লৱ-কুশৰ পৰিচয়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৬ অধ্যায়
- পদ ।
লৱ-কুশৰ পৰিচয় ।
তোমাৰ আগত শিশু দুই গাত্তক গীত ।
ভবিষ্যত কথা হুইব আপুনি বিদিত ॥১
শোক পৰিহৰি ৰামে ঋষিৰ বচনে ।
তেজিয়া নিশ্বাস বসিলন্ত সিংহাসে ॥২
আখি মুখ মছে পাছে চিত্ত কৰি থিৰ ।
শিশু দুইক আদেশ কৰিলা থিৰে ধীৰ ॥৩
শুনো পাছ কথা কেনে গাৱা দুয়ো ভাই ।
হেনবা হৃদয় ইটো আমাৰ জুৰাই ॥৪
শুনি লৱকুশে গীত গাইবাক লাগিলা ।
শুনা জানকীৰ যেন অৱস্থা মিলিলা ॥৫
এৰিলা লক্ষ্মণে দিয়া বনত নিৰ্ব্বাস ।
কান্দিলন্ত সীতা শোকে আতি হুয়াত্ৰাস ॥৬
কোনবা জন্মৰ জানকীৰ আছে ভাগ ।
ফল মূল চাহন্তে বাল্মীকি পাইলা লাগ ॥৭
অনেক আশ্বাস বুলি বচন প্ৰবন্ধে ।
আশ্ৰমত নিয়া পুষিলন্ত জীউ বোধে ॥৮
তপোবনে আছন্ত দুঃখিত আতি হুই ।
উপজিলা সীতাৰ যৱঞ্জা সুত দুই ॥৯
কুশলৱ নাম থৈলা দুইহন্তৰো ঋষি ।
ৰামায়ণ গীত ইটো শিকাইলে হৰিষি ॥১০
আমি দুই লৱ কুশ সীতাৰ সন্ততি ।
গাওঁ ৰামায়ণ গীত আজন্ম প্ৰভৃতি ॥১১
তাহাঙ্কে বুলিয়া লৱ মোৰ নাম কুশ ।
সীতাৰ তনয় আমি জানা নিৰঙ্কুশ ॥১২
মহাঋষি বাল্মীকিৰ দুয়ো ভৈলো শিষ্য ।
শুনি সমজ্যাৰ মহা মিলিল হৰিষ ॥১৩
গীততে জানিল সবে সীতাৰ তনয় ।
ভালেতো ৰামৰ সবে আকৃতি আনয় ॥১৪
কিনো সুপ্ৰসন্ন বিধি ভৈলা সৰ্ব্ব সিদ্ধি ।
ৰাঘৱৰ হইবেক আবেসে বংশ বৃদ্ধি ॥১৫
শুভ শুভ বুলি প্ৰজা পাৰয় জোকাৰ ।
জানিল কুশল সবে জানকী সীতাৰ ॥১৬
আছন্ত কল্যাণে নমৰিয়া মোৰ শান্তী ।
আনন্দে নসয় যেন অন্যোঅন্যে মাতি ॥১৭
সকল প্ৰজাৰে মহা মিলিল হৰিষ ।
জয় জয় ৰাঘৱ ঘোষন্ত দশো দিশ ॥১৮
ৰামে জানিলন্ত ইটো মোহোৰ সন্ততি ।
আনন্দ সিন্ধুত নিমজ্জিলা ৰঘুপতি ॥১৯
নিশ্চয়ে জানিলো হৱে সীতাৰ তনয় ।
শিহৰে শৰীৰ দ্ৰবে আনন্দ হৃদয় ॥২০
পৰম স্নেহত আতি নয়ন তবধ ।
লোতকে ভেণ্টিল কণ্ঠ বাক্য গদ গদ ॥২১
প্ৰেমৰসে বিপুল আকুল কৰে হিয়া ।
আসনৰে পৰা পৰিলন্ত জাম্প দিয়া ॥২২
