ৰাৱণৰ কক্ষত সীতা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায়
- ৰাৱণৰ কক্ষত সীতা ।
- দুলৰি ।
কতো দূৰ হন্তে, ৰাৱণে মাতই,
- সীতাৰ মুখানি চাই ।
লাজ পৰিহৰি, ত্ৰৈলোক্য সুন্দৰী,
- এথানে পুৰুষ নাই ॥১
তোৰ ৰূপ দেখি, ব্যামোহ ভৈলোহোঁ,
- থিৰ নোহে মোৰ গাৱ ।
এতো কি তোমাৰ, খণ্ডিয়া নগৈল,
- হৰিবাৰ ভঙ্গ ভাৱ ॥২
মুখ তুলি মাত, সৰস বদনী,
- দেখোঁ মই চন্দ্ৰোদয় ।
অন্তৰ্গত মোৰ, ত্বৰিতে খণ্ডোক,
- দাৰুণ এ তমোময় ॥৩
তোমাৰ ৰূপক, কোনে বৰ্ণাইবেক,
- সকল গুণ সম্পন্নী ।
তিনিয়ো ভুবনে, আমি নৈয়ো দেখোঁ,
- তোৰ ঠান বিতোপনী ॥৪
তুমিযে সুন্দৰী, ভূমিত আছাহা,
- মন্দোদৰী ৰত্ন শয্যাত ।
তথাপি তোমাৰ, সদৃশ নোহয়,
- দেৱগৰ্ভে তুমি জাত ॥৫
তোৰ অঙ্গ ভাগে, শোভা কৰৈ আতি,
- বিনা সব অলঙ্কাৰে ।
দেৱ যোগ্য যেবে, মণ্ডিত হোৱয়,
- কেনে সহে কাম ধাৰে ॥৬
বনবাসী জটী, তপসিক এৰি,
- সীতা দেৱী মোক ভজাঁ ।
তোমাৰ বাপযে, জনক পাতিবোঁ,
- পৃথিবী মণ্ডলে ৰাজা ॥৭
তেহোঁ সে আমাৰ, শ্বশুৰ ভৈলন্তে,
- দেখিবা কেন মহত ।
পৃথিবীৰ ৰাজা, সকলে খাটোক,
- জনকৰ চৰণত ॥৮
ৰাৱণক লাজে, ভয়ে পিঠি দিয়া,
- সীতায়ে দিলা উত্তৰ ।
ব্ৰহ্মাৰ নন্দন, পুলস্তিৰ নাতি,
- তুমি ৰাজা লঙ্কেশ্বৰ ॥৯
চৌধয় শাস্ত্ৰত, আপুনি পাৰ্গত,
- বুজিয় ধৰ্ম্ম অধৰ্ম্ম ।
অযোগ্য বচনে, শান্তী যে কন্যাৰ,
- কিসক জনিয় মৰ্ম্ম ॥১০
কুনয় এৰিয়া, ৰাজা লঙ্কেশ্বৰ,
- ধৰ্ম্মক ধৰাঁ মনত ।
মোক নিয়া তুমি, ঝাণ্ট কৰি দিয়া,
- ৰাঘৱৰ চৰনত ॥১১
প্ৰভুত ভকতি, লীলায়ে সাধিয়া,
- নিৰ্ভয় কৰাইবোঁ তোক ।
ৰামৰ প্ৰসাদে, চিৰকাল ভুঞ্জ,
- অকণ্টক তিনি লোক ॥১২
নুহি পৰদাৰা, হৰিবাৰ ফল,
- অবিলম্বে তই পাইবে ।
প্ৰভুৰ সুবৰ্ণ, পুঙ্খীয়া শৰত,
- সবান্ধবে মৰি যাইবে ॥১৩
সপুত্ৰ বান্ধৱে, ছন হৈব তোৰ,
