কুম্ভ নিকুম্ভৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৯ অধ্যায় ।
- কুম্ভ-নিকুম্ভৰ যুদ্ধ ।
- পদ ।
আশ্বাস কৰিয়া সবে সৈন্য সুস্থ কৰি ।
ৰণক চলিলা দিব্য ধনু শৰ ধৰি ॥১
মৈন্দ বীৰে তাৰ আগে ভেণ্টিলা হৰিষে ।
চতুৰ্দ্দিশে বেঢ়ি বৃক্ষ শিলায়ে বৰিষে ॥২
মৈন্দ ভেণ্টিলন্ত দেখি-কুম্ভৰ যে বাট ।
বানৰে ভালুকে দেখি ৰিঙ্গ দিলা ঝাণ্ট ॥৩
কুম্ভকৰণৰ পুত্ৰ ৰণত আচল ।
শৰে হানি বৃক্ষ তৰু কাটিলা সকল ॥৪
মৈন্দ বীৰে হানিলন্ত পৰ্ব্বতৰ গোট ।
কুম্ভ বীৰে ছেদিলন্ত ঘোৰ শৰ ছোট ॥৫
বজ্ৰৰ সদৃশ বাণ যুৰিলা আৰম্ভে ।
আকৰ্ণ পূৰিয়া তাক হানিলন্ত কুম্ভে ॥৬
পৃথিবীকে মৈন্দকে ফুটিলা বৰ টানে ।
নিশ্চেষ্টে ৰহিলা বীৰে অন্তৰীক্ষ প্ৰাণে ॥৭
দ্বিবিদে সন্নিত চাপি বোলে হাহা ভাই ।
কুম্ভক শিখৰ তৰু বৰিষয় চাই ॥৮
পৰম অভজ বীৰ কুম্ভকৰ্ণ সুত ।
দ্বিবিদক লাগি শৰ হানিলা বহুত ॥৯
দ্বিবিদ বানৰ বীৰ পৰ্ব্বত আকাৰ ।
কুম্ভক শিখৰ তৰু হানিলা অপাৰ ॥১০
কুম্ভকৰণৰ পুত্ৰ অভঙ্গ সমৰে ।
সকল শিখৰ তৰু কাটিলেক শৰে ॥১১
ভয়ঙ্কৰ কাল আগ্নি যুৰিলেক কুম্ভে ।
দ্বিবিদৰ হৃদয়ত হানিলা আৰম্ভে ॥১২
মৰ্ম্মস্থানে পৰিলা চেতন নাহি গাৰ ।
চিত হুইয়া পৰিলন্ত পৰ্ব্বত আকাৰ ॥১৩
দ্বিবিদ পৰিলা অঙ্গদৰ আউল জাউল ।
অচেতনে পৰিলা দেখিয়া দুই মাউল ॥১৪
শূলে হানি তৰু সমে শিখৰ বৰিষে ।
কুমাৰ চাহিয়া অন্ধকাৰ দশ দিশে ॥১৫
অঙ্গদৰ অস্ত্ৰক আপন শৰে ছেদে ।
ক্ষণেকে দুৰ্ব্বাৰ অস্ত্ৰে কুম্ভে তাক ভেদো ॥১৬
বালিৰ তনয়ে যত হানয় প্ৰাৰম্ভে ।
শৰে হানি লীলায়ে ছেদয় তাক কুম্ভে ॥১৭
ভয়ঙ্কৰ দুই ৰাণে বিন্ধিলন্ত বীৰে ।
অঙ্গদৰ দুই চক্ষু ঢাকিলা ৰুধিৰে ॥১৮
শোণিত মলচি হাতে শাল বৃক্ষ পাইল ।
ক্ৰোধত গাৱৰ বলে হানিয়া পঠাইল ॥১৯
মন্দৰ সদৃশ শাল বৃক্ষ বহি যাই ।
তাকো কাটিলন্ত কুম্ভে সাত শৰ ঘাই ॥২০
যমদণ্ড ধৰি যেন হানিলন্ত বাণ ।
অঙ্গদ পৰিয়া গৈলা অন্তৰীক্ষ প্ৰাণ ॥২১
তিনিকো ঢালিলা কুম্ভবীৰ নিশাচৰে ।
ৰামত জানাইলা গৈয়া অনেক বানৰে ॥২২
শ্ৰীৰামে বোলন্ত সবে বীৰ চলি যাহাঁ ।
ৰাজ কুমাৰক গৈয়া সবেহি ৰাখাহা ॥২৩
