সসৈন্যে সুগ্ৰীৱ উপস্থিত
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২১ অধ্যায়
- সসৈন্যে সুগ্ৰীৱ উপস্থিত ।
হৰিষে লক্ষ্মণ সুগ্ৰীৱৰ ধৰি গলে ।
ৰাজাৰ আদেশে উঠিলন্ত চতুৰ্দ্দোলে ॥১
আগত লক্ষ্মণ পিছে সুগ্ৰীৱ চৰিলা ।
ৰাম পাশে যান্তে শুভ মঙ্গল পৰিলা ॥২
দুই হাঙ্কো ঢোলন্তে যাই ধৱল চামৰ ।
শিৰে শ্বেত ছত্ৰ যেন জ্বলে শশধৰ ॥৩
আগে পাছে অসংখ্যাত বানৰ চলয় ।
জয় জয় ৰামচন্দ্ৰ বুলি জোকাৰয় ॥৪
কতহো দূৰতে দুয়ো ভৈলা ভূমি পাৱ ।
পাইলা কতোক্ষণে গৈয়া ৰাঘৱৰ ঠাৱ ॥৫
লক্ষ্মণে সুগ্ৰীৱে কৰিলন্ত কৃতাঞ্জলি ।
ৰামৰ চৰণ দুয়ো কৰিলা সেৱলি ॥৬
হাত যোৰে সুগ্ৰীৱে থাকিল ৰাম বুলি ।
অপৰাধ সুমৰি হিয়াৰ গুলগুলি ॥৭
কৃতাঞ্জলি কৰিলন্ত বানৰ সকল ।
সূৰ্য্য অস্ত যান্তে যেন সঙ্কোচে কমল ॥৮
কটাক্ষে ৰাঘৱে চাহিলন্ত চতুৰ্ভিতি ।
অসংখ্য পদাতি দেখি সুগ্ৰীৱ সহিতি ॥৯
কোল চাপ বুলিলন্ত শোক পৰিহৰি ।
সজন গৰিহা কিছু পৰিহাস কৰি ॥১০
বসিয়া আছন্ত যেবে সমাজক ৰঞ্জি ।
সুগ্ৰীৱক ৰমচন্দ্ৰ ছলবাদে গঞ্জি ॥১১
সাধু সাধু সখি তুমি মোৰ মহামিত্ৰ ।
আমাৰ কাৰ্য্যত দেখোঁ উত্ৰাৱল চিত্ত ॥১২
অল্পেসে অন্তৰ মাত্ৰ বচন কাৰ্য্যত ।
মুখত অমৃত দেখি কপট মনত ॥১৩
হনুমন্ত প্ৰমুখ্য শুনিয়ো কপি যত ।
স্বৰূপ কাহিনী কহোঁ শাস্ত্ৰৰ সন্মত ॥১৪
দুষ্টা ভাৰ্য্যা শঠ মিত্ৰ ভৈগৈল যাহাৰ ।
স্বামীক সেৱক জনে কৰে অহঙ্কাৰ ॥১৫
সৰ্পে সমন্নিতে যেন একে ঘৰে বাস ।
সিজনৰ জানা নাহি জীৱনত আশ ॥১৬
অধৰ্ম্মত ভক্ষপৰ হোৱে নিতে নিত ।
অৱশ্যেকে নোৱাৰিবে ধন উপাৰ্জ্জিত ॥১৭
ধৰ্ম্ম অৰ্থ কাম তাৰ একোয়ে নিমিলে ।
হেন নৃপতিক জানা আপদেসে গিলে ॥১৮
সুগ্ৰীৱ আমাৰ জানা মিত্ৰ সেহি মত ।
অবিচাৰে মিত্ৰৱতি কৰিলো পূৰ্ব্বত ॥১৯
আন্তে হন্তে সীতা পাইবোঁ হেন আশা কৈলোঁ ।
আছোঁ সীতা পাইবোঁ মিত্ৰভাৱত নৰৈলোঁ ॥২০
আন্ত আশা কৰি দুই পাইলোঁ অতিৰেক ।
শঠামিত্ৰে কত ভাগ্যে কাৰ্য্য সাধিবেক ॥২১
কিন্তু তথাপিতো কৰি আছোঁ মিত্ৰৱতি ।
শুনিয়ো সুগ্ৰীৱ মিত্ৰ বচন সম্প্ৰতি ॥২২
যি কিছু বুলিলোঁ বাক্য হৃদয় খেদত ।
