প্ৰহস্তৰ যুদ্ধযাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৪ অধ্যায় ।
- প্ৰহস্তৰ যুদ্ধযাত্ৰা ।
- দুলৰি ।
হাতে শিলা বৃক্ষ, বানৰ ভালুকে,
- চৌদিকে আছে জন্তাই ।
ৰাৱণে সম্বুধি, বোলয় শুনাঁহা,
- প্ৰহস্ত মোৰ মোমাই ॥১
অসংখ্য পদাতি, ঢাকিলেক দেখাঁ,
- নগৰীখান আমাৰ ।
দুৰ্ঘোৰ আপদ-, কাল মিলি গৈলা,
- দুঃখ হয় মহাভাৰ ॥২
আমি কুম্ভকৰ্ণ, বীৰে বা তুমি বা,
- সেনাৰ পতি আমাৰ ।
ইন্দ্ৰজিত পুত্ৰ, অতিকায় বীৰে,
- পাৰয় ইসব ভাৰ ॥৩
আনৰ শকতি, নাহিকে মোমাই,
- আপনি গুণিয়া চাহাঁ ।
পুত্ৰ পৰিবাৰ, সবাকে ৰাখিয়া,
- আপুনি যুজক যাহাঁ ॥৪
ভাল ভাল অঙ্গ, লাগিয়া সেনাক,
- তুলত লৈয়াক বাছি ।
তোমাৰ কৰিয়া, আননো সেৱকে,
- মোৰ কি কৰিবে আসি ॥৫
তোমাৰ সেনাৰ, বোল শুনি যেন,
- গহন সিংহৰ ৰাৱ ।
ডৰত বানৰ, ভাগি পলাইবেক,
- যেহেন হস্তীৰ ছাৱ ॥৬
বানৰ ভালুক, পলাইবেক যেৱে,
- মানুষ ৰাম লক্ষ্মণ ।
শৰে হানি তুমি, মাৰিয়া পেলাইবা,
- ঠনগণ দুইজন ॥৭
ব্ৰাহ্মণ সকলে, স্বস্তি পঢ়ন্তোক,
- দুস্তৰৰ হুয়ো নাহা ।
ৰাক্ষসৰ কুল, যমঘৰে চলে,
- আপুনিয়ে বাহুৰাবাঁ ॥৮
ৰাৱণ ৰাজাক, সম্বুধি বোলয়,
- প্ৰহস্তয়ে সেনাপতি ।
পূৰ্ব্বকাল, জানিয়াছোঁ আমি,
- মিলিবেক বিসঙ্গতি ॥৯
সুদৃঢ় বচনে, বুজাইলোহোঁ আমি,
- তাক দেখিলাহাঁ তিতা ।
আপন বুদ্ধিক, বৰ কৰি তুমি,
- ৰামক নেদিলা সীতা ॥১০
গতানুশৌচৰ, কিছু কাৰ্য নাহি,
- হেৰা চলোঁ যুজিবাক ।
দানে মানে সত- কাৰে চিৰ কালে,
- বঢ়াইলা তুমি আমাক ॥১১
ৰাজাত মেলানি, পাইয়া চলি গৈলা,
- সেনাৰ পতি প্ৰচণ্ড ।
সাৰথি সাজিয়া, ৰথ যোগাইলন্ত,
- সাক্ষাততে স্বৰ্গ খণ্ড ॥১২
সাগৰ সমান, সেনা লৰি ভৈলা,
- প্ৰহস্তৰ আগে পাছে ।
প্ৰজঙ্ঘ প্ৰমুখ্যে, অনেক ৰাক্ষসে,
- সাজি যাই বীৰ কাছে ॥১৩
ঘনে ঘনে যত, ব্ৰাহ্মণ সকলে,
- মাঙ্গল্য কৰে প্ৰৱন্ধে ।
