এই নদী
[ ৩ ] AAI NADI, A book of short stories of Sri Montu Kumar Borthakur and Published by Mr. Bishnulal Shastry on behalf of Bharatia Sahitya Pratishthan, Tezpur, Assam.
ISBN-978-93-84900-84-7
প্ৰকাশকঃ
শ্ৰীবিষ্ণুল্লাল শাস্ত্ৰী (ভাৰতীয় সাহিত্য প্ৰতিষ্ঠানৰ হৈ)
প্ৰথম প্ৰকাশ :
ডিচেম্বৰ, ২০১৮ খ্ৰীষ্টাব্দ
© লিখক
প্ৰচ্ছদ :
সিদ্ধাৰ্থ সেন (নিজু)
মূল্যঃ
১০০/- (এশ) টকা মাত্ৰ
ডি.টি.পি.:
মণ্টু কুমাৰ বৰঠাকুৰ (লেখক)
মুদ্ৰকঃ
নলিনী প্ৰিণ্টাৰ্চ, বৰপথাৰ, গোলাঘাট, অসম।
প্ৰকাশকৰ একাষাৰ
২০১৭ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত ‘সান্ধ্যভ্ৰমণ’ৰ পিছত
আমাৰ ফালৰপৰা প্ৰকাশিত মন্টু কুমাৰ বৰঠাকুৰৰ দ্বিতীয়খনি গল্পপুথি
হৈছে ‘এই নদী।
আশা ৰাখিছোঁ, লেখকজনৰ অনুৰাগী পাঠক সমাজে এই
গল্পপুথিখনিও আদৰি ল’ব।
শ্ৰী বিষ্ণুলাল শাস্ত্ৰী
ফোনঃ ৯১০১১১৪৫০৩
সূচীপত্ৰ
দেহৰক্ষী
ৰূমত সোমায়েই ৰাণাই দুৱাৰখন বন্ধ কৰি দিলে।
লাইটটো অন কৰি লৈ সি এইবাৰ আইনাখনৰ সমুখত থিয় হ'লগৈ।
নিজৰ প্ৰতিবিম্বটোলৈকে সি বহু পৰ থৰ লাগি চাই ৰ’ল।
এটা সময়ত, তাৰ ওঁঠৰ কোণত বিদ্ৰুপৰ হাঁহি এটা বিৰিঙি উঠিল।
এইবাৰ, মুখখন বাওঁফালে কিছু ঘূৰাই লৈ সোঁহাতৰ আঙুলিৰে টিলিকি
এটা মাৰি এক নাটকীয় ভঙ্গিমাত সি প্ৰতিবিম্বটোলৈ তৰ্জনী আঙুলিটো টোৱালে।
‘কি ভাবিছ? পলাবি নে মুখামুখি হবি?
পলাবতো নোৱাৰিবি! মুখামুখি হ'ব লাগিব। হ'বই লাগিব, বুজিছ?
পিছ মুহূৰ্ততে, সি কাপোৰযোৰ সলাই ল'লে আৰু পানী অলপ গৰম
কৰি লৈ চাবোন-চেম্পো লগাই গা-মূৰ ঠিকমতে ধুলে।
পিঠিখনো যিমান দূৰলৈকে ঢুকি পায় ব্ৰাছটোৰে ঘঁহি-পিহি ধুলে।
সি যেন দেহৰ প্ৰতিটো অংগ-প্ৰত্যংগ ঘঁহি-পিহি ধুই চাফা কৰি পেলাব।
তাৰ দেহ-মনত লাগি অহা ময়লাবোৰৰ চিন-মোকাম নাইকিয়া কৰি দিব।
এতিয়াৰ পৰা সি যেন এটা নতুন মানুহ হ'ব।
গা-টো ধুই আহি সি পুনৰ আইনাখনৰ সমুখত থিয় হ'লহি।
এইবাৰ, তাৰ সমুখত সৌটো যেন বেলেগ মানুহ!
প্ৰতিবিম্বটোলৈ বুলি সি আকৌ এবাৰ তৰ্জনী আঙুলিটো টোৱালে।
‘এতিয়া, মুখামুখি হ’ব পাৰিবি নহয়? পাৰিবতো লাগিবই।
এইবাৰ, তাৰ মুখখন যথেষ্ট দৃঢ় হৈ পৰিল।
ধুই থোৱা কাপোৰ এযোৰ পিন্ধি লৈ সি এইবাৰ কিচ্ছেনলৈ সোমাই গ'ল।
মানে, তাৰ বৰ ভোক লাগিছে। কিবা এটা খাই ল’ব লাগে।
বহুত বেছি আয়োজনখন নকৰি ভাত, দাইল আৰু চজিকে লৈ সি খালে।
বাচন-বৰ্তনখিনি ধুই-পখালি ৰেক্ডালতে থৈ দিলে।
তাৰ পিছত, বিচনাখন ভালকৈ এবাৰ জাৰি-জোকাৰি লৈ আৰু আঁঠুৱা
খনো তৰি লৈ লাইট-চাইট অফ কৰি সি দীঘল দি পৰি দিলে।
১
হঠাৎ, কাৰোবাৰ চিঞৰ-বাখৰ আৰু দৰ্জাখনত পৰা কেইবাটাও বলিষ্ঠ টোকৰত তাৰ টোপনি ভাগি গ'ল। ক’ত কি হৈছে একো ধৰিব নোৱাৰি সি ধৰমৰাই উঠিল, লাইটটো অন কৰি দিলে আৰু ‘কোন, কি হৈছে’ বুলি ডাঙৰকৈয়ে সুধিলে।
‘হেই, আমিহে। ভিতৰত কি কৰি আছে? দুৰ্জা খোলক!’
মানে, ঘৰটোৰ মালিক, মালিকনী!
এনেকৈ চিঞৰিছেহি যে! এওঁলোকৰ আক’ হ’ল কি!
চোলা এটা লৰালৰিকৈ গাত সুমুৱাই লৈ সি দৰ্জাখন খুলি দিলেগৈ।
লগে লগে, তেওঁলোক কেইবাজনো ভিতৰলৈ সোমাই আহিল।
‘কোনো সাৰি-শব্দ নাছিল যে! ইমান দেৰি কি কৰি আছিল?’
আৰে, এইটো আকৌ কি ধৰণৰ প্ৰশ্ন। কথাটো বা কি!
‘শুই আছিলো। হৈছেনো কি?’- সিতো দস্তুৰমত আচৰিত।
‘শুই আছিল? অ, শুইয়েই আছিল হয়। ঠিকেই আছে বাৰু।
নহয় মানে, আমি আক’ ভাবিলো, দুখে-বেজাৰে আপুনি কিজানি...’
কিবা এটা ভাবি মালিকনীয়ে বাক্যটো সম্পূৰ্ণ নকৰিলে।
তথাপিও, তেওঁলোকে কি ভাবিছিল, তাৰ কিন্তু বুজিবলৈ বাকী নাথাকিল।
লগে লগে, তাৰ হাঁহি এটাহে উঠি আহিল।
তাৰ হাঁহিটো দেখি তেওঁলোকে আক’ বেছিহে আচৰিত হৈ দেখুৱালে।
‘বহক, বহক’বুলি তেওঁলোকক বহিবলৈ কৈ সি নিজেও যেনিবা বহিল।
চোলাৰ আস্তিন কোঁচাই কোঁচাই সি এইবাৰ অলপ পোন হৈ বহি ল’লে।
‘চাওক, আপোনালোকে একো ভয় কৰিব নালাগে। মোৰ একো নহয়। মই কোনো কাৰণতে নমৰো। মানে, চুইচাইড নকৰো।
আপোনালোকৰ ঘৰটো চুৱা নকৰো। চিন্তা নকৰিব!’
তাৰ মুখৰপৰা সেই জাতীয় আশ্বাস এটা পাই তেওঁলোকে ভালেই পালে যদিও তাৰ পৰা ইমান এটা স্বাভাৱিক আৰু দৃঢ় উত্তৰ তেওঁলোকে কোনো কাৰণতেই আশা কৰা নাছিল। সেয়েহে নিশ্চয়, তেওঁলোক কিছু হতাশেই হৈ পৰিল।
‘সেইবোৰ বাৰু হ’ব। এতিয়া পিছে, ভাত-পানী বনালেনে নাই?’
মালিকনীয়ে আচলতে কথাৰ দিশটো সলনি কৰিবলৈ বিচাৰিলে।
‘অথনি খালোৱেই। মানে, পুৱাৰে ভাত-দাইল অলপ আছিল যে, তাকে গৰম কৰি খালো। নতুনকৈ এতিয়া নবনাওঁ আৰু! ভোকেই লগা নাই দেখোন!’
সি যিমান পাৰে, পৰিৱেশটো সহজ কৰিবলৈ চালে। [ ৮ ] সন্দেহজনক একো নেদেখি তেওঁলোক উভতি গ’লগৈ।
সিয়ো দুৱাৰখন বন্ধ কৰি আকৌ বিচনাত উঠিলগৈ।
এইবাৰ পিছে, বহুত দেৰিলৈকে তাৰ টোপনিৰ লগত দেখাদেখি নহ'লেই।
তাতে, ইমান দেৰি শুই লোৱাত ভাতৰ ভাগৰটোও আঁতৰি গ’ল যে!
বিচনাত পৰি থাকি টোপনি নহাৰ সময়কণত মানুহৰ সাধাৰণতে যি হয়, তাৰো সেয়ে হ’ল। মানে, চিনেমাৰ ৰিপ্লে’ হোৱাৰ দৰেই কথাবোৰ এটা এটাকৈ তাৰ মনলৈ আহি থাকিল। লগে লগে, ইমানদিনে অলপ অলপকৈ শুকাবলৈ ধৰা তাৰ মনৰ ঘাবোৰ যেন পুনৰ কেঁচা হৈ উঠি বিষাবলৈয়ে ধৰিলেহি।
লাহে লাহে, তাৰ চকুৰ আগত যেন ভাঁহি উঠিল, এদিন কেনেকৈ, ক'ৰবাত কিবা প্ৰকাৰে চাকৰি-বাকৰি এটা যোগাৰ কৰি ভাৰাঘৰ এটাকে লৈ হ'লেও শান্তিৰে ভাত এমুঠি খাবৰ উদেশ্যেই ঘৰৰ পৰা ওলাই আহি সি এই ঠাইখন পাইছিলহি।
আচলতে, দিনে ৰাতিয়ে নবৌৱেকৰ গালি-শপনি আৰু ঠেকেচা নেকেচা বোৰ শুনি শুনি সি এটা সময়ত যথেষ্ট পৰিমাণে বিৰক্ত হৈয়ে পৰিছিল।
তাতে, মাকৰ মৃত্যুৰ পিছত একমাত্ৰ ককায়েকটোও তাৰ পৰম শত্ৰু হৈয়ে উঠিছিল আৰু ভতিজা-ভতিজীহঁতেও তাত গা-উজান দিছিলহি।
সঁচা কথা ক'বলৈ হ'লে, তাৰ পিতৃগৃহতে সি অপাংক্তেয় হৈ পৰিছিল।
গতিকে, সেইখন ঘৰৰ পৰা ওলাই আহিবলৈ সি বাধ্য হৈছিল।
ইয়ালৈ আহিও যে সি ৰঙা দলিচাৰ আদৰণি পাইছিলহি, তেনে নহয়।
কিবা এক ৰহস্যময় কাৰণত ইয়াৰ সকলো দুৱাৰ-খিৰিকি তাৰ বাবে বন্ধ কৰি দিয়া হৈছিল। ইখনৰ পিছত সিখনকৈ বন্ধ দুৱাৰত টুকুৰিয়াই টুকুৰিয়াই সি এটা সময়ত হতাশ হৈয়ে পৰিছিল। কিন্তু, সৰুৰে পৰাই তাৰ মনত এটা দৃঢ় বিশ্বাস গঢ় লৈ উঠিছিল : য’তে ইচ্ছা, ত’তে পথ।
সেই বিশ্বাসকে সাৰোগত কৰি সি ইয়াত টিপাটো এৰি দিয়া নাছিল।
এদিন, অস্থায়ী হলেও চাকৰি এটাত সি মূৰটো সুমুৱাই ল'ব পাৰিলেহি।
সেই চাকৰিটোৰ সূত্ৰেই এদিন সি ভাৰাঘৰ এটাও বন্দৱস্ত কৰি ল’লেগৈ।
তাৰ দুদিনমানৰ পিছতে, এক অত্যুৎসাহী বন্ধুৰ হেঁচাত পৰি সি চিনাকি হ'লগৈ পদ্মাৰ লগত। কি ভাবি জানো, তাইয়ো সঁহাৰি জনালে। কম দিনৰ ভিতৰতে সিহঁত দুইটাৰ মাজত কিছু বুজাবুজিও হ’ল। মাক, দেউতাকেও আপত্তি নকৰিলে।
কিন্তু, আপত্তি আহিল আন এক পক্ষৰ পৰাহে।
মানে, মৰমৰ খুলশালীজনী আনৰ হৈ যোৱাটো সেইটো পক্ষই একেবাৰে সহ্য কৰিব পৰা নাছিল আৰু ভিতৰি ভিতৰি সি যেন জ্বলি জ্বলি ছাই গৈছিল। [ ৯ ] প্ৰচণ্ড খং আৰু ক্ষোভত ফাটি পৰি সেইটো পক্ষ এসময়ত যথেষ্ট পৰিমাণে অস্থিৰ হৈয়ে পৰিল আৰু নিজকে চম্ভালিব নোৱাৰি ৰাণাক এদিন বাটতে আগচি ধৰিলেহিঃ ‘তোমাক তিনিদিনৰ সময় দিছোঁ। তুমি এই ঠাই এৰি যাব লাগিব।’
আৰে, কথা কি, কাণ্ড কি! ইয়াৰ গাটো ফৰফৰাইছে কিয়!
ৰাণাতো দস্তুৰমত আচৰিত।
তাতে, সিহঁত দুয়োটা একে ঠাইৰে মানুহ।
ইয়ালৈ আহিয়েই ৰাণাই এদিন তাৰ লগত চিনাকিও হৈছিলগৈ।
কিন্তু, পদ্মাৰ লগত ৰাণাৰ কথা-বাৰ্তা আৰম্ভ হোৱাৰ পিছৰে পৰা মানুহটো একেবাৰে বেলেগ হৈয়ে পৰিল। তাক দেখিলেই তেৰাৰ খোজ-কাটলবোৰ অস্থিৰ হৈ পৰিল, চাৱনিটো ক্ৰুৰ হৈ পৰিল আৰু মুখখনৰ অভিব্যক্তি কঠোৰ হৈ পৰিল।
মানুহটোৱে এনেকুৱা কৰিবলৈ ল'লে যেন পাৰিলে সি ৰাণাৰ ডিঙিতে ধৰি গতিয়াই গতিয়াই নামদাং হাবিখন পাৰ কৰি থৈয়ে আহিবগৈ।
অনেকদিন, ৰাস্তাই-ঘাটে সি ৰাণাৰ গাত খুন্দা একোটা মাৰি থৈ গ’ল।
অনেকদিন, তাৰ স্কুটাৰখন ৰাণাৰ গাত লগাই থৈয়ো গ'ল।
অনেকদিন, ৰাণাক দেখুৱাই সি মুখখন বিকটাই থৈয়ো গ’ল।
অনেকদিন, ৰাণালৈ বুলি থু পেলাই থৈয়ো গ'ল।
ৰাণাই এই কথাবোৰ পদ্মাৰ আগত কৈ দিয়াতো উচিত বুলি ভাবিলে।
সেইমতে, এদিন সি এই কথাবোৰ পদ্মাক ক'লেও।
তাই কিন্তু তাৰ কথাখিনি বিশ্বাসেই নকৰিলে।
নকৰিবৰ কথাও। ৰাণাৰ বাহিৰে আনৰ ওচৰততো মানুহটো বিৰাট নম্ৰ- ভদ্ৰ হৈয়ে থাকে। আকৌ, সি হেনো বে-আইনৰ কথাও নকয়, কামো নকৰে।
তদুপৰি, সি হেনো ডাঙৰক সদায় সন্মান কৰে, সৰুবোৰক যথেষ্ট মৰম কৰে আৰু নিজৰ ডিউটিও ভালমতে কৰে।
এনে ক্ষেত্ৰত পদ্মাইনো এতিয়া ইয়াৰ কথা বিশ্বাস কৰিব কিয়!
আৰু, যদি পদ্ময়েই বিশ্বাস নকৰে, বাকীসকলক কৈতো লাভেই নাই।
তাতে, বিয়া পতাৰ আগৰে পৰাই, প্ৰায় এটা বছৰে, দহটা বাহানা দেখুৱাই শহুৰেকৰ ঘৰতে খলি পাতি বহি লোৱাৰ পিছৰে পৰা শাহুৱেক- শহুৰেকৰ মানত সিতো জোঁৱাই নহয়েই, বৰপুত্ৰহে হৈ পৰিল একেবাৰে!
তেওঁলোক ঘৰত নথকা সময়খিনিত সিয়েইতো হয়গৈ ‘ঘৰৰ মানুহ’!
তেন্তে, এতিয়া উপায়?
উপায় এটায়েই। মানে, বিয়াখন হৈ নোযোৱালৈকে ৰাণা তাৰ পৰা যিমান [ ১০ ] পৰা যায় আঁতৰি থকা। তাৰ লগত হ’ব পৰা যিকোনো ধৰণৰ সংঘাত এৰাই চলা।
কিন্তু, কয়েই নহয়, জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে।
ৰাণাক ইয়াৰ পৰা একেবাৰে খেদাই পঠিয়াই নিষ্কণ্টক হ’বৰ বাবে এইবাৰ সি নিয়োগ কৰিলে ভাৰাতীয়া গুণ্ডা।
সেইমতে, এদিন সন্ধিয়া, ৰাণাৰ ভাৰাঘৰৰ দুৱাৰত পৰিলগৈ এক বলিষ্ঠ হাতৰ কেইটামান টোকৰ। কোনোবা আলহী-অতিথি আহিছে বুলি ভাবি ই দুৱাৰখন খুলি দিয়াৰ লগে লগেই ৰূমত উগ্ৰমূৰ্তি ধৰি প্ৰৱেশ কৰিলেগৈ দুই বীৰপুৰুষ!
হঠাৎ, গাত আহি লগা এক প্ৰচণ্ড গঁতা চম্ভালিব নোৱাৰি ই চকী এখনতে বহি পৰিলগৈ আৰু লগে লগে এটাই ইয়াৰ গাৰ ওপৰতে উঠি ল’লেগৈ।
‘শুন, তই ইয়াৰ পৰা যাব লাগিব। কাইলৈয়ে যাব লাগিব। বুজিছ?
উপায় নাপাই আত্মৰক্ষাৰ বাবে ৰাণাই এটা সময়ত চিঞৰি দিলে।
কিবা স্বৰূপত, তাৰ চিঞৰটো শুনি কাষৰ ৰূমটোতে থকা অমল ওলাই আহিল আৰু ‘কি হৈছে, কি হৈছে’ বুলি ৰাণাৰ ৰূমটোলৈ সোমাই গ'ল।
অমলক দেখিয়েই সিহঁত, কিয় জানো, হাঁহি মাতি অতি সহজ হৈ পৰিল আৰু ৰাণাই ধেমালিও নুবুজে বুলি আক্ষেপ এটা কৰি ৰূমটোৰ পৰা ওলাই গ'ল।
সেই সময়ত, অমলৰ লগত সিঁহতে পতা কথাৰ পৰাই ৰাণাই গম পালে, সেই বীৰপুৰুষ দুটাৰ এটা আছিল কোনোবা হেমন্ত। আনটো কোনোবা বিশ্বজিৎ!
কিন্তু, ৰাণাৰ লগত ইহঁতে ফেপেৰি পতাৰ কাৰণটো কি হ'ব পাৰে!
পিছদিনাহে সি গম পালে এই ঘটনাৰ আঁৰত প্ৰকৃততে আছিল কোন।
লগে লগে, সি ঠিক কৰিলে, সি কোনো কাৰণতেই এই ঠাই এৰি নাযায়।
নাযায়তো নাযায়েই, আনকি পদ্মাকো সি বিয়া কৰাইহে এৰিব।
কিন্তু, ইয়াক অতি আচৰিত কৰি দি এইবাৰ ইয়াৰ বিৰুদ্ধে থিয় দিলেহি পদ্মাৰ মাক। তেওঁৰ স্পষ্ট কথা, তেওঁ জীয়েকক বিয়া দিব ঠিকেই, কিন্তু ল'ৰাটোৰ সবফালে ঠিক থাকিব লাগিব। ল’ৰাৰ নিজা এটা ঘৰ আৰু নিজা এখন গাড়ীতো লাগিবই, তদুপৰি, ল’ৰাৰ ঘৰৰ মানুহেও তেওঁৰ জীয়েকক লখিমী বোৱাৰী হিচাপে আদৰি সাদৰি বিয়া পাতি নিবহি লাগিব।
মহা বিপদ!
কিন্তু, সিতো তেওঁলোকক আগতেই স্পষ্টকৈ কৈ দিছিল যে তাৰ মাক- দেউতাক বৰ্তমান এই পৃথিৱীত নাই, তাৰ ককায়েকটো থকা-নথকা একেই কথা আৰু তাৰ চাকৰিটোও তেতিয়ালৈকে স্থায়ী হোৱা নাই।
তেতিয়াতো তেওঁলোকে সেইবোৰ একো কথাই নহয় বুলিয়েই কৈছিল। [ ১১ ] কিন্তু, এতিয়া হঠাৎ এইবোৰ ‘কথা’ হৈ পৰিল যে!
পৰক! সেইবুলি সি কি পৰাজয় স্বীকাৰ কৰি পলায়ন কৰিব?
সি আঁতৰি দিয়া মানেতো সিটো পক্ষক সুবিধা কৰি দিয়াহে হ'ব।
সেই সুবিধাটো সেই বেটাই কিয় পাব লাগে?
সেই সুবিধাটো সি কিয় নাপাব, তাৰ স্পষ্ট উত্তৰ বিচাৰি সি পিছে এদিন এক গাঁৱলীয়া ৰাস্তাৰ কেঁকুৰিত আকৌ এবাৰ ৰাণাৰ মুখামুখি হ’লহি।
‘তোমাক ইয়াৰ পৰা যাবলৈ কৈছিলো নহয়! যোৱা নাই কিয়?
তুমি কি মোক ছেলেঞ্জ কৰিছা নেকি?’
এনেয়ে দুপৰীয়াৰ সেই নিজান ৰাস্তা! তাতে, ৰাণাতকৈ তুলনামূলকভাৱে সি বেছি শক্তিশালীও। তেনেস্থলত, ই এতিয়া কৰে কি!
বহুত দেৰিলৈ ইপক্ষইয়ো লৰচৰ কৰা নাই, সিপক্ষইয়ো।
ইপিনে, ৰাণাৰ মনৰ ভাবটো হ’ল, সেই সময়তে কোনোবা নহয় কোনোবা চিনাকি মানুহ এজন সেই ৰাস্তাৰে আহি ওলাবহিও পাৰে।
নহ'লেও, নাটকীয়ভাৱে পৰিস্থিতিটো সলনি হৈ যাবও পাৰে।
হ’লো সঁচা। মানে, কাষৰ গলি ৰাস্তাটোৰে হঠাৎ কুকুৰ এটা দৌৰি আহি ইহঁত দুটাৰ মাজতে সোমালহি আৰু ভুকিবলৈ ধৰিলে।
তাৰ পিছে পিছে খেদি আহিছে এটা মস্ত ক’লা কুকুৰ!
‘ৰাস্তাই-ঘাটে এই কুকুৰবোৰৰ কিনো এইবোৰ জা-নো! চেই, চেই!’
কুকুৰকেইটাৰ প্ৰতি তাৰ গালিষাৰ শুনি ৰাণাৰতো হাঁহিয়েই উঠি গ'ল।
লগে লগে ই ঠিক কৰিলে, এইটো চান্সতে ইয়াৰ পৰা আঁতৰাহে কথা!
সেই কুকুৰ-আখ্যানৰ পিছত বহুদিনলৈ সিহঁতৰ মুখামুখি হোৱা নাছিল।
হয়তো, ইয়াক ক'ৰবাত দেখিলেই লাজতে সি নিজেই আঁতৰি দিছিল।
কিন্তু, তাৰ আচলতে লাজ লগা নাছিল।
যিহেতু বিয়াখনৰ প্ৰস্তুতি আগবাঢ়িছিল সেয়েহে সি ৰণনীতিহে সলাইছিল।
মানে, মানুহক দেখুৱাই সি বিয়াৰ যা-যোগাৰত অতি ব্যস্ত হৈ পৰিছিল।
তাৰ ওপৰত দায়িত্ব ন্যস্ত নকৰা কামবোৰতো সি হস্তক্ষেপ কৰিছিলগৈ।
চিনাকি দুই-একৰ আগত সি দিয়া যুক্তিটো হ’ল এইখন ঘৰৰ প্ৰতি তাৰ এটা দায়িত্ব আছে। হওতে দায়িত্ব বাকীবোৰৰো আছে, কিন্তু, শহুৰেকৰ ককাই- ভাইবোৰ যিহেতু অতি স্বাৰ্থপৰ আৰু সেইবোৰ মানুহে যিহেতু বিয়াৰ দিনাহে দেখা এটা দি নিজৰ দায় সাৰিবহি, সেইবাবে শহুৰেকক অলপ সহায় কৰি দিবলৈ বুলি সি নিজেই আগবাঢ়ি আহিছে। [ ১২ ] মানে, আহিবলৈ সি বাধ্য হৈছে।
ভাল কথা। বৰ ভাল কথা। বেয়া বুলিতো কোনো কাৰণতে ক'ব নোৱাৰি।
কিন্তু, শেষ পৰ্য্য়ন্ত সি যে নিজকে লুকুৱাই ৰাখিব নোৱাৰিলে।
তথাপি, ৰাণাই ভাবিলে, সিনো কোন?
এনেয়ো, বিয়াৰ পিছত প্ৰত্যেকেই নিজৰ নিজৰ ভাগেই থাকিবগৈ।
কোনেনো কাৰ ছাঁ গছকিবলৈ যাব! সব নিজক লৈয়েই ব্যস্ত হ'ব।
কিন্তু, কথাবোৰ ৰাণাই ভবামতে, আশা কৰামতে নহ'লগৈ।
এইবাৰ আৰম্ভ হ’ল জী-জোঁৱাইকেইটাৰ মাজত তুলনাৰ ৰাজনীতি।
মানে, কোন কাতকৈ ধনী, কোন কাতকৈ ভাল, কোন কাতকৈ উপকাৰী!
এইবোৰেই আৰু!
কিন্তু, ৰাণাতো এনেয়ো এইজাতীয় ভাব-চিন্তাৰ সাত ঢাপৰ বাহিৰত।
সৰুৰে পৰাই তাৰ এক নিজস্ব মন আছে, এক লক্ষ্য আছে, আদৰ্শ আছে।
জীৱনত কিবা এটা কৰি থৈ যোৱাৰ এক নিৰ্দিষ্ট আঁচনি আছে।
কিন্তু, শহুৰেকৰ ঘৰখনত তাৰ এইবোৰ লক্ষ্য, আদৰ্শ আৰু আঁচনিৰ কথা বুজিবলৈ আছে কোন! তাতে, আদৰ্শ জোঁৱাইৰ উদাহৰণ হৈ বাকীকেইটাই তাত ইতিমধ্যে ভিতৰ-বাহিৰ কৰি আছেই!
‘বুইছা ৰাণা, মাইকীমানুহবোৰৰ ওচৰত তোমাৰ এই লক্ষ্য, আদৰ্শ আৰু আঁচনিবোৰৰ কোনো অৰ্থ-পদাৰ্থনাই। সিহঁতৰ লক্ষ্য, আদৰ্শ আৰু আঁচনি বেলেগ।
হাচবেণ্ড হিচাপে সেইখিনি পূৰণ কৰি দিব পাৰিলেই তুমি ভাল মানুহ আৰু নোৱাৰিলেই বেয়া। বুজিছা?’
এইখিনি হ’ল বিজয়দাৰ ভাষ্য।
তেওঁ হয়তো ঠিকেই কৈছে। আজি ইমানদিনে সংসাৰ কৰি কৰি হোৱা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই নিশ্চয় তেওঁ এই কথাখিনি ৰাণাক কৈছেহি।
সিয়ো কথাখিনি বুজি নোপোৱা নহয়, পাইছে।
কিন্তু, সি তেওঁলোকৰ লগত আপোচ কৰিবলৈ বিচৰা নাই।
সি আপোচ কৰিবলৈ যোৱা মানেইতো সিটো পক্ষৰ বাবে বাট এৰি দিয়া।
কিন্তু, বাট এৰি নিদিয়া মানুহৰ বাট ভেটি ধৰিবৰ বাবে সিপক্ষই এইবাৰ পঠিয়ালে আন এক গুণ্ডা। এদিন সন্ধিয়া বজাৰ কৰি খোজকাঢ়িয়েই গৈ থাকোতে নিয়োগ বিনিময় কেন্দ্ৰটোৰ সমুখতে সেই গুণ্ডাই ৰাণাৰ বাট ভেটি ধৰিলেহি।
‘এই, ৰ’বা! তোমাৰ তেল বেছি হৈছে।
তোমাক চাইহে আছে। সাৱধানে থাকিবা?’ [ ১৩ ] সি যিহেতু ৰাণাক আক্ৰমণ কৰা নাছিল সেয়েহে ৰাণাই স্বস্তি পালে।
কিন্তু, সেই মানুহটো প্ৰকৃততেনো কোন আছিল, ই ধৰিব নোৱাৰিলে।
এদিন পিছে, বেংকৰ সমুখৰ চাহ দোকানখনত সেই মানুহটোৰ লগত সিটো পক্ষই হাঁহি মাতি চাহ-মিঠাই খাই থকা দেখিয়েই ৰাণাৰ ইমান দিনৰ সন্দেহটো এক বিশ্বাসতে পৰিণত হ’লহি। কিন্তু, সিনো এতিয়া ইহঁতক কৰিব পাৰিব কি!
আন এদিন, বহুত কিবা কিবি ভাবি সি পদ্মাৰ আগত কথাটো উলিয়ালে।
কিন্তু, তাৰ কথাটো শুনিয়েই তাইতো একেবাৰে গৰ্জি উঠিল।
‘কি কথা কয়? সেইজন মানুহৰ কথা আপুনি তেনেকৈ ভাবিব পাৰেনে?
মানুহজনে বাইদেউক কিমান মৰম কৰে দেখা নাই?’
ৰাণাই কিন্তু বুজিলে, এইবোৰ সব ফাঁকি।
কিন্তু, বাই-ভনীবোৰৰ তথাকথিত সোণ-ৰূপৰ সংসাৰবোৰ দেখি দেখি পদ্মাৰ মনতো চাগে এটা এটাকৈ অসন্তুষ্টি জমা হ’বলৈ ধৰিছিলহি।
তাইৰ ওজৰ-আপত্তিবোৰ এটা এটাকৈ বাঢ়ি আহিবলৈ ধৰিলে।
অ’ৰ দোষে ত’ৰ দোষে গাঙঠি নামে থোপাথোপেৰ দৰে কথাবোৰ আৰু ঢাকি ৰাখিব নোৱাৰা বিধৰ হৈ পৰিলগৈ। এদিন ৰাতি, মাক, জীয়েক, বায়েক, ভনীয়েক সকলোৱে ডিঙিত ধৰাধৰিকৈ ঠিকচে এসোঁতা কান্দিলে আৰু লগতে অতি শীঘ্ৰে নাৰীজাতিৰ সন্মান ৰক্ষা কৰাৰ বাবে এক দৃঢ় প্ৰতিজ্ঞাও কৰিলে।
মানে, লোহা গৰম হৈছেই। এতিয়া, মাৰ কেইচাটমান দিয়াহে কথা!
লগে লগে, সিপক্ষৰ পৰামৰ্শমতেই, পত্নীৰ ওপৰত তীব্ৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ এটা ৰাণাৰ ওপৰত জাপি দি লিখা হ’ল এক এজাহাৰ।
‘তুমি একো চিন্তাই নকৰিবা! মই আছো।’
আশ্বাস দিয়াৰ উপৰিও সি যেন খুলশালীজনীৰ চকুপানীখিনিও মচি দিবহি!
এজাহাৰখন হাতত লৈয়েই সি আনন্দত জপিয়াই জপিয়াই নাচিলে।
সেইখন থানাত দিয়াৰ দায়িত্বভাগো সি নিজেই ল'লে।
যিমানেই যি নহওক, সেইখন ঘৰৰ প্ৰতি তাৰ এটা দায়িত্ব আছে নহয়!
ঘৰখনৰ ইমান এটা বিপদৰ সময়ত সিতো মূৰ পোলোকা দিব নোৱাৰে।
গতিকে, অৱস্থা চাই ব্যৱস্থা কৰাৰ আশ্বাস এটা দি সি থানা পালেগৈ।
‘এইখন সংসাৰ নৰয়। আপুনি কে’চটো ৰেজিষ্টাৰ কৰিয়েই দিয়ক, ছাৰ!’
