হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫৬ অধ্যায় ।
হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ ।
- ছবি ।
ৰাঘৱক পৰিহৰি, সবে যেবে চলি ভৈলা,
- শোকে কাৰো শৰীৰে নসহে ।
বিভীষণ সুগ্ৰীৱৰ, যত কপি ভালুকৰ,
- আথাকে নয়নে জল বহে ॥১
শ্ৰীৰামে বোলন্ত শুনা, বাপু হনুমন্ত তোক,
- অলঙ্কাৰ নাহি যোগ্যপৰ ।
যেহি অভিমত তোৰ, মনত বাঞ্ছনি আছে,
- আমাত মাগিয়ো দেওঁ বৰ ॥২
হাতযোৰে হনুমন্ত, বৰ মাগিবাক প্ৰতি,
- হৰিষে আগত ভৈলা ঠিৱ ।
যাৱদেক পৃথিবীত, ৰাম কথা প্ৰচাৰয়,
- ততকাল থাউক মোৰ জীৱ ॥৩
সীতাদেবী গোসাঁনীৰ, চৰণৰ দাস মই,
- বৰ মোক নলাগয় আন ।
গোসাঁনীৰ অনুগ্ৰহ, থাকয় আমাত যেবে,
- আৰ কি সাধিবো বহু মান ॥৪
গ্ৰীৱত সাবটি ধৰি, ৰামদেৱে কৌতূহলে,
- বায়ুৰ পুত্ৰক দিলা বৰ ।
যাৱদেক সপ্তদীপা, পৃথিবী সাগৰ সাত,
- থাকে মেৰু পৰ্ব্বত মন্দৰ ॥৫
আৰোগ্য শৰীৰে বাপ, থাকা যুবা কলেৱৰে,
- অনুকূলে বহিবেক বায়ু ।
আমাৰ প্ৰসাদে তোৰ, কিছু দুঃখ নুহিবেক,
- ততকাল হুইবে পৰমায়ু ॥৬
ৰামৰ বচন অন্তে, সীতাদেবী দিলা বৰ,
- বায়ুৰ পুত্ৰৰ মুখ চাই ।
দেৱ অপেস্বৰা সবে, তোক সেৱা কৰিবেক,
- ইহাত বিস্ময় কিছু নাই ॥৭
যথাত তথাত তোক, অচিন্তাতে মিলিবেক,
- অমৃত সদৃশ মধুফল ।
দেৱতাৰ উপযোগ, সুগন্ধি শীতল জল,
- চিন্তিলাতে মিলিবে সকল ॥৮
শ্ৰীৰাম সীতাৰ পদ-, ধূলি শিৰে তুলি লৈলা,
- অধোমুখ ভৈলা হনুমন্তে ।
আপন দেশক লাগি, বিষাদে চলিয়া গৈলা,
- বামহাতে লোহ মলছন্তে ॥৯
বিভীষণ মুখ্য কৰি, ৰাক্ষস চলিলা সবে,
- ৰাঘৱত প্ৰসাদক পায়া ।
শ্ৰীৰাম লক্ষ্মণ সীতা, কৃপায়ে আকুল ভৈলা,
- থাকিলন্ত সেহি দিশ চায়া ॥১০
সবে যেবে আপনাৰ, দেশক চলিলা ৰামে,
- লক্ষ্মণক বুলিলন্ত কায ।
সীতাদেবী পটেশ্বৰী, আমি ৰাজ ৰাজ্যেশ্বৰ,
- বাপ তুমি হুয়ো যুবৰাজ ॥১১
লক্ষ্মণে বোলন্ত দাদা, মোক ক্ষমা কৰিয়োক,
- নলাগয় ইসব জঞ্জল ।
ইন্দ্ৰজিত কুমাৰৰ, শৰ বিষজাল এৰাই,
- সুখে ভোগ ভুঞ্জো কতকাল ॥১২
একোয়ে প্ৰকাৰে যেবে, লক্ষ্মণ নভৈলা ৰামে,
