে ॥১১
মাণিক ৰতন সূৰ্য্য, সুবৰ্ণ ৰতনে আতি,
- নিৰ্ম্মল পৱাল বন্ধ হীৰে ।
সবে অস্ত্ৰ সুসম্ভৃত, ৰথ খান সাজিলেক,
- চলি ভৈল লঙ্কেশ্বৰ বীৰে ॥১২
মত্ত আৰ উনমত্ত, বিৰূপাক্ষ বীৰক যে,
- আদেশয় নৃপতি ৰাৱণ ।
সকল সেনাক তোৰা, সাজিয়া চলায়ো ঝাণ্টে,
- সমৰক লাগি এতিক্ষণ ॥১৩
- ৪০ অধ্যায় ।
- দুলৰি ।
আজি দেখিবাহা, মোহোৰ শকতি,
- ৰাম লক্ষ্মণক মাৰোঁ ।
পুত্ৰ ভাই যত, ৰণত পৰিলা,
- তাৰ মান সব সাৰোঁ ॥১
বিপক্ষৰ সেনা, অগাধ তৰুত,
- ৰাঘৱ লক্ষণ মূল ।
সুগ্ৰীৱ সহিতে, সব সেনা তাৰ,
- ডাল পাত ফল ফুল ॥২
গুৰি কাটি আজি, পেলাওঁ তাহাৰ,
- মানুষ দুই গোট ঢালি ।
পাছে সবে ডাল, নিদলি পেলাওঁ,
- বানৰ বৰ টঙ্কালি ॥৩
সব ছপকৰে, চলি গৈলা ৰাজা,
- সাৰথি ডাকিলা ৰথ ।
গগণ মণ্ডল, ধূলায়ে ঢাকিল,
- অন্ধকাৰ বায়ুপথ ॥৪
শঙ্খৰ শবদ, ভেৰুৰ নিশান,
- সকল সৈন্যৰ ৰোল ।
দশ দিশ ছানি, ঘোৰ গলাৰাৱ,
- ব্যপিলা স্বৰ্গৰ কোল ॥৫
ৰাৱণ নৃপতি, হাতে ধনু ধৰি,
- আটোপে পূৰি টঙ্কাৰে ।
এক গোটা বাণ, সন্ধানে হানিয়া,
- পঞ্চাশ বানৰ মাৰে ॥৬
বিৰূপাক্ষক যে, আদেশয় ৰাজা,
- মাৰ ঝাণ্টে পৰদল ।
ৰাজাৰ আদেশে, সমৰে ভঙ্গাইলে,
- সকলে বানৰ বল ॥৭
বানৰৰ বল, গিৰিসাই ভাগিল,
- পাইল সুগ্ৰীৱৰ কোল ।
ৰাজাৰ ভাগিয়া, সৈন্যক বোলয়,
- আৰ কিবা চাস তোল ॥৮
ৰাজাৰ আগত, ৰাক্ষস বলৰ,
- তেজ বল আটি মুটি ।
কাণ্ডা খাণ্ডা কোবে, বানৰ সেনাক,
- পিষিয়া লৈযাই কাটি ॥৯
ৰাৱণ নৃপতি, ধনু বাণ ধৰি,
- পাইল ৰাঘৱৰ পাশ ।
সুগ্ৰীৱ বোলন্ত, সুষেণ স্বশুৰ,
- সেনা ৰক্ষা কৰি থাক ॥১০
ৰামৰ বলৰ, বিপোহোঁ বাঢ়িল,
- নিৰ্ভয় বচন শুনি ।
লাঞ্জৰ বাৰিয়ে, কোবাই লৈযান্ত,
- ৰাক্ষস বলক ধুনি ॥১১
আপন বলক, সুষেণ বীৰক,
- সেনা ৰক্ষা কৰি থৈলা ।
ডাঙ্গৰ দীঘল, শাল তৰু লৈয়া,
- ভঙ্গাইল সেনা কোবায়া ॥১২
পৰ্ব্বত শিখৰ, বৃক্ষ বৰিষিয়া,
- ৰুধিৰে নদী বহাইল ।
যতেক এৰাইল, বিৰুপাক্ষৰ যে,
- কোলক লাগি পলাইল ॥১৩
সুগ্ৰীৱ নৃপতি, বিপাক্ষ বীৰে,
- লাগিলা দাৰুণ ৰণ ।
ধনুৰ টঙ্কাৰ, কৰি নিশাচৰে,
- হানিলা নৰাচগণ ॥১৪