সেইদিনা, অ.চি.ৰ ওচৰত এইয়াই আছিল তাৰ সজোৰ দাবী।
শৰাইঘাটৰ এই শেষ ৰণখনত নিজৰ বিজয় নিশ্চিত কৰিবৰ বাবে সি এটা সময়ত মাতি নিলেহি নিৰ্য্য়াতিতা সহিতে তাৰ শাহুয়েককো। [ ১৪ ] তাত গৈ নিৰ্যাতিতাই হুকহুকাই এসোঁতা কান্দিলে। মাকে খং কৰিলে।
সিপক্ষই ৰাণাক লক আপত সুমুৱাই ঠিক্চে এপালি দিয়াৰ কথা ক'লে।
কিবা জামিনবিহীন ধাৰাৰ কথা ওলাল। দহবছৰ জেইলৰ কথাও ওলাল।
এসময়ত, ডাইভোৰ্চৰ কথা ওলাল। এলিমণিৰ কথাও ওলাল।
মানে, ডাইভোৰ্চৰ পিছত ওৱাইফক দি থাকিবলগীয়া পইচাখিনিৰ কথা।
কিন্তু, গোটেই পৃথিৱীখন তোমাৰ বিৰুদ্ধে গ’লেও কোনোবা নহয় কোনোবা এজনতো তোমাৰ পক্ষত থিয় দিবহিয়েই।
ৰাণাৰ ক্ষেত্ৰতো সেয়ে হল।
মানে, তাৰ হৈ মাত মাতিবলৈ থানাত উপস্থিত হ'লগৈ তাৰ বন্ধুবৰ্গ।
কিন্তু, সিপক্ষই যে মান্তি হোৱাৰ নামেই নলয়।
এটা সময়ত, পুলিচৰ মানুহখিনিৰো চাগে আমনি লাগিলগৈ।
ঠিক চাৰিমান বজাত, পত্নীৰ ওপৰত ভৱিষ্যতে কোনো ধৰণৰ অত্যাচাৰ নকৰিব বুলি ৰাণাৰ হতুৱাই এক চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাই লৈ অ.চি.য়ে তাক যাবলৈ দিলে। লগে লগে, পিছলৈ এবাৰো নোচোৱাকৈ সি গহীনত ওলাই আহিল।
অৱশ্যে, থানাৰপৰা ওলাই আহিবৰ সময়ত, কিয় জানো, চেকেণ্ড অফিচাৰ জনে তাক একাষৰীয়াকৈ মাতি নি ক’লে, সেইজাতীয় অভিযোগ কিছুমান থানা খনলৈ আহিয়েই থাকে। তাৰ বেছিভাগ অভিযোগেই মিছা বুলি তেওঁলোকে জানে আৰু বুজে যদিও মাইকী মানুহৰ কে’চবোৰ ল'বৰ বাবে তেওঁলোক বাধ্য হৈ পৰে।
তেওঁৰ অসহায় স্বীকাৰোক্তিটো শুনি ৰাণাতো দস্তুৰমত আচৰিত হ'ল।
লগে লগে সি ঠিক কৰিলে, এইখন থানাত এইজাতীয় এইটোৱেই অন্তিম কে’চ হ’ব আৰু ইয়াৰ ব্যৱস্থা সি নিজেই কৰিব। মানে, সি ইয়াৰ বিৰুদ্ধে এনেকুৱা প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব যে জোঁৱায়েকৰ ওপৰত পুলিচ-কে’চ এটা দিয়াৰ আগতে অন্ততঃ ইয়াৰ মানুহখিনিয়ে হাজাৰবাৰ ভাবিব। ভাবিবলৈ বাধ্য হ’ব।
এই কামটো কেনেকৈ আৰম্ভ কৰিব তাকে ভাবি ভাবি সি আহি থাকোঁতে সিপক্ষই স্কুটাৰ চেঁকুৰাই আহি বেংকৰ কেঁকুৰিটোতে ইয়াৰ বাট ভেটি ধৰিলেহি।
‘চোৱা, একে ঠাইৰে ল’ৰা বুলিয়েই তোমাক আগতেই কেইবাবাৰো সাৱধান কৰি দিছিলো। মনত আছে?
তুমি কিন্তু ডাঙৰক সন্মান কৰিব নাজানা।
এতিয়া আৰু আমি এনেকুৱা কৰিমেই। তুমি কি কৰিবা?’
বৃন্দাবন
ৰাজাই পিঠিৰ বেগটো বাৰাণ্ডাৰ বেঞ্চখনতে ধুপুচকৈ পেলাই দিলেগৈ।
তাৰ কাণ্ড-কাৰখানাখন দেখি হালৈদেৱৰ হয়তো হাঁহিয়েই উঠিল।
‘ইমান ডাঙৰ বেগ! কিনো আনিছে?মই কিন্তু এই সৰু বেগটোহে লৈছোঁ।’
‘জা-নো ভাই! আপুনি কি লয়, কি নলয়, আপোনাৰ কথা।
ফুৰিবলৈ যাওঁতে মই হ’লে দৰকাৰী বস্তুবোৰ লগত লৈয়েই যাওঁ।’
পিন্ধা কাপোৰখিনিতো সি লয়েই। তাৰ উপৰিও নিজৰ টাৱেলখন, চাবোন, চেণ্ডেল, টুথপেষ্ট, ফণি আদিও লৈ যায়। সি মানে গৃহস্থঘৰক যিমান পাৰে কমকৈ অসুবিধা দিবলৈ চেষ্টা কৰে যাতে তেওঁলোকে ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া নহয়।
‘ভালেই কৰিছে। আমাৰজনে অৱশ্যে এইবোৰ চিন্তা কৰিবই নালাগে। অসমখনৰ য’লৈকে যায় তাতেই নিজৰ মানুহ আছে যে! অসুবিধা নাই।
তাতে, আমাৰ বাই-ভনীকেইজনীৰ মাজততো মৰম-চেনেহ পূৰা আছে।
দেখিব নহয়, সিহঁতে এওঁৰ কাপোৰ-কানিও ধুই দিব।’
গৌৰৱত ৰুণা নবৌৰ হাঁহিটো সমগ্ৰ মুখমণ্ডলতে যেন বিয়পি পৰিল।
এটা সময়ত, হালৈদেৱৰ মুখতো সেই হাঁহিটিৰ সংক্ৰমণ ঘটিলহি।
ভাল লাগে। এনেকুৱা সংসাৰবোৰ দেখিলে তাৰ আচলতে ভালেই লাগে।
তামোল এখন মুখত ভৰাই ৰাজাক ‘ব’লক’ বুলি কৈ তেওঁ আগবাঢ়িল।
সি দেখিলে, বেগটো হাতত লৈ ৰুণা নবৌয়ে ঠিক তেওঁৰ পিছ লৈছে।
তেওঁৱো যাব নেকি! তাকো, এইটো সাজত!
তেওঁ যাব বুলিতো তাক কোৱা নাছিল। তেন্তে?
‘না না, মই ষ্টেচনলৈকেহে যাম। অলপ আগবঢ়াই দিওঁ আৰু!’
ঠিক আছে, ঠিক আছে। ভাল কথাই। অলপ আগবঢ়াই দিবই লাগে।
সি আৰু বেছি কথা নকৈ তাৰ গধুৰ বেগটো পিঠিতে বান্ধি লৈ হেপোৰ তেপোৰকৈ তেওঁলোকৰ পিছ ল’লে। ৰাস্তাটো ভাল হোৱাহ’লে বেগটো চলাই চলাই নিবই পাৰিলেহেঁতেন। কিন্তু, এইবোৰ ভগা-চিগা ৰাস্তাত তেনে কৰাটো সম্ভৱেই নহয়। অৱশ্যে, ষ্টেচনৰ ভিতৰত পৰা যাব। কিন্তু, কিমানকণ দূৰনো! [ ১৬ ] ‘পাৰিব নে টমটম ধৰিব লাগিব?’
হালৈদেৱৰ আব্দাৰটো দেখি তাৰ ভালেই লাগিল বাৰু।
কিন্তু, নবৌয়েকৰ আগত লাজ পোৱাতকৈ সি নালাগে বুলিয়েই ক'লে।
কিমানকণ দূৰনো! আধা কিল'মিটাৰহে। হ’ব, পাৰিব।
পাৰিলে বাৰু। কিন্তু, শেষত গৈ প্লেইটফৰ্মত বেগটো নমাই দিয়াতহে শান্তি লাগিল। তাতে, পিঠিখন ঘামত তিতি গ'ল। কথাটো তাৰ ভাল নালাগিল।
সি গম পালে, ট্ৰেইনখন আহিবলৈ তেতিয়াও আধাঘণ্টা বাকী আছে।
সি ভাবিলে, ক'ৰবাত অলপ বহিব পৰা যাব তেন্তে।
এঠাইত খালী চিট দুটা দেখি সি খৰধৰকৈ আগবাঢ়ি গ'ল।
বেগটো তাতে ৰাখি সুখী দম্পতীক অলপ বহিবলৈ কৈ টিকটটো কাটি লওঁ বুলি সি আগবাঢ়িল। ভীৰ বেছি হোৱা নাছিল। টিকটটো সি সহজেই পালেগৈ।
উভতি আহি সি দেখিলে তেওঁলোক দেখোন কিবা কথাত হাঁহি হাঁহি ইটোৰ গাত সিটো যেন বাগৰিয়েই পাৰিছে।
মানুহগৰাকীৰ হাত দুখন আকৌ হালৈদেৱৰ হাতৰ মুঠিত।
চাৰিওফালে যে বেলেগ মানুহ আছে, খবৰেই নাই একেবাৰে।
এওঁলোকে বাৰু অলপ বেছি কৰি দেখুৱাইছে নেকি!
বিয়াৰ ইমান বছৰৰ পিছতো ইমান প্ৰেমনে!
এওঁলোকৰ ভীমৰতি চৰিছে নেকি আক’! ক’বতো নোৱাৰি।
যিয়েই নহওক, এই সময়ত এওঁলোকক সি দিগদাৰ দিব জানো!
বহুত দেৰি সি বিব্ৰত অনুভৱ কৰি ৰৈ থাকিল।
এটা সময়ত লাহেকৈ কাহ এটা মাৰি সি তেওঁলোকৰ সমুখত থিয় দিলেগৈ আৰু টিকট দুটা দেখুৱালে। তেওঁ পিছে টিকট দুটা তাকে ৰাখি থ’বলৈ ক'লে।
অলপ পিছতে ট্ৰেইনখন আহিল। সিহঁতেও খৰধৰকৈ উঠি ল’লেগৈ।
চিট দুটা কোনোমতে দখল কৰি খিৰিকিৰে বাহিৰলৈ চাওঁতেই সি মন কৰিলে নবৌৱেকে দেখোন চলচলীয়া চকুৰে হাত জোকাৰি জোকাৰি ৰৈ আছে।
কি কাৰবাৰ!
ট্ৰেইন আগবাঢ়িল। আৰম্ভ হ’ল হকাৰবোৰৰ চিঞৰ বাখৰবোৰ।
মাজে মাজে কাণত পৰিলহি হিজ্ৰা কেইটামানৰ হাত চাপৰিৰ শব্দও।
যাত্ৰীবোৰৰ মাজত দহটামান ভাষাত কোৱা দহ ৰকমৰ কথা।
মুঠতে, চাৰিওফালে এক হুলস্থূলীয়া পৰিৱেশ।
সেইবোৰৰ মাজতো সি মন কৰিলে, আধাঘণ্টা-এঘণ্টাৰ মূৰে মূৰে [ ১৭ ] হালৈদেৱৰ ফোনৰ ৰিংট'নটো বাজি থাকিল। মানে, তেওঁৰ মিছেচৰ কল!
ট্ৰেইনখন ক’ত পাইছেগৈ, তেওঁ চাহ-তাহ কিবা খাবলৈ পাইছেনে নাই, সব কথাৰে মানুহগৰাকীয়ে আপডে'ট বিচাৰি আছে।
ইপিনে, হালৈদেৱৰ মুখততো অনবৰতে হাঁহিটো লাগিয়েই আছে।
কথা-কাণ্ডবোৰ দেখি দেখি তাৰ মানে এটা সময়ত বিৰক্তি লাগিলগৈ।
খিৰিকিৰ কাষৰ চিট এটা খালী হৈ থকা দেখি তালৈকে সি উঠি গ'ল।
‘উঠি গ'ল যে! হৈছে কি?’ - তেওঁ যেন অলপ আহত হ’ল।
সি বোলে, একো নাই, খিৰিকিৰে বাহিৰখন অলপ চাবহে খুজিছে।
যিমান দূৰলৈকে তাৰ চকু গৈছে সিমান দূৰলৈকে কেৱল সেউজীয়া!
বিস্তীৰ্ণ চাহবাগিছা, গছ-গছনি, হাবি-জংঘল, ঘৰ-বাৰী, ধাননীপথাৰ।
মাজে মাজে পাৰ হৈ গৈছে একোখন নদী, একোটা জান, একোটা জুৰি!
ওপৰত ওলমি আছে ৰৌদ্ৰোজ্জ্বল এখনি নীলা আকাশ!
আকাশৰ ঠায়ে ঠায়ে ওলমি ৰৈছে কপাহ-কোমল দুই এটুকুৰা ডাৱৰ!
সুন্দৰ! সঁচায়ে, বৰ সুন্দৰ! চাই থাকিলে হেপাহ নপলায়েই দেখোন!
দবাৰ ভিতৰৰ পৰিৱেশ আৰু বাহিৰৰ পৰিৱেশৰ কি যে পাৰ্থক্য!
দবাৰ ভিতৰৰ হাজাৰটা হুলস্থূলৰ মাজতো এপাকত পিছে তাৰ কাণত পৰিলহি এটা দীঘলীয়া মাত, ‘ছায়, গৰম ছায়!'
‘চাহ খাওঁ, আহক!’-হালৈদেৱৰ প্ৰস্তাৱটো তাৰ অৱশ্যে ভালেই লাগিল।
চাহৰ লগতে তেওঁ যেনিবা টেমা এটাৰ পৰা উলিয়ালে দুটুকুৰা কে'ক।
কে'কটুকুৰা মুখত লৈয়েই সি বুজি পালে এইবোৰ বনোৱা-কৰাত মানুহ গৰাকীৰ হাতখন যথেষ্ট ভালেই।
অন্ততঃ তাৰ গৰাকীতকৈ যে ভাল, সেইটো কথা সঁচা।
এই কথাটো কিন্তু সি ঘৰৰ গৰাকীৰ আগত উলিয়ালেগৈ দিগদাৰ আছে।
তেওঁ যিতুহে মন্তব্য দিব, ভাবিবলৈয়ো তাৰ লাজ লাগে।
‘আৰু এটুকুৰা লাগে নেকি?
দিলেতো লাগেই। আছে যদি লাডু-চাডুুুও খাই চাব পাৰি।
'বুইছে, ভনীয়েকলৈ বুলি ঘৰতে চাউল খুন্দি পিঠা, লাডু এসোপামান বনাই দি পঠিয়াইছে। লগত, সান্দহগুৰি আৰু আচাৰখিনিওতো আছেই।
মই বোলো, বেছিকৈ দিলে বেগত নধৰিব। নিওঁতে অসুবিধা হ’ব।
নাই,নুশুনেই৷ এতিয়া অৱশ্যে ভালেই হৈছে। আমিও তাকে খাব পাৰিম।’
ঠিক আছে, তেন্তে। যিমান পৰা যায় খোৱাহে কথা। [ ১৮ ] খালি, মানুহঘৰত দিবলৈ টোপোলাটোত কেইটামান থাকিলেই হ’ল৷
‘বুইছে, এই মিতিৰ ফুৰাৰ কামটো কৰিবলৈ মই হ’লে ভালেই নাপাওঁ।
সময়ো নাপাওঁ৷ ইফালে, খৰচ-পাতিৰ কথাও আছে।
তেওঁ কিন্তু নামানিলেই।
বোলে, ভনীয়েকজনীৰ ঘৰৰ পৰা এপাক মাৰি আহিবগৈয়ে লাগে।
মই বোলো গলে দুইটা যাওঁ। তেওঁ আক’ ঘৰখন এৰি নাযায়।
কি কৰিম, কওক! অগত্যা যোৱাটোকে ঠিক কৰিলো আৰু!
তেনেতে ভাবিলো, যায় যদি আপোনাকো লগতে লৈয়েই যাওঁ।
দুইজন লগ হ'লে ফুৰিবলৈ বেয়া নালাগিব।
বাটে পথে কথা এষাৰ পাতিবলৈয়ো লগ এটা লাগে নহয় ৷ নে কি কয়?’
সেইটোতো হয়েই। অকলে গলে আমনি লাগিবৰ কথাও।
অচিনাকি সহযাত্ৰীৰ লগত কিমান কি কথানো পাতিব পাৰি আৰু!
কোনোবা এজনে সহাৰি দিলেও আন কোনোবাজনে নিদিবও পাৰে।
কিছুমান মানুহে আক’ অচিনাকি সহযাত্ৰীক বিশ্বাসত নলয়েই নহয়!
তাতকৈ, ঘৰৰ পৰা যাওঁতেই লগ এটা লৈ যোৱাই বুধিয়কৰ কাম হ'ব।
ভালেই হ’ল।বহুদিন ঘৰতে সোমাই সোমাই তাৰো আমনিহে লাগিছিল।
গতিকে, এওঁৰ লগতে এপাক মাৰি অহাহে ভাল হ'ব।
ইফালে, সৰু-ডাঙৰ প্ৰায় প্ৰতিটো ষ্টেচনতে ৰৈ ৰৈ ট্ৰেইনখন গৈ থাকিল।
জংচন-ষ্টেচনকেইটাৰতো কথাই নাই আনকি মাজৰাস্তাতো ক্ৰচিঙৰ নামত আধাঘণ্টামানকৈ ৰখায়। বিৰক্তি লাগি যায় একেবাৰে। নামি যাবৰে মন যায়।
পিছে, যিয়েই নহওক, ট্ৰেইনৰ ড্ৰাইভাৰক ক’বানো কি, কৰিবানো কি!
যি বেমাৰৰ ঔষধ নাই সেই বেমাৰ সহ্য কৰাৰ বাহিৰে আন কি উপায়!
এটা ষ্টেচনত তিনিটা এমা-ডিমাৰে সৈতে উঠিলহি এটি বিশেষ পৰিয়াল।
ক’লা কাপোৰৰ আৱেষ্টনিৰ মাজেদি মাত্ৰ চকু দুটাহে ওলাই থকা মহিলা গৰাকীৰ বিষয়ে অনুমান কৰাৰো কোনো উপায় নাছিল। কিন্তু, আধাপকা চুলি- ডাঢ়িৰে সৈতে মানুহজনৰ বয়স মোটামুটি যাঠিবছৰ মান হ’ব যেন লাগিল।
এৰা, এইবোৰহে মানুহ। অক্ষয় যৌৱন একেবাৰে!
মন্তব্য দিয়াটো অসুবিধা যদিও হালৈদেৱে তালৈ চাই মিচিকিয়াই হাঁহি এটা মাৰিলে আৰু খিৰিকিৰে বাহিৰলৈ চাই ৰ’ল। সি পিছে গহীন হৈ বহি থাকিল।
কি দৰকাৰ! বাটৰ কচু গাত ঘঁহি লোৱাৰ কি দৰকাৰ!
পৰৱৰ্তী ষ্টেচনটোত পিছে চকুত পৰাকৈয়ে ধুনীয়া মহিলা এগৰাকী আহি [ ১৯ ] তাৰ কাষতে বহিলহি। সি আৰু তেওঁৰ বাবে যিমান পাৰে ঠাই উলিয়াই দিলে।
এপাকত সি পিছে মন কৰিলে, হালৈদেৱে মুখ টিপি টিপি হাঁহি আছে।
হাঁহিটো চেপি ৰাখিবলৈ চেষ্টা কৰোতে কৰোতে এটা সময়ত তেওঁৰ পিছে কাহ এটা উঠি আহিল। তেওঁৰ চকু দুটাও ৰঙা পৰি গ'ল।
তেওঁৰ অৱস্থাটো দেখি তাৰ কিন্তু বেয়াই লাগিল।
আন উপায় নেদেখি তেওঁলৈ বুলি পানীৰ বটলটোকে আগবঢ়াই দিলে।
পানী এঢোক খাই লৈ দুবাৰমান গলখেকাৰি মাৰি তেওঁ যেনিবা অলপ তৎ পালে। সি ভাবিলে, লেঠাটো মৰিল। কিন্তু, নহয়।
সি দেখিলে, মুখ টিপি টিপি তেওঁ আকৌ হাঁহিবলৈহে ধৰিছে।
কি কথাটোতনো তেওঁ ইমান ৰস পাইছে জানো!
পিছৰ ষ্টেচন এটাত অৱশ্যে মহিলাগৰাকী নামি গ'ল।
এইবাৰ, পকা ডাঢ়ি-চুলিৰে বুঢ়া মানুহ এজন আহি সেই ঠাইত বহিলহি।
কথাটো তাৰ ভাল নালাগিল।
আন উপায় নেদেখি সি খিৰিকিৰে বাহিৰলৈকে চাই ৰ'ল।
এপাকত মন কৰিলে, তেওঁ দেখোন আকৌ খুকখুককৈ হাঁহিয়েই আছে।
হয়তো, সুন্দৰী মহিলাগৰাকীৰ স্থানত বুঢ়া মানুহজন আহি বহাত তাৰ মনত কেনে লাগিব পাৰে তাকে অনুমান কৰিয়েই তেওঁ ৰস পাইছে।
টি.টি.ই.জন আহি ওলালহি। সি টিকট দুটা গহীনত উলিয়াই দিলে।
ভিক্ষাৰী এটা আহি ওলালহি। পাঁচটকীয়া এটা দি বিদায় দিলে।
হিজৰা এটা আহি ওলালহি। ভঙা নাই বুলি কৈ সি গহীন হৈ দিলে।
এটাই পিছে তাৰ শাড়ীখন ডাঙি দেখুৱাই ভোৰভোৰাই গুচি গ'ল।
‘এইবোৰৰ পৰা বৰ দিগদাৰ, বুইছেনে? ট্ৰেইনত আহিবলৈকে মন নাযায়।
কিন্তু, কি কৰিবা আৰু! মানুহজনীয়ে নামানিলেই নহয়!
ইপিনে, মই ঘৰত নাথাকিলে ভাৰতীয়াকেইটাৰো উৎপাত হয়।
ছোৱালীকেইজনীৰ ওচৰলৈ ক’ৰ ক’ৰ যে ল’ৰাবোৰ আহি থাকে!
সিদিনা এটাক যে হুদুখেদা দিলো। বোলো, গেইটৰ মুখত আকৌ এনেকৈ লিঠিঙালিঠিং কৰি থকাহি দেখিলে ঠেং ভাঙিম। চিনি পোৱা নাই মোক!'
উপায় নাই, দেখিছোঁ।
জীৱনটো মানে এই সমস্যাবোৰৰ মোকাবিলা কৰোতেই পাৰ হৈ যায়।
‘যোৱা সপ্তাহত এজনীৰ মাক-দেউতাকক মতাই আনি দমেই দিলো।
বোলো, ছোৱালীক ঘৰলৈ লৈ গৈ ইমিডিয়েট বিয়া পাতিয়েই দিয়কগৈ! [ ২০ ] মোৰ ঘৰত এইবোৰ লিলিমাই কাৰবাৰ নচলিব। মই সহ্য নকৰো।’
‘তাৰ পিছত সিহঁতৰ কি সঁচায়ে বিয়া পাতি দিলে?’
‘না না, ক’ত বিয়া পাতি দিব!’
মাকজনীয়ে এসোঁতা কান্দিলে আৰু জীয়েকক দুচৰ দি ঘৰলৈ লৈ গ’ল।
মই বোলো ভালেই হল। নহ'লে, আমাৰ বদনামহে হ'লহেঁতেন।
এইবোৰ, মানে, মহা ঝামেলা।’
অৱশ্যে, মাহেকত ওপৰঞ্চি পইচা দুটামান উপাৰ্জন কৰিবৰ বাবে এই
ধৰণৰ দুই-এটা ঝামেলা সহ্য কৰিবও লগীয়া হয়।
তাকে, চাই চিতি ল'লে ভাল। নহ'লে, অযথা টেনচন।
‘কাৰবাৰটো এনেয়ে ঠিকেই আছে। কিন্তু, ল'ৰা-ছোৱালীবোৰে থপিয়াথপি
খন কৰিলেহে খং উঠে। মই কওঁ, থাকিলে ভদ্ৰ হৈ থাক! নহ'লে, ওলাই যা!’
ঠিকেই আছে। অৱস্থা চাই ব্যৱস্থা কৰিবই লাগিব।
মানে, যেনে কুকুৰ তেনে টাঙোন।
ইহঁতক কোনো কাৰণতে এৰি দিব নালাগে। এৰি দিলে চলহে পাব।
পিছত গৈ থৈ গাৰ্জেনবোৰৰহে টেনচন হ’বগৈ। লগতে অপমানো।
কয়েই নহয়, সৰুৱে পানী পেলায় আৰু ডাঙৰ পিচলি পৰে।
এওঁ, দেখিছোঁ, ঠিকেই কৰিছে। সি হোৱাহ’লেও তাকে কৰিলেহেঁতেন।
এটা সৰু ষ্টেচনত তেওঁ হঠাৎ ‘এ, নামক নামক’ বুলি খৰধৰ কৰিলে।
সিয়ো আৰু বেগটো পিঠিতে তুলি লৈ তেওঁৰ পিছ ল’লে।
প্লেইটফৰ্মখন পাৰ হৈয়েই তেওঁলোক অট’ এখনত উঠিলেগৈ।
ক'লৈ যাব সি পিছে নাজানে। তেওঁ য'লৈকে নিয়ে তলৈকে যাব লাগিব।
মানে, এতিয়াৰ পৰা তেওঁৰ একান্ত বাধ্য ছাত্ৰ হোৱাৰ বাদে আন বিকল্প
তাৰ হাতত নাই।
প্ৰধান পথটো এৰি এটা সময়ত গলি ৰাস্তা এটাৰে অট’খন সোমাই গ'ল।
শিলগুটি দিয়া ৰাস্তাটোৰে অট’খন জপিয়াই জপিয়াই গৈ থাকিল।
থেকেচা খাই খাই গৈ থাকোতে তাৰ পিছে হাঁহি এটাহে উঠি আহিল।
মানে, অবাঞ্চিত পৰিস্থিতিবোৰতো তাৰ কেতিয়াবা আমোদ লাগে।
‘কি হ’ল, হাঁহিলে যে!’—হালৈদেৱ চাগে আচৰিতেই হ’ল।
ইমানকৈ থেকেচা খালে নাহাঁহি আৰু কান্দিলেহে হ'ব।
‘আপোনাৰো যে কথা আৰু!’—এইবাৰ তেওঁৱো হাঁহিলে।
গেইট এখনৰ সমুখত তেওঁ হঠাৎ চিঞৰি দিলে, ‘এই, ৰাখা ৰাখা!’
[ ২১ ] সি মন কৰিলে, অলপ পুৰণি ডিজাইনৰ আসাম টাইপৰ এটা ঘৰ।
গেইটৰ ওচৰৰ পৰা দুৱাৰমুখলৈকে পকা কৰা বাটটোৰ দুয়োকাষে দুশাৰী হে’জ আৰু দুই এজোপা ফুল। মাজতে এজোপা খেজুৰ জাতীয় গছো আছে।
সি গেইটৰ সমুখতে ৰৈ ঘৰটোৰ পৰিৱেশ-পৰিস্থিতি অধ্যয়ন কৰি থকাৰ সময়তে হালৈয়ে যেনিবা অট’ৰ ভাৰাটো আদায় দি আজৰি হ’ল। ভালেই হ'ল।
কুকুৰ থাকিব পাৰে বুলি ভাবি সি অলপ থেৰোগেৰো কৰি থাকোতেই তেওঁ গেইটখন খুলি সোমাই গ'ল। সাহস পাই সিয়ো তেওঁৰ পিছ ল’লে।
বেগটো মজিয়াতে নমাই থৈ সি ইফালে সিফালে চাবলৈ ধৰিলে।
তেওঁ কলিং বেলটো টিপি দিলে। ক্ষন্তেক পিছতে দুৱাৰখন মেল খালে।
ল’কাটৰ ব্লাউজ পিন্ধা সুন্দৰী মহিলা এগৰাকী হাঁহিমুখেৰে ওলাই আহিল।
‘বাঃ ধুনীয়াজনী হৈছা দেখোন অ’!
হালৈদেৱে দেখোন হাঁহি হাঁহি তেওঁৰ উদং বাহুটোত টিপা মাৰি দিলে।
‘যাঃ এইটো!’ - মানুহজনীয়ে মুখখন অলপ ভেঙুচাই দেখুৱালে।
হঠাৎ, কি দেখিলে কি নেদেখিলে, সি যেন একোৱেই ধৰিব নোৱাৰিলে।
সিতো চকু মোহাৰি মোহাৰি থৰ হৈ ৰৈ গ'ল।
‘আহক!’- হঠাৎ, মানুহগৰাকীৰ মাতষাৰ তাৰ কাণত পৰিলহি।
তাৰ পিছৰখিনি আৰু গতানুগতিক।
মানে, হাত-ভৰি ধোৱা, চৰ্বত একোগিলাচ খোৱা, ঘৰখনৰ বাকীকেইজন সদস্যৰ কুশল-মঙ্গলৰ বাতৰি লোৱা, ডাইনিং টেবুললৈ যোৱা আৰু ভাত খোৱা।
‘ই কানু কিমান সময়ত পায়হি?’
‘তেওঁ আহোঁতে ৰাতি ৯ মানেই বাজে। দিনটোৰ বিক্ৰী-বাৰ্তাৰ হিচাপ- পাতিখিনি চিজিল লগাইহে আহিব পাৰে৷ নহলে, পিছদিনা ঝামেলাহে হয়।’
‘দিনটো অকলে অকলে আমনিহে লাগে চাগে!’
‘দিনটো আজৰিয়েই নাপাওঁ। গোটৰ কামখিনিও থাকে নহয়!’
‘ই মাইনা ক’ত?’
‘সিতো স্কুললৈ গৈছে। আবেলি একেবাৰে টিউচন কৰিহে উভতিব।’
মানে, একক পৰিয়াল। সৰু পৰিয়াল। আৰু নিশ্চয় সুখী পৰিয়ালেই।
ভাত-পানী খাই লৈ অলপ সময় সি জিৰালে। মানে, চোফাখনতে বহিল।
আবেলি ঠিক পাঁচ মান বজাত সি ভাবিলে, কিমাননো ভিতৰতে সোমাই থাকিব আৰু! ওচৰৰে চাহ বাগানখনৰ ফালেই অলপ ওলাই যোৱা হওক।
হালৈদেৱে পিছে আৰু অলপ জিৰাব বুলিহে ক'লে। [ ২২ ] ইমান দূৰ জাৰ্ণি কৰি আহি তেওঁৰ হেনো বৰ ভাগৰ লাগিছে।
হ’ব পাৰে। মানে, তেওঁৰ ভাগৰ লাগিবও পাৰে। বয়সৰ কথাও আছে।
শেষত, সি অকলে অকলেই বাগানখনৰ মাজে মাজে আগবাঢ়িল।
মাজতে, হে’ডফোনটো লগাই লৈ জুবিনৰ গান শুনি শুনি গৈ থাকিল।
‘আসাম দেশে ছাই কে বাগান, হাৰিয়ালি ছাই কে বাগান,
মোৰ ভনী, কেনে যাবি ছাড়িয়া আসাম...'
বাগানৰ পৰিষ্কাৰ পকা ৰাস্তাটোৰে সি গৈ আছে গৈ আছে গৈ আছে।
চাৰিওফালে মাথোঁ সেউজীয়া আৰু সেউজীয়া।
যেন এখন সেউজীয়া সাগৰ। আৰু সি যেন এজন অকলশৰীয়া নাৱিক।
কেঁকুৰি এটা ঘূৰিয়েই দোকান এখন দেখি সি এনেয়ে অলপ ৰৈ দিলে।
নতুন মুখ এখন দেখি দোকানীজনৰ মনত চাগে কিছু কৌতুহল হল।
সেই সময়ত আন কোনো গ্ৰাহক নথকাত সিনো কোন আৰু ক'ৰপৰা আহিছে তেওঁ জানিবলৈ বিচাৰিলে আৰু সিয়ো যিমান পাৰি চমুৱাই কথাটো ক'লে।
‘আৰে, আপুনি দেখোন মোৰ ঘৰতে আলহী হৈছেহি। আহক আহক, ইয়াতে বহকহি!’