- ভৰতক কৈলা যুবৰাজ ।
সমাধি কৰনি ভৈলা, বশিষ্ঠ কুলৰ গুৰু,
- বিহিলন্ত সপুত্ৰে সমাজ ॥১৩
ৰামৰ ৰাজ্যত কিছু, অন্যায়ক নোৱাৰয়,
- উচিতত তুলি লৱে কৰ ।
পৃথিবীত সৰ্ব্ব শস্য, উপজয় মধুফল,
- কুসুমে ভূষিত তৰুবৰ ॥১৪
বৎসৰ দ্বাদশ শত, আৰোগ্য জীৱয় নৰ,
- আৰ জীয়ে সহস্ৰ সংখ্যাত ।
নাৰী সবে সুস্বামীৰ, পতিব্ৰতা ধৰ্ম্ম কৰে,
- পিতৃ আগে পুত্ৰ নোহে পাত ॥১৫
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য, শূদ্ৰ সবে আচৰয়,
- যাহাৰ বিহিত যেন ধৰ্ম্ম ।
দেৱ দ্বিজ পিতৃ মাতৃ, গুৰু আৰাধন পৰ,
- কাহাৰো নাহিকে নিত্য কৰ্ম্ম ॥১৬
নানাবিধ যজ্ঞ সব, ৰাম দেৱে কৰিলন্ত,
- আপনাৰ মনোৰথ পূৰি ।
ধন জন অলঙ্কাৰে, মণ্ডিত সকল লোক,
- সুগন্ধ চন্দনে কৰি ভুৰি ॥১৭
যাৰ যেন নীতিচয়, কদাচিতো নপাৰয়,
- গুৰুত ভকতি কৰে শিষ্য ।
ৰামৰ ৰাজ্যত কিছু, অন্যায়ক নোৱাৰয়,
- নিতে নিতে অযোধ্যাত বিশ্ব ॥১৮
ৰামায়ণ কথা শুনি, শৰীৰ নিষ্পাপ সব,
- সকল আপদ হেলে তৰি ।
যত যত ধৰ্ম্মাচয়, সব অপ্ৰয়াসে সিজে,
- নযাইবেক যমৰ নগৰী ॥১৯
গৰ্ব্বিণী অপুত্ৰ জনে, ৰূপৱতী কন্যাগণে,
- মন অভিলাষে পাৱে স্বামী ।
আয়ু বাঢ়ে পাৱে সুখ, আৰোগ্য জীৱয়লোক,
- অন্তকালে হোৱে স্বৰ্গগামী ॥২০
মহা ঋষি বাল্মীকিয়ে, ৰামায়ণ কৰিলন্ত,
- সাক্ষাতে জানিবা যেন বেদ ।
শ্ৰৱণে অমৃত ময়, সকল পাপৰ ক্ষয়,
- সংসাৰৰ বন্ধ হোৱে ছেদ ॥২১
কলি মল কলুষক, বিনাশন যম পুৰী,
- জিনিবাৰ শুনা ইটো খণ্ড ।
প্ৰণামওঁ সৰস্বতী, শ্ৰীৰাম দেবেসে গতি,
- সমাপতি ভৈলা লঙ্কাকাণ্ড ॥২২
কবিৰাজ কন্দলী যে, আমাকেসে বুলিৱয়,
- কৰিলোহোঁ সৰ্ব্বজন বোধে ।
ৰামায়ণ সুপয়াৰ, শ্ৰীমহা মাণিকে যে,
- বৰাহ ৰাজাৰ অনুৰোধে ॥২৩
সাত কাণ্ড ৰামায়ণ, পদ বন্ধে নিবন্ধিলো,
- লম্ভা পৰিহৰি সাৰোধৃত ।
মহামাণিক্যৰ বোলে, কাব্যৰস কিছো দিলোঁ,
- দুগ্ধক মথিলে যেন ঘৃত ॥২৪
পণ্ডিত লোকৰ যেবে, অসন্তোষ উপজয়,
- হাতযোৰে বোলোঁ শুদ্ধ বাক ।
পুস্তক বিচাৰি যেবে, তৈত কথা নপাৱাহা,