- পিণ্ডকো নথৈব সঞ্চ ।
এভো চক্ষু নখা, পাপিষ্ঠ ৰাৱণা,
- মোহোৰ স্বামী নবঞ্চ ॥১৪
মোক কাম ভাৱে, চাহন্তে ৰাৱণা,
- চক্ষুয়ো বাজ নভৈল ।
ৰামৰ ভাৰ্য্যাক, লাঘৱ বোলন্তে,
- জিহ্বায়ো খসি নগৈল ॥১৫
আমাৰ প্ৰভুকি, ঠাৱত নাহিকা,
- তোহোৰ ভাগ্যক পাই ।
শপি ভগ্ন তোক, আজি নকৰাওঁ,
- ধৰ্ম্মৰ পথক চাই ॥১৬
সীতাক চাহিয়া, ৰাৱণ বোলয়,
- হাওঁৰে দুখুনী ছাৰী ।
নিৰ্ভয় স্বৰূপে, মাতন্তে আছহ,
- জানস স্ত্ৰীক নমাৰি ॥১৭
মোৰ মুখ চাই, উনৰ কৰস,
- হাওঁৰে দুৰ্জ্জনী জনী ।
আগম পুৰাণ, মোক বুজাৱস,
- কোন যে সাধ্বী ৰমণী ॥১৮
স্বৰ্গ মণ্ডলক, পৃথিবী জিনিয়া,
- পাতাল কৰিলো বশ ।
ত্ৰিদশ আসিয়া, মোক সেৱা কৰে,
- তপসিৰ গুণ কস ॥১৯
এতিখনে তোৰ, স্বামী দেৱৰক,
- মাৰি পেশোঁ একেশ্বৰে ।
ৰাজ্য হৰুৱাই, বিপাঙ্গে পৰিয়া,
- জীয়োক বন গোচৰে ॥২০
সীতায়ে বোলন্ত, দুৰ্জ্জন ৰাৱণা,
- নমাত গৰ্ব্ব বিস্তাৰ ।
শান্তী কন্যা হৰি, আনিবাৰ ফলে,
- দুখ পাইবি বহুতৰ ॥২১
প্ৰভুৰ আগত, তই থিৰ হুইবে,
- ভালে জানোঁ তোৰ গহ ।
মোহোৰ আগত, ঢঙ্কুৱা নফাৰ,
- আনত ভাবনা কহ ॥২২
স্বামী দেৱৰক, পৰোক্ষত মূঢ়া,
- মুনিসাই পৰিহৰি ।
লাজ বৈলখক, ধোবাক দিলেহে,
- আনিলেক চুৰি কৰি ॥২৩
ৰাঘৱ স্বামীৰ, আমি ধৰ্ম্মপত্নি,
- জ্বলস মোহোৰ শোক ।
স্বামীৰ ইঙ্গিত, পাইলে এতিখণে,
- শপি ভষ্ম কৰোঁ তোক ॥২৪
নিৰ্ভয় নাৰীৰ, আগত ৰাৱণা,
- মেলস আটাই টাই ।
নিলাজ ভৈলেসে, বৰ সুখে জীৱে,
- কৈতো ভাত কঠা নাই ॥২৫
নাক কাটিবাৰ, গুণেক আছই,
- সুখে বহে খৰবাহা ।
তোহোৰ বীৰত্ব, বাম পাৱে মলছো,
- হাণ্ডি বান্ধি মৰিবে যাহাঁ ॥২৬
জয় জয় ৰঘু- বংশ শিৰোমণি,
- ৰামচন্দ্ৰ কৃপাসিন্ধু ।
তোমাৰ চৰণ, পঙ্কজৰ মাগো,
- কৃপা মকৰন্দ বিন্দু ॥২৭
তযু নাম মোৰ, মুখে নছাৰোক,
- চৰণ নেৰোক মনে ।
তেজি আন কাম, বোলাঁ ৰাম ৰাম,