টপামূৰেৰে পেটুৱা মানুহজনক দেখি তাৰ মনত কিছু কৌতুহলেই হ’ল।
প্ৰধানকৈ তেওঁৰ মিছেচৰ চেহেৰা-পাতিৰ লগত মনতে তুলনা এটা কৰি কিছু নাটকীয় সম্ভাৱনীয়তাৰ কথা ভাবি সি আমোদ অনুভৱ কৰিবলৈয়ে ললে।
মাজতে, হালৈদেৱে ফোন কৰি সি ক’ত আছে সুধিলে।
তাক লৈ চিন্তা কৰিবলগীয়া নাই বুলি জানিব পাৰি তেওঁ চাগে নিজৰ মতে সময় কটাবলৈ ধৰিলে। তেওঁক লৈ চিন্তা কৰিবলৈ তাৰতো নায়েই।
দোকানীৰ নিজাববীয়া গাদীখনৰ কাষতে থকা প্লাষ্টিকৰ চকীখনতে বহি লৈ দহটা কথাৰ মাজে মাজে সি মানুহজনক একান্তভাৱে লক্ষ্য কৰিবলৈ ল'লে।
মানুহজন মোটামুটি বেপাৰী। পাটি পইচালৈকে হিচাপ কৰে।
ঘৰ-সংসাৰৰ প্ৰতি তেওঁ কিন্তু উদাসীন নহয় যেন লাগিল।
ল'ৰাটোক লৈ মানুহজন অৱশ্যে খুবেই আশাবাদী।
পাৰিলে, ভৱিষ্যতে তাক চৰকাৰী অফিচাৰেই বনাব খোজে।
তাৰ বাবে যিমান পইচা খৰচ কৰিব লাগে, কৰিবলৈ তেওঁ প্ৰস্তুত।
কিন্তু, ল'ৰাটো অলপ চঞ্চল, উৎপতীয়া আৰু অবাধ্যও।
তাক কি কৰিলে ভাল হ’ব তেওঁ তাৰপৰা জানিবলৈ বিচাৰিলে।
সি পিছে চঞ্চল, উৎপতীয়া আৰু অবাধ্য ল’ৰাবোৰ ভালহে পায়। [ ২৩ ] সি দেখিছে, এনেবোৰ ল’ৰাৰ নিজস্ব এক মন থাকে, চিন্তা-ভাবনা থাকে।
যিকোনো কথাত নিজস্বভাৱে সিদ্ধান্ত লোৱাৰো এক প্ৰৱণতা থাকে।
তেনে ল'ৰাৰ লগত ভৱিষ্যতে আপুনি যিকোনো এটা বিষয় আলোচনা কৰিব পাৰিব। কোনো সমস্যাৰ সমাধানসূত্ৰ এটা লাভ কৰাৰ সম্ভাৱনাও থাকিব।
কিন্তু, সৰুৰেপৰাই আনৰ বাধ্য হোৱা ল'ৰাবোৰ পৰমুখাপেক্ষী হয়।
সিহঁতে না কিবা এটা কথা চিন্তা কৰিব পাৰে না কোনো সমস্যাৰ সমাধান সূত্ৰ এটা আগবঢ়াব পাৰে। সিহঁতে খালি আনৰ নিৰ্দেশ পালন কৰিবহে পাৰে।
এনেবোৰ ল'ৰাই গৈ থৈ ভৱিষ্যতে নিজ পত্নীৰ আজ্ঞাবহ গোলাম হয়গৈ।
তেওঁ কি বিচাৰে নেকি যে ল’ৰাটো ভৱিষ্যতে গৈ থৈ তাৰ ঘৈনিয়েকৰ আজ্ঞাবহ এটা গোলাম হওক আৰু বুঢ়াকালত তেওঁলোককে অৱহেলা কৰক!
'না না, সেইটো কেনেকৈ হ'ব? বুঢ়াকালত ল'ৰাটোৱেইতো কণাৰ লাখুটি।'
মাজে মাজে দুই এজন গ্ৰাহক আহে। তেওঁ গ্ৰাহকৰ লগত ব্যস্ত হয়।
বাকী সময়খিনিত চলি থাকিল তেওঁলোকৰ দহ ৰকমৰ কথা-বাৰ্তা।
ঠিক ৯ বজাৰ লগে লগে তেওঁ দোকান বন্ধ কৰিবলৈ বুলি সাজু হ’ল।
তেওঁৰ কথামতে তেওঁৰ বাইকতে সি উঠি ল'লে আৰু আহি থাকিল।
বহা কোঠাটোত সি দেখিলেহি, হালৈদেৱে টি.ৱি, চাই বহি আছে।
সিয়ো তেওঁৰ কাষতে বহি ল'লে আৰু আপডে'ট দিয়াত লাগিল। হঠাৎ তাৰ কাণত পৰিলহি, ভিতৰৰ কোঠাটোত গৃহিনীগৰাকীয়ে গৃহস্থ জনক বৰ জোৰত ধমক এটা দিছে।
অলপ পিছতে সি দেখিলে, এটা ভিজা মেকুৰীৰ দৰেই মানুহজন ৰূমটোৰ পৰা ওলাই আহিছে। মহিলাগৰাকীয়ে কিন্তু হাঁহি মাতি থাকিল।
তাৰ বেয়া লাগিল। ৰাতিৰ সাজ খাবলৈ ডাইনিং টেবুলত বহোতে মানুহ জনৰ মুখলৈ চাবলৈয়ে তাৰ বেয়া লাগিল।
সি ভাবিলে, পিছদিনা যিমান পাৰি সোনকালে উভতি যোৱা ভাল হ’ব।
কিন্তু, হালৈদেৱৰ গাটো হেনো ভাল লগা নাই। তেওঁ অলপ শুবহে।
গা বেয়া। কিয়?
এওঁৰনো হৈছে কি!
আহোতে দেখোন ভালেই আছিল।
‘জা-নো, গৰমেই সোমাইছে নে কি হৈছে! ক’বই পৰা নাই।'
হ’বও পাৰে। কিন্তু, ইমান গৰম হৈছে যেনো অনুভৱ হোৱা নাই দেখোন।
আচ্ছা, তেওঁৰ যেনিবা গা বেয়া। তেওঁ ফুৰিবলৈ কৰিবলৈ ওলাই নাযায়। [ ২৪ ] পিছে, সিনো কৰে কি! সিয়োনো ভিতৰতে সোমাই থাকিবনে!
শেষত, তেওঁলোকৰে চাইকেলখন লৈ সি টাউনৰ ফালেই ওলাই গ'ল।
উভতি আহিল আবেলি ঠিক তিনি বজাত।
সি দেখিলে, হালৈদেৱে গা অলপ ভাল পাইছে।
মুখখনো ফৰকাল যেন লাগিছে।
সি ভাবিলে, তেওঁ গা ভাল পাইছেই যেতিয়া আবেলিৰ ট্ৰেইনখনতে তেওঁলোক উভতি যোৱাটো ভাল হ'ব।
অলপ থেৰোগেৰো কৰি হালৈদেৱ যেনিবা এটা সময়ত সাজু হ’ল।
সি আৰু নৰলেই। পুৱা গা ধোওঁতে ধুই দিয়া কাপোৰকেইটা ৰ'দত শুকাই থকা দেখি লৰালৰিকৈ সামৰি সুতৰি আনি বেগত ভৰালেহিয়েই।
‘গা বেয়া যদি আজিয়েই কিয়নো যাব লাগে? কাইলৈ গ'লেওতো হয়।’
মহিলাগৰাকীয়ে আফচোচ কৰা যেন লাগিল।
তথাপিও, হালৈদেৱ যেনিবা সাজু হ'ল।
পদূলিমুখতে খালী অট’ এখন দেখা পাই সি জাপ মাৰি উঠিয়েই দিলে।
পোন্ধৰ মিনিটৰ পিছতে ষ্টেচন।
তাৰ পিছত মাথোঁ ট্ৰেইনৰ বাবে অপেক্ষা।
ট্ৰেইনখন আহিল আধাঘণ্টা পলমকৈ।
ওভতনি যাত্ৰাটো পিছে ইমান দীঘলীয়া যেন নালাগিল।
খালি, তেওঁলোক উঠা দবাটোত ভীৰ অলপ বেছি আছিল।
নিজৰ ষ্টেচনটোত নামি সি দেখিলে, হাঁহিমুখেৰে ৰৈ আছেহি ৰুণা নবৌ।
মানে, তেওঁলোক আহিছে বুলি হালৈদেৱে নিশ্চয় তেওঁক খবৰ দিছিল।
কিন্তু, মানুহগৰাকীৰ মুখামুখি হ’বলৈ তাৰহে কিবা ভাল নালাগিল।
এই নদী
ৰাজীৱে গছজোপাৰ ছাঁতে বাইকখন ৰখাই হেলমেটটো খুলিবলৈ লওঁতেই হঠাৎ পিছফালৰ পৰা তাৰ কাণত পৰিলহি এক নাৰীকণ্ঠ, ‘ভিনদেউ, ভালনে?’
ক’ৰনো খুলশালীজনী ওলালহি বুলি মূৰটো ঘূৰাই চাওঁতেই সি দেখিলে,তাৰ ঠিক পিছফালেই ৰৈ আছেহি চন্দ্ৰা। মানে, পদ্মাৰ মাহীয়েকৰ জীয়েক।
তাইক পিছে দেখিবলৈ অলপ বেলেগ বেলেগ যেন লাগিল।
অলপ খীনোৱা যেন লাগিল। অলপ ক’লা পৰা যেনো লাগিল দেখোন।
কথা কি! কিবা অসুখ নে অন্য কিবা!
‘আপোনাৰ ভালনে? ভণ্টিবাইদেউৰ ভাল? আৰু, পৰীৰ খবৰ কি?’
সি বোলে, ভাল ভাল। পদ্মাৰো ভালেই। মানে, গা-মূৰ ভালেই আছে।
আৰু, পৰীয়ে বৰ্তমান কম্পিউটাৰৰ কৰ্ছ এটাকে কৰি আছে আৰু?
নতুন খবৰ বুলিবলৈ তেনেকৈ একো নাই।
‘ঠিক আছে, এদিন যাম বাৰু। এতিয়া, আহো তেন্তে, ভিনদেউ!’
নিস্তেজ হাঁহি এটা মাৰি তাই ৰাস্তাটো পাৰ হৈ সিপাৰৰ ফুটপাথত উঠিলগৈ
আৰু সিয়ো হেলমেটটো হেণ্ডেলডালতে ওলোমাই বেংকটোলৈ বুলি আগবাঢ়িল।
হঠাৎ মনলৈ অহা এক অনামী উৎসাহতে সি খপাখপ খটখটি বগাই গৈ লোহাৰ গ্ৰীলৰ ঠেক বাটটোৰে সাৱধানে সোমাই গ'ল আৰু চোৱাইপ মেচিনটোৰ পৰা দহ হাজাৰ টকাৰ ৰিচিপ্ট এখন উলিয়াই ল'লে।
বাপ্ৰে,বহুত দীঘল লাইন দেখোন! ইয়াতে বহুত সময় নষ্ট হ’ব এতিয়া।
‘উসঃ কিমান থিয় হ’বা আৰু! আধাঘণ্টা হৈ গ'ল। ভৰি বিষাই গৈছে।’
সি দেখিলে, বয়সস্থ মানুহজন লাইনৰ পৰা ওলাই গৈ কাষৰ চকীখনতে বহিপৰিল। তেনেতে, পিছৰ ল'ৰাজনে তাক ঠেলা এটা মাৰি আগবাঢ়িবলৈ চালে।
সি ল’ৰাটোক পিছে অলপ টানকৈয়ে ক'লে বোলে এইদৰে ঠেলা-হেঁচাখন কিয় কৰিছা। বহি দিয়াজন সঠিক সময়ত আকৌ লাইনত সোমাবহিয়েই।
ল’ৰাজনে যেনিবা অলপ হঁহাৰ দৰে কৰি এইবাৰ চিধা হৈ ৰৈ থাকিল।
সি মন কৰিলে, লাইনত থকা ডেকাকেইটাই ফোনকে পিটিকি আছে। [ ২৬ ] বয়সস্থ দুই-এজনে আক’ প্ৰয়োজনতকৈ বেছি ভলিউমত কাৰোবাৰ লগত ফোনত কথা পাতিছে।
তেওঁলোকৰ ঘৰুৱা কথাবোৰ আনক কিয় শুনাইছে বাৰু!
মতা মানুহখিনিৰ বিপৰীত দিশত থকা মহিলাৰ শাৰীটোত দুই-এগৰাকীয়ে আক’ হকে-বিহকে হাঁহি হাঁহি নিজৰ মাজতে কথা পাতি আছে। ভালেই কৰিছে।
তেওঁলোকৰ মাজত নৱ-বিবাহিতা যেন লগা এগৰাকীৰ কাণৰ ডুলযোৰ তেওঁৰ হাঁহি আৰু কথাৰ তালে তালে যেন নাচিহে আছে। ধুনীয়া লাগিছে।
তেওঁৰ শিৰৰ সেন্দুৰকণহে পিছে চুলিৰে ঢাক খাই আছে। ফেশ্বন?
‘চাওঁ, ৰিচিপ্টখন দিয়ক!’
হঠাৎ, কাণত আহি পৰা কথাকেইটা শুনি তাৰ মনটো ভাল লাগিল।
পইচাকেইটা লৈয়েই কাষৰ চকীখনত বহি লৈ সি হিচাপ কৰিবলৈ লাগিল।
নহ'লে, কেতিয়াবা মানে, ফটা-চিটা টকাও আহে। পিছত ঝামেলা হয়গৈ।
‘ভিনদেউ, আপোনাৰ হ'লগৈ? মই আক’ আহিছোঁহে!
আৰে, এইজনী দেখোন ইয়াতো ওলালহি!
এৰা, ওলাবহি পাৰে। আজিৰ দুনিয়াত পইচানো কাক নালাগে!
হাঁহিবলৈ চেষ্টা এটা কৰি তাইৰ পৰা বিদায় লৈ সি তললৈ নামি আহিল।
এইবাৰ সি আগবাঢ়িল ৰাস্তাৰ সিপাৰৰ গেলামালৰ দোকানখনৰ ফালে।
তাৰ চোলাৰ জেপত পাকঘৰৰ দৰকাৰী সামগ্ৰীৰ এখন দীঘলীয়া তালিকা!
দোকানত থাকোতেই পকেটৰ ফোনটো বাজি উঠিল। মানুহজনীৰ কল।
‘এ, হেৰি কৰিবচোন! পাৰিলে মাছ অকণ..'
দেখিছানে বাৰু! এতিয়া আক’ সোমাবগৈ লাগিব সেই গোন্ধখনৰ মাজত।
তাৰোপৰি, মাছৰ বজাৰৰ মাখিসোপা যে! অসহ্য লাগে একেবাৰে!
আকৌ, বজাৰ কৰা বেগটোতে মাছখিনি নিবও নোৱাৰি।
মানুহক দেখুৱাই দেখুৱাই বাইকৰ হেণ্ডেলতে ওলোমাই নিব লাগিব।
কিবা, খাদ্য-সম্ভাৰৰ প্ৰদৰ্শনী পতা যেনহে লাগে। ভাল নালাগে দেখোন!
কিন্তু, সি হাজাৰ বেয়া পালেও নিবই লাগিব। মানুহজনীৰ ডিমাণ্ড যে!
নদীৰ বুলি কোৱা ৰৌ-মাছৰে এক কেঃজিঃৰ এটা সি বাচি ল’লেহি।
বেপাৰীয়ে যেনিবা মাছটো কাটি-বাচি একেবাৰে আজৰি কৰিয়েই দিলে।
নহ'লে, ঘৰত গৈ সি মানুহজনীৰ বলকনিখনহে শুনিবগৈ লাগিব।
মাছৰ পলিথিনটো হেণ্ডেলতে ওলোমাই লৈ সি বাইকখন ষ্টাৰ্ট কৰিলে।
এতিয়া আৰু একো নতুন লেঠা নোলালেই হয়! [ ২৭ ] কাপোৰৰ দোকানকেইখন পাৰ হৈয়েই সি প্ৰধান ৰাস্তাটোত উঠিলগৈ।
আচলতে, নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ দোকান-পোহাৰ কেইখনমানেৰে নতুনকৈ গঢ় লৈ উঠা নগৰসদৃশ অঞ্চলটোৰ মাজেদি যোৱা সেই ঠেক ৰাস্তাটোত গাড়ী-মটৰ, ট্ৰাক-ডাম্পাৰ, বাইক-চাইকেল, ঠেলা-ৰিক্সা, মানুহ-গৰু আদিৰ লগতে দহমিটাৰ মানৰ অন্তৰে অন্তৰে থকা ওখ ওখ স্পীড-ব্ৰেকাৰকেইটাৰ পৰাও নিজৰ লগতে আনৰো গা বচাই পাৰ হৈ যোৱাটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ।
তাতে, তাৰ বাইকৰ পিছফালে ওলমি আছে বয়-বস্তুৰে ভৰা এটা বেগ।
ইমানখিনি যান-বাহনৰ মাজেদি কোবত যাওঁতে বেগটো হঠাৎ কোনো ঠেলা-ৰিক্সাত ঘঁহনি খালে ফাটি গৈ কিবা নহয় কিবা এটা ওলাই যাবলৈয়ো আছে।
সেয়ে, সি ইফালে সিফালে নোচোৱাকৈ সাৱধানেৰে আগবাঢ়িল।
‘এই, হা-জ-ৰিকা, অলপ ৰ’বচোন!
সি গৈ ঠিক কিতাপৰ দোকানখনৰ সমুখ পাওঁতেই তাৰ কাণত পৰিলহি এক চিনাকি কণ্ঠ। মূৰটো ঘূৰাই সি দেখিলে, দিলীপ শইকীয়াদেৱ। কি বা কথা!
ৰ’বতে লাগিবই। নহ'লে, পিছত লগ পালে কথা শুনাব, খাটাং।
‘আপোনাৰ ওচৰলৈ যাম বুলিয়েই ওলাইছিলো।
পিছে, আপোনাক ইয়াতে এনেকৈ লগ পাই গ'লো। ভালেই হ'ল।
সন্থাৰ অধিৱেশন পাতিছো নহয়, গম পাইছেনে নাই?
অধিৱেশন! কেতিয়া? ক’ত?
‘অহা ৭ আৰু ৮ তাৰিখে। গোলাঘাটত। এইখন লওক!'
তেওঁ লিফলেট এখন আথে-বেথে আগবঢ়াই দিলে।
‘আৰু, আপোনাৰ ফালৰ পৰা ভাল চাই মাননি এটাও...'
অস, কথা তেন্তে সেইটোহে ৷ ঠিক আছে। হ’ব।
এতিয়া সি পিছে বজাৰ কৰি পেলালে যে, পকেট একেবাৰে খালী।
কাইলৈ বা পৰহিলৈ মানে...
হ’ব হ’ব। সেইটোনো কি কথা। আপোনাৰ পইচা ক’ত যাব?
আৰু এটা কথা। স্মৃতিগ্ৰন্থখনৰ বাবে পাৰিলে লেখা এটাও দিবচোন।
এই ধৰক, নাৰী-সবলীকৰণৰ ওপৰত লিখা হলে বেছি ভাল।'
লেখা! তাকো নাৰী-সবলীকৰণৰ ওপৰত! সপক্ষে নে বিপক্ষে?
তাৰ কথাত তেওঁ যেন আমোদৰ নতুন খোৰাক এটাহে পালে।
‘আপুনিও ভাল কথাবোৰ কয় আৰু!
নাৰী-সবলীকৰণৰ বিপক্ষে লিখিলে আপোনাক কি সুদায়ে এৰিব?’ [ ২৮ ] এৰা। তথাপিও, ক'ৰবাত এশাৰী হ'লেও বিপক্ষে লিখি চাব পৰা হ'লে!
কোনে কোনেনো ফেপেৰি পাতেহি, অন্ততঃ তাকে চাবলৈকে।
‘ঠিক আছে, আকৌ লগ পাম তেন্তে’ বুলি তেওঁ আঁতৰি গ'ল।
হাঁহি এটা কোনোমতে ওঁঠত ওলোমাই লৈ সিয়ো বাইকখন ষ্টাৰ্ট কৰিলে।
কিছুদূৰ আহিয়েই সি দেখিলে,ৰাস্তাৰ মাজতে মানুহৰ এটা জুম বান্ধিছে।
কিনো হৈছে বুলি সি বাইকখন চাইদ কৰি ৰখাই দিলে।
গোটখোৱা মানুহখিনিৰ কান্ধ-মূৰৰ ওপৰেদি ডিঙি মেলি চাই সি দেখিলে,
ওখকৈ খোপা বন্ধা আৰু ডাঠকৈ লিপষ্টিক লগোৱা মহিলা এগৰাকীয়ে টমটমৱালা এজনক পূৰা দম দি আছে। টমটমখনৰ ওচৰতে পৰি আছে এখন স্কুটি।
‘চাওক, মইতো নিজৰ ট্ৰেকতে আহি আছিলো।
তেওঁহে স্কুটিখন হঠাৎ কাটি দিলে। মোৰ গাত কি দোষ?
আৰে, এইটো দেখোন চন্দন! ইতো গাড়ী ঠিকেই চলায়।
তাতে, ৰাজীৱহঁতৰ ঘৰলৈ চাউলৰ বেগৰ পৰা গেছ চিলিণ্ডাৰ অনালৈকে সববোৰ কাম ইয়েই কৰে। ল’ৰাটোৰ ব্যৱহাৰ-পাতিও ভালেই।
এতিয়া, ইয়াৰ কাষত থিয় নিদিলেতো কথাটো বেয়া হ'ব।
ৰাস্তাৰ কাষতে বাইকখন ষ্টেণ্ড কৰি লৈ ভীৰ ঠেলি সি সোমাই গ'ল।
টমটমখন আৰু পৰি থকা স্কুটিখনৰ অৱস্থানটো লক্ষ্য কৰি সি চন্দনক নিৰ্দোষী বুলি ঘোষণা এটা দিলে আৰু মানুহজনীক আঁতৰি যাবলৈ ক'লে।
‘তুমি কোন হে’? তোমাক কোনে মাতিছে?
মানুহজনীয়ে তৎক্ষণাত ঘূৰি লৈ ইয়াক ফেপেৰি পাতি ধৰিলে।
এৰা, ই কোন! সিহঁতৰ কাজিয়াৰ ফয়চলা কৰি দিবলৈ ইনো কোন!
মানুহজনীৰ ৰুদ্ৰৰূপটো দেখি ইয়াৰতো অৱস্থা একেবাৰে বেয়া হৈ গ'ল।
হঠাৎ, জুমটোৰ মাজৰে কোনোবা এজনে তাক ‘ছাৰ' বুলি ডাঙৰকৈয়ে মাতি দিয়াত মানুহজনী যেনিবা অলপ তভক মাৰি ৰৈ দিলে।
মানে, তাইৰো চাগে সন্দেহ হ’ল, ই বা কোন পৰ্য্যায়ৰ ‘ছাৰ’!
ক্ষন্তেক পিছতে মানুহজনীয়ে মুখেৰে ‘সোঁহ’ কৈ শব্দ এটা কৰি স্কুটিখন ডাঙি ধৰিলে আৰু চন্দনৰ ফালে ঘোপাকৈ চাই ‘তহঁতৰ উৎপাত অলপ বেছি হৈছে, নহয়! আহি আছোঁ, ৰহ!' বুলি কৈ তড়িৎ বেগেৰে আঁতৰি গ'ল।
কিছুসময়ৰ পিছত, গোট খোৱা মানুহখিনিও এটা এটাকৈ আঁতৰি গ'ল।
কথা নাই বতৰা নাই হঠাৎ কি ঝামেলাখনত সি সোমাই পৰিলহি বুলি সিয়ো খঙতে আঁতৰি আহি বাইকত উঠিলহি আৰু ভোঁ ভোঁকৈ চলাবলৈ ধৰিলে। [ ২৯ ] চোতালতে বাইকখন ৰখাই সি কোঁ কোঁকৈ ভিতৰলৈ সােমাই গ'ল।
সি অহাটো গম পাই, পাচলি কটা নেলীয়া কটাৰীখন হাতত লৈয়েই মানুহজনী ওলাই আহিল।
‘সব বস্তু আনিলেনে? মাছটো ভালনে? পেটুখিনি আনিলেনে নাই ?’
সি পিছে তাইৰ একো প্রশ্নৰে উত্তৰ নিদি বাথৰূমলৈহে সােমাই গ'ল।
বাথৰূমৰ আইনাখনৰ সমুখত ৰৈ সি নিজৰ মুখখন বৰ সুক্ষ্মভাৱে লক্ষ্য কৰিবলৈ ধৰিলে। এটা সময়ত তাৰ মুখৰ পৰা ওলাই আহিল এটাই শব্দ, ‘মূৰ্খ’।
‘মাছ ক’ত?’- মানুহজনীৰ ডাঙৰ মাতষাৰ হঠাৎ তাৰ কাণত পৰিলহি।
ক’ত কি হ'ল বুলি টাৱেলখনেৰে মুখখন মােহাৰি মােহাৰি সি উৎকর্ণ হৈ ওলাই আহিল। সি দেখিলে, দুৱাৰমুখতে থিয় হৈ আছেহি তাৰ মানুহজনী।
তাইৰ বাওঁহাতত বজাৰৰ বেগটো আৰু সোঁহাতত কটাৰীখন!
‘মাছ ক’ত?’
কি? মাছ, তাৰ মানে, ঘৰ নাপালেহি নেকি?
কিন্তু, সিতাে মাছ কিনিছিল। পূৰা এক কেঃজিঃ। ভাল মাছেই আছিল।
অ, সি অথনি কাজিয়াৰ মাজত সােমাওঁতেই কোনােবাই চাগে...
সি পিছে এতিয়া ক’ব কি, কৰিব কি! আকৌ বজাৰলৈকে এপাক...
নাই, নাযায়। মাছৰ বজাৰখনলৈ যােৱা বুলিলেই তাৰ এলার্জি হয়।
‘মই জানিছো নহয়, এই মানুহটোৰ পৰা কোনাে এটা কাম নহয়।’
বলকি বলকি মানুহজনী পুনৰ পাকঘৰলৈ সােমাই গ'ল।
সি জানিলে, দুপৰীয়াৰ ভাতসাজ আজি শান্তিৰে খােৱাটো নহ'বগৈ ।
কি কৰিব কি নকৰিব একো ঠিক কৰিব নােৱাৰি সি টি.ৱি.টোকে অন কৰি বহি ললে। চ্যেনেলবােৰ পকাই থাকোতে নাচাওঁ নাচাওঁ বুলিও শেষত গৈ অসমীয়া চ্যেনেল এটাকে উলিয়াই ল’লেগৈ। কোনােবা এজন ৰাজনৈতিক ব্যক্তিৰ নাৰীজনিত কেলেঙ্কাৰী এটাক লৈ তথাকথিত নীতিবাগীশ কেইজনমানৰ মাজত হৈ থকা গৰম আলােচনা এটা দেখিয়েই তাৰ খং এটা উঠি আহিল।
ইহঁতক কি এইবােৰ কৰিবলৈকে ৰাইজে ভােট দি পঠিয়াইছে নেকি?
মুখৰ ভিতৰতে অশ্লীল শব্দ এটা উচ্চাৰণ কৰি সি ৰিম’টটো বিচনালৈকে দলিয়াই দিলে আৰু বৰ্ডৰ চুইচটো অফ্ কৰি আহি গহীনত বহি থাকিলহি।
এই টি.ৱি. ৰিচার্জ কৰাটো বন্ধ কৰি দিব লাগিব।
নহ'লে, চোৱাকেইটাৰ মূৰকেইটাহে কেতিয়াবা গৰম হ'বগৈ।
‘দেউতা, ভাত দিলে। আহা!’ [ ৩০ ] পৰীৰ মাতষাৰ কাণত পৰাৰ লগে লগে চেণ্ডেল চোঁচৰাই চোঁচৰাই সি পিছবাৰাণ্ডা পালেগৈ আৰু মুখ-হাতকেইটা আকৌ এবাৰ ভালকৈ ধুই ল'লে।
ভাতৰ পাতত বহিয়েই সি মন কৰিলে, ৰঙালাওৰ ভাজি আৰু দাইলহে।
ভাতৰ কাষতে যেনিবা অকণমান টেঙা আচাৰ আৰু জলকীয়া এটা।
প্রথম ভাতগৰাহ মুখলৈ নিওঁতেই তাৰ পৰীৰ চকুৱে চকুৱে পৰিল।
তাই অলপ হঁহাৰ দৰে কৰিলে।
‘কি হ’ল ?’
‘কি হ’ব আৰু! মাছ কিনাৰ পিছতাে যে আজি খাবলৈ নাপালাে।’
‘মাছ কিনিছিলাে বুলি তইনাে কেনেকৈ জানিলি?’
‘মায়ে মাছ আনিবলৈ ক'ব আৰু তুমি নানিবা, এনে কথানাে হ’ব পাৰেনে?
বাটতে চাগে ক'ৰবাত পৰি আহিল। তুমি কথাটো মাক কোৱাহে নাই।
‘জা-নাে, বাটতে পৰিল নে কাৰােবাক দি থৈয়ে আহিল, কেনেকৈ জানিবা ?
হঠাৎ, মানুহজনীৰ ধাৰাল কথাষাৰে তাৰ কাণ যেন ফালি দিলেহি।
কথাৰ সোঁত বেলেগ ফালেহে যােৱা দেখি পৰী পিছে গহীন হৈ দিলে।
সি কিন্তু মানুহজনীৰ কথাষাৰ অথলে যাবলৈ নিদিলে।
‘অই পৰী, আবেলি মােৰ লগত ওলাবি।
আন্টীয়েনাে মাছ কেনেকৈ বনালে, এপিছ খাই চাই আহিবিগৈ।
‘দে-তা!’- পৰীৰ ধমকটো খাই সি যেনিবা এইবাৰ গহীন হৈ দিলে।
তাৰ পিছত আৰু কাৰাে মুখত মাত-বােল নাই। খালি, খােৱাৰ শব্দহে।
গেইটখন খােলাৰ শব্দ এটা কাণত পৰাত পৰীয়ে পৰ্দাৰ ফাকেৰে চালে।
‘কোনােবা আহিছে দেখােন ! অ, চন্দ্রামাহী!’
ৰাজীৱেও মূৰটো হাওলাই চালে আৰু দেখিলে, হয়, চন্দ্রা আহিছে।
অথনি তাইক লগ পাইছিলহে। আজিয়েই আহিল যে! কথা কি!
এক নাটকীয় ভঙ্গিমাত আটাইকেইটাই খােৱা বন্ধ কৰি কিছুক্ষণ ৰৈ দিলে।
খৰকৈ খাই বৈ আজৰি হ’বলৈ মানুহজনীয়ে ইঙ্গিত এটা দিয়াত বাপেক, জীয়েক দুয়াে যেনিবা খপাখপ খােৱাত লাগিল।
যেন, চন্দ্রা আহি ডাইনিং টেবুলত খাদ্যসম্ভাৰখিনি দেখিলে কাঢ়িহে খাব।
সিহঁতে শেষৰ গৰাহটো চোবাই গিলিবলৈ নৌপাওঁতেই আগফালে গ্রীলৰ সমুখত ‘অ ভণ্টিবাইদেউ, আছানে’ বুলি চন্দ্ৰাৰ মাতষাৰ কাণত পৰিলহিয়েই।
ভাতগৰাহ লৰালৰিকৈ গিলি দি মানুহজনীয়ে ‘আছোঁ, আছোঁ, আহ!’ বুলি ক'লে আৰু মুখত হাঁহি এটা ফুটাই তুলিবলৈ চেষ্টা কৰি ওলাই গ'ল। [ ৩১ ] ‘আহ, আহ!অলপ আগতে অহাহেঁতেন ভাতেই খাবহি পাৰিলিহেঁতেন।
আগবেলাতে খবৰ এটাওনাে দি পঠিয়াব নােৱাৰিলি নে পাই! বহ!’
পৰীয়ে কাঁহী-বাটিবােৰ চপাই কৰি টিউব-ওৱেলৰ পাৰলৈ লৈ গ’ল।
ৰাজীৱে পিছে খৰধৰখন কৰিবলৈ একো কাৰণ বিচাৰি নাপালে।
মুখখন ধুই সি বেডৰূমলৈ গল আৰু ফেনখন অন কৰি বিচনাতে বহিল।
ফেনৰ শব্দৰ মাজতাে আগফালৰ বহাকোঠাৰ পৰা বায়েক-ভনীয়েকৰ কথা-বার্তাৰ কিছু কিছু অংশ উফৰি উফৰি আহি তাৰ কাণত পৰি থাকিলহি।
মাইকী মানুহৰ কথা আৰু! তাতে, বায়েক-ভনীয়েকৰ কথাহে।
‘মাহীৰ ভালনে? তােৰ ল'ৰাটো স্কুলত দিছনে? জোঁৱাইৰ খবৰ কি?’
এইবােৰেই আৰু! তাকে যেনিবা মাজে মাজে একোটা হাঁহি আৰু মাজে মাজে একোটা হুমুনিয়াহ এৰি এৰি সিহঁত দুজনীয়ে কথাবােৰ পাতি আছে।
এইবােৰ কথাতনো কি মন দিবা বুলি ভাবি ৰাজীৱে এবাগৰ মাৰিবলৈকে ঠিক কৰিলে আৰু গাৰু এটা টান মাৰি আনি লাহেকৈ দীঘল দি পৰিয়েই দিলে।
এটা সময়ত, তাৰ চকু জাপ খায়েই আহিল।
হঠাৎ, কোনােবা মাইকী মানুহে কন্দা যেন শব্দ এটা কাণত পৰাত সিতাে উচপ খাইয়ে উঠিল। কোনে কান্দিছে? ক’ত? কিয় কান্দিছে?