ইসব আমাৰ দোষ নলৈবাঁ মনত ॥২৩
যিমতে সীতাক পাওঁ তাক চিন্তিয়োক ।
সীতাক পাইলেসে সব গুছে দুঃখ শোক ॥২৪
ৰামৰ বচনে লাজ সুগ্ৰীৱে পাইলন্ত ।
মাথা চপৰিয়া কতক্ষণ আছিলন্ত ॥২৫
দীৰ্ঘশ্বাস তেজি প্ৰণামিলা জানুশিৰে ।
কৰযোৰে বচন বোলন্ত ধীৰে ধীৰে ॥২৬
কৃপাময় প্ৰভু দো। ক্ষমিয়ো সকল ।
তৰল বানৰ আমি সহজে চঞ্চল ॥২৭
লক্ষ্মণৰ বোলে দুঃখ পাইলোঁ যত মানে ।
তোমাৰ কোপক সহিবেক কাৰ প্ৰাণে ॥২৮
সাতোদ্বীপা পৃথিবীৰ কটক অপাৰ ।
তাহাঙ্ক জড়াতে হৈল বিলম্ব আমাৰ ॥২৯
মাথা তুলি দেখিয়োক সৈন্য আছে চাপি ।
সূৰ্য্যকিৰণক ঢাকি গগন বিয়াপি ॥৩০
সাগৰে নগৰে গিৰি নদীত পৱনে ।
কতো নীল পীত কতো শুকুল বৰণে ॥৩১
পিয়াল লোহিত বৰ্ণ দেখিয় বিচিত্ৰ ।
ৰঙ্গে ৰামে বোলন্ত সামৰ্থ মোৰ মিত্ৰ ॥৩২
শুনিয়ো সুগ্ৰীৱ মিত্ৰ মোক চিনায়োক ।
কাৰ কিবা নাম কোৱাঁ কতমান লোক ॥৩৩
শুনি হাঙ্কাৰন্ত সুগ্ৰীৱ বীৰবৰ ।
সৈন্য সমে আসিয়োক ৰামৰ ওচৰ ॥৩৪
শুনি বীৰ কপিগণ উল্লাসিয়া গৈলা ।
আপোনাৰ সৈন্য ৰঙ্গে সঙ্গে কৰি লৈলা ॥৩৫
ৰামৰ পাশক আতি আডম্বৰে আসে ।
যেহেন ফৰিঙ্গ উৰে বনৰ আকাশে ॥৩৬
শ্ৰীৰাম লক্ষ্মণে সমে আছন্ত আকলি ।
প্ৰথমে আসিয়া মিলিলন্ত শতবলী ॥৩৭
আতি আড়ম্বৰে বীৰে কৰে আটিমুটি ।
তান লগে আসিলা বানৰ শত কৌটি ॥৩৮
পাছে আসি মিলিলন্ত সুষেণ নৃপতি ।
কাঞ্চনৰ বৰ্ণ তনু সূৰ্য্যৰ জেউতি ॥৩৯
সুগ্ৰীৱৰ শ্বশুৰ তাৰাৰ তেহোঁ পিতা ।
অযুতেক বানৰ যোগায় চতুৰ্ভিতা ॥৪০
যুবৰাজ অঙ্গদ বালিৰ কেহোঁ সুত ।
দেখন্তে ৰিপুৰ ত্ৰাস মিলে অদভুত ॥৪১
নিশ্চয়ে শুনিয়ো আন কটক যতেক ।
সহস্ৰেক পদ্ম আৰো শঙ্খ শতেক ॥৪২
কষটিৰ বৰ্ণ দেখি যাহাৰ নিশ্চয় ।
দশকোটি সৈন্য লৈয়া আসিলন্ত গয় ॥৪৩
সহস্ৰ সংখ্যাত কৌটি লৈয়া হনুমন্ত ।
আসিলন্ত যাৰ বল বীৰ্য্য অপৰ্য্যন্ত ॥৪৪
অঙ্গাৰৰ বৰ্ণ তনু আগত মিলিল ।
শত কোটি বীৰ সমে এন্তে বীৰ নীল ॥৪৫
মৈন্দ্য দ্বিবিদ কোটি কোটি সৈন্য যাৰ ।
পাঞ্চ কোটি সৈন্য লৈয়া আসিলন্ত তাৰ ॥৪৬
আসিলা কেশৰী পাছে ব্ৰহ্মাৰ তনয় ।
তাহান লগত সৈন্য বহুত আছয় ॥৪৭
পদ্ম কেশৰৰ বৰ্ণ সবাৰো শৰীৰ ।
