ভৰতৰ পুত্ৰক ৰাজ্য দান
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৫ অধ্যায়
ভৰতৰ পুত্ৰক ৰাজ্যদান ।
- ছবি ।
পাতাল খণ্ডৰ কথা, এহিমানে গৈল তথা,
- শুনিলাহা সামাজিক বৰ্গ ।
শুনা স্বৰ্গখণ্ড আবে, যেমমতে সামৰাজে,
- শ্ৰীৰামচন্দ্ৰ গৈলা স্বৰ্গ ॥১
সীতা পাতালক গৈলা, ৰাঘৱ আকুল ভৈলা,
- একো মতে চিত্ত নুহি শান্ত ।
নেত্ৰৰ নুগুচে জল, নুনুমাই শোকানল,
- গুণি একো উপায় নপান্ত ॥২
যজ্ঞ সাঙ্গ কৰি দেৱ, দিলন্ত দক্ষিণা দান,
- হীড়া মৰকত ৰত্ন ৰামে ।
দুখী ভিক্ষী দেশান্তৰী, দিলা অদৰিদ্ৰ কৰি,
- সুবৰ্ণ ৰজত দামে দামে ॥৩
ৰাজা প্ৰজা দ্বিজগণ, সবাৰো তুষিলা মন,
- দিয়া বস্ত্ৰ ভূষণ অশেষ ।
পাছে সমদলে গৈয়া, দুগুটি পুত্ৰক লৈয়া,
- অযোধ্যাত ভৈলন্ত প্ৰবেশ ॥৪
ওৱাৰিৰ নোন্ত বাজ, এৰিলন্ত ৰাজকায,
- ভৈল যেন গৃহে বনবাস ।
নাই আন একো চিন্তা, হা সীতা হা সীতা,
- বুলি মাত্ৰ তেজন্ত নিশ্বাস ॥৫
নাই একো কথা মাত, গালৰ নুগুচে হাত,
- দুই গুটি পুত্ৰক চাই ।
সদাই লম্বিত মুখ, শয়নতো নাহি সুখ,
- লোতকে পাঞ্জৰি ভিজি যাই ॥৬
পাৰ নাই সন্তাপৰ, দণ্ডে যুগ সমসৰ,
- কৈবোঁ কত ৰাঘৱৰ শোক ।
কৌশল্যা প্ৰমুখ্য কৰি, তিনি ৰাজমাৱ মৰি,
- কালে সবে গৈলা স্বৰ্গলোক ॥৭
তাসম্বাৰ প্ৰেতকাৰ্য্য, সকলে সঙ্কলি দিলা,
- পিণ্ড জলাঞ্জলি ৰাম নৃপ ।
ভৈল মহা সদ্গতি, পৰম আনন্দ মতি,
- পাইল সবে স্বামীৰ সমীপ ॥৮
ৰামৰ প্ৰসাদে সবে, পাইলন্ত অক্ষয় স্বৰ্গ,
- মিলৈ বস্তু দেৱ উপযোগ ।
ভাৰ্য্যাসমে দশৰথ, পূৰিলন্ত মনোৰথ,
- ব্ৰহ্মা ভুবনত ভুঞ্জি ভোগ ॥৯
আত অনন্তৰে কথা, শুনা যেন ভৈল তথা,
- ভৰতৰ মমাই যুদ্ধাজিত ।
ৰামক পাশক লাগি, অনেক সম্ভাৰ দিয়া,
- পঠাইলন্ত গৰ্গ পুৰোহিত ॥১০
ৰাম পাছে বাৰ্ত্তা পাই, ঋষিক গৌৰবে গৈয়া,
- আগ বাঢ়ি দণ্ড দুইৰ পথ ।
অঙ্গিৰা পুত্ৰক পাছে, বিদূৰতে ভেণ্ট পাই,
- ভৈল ভূমি পাৱ এৰি ৰথ ॥১১
গৰ্গক প্ৰণামি ৰামে, আযোধ্যাক আসিলন্ত,
- পাইলা ৰামে হৰিষ আশেষ ।
আতি আনন্দিত মতি, যেন গুৰু বৃহস্পতি,
- ভৈল ইন্দ্ৰপুৰত প্ৰবেশ ॥১২