আৰে, সিহঁতৰ ঘৰতে কান্দিছে দেখােন! কিন্তু, কোনে?
একেজাপে সি উঠিল আৰু চেণ্ডেল চোঁচৰাই চোঁচৰাই ওলাই গ'ল।
বহাকোঠাটোৰ দুৱাৰমুখতে সি পৰীক ৰৈ থকা দেখিলে।
তাই লাহেকৈ আঁতৰি আহি হাতৰ ঠাৰে-চিয়াঁৰেই তাক ৰ’বলৈ ক'লে।
সি তাতে ৰ'ল। তাৰ কৌতুহলটো কিন্তু নকমিল।
‘মতা মানুহবােৰ এনেকুৱাই আৰু! কি কৰিবি !
হ’ব দে! দুখ নকৰিবি! নিজকে চম্ভালিবলৈ চা!
কেইদিনমান মাহীৰ ঘৰতে থাক! সময়ত সব ভাল হৈ যাব।’
সেইষাৰ দেখােন তাৰ মানুহজনীৰে মাত।
তাৰ মনত পিছে এটা সন্দেহ হ’ল আৰু সি গৈ বহাকোঠা পালেগৈ।
সি দেখিলে, বায়েকৰ কঁকালতে সাবটি ধৰি চন্দ্রাই উচুপি আছে আৰু বায়েকে তাইৰ চুলিৰ মাজত আঙুলি বুলাই বুলাই সান্তনা দিয়াত লাগিছে।
‘উঠ! মুখ-হাতকেইটা ধুই লৈ চাহ অকণ খাই লগৈ ! ভাল লাগিব।
সি পিছে কি ক’ব, কি কৰিব, একো ঠিক কৰিব নােৱাৰি থৰ হৈ ৰ’ল।
এপাকত, তলৰ ওঁঠখন কামুৰি ধৰি সি ওলাই আহিল। [ ৩২ ] দুৱাৰমুখতে পৰীক ৰৈ থকা দেখি সিয়াে কঁকালতে হাত দি ৰৈ দিলে।
কাৰাে মুখত মাতবােল নাই। খালি, উৎকণ্ঠা।
‘বুইছা, ভন্টিবা, তাইয়ে তাৰ মূৰটো খালে। মােৰ সংসাৰখন শেষ কৰিলে।
আৰু, সিয়ােনাে বাৰু মােক ইমান প্রবঞ্চনা কৰিব লাগেনে!
তাক পিছে মই নেৰাে। তাক ভালকৈ শিক্ষা দিম। তাক মই পুলিচত...'
হঠাৎ, ‘পুলিচ’ শব্দটো কাণত পৰাত ৰাজীৱৰ খং উঠি গ'ল।
লগে লগে, তাৰ চকুৰ আগত ভাহি উঠিল প্রায় বিশবছৰৰ আগৰ সেই দিনটো যিদিনা তাক থানালৈ ধৰি নি বিভিন্ন ধৰণেৰে অপমান কৰা হৈছিল।
সেইবাৰ মানে তাৰ মানুহজনীয়েই ডেমাকি দেখুৱাই তাৰ ওপৰত পুলিচ- কেচ এটা দি মাকৰ ঘৰত সােমাই আছিলগৈ।
একমাত্র পৰীৰ মুখলৈ চাইহে সি পিছত মানুহজনীক ঘূৰাই আনিছিল।
আৰু আজি এই হাৰামজাদীয়েও...
এক নাটকীয় ভঙ্গীত মুখখন ঘূৰাই সি চেঁচা মাৰি গ'ল।
পৰীয়ে তাক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও ৰাখিব নােৱাৰিলে।
এক ৰুদ্রমূর্তি ধৰি সি বহাকোঠাটোত প্ৰৱেশ কৰিলেগৈ।
‘অই, তই এতিয়াই ইয়াৰ পৰা ওলা !
নিজৰ সংসাৰখন চম্ভালিব নােৱাৰ, ইয়াত নাটক কৰিবলৈ আহিছ!
ওলা বুলি কৈছোঁ নহয়, ওলা!’
তাৰ খং দেখি চন্দ্রাই কন্দাকটা বন্ধ কৰি অলপ পৰ থৰ লাগি ৰ’ল।
তাই এবাৰ তালৈ আৰু আনবাৰ বায়েকৰ মুখলৈ চালে আৰু কি কৰিব কি নকৰিব ঠিক কৰিব নােৱাৰি হতভম্ব হ’ল।
ইফালে, তাৰ ৰুদ্ৰৰূপ দেখি মানুহজনীয়েও থৎমৎ খালে।
পৰীয়ে তাৰ হাতখনত ধৰি টানিছিল যদিও আঁতৰাই নিব নােৱাৰিলে।
মানুহজনীয়ে তালৈ কাৰাকৈ চাই এবাৰ ‘অই’বুলি চিঞৰ এটা মাৰিছিল যদিও সি ইমান জোৰেৰে ‘চুপ’ বুলি কলে যে তাইৰ মুখ বন্ধ হৈ গ'ল।
চকু মােহাৰি মােহাৰি চন্দ্রা এসময়ত উঠিল আৰু পিছলৈ নােচোৱাকৈ খৰধৰকৈ ওলাই গ'ল। যাওতে, অৱশ্যে, তাই গেইটখন মেলি থৈয়ে গ'ল।
মানুহজনীয়ে কিন্তু ‘সোঁহ’ বুলি শব্দ এটা কৰি ভিতৰলৈ সােমাই গ'ল।
‘অই পৰী, গেইটত তলা লগাই থগৈ, যা! যা বুলি কৈছো নহয়!’
সি অর্ডাৰটো দিলে যদিও তাই পিছে তালৈ বেকা চাৱনি এটা দি মাকৰ পিছে পিছে বে’ডৰূমলৈয়ে সােমাই গ'ল। তাই ওলাই অহাৰ কোনাে লক্ষণ নাই। [ ৩৩ ] সিয়াে আৰু দ্বিতীয়বাৰ তেনে এটা আদেশ নিদি প্লাষ্টিকৰ চকী এখনতে নাক ফুলাই বহি থাকিল। লাহে লাহে, তাৰ চিন্তাবােৰে পাক খাবলৈ ধৰিলেহি।
সঁচায়ে, এই পৃথিৱীখনত কি যে মানুহ কিছুমান থাকে !
খালি, সমস্যাৰ সৃষ্টি কৰে। সমাধানৰ উপায় এটা কিন্তু উলিয়াব নােৱাৰে।
আচলতে, সিহঁত নিজেই একোটা সমস্যা।
আৰু, এনেকুৱা অবাঞ্চিত সমস্যাবােৰক মানে হুদুখেদাহে দিব লাগে।
কথাবােৰ ভাবি ভাবি এটা সময়ত তাৰ পিছে হাঁহি এটাহে উঠিল।
হাঁহিৰ মাজতে, কিয় জানাে, তাৰ একাপ চাহ খাবলৈ মন গ'ল।
‘এই পৰী, প-ৰী! চাওঁ, এইফালে আহ!’
সি জীয়েকক প্রয়ােজনতকৈ কিছু ডাঙৰকৈয়ে মাতিলে।
বহুত পৰলৈ তাইৰ কিন্তু কোনাে সহাৰি নাহিল।
এইৰনাে কি হ'ল বুলি আকৌ এবাৰ মাতিব খােজোতেই সি দেখিলে, তাই আহি তাৰ পিছফালেই থিয় হৈ ৰৈ আছেহি।
‘কি হল? সমুখলৈ আহ!
যাচোন, ধুনীয়াকৈ চাহ একাপ বনাগৈ৷
আৰু, তােক যে কিবা কাপােৰ লাগে বুলি কৈছিলি, ওলাবি এতিয়া!’
তাই উভতিব খােজোতেই দেখিলে, মাকে চাহদুকাপ লৈ ওলাই আহিছে।
পৰীৰ চাহকাপ গেছষ্ট’ভৰ ওপৰতে থৈ আহিছে বুলি কৈ মানুহজনীয়ে ৰাজীৱলৈ বুলি চাহ একাপ আথে-বেথে আগবঢ়াই দিলেহি।
চাহকাপ ল’বলৈ বুলি হাতখন আগবঢ়াই দিওঁতেই মানুহজনীৰ লগত তাৰ চকুৱে চকুৱে পৰিল। তাই অলপ হঁহাৰ দৰে কৰিলে।
‘কি হল?- তাৰ মাতষাৰ এইবাৰ পিছে অলপ কোমলকৈয়ে ওলাল।
‘একো হােৱা নাই। চাহ খাওক! আৰু খংটো অলপ কমাওক।’
পলায়ন
আবেলি সময়কণত বলিনে গেইটখনৰ ওচৰতে অলপ ইফাল-সিফাল কৰি থাকি কপাহৰ দৰে য'ত ত'ত ওলমি থকা ডাৱৰৰ চপৰাবােৰৰ মাজে মাজে অস্তায়মান বেলিটোৰ পৰা কাড়ৰ দৰে ওলাই অহা ভিন্নৰঙী ৰশ্মিবােৰ, দুই এটা নীড়মুখী চৰাই আৰু বাদুলিবােৰৰ লগতে দূৰৰ ৰাস্তাটোৰে হৰ্ণ বজাই অহা-যােৱা কৰি থকা গাড়ী-মটৰবােৰ দেখুৱাই দেখুৱাই ছােৱালীজনীক নিচুকাই আছিল।
সি যি ফালেই আঙুলিয়াই দেখুৱায় তাই সেইফালেই ৰ লাগি চাই ৰৈছিল।
হঠাৎ,কঁচিজোনটো দেখা পাই সি তাইক সেইটো আঙুলিয়াই দেখুৱালে।
‘জান মােৰ, সৌৱা জোন-বা-ই, চোৱা চো-ৱা !’
ঠিক তেনেতে, কাষতে থকা মালিকৰ ঘৰৰ পৰা আনন্দ-উল্লাসৰ বাধাহীন
ঊর্মিমালাৰ এক শব্দ-তৰঙ্গ উফৰি আহি তাৰ কাণত পৰিলহি।
লগতে, প্রয়ােজনাধিকভাৱে কিবাকিবি টকালি পাৰি পাৰি খােৱাৰ শ্রুতিকটু শব্দ আৰু অমলহঁতৰ মুখত মালিকনীৰ ৰন্ধন-শৈলীৰ অকৃপণ প্রশংসা!
মানে, এইখন নাটকৰো যৱনিকা পৰিবলৈ আৰু মাত্ৰ কেইটিমান নাট্য- মুহূর্তহে চাগে বাকী আছেগৈ। এন্টি-ক্লাইমেক্সটোতাে ইতিমধ্যে আৰম্ভ হৈছেই।
কথাটো ভাবি বলিনৰ হাঁহি এটাহে উঠিল।
সি হঁহা দেখি ছােৱালীজনীয়ে তাৰ মুখলৈ চালে আৰু তাইয়াে হাঁহিলে।
সৰল আনন্দতে তাই দুবাৰমান হাতচাপৰি মাৰি মাৰিও হাঁহিলে।
তেওঁলােকৰ ঘৰৰ পৰা আকৌ এবাৰ গির্জনি মাৰি হঁহাৰ শব্দ শুনা গ'ল।
তাই এইবাৰ মালিকৰ ঘৰটোৰ ফালে চালে আৰু তালৈ যাবলৈ বিচাৰিলে।
তেনেতে যেনিবা ৰশ্মিৰ মাতষাৰ বলিনৰ কাণত পৰিলহি।
‘তাইক লৈ আহকচোন! জা-ন, আ-হা!’
মানে, তাইক খুৱাবৰ সময় হৈছে।
তাইক খুৱাই-ধুৱাই আজৰি হ’ব পাৰিলেহে আকৌ ৰন্ধা-বঢ়া কৰিব পাৰি।
ইফালে, কাৰেণ্টটোও নাই। লেম্পৰ ক্ষীণ পােহৰত তাই আমনিও কৰে।
তথাপিও, ফুচুলাই কৰি তাইক আগতেই খুৱাই নল’লেও দিগদাৰ। [ ৩৫ ] আকৌ, মাকে খুৱাই থাকোতে সি কিবাকিবি এটা কৰি থাকি তাইৰ মনােৰঞ্জন কৰি থাকিবও লাগে। নহ'লে, তাই কেতিয়াবাতাে মুখেই নেমেলে।
‘অমলহঁত ইয়াত আৰু বেছিদিন নাথাকিব যেনহে পাইছোঁ, বুইছা ?’
তাৰ আকস্মিক ঘােষণাটোত ৰশ্মিয়ে পিছে একোৱেই সঁহাৰি নজনালে।
তাই এনেয়াে তাৰ কোনাে কথাতে ভালমতে সঁহাৰি নজনায়।
সময়, সুবিধা পালে তাৰ যিকোনাে কথাতে তাই তীব্র প্রতিবাদহে জনায়।
এতিয়া অৱশ্যে তাই তাৰ কথাটোত না সঁহাৰি জনালে, না প্রতিবাদ !
তাই খালি ছােৱালীজনীক যেনেতেনে খুউৱাতহে লাগি থাকিল।
ইফালে, কাণৰ কাষত মহৰ কোনকোননি শুনি শুনিও তাই আমনি পাইছে।
আধা পােহৰ, আধা আন্ধাৰৰ মাজতে মহবােৰ থকাৰ সম্ভাৱ্য ঠাইবােৰলৈ তাই বৰ খঙেৰে চাইছে আৰু ডাঙৰক দেখি খােৱাৰ মাজে মাজে মহ মাৰিবলৈ বুলি হাত চাপৰিও মাৰি আছে।
কিন্তু, তাইৰ সেইকণ হাতৰ চাপৰত ক’তনাে আৰু মহ মৰিব!
উপায় নাপাই সি বিচনী এখনেৰেই তাইক অলপ অলপকৈ বিচি দিলে।
তাই খাই অঁতােৱাৰ পিছতে অৱশ্যে কাৰেণ্টটো আহিল।
লাইট জ্বলিল, ফেন ঘূৰিল, টি.বি.টোও চলিল।
লগে লগে, ইমান সময় ধৰি পাই থকা অসুবিধাখিনিৰ কথা সিহঁতে যেন পাহৰিয়েই গ’ল। ভয় খালি এটায়েই, কাৰেণ্টটো কিজানি আকৌ যায় !
কাৰেণ্টটো অহাৰ ক্ষন্তেক পিছতে অমলহঁতৰ ৰূমৰ দুৱাৰখন খােল খালে।
লগে লগে আৰম্ভ হৈ গ'ল ল’ৰা-ছােৱালীকেইটাৰ হুলস্থূলবােৰ।
কোনে কি কৈছে, কি চিঞৰিছে, একো ঠিক নাই।
ঠিক যেন, ‘আমাৰ দাবী মানিবই লাগিব’ বুলি ধর্ণা দি থকা দল এটাহে।
কিন্তু, কি দাবী, কোনে মানিব লাগিব, এইবােৰ কথা নাই।
প্রায় আধাঘণ্টামান সিহঁতৰ হুলস্থূলবােৰ অব্যাহত হৈ থাকিল।
‘এ-ই, কি হৈছে? কিহৰ ইমান হাল্লা ?’
হঠাৎ, মালিকনীৰ গর্জনটোৱে গােটেই চৌহদটো যেন কঁপাই তুলিলেহি।
‘এই, অলপ ৰ-চোন! মনে মনে থাক! লাগে নেকি?’
অমলৰ ওৱাইফৰ চেপামৰা কণ্ঠৰ মাতষাৰ বলিনৰাে কাণত পৰিলহি।
তাৰ পিছত, কিছু দেৰিলৈ সব ঠাণ্ডা।
অলপ পিছতে, টিউবৱেল মৰাৰ শব্দ এটা কাণত পৰিলহি।
টয়লেটৰ দুৱাৰখন মেলা-মৰা কৰাৰ শব্দটোও এবাৰ শুনা গ'ল। [ ৩৬ ] এটা সময়ত, গােটেইবােৰ আহি ভিতৰত সােমালহি৷ টি.ৱি.টোও চলিল।
তাৰ পিছৰপৰা আৰু ৰূমটোৰ পৰিৱেশ-পৰিস্থিতি মােটামুটি স্বাভাৱিক।
কিছুসময়ৰ পিছতে, প্রস্রাৱ কৰিবলৈ বুলি টয়লেটলৈ যাওতেই অমলহঁতৰ পিছ দুৱাৰমুখতে বলিনৰ খােজটো পিছে হঠাৎ ৰৈ গ'ল। মানে, সেই সময়তে, অমল আৰু তাৰ ওৱাইফৰ চেপামৰা কণ্ঠৰ কথাকেইটামান তাৰ কাণত পৰিলহি।
‘আনে ঘৰ এৰি নিদিব আৰু দোষটো হ'লগৈ আমাৰহে! দেখিছানে?’
হঠাৎ যাতে তাৰ কাহ বা হাঁচি এটা নাহে, তাৰ বাবে বলিন সজাগ হ’ল।
‘এৰা পাই, আমি কিবা ঠিকা লৈ থৈছিলাে নেকি?
‘এতিয়া, এনেই এনেই দুটাকৈ পৰিয়ালৰ লগত বেয়া হ'লােহি।’
‘হ’ব আৰু, উপায়তাে নাই। কেতিয়াবা এনেকুৱা হৈ যায় আৰু!
কাইলৈ, দেখিছোঁ, বেলেগ ঘৰ এটাহে...’
বলিন আৰু ৰৈ নাথাকিল। খৰখােজেৰে গৈ ইউৰিনেলত সােমালগৈ।
বহুদিনৰ মূৰত সি যেন প্রাণখুলি প্রস্রাৱ কৰিলে।
প্ৰস্ৰাৱ কৰি থাকোতেই, অমলহঁতৰ কথাবােৰ ভাবি ভাবি এটা সময়ত তাৰ হাঁহি এটাহে উঠি আহিল। দেহি ঐ, ভাবিছিলি কি আৰু হ'লগৈ কি !
কাৰােবাৰ কথা শুনি আন কাৰােবাক অন্যায় কৰিবলৈ যাব নাপায় নহয়।
হয়, কিবাকিবি অসুবিধাৰ বাবে আজি কোনােবাই ভাৰাঘৰ এটাত আছেহি।
কাইলৈ সি হয়তাে নিজেই ধুনীয়া বিল্ডিং এটা সজাই ল’বগৈ।
হয়তাে, সি আজি থকা ভাৰাঘৰটোৰ মালিকৰ ঘৰটোতকৈয়াে ভাল ঘৰ এটাহে সজাই ল'বগৈ। তেতিয়া কি লাজ নাপাবা?
আৰু, তুমি যিহেতু বর্তমান নিজেই ভাৰাঘৰ এটাতে আছাহি, আন এজন ভাৰতীয়াৰ বিৰুদ্ধে থিয় দিছাহি কিয়? তেওঁনাে তােমাৰ কি অপকাৰটো কৰিলে ?
অপকাৰৰতাে কথাই নাই, পিতৃগৃহত নিজৰে ককাই-ভাইৰ লগত তিস্থিব নােৱাৰি তুমি যেতিয়া ভাল ভাৰাঘৰ এটাৰ সন্ধান কৰি ফুৰিছিলা, তেতিয়া তেওঁয়েই দেখােন এইটো ঘৰলৈ তােমাক মাতি আনিছিল।
কিন্তু, ইয়ালৈ আহি তুমি কৰিলাহি কি ?
কাৰােবাৰ প্ৰৰােচনামূলক কথা শুনি মাত্র এমাহৰ ভিতৰতে তােমাৰ বিশ্বস্ত বন্ধুজনৰ লগত বেয়া হ’লাহি!
মনত আছেনে বাৰু, তুমি যে দিন নাই, ৰাতি নাই, যিকোনাে সময়তে তেওঁলােকৰ ৰূমলৈ ঘপাঘপ সােমাই যােৱা আৰু হেঁ হেঁকৈ হাঁহি হাঁহি ফাল্টু কথা কিছুমান কৈ কৈ তেওঁলােকৰ ধৈৰ্য্য পৰীক্ষা কৰা! [ ৩৭ ] এদিন, অঁকৰাৰ দৰেই ‘আমাৰ বলিনক কেনেকুৱা পাইছা বুলি যে ৰশ্মিক সুধিছিলাহি, তেতিয়া তাই যে তােমাৰ ভাই-বােৱাৰীৰ তুল্য, সেই কথাটো তুমি কি পাহৰি গ'লা ?
আকৌ সিদিনা,বন্ধুৰ ছােৱালীজনীক খেলােৱাৰ নামত ওপৰলৈ দলিয়াই যে ঢােপ খেলিছিলা, তাই তেতিয়া কিমান ভয়ার্ত হৈছিল, তুমি কি দেখা নাছিলা?
তাই যদি হাতৰ পৰা পিছলি তললৈ পৰি গ'লহেঁতেন, তেতিয়া ?
ঢােপ খেলাত তােমাৰ যদি ইমানেই চখ আছে, নিজৰ ছােৱালীজনীক লৈ নেখেলিলা কিয়? আনৰ মৰমৰ সন্তানক লৈ কিয় হাত এৰি হেতালি খেলিছিলা?
আৰু, বন্ধুৰ প্রতিবাদ হজম কৰিব নােৱাৰি পিছদিনা যে নিজেই পইচা ভৰি বাঁহ কিনি আনি বাৰাণ্ডাখনৰ মাজতে বেৰ এখন দিয়াইছিলাহি, মনত আছে?
আৰু, সেই বেৰখন দিয়াৰ পিছতেই ঘৰটোৰ মালিক, মালিকনীৰ লগতে আন দুই-এজনকো মাতি আনি তুমি যে চাহ-পার্টি এটাৰ আয়ােজন কৰিছিলাহি, সেইদিনা তােমাৰ মনত কি অকণাে আফ্চোচ্ হােৱা নাছিল ?
চোৱা, সম্পর্ক চিঙিবৰ বাবে বেৰ নালাগে নহয়। এষাৰ টান কথাই যথেষ্ট।
গাৰ বলেৰেতাে কোনেও কাৰো অন্তৰত আসন লাভ কৰিব নােৱাৰে।
এই আসন লাভ কৰিবলৈ হ'লে কথা আৰু কামবোেৰ সৎ হ'বই লাগিব।
মই একো ক’বই নালাগে, আজি তুমি এই ধৰণৰ পার্টি চার্টি দিয়াতাে বন্ধ কৰি দিয়া, কাইলৈ নিজেই গম পাবা কোন তােমাৰ পক্ষত আছে, কোন নাই।
এইবােৰ, আচলতে, খুউব সৰু কথা। সেয়েহে, সহজে চকুত নপৰে।
বাৰু যিয়েই হওক, শুবৰ সময়ত বলিনে ৰশ্মিক কথাটো আকৌ ক'লে।
‘লােকৰ কথা লােকৰ বতৰা। মইনাে এইবােৰ কি জানাে !
কোন থাকে, কোন যায়, আমাৰ দৰকাৰ নাই নহয়!’
ৰশ্মিৰ স্পষ্ট কথা। তাইৰ কথাত কোনাে আঁৰ-বেৰ নাই।
ঠিকেই। মানুহে আজিকালি ককাই-ভাইৰে খা-খবৰ ল’বলৈ বাদ দিছে।
তেনে স্থলত, এইবােৰ বাটত পােৱা কমাৰৰ কথানাে ভাবে কোনে!
তথাপিও, নাভাবাে বুলিও কিছুমান কথা মানুহে কেতিয়াবা ভাবে।
মানে, কথাবােৰ মনলৈ আহি থাকিলেনাে কি কৰিব!
কিন্তু, তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলেহি, সি গমেই নাপালে।
সি সাৰ পাওতে পিছে পুৱা পাঁচেই বাজিলহি।
ইপিনে, ছােৱালীজনীয়ে কেতিয়াবাই সাৰ পাই বিচনাতে খেলি আছে।
এতিয়া, সি টয়লেটৰ পৰা সােনকালে আজৰি হৈ আহি তাইক অলপ [ ৩৮ ] চাই দিলেহে মাকে ঘৰুৱা কাম-বনবােৰ কৰিব পাৰিব।
গতিকে, সি লৰালৰিকৈ উঠিল।
কিন্তু, টিউবৱেলৰ পাৰততাে হাহাকাৰ কাণ্ড!
অমলহঁতৰ গােটেইবােৰ উঠি আহি টিউবৱেলটো দখল কৰি লৈছেহি।
টয়লেটতাে ইটোৰ পিছতে সিটোকৈ সােমাইছে, ওলাইছে।
একেবাৰে শেষত সােমালগৈ সােণটি।
সি সােমালেতাে এঘণ্টালৈ ওলােৱাৰ নামেই নলয়।
উপায় নাপাই, বলিনে মুখ-হাত ধুইয়ে উভতি আহিল।
লেট্রিনৰ কামটো সমাধা কৰাৰহে পিছে কোনাে বিকল্প উপায় নাই।
ৰশ্মিও উঠিল। ইপিনে, ছােৱালীজনীকো উঠি আহিবলৈ লগা হ’ল।
তাই নিজেই নামি আহিলেতাে বিচনাৰ পৰা পৰিয়েই যাব।
এক তীব্র খং আৰু উত্তেজনাত বলিনৰ হাতৰ শিৰবােৰ টান হৈ আহিল আৰু টয়লেটৰ দুৱাৰখনত টোকৰ দিলেগৈ, ‘অই, হ’লনে নাই তােৰ? ওলাহ!’
অলপ পিছতে, এক ঘােপা চাৱনিৰে সােণটি ওলাই আহিল হয়, কিন্তু কম’ডটোৰ ফালে যে চাবই নােৱাৰি। গােটেইটো পাৰে চাৰে লেতেৰা !
সেইফালে নােচোৱাকৈয়ে বলিনে ইতিমধ্যে গােটাই থােৱা পানীবাল্টি কম’ডটোত ঢালি দিলে আৰু লৰালৰিকৈ আন এবাল্টি ভৰাই লৈ সােমাই গ'ল।
সি ওলাই অহাৰ পিছতে সােণটি আকৌ সােমালগৈ।
মানে, ৰশ্মি আহিও কিমান দেৰি ৰ'বলগীয়া হ'ব, ঠিক নাই।
এনেয়াে, ঘাইল হােৱা জন্তুৱেতাে যাকে তাকে একামােৰ মাৰি থৈ যায়।
এইটো ঘৰৰ পৰা ওলাই যােৱাৰ আগতে এওঁলােকেও যে অবাঞ্চিত কিবা এটা কৰি থৈ নাযাব, ক’বতাে নােৱাৰি। তাতে, এওঁলােকক মালিকনীয়ে খেদালে বুলিতাে কাকো ক’বগৈ নােৱাৰে। মানুহে হাঁহিব। গতিকে, কাইলৈ যাতে বলিনহঁতৰ উৎপাতত থাকিব নােৱাৰিহে তেওঁলােক যাবলগীয়া হ'ল বুলি অপ- প্রচাৰ এটা চলাব পৰা যায়, তাৰ বাবে, ওলাই যােৱাৰ আগতে, তেওঁলােকে কিবা নহয় কিবা এটা জেং লগাই থৈ যাবলৈ যে চেষ্টা নকৰিব, তাৰ কি মানে আছে!
কিন্তু, ইহঁতৰ এই প্রচেষ্টাটো সফল হ'বলৈ কোনােপধ্যেই দিব নােৱাৰি।
এতিয়া,ইহঁতে কিবা এটা ক’লেও বা কৰিলেও মনে মনে থাকিব লাগিব।
কিমান দিননাে থাকিব আৰু! খুউব বেছি দুটা দিন।
তাৰ পিছততাে কিছুদিনলৈ নিশ্চয় শান্তি হ'ব।
অন্ততঃ বেলেগ পৰিয়াল এটা নহালৈকে! [ ৩৯ ] কথাটো ভাবি বলিনৰ ইমানেই ভাল লাগিল যে ছােৱালীজনীক কোলাত লৈ অলপ ফুৰাবলৈ বুলি সি ৰাস্তালৈ ওলাই গল।
মানে, পুৱাৰ শান্ত পৰিৱেশটোৰ আভাস এটা তাইয়াে পােৱাটো দৰকাৰ।
প্রকৃতিৰ অনুপম ৰূপখিনি তাইয়াে দেখাটো দৰকাৰ।
এই বিশাল নীলা আকাশখনি, এই মুক্ত বতাহখিনি, সূর্যোদয়ৰ এই সুন্দৰ দৃশ্যটি আৰু এই স্বাধীন মনৰ চৰাই-চিৰিকটিবােৰ তাইয়াে দেখাটো দৰকাৰ।
বাটে বাটে সি তাইক ইটো সিটো আঙুলিয়াই আঙুলিয়াই দেখুৱাই গ'ল।
মাজে মাজে, তাইয়াে কিবাকিবি এটালৈ আঙুলিয়াই কয়, ‘হু-টো!’
তাৰ ভাব হ’ল, তাই, আচলতে, সাগৰখনাে এবাৰ দেখাটো দৰকাৰ।
তেতিয়া, তাইৰ আগলৈ অইন কিবা হওক বা নহওক, তথাকথিত ডাঙৰ মানুহ তাই হওকেই বা নহওক, তাইৰ মনটো নিশ্চয় এনেকুৱা সংকীর্ণ নহ'বগৈ !
তােমাৰ মনটোৱেই যদি সংকীর্ণ হয়, ঐশ্বৰ্য-বিভূতি যিমানেই আহৰণ কৰা লাগিলে, সেইবােৰেতাে তােমাক সুখ দিব নােৱাৰিব, শান্তি দিব নােৱাৰিব।
জীৱনত যদি শান্তিয়েই নাপালা, পালানাে কি?
আৰু শান্তি লাভ কৰাটো ইমান এটা টান কথাও নহয়, দিয়াচোন!
আনক অশান্তি নকৰিলেই তুমিও শান্তিত থাকিবলৈ পাবা।
জীৱনত শান্তি লাভৰ বাবে এইটোতাে অতি সাধাৰণ সূত্র।
কথাবােৰ ভাবি ভাবি মুকলি ৰাস্তাটোৰে লাহে লাহে গৈ গৈ আধাঘণ্টামান পিছতে, ৰশ্মিয়ে গা-পা ধুই লােৱাৰ সময়কণৰ আন্দাজ এটা কৰি লৈ সি উভতি আহিল আৰু ছােৱালীজনীক চুচৰিবলৈ বুলি ৰূমটোৰ মজিয়াতে এৰি দিলেহি।
তাই পিছে কলকলাই কলকলাই মাকৰ ওচৰ পালেগৈ।
তাইৰ হয়তাে ভোক বা পিয়াহেই লাগিছে।
মাকে তাইক খুউৱাই থাকোতে সি নিজেই চাহ বনােৱাত লাগিলগৈ।
নহলে, কামবােৰ নহয়গৈ দেখােন!
সি চাহ দুকাপ বাকী লৈ বিস্কুটৰ টেমাটো উলিয়াই আনােতেই হঠাৎ পিছ দুৱাৰমুখতে অমলৰ ইতস্থতঃ ভাবৰ মাত এষাৰ তাৰ কাণত পৰিলহি।
‘কি কৰি আছানাে? অ, চাহ বনাইছা!’
দুৱাৰমুখতে অমলক ৰৈ থকা দেখি সি দস্তুৰমত আচৰিত হ'ল।
মানুহটোৰ চাৱনিটোও দেখােন কিবা ক্লান্ত, শ্রান্ত, সিক্ত, কৰুণ !
মানে, মানুহটোৱে নিজকে ঢাকি ৰাখিব পৰা নাই।
এওঁৰনাে কি হ'ব পাৰে, বলিনে আচলতে ভাবিয়েই নাপালে। [ ৪০ ] তলৰ ওঁঠখন কামুৰি ধৰি সি ক্ষন্তেক সময় ৰৈ দিলে।
ইমানদিনে যিয়েই নকৰক বাৰু, ঘৰলৈ আহিলেতো আদৰিবই লাগিব।
গতিকে, এক নাটকীয় ভঙ্গীমাত ‘অস্ সোমাই আহক, বহকহি’বুলি কৈ অমলক পাকঘৰতে বহুৱাবৰ বাবে সি অতি ব্যস্ত হৈ পৰিল।
ৰশ্মিয়েও সামান্য হঁহাৰ দৰে কৰি অমলক তাতে বহাৰ সুবিধা কৰি দিলে।
কথাৰ মাজতে মিটছেফ্ টোৰ পৰা আৰু এটা কাপ উলিয়াই আনি সি দুকাপ চাহৰ পৰাই তিনিকাপ কৰিলে। প্লেইটখনত বিস্কুট দুটামানো বাকি দিলে।
‘হেৰি হ’ল, মানে, আমি ইয়াৰ পৰা যামগৈ আৰু! এই সপ্তাহতে যাম।’
কিয়? কি হ’ল আক’? মালিকনীয়ে কিবা?