- যত সামাজিক জনে ॥২৮
- ১৬ অধ্যায়
- পদ ।
সীতাৰ শুনিয়া হেন নৈৰাশ বচন ।
ক্ৰোধে দশগ্ৰীৱ ভৈলা ৰকত নয়ন ॥১
উৰু দুই কম্পাৱয় পিশে হাতে হাত ।
কটাক্ষে ক্ৰোধিয়া আঞ্চোৰয় দশ মাথ ॥২
গঞ্জ কৰি বোলয় ৰাখোক আসি ৰাম ।
আজি খণ্ডাইবোঁ তোৰ সীতা শান্তী নাম ॥৩
বলে ধৰোঁ পাপিষ্ঠীক পৃথ্বী হুইবা সাখি ।
মোক স্বামী নবৰে ফুটিল দুই আসি ॥৪
গৌৰৱ প্ৰাণীসে উচিতত লৱে ঠাৱ ।
হটিলেসে নীচ জন হোৱে শুদ্ধ ভাৱ ॥৫
গঞ্জ কৰি যাইল লঙ্কানাথ নিশাচৰ ।
দেখি ক্ৰোধ জ্বলি গৈল বায়ুৰ পুত্ৰৰ ॥৬
মনে মনে গৰ্জ্জন্ত নসসে তান বুক ।
পাপিষ্ঠ ৰাক্ষসে আজি গোঁসানীক ছোক ॥৭
মনে মনে বোলন্ত থাকিবি লাৰি কৈক ।
হোওঁ বায়ু পুত্ৰ আজি দিবোঁ তোক সেক ॥৮
পাৱত পাৱক দিয়া আজুৰিবোঁ ভিৰি ।
আৰৱ পাৱত ধৰি পেলাইবোহোঁ চিৰি ॥৯
লাঠি মাৰি ভাঙ্গি এৰো দশ মাথা খুলি ।
নুহি আজি মাৰি এৰো পাঞ্জৰক ঘুলি ॥১০
ৰাঘৱৰ বৈৰ আজি নিদলি পেলাওঁ ।
লাঞ্জে বান্ধি সাগৰত ভুবুৰি পকাওঁ ॥১১
গঞ্জ কৰি চলয় লঙ্কাৰ মহাৰাজ ।
মন্দোদৰী বোলয় আসজ ভৈল কায ॥১২
পূৰ্ব্বকালে শপি আছে নল যে কুবেৰে ।
স্ত্ৰীবলে ধৰিলে মোহোৰ স্বামী মৰে ॥১৩
আগ বাঢ়ি মন্দোদৰী কৰিল প্ৰবোধ ।
স্ত্ৰী সকলত প্ৰভু নুযুৱাই ক্ৰোধ ॥১৪
তোমাৰ ক্ৰোধক নসহন্ত দেৱগণে ।
পুৰণি কাহিনী প্ৰভু নপৰয় মনে ॥১৫
আগ বাঢ়ি মন্দোদৰী বুলিলেক বাণী ।
হস্তীক অঙ্কুশে যেন পলটাই টানি ॥১৬
ৰাৱণে বোলয় শুনাঁ ৰাক্ষসিনীলোক ।
যেন তেন মতে সীতা বৰাই দিয়া মোক ॥১৭
মাসা দুইক লাগি দিলোঁ মই দিন ক্ষান্তি ।
ইহাৰ ভিতৰে যেন সীতা বশ্য যান্তি ॥১৮
সেন তল কুপতি বুলিয়ো সমুদায় ।
যেন তেন মতে ভজে চিন্তিয়ো উপায় ॥১৯
এতেক উপায় যেবে বৰাইতে নপাৰি ।
সৱে হন্তে মিলিয়া সীতাক খাহাঁ মাৰি ॥২০
ৰাক্ষসী লোকক ৰাজা কৰিয়া আদেশ ।