যোগাইল ৰামত যত, কম্বল চামৰ ৰত্ন,
- আৰ দশ হাজাৰ ঘোটক ।
সুবৰ্ণ পাখৰি ছয়, চিকি মিকি কৰে তয়,
- বেগে যেন বিজুলী চটক ॥১৩
ৰামে পুছিলন্ত গুৰু, মাতুলৰ বাৰ্ত্তা ভাল,
- তোমাক পঠাইলে কিবা কাযে ।
গৰ্গে বোলন্ত প্ৰভু, হেন কাৰ্য্যে পঠাইলন্ত,
- যিটো যুদ্ধাজিত মহাৰাজে ॥১৪
সিন্ধু নদী তীৰ জুৰি, সৈন্ধ্যৱ গন্ধৰ্ব্ব ৰাজ,
- ৰহি আছে কৰি মহা গৰ্ব্ব ।
ৰাজ্য মাৰি পীড়ে প্ৰজা, পাপী আৰো লগে লৈয়া,
- তিনি কৌটি কটক গন্ধৰ্ব্ব ॥১৫
তাক মাৰি দুয়োতীৰে, ৰাজ্য পাতিয়োক প্ৰভু,
- মই হইবো সহায় লগত ।
শুনি গুণি ৰাম ৰাই, বোলন্ত পাছক চাই,
- শুনা প্ৰাণ ভৈয়াই ভৰত ॥১৬
চলিয়োক সাজ হুই, তক্ষক পুষ্কৰ দুই,
- পুত্ৰক দিয়োক ৰাজ্য বাণ্টি ।
গন্ধৰ্ব্বক বধি গৈয়া, ৰাজ্য কৰি বিভঞ্জিয়া,
- আনিবাহা কৰিয়া নিখাণ্টি ॥১৭
ৰামৰ আদেশ পায়া, পুত্ৰ দুইক লগে লৈয়া,
- লৰিলা ভৰত সমদলে ।
ৰাম লক্ষ্মণে গৈয়া, আগ বঢ়াই ভৰতক,
- পঠাইলন্ত আনেক মঙ্গলে ॥১৮
জ্যেষ্ঠৰ চৰণ ধূলি, শিৰত লৈলন্ত তুলি,
- কৰিলন্ত আটোপে পয়াণ ।
কটকৰ গিৰে আতি, দলদপ বসুমতী,
- দেবাসুৰ তৰতৰিমান ॥১৯
কতোদিনে পাইলা পাছে, মাতুলৰ ৰাজ গৈয়া,
- শুনি যুদ্ধাজিত মহাৰাজা ।
পৰম কৌতুক ভৈলা, ভাগিনৰ লাগ লৈলা,
- ৰঙ্গে সাজি গজ বাজী প্ৰজা ॥২০
শুনিয়োক সৰ্ব্বজন, পুণ্য কথা ৰামায়ণ,
- জানা নাম ধৰ্ম্ম বিপৰীত ।
ৰাম নাম মত্তসিংহ, শুনিয়া তাহাৰ ৰিঙ্গ,
- পলাই পাপ হস্তী ভয়ভীত ॥২১
কৌটি শত তীৰ্থ স্নান, তপ জপ যজ্ঞ দান,
- কৌটি ভাগ তাক সম নুই ।
ৰামবোলে একজনে, তাৰ ধ্বনি শুনে মানে,
- সবাৰো পাপত লাগে জুই ॥২২
ৰাম সুমৰণে মাত্ৰ, চণ্ডালো যজ্ঞৰ পাত্ৰ,
- হুইবেক উচিত কিনো দেখা ।
চাৰিয়ো বেদৰ সাৰ, নামৰ আগত আৰ,
- আন পাতকৰ কোন লেখা ॥২৩
শুনিয়োক শাস্ত্ৰ মৰ্ম্ম, কিঙ্কৰ সকলে ধৰ্ম্ম,
- সবাৰে উপৰি ৰাজা নাম ।
হেন তত্ব কথা জানি, সমজ্যাৰ যত প্ৰাণী,
- নিৰন্তৰে বোলাঁ ৰাম ৰাম ॥২৪
- ২৬ অধ্যায়
- পদ ।
অতি অনন্তৰে শুনা যেন কথা ভৈলা ।
সাজি যুদ্ধাজিতে ভৰতৰ লাগ গৈলা ॥১