নিৰন্তৰে লঙ্কা, উথলি গৈলেক,
- ঘৃত আহুতিৰ গন্ধে ॥১৪
প্ৰহস্ত পয়ানে, চলিলা অনেক,
- মিলি গৈলা বিমঙ্গল ।
লঙ্কা নগৰীৰ, বাহিৰ ভৈলেক,
- সকল ৰাক্ষস বল ॥১৫
বানৰ ভালুক, সাজ সাজ বুলি,
- লাগি গৈলা কোলাহল ।
সব ছপকাৰে, জপাইলেক যুজ,
- হাতে ধৰি শিলা শাল ॥১৬
উভয় বলত, উস্-মিস্ ভৈলা,
- বানৰে মাৰয় কিলে ।
কাহাৰো মুণ্ডক, চৱন্তে চিণ্ডয়,
- কাহাকো মাৰয় শিলে ॥১৭
কাকো মাৰে বৃক্ষ, শিখৰে হানিয়া,
- ভূমিত পেলাইয়া পিসে ।
কতোহোঁ ৰাক্ষস, ৰণত পৰিলা,
- কতো পলাই দশ দিশে ॥১৮
বানৰ বলকো, ৰাক্ষসে মাৰয়,
- হানিয়া শকতি শূল ।
কাণ্ড খাণ্ড গদা, পৰিঘৰ বাৰি,
- হানিয়া কৰে নিৰ্ম্মূল ॥১৯
বাৰিষা কালৰ, নদী বহে যেন,
- উভয় বল ৰুধিৰে ।
দেখিয়া ৰণত, কন্দল কৰয়,
- প্ৰহস্তৰ চাৰি বীৰে ॥২০
জাম্বোনাদ মহা- নাদ কুম্ভ হনু,
- আৰো বীৰ ধুৰন্ধৰ ।
এহি চাৰি বীৰে, আশেষ বলক,
- মাৰিলা কপি বানৰ ॥২১
আপনাৰ সৈন্য, ভাগয় দেখিয়া,
- দ্বিবিদ বীৰ খঙ্গাইল ।
ধুৰন্ধৰ মাথে, শিলা এক গোটা,
- হানিয়া মাৰি পেলাইল ॥২২
প্ৰহস্তে সমৰ-, ভূমিত আপনে,
- সাক্ষাতে দেখিয়া আছে ।
দুৰ্ম্মুখ বানৰে, জম্ব যে মালীৰ,
- মুণ্ড ভাঙ্গিলন্ত পাছে ॥২৩
জাম্বৱন্ত বীৰে, সমৰ মাজত,
- হাতে তুলি লৈলা শিলা ।
মহানাদ বীৰক, হানিয়া পঠাইলা,
- কৰিয়া মাতঙ্গ লীলা ॥২৪
কুম্ভৰ হনুত, শীঘ্ৰ বেগ ধৰি,
- পৰিলন্ত গৈয়া তাৰ ।
সেহি প্ৰহাৰতে, ঘোৰ নিশাচৰ,
- মৰি গৈলা যমদ্বাৰ ॥২৫
প্ৰহস্তে ৰণত, দেখিয়া আছয়,
- চাৰিয়ো বীৰ পৰিল ।
হাতে ধৰি অস্ত্ৰ, ক্ৰোধে সবাহাঙ্কে,
- বিসুখ বীৰে কৰিল ॥২৬
শুনা সৰ্ব্বজন, ৰামৰ চৰিত্ৰ,
- অমৃত ইটো নিৰ্ম্মল ।
কৰ্ণভৰি পান, কৰিয়োক সুখে,
- জন্মৰ হৌক সাফল ॥২৭
কলি যুগে ধৰ্ম্ম, নাহি আত পৰে,
- এহিসে শাস্ত্ৰ যুগুতি ।
ত্যজি আন কাম, বোলাঁ ৰাম ৰাম,
- লভিবা সুখে মুকুতি ॥২৮