- তেবে সেব নিন্দিবা আমাক ॥২৫
বলে সাগৰক তৰি, দাশৰথি ৰাম হৰি,
- লঙ্কা নগৰীত পয়োসাৰ ।
ঘোৰ সমৰক কৰি, ৰাৱণক সংহৰিয়া,
- দেৱতাৰ চিন্তিলা নিস্তাৰ ॥২৬
শুনিয়োক সভাসদ, ৰামায়ণ কথা ইটো,
- পাতকৰ সাক্ষাতে অগনি ।
মহা দুঃখ গৃহবাস, জানিয়া এৰিয়ো আশ,
- চিন্তা ৰঘু বংশ শিৰোমণি ॥২৭
অগনিত পৰিক্ষিয়া, সীতাক অযোধ্যা নিয়া,
- সকুটুম্বে ভৈলা এক ঠাই ।
মাধৱ কন্দলী গাইলা, শ্ৰীৰামে অযোধ্যা পাইলা,
- জয় জয় আনন্দ বৰ্ধাই ॥২৮
- ৫৭ অধ্যায় ।
- দুলৰি ।
নমোঁ নমোঁ ৰাম, দুৰ্ব্বাদল শ্যাম,
- সৰ্ব্ব গুণে অনুপাম ।
যাৰ গুণ নাম, ধৰ্ম্ম অনুপাম,
- মুকুতি সুখৰ ধাম ॥১
নিত্য নিৰঞ্জন, দানৱ গঞ্জন,
- যিটো দেৱ মহেশ্বৰ ।
যাৰ আজ্ঞা বাণী, শিৰে ধৰে জানি,
- ব্ৰহ্মা হৰ পুৰন্দৰ ॥২
যাৰ আদি অন্ত, বেদে নজানন্ত,
- নিৰ্গুণ গুণ সাগৰ ।
যিটো সৰ্ব্বোত্তম, নাহি যাৰ সম,
- মায়াৰ যিটো ঈশ্বৰ ॥৩
হেন দেৱ হৰি, মায়া বশ্য কৰি,
- হিত চিন্তি জগতৰ ।
পৰমাত্মা তত্ত্ব, ভৈলন্ত বেকত,
- ৰাজা দশৰথ ঘৰ ॥৪
ৰাম ৰূপ ধৰি, ৰাক্ষস সংহৰি,
- ৰাৱণৰ চিন্তি মাৰ ।
সৰ্ব্ব ধৰ্ম্মময়, নিজ গুণচয়,
- কৰিলা প্ৰভু প্ৰচাৰ ॥৫
যাহাৰ শ্ৰৱণ, কীৰ্ত্তনে কৰয়,
- অধমক অতি গতি ।
হেনয় তোমাৰ, চৰণত হৌক,
- মোহোঁৰ নিৰ্ম্মল ৰতি ॥৬
শুনা সৰ্ব্বজন, কথা ৰামায়ণ,
- ৰামক মনত ধৰি ।
ৰামৰ দুখানি, চৰণ পঙ্কজ,
- কিসক থাকা পাসৰি ॥৭
ৰামৰ পৰম, কৃপালু গুণক,
- শুনা কৰি স্থিৰ মন ।
যিটো সৰ্ব্বাধম, হোৱে সৰ্ব্বোত্তম,
- ৰামত লৈয়ো শৰণ ॥৮
বনৰ বানৰ, চৰণে ৰামৰ,
- শৰণ লৈলেক মাত্ৰ ।
এতেকে সি সবো, ঈশ্বৰ ৰামৰ,
- সহায়ৰ ভৈলা পাত্ৰ ॥৯
নিজ ভাৰ্য্যা বৈৰী, ৰাৱণ নৃপতি,
- তাৰ ভাই বিভীষণ ।
ৰামক ভজিয়া, ভ্ৰাতৃক ত্যজিয়া,
- ৰামত লৈলা শৰণ ॥১০
এতেকে তাহাঙ্ক, পৰম সুহৃদ,
- বুলি ৰামে ধৰিলন্ত ।
ৰাৱণক মাৰি, যত ৰাজ্য ভাৰ,
- তাহাঙ্কে সব দিলন্ত ॥১১
এতেক জানিয়া, ৰামত ভজিয়ো,
- ত্যজিয়া সমস্ত কাম ।
সংসাৰ সাগৰ, সুখে হোৱা পাৰ,
- ডাকি বোলোঁ ৰাম ৰাম ॥১২