তৰল মাৰ্দ্দল ঢোল শবদ তুম্বুলে ।
সাজি একস্থান ভৈলা ভাগিনে মাতুলে ॥২
আলোচিয়া দুয়ো দুশ্ট গন্ধৰ্ব্ব বধিত ।
দিলা ধাৰ নিৰ্ভয়ে ভৰত যুদ্ধাজিত ॥৩
তক্ষক পুষ্কৰ দুই ভৰত কুমাৰ ।
আগ হুয়া সেনাৰ লৰিল চমৎকাৰ ॥৪
সাগৰ সঙ্কাশ সেনা যাই এক থোপে ।
গন্ধৰ্ব্বৰ ৰাজা জানি বজাইল আটোপে ॥৫
তূণ বাণ ধনু ধৰি কৰি আটি মুটি ।
পটোৱাৰি ৰহিল গন্ধৰ্ব্ব তিনি কৌটি ॥৬
দেখি ভৰতৰ তাক কিটাইল কটকে ।
ধাইল ধৰ বুলি যেন সাঞ্জিল চটকে ॥৭
বাঘে যেন গৰ্জ্জি সবে গন্ধৰ্ব্বক ঢাকি ।
প্ৰহাৰিল কাণ্ড কোণ্ড খাণ্ডা জাঠি জাকি ॥৮
মহাগৰ্ব্বে গন্ধৰ্ব্বে নেদিলা ভঙ্গ তাত ।
কৰিলা আপোন অস্ত্ৰে অস্ত্ৰক বিঘাত ॥৯
পৰম আক্ৰান্ত কৰি শত্ৰুৰ সেনাক ।
শৰীৰৰ সন্ধানে অস্ত্ৰৰ দিলে জাক ॥১০
দুই হাতে কোবাৱে খাণ্ট খিট কৰি খাণ্ডে ।
ঘাইল সেনাসব তেজ বৱৈ ধাৰা দাণ্ডে ॥১১
নোৱাৰিল তাপৰিবে পাছ গুচি যাই ।
দেখি খেদি গৈলন্ত ভৰত আগুয়াই ॥১২
সৈন্ধৱে ভেণ্টিল আসি ভৰতৰ আগ ।
মাৰি শৰ সব খঙ্গে গৰ্জ্জে যেন বাঘ ॥১৩
ভৰতে সহিতে ভৈল সমৰ দুষ্কৰ ।
সেনা সমে যুজে দুই তক্ষক পুষ্কৰ ॥১৪
দুইহন্তৰো লগতে যুজন্ত যুদ্ধাজিত ।
বৰিষিল শৰ তিনি বীৰে বিপৰীত ॥১৫
ছেদিল ভেদিল কাৰো উৰু কৰি কৰ ।
ওঠ কণ্ঠ কটি কাটিলন্ত কটকৰ ॥১৬
তথাপি গন্ধৰ্ব্বে নেৰে যুজে বায়ুগতি ।
ভৈল ঘোৰ ৰণ সাত দিন সাত ৰাতি ॥১৭
আতাসতে কাণ ফাটে যেন বজ্ৰ পৰে ।
সমস্তৰে ভয় শুনি হৃদি কম্প লৰে ॥১৮
ভৰতক সৈন্ধৱে বুলিল আৰস্ফটি ।
দুনাই নেদেখিবি আৰ অযোধ্যা উলটি ॥১৯
মোৰ ঘোৰ শৰে আজি হুইবে তোৰ যম ।
ভৰতে বোলন্ত শুন সৈন্ধৱ অধম ॥২০
তোক কালে পাইলে আসি নপস লটক ।
এহি বুলি ৰথ ধ্বজ কাটিলা ঘোটক ॥২১
দুই শৰ মাৰি সাৰথিক থৈলা শালি ।
আঠ শৰে ৰথখান পেহ্লাইলা বখালি ॥২২
তীক্ষ্ণতৰ শৰে তাৰ হৃদয়ক ভেদি ।
পেলাইলন্ত অৰ্দ্ধচন্দ্ৰে তাৰ স্কন্ধ ছেদি ॥২৩
ভৰতৰ বীৰত্ব প্ৰশংসে সামৰাজে ।
পাৰৈ জয় জোকাৰ দুন্দুভি বাদ্য বাজে ॥২৪
সৈন্ধৱক বধি বীৰ বিপুল বিক্ৰম ।
ধনু ধৰি ধাইলন্ত সেনাক যেন যম ॥২৫