বলিন যেন আচৰিতেই হ’ল।
নাই নাই, মালিকনীয়ে একো কোৱা নাই।
কালি কথাটো শুনি তেওঁতো বেয়াই পাইছে।
তাতে, আজি তিনিটা মাহে আমাৰ দুইঘৰৰ মাজত ঘৰুৱা সম্পৰ্ক এটাও হৈ গ'ল যে! কিন্তু, আমাৰ এওঁহে এই কেঁচা ঘৰটোত থাকি ভাল পোৱা নাই।
পকা ঘৰ এটা এঠাইত পাইছোঁ। তাকে বোলো, কাইলৈ তালৈকে...
চাহ এসোহা মাৰিয়েই বলিন যেন থৰ হৈ ৰৈ গ'ল।
ইপিনে, ছোৱালীজনীয়েও এবাৰ তাৰ মুখলৈ, এবাৰ মাকৰ মুখলৈ আৰু আনবাৰ অমলৰ মুখলৈ চাই থৰ লাগি ৰৈ দিলে। তাইৰ মুখৰ জলপান মুখতে!
তাইয়ো যেন কিবা এটা বুজি পাইছে।
‘কথাটো এনেয়ে ঠিকেই আছে বাৰু। কিন্তু, আপোনালোক এনেকৈ যাবলৈ ওলোৱাতহে বেয়া লাগিছে, দিয়কচোন!
আমাৰ লগত মাত-বোল নকৰিলেও মাত-কথাবোৰকে শুনি আছিলো।
যেনেকৈয়ে নহওক, কেম্পাছটোৰ পৰিৱেশটোৱেই সজীৱ হৈ আছিল।
ভাল লাগিছিল। কিন্তু, এতিয়া...’
ইমানদিনে মাত-বোল নকৰাৰ কথাটো বলিনে কওঁ বুলিয়েই ক'লে।
আৰু, অমলো ইমান অঁকৰা নহয় যে তাৰ ইঙ্গিতটো ধৰিব নোৱাৰিব।
কিন্তু, হোৱাবোৰতো হৈয়ে গ'ল।
এতিয়া আৰু পোতা আৱৰ্জনা খুঁচৰি কি লাভ!
আৰু, এনেয়ো যিহেতু তেওঁলোক ইয়াৰ পৰা যাবলৈ ওলাইছেই, মনত বেয়া ভাববোৰ ৰাখিয়েই ওলাই যাবনে!
‘হ’ব দিয়া, সেইবোৰ কথা এতিয়া বাদ দিয়া আৰু! [ ৪১ ] ওচৰা ওচৰিকৈ থ’লে কাঁহী-বাতিৰো কেতিয়াবা টুং টাং শব্দ হয়।
এতিয়া সেইবোৰকে ধৰি থাকিব নালাগে আৰু! নে কি কোৱা ৰশ্মি?
নৈতিক সমৰ্থন লাভৰ আশাত তেওঁ এইবাৰ ৰশ্মিৰ মুখলৈ চালে।
পিছে, ৰশ্মিয়েনো ক’ব কি?
তেওঁ এনেয়ো মাকৰ ঘৰৰ মানুহখিনিৰ বাদে আনক মানুহ বুলি নাভাবেই।
পৃথিৱীখনত অন্য মানুহ থাকে নাথাকে, তেওঁৰ দৰকাৰেই নাই।
তথাপিও, সমৰ্থনসূচক হাঁহি এটা ওঁঠত ওলোমাই লৈ তেওঁ ৰৈ থাকিল।
‘আচ্ছা, এতিয়া কথা হ’ল, আমি মানে কাইলৈ বা পৰহিলৈয়ে যামগৈ।
ইয়াত তিনিমাহ হ’ল আৰু! ভাৰাঘৰত এনেয়ে বেছিদিন থাকিব নাপায়।
আৰু এটা কথা, এইবছৰতে মাটি অকণো কিনো নেকি?
এওঁ মানে তাকেহে কৈ আছে। য'ত ত'ত চাই আছোঁ বাৰু।
চাওঁচোন, কেতিয়া ক’ত কি হয়!
আচ্ছা, আহিছোঁ বাৰু! তোমালোকে পিছে কথাবোৰ ধৰি নাথাকিবা!
ঘাকণত অলপ মলম লগাই থৈ এক ঈষৎ হাঁহিৰে অমল ওলাই গ'ল।
তেওঁ ওলাই যোৱাৰ লগে লগে বলিনে ৰশ্মিলৈ চাই শব্দহীন কিন্তু বিশেষ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে। যেন ক'ব বিচাৰিলে, ‘দেখিলা? নিজে সৎ হৈ থাকিলে আনে যিমানেই যি কৰক লাগিলে, শেষত ভুল স্বীকাৰ কৰিবহিয়েই।
ৰশ্মিয়ে কিন্তু তাৰ সেই হাঁহিটোত তিলমাত্ৰও গুৰুত্ব নিদিলে।
‘খা অ’ এইজনী’ বুলি কৈ ছোৱালীজনীক আকৌ খুৱাবলৈহে লাগিল।
বলিনৰ মনটো কিন্তু মুকলি হৈ গ’ল।
এক গভীৰ তৃপ্তিত তাৰ মুখেদি গুণগুণকৈ গানেই ওলাই গ'ল।
সেইটো তৃপ্তি মনত লৈয়েই, গা-টো ধুই ল’বলৈ বুলি সি বাথৰূম পালেগৈ।
পিছে, বাথৰূমটো বন্ধ। মানে, কোনোবাই নিশ্চয় গা ধুই আছে।
ইপিনে, চাৰে আঠ বাজিলেই। অফিচলৈ যাবৰ হ’বই আৰু!
অগত্যা, টিউবৱেলৰ পাৰতে গাটো ধুবলৈ বুলি সি সাজু হ'ল।
তাতো, পিছে, অসুবিধা।
জাঙ্গিয়া, টাৱেল আদি পিন্ধি লৈ মুকলি ঠাইত গাটো ঘঁহি-পিহি ধুবলৈতো দিগদাৰ হয়েই। তদুপৰি, বাহিৰত গা ধুলে মালিকনীয়েও আপত্তি কৰে।
পিছে, তাকে নকৰিলে তাৰ এতিয়া আন উপায়ো নাই।
শেষত আৰু, চকু কাণ মুদি লৈ লৰালৰিকৈ গাটো ধুই সি গুচি আহিল।
ভাত-পানী খাই চাৰে ন বজাত অফিচলৈ বুলি সি ওলাই গ'ল। [ ৪২ ] অফিচতাে তাৰ মনটো অৱশ্যে ভালেই লাগি থাকিল।
উভতি আহােতে মনৰ আনন্দতে কুঁহিমাছ আধাকেজিও সি লৈ আহিল।
পিছে, ৰাতি ভাতৰ পাতত বহােতে ৰশ্মিয়েতাে আচৰিত কথা এটা ক'লে৷
মানে, গােটেই আবেলিটো মালিকনী আহি হেনাে অমলহঁতৰ ৰূমতে হাঁহি মাতি বহি থাকিলহি আৰু মাজে মাজে আনকি বলিনহঁতৰহে বদনাম গালে।
‘কি-ই-ই?’ - সি যেন কথাটো বিশ্বাসেই কৰিব পৰা নাই।
‘আপােনাৰ অমলদাইয়াে দেখােন আপােনাৰ কথা কৈ কৈ হাঁহিলেহে।’ ‘হেই! কি কথা কৈছা? তেওঁ দেখােন অথনি তােমাৰ সমুখতে...'
সিনাে বাৰু ৰশ্মিৰ কথাটো এতিয়া বিশ্বাস কৰে কেনেকৈ !
কিন্তু, তাইনাে মিছা কথা এটা ক’বনে? আৰু, ক’বনাে কিয় ?
হয়তাে, হাতত থকা ভাৰাতীয়া এজন হাতচাৰা নহ'বৰ বাবে মালিকনীয়ে শেষ চাল এটা খেলি চাবও পাৰে। আৰু, ঘৰটো হাতত ৰাখিবলৈ অমলহঁতেও শেষ চেষ্টা এটা কৰি চাব পাৰে। সেয়েহে হয়তাে, আবেলিৰ সেই নাটকখন!
ঠিক আছে বাৰু, পৰিৱেশ, পৰিস্থিতিখিনি লক্ষ্য কৰি থকা হওক !
অৱস্থা চাই ব্যৱস্থাতাে কৰিবই লাগিব।
ব্যৱস্থানাে কি আৰু, এওঁলােকৰ আগত গহীন হৈ থাকিব লাগিব।
নিজাকৈ মাটি অকণ নিকিনালৈকে এই ঘৰটো এৰি দিবতাে নােৱাৰিয়েই।
ঘৰ সলাই থকা কিমান দিগদাৰ, এই কথা ভূক্তভােগীয়েহে বুজি পায়।
আৰু, এনেয়ো, তােমাৰ শাস্তি হ’লে এইবােৰ মানুহেতাে ভালেই পাব।
কিন্তু, এইবােৰ মানুহক কোনাে কাৰণতেই ভাল পাবলৈ দিব নােৱাৰি।
লাগিলে, ইয়াৰ বাবে প্ৰেছাৰ উঠি কোনােবা চকুচৰহা মৰিয়েই যাওক !
কথাবােৰ ভাবি ভাবি এটা সময়ত বলিনৰ পিছে হাঁহি এটাহে উঠি আহিল।
‘কি হ’ল, হাঁহিলে যে?’- ৰশ্মিৰ পােনপটীয়া প্রশ্ন।
‘কিনাে হ’ব আৰু! মানুহবােৰৰ কথা-কাণ্ডবােৰ নেদেখিছা?
আচৰিত লাগে, বুইছা ?’- বলিন যেন হতাশ হৈয়ে পৰিছে।
‘যিয়ে যি কৰে, কৰি থাকক!
মই হলে এইবােৰত মাথা মাৰিবলৈ নাই দেই!’-ৰশ্মিয়ে বাগৰ সলালে।
ঠিকেই। এইবােৰত মাথা মাৰিতাে লাভেই নাই। অযথা টেনচন।
তাতকৈ, শুবলৈ চেষ্টা কৰাই ভাল।
তাকে ভাবি সি এক, দুইকৈ নেওতাখনকে মনতে আওৰাবলৈ ল'লে।
পুৱা উঠি টয়লেটলৈ যাওতে সি পিছে আচৰিত হােৱাৰে কথা। [ ৪৩ ] মানে, অমলহঁতে দেখোন বস্তু-বাহানি ধামধুম পেক্ কৰাতহে লাগিছে।
মাজে মাজে, তেওঁৰ ওৱাইফে কিবাকিবি ভোৰৰোইয়ো আছে।
উফৰি উফৰি আহি কাণত পৰা কথাকেইটামানৰ পৰা বলিনে এইটোৱেই বুজি পালে যে তাক দিগদাৰ দি ঘৰটোৰ পৰা উলিয়াই পঠিয়াবৰ বাবে তেওঁলোকৰ ওপৰত এক গধুৰ দায়িত্ব দিয়া হৈছিল। কিন্তু, সেই দায়িত্বভাগ পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকক কিছু ককৰ্থনা কৰা হৈছে। আৰু, তাৰেই পৰিণাম স্বৰূপে তেওঁলোকে আজি ঘৰটো এৰি যাবলৈ ওলাইছে। কিন্তু, এবছৰৰ ভিতৰতে নিজা বিল্ডিং এটা সজাই তেওঁলোকে যে মানুহজনীক দেখুৱাই দিবহি, সেইটো খাটাং।
কথাবোৰ বুজি পাই বলিনৰ মনত অলপ বেয়াও লাগিল।
যিমানেই যি নহওক, সৌ সিদিনালৈকে সিহঁতৰ মাজৰ সম্পৰ্কটোতো ভালেই আছিল। কিন্তু, সেই সম্পৰ্কটো বেছি ওচৰ, বেছি ভাল আৰু বেছি মজবুত কৰিবলৈ চেষ্টা কৰোতে, যি কাৰণতেই নহওক, একেবাৰে চিগিয়েই থাকিলগৈ।
কথাটো আচলতে বেয়াই হ’ল। এটা বেয়া উদাহৰণ থাকি গ'ল।
তথাপিও,বিদায়ৰ পৰততো অকণমান উদাৰতা নিশ্চয় দেখুৱাব পৰা যায়।
বাথৰূমৰ পৰা ওলাওতেই অমলৰ লগত বলিনৰ মুখামুখি হৈ গ'ল।
মাত এষাৰ দিবৰ বাবে সি সাজু হৈছিল। কিন্তু, অমল যে গহীন!
হয়তো, তেওঁৰ খং উঠি আছে। হয়তো, এতিয়া কথা পতাৰ মুডত নাই।
ঠিক আছে। এতিয়া কথা পতাৰ মুড যদি নাই, নালাগে। পিছত পাতিব।
পানী এবাল্টি লৈ বলিন গুচি আহিল।
ৰশ্মিয়ে ইতিমধ্যে ভাত-দাইল সাজু কৰি ৰাখিছিলেই।
ভাত-পানী খাই মুখ ধুবলৈ বুলি পিছফালে যাওতেই হঠাৎ সি ৰৈ গ'ল।
তাৰ কাণত আহি পৰা কথাকেইটা সি যেন বিশ্বাস কৰিবই পৰা নাই।
কিন্তু, কথাকেইটাতো সি প্ৰায় স্পষ্টভাৱেই শুনা পালে।
মানে,বস্তু-বাহানি পেক্ কৰি থকাৰ মাজতে অমলে ভোৰভোৰোই আছিল।
‘সব এইডালৰ কাৰণেই হৈছে।
এইডালৰ লগত লাগিয়েই আমি আজি ঘৰটো এৰি যাবলগীয়া হৈছে।
কুলক্ষণীয়াটো ক’ৰবাৰ!!'
সংক্ৰমণ
দিনৰ ঠিক এঘাৰ বজাৰ লগে লগে আটাইকেইজন শিক্ষক-কৰ্মচাৰীয়েই অধ্যক্ষৰ কক্ষটোলৈ এজন এজনকৈ ধীৰ গতিৰে সোমাই আহিল আৰু যিমানখিনি পৰা যায় সম্ভ্ৰম ৰক্ষা কৰিয়েই তেখেতৰ সমুখৰ চকীকেইখনত বহিলহি।
চতুৰ্থবৰ্গৰ কৰ্মচাৰীকেইজন যেনিবা সকলোৰে পিছফালে থিয় দিলেহি।
সকলোৰে মুখবোৰ মোটামুটি গহীন।
‘কিবা বিশেষ কথা আছিল নেকি? ক্লাছবোৰ নাই হোৱা নেকি?’
তেখেতে প্ৰত্যেকৰে মুখলৈ এক গভীৰ কৌতুহলেৰে চাবলৈ ধৰিলে।
আচলতে, কোনো ধৰণৰ হুলস্থূলীয়া পৰিৱেশ এটাৰ সৃষ্টি নহওক বুলিয়েই তেখেতে আজি ইমানদিনে দৰকাৰী কামবোৰ নীৰৱেই সমাধা কৰি গৈ আছে।
এইখিনি সময়তো, পিছলৈ যাতে কোনো ধৰণৰ কাগজ-পত্ৰ লৈ তেখেতৰ ঘৰলৈকে ঢপলিয়াব লগীয়া পৰিস্থিতি এটা নহয়গৈ, তাৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষ ফাইল কেইটামানত শেষবাৰৰ বাবে চকু ফুৰাই থকাৰ মাজতে তেখেতে প্ৰতিজন সহকৰ্মীৰ মুখলৈ একোবাৰকৈ মূৰ তুলি চালে।
এটা সময়ত ফাইলকেইটা জপাই থৈ সকলোৰে মুখৰ ওপৰেদি আকৌ এবাৰ চকু ফুৰাই আনি শেষত অলপ হঁহাৰ দৰে কৰিলে।
‘সব আহি ইয়াত উপস্থিত হৈছেহি দেখোন! কি হৈছে?
ক'ৰবাত কিবা অঘটন হৈছে নেকি?’
লগেলগেই, কোঠাটোত উপস্থিত থকা প্ৰতিজনৰে মুখমণ্ডলত তেখেতৰ মুখৰ হাঁহিটোৰ সংক্ৰমণ ঘটিলহি আৰু ৰূমটোৰ পৰিৱেশটো কিছু সহজ হৈ পৰিল।
‘নাই ছাৰ, আমি মানে আজি আপোনাক এক সম্ভাষণ জনাওঁ বুলিহে...’ ৰূমটোত সোমোৱাৰ বহুত আগৰেপৰাই ঠিক মুখস্থ কৰি থোৱা কথাকেইটা কওতেও লক্ষণ শইকীয়াৰ যেন অলপ থোঁতা-মোজাই লাগিল।
তেনেতে যেনিবা, বিজয় বৰুৱা বহাৰ পৰা উঠিল আৰু নিজে বহি থকা চকীখনৰ পিছফালেই থিয় হৈ তেওঁলোকৰ আগমনৰ এক উদেশ্য ব্যাখ্যাৰে সমগ্ৰ বিষয়টোক এক আনুষ্ঠানিক ৰূপ দিব বিচাৰিলে। [ ৪৫ ] ‘শ্ৰদ্ধাৰ অধ্যক্ষ মহােদয় আৰু মােৰ সহকর্মীবৃন্দ!
আজি আমি সকলােৱে এক বিশেষ উদেশ্য লৈ ইয়াত একগােট হৈছোঁহি।
আপােনালােকে নিশ্চয় জানে যে আজিৰ পৰা ঠিক বত্রিশ বছৰৰ আগতে আমাৰ এই পিছপৰা অঞ্চলটিত উচ্চ-শিক্ষাৰ কেন্দ্ৰ হিচাপে আমাৰ এই মহাবিদ্যালয় খনি প্রতিষ্ঠা কৰা হৈছিল। সেই প্রতিষ্ঠাকালৰে পৰা আজিলৈকে এই বত্রিশটা বছৰে এই মহাবিদ্যালয়খনিৰ অধ্যক্ষৰ গধুৰ দায়িত্বভাগ আমাৰ সকলােৰে শ্ৰদ্ধাৰ শ্ৰীযুত হেমকান্ত বৰবৰাদেৱে নিয়াৰিকৈ বহন কৰি আহিছে।
আমাৰ এই শিক্ষানুষ্ঠানটিৰ প্ৰতি তেখেতে আজি ইমানদিনে আগবঢ়াই যােৱা এই মহান সেৱাৰ মূল্যায়ন কৰাটো আমাৰ কাৰাে পক্ষে সম্ভৱপৰ নহয়।
তথাপিও, তেখেতৰ কৰ্মৰাজিৰ এক শলাগ ল’বলৈ বুলিয়েই আমি আজি আমাৰ ক্ষুদ্র শকতিৰেই এক সম্বর্ধনাৰ আয়ােজন কৰিছোঁহি।
আশা কৰোঁ, এই সম্বর্ধনাভাগ গ্রহণ কৰি তেখেতে আমাক ধন্য কৰিব!’
বিজয় বৰুৱাই পুনৰ আসন গ্রহণ কৰাৰ ঠিক পিছতে তিনিগৰাকী শিক্ষয়িত্রী হাতত একোখনকৈ গামােচা আৰু মুখত একোটা মিঠা হাঁহি ওলমাই লৈ তেখেতৰ কাষত থিয় হ'লগৈ তেখেতৰ ডিঙিত এখন এখনকৈ গামােচা পিন্ধাই দিলেগৈ।
লগে লগে, কোঠাটোত উপস্থিত সকলােৱে থিয় হৈ অভিবাদন জনালে।
তেওঁলােকে পুনৰ আসন গ্রহণ কৰাৰ পিছতে এখনি শৰাই আৰু গ্ৰন্থৰ এটি সৰু টোপােলা লৈ আগবাঢ়িল লক্ষণ শইকীয়া আৰু বিজয় বৰুৱাদেৱ।
সম্বর্ধনাভাগ গ্রহণ কৰি তেখেতে অশ্রুসিক্ত নয়নেৰে তেওঁলােকৰ সৈতে বহু সময় ধৰি কৰমৰ্দন কৰি ৰ’ল।
উপস্থিত বাকীসকলেও চকু চুলটুলীয়া কৰি তলৰ ওঁঠ কামুৰি ৰৈ থাকিল।
এইবাৰ, মনজিৎ মহন্তৰ ভাগত পৰিল সম্বর্ধনা-পত্ৰখনি পঢ়ি দিয়াৰ দায়িত্ব।
কিয় জানাে, কথাখিনি পঢ়ি যাওঁতে তেওঁৰ মাতটো কিছু কঁপি উঠিল।
পঢ়ি অঁতােৱাৰ পিছত সম্বর্ধনা পত্রখনি তেখেতৰ হাতত তুলি দিওতে উপস্থিত প্রত্যেকৰে হাতৰ মবাইল ফোনৰ কেমেৰাৰ ক্লিক ক্লিক শব্দ উঠিল।
মাজতে, প্রত্যেকৰে হাতে হাতে উঠিল চাহ-মিঠাইৰ একোখনকৈ প্লেইট !
চাহপর্বটিৰ পিছতে তেখেতে এক আৱেগভৰা কণ্ঠেৰে আৰম্ভ কৰিলেঃ
‘শ্ৰদ্ধাৰ সহকর্মীবৃন্দ! আজি আপােনালােকৰ এই বিশেষ সম্বর্ধনাটি লাভ কৰি মই অতি আনন্দিত অনুভৱ কৰিছোঁ। আপােনালােকলৈ অশেষ ধন্যবাদ থাকিল।
আশা কৰাে, আমাৰ মাজৰ এই মৰম চেনেহ ভৱিষ্যতেও অটুট থাকিব।
আজিৰ এই শুভ মুহূর্ততে মই এটি বিশেষ ঘােষণাও কৰিব বিচাৰিছোঁ। [ ৪৬ ] কথা হ’ল, আপোনালোকৰ মাজত আজিয়েই মােৰ শেষ দিন।
চৰকাৰী নীতি-নিদের্শনা অনুযায়ী, অহা কাইলৈৰ পৰা মই মােৰ এই দীর্ঘদিনীয়া চৰকাৰী কর্মক্ষেত্ৰভাগ এৰি অৱসৰৰ জীৱন যাপন কৰিব লাগিব।’
আচৰিত!দুয়ােটা পক্ষই ইমান সময় মিলাইনাে কামফেৰা কৰিব লাগেনে!
হয়তু, এয়া এক নাটকীয়তা।নহ’লে,ই সম্পূর্ণ কাকতালীয় হ’ব লাগিব।
বাৰু যিয়েই নহওক, একেটা দিনতে যেনিবা দুয়ােটা কাম সিজিলগৈ।
এতিয়া, পৰৱর্তী বা কি আশ্চর্য্য বাকী আছে!
পৰৱর্তী ঘােষণাটি কৰাৰ আগতে তেখেতে আকৌ এবাৰ কোঠাটোত উপস্থিত প্রতিজন সহকর্মীৰে মুখৰ ওপৰেদি দৃষ্টি পিচলাই আনিলে।
চাচপেন্স! প্রায় এক মিনিট ধৰি সঁচায়ে এক নাটকীয় চাচপেন্স !
‘এতিয়া, আমাৰ এই শিক্ষানুষ্ঠানটিৰ যাৱতীয় অফিচিয়েল কামকাজখিনি অব্যাহত ৰাখিবৰ উদেশ্যে, অধ্যক্ষৰ দায়িত্বভাগ আজিৰপৰাই আপােনালােকৰ মাজতে থকা শ্রীমতী ৰাস্না বৰুৱা মহােদয়াৰ হাতত অৰ্পন কৰি যাব বিচাৰিছোঁ।
আশা কৰাে, আপােনালােক সকলােৱে তেওঁৰ লগত সহযােগ কৰিব!’
হঠাৎ যেন এক অভাবনীয় আকাশবাণীহে কাণত পৰিলহি, এনে এক ভাবত ৰাস্না বৰুৱা যেন উচপ খাইয়ে উঠিল।
তেওঁৰ চকুৱে মুখে ফুটি উঠিল আশ্চৰ্য্যৰ এক ভাব!
লগে লগে, তেওঁ আৰম্ভ কৰিলে এক মৃদু প্রতিবাদ।
‘ইমান এটা গধুৰ দায়িত্ব মােৰ ওপৰত !
এস্ ছাৰে এইবােৰ কি কৰিব বিচাৰিছে জানাে! মই ভাবাে, মােতকৈয়াে...'
মানে, আকৌ এক নাটকীয়তা।
কিন্তু, তেওঁ যি বুলিয়েই আপত্তি দর্শাওক লাগিলে, কোনেনাে বাৰু তেওঁৰ আপত্তিভাগ মানি ল’ব বা সেই প্রস্তাৱটিৰ বিৰুদ্ধে কিবা এষাৰ ক’ব! যেনেকৈয়ে নহওক, হ’বলগীয়া অধ্যক্ষগৰাকীৰ প্রতি সকলােৱেতাে আনুগত্যই প্রকাশ কৰিব।
বেছি সময় নষ্ট নকৰি, উপস্থিত সকলােৱেই এক দীঘলীয়া হাত-তালিৰে তেওঁক আগবঢ়াই দিলে আৰু শেষত যেনিবা সহকর্মীসকলৰ বিপুল দাবীত ৰাস্না বৰুৱাই ধীৰে ধীৰে আগবাঢ়ি গৈ সকলােলৈকে বুলি নমস্কাৰ জনাই বৰবৰাদেৱৰ হাতৰ পৰা অধ্যক্ষৰ দায়িত্বভাগ সমজি ল’লেগৈ।
লগে লগে, আকৌ এজাউৰি দীঘলীয়া হাত-তালি!
কর্তৃত্ব-হস্তান্তৰৰ আদেশ-পত্ৰখনি হাতত লৈয়েই পূর্বৰ চকীখনলৈ বুলি উভতি আহিব খােজোতেই তেওঁৰ কাণত পৰিলহি আন এক অভাবনীয় নির্দেশ। [ ৪৭ ] ‘ক’লৈ যায়? এতিয়াৰ পৰা আপােনাৰ আসন ইয়াতহে। আহক, বহকহি!
‘এ, হয় নেকি? ঠিক আছে, হ'ব বাৰু?’-বুলি তেওঁ উভতি গৈ অধ্যক্ষ কাষ পােৱাৰ লগেলগে বৰবৰাদেৱে নিজৰ চকীখন তেওঁলৈ বুলি আগবঢ়াই দিলে।
সমুখত উপস্থিত সদৌটিলৈকে আকৌ এবাৰ নমস্কাৰ জনাই তেওঁ বহিল।
এইবাৰ, তেওঁৰ মুখৰ ইষৎ হাঁহিটি ৰূমটোত উপস্থিত থকা আটাইকেইজন সহকর্মীলৈকে সংক্রমিত হৈ পৰিল।
বাকীসকলে হাঁহি মাতি থাকোতেই, বিজয় বৰুৱাই হঠাৎ প্রভাতক ইঙ্গিত এটা দি বাহিৰলৈ মাতি আনি বােলে ‘যােৱাচোন যােৱা, দৌৰ মাৰি গৈ ৰত্নভাণ্ডাৰৰ পৰা ভাল চাই গামােচা এখন লৈ আনাগৈ! মােৰ কথা ক’বা!’
এপাকত, বাইদেউৰ চকুত পৰিল,বৰবৰাদেৱ দেখােন থিয় হৈয়ে আছে।
‘আপুনি ইয়াতে বহক!’-বুলি তেওঁ কাষৰে চকীখনলৈ আঙুলিয়াই দিলে।
নতুন অধ্যক্ষৰ নির্দেশটি পাই বৰবৰাদেৱ কাষতে থকা চকীখনতে বহিল।
তেওঁৰ এনে লাগিল, ৰূমটোত হঠাৎ যেন এক পৰিৱৰ্তনৰ বতাহ বলিছে।
মাজেমাজে, ফোনবােৰৰ কেমেৰাৰ ক্লিক ক্লিক শব্দ একোটাও হৈ থাকিল।
পােন্ধৰ মিনিট মানৰ পিছতে গামােচা লৈ প্রভাতাে হাজিৰ হ’লহি।
গামােচাখন দীঘলীয়াকৈ জাপি বিজয়ছাৰে দীপাৱলী বাইদেউক ফুচফুচাই কলেগৈ, যাওকচোন, নতুন অধ্যক্ষক গামােচাখন আপুনিয়েই পিন্ধাই দিয়কগৈ!
“ঠিক আছে বাৰু!’-বুলি হাঁহি এটা মাৰি দীপাৱলী বাইদেউ আগবাঢ়িল।
লগে লগে, ফোনবােৰৰ আকৌ এবাৰ ক্লিক ক্লিক !
এইবােৰৰ মাজতে, নতুন অধ্যক্ষই দুআষাৰ ক’বলৈ বুলি থিয় হ'ল।
‘শ্ৰদ্ধাৰ সদ্য প্রাক্তন অধ্যক্ষ মহােদয় আৰু মােৰ সহকর্মীসকল !
এইখনি মহাবিদ্যালয়ৰ অধ্যক্ষৰ গুৰু দায়িত্বভাগ মােৰ দৰে এক অভাজনৰ হাতত তুলি দিয়াৰ বাবে মই আপােনালােকৰ প্রতি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আশা কৰিছোঁ, এই দায়িত্বভাগ পালন কৰাত আপােনালােকে মােৰ প্রতি খােজতে সহায়, সহযােগিতা আগবঢ়াই যাব। ধন্যবাদ!’
ৰাস্না বাইদেৱে পুনৰ আসন গ্রহণ কৰাৰ লগে লগে বৰবৰাদেৱে বহুদিনৰে পৰা কওঁ কওঁ বুলি ভাবি থকা কথা এষাৰ হঠাৎ কৈ পেলালে।
‘হেৰি নহয়, কথা এটা কওঁ আৰু !
মােৰ দিনত বাৰু বহুখিনি বুজাবুজি আৰু এৰাধৰাৰ মাজেৰেই চলা হ’ল।
এতিয়া, নতুন অধ্যক্ষৰ দিনত বা কি হয়?
শুনাত ধেমালি যেন লাগিলেও তেখেতেতাে, চাবলৈ গ'লে, কলেজখনি [ ৪৮ ] পৰিচালনাৰ ক্ষেত্ৰত প্রয়ােজন হােৱা আচল কথাটোকে উল্লেখ কৰিলেহি।
লগেলগে, উপস্থিত আটাইকেইজন সহকর্মী যেন এনে এক পৰিস্থিতিত পৰি গ'ল যে তেওঁলােকে না হাঁহিব পাৰে না গহীন হৈ থাকিব পাৰে।
কিন্তু, তৎমুহূর্ততে পৰিস্থিতি চম্ভালি ল’বলৈ বুলি বিজয় বৰুৱা আগবাঢ়িল।
‘হেৰি মানে, সকলােৱে নিজৰ নিজৰ ডিউটিখিনিতাে ঠিকমতে কৰিবই।
সেইখিনি কথা বাৰু সকলােৱে জানে আৰু আমি ভাবাে কাকো সোঁৱৰাই দিবও নালাগে, নহয় জানাে?
কিন্তু, তাৰ মাজতাে অৱশ্যে, পৰিৱেশ-পৰিস্থিতি চাই কিছু এৰা ধৰাতাে মাজে সময়ে কৰিব লাগিব আৰু! নে কি কয়?
এৰা। অধ্যক্ষৰ চকীখনত বহি লৈয়েইতাে ৰাস্না বাইদেৱে ইমান কঠোৰ ৰূপ এটা ধাৰণ কৰিব নােৱাৰে। কৰিলে, তেওঁৰ সহকর্মীসকলে কি ভাবিব !
তথাপিও, দুই এটা কথাতটো পৰিৱৰ্তন একোটা আনিবই লাগিব।
বিশেষকৈ, সময়-সূচীখন মানি চলাৰ ক্ষেত্ৰত।
নিজৰ ক্লাছটো কৰিয়েই কোনেও যাতে কোনাে কাৰণতে গুচি নাযায়, তাৰ বাবে দৰকাৰ হ’লে এক্সষ্ট্ৰা কিবাকিবি প্রগ্রেমাে উলিয়াব লাগিব।
অৱশ্যে, কাইলৈৰ পৰাই নহয় আৰু। লাহে লাহে।
বিজয় বৰুৱাদেৱ আকৌ এবাৰ নিজৰ চকীখনৰ পিছফালে থিয় হ’লহি।
‘শ্রদ্ধেয় অধ্যক্ষ মহােদয়া আৰু মােৰ সহকর্মীবৃন্দ!
আজি যিহেতু এগৰাকী নতুন অধ্যক্ষই আমাৰ মহাবিদ্যালয়ৰ কাৰ্য্যভাৰ গ্রহণ কৰিছেহি, এই বার্তাটো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈকো আজিয়েই লৈ যােৱাটো প্রয়ােজনীয়। সেয়েহে, এতিয়া ছাত্র-ছাত্রীসকলৰ লগতাে এখনি সভাৰ আয়ােজন কৰি এই বার্তাটো তেওঁলােকক দিব লাগে।
আশা কৰাে, আপােনালােক সদৌটি আমাৰ প্রেক্ষাগৃহলৈ গৈ আমাৰ প্রাক্তন অধ্যক্ষক বিদায় সম্ভাষণ জনােৱাৰ লগতে নতুন অধ্যক্ষ গৰাকীকো এক সম্বর্ধনা জনােৱাত সহায় সহযােগিতা আগবঢ়াব। ধন্যবাদ!’