কন্যাগণ সমে গৈয়া গৃহত প্ৰবেশ ॥২১
আশা ভঙ্গে লঙ্কেশ্বৰে পৰিৱৰ্ত্তি গৈল ।
সীতাক ৰাক্ষসীলোকে ডৰাইবে লৈল ॥২২
কেহো বোলে ধৰ ধৰ কেহো বোলে মাৰ ।
আলখনী ছাৰীক ৰাখিয় কিক আৰ ॥২৩
ভজিবি বা নভজিবি বোল ঝাণ্ট কৰি ।
চিৰিবোহোঁ নখে তোৰ হৃদয় বিদৰি ॥২৪
মাথাত কামোৰ দিয়া চিন্তি এৰো শিৰ ।
নুহি তেটু চিণ্ডি পিওঁ তপত ৰুধিৰ ॥২৫
এইতো মানুষী নাৰী সবাতো কোমল ।
আশেষ তৃপিতি পাইবো গাৱে হৈব বল ॥২৬
সৰমা ৰাক্ষসী বোলে সীতা দেৱী শুন ।
মই তোৰ জানো যত পতিব্ৰতা গুণ ॥২৭
ৰাঘৱৰ আশাক দূৰতে পৰিহৰ ।
এহি পতিব্ৰতা ধৰ্ম্ম ৰাৱণত কৰ ॥২৮
বিবিধ অঙ্গতে তোৰ লাগা অলঙ্কাৰ ।
ৰূপত আমোদ তিনি ভুবনত সাৰ ॥২৯
ৰাঘৱৰ আশাক দূৰত পৰিহৰি ।
ৰাজাত ভজিলে হুইবে ত্ৰৈলোক্য ঈশ্বৰী ॥৩০
তাই যেবে এতেক বচন বুলি গৈল ।
তাত পাছে বিকটা ৰাক্ষসী আসি ভৈল ॥৩১
লোকৰে খোকৰে জানকীক পাৰে গালি ।
ৰাৱণত ভজ তই মোৰ বোল পালি ॥৩২
পুনৰপি বোলে তই সীতা কি কৰস ।
ৰাম ৰাম বুলি তই মিচাত মৰস ॥৩৩
সিপাৰৰ পৰা হৰি আনিলে ৰাৱণে ।
সাগৰক তৰি তোক নিব কোন জনে ॥৩৪
তোৰ কায কাৰণে মোহোৰ উঠে হাসি ।
ৰাৱণক এৰি তপসিক মন যাসি ॥৩৫
সুৱৰ্ণৰ এৰিয়া পিন্ধস কাচ কাণ্ঠী ।
সোন এৰি সীতা তোৰ সলিয়াত গান্থি ॥৩৬
ত্ৰৈলোক্যৰ নাথ এৰি তপসিক চাস ।
পকা কণ্টকিক এৰি ডহাফল খাস ॥৩৭
তাই যেবে এতেক বচন বুলি গৈল ।
হয়মুখী নামে নিশাচৰী আসি ভৈল ॥৩৮
চিউৰ তলক লাগি ওলমিল ওঠ ।
মৌবাস যেন ওলমিল পেট গোট ॥৩৯
শুনিবি জানকী সীতা বোলোঁ হয়মুখী ।
তুমি আমি এতকাল হুয়া আছোঁ দুখী ॥৪০
আমাৰ দুৰ্গতি খণ্ড পুণ্যক সঞ্চস ।
মন্যু পৰিহৰি মাৱ লোতক মলছ ॥৪১
হিত বোল বোলোঁ মই সীতা তই শুন ।
ৰাৱণত ভজিলে অনেক হৈব গুণ ॥৪২
শত সহস্ৰ কন্যা পাইবে অধিকাৰ ।
ৰাৱণা অধীন হৈব নিচয়ে তোমাৰ ॥৪৩
হিত বোল নুশুনস ক্ৰোধ বৰ পাইবো ।