দিব্য গন্ধৰ্ব্বৰ বাণ কৰিয়া প্ৰকাশ ।
ঢাকিল বিদিশ দিশ ছানিয়া আকাশ ॥২৬
এক গুটি জোৰন্তে হাসন্তে কৌটি লক্ষ ।
সংহাৰিবে লৈল সবে গন্ধৰ্ব্ব বিপক্ষ ॥২৭
আতি খৰতৰ ভৰতৰ শৰে ফুটি ।
নিৰন্তৰে বধিলা গন্ধৰ্ব্ব চিনি কৌটি ॥২৮
গন্ধৰ্ব্বক বধিয়া সাধিলা সব জয় ।
ভৰতৰ বীৰত্ব জগতে প্ৰশংসয় ॥২৯
ধন্য ধন্য ধন্য বীৰ ৰামৰ কনিষ্ঠ ।
মাৰি দুৰ্জ্জনক কাৰ্য্য সাধিলা বিশিষ্ট ॥৩০
ৰাঘৱৰ আদেশ সুমৰি পাছে বীৰে ।
পাতিলন্ত নগৰ নদীৰ দুই তীৰে ॥৩১
তক্ষক পুৰীৰ নাম তক্ষক ৰহিলা ।
পুষ্কৰাৱতি নামে পুৰি পুষ্কৰক দিলা ॥৩২
সজাইল বিচিত্ৰ গৃহ প্ৰাসাদ উদ্যান ।
দিলা দৌল দীঘি সৰোবৰ থানে থান ॥৩৩
পুত্ৰ দুইকো দিলা বাণ্টি আৰো যত ৰাজ ।
ৰামৰ আদেশে সবে সঙ্কলিলা কায ॥৩৪
ৰাজ্য পাতিলন্ত পাঞ্চ বৎসৰ তহিত ।
উত্ৰাৱল চিত্ত আতি ৰামক দেখিত ॥৩৫
যুদ্ধাজিত মাতুলত মাগিয়া মেলানি ।
অযোধ্যাক আসিলা ভৰত মহামানী ॥৩৬
কৰিলা জ্যেষ্ঠৰ আসি চৰণে প্ৰণাম ।
চিৰকালে ভাতৃক দেখিলা শ্ৰীৰাম ॥৩৭
সজল নয়নে স্নেহে ধৰিলা সাবটি ।
ভৰতে কহিলা কথা সকলে প্ৰকটি ॥৩৮
গন্ধৰ্ব্ব মাৰিয়া যেন মতে পাতি ৰাজ ।
পুত্ৰ দুইকো দিলা সবে নিবেদিলা কায ॥৩৯
ভৈলন্ত হৰিষ শুনি কৌশল্যাৰ সুত ।
ভৰতক অভিনন্দা কৰিলা বহুত ॥৪০
আত অনন্তৰে ৰামে চিন্তিলনত কাৰ্য্য ।
লক্ষ্মণৰ পুত্ৰ দুইকো দিবো কৈত ৰাজ ॥৪১
থৈব কৈত দুয়ো কুমাৰক ৰাজ পাতি ।
পাত্ৰ মন্ত্ৰীগণত সোধন্ত প্ৰভু মাতি ॥৪২
ভৰতে বোলন্ত শুনিয়োক দেৱাদেশ ।
আছে কাৰু নামে ৰমণীয় মহাদেশ ॥৪৩
মল্লভূমি শিখৰ ভূমিক জানো ভালে ।
হেন দেখি ৰামে আদেশিলা তৎকালে ॥৪৪
সঙ্গে অঙ্গদক লৈয়া লৰিয়ো লক্ষ্মণ ।
চলা চন্দ্ৰকেতু সমে ভৰত এখন ॥৪৫
দুয়ো কুমাৰক দিয়া ৰাজ্য কৰি থিৰ ।
তেবেসে আসিবা অযোধ্যাক দুয়োবীৰ ॥৪৬
ৰামৰ আদেশে সমদলে দুয়ো ভাই ।
গৈলন্ত আটোপে পাছে পৃথিবী কম্পাই ॥৪৭
লক্ষ্মণে ভৰতে আতি চিন্তি হিত কায ।
দিলা দুয়ো কুমাৰক কাৰু নামে ৰাজ ॥৪৮
মল্লভূমি লক্ষ্মণে আপুনি চাই ফুৰি ।
অঙ্গদিয়া নামে তাতে পাতিলন্ত পুৰী ॥৪৯