খাণ্ডা জাঠি শৰ, একো নমানিয়া,
- সুগ্ৰীৱ বানৰ ৰাজে ।
গাৱৰ সন্ধানে, পৰিলন্ত গৈয়া,
- তাহাৰ ৰথৰ মাজে ॥১৫
ৰথৰ তৰুণ, চাৰি গোট ঘোড়া,
- পৰি হামুগুৰি খাই ।
ঘাৰ মুণ্ড সমে, পৰি চূৰ ভৈলা,
- ৰুধিৰ মুখে বজাই ॥১৬
হিয়া পিঠি পেট, মসিমুৰ ভৈলা,
- চক্ষুৰ নিকলি ঢেল ।
নিৰুৎসাহি হুয়া, শৰীৰ জান্তনে,
- সবে যমঘৰে গৈল ॥১৭
একহি চৱৰে, সাৰথিৰ শিৰ,
- চিণ্ডিয়া বীৰে পেলাইল ।
বৰাহ শকতি, বিৰূপাক্ষ বীৰে,
- প্ৰাণৰ সন্দেহ পাইল ॥১৮
সুগ্ৰীৱ ৰাজাৰ, শৰীৰ শকতি,
- ভাঙ্গিলন্ত ৰথ গোট ।
কৰে ধনু কৰি, ঘোৰ নিশাচৰে,
- কৰয় বৰ আস্ফোট ॥১৯
হস্তী এক গোটা, ৰাৱণে পঠাইল,
- যেন ঐৰাৱত সম ।
তাহাতে চড়িয়া, বিৰূপাক্ষে যুজে,
- সাক্ষাতে যেহেন যম ॥২০
আশেষ ভালুক, বানৰ ভঙ্গাইল,
- ভৈল জৰ্জৰীত শৰে ।
সূৰ্য্যৰ পুত্ৰৰ, শৰীৰ ঢাকিল,
- বাণ ঘাৱে নিৰন্তৰে ॥২১
ক্ৰোধে বাণ ঘাৱে, কপি মহাবীৰে,
- মুঠি এক ধৰি টানি ।
আটোপ কৰিয়া, গাৱৰ সন্ধানে,
- গজ কুম্ভস্থলে হানি ॥২২
কপাল ফুটিয়া, তেজ বহি যাই,
- যেহেন গেৰুৰ ধাৰ ।
কতো দূৰে গৈয়া, হস্তী পৰিলেক,
- পৰ্ব্বত সম আকাৰ ॥২৩
মৃতক হস্তীৰ, ডেৱ দি নামিল,
- খণ্ডা বাৰু লইয়া ধাইল ।
সেহি সময়ত, কপি মহাবীৰ,
- আৰ নখাণ্ডাক পাইল ॥২৪
দুয়ো মহাবীৰ, কৰে বাৰু ধৰি,
- বাৰুৰ দিলেক ছাটি ।
ছাটিৰ শবদে, স্বৰ্গক লঙ্ঘিল,
- দৌলৰ লৰে কপাটি ॥২৫
মহাশ্ৰমে দুয়ো, খৰ্গ চৰ্ম্ম ধৰি,
- ফুৰয় কৰি মণ্ডল ।
আউৰে আউৰক, কোব বৈসাৱন্ত,
- দুয়ো চাহি দুইৰো ছল ॥২৬
দুয়ো দুই হান্তক, কোব বৈসাৱন্ত,
- থাকিলা ভূমিত পৰি ।
কতো বেলি উঠি, খাণ্ডা বাৰু এৰি,
- কোলাহল জৰাজৰি ॥২৭
দান্তে দান্তে ভৈলা, কামোৰা কামোৰি,
- শিৰে হানে ঠাত ঠাত ।
হিয়ায়ে হিয়ায়ে, সন্ধানে হানয়,
- গাৱত চৱৰ ধাত ॥২৮
সুগ্ৰীৱ ৰাজায়ে, ৰাক্ষস বীৰক,
- লাঠিৰ দিলা প্ৰহাৰ ।
শ্ৰম কৰি বীৰ, অন্তৰ ভৈলেক,
- শৰীৰ নপাইলা তাৰ ॥২৯
ৰাক্ষসে খাণ্ডাৰ, কোব বৈসাইলে,
- বানৰ ৰাজাৰ গাৱে ।
বহু দূৰ যুৰি, সুগ্ৰীৱ বীৰৰ,
- ৰুধিৰ ধাৰে বজাৱে ॥৩০
কতো বেলি উঠি, সন্ধি পাইয়া ৰাজা,
