ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪০ অধ্যায়
ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন
সবাকো বোলন্ত ৰামে কৰি দৃঢ় মন ।
সবে লোকে মোক গ্ৰহকৰা কি কাৰণ ॥১
জলৰ বদ্বুদ যেন অথিৰ জীৱন ।
আমি কেনে এৰিবোহোঁ বাপৰ বচন ॥২
নৃপতি তিলক যত জগতে বখানি ।
মৰি মৰি গৈল যেন জোৱাৰৰ পানী ॥৩
চক্ষু নেদেখিলোঁ তাক শুনিলো শ্ৰবণে ।
আছিল নাছিল হেন পতিয়াইব কোনে ॥৪
পুৰুকুচ্ছ ধুন্দুসাৰ নৃপতি দিলীপ ।
চক্ৰৱৰ্ত্তী ভৰত সগৰ ৰঘু নৃপ ॥৫
ভগীৰথ যযাতি মান্ধাতা হেন বীৰে ।
সবে মৰি মৰি গৈলা যমৰ মন্দিলে ॥৬
বলি ৰাইৰ পয়ানত ভুবন টলিল ।
বামন স্বৰূপে তাকো বিষ্ণুৱে ছলিল ॥৭
বৰিষণ জল যেন শোষে ৰবিজালে ।
সংহৰয় সবাকো দুৰ্ব্বাৰ যমকালে ॥৮
পূৰ্ণচন্দ্ৰমাৰ কান্তি হৰয় সকল ।
যেৱা শুকাই পৰে সাত সাগৰৰ জল ॥৯
পাতাল পৰ্য্যন্তে সাতো পৃথিবী নশয় ।
মেৰু মন্দৰক আদি পৰ্ব্বত খসয় ॥১০
সূৰ্য্য আদি গ্ৰহ খসি ভূমিত পৰিব ।
তথাপিতো আমি পিতৃবাক্যক নেৰিব ॥১১
প্ৰাণৰ সংশয় যেবে মিলয় আমাৰ ।
তথাপিতো নজাইবে মোহোৰ অঙ্গীকাৰ ॥১২
মোহোৰ বচন নিষ্ঠ জানিয়া মনত ।
অযোধ্যাক লাগি চলা উলটি ভৰত ॥১৩
যাৱে ছন্ন নতো হোৱে মোৰ পিতৃৰাজ ।
তাৱত ভৰত গৈয়া চাৱা ৰাজ কায ॥১৪
কৌশল্যা সুমিত্ৰা মাৱ মৰিবন্ত শোকে ।
দুইকো পালিবি জুৰাইব দেখি তোকে ॥১৫
কৈকেয়ী মাৱে মন্দ চিন্তিলা আমাক ।
মোৰ দৈব আছে কোনে বাধিবেক তাক ॥১৬
তাঙ্ক কোপ নকৰিবি দেখোহোঁ সঞ্জাত ।
এতিক্ষণে মোহোৰ মাথাত দেস হাত ॥১৭
মোৰ বাক্য বাধিয়া নলস ৰাজ্য ভাৰ ।
জীৱ মানে তেবে তোক নমাতিবোঁ আৰ ॥১৮
জানিয়া কমন জনে ব্ৰাহ্মণ বধিব ।
কমন অধমে সুৰা পানক কৰিব ॥১৯
কোন জনে ব্ৰাহ্মণপ সুৱৰ্ণ হৰিব ।
অগম্যাগমন পাপ কমনে কৰিব ॥২০
ভৃত্য হুয়া ঈশ্বৰৰ বোল নকৰিব ।
কমন মুগুধে গুৰুবচন বাধিব ॥২১
ইসব পাতেক কৰিবোহোঁ কেনে জানি ।
নজাইবোঁ দেশক বুলিলোহোঁ সত্যবাণী ॥২২
আসিলি ভৰত তই মোক পৰীক্ষিত ।
যেন শিশুমতি মোৰ নজান চৰিত ॥২৩
ৰামৰ নিষ্ঠুৰ বাণী শুনিয়া ভৰত ।
যেন বজ্ৰপাতে দুঃখ মিলিলা মনত ॥২৪
বুলিলন্ত ৰাঘৱৰ চৰণত ধৰি ।
তোমাক এৰিয়া মই যাওঁ কেনে কৰি ॥২৫
চৌধয় বৰিষ খাটিবাহাঁ বনবাস ।
তযু দুখে আমাৰ জীৱন নাহি আশ ॥২৬
পৰম দাৰুণ বোল আমাক বুলিলা ।
হানিলাহাঁ আমাৰ হিয়াত বজ্ৰশিলা ॥২৭
তযু আজ্ঞাপালি দেশ চলিবোঁ নিশ্চয় ।
পাৰন্তে কি জীয়ন্তা পৰাণী কি নসয় ॥২৮
তোমাৰ দুখানি পানৈ প্ৰভু দিয়া মোক ।