মাৰুতৰ পিতা এন্ত প্ৰখ্যাতৰ বীৰ ॥৪৮
ধূম্ৰ আসি মিলিল লাগিল হুক হুক ।
দশ কোটি সেনা মানে সকলে ভালুক ॥৪৯
ব্ৰহ্মাৰ নন্দন আসি ভৈলা জাম্বৱন্ত ।
আন লগে ভালুক কটক অপৰ্য্যন্ত ॥৫০
চিৰ কাল জীৱন্ত বুদ্ধিৰ নাহি অন্ত ।
অনেক উপায় সন্ধি কাৰ্য্য সাধিৱন্ত ॥৫১
বিশ্বকৰ্মা সুত হেৰ আসি ভৈল নল ।
অসংখ্য বানৰ সেনা বীৰ মহাবল ॥৫২
লগে কৌটি শঙ্খ সেনা আসিল সম্পাতি ।
আসিলন্ত গবাক্ষ আৰো গোলাঙ্গুল জাতি ॥৫৩
অনন্তৰে মহাবীৰ আসিলা পনস ।
তান লগে আসিলন্ত বানৰ কৌটিদশ ॥৫৪
গন্ধমাদনক লেখি বীৰ গণিতাত ।
তান লগে আসিল বানৰ অসংখ্যাত ॥৫৫
আনো যত বীৰ আইল কোনে লৈব নাম ।
ৰাম লক্ষ্মণক সবে কৰয় প্ৰণাম ॥৫৬
দ্বীপ দ্বীপান্তৰৰ আসিল যত যত ।
অসংখ্য পদাতি মই লেখা দিবোঁ কত ॥৫৭
সুগ্ৰীৱে বোলন্ত ৰাম চাহিয়ো আকলি ।
সেনাৰ ভিৰত বসুমতী যাই টলি ॥৫৮
গিৰিগুহা পৰ্ব্বত জুৰিল দশো দিশ ।
কটক দেখিয়া ৰামচন্দ্ৰৰ হৰিষ ॥৫৯
সুগ্ৰীৱক বোলন্ত শুনিয়ো কপিৰাজ ।
এবেসে জানিলো মিত্ৰ সিদ্ধি ভৈল কায ॥৬০
শুনিয়ো উজ্জ্বল মুখ ভৈলন্ত সুগ্ৰীৱ ।
কৰযোৰে ৰামৰ আগত ভৈলা থিৱ ॥৬১
কিবা আজ্ঞা হোৱে প্ৰভু আদেশ সকাল ।
কিবা গৃহে আনি দিবোঁ দশ দিগপাল ॥৬২
বাসৱক আনো কিবা আনো বাসুকিক ।
বান্ধি আনি দেওঁ পৃথিবীৰ নৃপতিক ॥৬৩
নাহিকে অসাধ্য মোৰ তযু প্ৰসাদত ।
বশ্য কৰি দেওঁ আনি তিনিয়ো জগত ॥৬৪
শুনি হাসি ৰাঘৱে বোলন্ত শুনা মিত্ৰ ।
সবাকে জিনিতে পাৰা ইটো কোন চিত্ৰ ॥৬৫
ইসৱ কাৰ্য্যত কিছু প্ৰয়োজন নাই ।
সীতাক যিমতে পাই চিন্তিয়ো উপায় ॥৬৬
দেশে দেশে ভাল দূতগণ চলি যাউক ।
প্ৰবন্ধিয়া ৰাৱণ সীতাক খুজি চাউক ॥৬৭
শুনি জানি মোত আসি জনাইয়ো বাৰ্ত্তাক ।
দুষ্ট ৰাৱণক মাৰি আনিবোঁ সীতাক ॥৬৮
ৰামৰ বচন হেন সুগ্ৰীৱে শুনিলা ।
বাছি বাছি দূতগণ আগক আনিলা ॥৬৯
বিনোদক প্ৰথমত বুলিলা বচন ।
ভাল ভাল বাচি লগে লৈয়া দূতগণ ॥৭০
পূৰ্ব্ব দিশ প্ৰতি আপুনিহি চলি যাহাঁ ।
অবিলম্বে সীতাৰ বাৰ্ত্তাক জনাবাহাঁ ॥৭১
তাত পাছে বোলন্ত কহিৰা শতবালী ।
উত্তৰ দিশক তুমি শীঘ্ৰে যাহা চলি ॥৭২