- দিলন্ত বৰ লৱৰ ।
শঙ্খত প্ৰদেশত, নিৰ্ঘাত সদৃশ,
- বৈসাইলা টানি চৱৰ ॥৩১
কুম্ভস্থল শিৰ, কপাল ভাঙ্গিয়া,
- বহয় নদী ৰুধিৰ ।
সুগ্ৰীৱ বীৰৰ, হাতত পৰিল,
- বিৰূপাক্ষ মহাবীৰ ॥৩২
- ৪১ অধ্যায় ।
- পদ ।
বিৰূপাক্ষ পৰিলা ৰাৱণে চাহি আছে ।
সকল ৰাক্ষস সেনা পলাই যাই পাছে ॥১
মাৰয় বানৰে খেদি থিৰ লাঞ্জবাৰি ।
নিশাচৰ ভূমিত পৰয় প্ৰাণ ছাৰি ॥২
মত্ত ৰাক্ষসক যে আগত ভেট পাইল ।
সম্বুধি ৰাৱণে তাক আগক মতাইল ॥৩
শুন বাপ মত্ত মোৰ বচন নেহেলা ।
যতেক খাইলাহা সুজিবাক এহি বেলা ॥৪
মত্ত নাম শুনি তোৰ জগততে ত্ৰাস ।
সংশয় কালত মোৰ তোতে বৰ সাস ॥৫
দুস্তৰ কালত বাপ কৰ মোৰ বোল ।
ৰাম সাগৰত মজোঁ ভেল হুয়া তোল ॥৬
ৰাজাত মেলানি পাই মত্ত চলি যাই ।
শৰে হানি বানৰ ভঙ্গাইল সমুদাই ॥৭
সুগ্ৰীৱ ভেণ্টিল আগ থাক থাক বুলি ।
অতি বৰ শিলা গোট হানিলন্ত তুলি ॥৮
বীৰ মত্ত ৰাক্ষসে শিলাক আইসে জানি ।
খণ্ড খণ্ড কৰিলা অনেক শৰ হানি ॥৯
আৰকায়ো হানিলা সুগ্ৰীৱ বৃক্ষ ডালে ।
তাক ছেদিলন্ত মত্তে ঘোৰ কনিয়ালে ॥১০
সূৰ্য্যৰ তনয় তথা পৰিঘেক পাইল ।
বাৰি হানি চাৰি ঘোড়া মাৰিয়া পেলাইল ॥১১
ডেৱ দিয়া মত্ত পাছে ভূমিত পৰিল ।
গদা গোট ধৰি গৈয়া সমৰে পশিল ॥১২
দুয়ো যুদ্ধ কৰে বৰ গহন পয়দা ।
সুগ্ৰীৱ পৰিঘ লৈলা মত্তে লৈলা গদা ॥১৩
দুয়ো বীৰে দুহান্তক হানিলন্ত বাৰি ।
একেবাৰে ভূমিত পৰিলা প্ৰাণ ছাৰি ॥১৪
চেতন লভিয়া দুয়ো উঠিলা লৱৰে ।
ৰাজাক গৈ মত্তে ধৰিলেক কোলাহাৰে ॥১৫
হিয়ে হিয়ে আম্ফাল ৰাজত ধাত ধাত ।
সাগৰ মাজত যেন পৰয় নিৰ্ঘাত ॥১৬
মুষ্টিৰ প্ৰহাৰ যেন বজ্ৰ্ৰ নিপাত ।
লাঠিৰ প্ৰহাৰ দুয়ো মাৰে অসংখ্যাত ॥১৭
চৱৰৰ ছোটে ভিণ্ডাকাৰ ভৈলা গাল ।
বাহু বাহু নিবন্ধিলা বান্ধ যেন মাল ॥১৮
মাল যুদ্ধ এৰি খাণ্ডা ধৰিলেক মত্ত ।
হানিলেক কোব পশিলেক আৰণত ॥১৯
আজোৰ দিলেক খাণ্ডা হসকিয়া আইল ।
সন্ধি পাইয়া কপিৰাজে কোবেক বসাইল ॥২০
মুণ্ড গোট ছিণ্ডি তাৰ পৰিলা ভূমিত ।
খঙ্গিলা ৰাৱণ দেখি উনমত্ত চিত্ত ॥২১
হাতে হাতে পিষয় কণ্ডুতি কৰে শিৰ ।