প্রেক্ষাগৃহটি ইতিমধ্যে সাজু কৰি ৰখা হৈছিলেই।
ছাত্র-ছাত্রীখিনিও বহুদেৰিৰ পৰাই হাই-হুলস্থুল কৰি সময় কটাই আছিলেই।
এইবাৰ, ধীৰ গতিত প্রৱেশ কৰিলেহি শিক্ষক-শিক্ষয়িত্ৰীসকল।
এইখন মিটিং পিছে বেছি দীঘলীয়া নহ'ল।
ছাত্র-ছাত্রীবােৰেতাে মিটিঙৰ দীঘলীয়া লেকচাৰ ভালেই নাপায়।
তথাপিও, ‘মােৰ ল'ৰা-ছােৱালীহঁত!' বুলি সম্বােধন কৰি সদ্য প্রাক্তন [ ৪৯ ] অধ্যক্ষজনে এক চমু কিন্তু আৱেগিক ভাষণ দিলে।
তাৰ পিছতে বক্তব্য ৰাখিলে নতুন অধ্যক্ষগৰাকীয়ে।
সেই ভাষণতাে নতুন কথা নাই। খালি, সকলােকে মহাবিদ্যালয়ৰ নিয়ম- শৃংখলাখিনি মানি চলিবলৈ এক আহ্বান আৰু লগতে সকলােলৈকে এক শুভেচ্ছা!
অৱশ্যে, নতুন অধ্যক্ষ গৰাকীনাে কোন, ছাত্র-ছাত্রীখিনিয়ে তাক জানিলে।
আবেলি ঠিক তিনি বজাত অনিলৰ গাড়ীখনৰ হৰ্ণটো শুনা গল।
'গাড়ী আহিলেই, ব’লক ব’লক!’- বুলি টাউনীয়া আটাইকেইগৰাকীয়ে
খৰখেদা লগালে। মধুমিতাতাে সদায়ে আনতকৈ এখােজ আগত।
‘এ ৰ’বা! ৰাস্না বাইদেউ ওলাই অহাই নাই নহয় !’
দীপাৱলী বাইদেউ হঠাৎ বাৰাণ্ডাৰ ষ্টেপৰ ওপৰতে ৰৈ দিলে।
নয়না আৰু আয়েসা বাইদেউৱাে তেওঁৰ ওচৰতে থুপ পাতিলেগৈ।
‘ঠিক আছে, মইয়ে মাতি দিছোঁ, ৰ’ব!’-বুলি মধুমিতা আগবাঢ়িল।
ইপিনে, বাকীকেইগৰাকীৰ মাজত চলি থাকিল নানান ৰসাল বার্তালাপ।
অলপ পিছতে অলপ গহীন ভাবত মধুমিতা ওলাই আহিল।
‘ৰাস্না বাইদেউৰ হেনাে অলপ দেৰি হ'ব।
মানে, হঠাৎ দায়িত্বটো ল'বলগীয়া হ'ল নহয়, সেয়েহে, দৰকাৰী কথা কিছুমান ছাৰৰ পৰা শিকি বুজি লবলগীয়া হৈছে।
আমাক আগবাঢ়িবলৈহে কৈছে। যাওঁ ব’লক!’
‘কিন্তু, বেছি দেৰি হ'লে তেখেত যাব কিহত!
বাচ নাপালে টেক্সিহে ধৰিবগৈ লাগিব।’
দীপাৱলী বাইদেৱে অলপ দেৰি ৰৈ দিয়াৰ কথাই ভাবিছিল।
কিন্তু, তেখেতে নিজেই আগবাঢ়িবলৈ কোৱাত আন কথা ভাবি অনিলক গাড়ী ষ্টার্ট কৰিবলৈয়ে ক’লে !
‘আমাৰ পিছে ভালেই হ’ল জানানে মধুমিতা!
নহ'লে, বাহিৰা কোনােবা প্রিন্সিপাল আহি যােৱাহলে হয়তাে সমস্যাই হ’লগৈহেঁতেন। নে কি কোৱা ?’
‘সেইটোতাে হয়েই।
মই অৱশ্যে ভাবিয়েই আছিলাে বােলাে ছাৰে আৰু ৰাস্না বাইদেউকে নিদি আমাকনাে সমস্যাত পেলাই থৈ যাবনে!
এতিয়াতাে, মই ভাবি থকাটোৱেই হ'লগৈ।
ইটো সিটো ৰসাল কথা পাতি পাতি আহি থাকোতে গাড়ী আহি কেতিয়া [ ৫০ ] টাউন পালেহি কোনেও ক'বই নােৱাৰিলে।
এটা এটা তিনিআলি, চাৰিআলিত এগৰাকী এগৰাকীকৈ নামি গ'ল।
প্রত্যেক গৰাকীয়েই মনত লৈ গ'ল সন্তুষ্টিৰ এক আভাস।
পিছদিনা, ঠিক আঠবজাত থানা চাৰিআলিতে তেওঁলােক আকৌ গােট খালেহি। ক্ষন্তেক পিছতে, আলি-কেঁকুৰিটোত অনিলৰ গাড়ীখনাে দেখা গ'ল।
‘এ ৰাম, গাড়ী আহি পালেহিয়েই!
ৰাস্না বাইদেউ দেখােন আহি পােৱাহিয়েই নাই!
ৰ’বচোন, কল এটা কৰি চাওঁ !’ - মধুমিতাই ফোনটো উলিয়ালে।
অলপ পিছতে তেওঁ কিন্তু ‘হয় নেকি? ঠিক আছে বাৰু!' বুলি কৈয়েই ফোনতে সামৰি থ’লে।
বাইদেৱে কি ক'লে ? - দীপাৱলী বাইদেউ ওচৰ চাপি আহিল।
‘বাইদেউৰ বােলে এঠাইত সােমাবলগীয়া আছে। অলপ দেৰি হ’ব।
আমাক আগবাঢ়িবলৈ কৈছে।’
হ’ব বাৰু তেন্তে!’ - বুলি তেওঁলােক নিজৰ নিজৰ ছিটত বহিলগৈ।
ছিটত বহি লৈয়েই মধুমিতাই ভাবিলে, এনেকৈ থেপাথেপিকৈ যােৱাতকৈ অলপ আৰামতে যাব পাৰি দেখােন।
‘দীপাৱলী বাইদেউ নহ'লে আগৰ ছিটটোতে বহকগৈ!’
‘নালাগে দিয়া!ইয়াতে ভাল। এদিনলৈ সেইটো ছিটত নবহিলেও হ'ব।’
কথাষাৰ কৈয়েই তেওঁ নিজৰ ছিটটোত যিমান পাৰি ভালকৈ বহি ল’লে।
‘এদিনলৈ নহয় দিয়ক! ভয় কৰিব নালাগে।
সেইটো ছিট এতিয়াৰ পৰা আপােনাৰেই হ'ল বুলি ধৰি লওক আৰু!’
প্রতিবেশী
পাহাৰৰ কাষে কাষে যথেষ্ট টেৰা-বেঁকাকৈ বনােৱা ৰেইলপথটো।
ট্ৰেইনখনে কেতিয়াবা যদি ইংৰাজীৰ U আখৰটোৰ ৰূপ ধাৰণ কৰে, আন কেতিয়াবা আক’S আখৰটোৰ ৰূপ লয় আৰু সেই প্রকাণ্ড প্রকাণ্ড ধেনুভিৰীয়া কেঁকুৰীবােৰত ট্ৰেইনখনৰ ইঞ্জিনটোৰ বিপৰীত দিশত পিছৰ দবাকেইটাও সুন্দৰকৈ দেখা পােৱা যায়।
দুৱাৰমুখত ৰৈ চাই থাকিলে দৃশ্যটো বৰ ভাল লাগে।
এটা প্রকাণ্ড কেৰেলুৱা গৈ থকা যেনেই লাগে।
মাজে মাজে, ট্ৰেইনখন একোটা দীঘলীয়া অন্ধকাৰ সুৰংগৰ মাজত বহু সময়লৈ লুকাই যায়। লগে লগে, দবাৰ ভিতৰখন যেন মায়াবী হৈ পৰে।
নতুন যাত্রীসকলৰ মাজত কিছু উত্তেজনা সৃষ্টি হয়।
কাৰােবাৰ মনত ভয় আৰু কাৰােবাৰ মনত চাগে কিছু হলেও ৰােমান্স।
অলপ পৰৰ পিছত আকৌ বেলিৰ পােহৰ দেখা যায়।
পােহৰ মানেইতাে দুয়ােফালৰ সেউজীয়া পাহাৰবােৰ আৰু নদীখন।
প্রাকৃতিক সৌন্দর্য্য চোৱাৰ অদম্য হেঁপাহত নিজৰ চিটৰ পৰা বাৰে বাৰে উঠি গৈ দুৱাৰমুখত থিয় দিওঁগৈ। লগে লগে, নিজুও উঠি আহে আৰু মােৰ ঠিক সমুখতে থিয় দি দুৱাৰমুখৰ হেণ্ডেলডালত ধৰি অতন্দ্র প্রহৰীৰ দৰেই ৰৈ দিয়ে।
‘ইয়াৰ পৰাই চাওক! আৰু আগলৈ নাহিব!
মােৰ নিৰাপত্তাৰ প্ৰতি তেওঁৰ চিন্তাটো দেখি ভালাে লাগে, খঙো উঠে।
কিন্তু, একো নকওঁ।
ওঁঠত হাঁহি এটা ফুটাই তুলিবলৈ চেষ্টা এটা কৰি তেওঁ বান্ধি দিয়া লক্ষ্মণ- ৰেখাডালৰ ভিতৰতে থাকি বাহিৰখনলৈ যিমান পাৰাে দৃষ্টি দি গৈ থাকো।
চাৰিওফালে কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া পাহাৰবােৰ।
ক'ৰবাত আক’ একোডৰা প্রকাণ্ড বনৰীয়া ফুলৰ যেন মেলাহে হৈছে।
মাজে মাজে অৱশ্যে চকুত পৰে, ৰেইলপথটোৰ ওপৰত ৰঙামাটি খহি নপৰিবৰ বাবে খুঁটি পুতি পুতি লগাই থােৱা প্লাষ্টিকৰ প্ৰকাণ্ড প্রকাণ্ড জালবােৰ। [ ৫২ ] আনফালে, ৰেইলপথটোৰ ঠিক কাষৰে পৰাই আৰম্ভ হৈছে নতুন যাত্রীয়ে দেখিলেই অন্তৰ কঁপি যােৱা একোটা দ খাৱৈ।
তাৰ তলতেই আক’ বৈ আছে খৰস্রোতা এখন পাহাৰী নৈ, দৈয়াং।
নৈখনে মাজে মাজে ৰেইলপথটোৰ লগত কটাকটি কৰিছে।
সেইবােৰ ঠাইত সজোৱা হৈছে একোখন সুদৃশ্য দলং।
অলপ সাহ কৰি তললৈ চালে তলৰ গছবােৰৰ আগবােৰ দেখা যায়।
কিন্তু, মােৰ সমুখত যে অতন্দ্র প্রহৰীৰ দৰেই ঠিয় দি আছে নিজু !
তথাপিও, তেওঁৰ আঁৰৰ পৰাই যিমানকণকে পাৰিছোঁ, চাইছোঁ আৰু!
মাজে মাজে একোটা সৰু-বৰ ষ্টেচনত কিছু ক্ষণৰ বাবে ট্ৰেইনখন ৰয়।
হাতীখাল, জাতিংগা, বান্দৰখাল, মাহুৰ, পঞ্চগ্রাম, মাইবং,চলচাপাৰা, কাটাখাল, হাফলং, বৰপুৰ, অৰুণাচল।
অৰুণাচল! আচৰিত। ইয়াত আক’ এইটো নাম কিয় দিয়া হ’ল।
হ'ব, যাৰে যিটো নাম ভাল লাগে, দি থাকিব। আমাৰনাে কি?
আমাৰ ঠাই চোৱাহে। য’তে যি দেখাে, এফালৰ পৰা চাই গলেই হ’ল।
কোনােবাটো ষ্টেচনত নামি গৈ খাইছোঁগৈ মাটিকঁঠাল, মধুৰিআম, কল, কুঁহিয়াৰ, তিয়ঁহ। আন কোনােবাটোত খাইছোঁ আকৌ চাহ-বিস্কুট।
খাইছোঁ আৰু লগতে চাৰিওফালে চাইছোঁ।
বিভিন্ন বেশ-ভূষাৰ মানুহবােৰৰ অবােধ্য দোৱান কিছুমানাে কাণত পৰেহি।
তেওঁলােক মঙ্গোলীয় মুখ-গঠনৰ জনগােষ্ঠীয় লােক।
তেওঁলােকে নিজৰ মাজত নিজৰ নিজৰ দোৱান কয় যদিও আনৰ লগত অসমীয়া, বাংলা, হিন্দী, ইংৰাজী সব মাৰে।
মূঠতে, ভাষাক লৈ আপােনাৰ কোনাে সমস্যা নাই।
একো এটা ভাষা নকওঁ বুলি ভাবিলেও বডি-লেংগুৱেজেৰেও আপুনি কাম চলাব পাৰে। অন্ততঃ খােৱা-বােৱাৰ বিষয়ত আপােনাৰ কোনাে সমস্যা নহয়।
বদৰপুৰ জংচনটোত ট্রেইনখন ৰােৱাৰ কিছু সময়ৰ পিছতে নবৌৱে, মানে নিজুৰ মাকে, টিফিন কেৰিয়াৰ এটাৰ পৰা শুকান ৰুটি আৰু চব্জি উলিয়ালে।
লগতে, অলপ টেঙা আৰু অলপ জলা আচাৰ।
কাগজৰ প্লেইট এখনতে তেওঁ আগবঢ়াই দিয়া ৰুটি-চব্জিখিনি হাত পাতি লওঁতে হঠাৎ মালৈ মনত পৰিল।
একেই। এওঁৰাে কথা-কাণ্ডবােৰ আমাৰ মাৰ সৈতে মােটামুটি একেই।
পৰিষ্কাৰ বগা সাজ পিন্ধা আৰু তামােল পকটিয়াই পকটিয়াই ধীৰে ধীৰে [ ৫৩ ] ঘৰুৱা কথাবোৰ কৈ থকা আৰু ক'ৰবাত কিবা বিসঙ্গতি চকুত পৰিলেই চকু ঘোপা কৰি চোৱা মানুহগৰাকীৰ গাত কেৱল ‘মাক মাক’ গোন্ধ।
নিজৰ মাক হেৰুৱালো যদিও মোৰ বাবে কিমান চিনাকি এই গোন্ধটো!
নিজুৱে মা বুলি মাতি থকা শুনি শুনি মোৰ মুখতো ‘মা’ ওলাইয়ে আহে।
‘ইমান দূৰ বাট! মোৰ মানে আ-ম-নি লাগি যায়, বুইছা?
নাহো বুলিয়েই ভাবিছিলো। কিন্তু, কো-নে-ও নামানিলে।
এতিয়া চোৱাচোন, কি-মা-ন কষ্ট!
সেই ৰাতি দুপৰৰ পৰা আহিয়েই আছোঁ, পোৱাগৈয়ে নাই।
আবেলি তিনিমান বাজিব যেন পাইছোঁ।’
মোৰ লগত ইমান নিভাঁজ অসমীয়া কৈ থকা মানুহগৰাকীয়ে নিজুৰ লগত বাংলা কলে মইতো ক্ষন্তেকলৈ আচৰিতেই হৈ পৰো।
পাহৰিয়েই যাওঁ যে তেওঁ জন্মসূত্ৰে ভাষিক বাংলা সমাজৰ মহিলা।
পিছ মুহূৰ্ততে অৱশ্যে মোৰ জ্ঞান উভতি আহে আৰু নিজৰ অঁকৰামিত নিজেই হাঁহিবলৈ মন যায়। কেতিয়াবা হাঁহিটো অলপ ওলায়েই যায়।
তেওঁলোকে সোধে, কি হৈছে।
কিনো কওঁ! নিজক বচাবলৈ কৌতুক এটাকে আৰম্ভ কৰোঁ আৰু!
মোৰ কৌতুকত তেওঁলোকে পিছে আমোদ পায় নে নাপায়, নাজানো।
তথাপিও, ৰস পোৱাৰ দৰেই হাঁহি একোটা মাৰে দেখোন!
এটা সময়ত, ট্ৰেইনখন আগবাঢ়িল বিস্তীৰ্ণ জলাশয় কিছুমানৰ মাজেদি।
নিজুৱে ক'লে, সেইয়া বানপানী। বৰাকৰ বানপানী।
সঁচায়ে, এক ভয়ংকৰ দৃশ্য!
কিন্তু কিয় জানো, ভয়ংকৰ দৃশ্য কিছুমানো যে ইমান আকৰ্ষণীয় হয়।
হয়তো, নিজে ভূক্তভোগী নোহোৱালৈকে এইবোৰ আকৰ্ষণীয়ই হয়।
কিন্তু, পিন্ধাজনেহে জানে জোতাই কেনেকৈ কাটে!
ট্ৰেইন লাইনৰ কাষে কাষে তম্বু তৰি লৈ গৰু-ছাগলীৰে সৈতে সহবাস কৰি থকা মানুহ কিছুমানৰ ওপৰত মোৰ চকু পৰিল। বেয়াই লাগিল।
নিজুৱে কিন্তু ক'লে, সেই মানুহখিনি সেই পৰিৱেশত অভ্যস্ত হৈ গৈছে।
আপোনাৰ, মোৰ দৰে ৰাখিলে সিহঁতৰ উশাহ-নিশাহ বন্ধ হৈহে যাব।
সঁচানে! অৱশ্যে, নহ'ব বুলিও ক'ব নোৱাৰি।
এবাৰ, আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহ এজনীক শুবলৈ বিচনা এখন দিয়া হৈছিল। কিন্তু, পিছদিনা পুৱা মিছেচে দেখিলে, তাই বিচনাত নহয়, [ ৫৪ ] মজিয়াতহে শুই আছে। বিচনাৰ পৰা পৰি যায় বুলি তাইৰ হেনাে ভয় লাগিল।
এই পৃথিৱীখনত কিমাননাে আচৰিত হ'বা বুলি ভাবি আজিকালি আৰু
আচৰিত হ’বলৈ বাদেই দিছোঁ। য’ত যি দেখা পাওঁ, নির্বিকাৰভাৱেই চাই যাওঁ।
এটা সময়ত, ডাঙৰ ষ্টেচন এটাত ট্ৰেইনখনে ৰােৱাৰ আয়ােজন কৰিলে।
বাহিৰলৈ চাই দেখিলাে, বাংলাত ডাঙৰ আখৰেৰে লিখা আছে, ‘শিলচর’!
নিজুয়ে খিৰিকিৰে বাহিৰলৈ চাই চাই কাৰােবাৰ সন্ধান কৰিবলৈ ধৰিলে।
হঠাৎ, হাতখন বাহিৰলৈ উলিয়াই ‘এই, এইদিকে, এখানে’ বুলি তেওঁ চিঞৰি দিলে আৰু পিছ মুহূর্ততে দেখিলাে, দুজনমানে আমাৰ দবাটোৰ সমানে সমানে দৌৰি দৌৰি আগবাঢ়িবলৈ ধৰিছে।
নবৌৱে ক'লে, তাৰে ওখজনেই তেওঁৰ জোঁৱায়েক।
প্লেইটফর্মত ভৰি দিয়াৰ পিছতে দেখিলাে, জোঁৱায়েক দৌৰি আহি নবৌৰ ভৰিত ধৰি প্রণাম কৰিলেহি। তেওঁ জোঁৱায়েকৰ মূৰত হাত থৈ আশীর্বাদ দিলে।
তেওঁৰ লগত অহা বন্ধুজনেও, দেখিলাে, তাকেই কৰিলে।
এপাকত মন কৰিলাে, প্লেইটফর্মখনত গােট খােৱা যাত্রীসকল আৰু তেওঁলােকক আগবঢ়াই নিবলৈ অহা বহুতেই বয়সস্থসকলৰ ভৰি চুই প্রণাম কৰিছে।
আমাৰ সমাজখনত অৱশ্যে হাতযােৰ কৰি নমস্কাৰ দিয়াৰহে নিয়ম আছে। মােৰ বাবেও হাতযােৰ কৰি নমস্কাৰ কৰাটোৱেই যথেষ্ট।
তাতকৈ বেছি কৰিলে অতিভক্তি যেন লাগে আৰু মােৰ লাজ লাগে।
নিজুৱে চিনাকি কৰাই দিয়াত তেওঁলােকৰ লগত কিন্তু হেণ্ডশ্বেক কৰিলাে।
মােৰ হাতৰ বেগটো তেওঁৱেই ল’ব বিচাৰিছিল। মই কিন্তু নিদিলাে।
গাড়ীৰ খিৰিকিৰে চাই চাই গৈ থাকোতে দেখিলাে, দোকান-পােহাৰবােৰৰ চাইনবর্ডবােৰত বাংলা, হিন্দী আৰু ইংৰাজী। ক’তাে অসমীয়াৰ চিন-চাব নাই।
আনকি, ‘আসাম’ বুলিহে লিখা দেখিলাে। ‘অসম’ বুলি লিখা নাই।
সঁচায়ে, এইখন অসমেইনে! ইয়াত অসমৰ কিবা নাম-গােন্ধ আছেনে!
ভাষাটোৱেই যদি নাই, অসমীয়া বুলিবলৈ ইয়াত আছেনাে কি?
বেয়া লাগিল। বুকুখনৰ ক'ৰবাত যেন মােচৰ খাই গ’ল।
যিটো উৎসাহত ঢপলিয়াই গৈছিলাে, সেইটো উৎসাহ যেন হেৰাই গ'ল।
অৱশ্যে, তেওঁলােকে মােৰ লগত অসমীয়াতে কথা পাতিলে।
মই বাংলাত কিবা সুধিলেও তেওঁলােকে উত্তৰটো অসমীয়াতে দিয়ে।
‘চাওক, ইমানদিনৰ মূৰত অসমীয়া ক’বলৈ সুবিধা এটা পাইছো!’
মানুহজনৰ কথাষাৰ শুনি তেওঁলৈ কিবা এটা মৰমেই লাগি গ'ল। [ ৫৫ ] সন্ধিয়া, নিজুৰ ভনীয়েকৰ ঘৰততো আৰু সাংঘাতিক কথা এটা দেখিলো।
বহুদিনৰ মূৰত লগ পাই নিজুৱে তাৰে এজনক মোৰ পৰা শুদ্ধ অসমীয়া শিকি ল’বলৈ কোৱাত তেওঁ ক'লে বোলে তেওঁ মোকহে অসমীয়া শিকাব পাৰিব।
মইতো আচৰিত হোৱাৰে কথা। লগতে, নিৰাপদো অনুভৱ কৰিলো।
এনেকৈ হ'লে দেখোন আমাৰ ভাষাক লৈ শংকিত হোৱাৰ কাৰণ নাই।
কিন্তু, মন কৰিলো, তেওঁলোকে মোৰ লগত হাজাৰ অসমীয়া ক'লেও নিজৰ মাজত কিন্তু অনবৰতে বাংলাই কয়। আনকি, হামি এটা মাৰিলেও বাংলা।
‘চাওক, আমি অসমীয়া ভাষা গ্ৰহণ কৰিছোঁ। কিন্তু, বাংলা এৰিব নোৱাৰো।
কেনেকৈ এৰিম? ই আমাৰ তেজত মিহলি হৈ আছে।
ই আমাৰ মাতৃভাষা। তাহানি, মাত ফুটাৰে পৰাই বাংলা কৈ আহিছোঁ।’
সেই সন্ধিয়া, আড্ডা মাৰি থাকোঁতে চুবুৰীৰে শিক্ষক এজনে প্ৰসঙ্গক্ৰমে কোৱা কথাষাৰৰ বিৰোধ কৰিবলৈ মোৰ হাতত হলে কোনো সবল যুক্তি নাছিল।
কোনোবাই নিজৰ মাক আৰু নিজৰ মাতৃভাষাক ভাল পোৱাটো কোনো কাৰণতে অপৰাধ হ'ব নোৱাৰে। অপৰাধ তেতিয়াহে হ’ব যেতিয়া তেওঁ আনৰ মাক আৰু মাতৃভাষাক অপমান কৰিবহি।
কিন্তু, সেইটোতো তেওঁলোকে কৰা নাই।
অন্ততঃ তেতিয়ালৈকে তাত মই লগ পোৱাকেইজনে কৰা দেখা নাই।
ৰাতি শুবৰ পৰত, নিজুৱে পিছদিনাৰ পৰা ফুৰিবলগীয়া ঠাইসমূহৰ এখন তালিকা আওৰালে। মইয়ো ভাবিলো, আহিছোঁ যেতিয়া অলপ কষ্ট হলেও ইয়াৰ য’ত যিমান টুৰিষ্ট স্পট আছে, এবাৰ চাই যোৱাই হওক।
সেইমতে, পিছদিনা বাইক এখনৰ যোগাৰ হ’ল। লগতে, হেলমেটৰো। নহ’লেতো, ভনী-জোঁৱাইৰ ককায়েক ট্ৰেফিক পুলিচৰ ইন্সপেক্টৰজনেই ৰাস্তাত বাইক ৰখাই ফাইন ভৰাই দিয়াৰ ভয়। আনকি, বাইক ৰাখি থ’বও পাৰে।
পিছদিনা পুৱা ন বজাতে ভাত-পানী খাই বৈ ওলালো আৰু!
শিলচৰ চহৰৰ লাইফ লাইন বোলা মহাচড়ক হৈ আমাৰ বাইক দৌৰিল দক্ষিণ দিশলৈ বুলি। বৰাক নদীৰ দলংখন পাৰ হৈ আমি প্ৰথমে উপস্থিত হ’লোগৈ ‘ভাষা-শ্বহীদ ষ্টেচন’ নামে খ্যাত তাৰাপুৰৰ শিলচৰ ৰেইল-ষ্টেচনৰ সমুখত।
আগদিনা আবেলি, সেইটো ষ্টেচনতে নামিছিলোহি যদিও একান্ত সময়ৰ অভাৱৰ বাবেই কোনোফালে ভালকৈ মনকাণ দিবলৈ নহ'ল। ট্ৰেইনৰপৰা নামিয়েই মানুহৰ ভীৰৰ মাজেৰে নিজুৰ ভনী-জোঁৱাইৰ পিছে পিছে দৌৰি গৈ তেওঁলোকৰ গাড়ীখনত উঠি লোৱাৰ চেষ্টাহে কৰি থাকিলো। [ ৫৬ ] তাৰ বাহিৰে, ওচৰত বাঘেই আছে নে ঘােঙেই আছে, চাবলৈ নহ’ল।
এইবাৰ কিন্তু ঠাইকণ ভালমতে চাই ললাে।
আনকি, ভাষা-শ্বহীদৰ ফলকখনৰ কাষতে ৰৈ শ্বেলফি এটাও লৈ ল’লাে।
তাৰ পিছত আমাৰ বাইক দৌৰিল ‘গান্ধীবাগ’ বােলা উদ্যানখনলৈ বুলি।
চহৰখনৰ মাজ-মজিয়াতে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত গঢ়ি তােলা এই উদ্যানখনৰ ভিতৰতে আছে শিলচৰ চহৰৰ বিখ্যাত স্মৃতিস্তম্ভ ‘শ্বহীদ মিনার’।
মানে,বৰাকত বাংলাভাষা ৰক্ষাৰ বাবে হােৱা আন্দোলনৰ সময়ত ১৯৬১ চনৰ ১৯ মে’ৰ দিনা তাৰাপুৰৰ ট্ৰেইন ষ্টেচনটোতে পুলিচৰ গুলিত শ্বহীদ হােৱা এঘাৰজনকৈ লােকৰ এক স্মৃতিস্তম্ভ।
বৰাকবাসীৰ বাবে নিশ্চয়কৈ ই এক গৌৰৱৰে স্থল।
হয়, তেওঁলােকে তাত বাংলাভাষাৰ ৰক্ষাৰ বাবেহে যুঁজখন দিছিল, অসমীয়া ভাষাৰ বাবে নহয়। হ’লেও, ইয়াৰ বাবে মই অসন্তুষ্ট হােৱাৰ মানে নাই।
আমাৰ মানুহখিনিয়ে যেনেকৈ অসমত অসমীয়া ভাষাটো স্থাপন কৰিবলৈ যুঁজখন দিছিল, তেওঁলােকেও তাত বাংলা ভাষাটো ৰক্ষা কৰিবলৈ যুঁজখন দিলে।
আমাৰ পক্ষত আমি যদি শুদ্ধ, তেওঁলােকৰ পক্ষত তেওঁলােকো শুদ্ধ।
নিজৰ আইক সন্মান কৰাজনে আনৰ আইকো সন্মান কৰিবই লাগিব।
‘থৰ লাগিল যে! কি হ’ল ? দেৰিয়েই হৈছে। ব’লক ব’লক!’
মই হয়তাে নিজৰ ভাবনাত নিজেই হেৰাই গৈছিলাে।
তেনেতে হঠাৎ নিজুৰ মাতষাৰ শুনি আচলতে উচপ খায়েই উঠিলাে।
কিন্তু, লৰালৰিকৈ নিজকে চম্ভালি লৈ তেওঁলৈ চাই স্মার্টকৈ হাঁহি এটা মাৰিলাে আৰু ‘আপুনিহে দেৰি কৰি থাকিল’বুলি তেওঁৰ গালৈকে দোষটো ঠেলি দি একেজাপে তেওঁৰ পিছত বহি ললােগৈ।
লগে লগে, আমাৰ বাইকে চেঁকুৰ মেলিলে ইস্কনৰ মন্দিৰটোলৈ বুলি।
মঠ-মন্দিৰত ভগৱান থাকে বুলি মই কোনাে কাৰণতেই বিশ্বাস নকৰাে।
মই আচলতে পৰম কৃপাময় বােলা ভগৱানৰ ধাৰণাটোকে গ্রহণ নকৰাে।
তথাপিও, স্থাপত্যকলাৰ সুন্দৰ নিদর্শন হিচাপে মঠ-মন্দিৰ, গীর্জা, মছজিদ আদি চাবলৈ ভালেই পাওঁ আৰু সেইবােৰৰ সৌন্দৰ্য্য প্রাণভৰি উপভােগাে কৰাে।
সেইবাবেই, ইস্কনৰ মন্দিৰটোলৈ নিজুৱে যাব বিচৰাত না নকৰিলাে আৰু!
এটা কথা অৱশ্যে ক’বই লাগিব, গীর্জাবােৰত যেনেকৈ নিৰৱতা আৰু শান্তি বিৰাজ কৰে, মঠ-মন্দিৰবােৰত কিন্তু সেই পৰিৱেশটো পােৱা নাযায়।
শান্তি বিচাৰি যদি যাব বিচাৰা, তেন্তে নিশ্চয়কৈ গীর্জালৈ যােৱাই ভল৷ [ ৫৭ ] মই অৱশ্যে নিজৰ মনৰ মাজতে শান্তি বিচাৰি ল’বলৈ শিকিছোঁ।
হ’লেও, এই ক্ষেত্ৰত নিজুক নিৰাশ কৰাৰ মোৰ কোনো কাৰণ নাছিল।
গতিকে, বিনাবাক্যেই তেওঁৰ পিছেপিছে মন্দিৰটোলৈ সোমাই গ'লো আৰু তাত তেওঁ যি যি কৰিলে সেইবোৰ গভীৰভাৱে লক্ষ্য কৰাত লাগিলো।
তেওঁ যদি এইবোৰ কৰিয়েই মনত শান্তি পায়, কৰক! মোৰনো কি যায়!
কিছু সময়ৰ পিছত, পৰম সন্তুষ্ট মনেৰে তেওঁ মন্দিৰটোৰ বাহিৰলৈ ওলাল আৰু বাইক ষ্টাৰ্ট কৰিলেহি।
মইয়ো তেওঁৰ পিছতে উঠি ল’লো আৰু এইবাৰ ক'লৈ যাব, সুধিলো।
তেওঁ বোলে, ‘চাহ অকণহে খাই লওঁনেকি!”
চাহ একাপৰ প্ৰয়োজনীয়তা মইয়ো অনুভৱ নকৰাকৈ থকা নাছিলো।
সেয়ে, অলপমান সজাই কৰি থোৱা ৰেষ্টোৰা এখনতে সোমাই দিলোগৈ।
চাহ খাই লৈয়ে তেওঁ আক’ তামোল এখনৰ সন্ধান কৰিলে।
তামোল এখন মুখত ভৰাই লৈয়েই তেওঁ মোক ক'লে, ‘উঠক!