মাথাত ধৰিয়া তাক পাশৰিবোঁ শোক ॥২৯
সেহি পানৈ জুৰি সিংহাসনত থাপিবোঁ ।
তাকে ৰাজা পাতি সবে ৰাজ্যভাৰ দিবোঁ ॥৩০
তোমাৰ চৰণ সেৱা তাহাত কৰিবোঁ ।
বনবাস ব্ৰত যত গৃহতে ধৰিবোঁ ॥৩১
ভৰতৰ ভকতিতে ৰাঘৱে দেখিল ।
কুশৰ খৰম জুৰি পাছে তাঙ্ক দিল ॥৩২
এক ঋষি থানত পাইলন্ত ৰঘুনাথে ।
সাদৰে ভৰতে তাক চৰাইলন্ত মাথে ॥৩৩
ফুৰি ফুৰি প্ৰদক্ষিণ কৰিয়া ভৰত ।
প্ৰণামিলা ৰামক ধৰিয়া চৰণত ॥৩৪
শিৰত ধৰিয়া আছিলন্ত কতোক্ষণ ।
সলোতক মনে পাচে বুলিলা বচন ॥৩৫
তোমাৰ চৰণ মই তেজিয়া অভাগী ।
তযু আজ্ঞা পালি যাওঁ অযোধ্যাক লাগি ॥৩৬
আসিলোহোঁ বুলি পুনু কৰিয়া প্ৰণাম ।
কান্দন্তে চলিলা মুখে বুলি ৰাম ৰাম ॥৩৭
ৰাম দেশ যাইব হেন আশা গৈল টুটি ।
নিৰন্তৰ লোকে কান্দে পৃথিবীত লুটি ॥৩৮
ঋষিবৰ্গে কান্দন্ত নুহিকে চিত ডাট ।
পৰম আকুলে কান্দে যত নট ভাট ॥৩৯
সীতায়ে ৰাঘৱে কান্দে আশ্ৰমত পশি ।
সকলে বৃক্ষৰ ফল ফুল গৈল খসি ॥৪০
আনো ঋষি কান্দে কুশাসনত বসিয়া ।
বন জন্তু কান্দিলেক আহাৰ তেজিয়া ॥৪১
ভৰতৰ কান্দন্তে শৰীৰ ভৈল জীণ ।
চিত্ৰকূট পৰ্ব্বতকো কৰি প্ৰদক্ষিণ ॥৪২
পৰিবৰ্ত্তি পাইলা পাচে ভৰদ্বাজ ঠাৱ ।
নমিলন্ত ভৰতে ঋষিৰ দুই পাৱ ॥৪৩
পুছিলন্ত বাৰ্ত্তা পাচে ঋষি ভৰদ্বাজে ।
কহিলা ভৰতে বসি ঋষিৰ সমাজে ॥৪৪
মনে বিমৰিষি ঋষি ৰাৱন বিনাশ ।
ভৰতৰ বোলে কিছু কৰিলন্ত হাঁস ॥৪৫
গুহ ৰাজা গৈলা পাচে শৃঙ্গবেৰ পুৰে ।
অযোধ্যাক ভৰতে দেখিলা কতো দূৰে ॥৪৬
নোশোভে নগৰি যেন প্ৰজা ভৈলে হীন ।
চন্দ্ৰ সূৰ্য্য বিনে নোশোভয় ৰাতি দিন ॥৪৭
ভৰতে বুলিলা পাচে সুমন্ত্ৰক বাণী ।
অযোধ্যা নগৰ দেখিয়োক মহামানি ॥৪৮
স্বৰ্গতো অধিক কৰি যাৰ কীৰ্ত্তি গৈল ।
হেনপুৰী যেহেন শ্মশান শাল ভৈল ॥৪৯
ৰাম দশৰথে ছিৰি গৈলন্ত সঙ্কলি ।
হাটখান মলিন যেহেন শূন্য স্থলি ॥৫০
কৈকেয়ী মাৱে ভৈলা প্ৰচণ্ড অগনি ।
শুকান অৰণ্য প্ৰজা লাগি গৈল ছন্নি ॥৫১
জাজ্জ্বল্য সমান ভৈল ৰামহিংসাবাৱে ।
প্ৰজা অৰণ্যক দহি অগণি উধাৱে ॥৫২
সবৰাজ পুৰি দশৰথ গৈলা চলি ।
অযোধ্যানগৰী ভৈল যেন পোপা থলি ॥৫৩
অযোধ্যা নদীত ভৈলা দশৰথ জল ।
কৈকেয়ী ৰবিজালে শুষিল সকল ॥৫৪
প্ৰজামত্স্য কচ্ছপ তৰত পৰি মৰে ।
ৰাম শোক মত্স ৰঙ্গে খেদি খেদি ধৰে ॥৫৫
শোকানলে ভৈল যেন জল সাগৰৰ ।
তাতে খেদিলেক যেন কুঞ্জৰ কন্দৰ ॥৫৬
বন্ধুজন সমে থাকিলন্ত বিমৰিষি ।
সব জন আপুনি গৈলন্ত দিশাদিশি ॥৫৭
শুনা সভাসদ ৰাম চৰিত্ৰ সকল ।
বোলা ৰাম ৰাম ইসি পৰম মঙ্গল ॥৫৮