বেগদসি বীৰবৰ আৰ জাম্বৱন্ত ।
নলনীল সুগ্ৰীৱ বানৰ অপৰ্য্যন্ত ॥২৪
যতেক হানিলা মানে বীৰ কপিগণে ।
শৰে হানি কুম্ভে ছেদিলন্ত তেতিক্ষণে ॥২৫
জাম্বৱন্ত আদি বৰ বৰ বীৰ জানি ।
সবাকো ভূমিত ঢালিলন্ত শৰে হানি ॥২৬
মূৰ্চ্ছিত ভৈলন্ত দেখি বীৰ কপি যত ।
সুগ্ৰীৱ আপনি তাৰ ভেণ্টিলন্ত পথ ॥২৭
শাল তাল খঞ্জুৰ প্ৰহাৰে তৰু শাল ।
নাগেশ্বৰ নাৰিকল শিখৰ বিশাল ॥২৮
নিৰন্তৰে কুম্ভে হানিলন্ত সৰ জাক ।
মহাবীৰ কপিৰাজে সহিলন্ত তাক ॥২৯
ডেৱ দিয়া তাহাৰ ৰণত গৈয়া চড়ি ।
আছাৰি হাতৰ ধনু ভাঙ্গিলন্ত মুৰি ॥৩০
সত্বৰ গমনে গৈয়া নামিলা ৰথৰ ।
কুম্ভক সম্বুধি বুলিলন্ত কপিবৰ ॥৩১
ধন্য বীৰ তোহোৰ অগাধ গাৱে বল ।
ইন্দ্ৰজিত সম তই ধনুত কুশল ॥৩২
তোহোৰ বীৰত্ব জানোঁ ত্ৰিদশ ভঙ্গাইলে ।
আমাৰ বীৰক ঢালি যশ বৰ পাইলে ॥৩৩
শ্ৰান্ত ভৈলি অৰে বীৰ নিশাচৰ কুম্ভ ।
এতিক্ষণে মাৰোঁ মদি পাওঁ উপালম্ভ ॥৩৪
ক্ষণিতেক জিৰাই কিছু হওঁ সন্ধুক্ষণ ।
তোৰ মোৰ সমৰ দেখোক সৰ্ব্বজন ॥৩৫
বাসৱে সম্বৰে যেন দুৰ্ঘোৰ সমৰ ।
তোক মাৰি পঠাওঁ আগে যমৰ নগৰ ॥৩৬
শুনিয়া কটুৰ বাণী ক্ৰোধত জ্বলিলা ।
বীৰে বীৰে আতি ঘোৰ সমৰ লাগিলা ॥৩৭
টলি গৈলা মেদিনী দুইহান পয়োভৰে ।
আকাশ লঙ্ঘিলা ঢেউ কল্লোল সাগৰে ॥৩৮
দুইৰো অস্ত্ৰ প্ৰহাৰে দোহাঙ্ক নুছুইলেক ।
তৰ্ত্তূল্য সমান কেহোঁ নুহি আতিৰেক ॥৩৯
কুম্ভক সুগ্ৰীৱ বীৰে ডেৱ দিয়া ধৰি ।
সাগৰ জলত আফালিলা চিত কৰি ॥৪০
সমুদ্ৰত ঢেউ ভৈলা পৰ্ব্বত সমান ।
পাতালে কম্পিয়া গৈলা নাগৰি আথান ॥৪১
গিৰিৰি সমান মৎস্য কচ্ছপ পলাইলা ।
জল জন্তু অনেক তৰক লাগি আইলা ॥৪২
জপৰ্জল হইয়া বীৰে আছে জল পিয়া ।
আৰকা উঠিলা বীৰে এক ডেৱ দিয়া ॥৪৩
সাগৰৰ উঠি বীৰে নচাহিলা আন ।
মুঠি এক বৈসাইলেক বজ্ৰৰ সমান ॥৪৪
অগনি কণিকা সব নিকলিলা গাৰ ।
ক্ষণেকতে সুগ্ৰীৱ দেখন্ত অন্ধকাৰ ॥৪৫
সুস্থ হুয়া ক্ষণেকে সুগ্ৰীৱ কপিবৰ ।
হাতে মলচিলা সবে ৰুধিৰ গাৱৰ ॥৪৬
ক্ৰোধত সুগ্ৰীৱ দশ গুণে বলীয়াৰ ।
দান্ত কামুৰিয়া দিলা চৰণ প্ৰহাৰ ॥৪৭
অগনি কণিকা জাতকৰি গৈলা দূৰ ।
হৃদয় চূবায়া কুম্ভ গৈলা যমপূৰ ॥৪৮
কুম্ভ পৰিবাৰ দেখি নিকুম্ভৰ খঙ্গ ।