উঠিলো। তাৰ পিছতে আৰম্ভ হ'ল আমাৰ এক অনন্য অভিজ্ঞতা।
মানে, নগৰখনৰ ৰাস্তাই ঘাটে গাড়ী-মটৰ চলোৱাৰ নীতি-নিয়ম বুলিবলৈ যেন একোৱেই নাই। যিয়ে যেনিয়েই সুবিধা পাইছে তেনিয়েই চলাইছে।
আনকি, বাওঁফালে গৈয়ো আগৰ গাড়ীখনক অভাৰটেক কৰিছেগৈ।
মাজে মাজে, তিনি আলি, চাৰি আলি একোটাত দেখো, একোজন অসহায় ট্ৰেফিক পুলিচে গাড়ী বাইকবোৰৰ মাজত সোমাই কেৱল সুহুৰি মাৰি ঘূৰি ফুৰিছে।
লগতে, গাড়ী-বাইকবোৰৰ হৰ্ণৰ শ্ৰুতিকটু শব্দবোৰতো আছেই।
ইফালে, ৰাস্তাৰ অৱস্থাও তথৈবচ। মানে, ভগা-চিগা আৰু লেতেৰা পানী!
তাতে, মূৰৰ ওপৰত প্ৰচণ্ড ৰ’দ। ঘামত দেহা একেবাৰে জুৰুলি জুপুৰি।
ধুলি-ধোঁৱাবোৰ লাগি মোৰ বগা চাৰ্টটো একেবাৰে লেতেৰা হৈয়ে গৈছে।
লাহে লাহে, মোৰতো বিৰক্তি লাগিবলৈয়ে ধৰিলে।
এবাৰ, মই বোলো, নাযাওঁ আৰু ক'লৈকো। উভতিয়েই যাওঁগৈ।
‘এ ৰ’ব! অকণমান দূৰহে!বুলি তেওঁ এক্সেলেটৰডাল পকাইহে দিলে।
কিনো কৰিম, কিনো ক’ম।
য’ত যি হয় হ’ব বুলি ওলাই আহিছোঁৱেই আৰু!
এতিয়া, বাটত ঠেন ঠেন পেন পেন গেন গেনখন কৰিলে নহ'ব নহয়।
অৱশ্যে, এটা কথা ঠিক, শিলচৰ টাউনত যি গাড়ী-বাইক চলাব পাৰিব তাক বেলেগ একো পৰীক্ষা নোলোৱাকৈয়ে আন্তৰ্জাতিক ড্ৰাইভিং লাইচেন্স এখন [ ৫৮ ] দিব পৰা যায়।
কর্তৃপক্ষই কি ভাবে ক’ব নােৱাৰাে। মই কিন্তু এনেকৈয়েই ভাবাে।
কেনেকৈ কেনেকৈ গৈ যে এটা সময়ত আই-এছ-বি-টিত ওলালােগৈ ।
তাত অৱশ্যে আমাৰ একো কাম নাছিল।
এনেয়ে, তাৰ পৰিৱেশটোহে চোৱা হ’ল আৰু!
ইফালে সিফালে ঘূৰি ফুৰি মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আদিৰ পৰা অহা যাত্রীবােৰকে চাই চাই কিছুসময় কটালাে।
বিভিন্ন মুখগঠন আৰু বিভিন্ন সাজপাৰৰ মানুহবােৰ দেখি ভালেই লাগিল।
হঠাৎ, ওচৰতে কেইজনমান অচিনাকি মানুহে অসমীয়া কৈ থকা শুনি আচৰিতেই হ'লাে আৰু কথাটো নিজুক কলাে।
‘অসমীয়া ক’বই আৰু! এইখন কিবা অসম নহয় নেকি?
আৰু, এইবােৰ ঘূৰি ফুৰা মানুহ যে, কেইবাটাও ভাষা জানে।
যাৰ লগত যি ভাষাৰ দৰকাৰ হয়, তাৰ লগত সেই ভাষাই কয়।'
এৰা। এই কথাটো মই ভবাই নাছিলাে।
কেম্পাছৰ ভিতৰৰ টি-ষ্টল এখনতে চাহ একোকাপ খাই লৈ কিছু দেৰিৰ পিছত শিলচৰ মেডিকেল কলেজখনাে চাই আহােগৈ বুলি বাইকত উঠিলােহি।
আচলতে, জীৱনত হাস্পাটাল এখন নেদেখাকৈ থাকিব পাৰিলে ভাল।
কিন্তু, শিলচৰলৈ গৈ মেডিকেল কলেজখন চাই নহাটো ভাল কথা নহয়।
আৰু, দহ কিল'মিটাৰহে! কিমান দেৰিনাে লাগিব!
গ’লাে। দেখিলাে, শিলচৰ মেডিকেল কলেজ আৰু সন্তোষ মােহন দেৱ হাস্পাটালখন সংলগ্নভাৱেই আছে। ইখনৰ পৰা সিখনলৈ মানুহবােৰৰ দৌৰাদৌৰি।
বাইকখন গছ এজোপাৰ ছাঁতে ৰাখি সােমাই গ'লাে।
কিছুদূৰ গৈ পিছে উভতি আহিলাে। কিবা, ভালেই নালাগিল দেখােন!
নিজুৱে বােলে, ওলাই আহিলােৱেই যেতিয়া আৰু বাৰ কিল'মিটাৰ গৈ অসম ইউনিভাৰ্চিটিখনকে চাই নাহোঁগৈনাে কিয় ?
নিজুৱে ভাবিলে মানে লগে লগে বাইক ষ্টাৰ্ট কৰিলেই আৰু!
পাহাৰীয়া একা-বেঁকা ৰাস্তাৰে চিনেমাৰ ষ্টাইলত বাইক ছুটাই দি ঠিক আধাঘণ্টাৰ পিছতে উপস্থিত হ’লােগৈ অসম ইউনিভাৰ্চিটিৰ গেইটৰ সমুখত।
নিৰাপত্তাৰক্ষীৰ ওচৰত নিজৰ নিজৰ পৰিচয়-পত্ৰ দেখুৱাই ফর্ম এখন পূৰণ কৰি দাখিল কৰাত অনুমতি লাভ কৰিলাে আৰু ভিতৰত প্ৰৱেশ কৰিলােগৈ।
বিশাল চৌহদটোত এপাক মাৰি ডিপার্টমেন্টবােৰ এটা এটাকৈ চালাে৷ [ ৫৯ ] আৰু কৰিবলৈ আন কাম নথকাত আধাঘণ্টাৰ পিছতে বাহিৰ ওলালো। এইবাৰ পিছে ওভতনি যাত্ৰাহে। মানে, শিলচৰ টাউনলৈ।
বাটতে ৰাধা-কৃষ্ণৰ মন্দিৰ এটা দেখা পাই তেওঁ বাইকখন ৰখাই দিলে।
মই বোলে, হ’ল কি! এওঁ আক’ মন্দিৰতহে সোমাব নেকি?
তেওঁ বোলে মন্দিৰটোৰ ওচৰৰে খুৰাক এজনৰ ঘৰতহে এপাক সোমাব।
ইয়াত এওঁৰ আক’ ক’ৰ খুৰাকজন ওলালহি!
‘তেওঁ আমাৰ বংশৰ খুৰা হয়। নোসোমালে বৰ বেয়া কথা হ'ব।’
অ! সম্বন্ধটো মানে তেনেকুৱাহে।
তথাপিও, তেওঁ যাব খুজিছে যেতিয়া মইনো আপত্তি কৰো কিয়?
গলি এটাৰে গৈ গৈ বিৰাট অট্টালিকা এটাৰ সমুখত বাইকখন ৰ'লগৈ।
যথেষ্ট আত্মবিশ্বাসেৰে মোক ‘আহক’ বুলি কৈ তেওঁ আগবাঢ়িল।
বেলকনিটোতে গৃহস্থজনৰ লগত আমাৰ দেখা-সাক্ষাৎ হ’ল।
মোৰ লগত চিনাকি কৰাই দিয়াত মই বাংলাতে কথা আৰম্ভ কৰিলো।
‘আপুনি অসমীয়া বুলিহে ভাবিছিলো।’
মইতো অসমীয়াই। পিছে, এওঁনো কি ভাবি এনেকৈ সুধিলে।
‘নহয় মানে, অসমীয়া নকৈ আপুনি বাংলা কৈছে যে!’
গৃহস্থজনৰ কথাষাৰ শুনি মইতো বিচূৰ্তি খালো।
সঁচা কথা ক’বলৈ হ'লে, নিজকে বিৰাট অপৰাধী যেনেই অনুভৱ হ'ল।
তাৰ পিছত, প্ৰায় আধাঘণ্টা ধৰি আমাৰ মাজত চলিল কেৱল অসমীয়া।
গৃহস্থজনৰ লগত মই আত্মবিভোৰ হৈ কথা পাতি থাকোতেই খুৰীয়েকে কোন টলকত নিজুক ভিতৰলৈ মাতি নিলেহি, গমেই নাপালো।
হঠাৎ, তেওঁ ওলাই আহি ‘ব’লক!’ বুলি কোৱাতহে চক্ খাই উঠিলো।
ইতিমধ্যে, বাহিৰত আন্ধাৰ হৈ আহিছিল।
ঘৰে-বাহিৰে চাৰিওফালে লাইটবোৰ জ্বলি উঠিছিল।
যিমান পাৰি সোনকালে ববীৰ ঘৰ পাই গাটো ধুই ল’বলৈহে মন গৈছিল।
কিন্তু, মোৰ মন গলেইতো নহ’ব। শিলচৰখনত নিজুৰ কিমান যে বন্ধু!
ইমান দিনৰ মূৰত আহিছে যেতিয়া, সেইসকলক তেওঁ এবাৰ হ’লেও দেখা এটা নকৰাকৈ গ’লে জানো ভাল হব?
টাউনৰ প্ৰধান পথটোৰে কিছুদূৰ গৈ, হঠাৎ সোঁফালে হেণ্ডেলডাল ঘূৰাই ডি.চি, অফিচটোৰ কাষেদি পাক এটা মাৰি আকৌ সোঁফালৰ গলি এটাৰে সোমাই গৈ তেওঁ বাইক ৰখালেগৈ চাহ দোকান এখনৰ সমুখত। [ ৬০ ] এওঁ আকৌ চাহ খায়নে? মই হ’লে নাখাওঁ দেই!
‘এ ৰ’ব না! এওঁৰ লগত চিনাকি নহয় নেকি?’
এওঁ মানে?
‘এওঁ হৈছে মিঃ শীল। এই হোটেলখনৰ মালিক। মোৰ বহুত পুৰণি বন্ধু।
আৰু, এখেত হৈছে আমাৰ বৰঠাকুৰ ছাৰ। শিলচৰ টাউন চাবলৈ আহিছে।
নিজুৱে চিনাকি কৰাই দিয়াৰ লগে লগে শীলৰ লগত হেণ্ডশ্বেইক কৰিলো।
তাৰ পিছতেই আমাৰ মাজত আৰম্ভ হ’ল দ্বি-ভাষীক কথা-বাৰ্তা।
মানে, মোৰ লগত অসমীয়া আৰু তেওঁলোক দুজনৰ মাজত বাংলা।
মই আজিলৈকে বাংলাভাষী মানুহে নিজৰ মাজত বাংলাৰ বাহিৰে আন ভাষাত কথা পতা শুনা নাই। তেওঁলোকৰ এই বৈশিষ্ট সকলোৱে লক্ষ্য কৰে।
অলপ পিছতে শীলে চিঞৰিলে, এই, দুটা স্পেচিয়েল চাহ বনা!
কি কৰিম আৰু! মন নগ’লেও এতিয়া দেখিছোঁ, চাহকাপ খাবই লাগিব।
ডাঙৰ আকাৰৰ ৰসগোল্লা এটাৰে চাহকাপ খাই লৈয়েই বিদায় ল’লো।
তাৰ পিছত তেওঁক ক’তো ৰবলৈ নিদিলো আৰু!
ৰাতি বিচনাত পৰি পৰি ঠিক কৰিলো, পিছদিনা কুম্ভীৰগ্ৰাম এয়াৰপৰ্টটো চাবলৈ যাম আৰু উভতি আহোতে কেঁচাইখাতী কালীমন্দিৰটোও চাই আহিম।
এই কেঁচাইখাতী মন্দিৰটোক তেওঁলোকে কিবা কাঁচাখান্তি বুলিহে কয়।
আচলতে, এয়াৰপৰ্ট বা কালীমন্দিৰ চোৱাটো মোৰ মূখ্য উদেশ্য নহয়।
মোৰ প্ৰধান উদেশ্য হ’ল,মহাচড়ক হৈ গৈ ওচৰৰ ঠাইসমূহ চোৱাহে।
সেইমতে, পিছদিনা পুৱা ভাত-পানী খাই লৈ ন মান বজাতে ওলালো।
টেংকী ফুল কৰি তেল ভৰাই লৈ বাইক দৌৰালো কুম্ভীৰগ্ৰাম অভিমুখে।
এইবাৰ বাইকখন মই চলাবলৈ বিচাৰিছিলো যদিও তেওঁ কিন্তু নিদিলে।
মইয়ো ভাবিলো, দুয়োফালে চাই চাই যাবলৈ হ'লে ড্ৰাইভিং কৰি গ'লে অসুবিধাহে হ’ব। ড্ৰাইভিঙৰ দায়িত্বটো আনে ল’লেহে ভাল। এই ক্ষেত্ৰত দায়িত্বটো ল’বলৈ তেওঁ আগবাঢ়ি আহিছেই যেতিয়া সুবিধাটো মই নলওঁনো কিয়!
এয়াৰপৰ্টটো চাবলৈ বুলিয়েই ইমান দূৰ কষ্ট কৰি গৈছোঁ যেতিয়া অকল বাহিৰখন চায়েই গুচি আহিলেতো নহ'ব। নহয় জানো?
টিকট দুটা কিনি লৈ ভিতৰখনতো এপাক মাৰি অহাহে ভাল হ'ব।
সেইমতে, পঞ্চাশটকীয়া টিকট দুটা কিনি লৈ ভিতৰলৈ সোমাই গ'লো।
এয়াৰপৰ্টটো অৱশ্যে যথেষ্ট সৰু। মিনি এয়াৰপৰ্ট বুলিবই পাৰি।
ভিতৰখনত চাবলৈ বিশেষ একো নথকাত দুইমিনিটতে ওলাই আহিলো। [ ৬১ ] নিজুৱে বোলে এই দুই মিনিটৰ বাবেই এশটকা গ'ল।
কিন্তু, এই এশটকাৰ বিনিময়তে যে শিলচৰ এয়াৰপৰ্টটো চাবলৈ পালো।
অইন নহ'লেও, কেতিয়াবা কাৰোবাকতো ক’ব পাৰিম, নহয় জানো?
উভতি আহোতে কেঁচাইখাতী কালী মন্দিৰত সোমোৱাৰ কথা আছিল যদিও সেই সময়ত তাত সোমাবলৈ মোৰ হ’লে মনেই নগ’ল।
আচলতে, কেঁচাইখাতী নামটো শুনিয়েই মোৰ ভাল লগা নাছিল।
সেই মন্দিৰৰ দেৱীজনী কিবা ৰক্তপিপাসু যেনহে ভাব হৈছিল।
তথাপিও, নিজুহঁত কালীভক্ত যে, নোসোমাওঁ বুলি ক’বলৈ ভয় কৰে।
শেষত, মইয়ো ভাবিলো, তেওঁ যি কৰে কৰি থাকক!
তেওঁৰ ধৰ্মীয় অনুভূতিত হস্তক্ষেপ কৰিবলৈ মোৰ কি অধিকাৰ আছে!
কিন্তু, তাৰে পণ্ডিত এজনক তেওঁৰ ল'ৰাটোৰ কোষ্ঠীখন দেখুওৱাই তাৰ ভৱিষ্যতৰ বিষয়ে জানিবলৈ বিচৰাত মই দেখিলো, কথা কিছুমান তেওঁৰ লগত নাপাতিলেই নহ'ব। বিশেষকৈ, গ্ৰহদোষ, দৈৱদোষ আদি খণ্ডন কৰাৰ নামত তাৰ ডিঙিয়ে-বাউসিয়ে ওলোমাই দিব খোজা তাবিজ-মাদুলি কিছুমানে সেই উঠি অহা ল’ৰাটোৰ আত্মবিশ্বাসৰ ভেটিটোত কঁপনি তুলিব বুলি মোৰ বিৰাট ভয় হ’ল।
উভতি আহোঁতে, গোটেই পথচোৱাত তেওঁক যিমান পাৰো বুজালো।
তেওঁ অৱশ্যে ‘বুজিলো’ বুলি ক'লে। কিন্তু, কি বুজিলে, তেওঁহে জানে।
আহি আহি, আবেলি তিনি বজাত ববীৰ ঘৰত উপস্থিত হ'লোহি।
বৰ ভাগৰ লাগি আহিছিল। ঘামত ধুলি-বালিবোৰ লাগি খজুৱাইছিলো।
গা পা ধুই লৈ ভাত এমুঠি খালো আৰু বিচনা এখনত পৰিয়েই দিলোগৈ।
হঠাৎ, ফোনৰ ৰিংট’নটো শুনি ধৰমৰাই উঠিলো।
কেঁচা টোপনিটো ভাগি যোৱাৰ বাবে আচলতে খঙেই উঠি আহিছিল।
কিন্তু, ডিচপ্লেত নয়নমণি মেধিৰ নামটো দেখি নিজকে সম্বৰণ কৰিলো।
মেধিয়ে ফোন কৰিব আৰু মই ৰিচিভ নকৰিম, এনে কথা হ’ব নোৱাৰে।
তেওঁৰ লগত প্ৰায় পাঁচমিনিট ধৰি ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ে পাতিলো।
কথানো কি আৰু, বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনাচক্ৰ জাতীয় কিবাকিবি পাতি বিজ্ঞান সচেতনতা বৃদ্ধি কৰিবগৈ লাগে।
লগতে, মৰণোত্তৰভাৱে অঙ্গদান আৰু দেহদান কৰিবলৈয়ো কিছু শিক্ষিত লোকক উৎসাহিত কৰিব লাগে যাতে সময়ত ই এক আন্দোলনৰে ৰূপ লয়গৈ।
কথাখিনিতো ঠিকেই আছে। মই নিজেই মৰণোত্তৰ দেহদানৰ বাবে প্ৰস্তাৱ এটা ইলোৰা বিজ্ঞান মঞ্চলৈ প্ৰেৰণ কৰিয়েই থৈছে। কিন্তু, আনক বুজুৱাহে টান। [ ৬২ ] যিয়েই নহওক, উভতি গৈয়েই কথাখিনি ভালদৰে পাতিমগৈ বুলি কৈ তেওঁৰ পৰা বিদায় মাগিলো আৰু ফ্ৰে’ছ হৈ লওঁ বুলি টয়লেটত সোমালোগৈ।
ইতিমধ্যে, ট্ৰে এখনতে দুকাপ চাহ আৰু বিস্কুট লৈ ববী ৰৈ আছিলহি।
‘ডাঙৰ দাদাৰ কোৱাৰ্টাৰতো এপাক মাৰি আহিবগৈ নেকি!
অথনি, দিদিয়ে ফোন কৰিছিল। মই বোলো, সন্ধিয়া পঠিয়াই দিম বাৰু।’
ডাঙৰ দাদা মানে সুব্ৰতৰ ককায়েক। ববীৰ বৰজনাক।
ট্ৰেফিক পুলিচৰ ইন্সপেক্টৰ। পুলিচ কল’নিৰ কোৱাৰ্টাৰত থাকে।
পিছে, মোৰনো কি? নিজুৱে য’লৈকে নিয়ে যাম, নিনিলে নাযাওঁ।
গ’লে, নতুন কিবা এটা দেখিম, শিকিম। নগ’লে, নেদেখো, নিশিকো।
কথা ইমানেইহে আৰু!
নোযোৱাৰতো অৱশ্যে কথাই নাছিল।
সন্ধ্যা ছয় বজাৰ লগে লগে নিজুৰ পিছত উঠি ল’লোগৈ আৰু ঠিক পাঁচ মিনিটৰ পিছতে উপস্থিত হ’লোগৈ পুলিচ কলনিৰ তিনি নম্বৰ কোৱাৰ্টাৰটোত।
কলিং বেল টিপাৰ ক্ষন্তেক পিছতে মহিলা এগৰাকীয়ে দুৱাৰখন খুলিলেহি আৰু আমাক বহাকোঠালৈ আগবঢ়াই নিলে। তেওঁ মানে ববীৰ জা।
তাত পিছে মোৰ লগত বেছি কথা-বাৰ্তা নহ'লেই।
প্ৰথম কথাটো হ’ল, মহিলাগৰাকীয়ে নিজুৰ লগত ঘৰুৱা কথা কিছুমানৰহে অৱতাৰণা কৰিলে যিবোৰ কথাত মই ভাগ লোৱাৰ কোনো মানে নাছিল।
দ্বিতীয়তে, তেওঁ অসমীয়া একেবাৰে নাজানিছিল আৰু মই যিমানখিনি বাংলা ক’ব পাৰো সেইখিনিৰে তেওঁৰ লগত ৰসাল বাৰ্তালাপ কৰাৰ উপায় নাছিল।
গতিকে, বেছিভাগ সময় তাত মই নিৰৱ দৰ্শক হৈয়ে কটালো।
অৱশ্যে, মোৰ লগত বিশেষ কথা-বাৰ্তা নাপাতিলেও দেখাই-শুনাই আৰু কথাই-বাৰ্তাই মহিলাগৰাকী বেচ সপ্ৰতিভ আছিল বাবে মোৰ আমনি লগা নাছিল।
তাতে, তেওঁৰ লগত কথা পাতি নিজুৱে ভাল পাইছিল।
তেওঁৰ ভাল লগা কথাটোত আপত্তি কৰিবলৈ মোৰ কোনো কাৰণ নাছিল।
বিদায়ৰ পৰত নিজুৱে পিছে মহিলাগৰাকীৰ ভৰি চুই প্ৰণাম কৰিলে।
কথাটোত মই যথেষ্ট আশ্চৰ্য্যাম্বিতই হ’লো।
মই কিন্তু হাতযোৰ কৰিহে তেওঁক প্ৰণাম কৰিলো আৰু বিদায় ল’লো।
সেই সময়তে আহি উপস্থিত হোৱা তেওঁলোকৰ ল'ৰাজনে কিন্তু নিজুৰ লগতে হঠাৎ মোৰো ভৰি চুই প্ৰণাম কৰিলেহি আৰু হাতখন মূৰত লগাই দিলেগৈ।
কথাটোত মই বিব্ৰত অনুভৱ কৰিলো আৰু ভৰি দুখন আঁতৰাই আনিলো। [ ৬৩ ] উভতি আহোঁতে আমাক এজাক ডবাপিটা বৰষুণে পালে আৰু আমি দোকান এখনৰ বাৰাণ্ডাতে এঘণ্টামান ৰৈ থাকিবলগীয়া হ'ল।
সেই সময়ত, আমাৰ লগতে আশ্ৰয় লৈ থকা কেইবাজনো অচিনাকি মানুহৰ মাজৰে দুজনে নিজৰ মাজত নিভাজ অসমীয়াতে কথা পাতি থকা শুনিলো।
বৰষুণজাক অলপ কমাত আমি পুনৰ বাইকত উঠিলোহি আৰু মনৰ খং আৰু হতাশা আঁতৰাবলৈকে ডাঙৰকৈয়ে ‘বৃষ্টি পৰে টাপুৰ টুপুৰ’ বুলি বাংলা গানটো গাবলৈ ধৰিলো। সেইটো পিছে গানেই হৈছিল নে আন কিবা, সেইবোৰ কথালৈ মন কাণ দিবলৈ সেই সময়ত মোৰ অৱশ্যে কোনো অৱকাশ নাছিল।
নিজুৱেও যিমান পাৰে সিমান জোৰত বাইকখন আগুৱাই নিবলৈ চালে।
ববীৰ ঘৰৰ বাৰাণ্ডাত উঠিয়েই আমি তিতা সাজটো খোলাত লাগিলো।
ভাগিনটো দৌৰি আহি সুধিলেহি, ‘ঘূৰাত গিয়া কি রকম লাগল?’
মই বোলো, ফাটাফাটি। আৰুনো ক’ম কি?
গা পা ধুই বেলেগ কাপোৰ একোসাজ পিন্ধি ফ্ৰে’ছ হৈ লোৱাৰ অলপ পিছতে নিজুৰ ফোনটো বাজি উঠিল। অচিনাকি নম্বৰটো দেখি তেওঁ প্ৰথমে কিছু সংকোচ কৰিছিল যদিও এটা সময়ত কলটো ৰিচিভ কৰি দিলে আৰু লগে লগেই ‘আৰে, কি খবৰ’ বুলি একেবাৰে হাঁহিয়েই পেলালে।
ফোনটো অফ্ কৰিয়েই তেওঁ মোলৈ চাই হাঁহি এটা মাৰিলে আৰু কলে, ‘কাইলৈ নহ'লে হাইলাকান্দিৰ পৰাই এপাক আহিমগৈ, ওলাব!’
হাইলাকান্দি? কিমান দূৰ বা!
বাইকতে যাব পৰা যাব নে গাড়ী লাগিব।
বতৰটো ভাল হলে বাৰু বাইকত বেয়া নালাগে।
কিন্তু, বৰষুণৰ সম্ভাৱনা থাকিলে গাড়ী ধৰিবই লাগিব।
লগে লগে, নেট অন কৰি ফোনতে উৱেদাৰ ৰিপৰ্ট চোৱাত লাগিলো।
সিদ্ধান্ত হ’ল, গাড়ী ধৰিবই লাগিব।
বিস্তৃত সেউজীয়া গছ-গছনি আৰু বৃহৎ বৃহৎ জলাশয়েৰে ভৰা অঞ্চল এটাৰ মাজেৰে যোৱা সেই চল্লিশকিল'মিটাৰ পথচোৱা মোৰ হ’লে যথেষ্ট ভালেই লাগিল। তাতে, গাড়ীখনত সুন্দৰ সুন্দৰ বাংলা গান কিছুমানো বাজি আছিল।
এপাকত মন কৰিলো, নিজুৱে গানৰ তালে তালে গুণগুণাই আছে।
হাইলাকান্দি টাউনত সোমায়েই নিজুৱে ক'লে, মিঠাই কেইটামান লৈ ল'ব লাগিব। মইয়ো ভাবিলো, সুদাহাতে মানুহঘৰলৈ যোৱাটো বেয়া কথা হ'ব।
প্ৰধান ৰাস্তাটোৰ কাষৰে ৰেষ্টোৰা এখনত গ্লাছৰ শ্ব’কেছৰ মাজত সজাই [ ৬৪ ] থোৱা ৰসগোল্লা এটাৰ টেষ্ট চাই ল’বলৈ বুলি মুখত ভৰাই দিওঁতেই ইমান সোৱাদ লাগিল যে পৰাহেঁতেন গোটেই মিঠাইখিনিকে একেবাৰে খাই থ'লোহেঁতেন।
কেইবাভাগো মিঠাইৰ পৰা পাঁচটা পাঁচটাকৈ চাৰিটা পেকেট ল’লো।
দামটো কোনে দিব তাকে লৈ নিজুৱে মইয়ে দুইমিনিট কাজিয়া কৰিলো।
পিছত, মই হাৰ মানি আঁতৰি আহিলো আৰু তেওঁৱেই দামটো দিলে।
গৌতমজীৰ ঘৰত ভৰি দি পিছে অচিনাকি যেন একেবাৰেই নালাগিল।
তাতে, মানুহজনে মোৰ লগত নিভাজ অসমীয়াতে কথা পাতিলে।
তাৰ পিছত মানুহঘৰত অসহজ অনুভৱ কৰিবলৈ একোৱেই নাথাকিল।
দুপৰীয়াৰ সাঁজ তাতে মাছে-ভাতে খাই লৈ তিনি বজাত উভতি আহিলো।
শিলচৰ পায়েই মিঃ শীলৰ ৰেষ্টোৰাখনৰ সমুখত নামি দিলোহি।
মোটামুটি গোটেই আবেলিটো তাতে আড্ডা মাৰি কটালো।
তাত থাকোঁতেই হিচাপ এটা কৰি দেখিলো, ঠাইখনত চাবলগীয়া তেনেকৈ আৰু নাই। টাউনখনত চাবলৈতো দোকান-পোহাৰখিনিৰ বাহিৰে অন্য নাই। আমাৰ ফালে নোলোৱা কিবা বস্তু এইফালে পোৱা যায় বুলিও তেনেকৈ চকুত নপৰিল।
ভাবিলো, এইবাৰলৈ আমাৰ টুউৰটো ইমানতে ইতি পেলোৱাহে উচিত।
সিদ্ধান্তটো লোৱাৰ ঠিক লগে লগে নিজুৱে ফোনতে পিছদিনা পুৱাৰ ৭ বজাৰ ট্ৰেইনখনত দুটা টিকটৰ ব্যৱস্থা কৰিলেই।
‘আকৌ লগ পাম’বুলি বিদায় লোৱাৰ পৰত মিঃ শীলে ক’লে, ‘আসবেন’।
ওভতনি পথত আকৌ সেই একেখিনি অভিজ্ঞতাই।
খালি, প্লেইট এখনত ৰুটি-চজি উলিয়াই দিবলৈ এইবাৰ নবৌহে নাই।
মানে, বহুদিনৰ মূৰত মাকক পাই ববীয়ে আহিবলৈকে নিদিলে।
(অন্ত)
ৰচনাঃ চেপ্তেম্বৰ, ২০১৮,
উপহাৰ
সন্ধিয়াৰ চাহকাপ আগবঢ়াই দিয়াৰ সময়তে মায়ে নতুন খবৰটো দিলে।
মানে, দীপকৰ বিয়া পাতিছে। আবেলি তামোল-পাণ দি মাতি থৈ গৈছে।
কথাটো শুনিয়েই মূৰটো ঘূৰাই মাৰ মুখলৈ যথেষ্ট কৌতুহলেৰেই চালো।
মোৰ চাৱনিটো দেখিয়েই মই কি জানিব বিচাৰিছোঁ মায়ে গম পাই গ'ল।
‘নহয় অ, আমি ভাবি থকাটো নহ'লগৈ। ছোৱালী হেনো টিয়কৰ ফালৰহে।
ছোৱালীজনী হেনো বৰ ধুনীয়া। হাঁহিমুখীয়া। পঢ়া-শুনাও আছে হেনো।’
কথা তেন্তে গৈ থৈ সেইটোহে হ'লগৈ নেকি?
অৱশ্যে, খুৰীক চিনাত মোৰ ভুল নহয়। মানে, আজিলৈকে হোৱা নাই।
আৰু, এই ৰত্নাক যে তেওঁ ভায়েকলৈ বুলি বোৱাৰী কৰি নানে, সেইটো কথা তেওঁ নিজে যিমান জানিছিল, মইয়ো তাতকৈ কমকৈ জনা নাছিলো।
কিন্তু, ৰত্নাৰ আশা আৰু বিশ্বাসটো দেখি বোলো কিজানি, কেনেবাকৈ...
পিছে, শেষত গৈ থৈ মই ভবাটোৱেই হ'লগৈ।
লাহে লাহে, মোৰ চকুৰ সমুখত ভাহি উঠিলহি ৰত্নাৰ চিনাকি মুখখন।
খুৰীৰ মন যোগাবলৈ ইমান দিনে তাই কত যে কি নকৰিলে।
মাতোৰ সৰু কালছোৱাতো তাইৰ কোঁচতে গ'ল বুলিবই পাৰি।
একেটা কেম্পাছতে থকাৰ স্বত্বেও আমাক, প্ৰধানকৈ মাক বিশ্বাস নকৰাৰ বাবেই খুৰী স্কুললৈ ওলাই যোৱাৰ সময়ত তাইক সদায় ৰত্নাহঁতৰ ঘৰত থৈ যায়গৈ।
দিনৰ দিনটো তাইক খুৱাই-বুৱাই, খেলাই-কৰি সিহঁতে ৰাখি থাকিব।
তাই শৌচ-প্ৰস্ৰাৱ কৰিলেও সিহঁতে ধুই-পখালি পৰিষ্কাৰ কৰি দিব।
খুৰীয়ে আক’স্কুলৰ পৰা আহি কিবা এমুঠি খাই বৈ অলপ জিৰাই শঁতাই লৈহে তাইক আনিবলৈ বুলি ওলাই যাব। তাত গৈয়ো, গোটেই আবেলিটো বিয়নী মেল পাতি বহি থাকিব। শেষত, সন্ধ্যাৰ চাহকাপো তাতে খাইহে উভতি আহিব।
বিগত প্ৰায় পাঁচটা বছৰে এই নাটকখন পূৰ্ণোদ্দমে চলি থাকিল।
ইয়াৰ মাজে মাজে, এটা এটাকৈ খুৰীৰ পৰিয়ালৰ তিনিটাকৈ ভায়েকৰে বিয়া-বাৰু হৈ গ'ল। ৰত্নাইয়ো খুৰীহঁতৰ ঘৰৰ খাচ মানুহজনী হৈ ধুনীয়াকৈ সাজি[ ৬৬ ] কাচি তেওঁলোকৰ গাড়ীতে গৈ সেইবোৰ বিয়া এখন এখনকৈ খাইয়ে আহিলগৈ।
তাইৰ মনত হয়তো এটায়েই আশা, এতিয়াও যে দীপক বাকী আছেগৈ।
তাতে, দেখাই-শুনাই, কথাই বাৰ্তাই বাকীকেইটাতকৈ ইহে যথেষ্ট ভাল।
ক’বতো নোৱাৰি, খুৰীয়ে কিজানি তালৈকেহে ৰত্নাক ৰাখি থৈছে।
নহ'লে, ঘৰ-পৰিয়ালৰ হিচাপত কোনো ধৰণৰে সম্পৰ্ক নথকা ছোৱালী জনীকনো ইমান ঘৰুৱা কৰি ৰাখিব কিয়! ইয়াত নিশ্চয় কিবা এটা কথা আছে।
খুৰীহঁত তাহানি আমাৰ পৰা বেলেগ হৈ যোৱাৰ দিনৰে পৰাই দেখি আহিছোঁ, ৰত্না যেন তেওঁলোকৰ ঘৰৰ মানুহহে। আলহী-অতিথি আহিলেও চাহ- তাহ দিবলৈ তাইকে মাতি আনে। মাছ-মাংস অকণ ওলালেও ৰন্ধা-বঢ়া কৰিবলৈ তাইকে মাতি আনে। তেওঁলোক ক'ৰবালৈ ফুৰিবলৈ ওলাই গ'লেও তাইক ঘৰৰ পৰাই উঠাই লৈ যায়। মাতোতো ‘ৰত্নাবা’ বুলিলে একেবাৰে পাগলেই!