ঘনে ঘনে কাম্পে তাৰ সকল শৰীৰ ॥২২
ৰাঘৱৰ কৌতূহলে ৰাক্ষসৰ ক্ষয় ।
সুগ্ৰীৱক বেঢ়িয়া দিলেক জয় জয় ॥২৩
মত্ত পৰিবাৰ দেখি উন্মত্তে ধাইল ।
অঙ্গদৰ সেনা শৰ বৰিষিয়া ছাইল ॥২৪
কাণ্ডে খাণ্ডে জাঠী জোঙ্গে অসংখ্যাত মাৰে ।
মৃগ যুথ পলাই যেন কেশৰীক ডৰে ॥২৫
সেনা ভাঙ্গিবাৰ দেখি বৰ খঙ্গ ভৈল ।
বালীসুত অঙ্গদে পৰিঘ তুলি লৈল ॥২৬
মাথাত দিলন্ত তাৰ পৰিঘৰ বাৰি ।
পৰিলেক উনমত্ত চেতনক ছাৰি ॥২৭
উনমত্ত পৰিলেক জাম্বৱৰ ৰঙ্গ ।
শিলা হানি চাৰি ঘোড়া ৰথ কৈলা ভঙ্গ ॥২৮
তকো বেলি চেতন আসিয়া ভৈলা তাৰ ।
অঙ্গদক দিলা প্ৰভু কুঠাৰ প্ৰহাৰ ॥২৯
পৰিঘৰ ছোট পায়া কপালৰ পাশ ।
মূৰ্চ্ছাগত অঙ্গদৰ হৰিল উখাস ॥৩০
ক্ষণেক চেতন ভৈলা অঙ্গদৰ গাৱে ।
পিতৃৰ সমান তেজ উল্লাসি স্বভাৱে ॥৩১
বজ্ৰৰ সমান কৰি হানিলন্ত মুঠি ।
পৰিলা উনমত্ত তাৰ প্ৰাণে গৈলা ফুটি ॥৩২
ৰাক্ষসৰ সেনা দেখি সবে দিলা ভঙ্গ ।
বানৰৰ বলে দেখি সবে দিলা ৰিঙ্গ ॥৩৩
ৰথত চড়িয়া চাহি আছে লঙ্কানাথে ।
পৰিল উন্মত্ত বীৰ অঙ্গদৰ হাতে ॥৩৪
আপন সেনাৰ ৰাজা দেখিলন্ত ক্ষয় ।
মনত বিষাদে অতি পৰামৰিশয় ॥৩৫
প্ৰসিদ্ধ যতেক বীৰ পৰিলে ৰণত ।
কুম্ভকৰ্ণ ভাই পৰিলন্ত সমৰত ॥৩৬
শুন শুন সাৰথি মোহোৰ বোল কৰ ।
সমীপ চপায়ো ৰথ সত্বৰে ৰামৰ ॥৩৭
মোহোৰ লঙ্কাত অসুৰৰ ধসমসি ।
সব মান সাৰোঁ আজি সমৰত পশি ॥৩৮
ৰামক মাৰিয়া আজি সব মান সাৰোঁ ।
বিভীষণ মাৰি পাছে লক্ষ্মণক মাৰোঁ ॥৩৯
সুগ্ৰীৱক মাৰোঁ কপি ভালুকৰ মূল ।
হনুমন্ত প্ৰমুখ্যে সমস্ত কপিকুল ॥৪০
সবাকেো মাৰিয়া যমপুৰে দেওঁ ঠাই ।
এহি বুলি আদেশিলা সাৰথিক চাই ॥৪১
ৰামৰ চৰিত্ৰ শুনিয়োক সৰ্ব্বজন ।
হৰি হৰি বুলি কৰাঁ বৈকুণ্ঠে গমন ॥৪২
- ৪২ অধ্যায় ।
- দুলৰি ।
ৰাৱণ আদেশ, শুনিয়া সাৰথি,
- ঘোড়া ডাকিবাক লৈলা ।
মনে কোপ কৰি, পুলস্তিৰ নাতি,
- যুজিবাক লাগি গৈলা ॥১
ৰাজ ৰাৱণৰ, ৰথৰ শবদ,
- আকাশে ধ্বনি মিলিল ।
বৰ বৰ বীৰ, পীড়িয়া ৰণত,
- বৰহি গৰ্ব্বে বুলিল ॥২
ৰাৱ দিয়া বোলে, শুনৰে বানৰ,
- আমিসি হেৰা ৰাৱণ ।
যাহাৰ শকতি, আছয় আমাক,
- আগবাঢ়ি দিয়া ৰণ ॥৩