হৃদয় বিদাৰি তোৰ অগ্ৰমাংস খাইবো ॥৪৪
মাথাত কামুৰি মৰমৰিয়া চোবাইবো ।
হেন মতে সীতা তোক বিগুতিয়া খাইবো ॥৪৫
তাই যেবে এতেক বচন বুলি গৈল ।
বক্ৰমুখী নামে নিশাচৰী আসি ভৈল ॥৪৬
হাতে শূল ধৰি আসি বোলে ক্ৰোধকৰি ।
বিভঞ্জিয়া খাওঁ আসা খণ্ড খণ্ড কৰি ॥৪৭
প্ৰঘষা বোলয় মাৰোঁ কণ্ঠক মুচৰি ।
ৰাজাত জানাইবো গৈল আপুনিয়ে মাৰি ॥৪৮
মৰিবাৰ নাও শুনি নৃপতি ৰাৱণে ।
বুলিলন্ত ভুঞ্জা গৈয়া ৰাক্ষসিনীগণে ॥৪৯
এহি বুলি জানকীৰ ক্ৰোধে চায়া মুখ ।
তেবেসে গুচয় মোৰ ৰাখিবাৰ দুখ ॥৫০
অজমুখী বোলে এইক বিভঞ্জিয়া খাওঁ ।
অমদ্যত সানিয়া তৃপিতি বৰ পাওঁ ॥৫১
শূৰ্পনাসা বোলৈ মোৰ হেনয় সমত ।
অজমুখী যি বুলিলে লাগিল মনত ॥৫২
উচিত কাৰ্য্যকসে বিশিষ্ট বুলি মানি ।
সীতাৰ মাংসক নিয়া অমদ্যত সানি ॥৫৩
নিকুম্ভিলা বোলে সখী এই কাৰ্য্য কৰ ।
সীতা যেবে পটেশ্বৰী নুহি ৰাৱণৰ ॥৫৪
ৰাক্ষসী লোকৰ শুনি বচন প্ৰহাৰ ।
ভয়ে তৰসিয়া গাৱ কম্পয় সীতাৰ ॥৫৫
শিংশপা বৃক্ষৰ তলে জানকী গোসাঁনী ।
তাসম্বাক সম্বুধিয়া বুলিলন্ত বাণী ॥৫৬
হাওঁৰে লাৰিকি জীয়া অধম বৰ্ব্বৰ ।
সুখ দুখ নজানস তিনিয়ো লোকৰ ॥৫৭
প্ৰাণীৰ বধত খানিতেকো নাহি মৰ্ম্ম ।
তুমি কেনে জানিবাহা পতিব্ৰতা ধৰ্ম্ম ॥৫৮
কিনো মই পাপী মন্দ কোন কৰ্ম্ম কৰোঁ ।
বিনে ৰাম এতকাল কেনে প্ৰাণ ধৰোঁ ॥৫৯
প্ৰভু নজানন্ত মোক আনিলেক হৰি ।
সিকাৰণে ৰাৱণে আছয় প্ৰাণ ধৰি ॥৬০
মোহোক যৈসানি হৰি আনিল ৰাৱণে ।
ইটো কথা নজানন্ত শ্ৰীৰাম লক্ষ্মণে ॥৬১
সিকাৰণে জীৱন্তে আছয় লঙ্কেশ্বৰ ।
তিৰি চোৰা পাপিষ্ঠ অধম বৰবৰ ॥৬২
তাপসৰ বেশ প্ৰভু হোন্ত জটাধাৰী ।
বনবাসী দুখী প্ৰভু হোৱন্ত নিকাৰী ॥৬৩
তথাপিতো প্ৰভু মোৰ পৰম দেৱতা ।
মই শান্তী পতিব্ৰতা নাৰী বিবাহিতা ॥৬৪
কৈসানি দেখিবো লঙ্কাখানি পুৰি যাইব ।
ৰাক্ষসিনীগণকে শৃগালে বেঢ়ি খাইব ॥৬৫