পৰিঘ উচ্চায়া ধাইল বানৰৰ ভঙ্গ ॥৪৯
শিখৰে সহিতে যেন পৰ্ব্বতেক যাই ।
নিৰন্তৰে ৰামসেনা ভাগিয়া পলাই ॥৫০
সাক্ষাতে আঙ্গাৰ পুঞ্জ কলেৱৰ তাৰ ।
মেঘত বিজুলী যেন জ্বলে অলঙ্কাৰ ॥৫১
ইন্দ্ৰজাঠি সদৃশ পৰিঘ লোহাশৰে ।
যমদণ্ড ধৰি যেন যমে দিলা ধাৰে ॥৫২
সৈন্য পলাইবাৰ দেখি বীৰ হনুমান ।
আগ ভেণ্টি থাকিলন্তে পৰ্ব্বত সমান ॥৫৩
নিকুম্ভে হানিলা টানি হৃদয়ক লাগি ।
পৰিয়া পৰিঘ সাত খণ্ড ভৈলা ভাগি ॥৫৪
নিকুম্ভক মাৰুতি তাৰিলা মুঠি এক ।
মূৰ্চ্ছা গৈয়া পৰিয়া আছিল ক্ষণিতেক ॥৫৫
শঙ্খ প্ৰদেশত সিটো মাৰিলেক মুঠি ।
হনুমন্ত মূৰ্চ্ছা গৈলা মৰ্ম্মস্থান ফুটি ॥৫৬
অচেতন দেখি দুই হাতে তুলি ধৰি ।
নিকুম্ভে লৈযান্ত বেগে লঙ্কা যে নগৰী ॥৫৭
মাৰুতিক নেই দেখি নিশাচৰ সিংহ ।
ৰাক্ষস সকলে নগৰত দিলা ৰিঙ্গ ॥৫৮
ওৰ বাই বোপাই চাহা নিকুম্ভৰ কোলা ।
এহিসে বানৰ আমাথেৰ লঙ্কা পোলা ॥৫৯
অকল যেগোটে সব ৰাক্ষস ভঙ্গাইল ।
তাক মাৰি নিকুম্ভে যশক বৰ পাইল ॥৬০
কুম্ভকৰ্ণ বীৰ সিটো মৰিল মৰিল ।
তাহাৰ তনয়ে হেনয় খ্যাতি কৰিল ॥৬১
কেহোঁ বোলে ইহাত হৰিষ নুযুৱাই ।
মায়াবী বানৰে কিবা কৰিবেক প্ৰাই ॥৬২
বায়ুসুতে চেতন লভিলা কতোক্ষণে ।
আমাক লঙ্কাক নেই ৰাক্ষস দুৰ্জ্জনে ॥৬৩
ককোলিত বৈসাইলেক চৱৰেক তাৰ ।
ছিৰ গৈল হৃদয় চেতন নাহি গাৰ ॥৬৪
বায়ুপুত্ৰে হসোকি আকাশে ডেৱ দিল ।
নিশাচৰে তেতিক্ষণে চেতন হৰিল ॥৬৫
কতোদূৰ হনুমন্তে ভৈলেক উধাৱ ।
পৰি নিকুম্ভৰ দুই কান্ধে দিলা পাৱ ॥৬৬
দুই ভিতি কান্ধত মাৰিয়া দুই গোৰ ।
দুই হাতে মাথা ধৰি দিলন্ত আজোৰ ॥৬৭
বলৱন্ত বীৰে উপৰক দোঙ্গা দিলা ।
নিকুম্ভৰ মাথা গোট জটৰাই চিণ্ডিলা ॥৬৮
ৰামসেনা মাজে নিয়া মাথা গোট থৈলা ।
অদভূত দেখি সবে কৌতুকক পাইলা ॥৬৯
মাৰুতিক ৰামচন্দ্ৰে আদৰিলা সুখে ।
বায়ুপুত্ৰে থাকিলেক প্ৰজ্বলিত মুখে ॥৭০
ৰাৱণে শুনিলা কুম্ভ নিকুম্ভৰ বধ ।
শোকে দুঃখে কতো বেলি ভৈগৈলা তবধ ॥৭১
মকৰাক্ষ বীৰক আদেশ লঙ্কেশ্বৰ ।
ৰাম লক্ষ্মণক গৈয়া পেষাঁ যমঘৰ ॥৭২
খৰৰ তনয় তুমি সম বোপাহাৰ ।
সমৰত গৈয়া ৰাম লক্ষ্মণক মাৰ ॥৭৩
তোমাৰ সদৃশ নভৈলেক তিনি লোকে ।