ধনে ধানে ভৰিয়া পাতিলা বহু প্ৰজা ।
অঙ্গদ পুত্ৰক তাতে পাতিলন্ত ৰাজা ॥৫০
শিখৰ ভূমিত ফুৰি ভৰত কুমাৰ ।
চন্দ্ৰাৱতী নামে তাত পাতিলা নগৰ ॥৫১
বিতোপন পুৰী যেন জ্বলে অম্ৰাৱতী ।
পাতিলন্ত তাতে চন্দ্ৰকেতুক নৃপতি ॥৫২
থানে থানে দিলা দীঘি সৰোবৰ আলি ।
বৰিষেক বঞ্চিলা ৰামৰ আজ্ঞা পালি ॥৫৩
প্ৰবোধিয়া পুত্ৰ দুইক থাপিলা তহিত ।
উত্ৰাৱল চিত্ত আতি ৰামক দেখিত ॥৫৪
অযোধ্যাক পাইলা পাছে ভৰত লক্ষ্মণে ।
বেঢ়ি প্ৰণামিলা আসি ৰামৰ চৰণে ॥৫৫
চন্দ্ৰকেতু,অঙ্গদৰ নিবেদিলা কথা ।
দুয়ো ভাইৰ ভৈলা যেন ৰাজ্যৰ ব্যৱস্থা ॥৫৬
শুনি ৰঘুপতি পাইলা আনন্দ অপাৰ ।
কৰিলন্ত দুয়ো ভাইক আতি সতকাৰ ॥৫৭
প্ৰশংসিলা সাধু সাধু মধুৰ বচনে ।
এক পাশে বসিলন্ত ভৰত লক্ষ্মণে ॥৫৮
আত অনন্তৰে ৰামে আলোচিলা পাছে ।
ইটো শত্ৰুঘনৰ কুমাৰ দুই আছে ॥৫৯
কৈত ৰাজ্য দিবো বুলি চপৰাইলা মাথ ।
গুণি গান্থি আপুনি পাইলন্ত ৰঘুনাথ ॥৬০
মাতি শত্ৰুঘনক ৰাঘৱে বুলিলন্ত ।
লৈয়ো গজ বাজী সাজি সেনা অপৰ্য্যন্ত ॥৬১
মথুৰাক লাগি কৰাঁ সত্বৰে পয়ান ।
পৰম সম্পন্ন সিটো বিতোপন থান ॥৬২
সুচৰিত সুবাহু তোমাৰ পুত্ৰ দুই ।
লগতে চলোক সৈন্য সমে সাজ হুই ॥৬৩
লৱণ অসুৰ মথুৰাৰ আধিকাৰী ।
পাতিয়োক দুইকো ৰাজা তৈতে তাক মাৰি ॥৬৪
শুনি শত্ৰুঘনে উঠিলন্ত তেতিক্ষণে ।
পৰি প্ৰণামিলা প্ৰভু ৰামৰ চৰণে ॥৬৫
যাত্ৰা লৈয়া হৈলা বাজ অযোধ্যাক ছাৰি ।
তমকিল তবল ঢোলত দিলা বাৰি ॥৬৬
সাজি গজ বাজী প্ৰজা ধৰিলেক লাগ ।
স্নেহে কনিষ্ঠক ৰামে বৰ্হাইলন্ত আগ ॥৬৭
কৰাইলা মঙ্গল যত ভৰত লক্ষ্মণে ।
সাজি শত্ৰুঘনে লৰিলন্ত ৰঙ্গ মনে ॥৬৮
বাৱৈ বাদ্যভণ্ড দণ্ড নোচুৱাৱে তলি ।
কটকৰ গিৰে আতি উজৰিল ধূলি ॥৬৯
বাজে গজঘণ্টা আতাসে ফাৰে কাণ ।
পৰম আৰম্ভে বীৰে কৰিলা পয়ান ॥৭০
কতদিন সমীপ পাইলন্ত মথুৰাৰ ।
কাছিয়া বজাইল শুনি লৱণ দুৰ্ব্বাৰ ॥৭১
অসংখ্য অসুৰ সেনা সাজি বায়ুপাতি ।
কৰিলা সমৰ তিনি দিন তিনি ৰাতি ॥৭২
পুত্ৰ দুই সহিতে বুজন্ত শত্ৰুঘন ।
বৰিষিলা শত্ৰুঘন কাটন ফুটন ॥৭৩
উৰু কৰি কৰ কাটি কাটিলন্ত জাঙ্গ ।