কোন বীৰ আছা, আগবাঢ়ি যুজা,
- আপন বল প্ৰকাশি ।
কাহাৰ শকতি, কোনে জন্ম দিল,
- সম্মুখ হুয়োক আসি ॥৪
মোৰ যত বীৰ, মাৰিলে ৰণত,
- যত মোৰ সেনাগণ ।
পুলস্তিৰ নাতি, হওঁ যদি আজি,
- তাহাক কৰিবোঁ ৰণ ॥৫
মূলক ঢালিলে, ডালে কি কৰিব,
- কৰিবওঁ তাৰ কায ।
ৰাম লক্ষ্মণক, ৰণত মাৰিয়া,
- পেশোঁ আজি যমৰাজ ॥৬
এতেক বচন, বুলিয়া ৰাৱণ,
- কৰিলেক সিংহনাদ ।
সমৰক মনে, আটোপে চলয়,
- চৌদিশে গৈলা শবদ ॥৭
যেন নাৰায়ণ, দেৱতাক ভয়,
- পলাই অসুৰৰ দল ।
ৰাৱণ ৰাজাক, দেখিয়া পলাই,
- বানৰ ভালুক বল ॥৮
শ্ৰীৰামে দেখিয়া, আশ্বাস বুলিয়া,
- সমস্তে সেনা ছপাইল ।
মিত্ৰ বিভীষণ, বুলিয়া বচন,
- পাশক লাগি মতাইল ॥৯
ইটো কোন বীৰ, সমৰক মনে,
- আসে চমৎকাৰ কৰি ।
উচ্চ ৰছে চড়ি, মহা কোপ কৰি,
- আসে ধনুৰ্ব্বাণ ধৰি ॥১০
যেন গ্ৰীষ্ম কালে, দুতয় প্ৰহৰে,
- প্ৰচণ্ড ৰবিৰ জ্যোতি ।
চক্ষুক মেলিয়া, নয়ন ভৰিয়া,
- চাহিবাক অশকতি ॥১১
সম্মুখে আমাক, আসে যুজিবাক,
- যেন পৰ্ব্বতৰ থান ।
হেনয় গম্ভীৰ, গহন পুৰুষ,
- নতো দেখোঁ বীৰ আন ॥১২
হেন মত ৰূপ, ধৰিয়া আছয়,
- তিনিয়ো লোকে অজয় ।
মিত্ৰ বিভীষণ, সত্বৰ কৰিয়া,
- কৰায়োক পৰিচয় ॥১৩
বিভীষণে বোলে, শুনা ৰামদেৱ,
- বাৰ্ত্তাক তুমি নপাইল ।
এহিতো ৰাৱণ, দেৱৰ কণ্টক,
- যুজিবাক লাগি আইল ॥১৪
সম্মুখএ তোমাক, আসে যুজিবাক,
- ধৰ মাৰ বোল কৰি ।
সসৈন্য যুজিবা, প্ৰভু ৰামদেৱ,
- অৱহেলা পৰিহৰি ॥১৫
সুৰাসুৰ নৰে, গন্ধৰ্ব্ব কিন্নৰে,
- পাতালৰ যত নাগে ।
nbsp; হাৰিলেক ৰণ,
- যাৰ নাম শুনি ভাগে ॥১৬
আপনি ইহাক, যতন কৰিয়া,
- মাৰিয়ো দেৱ ঈশ্বৰ ।
কীৰ্ত্তি থাকিবেক, ধৰণী মণ্ডলে,
- যাৱে চন্দ্ৰ দিবাকৰ ॥১৭
শ্ৰীৰামে বোলন্ত, মিত্ৰ বিভীষণ,
- যদি এহি লঙ্কেশ্বৰ ।
এবেসে মনৰ, শৈল্য দূৰ ভৈল,
- মোৰ শাল হৃদয়ৰ ॥১৮
শুনা নৰ লোক, মুকুতি মিলোক,
- ৰামত ভকতি কৰাঁ ।
নকৰে ভকতি, যিটো মন্দমতি,
- সিটো জীৱন্ততে মৰাঁ ॥১৯
ইহ পৰলোকে, বান্ধৱ মাধৱ,
- জানিয়ো নিশ্চয় কৰি ।
বোলন্ত কন্দলী, পাপ দূৰ হৌক,
- ডাকি বোলাঁ হৰি হৰি ॥২০