ভালুক বানৰ মাৰি হিত কৰাঁ মোকে ॥৭৪
তোহৰ পাছতে ইন্দ্ৰজিত চলি যাইব ।
আপনি দাৰুণ ৰণে ভঙ্গক নপাইব ॥৭৫
কীৰ্ত্তিয়া পিয়োক সবে সেনাগণ মাৰি ।
পিতৃবৈৰী গুচাই এৰ শৈল্যক উদ্ধাৰি ॥৭৬
সচকিতে মকৰাক্ষে চালিলেক গাৱ ।
প্ৰদক্ষিণে নমিলা ৰাজাৰ দুই পাৱ ॥৭৭
ৰাৱণে আলিঙ্গি পিন্ধাইলেক অলঙ্কাৰ ।
মেঘত বিজুলী যেন দেখি জ্যোতিষ্কাৰ ॥৭৮
ৰথে চলিলেক ঘোড়া যেহেন উড়াই ।
বিস্তাৰিত মেঘক চালিলা যেন বাই ॥৭৯
হস্তী ৰথ চতুৰঙ্গ চলে ছপকাৰে ।
চতুৰ্দ্দিশে বেঢ়িয়া চলিলা নিশাচৰে ॥৮০
মকৰাক্ষ চলিলা অনেক বিমঙ্গল ।
ঘোড়া সব কান্দয় নয়নে বহে জল ॥৮১
ৰথৰ ধ্বজক তাৰ পৰি গৈল খসি ।
উলটা পৱণ বহে শিখৰ বৰিষি ॥৮২
বাধা সম নমানিয়া কপাইলেক ৰণ ।
দেখি বৃক্ষ শিলা লইয়া ধাইল কপিগণ ॥৮৩
হস্তী ঘোড়া বেঢ়িয়া ৰাক্ষসে বেঢ়িমাৰে ।
বানৰেয়ো নখে ফুলি কুম্ভস্থলে দাৰে ॥৮৪
কাণ্ডে খাণ্ডে বৃক্ষ শিলে কৰে হানাহানি ।
বানৰেয়ো ৰাক্ষসক মাৰে কিল টানি ॥৮৫
ৰাক্ষসে কপিক মাৰে গলত কামোৰ ।
ভালুকেয়ো পেট ছিৰি আন্তক বিছাৰে ॥৮৬
ধনু শৰ ধৰি মকৰাক্ষসে খঙ্গাইল ।
একে বীৰে নিৰন্তৰে বানৰ ভঙ্গাইল ॥৮৭
শ্ৰীৰাম লক্ষ্মণে হাতে ধনু শৰ লৈলা ।
আগবাঢ়ি আপনাৰ সেনা থিৰ কৈলা ॥৮৮
মকৰাক্ষ বোলন্ত ৰামক কৈত পাওঁ ।
পিতৃবৈৰী মাৰি আজি শৈল্যক গুচাওঁ ॥৮৯
আনত মোহোৰ কাৰ্য্য নাহি এতিক্ষণ ।
পাছে লক্ষ্মণক মাৰোঁ সব কপিগণ ॥৯০
খোজন্তে খোজন্তে কতদূৰে ভেট পাইল ।
তোমাকেসে ৰাম বুলি মাত পুৰুজাইল ॥৯১
খৰৰ তনয় মোৰ মকৰাক্ষ নাওঁ ।
তোমাক মাৰিয়া যমকৰণে পঠাওঁ ॥৯২
চিৰকাল হৃদয়ৰ শৈল্যক উদ্ধাৰোঁ ।
তোমাৰ শোণিতে পিতৃ তৰ্পণক কৰোঁ ॥৯৩
বৈৰ খুজি পাইলো কাৰ্য্য নাহিকে আনত ।
আমাৰ পিতৃক পাইবা যমৰ থানত ॥৯৪
ক্ৰূৰতা এৰিয়া ৰাম ধৰ্ম্ম যুজে যুজা ।
তোমাৰ আমাৰ কাৰ্য্য ভালে আজি বুজা ॥৯৫
সমৰ দেখন্ত সুৰগণে অনুপাম ।
দশৰথ তনয়ৰ গুচাই এৰোঁ নাম ॥৯৬
শ্ৰীৰামে বোলন্ত অবে পাপী নিশাচৰ ।
বাপেৰৰ লগে তোক পেষোঁ যমঘৰ ॥৯৭
নুযুজয় কুকুৰায়ে নাদয় বিস্তৰ ।
কহিত কটুৰ বাণী শিখিলি বৰ্ব্বৰ ॥৯৮
তোহৰ বাপেৰ খৰ ত্ৰিশিৰা দুষণ ।