অপৰ্য্যন্ত দেশ তাক বৰ্ণাইবোঁহোঁ কত ।
কতো কতো কহোঁ যিবা পৰয় মনত ॥৭৩
বহল গান্ধাৰ দেশ কৰ্ণাট কাম্বোজ ।
মত্স্যৰ পুলিন দেশ ঋষিৰাজ ভোজ ॥৭৪
কৌৰৱ কুকুৰ আৰু কঙ্কনাম দেশ ।
থানে থানে ভালমতে খুজিবা নিঃশেষ ॥৭৫
হেমৱন্ত হেমকূট নৈষধ আকুল ।
পৰ্ব্বত গল্মৰ বনে খুজিবা সকল ॥৭৬
বিন্ধ্য গিৰি মহীন্দ্ৰ পৰ্ব্বতে ভালে চাঁহা ।
আনো যত গিৰি আছে তাক আকলাহা ॥৭৭
ৰাৱণৰ চিত্তক নপাৰি বুজিবাক ।
কৈক লুকাই থৱে নিয়া গোঁসানী সীতাক ॥৭৮
কিবা শান্তি পুণ্য ৰাখি আছন্ত গোঁসানী ।
ৰাৱণৰ বাৰ্ত্তাক জনাইবা নিষ্ঠ জানি ॥৭৯
সুষেণ শ্বশুৰ তুমি পশ্চিমে যাইয়োক ।
কোটি সংখ্য দূত বাচি লগত লৈয়োক ॥৮০
ৰাৱণ সীতাক প্ৰবন্ধিয়া খুজি চাহাঁ ।
অবিলম্বে আমাত বাৰ্ত্তাক জনাবাহাঁ ॥৮১
কৈৰা যুবৰাজ বুলি ৰাজাৰ আদেশ ।
কৰযোৰে অঙ্গদ আগত পৰবেশ ॥৮২
দক্ষিণ দিশক লাগি তুমি চলি যাইয়ো ।
ৰাৱণ সীতাৰ নিষ্ঠ বাৰ্ত্তাক জনাইয়ো ॥৮৩
তোমাৰ তুলত যাহন্তোক হনুমন্ত ।
মৈন্দ দ্বিবিদ তাৰ যান্ত জাম্বৱন্ত ॥৮৪
দধীমুখ কেশৰী পনস বীৰ গয় ।
নল নীল ধূম্ৰাক্ষক আৱৰ গৱয় ॥৮৫
সেই সে দিশত ৰাৱণৰ নিজ পুৰী ।
থানে থানে ভাল মতে চাইবা ফুৰি ফুৰি ॥৮৬
একোৱে থানত যেৱে খুজিয়া নপাৱা ।
সাগৰৰ মাজত লঙ্কাত পাছে চাৱা ॥৮৭
বাটভেণ্টি সাগৰত আছে ছায়াগ্ৰাহী ।
তাই পাইলে গিলিবে সন্ধানে যাইবা চাহি ॥৮৮
ৰাৱণৰ নিজ স্থান লঙ্কা যে নগৰী ।
পাইবাহা সীতাক খুজি সমুদ্ৰক তৰি ॥৮৯
যতমান চন্দ্ৰ সূৰ্য্য কিৰণ পোহৰ ।
যম পুৰ মানে খুজিবাহা নিৰন্তৰ ॥৯০
তাত পাছে যাইবাহা দক্ষিণৰ দিশ ।
ঘোৰ অন্ধকাৰ তাত কৰিবাহা কিস ॥৯১
সাতো খান সমু্দ্ৰ পৃথিবী সাতোখান ।
নদী নদ পৰ্ব্বত গহ্বৰ যত বন ॥৯২
সঙ্কট প্ৰকট গম্য মানে ফুৰি চাইবা ।
নিশ্চয় জানিয়া আসি বাৰ্ত্তাক জনাইবা ॥৯৩
নকৰিবা হেলা কেহোঁ ৰামৰ কাৰ্য্যত ।
সবাৰো ভকতি হৌক ৰাম চৰণত ॥৯৪
কৈৰা হনুমন্ত বুলি ৰাঘৱে মজাইল ।
সংগোপ্য কহিবে প্ৰতি সমীপ চপাইল ॥৯৫
তুমিহে সীতাক খুজি পাইবাহা নিশ্চয় ।
প্ৰাণেশ্বৰী তোমাতেসে যাইবন্ত প্ৰত্যয় ॥৯৬
দেখিলে হৰিষ হৈবা আতি মন তুষ্টি ।