চক্ষু পূৰি কৈসানি দেখিবো আনন্দক ।
ৰাক্ষসিনী লোকে স্বামী বুলি কান্দিবেক ॥৬৬
ত্ৰৈলোক্যৰ ৰাজা হোৱে যদ্যপি ৰাৱণ ।
তথাপি ছায়াত তাৰ নেদিবো চৰণ ॥৬৭
সবে হন্তে মিলি মোক মাৰিয়া খাইবাহাঁ ।
ইহাত অধিক আৰ কিনো কৰিবাহাঁ ॥৬৮
ত্ৰিজটা জাগিয়া বোলে বৃদ্ধাযে ৰাক্ষসী ।
কুপিত নয়নে মাতৈ শয্যা মাজে বসি ॥৬৯
হাওঁৰে লাৰিকি জীয়া কিবা দেখিলাহাঁ ।
সীতাক নখাহাঁ তুমি আপনাক খাহাঁ ॥৭০
হা হা আই সীতা তই সুকোমলী নাৰী ।
তোহোক নিষ্ঠুৰ হেন বুলিতে নোৱাৰি ॥৭১
ৰখিলোঁ ৰখিলোঁ আই ভয় পৰিহৰ ।
তোহোৰ দুৰ্গতি গৈল প্ৰায় দুৰন্তৰ ॥৭২
লঙ্কাৰ আপদ ভৈল ৰাক্ষসৰ ক্ষয় ।
ৰাৱণ বিনাশ দেখো ৰাঘৱৰ জয় ॥৭৩
গোসাঁইক দেখিলোঁ মই স্বপনৰ হন্তে ।
সসাগৰা পৃথিবীক আসয় গিলন্তে ॥৭৪
আৰু হেন দেখিলোঁ ৰাঘৱ মহাবীৰ ।
মহা কৌতূহলে তেন্ত পিয়ন্ত ৰুধিৰ ॥৭৫
ৰথখান দেখিলোহোঁ গজদন্তময় ।
সহস্ৰেক দন্তালে একত্ৰ হুয়া বয় ॥৭৬
তাতে চড়ি ৰামদেৱ অন্তৰীক্ষে যান্ত ।
দিব্য অলঙ্কাৰে শৰীৰক মণ্ডিলন্ত ॥৭৭
সমুদ্ৰে যোগাইল নিয়া শুকুল পৰ্ব্বত ।
শ্ৰীৰাম লক্ষ্মণ সীতা আৰ ওপৰত ॥৭৮
ৰাজ চিহ্ন ধৰিলেক ছত্ৰেক ধৱল ।
মেৰুৰ উপৰে যেন চন্দ্ৰৰ মণ্ডল ॥৭৯
পুষ্পক যানত মই দেখিলো ৰামক ।
ৰামে সীতা দেবী ডাহিনত লক্ষ্মণক ॥৮০
তাতে চড়ি পাম দেৱে লঙ্কাক আসিলা ।
তুমি সমে দেখিলোহোঁ একস্থান ভৈলা ॥৮১
ৰাৱণক দেখিলো নিশূন্য মুণ্ড লণ্ডা ।
গলত দাদৰি দিয়া আজোৰে চামুণ্ডা ॥৮২
পুষ্পক যানৰ পৰা পেলাইলা খসাই ।
দক্ষিণ দিশক লাগি লৈযাই খসাই ॥৮৩
কতোহো দূৰৰ পথ যমপুৰ গৈয়া ।
তহিতে পৰিল গৈয়া আউঠানি খায়া ॥৮৪
কাউ বাউ কৰে বীৰে দোঙ্গাদুঙ্গি পাৰে ।
হাত ভৰি খোৰা যেন উঠিতে নোৱাৰে ॥৮৫
দেখিলোহো কুম্ভকৰ্ণ গৰ্দভত চড়ি ।
দক্ষিণ দিশক লাগি যাই দৰদৰি ॥৮৬
অসংখ্যাত নৃত্য গীত কৰয় যোগিনী ।