চৌদ্দয় সহস্ৰ মাৰিলোহোঁ সেনাগণ ॥৯৯
তহিত নাছিলি কাৰ্য্যে তই বেটা জীলি ।
আজিসে আসিয়া মোৰ হাতত পৰিলি ॥১০০
হেন বুলি ৰামে হানিলন্ত এক শৰে ।
তিনি শৰে পথত ছেদিলা নিশাচৰে ॥১০১
আৰকায়ো ৰাঘৱে সানাইল তিনশৰে ।
কপালত তাহাৰ বিন্ধিলা নিৰন্তৰে ॥১০২
মকৰাক্ষে ক্ৰোধত জ্বলিয়া গৈলা পাছে ।
কপালত বিন্ধিলন্ত একৈশ নৰাচে ॥১০৩
আঠটা নৰাচে ৰামে বিন্ধিলেক তাক ।
নিশাচৰে হানিলেক নৰাচৰ জাক ॥১০৪
দুইহানো নৰাচে আকাশত এক ঠাই ।
ইকূলে সিকূলে বায়ু সঞ্চৰিল যাই ॥১০৫
দুই পাশে ভৈলা যেন দুই খান আকাষ ।
তমোময় ভৈলা নাহি ৰবিৰ প্ৰকাশ ॥১০৬
দুই বীৰে শৰ হানি দুইহাঙ্ক বিন্ধিল ।
সকল শৰীৰে যেন আলতা গুলিল ॥১০৭
কেমতে লৱন্ত শৰ টানন্ত হানন্ত ।
দেৱাসুৰে দুইহানো অন্তক নজানন্ত ॥১০৮
অন্তৰীক্ষে থাকি যত কিন্নৰ চাৰণ ।
কৌতুকে চাহন্ত সবে অদভূত ৰণ ॥১০৯
বিদ্যাধৰ গন্ধৰ্ব্ব চাৰণ সিদ্ধ নাগে ।
দুহাঙ্কক প্ৰশংসে মনত অনুৰাগে ॥১১০
সমসৰ যুদ্ধে কেহোঁ কতো নঘাটিল ।
দুইহানো শৰক দুয়ো সমস্তে কাটিল ॥১১১
অন্ধকাৰ ফেৰি ভৈলা উজ্বল আকাশ ।
কিৰণ প্ৰকাশি দিশ পুৰিলা প্ৰকাশ ॥১১২
আসঙ্গ পাৱয় যোনো ৰামে গুণিলন্ত ।
মুঠি প্ৰদেশত তাৰ ধনু কাটিলন্ত ॥১১৩
সাৰথিক কাটিলন্ত আঠটা নৰাচে ।
ৰথভঙ্গে মকৰাক্ষে ভূমি ভৈলা পাছে ॥১১৪
ক্ৰোধি গৈলা ৰাক্ষস হৃদয় গুলগুল ।
অগনি সদৃশ হানিলন্ত এক শূল ॥১১৫
শূল গোট চলয় তক্ষক যেন সৰ্প ।
দেখি দেৱলোকৰ হৰিলা বলদৰ্প ॥১১৬
অচিন্ত্যতে তেজ বল শ্ৰীৰাম দেৱৰ ।
শূল কাটি পেলাইলা হানিয়া নিজশৰ ॥১১৭
অদভুত শৰ দেখিলেক সমস্তয় ।
সাধু সাধু ঘোষি দেবে কৰে জয় ॥১১৮
শূল পৰি গৈল মকৰাক্ষে দিল ডাক ।
মুঠি ধৰি বোলয় মাৰোহোঁ থাক থাক ॥১১৯
যত মান শকতি আছয় হান হান ।
পাছে যম সদনক কৰিবি পয়াণ ॥১২০
বচন শুনিয়া ৰামে তুলিলন্ত হাস ।
মাৰোহোঁ ৰাক্ষস তই আৰ কোথা যাস ॥১২১
পাৱক অস্ত্ৰক ধৰি কৰিলা কটাক্ষ ।
সেই অস্ত্ৰ ঘাৱে পৰি গৈলা মকৰাত্ৰ ॥১২২
জয়তি ৰাঘৱ ৰঘু বংশৰ তিলক ।
দেৱকাৰ্য্য সাধিয়া বধিলা ৰাক্ষসক ॥১২৩
নিজ গুণে পূৰিলন্ত ভকতৰ কাম ।
জানি নিৰন্তৰে নৰে বোলাঁ ৰাম ৰাম ॥১২৪