হেৰ মোৰ লৈয়া যাহা হাতৰ আঙ্গুষ্ঠি ॥৯৭
তাঙ্কো পৰীক্ষিবা কেনে ভাল মন্দে আছে ।
নিশ্চয় জানিয়া মোত কহিবাহাঁ পাছে ॥৯৮
সীতাৰ সংগোপ্য বাৰ্ত্তা আনিবা নিশ্চয় ।
যেন মতে হোয়ে তান্ত আমাৰ প্ৰত্যয় ॥৯৯
এহি বুলি গলে তাঙ্ক চাপিয়া ধৰিল ।
সীতাক সুমৰি ৰামে ক্ৰন্দন কৰিল ॥১০০
মাৰুতি বোলন্ত তাপ ত্যজ ৰঘুপতি ।
জন্মে জন্মে তজু পদে হৌক মোৰ গতি ॥১০১
যেহেতু তোমাৰ ভৈল আমাত প্ৰত্যয় ।
সীতাৰ বাৰ্ত্তাক দিবোঁ নাহিকে সংশয় ॥১০২
মোক অনুগ্ৰহ কৰিলাহাঁ কৃপাময় ।
এতেকে জানিলোঁ ভাগ্য আমাৰ আছয় ॥১০৩
প্ৰাণক উত্সৰ্গি তযু কাৰ্য্যক সাধিবোঁ ।
থাকা সুখে সীতাৰ বাৰ্ত্তাক আনি দিবোঁ ॥১০৪
সুগ্ৰীৱ বোলন্ত ওৰা কৈৰা দূতলোক ।
প্ৰভুৰ চৰণে সেৱা সবাৰে থাকোক ॥১০৫
ফুৰি ফুৰি ৰাৱণ সীতাক চাহিয়োক ।
ৰামক আসিয়া সবে বাৰ্ত্তা কহিয়োক ॥১০৬
আপুনি চিন্তিয়ো যেন হোৱয় যুগুত ।
যেনে তেনে প্ৰভুকৰ্য্য সাধিয়ো প্ৰস্তুত ॥১০৭
মাহেকক লাগি ক্ষান্তি দিলোঁ তোমাসাক ।
হেলা এৰি ৰাত্ৰিদিনে খুজিবা সীতাক ॥১০৮
মাহেকত নাহা যেবে প্ৰভু কাৰ্য্য সাধি ।
নাক কাণ কাটিবোঁহোঁ হৈবা অপৰাধী ॥১০৯
শুনিলা সবেও চণ্ড আদেশ ৰাজাৰ ।
ৰামৰ চৰণে সবে কৰি নমস্কাৰ ॥১১০
যেহি যেহি দিশ যাক আজ্ঞা ভৈল ।
ৰাজাক প্ৰণামি সেহি দিশে চলি গৈল ॥১১১
নিষেধ কৰিয়া ফুৰে গ্ৰাম নগৰত ।
নদী নদ তীৰে ফুৰে গিৰি গহ্বৰত ॥১১২
পূৰ্ব্বত বিনোদ উত্তৰত শতবলী ।
চলিল সুষেণ দিশ পশ্চিম আকলি ॥১১৩
এক মাস খূড়ি লুড়ি সীতাক নপাইল ।
বিনয় পূৰ্ব্বকে আসি ৰজাত জনাইল ॥১১৪
শুনিয়োক সুগ্ৰীৱ নৃপতি শিৰোমণি ।
তিনিয়ো দিশত আমি চাহিলো আপুনি ॥১১৫
ৰাৱণ সীতাক নপাইলোহোঁ উপদেশ ।
এবে কি কৰিবোঁ প্ৰভু কৰিয়ো আদেশ ॥১১৬
সুগ্ৰীৱে বোলন্ত সবে থাকা কাৰ্য্য বুজি ।
তিনিয়ো দিশত কেহোঁ নপাইলা খুজি ॥১১৭
অঙ্গদক মাৰুতিক দিলো মহাভাৰ ।
তেসম্বে সীতাৰ বাৰ্ত্তা পাইবা সাৰেসাৰ ॥১১৮
দক্ষিণ দিশক গৈলা যতেক বানৰ ।
ৰাৱণ সীতাক খুজি ফুৰা নিৰন্তৰ ॥১১৯
গোখোজ সমান কৰি চাহিলা বিচাৰি ।
খুজিয়া নপাইলা সীতা জনক জীয়াৰী ॥১২০