ৰাক্ষসৰ তেজ খায়া কিল কিল ধ্বনি ॥৮৭
ইসব লক্ষ্মণে তোৰ দুৰ্গতি খন্দয় ।
তোহোৰ বৈৰক মাৱ দৈবেসে দণ্ডয় ॥৮৮
বাম নয়ন ঊৰু বাম কলেৱৰ ।
প্ৰত্যক্ষ দেখয় সীতা কাম্পৈ বামকৰ ॥৮৯
ইসব মঙ্গলে তোৰ স্বপনৰ ফলে ।
অবিলম্বে স্বামীকোল পাইবে অবিকলে ॥৯০
ডালত বসিয়া মুখ চায়া ৰড়ৈ কাক ।
স্বামীৰ বাৰ্ত্তাক তোৰ আইল জনাইবাক ॥৯১
ত্ৰিজটাৰ স্বপ্নক কৰিয়া বিমৰিশ ।
দুখতে খানিক দেবী ভৈলন্ত হৰিষ ॥৯২
ত্ৰিজটাৰ বচনে নিচেষ্ট সবে ভৈল ।
ৰাক্ষসিনী লোক যত পৰি নিদ্ৰা গৈল ॥৯৩
বেঢ়িয়া শুইলেক আউৰক আউৰে জৰি ।
কতোজনী অচেতন পাৰয় ঘোঙ্ঘৰি ॥৯৪
আদি অন্তে কথা যত সমস্তে আকল ।
শুনিতে লাগিল হনুমন্ত মহাবলী ॥৯৫
সাৰ্খক যে মই পৃথিবীত উপজিলোঁ ।
শান্তী সীতা গোসাঁনীক প্ৰত্যক্ষ দেখিলোঁ ॥৯৬
ৰামৰ বিপতি নিতে ইহাঙ্ক সুমৰি ।
মই দেখিলোহো সীতা পৰম ঈশ্বৰী ॥৯৭
সহস্ৰ সংখ্যাত কোটি ভালুক বানৰে ।
পৃথিবীৰ অন্ত সবে খোজে নিৰন্তৰে ॥৯৮
মোহোৰ কাৰ্য্যৰ সমাপতি হৌক কেনে ।
ৰাক্ষসিনীলোকে মোক নাজানয় যেনে ॥৯৯
ইসবে জানিলে বৰ হুইবেক আনুলি ।
মোক বন্দি কৰাইবেক ৰাৱণত বুলি ॥১০০
সীতাক নমাতি মোৰ যাইবে নুযুৱাই ।
কোন মতে মাতো মই নজানো উপাই ॥১০১
আগত পৰিয়া যেবে মাতো এতিক্ষণে ।
বুলিব ছলিতে আইলা আৰকা ৰাৱণে ॥১০২
সীতাক নমাতি যেবে এহিমতে যাওঁ ।
ৰাঘৱৰ চিত্ত কেনমতে পতিয়াওঁ ॥১০৩
বুলিবন্দ বানৰায়ে আমাক ভাণ্ডায় ।
সীতাক নেদেখি আসি দেখিলো বোলয় ॥১০৪
মোৰ মনে যেন যুৱাই কৰিবোহো গহা ।
ৰামকাৰ্য্য সাধন্তে ত্ৰিদশে হুইবা সহা ॥১০৫
ধীৰে ধীৰে পঢ়িবোহো সঙ্গীত যে বাণী ।
যেন মতে পতিয়ান্ত জানকী গোসাঁনী ॥১০৬
নুহি তেবে আন উপায়ক কৰোঁ পাছে ।
হেন শুনি অল্পকায় কৰিলন্ত গাছে ॥১০৭
হাত যোৰ কৰিয়া সীতাক নমিলন্ত ।
আতি অল্প কৰিয়া বচন বুলিলন্ত ॥১০৮