গলত বান্ধিল ধৰি দুইকো আথে বেথে ।
পুত্ৰ শিৰ সুঙন্ত স্নেহত ৰঘুনাথে ॥২৩
ধাৰে বহি যাই দুই নয়নৰ নীৰ ।
তিয়াইলা লোতকে লৱ কুশৰ শৰীৰ ॥২৪
বুকত ধৰিয়া দুই পুত্ৰক সাবতি ।
সিংহাসনত আসি বসিলা উলটি ॥২৫
মহা স্নেহে ধৰি আসি ভৰত লক্ষ্মণ ।
গুচাইলন্ত দুইৰো আসি বাকলি বসন ॥২৬
পিন্ধাইলন্ত আনি দুইকো দিব্য অলঙ্কাৰ ।
কুশলৱে কৰিলা পিতৃক নমস্কাৰ ॥২৭
পুত্ৰ মুখ চুম্বন্ত স্নেহত বাৰে বাৰ ।
বনতে জন্মিলি দুয়ো দুখীয়া কুমাৰ ॥২৮
ভৈলা ঋষিবেশ দুঃখ পাইলা লাগে মানে ।
তোমাৰ নিকাৰ মই পাপীৰ নিদানে ॥২৯
মই বোলো হুইবে প্ৰাণ প্ৰিয়া গৈল মৰি ।
আজিসে জানিলো মোৰ জীৱৈ প্ৰাণেশ্বৰী ॥৩০
দুঃখ পাইবে লাগি আউৰ নৰৈল সীতাৰ ।
অকাচিতে মই পাপী ভুঞ্জাঁলো নিকাৰ ॥৩১
এহি বুলি মকামকি কৰন্ত ক্ৰন্দন ।
লগত কান্দন্ত দুয়ো সীতাৰ নন্দন ॥৩২
ধৰা ধৰি কৰি কান্দিলন্ত পুত বাপে ।
দেখিয়া কান্দন্ত সবে সমাজ সন্তাপে ॥৩৩
ধৰিলা কৌশল্যা আসি নাতিৰ গলতে ।
এতমান ভৈলে দুয়ো পুতাই বনতে ॥৩৪
হৰি হৰি বহাৰী জানকী সুচৰিতা ।
নিকাৰকে লাগি উপজিলি আই সীতা ॥৩৫
নগৈল কতনো তোৰ কহান কুনাট ।
কোননো বিধাতা ইটো লিখিলা ললাট ॥৩৬
তেজি ৰাজ্য আছ মৰণৰ পশি সন্ধি ।
হা সীতা বুলিয়া কান্দন্ত ৰাৱ বান্ধি ॥৩৭
লক্ষ্মণ ভৰত শত্ৰুঘনে কান্দি আতি ।
বশিষ্ঠ প্ৰমুখ্যে ঋষি নিষেধত মাতি ॥৩৮
জীৱন্ত জানকী কথা সকলে কল্যাণ ।
কিসক কান্দিয়া প্ৰভু সীতাৰ নিদান ॥৩৯
হৰিষ সময়ে বিষাদৰ কোন কাম ।
হেন শুনি শোক তেজিলন্ত শ্ৰীৰাম ॥৪০
আখি মুখ মুছিলন্ত নিশ্বাস তেজিয়া ।
সীতাক সুমৰি আৰ নধৰন্ত হিয়া ॥৪১
আপুনি আনিবো আজি জানকীক যাচি ।
আসনৰ পৰা উঠিলন্ত ৰাম কাছি ॥৪২
লগতে যাইবেক সাজিলন্ত সামৰাজ ।
অন্তেষ পুৰৰো নাৰীগণ ভৈলা বাজ ॥৪৩
সীতাক দেখিবে লাগি ৰামৰ একান্ত ।
ভালুক বানৰ সেনা লগতে চলন্ত ॥৪৪
টল বল কৰে মহী লৰিল কটক ।
আগবাঢ়ি বশিষ্ঠে বুজাইলা ৰাঘৱক ॥৪৫