অসুৰৰ শোণিতে বহাইলা তৈতে গাঙ্গ ॥৭৪
কৰিলে সমৰ অসুৰ যত কৌটি ।
একে ব্ৰহ্ম অস্ত্ৰ মাৰি কৰিলা নিগুটি ॥৭৫
শত্ৰুঘন অগনিত পতঙ্গ অসুৰ ।
ক্ষণেক ভৰিল মৰি ঘোৰ যমপুৰ ॥৭৬
সেনা বধ দেখি খঙ্গে লৱণ দুৰ্জ্জয় ।
হাতে শূল ধৰি শত্ৰুঘনক গৰ্জ্জয় ॥৭৭
খাইবো মুণ্ড ষোণ্ড যেন যাই খেদি ।
পেলাইলন্ত শূল তাৰ শত্ৰুঘনে ছেদি ॥৭৮
ভেদিলেক হৃদয় নিৰ্দ্দয় ষাঠি শৰে ।
তথাপিতো পাছ ভৰি অসুৰে নকৰে ॥৭৯
দেখি দুনাই ভেদিলেক হাজাৰেক বাণে ।
নকৰে কটাক্ষ শত্ৰুঘনৰ সন্ধানে ॥৮০
ক্ৰোধে ধৰি ধাৱে বজ্ৰমুষ্টি অসদৃষ্ট ।
দেখি অৰ্দ্ধচন্দ্ৰ যুৰি ৰামৰ কনিষ্ঠ ॥৮১
কৰ্ণ মানে টানি আনি ক্ষেপিয়া পঠাইল ।
লৱণক কাটি গাণ্ডি মুণ্ড বেলগাইল ।
কতো দূৰ যুৰি ঘোৰ অসুৰ পৰিল ।
গিৰি গিৰি শবদত পৃথিবী লৰিল ॥৮৩
প্ৰশংসিয়া দেৱে পুষ্প বৰিষে বিশিষ্ট ।
ধন্য ধন্য ধনুধৰ ৰামৰ কনিষ্ঠ ॥৮৪
আকাশত দেৱে কৰে দুন্দুভি আম্ফাল ।
জয় জয় প্ৰজাৰ মিলিল কোলাহল ॥৮৫
জয় বাদ্য আন্দোলে মেদিনী মেলে ফাট ।
লৈলা শত্ৰুঘনে গৈয়া মথুৰাৰ পাট ॥৮৬
ফুৰাইলা টেঙ্গৰা গৈয়া নগৰে নগৰে ।
নাহি লুৰি লোস লোক গৃহত সঞ্চৰে ॥৮৭
ভৈল ঘিট ঘিট গ্ৰাম নগৰ অশেষ ।
কৰিলা বিভাগ পুত্ৰ দুইকো দিলা দেশ ॥৮৮
ভৈলন্ত বিদিশ পুৰে ৰাজা সুচৰিত ।
সুবাহু নৃপতি ভৈলা মথুৰা পুৰীত ॥৮৯
নাহি পাল পঞ্চা প্ৰজা পালন্ত অশেষ ।
ধনে ধানে বিপুল সম্পন্ন ভৈল দেশ ॥৯০
লৱণক মাৰি ৰাজ্য কৰি অকণ্টক ।
শত্ৰুঘনে দিলা দুই পুত্ৰক বণ্টক ॥৯১
ভাৰ্য্যা পুত্ৰ সমে মথুৰাত পাতি পাট ।
থাকিলন্ত ৰামৰ আজ্ঞাক চাহি বাট ॥৯২
শুনিয়ো সমাজে ৰাম ৰাজাৰ চৰিত ।
লভিয়া দুৰ্ল্লভ জন্ম ভাৰত ভূমিত ॥৯৩
ৰাম নাম অমৃততে তেজি অভিলাষ ।
কৰিয়ো কিসত বিষবিষয়ত গ্ৰাস ॥৯৪
দেৱৰ বাঞ্ছনি জন্ম যাই আলে জালে ।
কেতিক্ষণে পৰা আসি ধৰিলেক কালে ॥৯৫
নিচিন্তি নথাকা যাৱে গাৱে আছে বল ।
ঝাণ্টে লোৱা ৰাম নাম পৰম মঙ্গল ॥৯৬
নলাগে ভাগৰ গাৱে নাই ধন হানি ।
শুনন্তে সন্তোষ ইটো ৰাম নাম বাণী ॥৯৭
উচ্চাৰণে পাপৰ প্ৰলয় কৰে নাশ ।
হেন জানি ডাকি বোলোঁ ৰাম ৰাম ॥৯৮