মূঠতে, ৰত্নাহে ৰত্না!
তাইক মোৰ বৰকৈ মাত-বোল কৰা নহয় যদিও বাটে-পথে বা আমাৰ ঘৰৰ চোতালত বা গেইটৰ ওচৰত মুখামুখি হলে তাই অকণমান হঁহাৰ দৰে কৰে আৰু মইয়ো তাইৰ লগত তাতকৈ বেছি একো নকৰো। মাক অৱশ্যে তাই ‘বৰ্মা’ বুলিয়েই মাতে আৰু মুখামুখি হলে দুই এষাৰ কথাবাৰ্তাও হেনো পাতে। কিন্তু, খুৰীৰ লগত তাই যিমান মুকলিমুৰীয়াকৈ হাঁহি-মাতি থাকে, তেনেকুৱাখন নকৰে।
মানে, সঁচা কথা ক'বলৈ হ'লে, মাৰ লগত তাই ইমান এটা চল নাপায়।
তাইক চল দিবলৈ মাৰ আচলতে দৰকাৰো নপৰে।
তেওঁ সদায় নিজৰ কাম-বন নিজেই কৰিবলৈ ভাল পায়।
আনৰ কাম-কাজবোৰ তেওঁৰ হেনো পচন্দই নহয়।
তাতে, ঘৰখনত মই বিয়া-বাৰু নপতা ডেকাল’ৰাটো থাকোতে তাইৰ দৰে গাভৰু ছোৱালী এজনীক চল দি বিপদ এখন চপাই ল’বলৈ মা প্ৰস্তুত নহয়।
তেওঁ হেনো চাই-চিতি ভাল ছোৱালী এজনীহে বোৱাৰী কৰি আনিব।
ইতিমধ্যে, তেওঁ হেনো মোৰ বাবে কেইবা ঠাইতো ছোৱালী চাইছেগৈ।
খালি, কিবাকিবি কাৰণত আজিলৈকে এজনীও পচন্দহে হোৱাগৈ নাই।
মইয়ো ভাবিছোঁ, তেওঁ যি কৰে, যেনেকৈ কৰে, কৰি থাকক।
মই নিজৰ পচন্দমতে এজনী আনিলে তেওঁ কাইলৈ কি কৰে কি ঠিক!
মোৰ চিনাকি-অচিনাকি কেইবাঘৰতো শাহু-বোৱাৰীৰ কাজিয়া-পেচাল দেখি-শুনি যি বুজিছে, বোৱাৰী অনাৰ দায়িত্বটো আচলতে মাককে দিব লাগে।
তেতিয়া, ইজনীয়ে সিজনীক ভাল নাপালেও অন্ততঃ সহ্য কৰি থাকিব। [ ৬৭ ] কোনো পৰিস্থিতিতে আনৰ আগত ইজনীয়ে সিজনীৰ বদনাম নাগাব।
তেতিয়াহে ঘৰখন ঘৰ হৈ থাকিব! নহ'লে, ঘৰ গুচি নৰকহে হ'বগৈ।
নৰক হলেতো বাধ্য হৈ কোনোবা এটা পক্ষক আঁতৰাই দিব লাগিব।
বোৱাৰী আঁকোৰগোজ হলে শেষ পৰ্য্যন্ত বুঢ়ীকে নি বৃদ্ধাশ্ৰমত...
পিছে, তেতিয়াওতো সমস্যাৰ সমাধান নহয়।
মেডিয়াই কথাটো গম পালে তলৰ মাটি ওপৰ কৰি পেলাব।
পাব্লিকে পালেতো পুত্ৰ-বোৱাৰীক ধৰি বান্ধি নাক কাণ কাটি সাং কৰিব।
ইমানবোৰ কথা জানি শুনিনো বিপদখন চপাই লওঁ কিয়?
বাৰু, এতিয়া এইবোৰ কথা বাদ। বিপদটো হোৱাহি নাই যেতিয়া এইবোৰ কথা চিন্তা কৰি মিছায়ে মগজটো গৰম কৰাৰ কোনো দৰকাৰ নাই। নহয় জানো?
‘এইবাৰ পিছে খেলখন জমিব যেন লাগিছে।
মানে, ৰত্নাহঁতৰ ঘৰত খুৰীয়েৰৰ সান্দহ খোৱা বালিখিনি তল যাব যে!
মাজতে যি হে উৎপাতখন হৈছিল!’
মায়ে মানে তেওঁৰ নিজৰ লাইনত কথাবোৰ ভাবিছে।
জা-জোৱালীৰ মাজৰ অধিকাৰক লৈ দুয়োগৰাকীৰ মাজত ইমান বছৰে সংঘটিত হৈ থকা শীতল যুদ্ধখনৰ আলমতেই তেওঁ এইদৰে ভাবিছে আৰু কৈছে।
তাতে, হাইস্কুল এখনত মাষ্টৰণী কৰা খুৰীৰ কথা-বাৰ্তা আৰু খোজ- কাটলত মায়ে হেনো সদায় অহংকাৰ আৰু গেলা-গপৰ গোন্ধ এটা পাই থাকে।
ইচ্ছা কৰাহেঁতেন মায়েও হেনো তাহানিতেই অইন নহ'লেও এল. পি. বা এম. ভি. স্কুলৰে চাকৰি এটা ল'ব পাৰিলেহেঁতেন। কিন্তু, ঘৰৰ ডাঙৰ বোৱাৰী জনীয়ে চাকৰী কৰি অনা ধনেৰে কাকো নুখুৱালেও হ'ব বুলি ককায়ে কোৱাৰ বাবেই হেনো চাকৰিটো পায়ো তেওঁ শেষত নকৰিলে। তাতে, মোৰ জন্মৰ পিছত দেউতাইয়ো হেনো এতিয়া থাকাচোন বাৰু বুলি কৈ তেওঁক ঘৰতে সুমুৱাই ৰাখিলে।
গতিকে, ঘৰৰ লখিমী বোৱাৰী হৈ মা বৰঘৰতে সোমাই থাকিল।
খুৰীৰ ক্ষেত্ৰত কিন্তু এইবোৰ কথা নোলালেই।
মানে, তেতিয়ালৈ ককাৰ মৃত্যু হৈছিল আৰু আপত্তিখন কৰিবলৈ ঘৰখনত আন কোনো নাছিল। মায়েতো আপত্তি কৰাৰ বা কৰিলেও ৰজাৰ কথাই নাছিল।
তাতে, খুৰীয়ে হেনো বিয়াৰ আগৰে পৰাই চাকৰিটো কৰি আছিল।
মায়ে কয়, চাকৰিটো কৰি থকাৰ বাবেহে খুৰাই তেওঁক বিয়া কৰালে।
নহ'লে, তেওঁৰ যিটোহে চেহেৰা, কোনেও হেনো বিয়া নকৰালেহেঁতেন।
অৱশ্যে, মায়ে কোৱা ধৰণৰ অদ্ভূত চেহেৰা এটা খুৰীৰ নহয় বাৰু! [ ৬৮ ] সাজি কাচি থাকিলে মানুহগৰাকীক ইমান এটা বেয়াও নালাগে।
কিন্তু, তেওঁৰ ডেমাকি এটা নথকাও নহয়।
চাকৰিলৈ ওলাই যোৱাৰ বাহানাটো দেখুৱায়েই তেওঁ ঘৰখনত কুটা এগছো ইফাল সিফাল নকৰে।
খালি, পুৱা-গধুলি ঘৰখনৰ খৰচৰ হিচাপ-নিকাচবোৰহে কৰি থাকে।
আৰু, খুৰীৰ ওপৰত মাৰ অসন্তুষ্টিৰ প্ৰধান কাৰণ আছিল সেইটোৱেই।
এইবোৰ কথাকে লৈ তেওঁলোক দুগৰাকীৰ মাজৰ শীতল যুদ্ধখনে এটা সময়ত এনে এটা পৰ্য্যায় পালেগৈ যে শেষত দেউতাই খুৰাক মাতি আনি খোলা খুলিকৈয়ে ক'লে বোলে পৰিস্থিতি বেছি বেয়া হোৱাৰ আগতেই তেওঁৰ পৰিয়াল টোৰ বাবে থকা-খোৱাৰ বেলেগ ব্যৱস্থা এটা কৰাই যুগুত হ’ব। নহলে, কাইলৈ ঘৰখনত কিবা এটা হুলস্থূল হ’ব লাগিলে মান-সম্মান সকলোৰে যাব।
লগতে, ককাই সজাই থৈ যোৱা বৰঘৰটো ডাঙৰ পুতেক হিচাপে যিহেতু দেউতায়েই পাব লাগে, গতিকে খুৰাই বেলেগকৈ ঘৰ এটা সজাই লওক আৰু!
কি আচৰিত, খুৰাইয়ো বোলে তেওঁলোকেও সেই ধৰণৰ কথা এটা বহু দিনৰে পৰা ভাবিয়েই আছিল। খালি, কথাটো কৈ দিবলৈ সুবিধা এটাহে তেওঁলোকে পোৱা নাছিল। আৰু এতিয়া, কথাটো ওলাইছেই যেতিয়া ৰৈ থকাৰ কথাই নাই।
সেইমতেই, ঠিক পিছদিনাৰ পৰাই খুৰাই বাৰীখনৰ সিটো মূৰৰ গছ-বন। খিনি কটাই চাফা-তাফা কৰাই লৈ নতুন ঘৰ এটাৰ কাম আৰম্ভ কৰিয়েই দিলেগৈ।
দেউতাই অৱশ্যে খুৰাৰ কথা-কাণ্ডবোৰ বৰ এটা ভাল নাপালে।
যিমানেই যি নহওক, তেওঁতো ককায়েক হয়। ককাৰ অবৰ্তমানত চাবলৈ গ’লে তেওঁৱেইতো ঘৰখনৰ গৰাকী আৰু যৌথ-পৰিয়ালটোৰ অভিভাৱক আছিল। কিবা এটা চিন্তা কৰি তেওঁ কথাটো ক'লে বুলিয়েই খুৰাই যে তেওঁলোকৰ ওপৰত থকা দেউতাৰ সেইকণ অধিকাৰ সম্পূৰ্ণৰূপে নস্যাৎ কৰি নিজাববীয়াকৈয়ে এনে এটা ডাঙৰ কাম কৰি পেলাব, সেইটো কথা দেউতাইতো ভাবিবই পৰা নাছিল।
তাতে, মায়েও চাগে অলপ পিঙাই দিলে।
তাৰ পিছৰখিনি আচলতে নক'লেও হয়।
একেটা ঘৰতে থকাৰ স্বত্তেও আমাৰ পৰিয়ালটো আৰু খুৰাৰ পৰিয়ালটোৰ মাজত মাতবোল প্ৰায় নথকাৰ দৰেই হ'লগৈ। তেওঁলোকে আমাৰ ৰূমৰ ফালে থকা দুৱাৰখনত গজাল মাৰি একেবাৰে খুলিব নোৱাৰা কৰিয়েই পেলালে।
আনকি, মাতোকো আমাৰ ওচৰলৈ আহিবলৈ নিদিয়া হ'ল।
তাই আবেলি আবেলি চোতালত অকলে অকলেই খেলি থকা হ'ল। [ ৬৯ ] যিজনী ছােৱালীয়ে আগতে মা-দেউতাৰ ওচৰলৈ আহি বৰতা, বৰমা বুলি অনবৰতে লেন চেলাই থাকেহি, সেইজনী পেন্দুকণা ছােৱালীয়েও পিছলৈ মা-দেউতাৰ চকুৱে চকুৱে পৰিলে নিজেই চকু আঁতৰাই দিবলৈ ধৰিলে।
মায়ে মাত দিলেও তাই নুশুনাৰ ভাও ধৰিবলৈ ল’লে।
‘মিঠাই অকণ খাবিনেকি, আহ’ বুলি দেউতাই মৰমেৰে মাতিলেও তাই মুখখন দুবাৰমান ইঙতি ভিঙতি কৰি ৰূমৰ ভিতৰলৈহে দৌৰ মাৰিবলৈ ল'লে।
সঁচায়ে, খুৰীৰ কি শিক্ষা! মানিবই লাগিব।
তেনে এটি দিনৰে এদিন আবেলি, আমাৰ ঘৰৰ গেইটখন খুলি সােমাই আহিছিল ৰত্না। আমাৰ চুবুৰিৰে সিটো মূৰৰ নীতাই বৰুৱাৰ ডাঙৰ জীয়েক ৰত্না।
গেইট খােলাৰ শব্দটো শুনি কোননাে আহিছে বুলি মা ওলাই গৈছিল।
মাক দেখা পায়েই ‘বৰমা, কি কৰিছে’ বুলি তাই মাত এষাৰ লগাইছিল।
মায়ে ‘এ, আছোঁ আৰু’ বুলি কোৱাৰ ঠিক লগে লগেই খুৰাহঁতৰ ৰূমটোৰ বাহিৰৰ ফালে কাটি লােৱা দুৱাৰখনত হেনাে খুৰীৰ হাঁহিভৰা মুখখন দেখা গৈছিল।
‘ৰ-ত্না, আহা, আহা! মই তােমালৈকে বাট চাই আছিলাে। আহা!’
খুৰীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তাইয়াে হাঁহিমুখেৰেই সােমাই গৈছিল।
অলপ পিছতে, খুৰীহঁতৰ ৰূমৰ পৰা খুৰী আৰু ৰত্নাৰ কথা-বার্তা আৰু উচ্ছল হাঁহিৰ লগতে ৰত্নাৰ প্রতি মাতােৰ আব্দাৰভৰা মাত-কথাবােৰ উফৰি উফৰি আহি মাৰ কাণত পৰিছিলহি। খুৰাহঁতৰ পৰিয়ালটোত আমাক গুৰুত্বহীন কৰিবৰ বাবে সেইখিনি হাঁহি-আনন্দই যথেষ্ট আছিল।
লাহে লাহে, ৰত্নাৰ আহ-যাহৰ পৰিমাণ বাঢ়ি আহিছিল।
সমান্তৰালভাৱে, খুৰীৰ ভায়েককেইটাৰ আহ-যাহাে বাঢ়ি আহিছিল।
খুৰীহঁতৰ পাকঘৰ আৰু ডাইনিং টেবুলৰ পৰা উফৰি উফৰি অহা কথা- বার্তাৰ পৰা বুজিব পৰা গৈছিল, ৰন্ধা-বঢ়াত ৰত্নাৰ হাতখন যথেষ্ট ভাল আছিল।
বিশেষকৈ, মাছ-মাংস ৰন্ধা আৰু সেইখিনি টেবুলত সজাই-পৰাই দিয়াত।
খুৰীৰ প্রতিটো ভায়েকেই তাইৰ ৰন্ধন-শৈলীৰ প্রশংসাত পঞ্চমুখ আছিল।
সিহঁতৰ প্রশংসা শুনি শুনি তাইৰ মনৰ নিভৃত কোণত চাগে এটা আশাই গােপনে বাহ সাজিছিল। সেই বাহটো তাই পিছে সযতনে লুকুৱাই ৰাখিছিল।
আবেলিতে অহা ৰত্নাক ৰাতিৰ সাঁজো খুৱাই-বুৱাইহে থৈ আহিছিলগৈ।
তাইক থৈ আহিবলৈ টর্চ এটা হাতত লৈ খুৰী প্ৰায়ে নিজেই গৈছিল।
কেতিয়াবাহে সুদীপ বা দীপকে বাইকত নি তাইক থৈ আহিছিলগৈ।
আকৌ, প্রতিদিনেই স্কুললৈ যাওঁতে খুৰীয়ে মাতােকো লগত লৈ গৈছিল [ ৭০ ] আৰু ৰত্নাহঁতৰ ঘৰতে তাইক থৈ গৈছিল। তাত, ৰত্নাৰ লগতে তাইৰ বুঢ়ী মাক জনীয়েও তাইক চোৱা-চিতা কৰিছিল। বি.এ. পাছ কৰি ঘৰতে বহি থাকিবলগীয়া হোৱা ৰত্নাৰ বাবে মাতোৰ লগটো চাগে বৰ ভাল লগা হৈয়েই পৰিছিল।
তাতে, ছোৱালীজনীৰ কন্দা কটাৰ স্বভাৱটো নাছিল। যি দিছিল, তাকেই তাই খাইছিল আৰু ওজৰ-আপত্তি বুলিবলৈয়ো হেনো তাইৰ একো নাছিল।
মই ভাবো, তাইৰ পৰা তেওঁলোকে মাজে সময়ে কিবাকিবি একোটা অসুবিধা পাইছিল যদিও খুৰীহঁতক সেইবোৰ কথা জানিবলৈ দিয়া নাছিল।
নিশ্চয়কৈ, খুৰীক অসন্তুষ্ট কৰিবলৈ ৰত্নাহঁতৰ মন নাছিল। খুৰীক অসন্তুষ্ট কৰা মানেইতো তাইৰ সপোনটো নিজেই ভাঙি-চিঙি শেষ কৰি পেলোৱাহে।
এই সামান্য কথাটো বুজি নাপাবলৈ ৰত্না নিশ্চয়কৈ ইমান আঁকৰী নাছিল।
তাতে, দেউতাক নথকা ছোৱালীজনীৰ বিয়া-বাৰুৰ কথা চিন্তা কৰিবলৈ ঘৰখনত কোনোৱেই নাছিল। বুঢ়ী মাকজনী নামত আছিল যদিও কামত নাছিল।
তেনেস্থলত খুৰীয়ে তাইৰ বাবে কিছুহলেও আশাৰ ৰেঙনি কঢ়িয়াইছিল।
এতিয়া, ৰত্নাৰ দায়িত্ব হ’ল মাথোঁ খুৰীৰ হাতত মুঠিত থকা তাইৰ আশাৰ সেই ৰেঙনিটি অ-নিৰ্বাপিত কৰি ৰখাটো।
তাৰ বাবে তাই যিকোনো কাম কৰিবলৈ প্ৰস্তুত হৈ পৰিছিল।
আন কথাত ক'বলৈ হ'লে, তাই খুৰীৰ নিকিনা গোলাম হৈয়ে পৰিছিল।
আনকি, খুৰীহঁত নতুন ঘৰটোলৈ যাওঁতে ঘৰৰ আচবাব-পত্ৰখিনি কঢ়িওৱা কৰাতো তাই যথেষ্টখিনি কষ্ট কৰি দিছিলহি। এজনী ছোৱালীৰ বাবে সেই ধৰণৰ কামবোৰ কৰাটো নিশ্চয়কৈ বৰ এটা সুবিধাৰ কথা নাছিল।
অলপ পিছতে দেখোন ঘামত গাটো জুৰুলি-জুপুৰি হৈ পৰেই।
মুখত যিকণেই মেক আপ কৰি আহে, সেইকণো ঘামত বৈ গৈ মুখখন দেখিবলৈ একেবাৰে আপচু হৈয়ে পৰেগৈ।
আঁচুৰি অহা চুলিখিনিও আউল লাগি গোটেইজনী জাধলী হৈয়ে পৰে।
ডাঙৰ কথা হ’ল, সেই সময়তে আক’ আহি ওলাবহি খুৰীৰ কোনোবা নহয় কোনোবা এটা ভায়েক। নহ'লে, আন কোনোবা এটা অচিনাকি ডেকা ল'ৰা।
সঁচা কথা ক'বলৈ হ'লে, ল’ৰাৰ ক্ষেত্ৰত ছোৱালীবোৰে কোনো ৰিস্ক ‘ল’ব নিবিচাৰে। ক’বতো নোৱাৰি, কোনে কত কেতিয়া কাক পচন্দ কৰি পেলায়।
কিন্তু, ইমানদিনে খুৰীৰ খাচ মানুহজনী হৈ তাই যদি এইবোৰ কথা চিন্তা কৰি আঁতৰি আহে, তেতিয়া খুৰীয়ে বা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কিজানি, তাই ঘৰুৱা কাম বনখিনি কৰি আগলৈ ভায়েকৰ ঘৰখন ধৰিব [ ৭১ ] পাৰিবনে নাই সেইটো কথাহে খুৰীয়ে পৰীক্ষা কৰি চাব বিচাৰিছে, ঠিকতো নাই।
মই ভাবিছোঁ, খুৰীয়ে চাগে তাইক আজি ইমান দিনে এই বিষয়ে কোনো এটা স্পষ্ট ইঙ্গিত দিয়াই নাছিল।
নহ'লে, কিবা প্ৰকাৰে কথাটো আহি আমাৰ মাৰ কাণত পৰিলহিহেঁতেন।
আচ্ছা, যদি কথাটো তেনেকুৱাই হয়, তেনেহ'লে, ৰত্নাইনো আজি ইমান দিনে কিহৰ ভিত্তিত এনেদৰে আশা পালি বহি আছিল!
মায়ে কোৱা মতে, এবাৰ হেনো ক'ৰবাৰ ল'ৰা এটাই বিয়া এখনতে তাইক দেখি পচন্দেই কৰিছিল। সি হেনো দুই-এদিন তাহাঁতৰ ঘৰলৈ আহি তাইৰ লগত কথা-বাৰ্তাও আৰম্ভ কৰিছিলহি। কিন্তু, সেই কথাটো গম পাই খুৰীয়ে হেনো তাইক ক'লে, নজনা,নুশুনা অচিনাকি ল'ৰা এটাৰ লগত বিয়া-বাৰুখন হৈ লোৱাও মহা বিপদৰে কথা। ক’বতো নোৱাৰি, বিয়াৰ পিছত সি কি ৰূপ ধাৰণ কৰে।
কিমানৰ ঘৰ-সংসাৰ দ্বন্দ্ব-হাই-কাজিয়াৰ মাজতে ধ্বংস হৈ গৈছে।
বিয়া যদি হ’বই লাগে, চিনাকি ল’ৰাৰ লগতহে হ’ব লাগে।
চিনাকি ল’ৰাৰ হাতত কাইলৈ কিবা কথাত এচৰ খাইয়ো বেয়া নালাগিব।
কিন্তু, কাহানিও নজনা, নুশুনা অচিনাকি ল’ৰা এটাৰ লগত!!
নাই নাই। কাণ্ডজ্ঞান থকা মানুহেনো এনেবোৰ কথা ভাবেনে!
ৰত্নাইয়ো চাগে ভাবিলে, খুৰীৰ কথাই ঠিক।
তেওঁ নিশ্চয় তাইক ঘৰৰ মানুহ বুলি ভাবিয়েই কথাষাৰ কৈছে।
মানে, নিজৰ ভায়েক এটাৰ কথা মনলৈ আনিয়েই চাগে কথাষাৰ কৈছে।
গতিকে, তাইয়ো কিবা এটা আশা কৰাত ভুল হ’ব নালাগে।
এইটো আশা কৰিয়েই আজি ইমান দিনে তাই খুৰীৰ মন যোগাই থাকিল।
এইটো আশাত বন্দী হৈয়ে খুৰীহঁতৰ গাড়ীখনতে উঠি গৈ তাই ইখনৰ পিছত সিখনকৈ খুৰীৰ তিনিটাকৈ ভায়েকৰ বিয়াকেইখনো খাই আহিলগৈ।
তাইৰ মানে আশাটো হৈছে দীপক। এন. আৰ. এলত কাম কৰা দীপক।
দেখাই-শুনাই আৰু ধনে-টকা-পইচাই সিহে আচলতে লায়েকৰ ল’ৰা।
তাতে, বায়েকৰ ঘৰলৈ আহিলেই সি প্ৰথমে ৰত্নাৰ খবৰহে লয়হি।
তাইৰ ৰন্ধা-বঢ়াৰ খোলাখুলি প্ৰশংসা কৰে আৰু প্ৰাণখুলি কথাও পাতে।
দুই-এদিন, ৰাতি ভাত-পানী খোৱাৰ পিছত সি তাইক বাইকত তুলি নি ঘৰত থৈয়ো আহিছিলগৈ আৰু সেইটো চেগতে সি হেনো তাহাঁতৰ ঘৰত এপাক সোমাই তাইৰ মাকক খুৰী বুলি মাতি তামোল এখনো খাই আহিছিল।
ইমানৰ পিছতো তাই কি কিবা এটা আশা নকৰিব? [ ৭২ ] কৰিব। নিশ্চয় কৰিব। আশা কৰাততো তোমাক কোনেও বাধা নিদিয়ে।
কিন্তু, আশাটো ফলৱতী হোৱাটোহে ডাঙৰ কথা। বিশেষকৈ, যেতিয়া তোমাৰ আশাটোৰ লগত আমাৰ খুৰীৰ নিচিনা এগৰাকী মহিলা জড়িত হৈ পৰে।
বিশ্বাস কৰক, তাইৰ কথাটো ভাবি মোৰ আচলতে বেয়াই লাগিল।
কিন্তু, যিমানেই বেয়া লাগক, কথাটো মই কাকো কৈ দিবতো নোৱাৰো।
আনকি, এই কথাটোত মই সামান্যতমো গুৰুত্ব দি দেখুৱাব নোৱাৰো।
এনে কৰিবলৈ গলে কথাৰ গতি বেলেগ ফালেহে যাব।
সেইবোৰ ৰিস্ক ল’বলৈ মোৰ দৰকাৰো নাই, ইচ্ছাও নাই।
তথাপিও, কথাবোৰ জানিবলৈয়ো মন যায়, দিয়কচোন।
এতিয়া, মই নোসোধাকৈয়ে মায়ে যদি খবৰ-খাতিবোৰ দিয়ে, ভালেই।
‘অথনি মানে মই বিচনাখনতে এনেয়ে অলপ পৰি আছিলো।
হঠাৎ, ‘অ বৰমা' বুলি মাতোৰ মাতষাৰ শুনি ওলাই গ'লো।
গৈ দেখিলো, হাতত তামোল-পাণ লৈ দুৱাৰমুখত হাজিৰ দীপক।
সি বোলে, বিয়া ওলাইছে নহয়! অহা মাহৰ সাত তাৰিখে।
তেতিয়াহে কথাবোৰ ওলাল।'
ও, ভালেই কৰিছে। নিজৰ পচন্দ মতে কৰিছে যদি সি ভালেই কৰিছে।
খালি, ৰত্নাইহে বৰ বেয়া ঠগন এটা খালে।
বেচেৰীজনী!
‘ইণ্টাৰেষ্টিং কথাটো তোক কোৱা হোৱাই নাই নহয়!'
আৰু কিবা ইণ্টাৰেষ্টিং কথা আছে নেকি?
‘সিদিনা, ৰত্নাহঁতৰ ঘৰত খুৰীয়েৰে দীপকৰ বিয়াখনৰ কথাটো উলিওৱাৰ লগে লগে ৰত্নাই হেনো তেওঁক ঠিকচে গালি দি ঘৰৰ পৰা উলিয়াই পঠিয়ালে।'
মুক্তিপণ
সামৰিবলৈ সুতৰিবলৈ বুলি বেছি বস্তু নাছিলেইঃ বিচনাৰ কাপোৰখিনি, পিন্ধা কাপোৰ কেইযোৰ, বাচন-বৰ্তনকেইটা, জোতা-চেণ্ডেল কেইযোৰ, কিতাপ- পত্ৰ কেইখনমান আৰু প্লাষ্টিকৰ চকী দুখন। বচ, ইমানেই!
এইকেইটা বস্তু সামৰোতে লাগেনো কিমান পৰ?
বাকী, বাইকখন, গেছছেটটো বা টি.বি.টোতো সামৰিবলগীয়া বস্তু নহয়।
ভাত-পানী খাই ধুই-পখালি, দুপৰীয়া সময়কণত ‘অকণমান জিৰায়েই লওঁ’ বুলি ডাঙৰকৈ ঘোষণা এটা কৰি আগফালৰ, পিছফালৰ দুৱাৰ দুখন বন্ধ কৰি লৈ, আগদিনাই আনি থোৱা ডাঠ কাগজৰ কাৰ্টুনকেইটাত সি বস্তুখিনি সাৱধানেৰে জাপি জাপি ভৰাবলৈ লাগিল।
প্ৰায় এঘণ্টাৰ ভিতৰতে বস্তু পেক্ কৰাৰ কাম শেষ।
এইবাৰ, ঝাৰুটো লৈ সি গোটেই ৰূমটো সাৰি পেলালে।
যেনেকৈয়ে নহওক, সি যে কোনো কাৰণতে লেতেৰা-পেতেৰা নহয়, এটা চাফ-চিকুণ মানুহ, এই ধাৰণাটো দি যাব লাগিব। নহ'লে, নিজৰে লাজ লাগিব।
এইখিনি কাম বাৰু হৈ গ’ল। এতিয়া পিছে সি কৰে কি!
তাতে, ‘অলপ জিৰায়েই লওঁ’ বুলি ঘোষণা এটাতো কৰিয়েই থৈছে।
কোনোবাই নহয় কোনোবাইতো তাৰ ওপৰত চকু এটা ৰাখিবও পাৰে।
আচ্ছা, ৰাতিলৈ বাৰু সি দিগন্তৰ ৰূমতে থাকিবগৈ।
কিন্তু, এই সময়খিনিত শুদা কাঠৰ বিচনাখনত বহি বহিনো সি কৰিব কি!
তাতকৈ, সেই ঘৰটোকে আকৌ এবাৰ চাই অহাগৈয়ে ভাল।
ভবামতেই কাম। লৰালৰিকৈ সাজু হৈ সি বাইকখন ষ্টাৰ্ট কৰিলে।
‘চাহ বনাইছিলো। ক’ৰবালৈ যোৱানেকি?’
‘এ, কি ক’ব, লেঠা বহুত নহয়! হঠাৎ যাবলগীয়া হল।
পৃথিৱীৰ কোনো জটিলতাৰ আওভাও নোপোৱা ধৰণৰ সহজ-সৰল ভাব এটা মুখত ফুটাই তুলিবলৈ আপ্ৰাণ চেষ্টা এটা কৰি সি হাঁহি এটা মাৰিলে।
বাইকখনত জোৰত কিক্ এটা মাৰি, ‘আহিছো’বুলি আকৌ এবাৰ সৰল [ ৭৪ ] হাঁহি এটা মাৰি সি গেইটৰ বাহিৰ হ’ল আৰু টাউনৰ দিশেৰে আগবাঢ়িল।
তিনি আলিটো পায়েই ‘মেঘালী’ৰ সমুখত সি বাইকখন ৰখালে।
মানে, চাহ একাপ খাই ল'ব লাগে।
‘কি হে’, আজিকালি খুউব ব্যস্ত বোলে!’
চাহকাপত চুমুক দিওতেই হঠাৎ দেখা দিলেহি বেদান্তই।
সমুখৰ চকীখনতে বহি লৈ সি ৰহস্যৰ হাঁহি এটা মাৰিলে।
‘কথা এটা শুনিলো, সঁচা নেকি?’
‘কি কথা?’
‘ইয়াতে বোলে ক'ৰবাত চেটল কৰাৰ কথা ভাবিছা?’
‘ধু-উ-ৰ, কোনে ক'লেহে’?’
‘মোৰ আগত নুলুকুৱাবা, দোষ্ট!
হৈছে যদিতো ভালেই। পিছে, চাই-চিতি লৈছাতো?’
‘চোৱা, এইবোৰ কথা মই বৰ্তমান ভবাই নাই।’
হঠাৎ অহা অচিনাকি নাম্বাৰৰ ফোন এটাৰে গইনা লৈ সি আঁতৰি আহিল।
পাণ এটা মুখত ভৰাই লৈ এইবাৰ সি বাইক পোনালে জয়ানগৰৰ দিশে।
পাঞ্জাৱী হোটেলখনৰ কাষেৰে যোৱা গলি ৰাস্তাটোৰে সি সোমাই গ'ল আৰু বাওঁফালে থকা লোহাৰ গেইট এখনৰ সমুখতে ৰ'লগৈ। গেইটৰ বাহিৰতে বাইকখন ৰখাই সি কেম্পাছটোলৈ সোমাই গ'ল আৰু কলিং বেল টিপিলেগৈ।
লুঙী পিন্ধা ওখ-পাখ মানুহ এজন ওলাই আহিল।
‘আহিলাই নেকি?’
‘নাই নাই, ৰূমটো এবাৰ চাই-চিতি যাবলৈহে আহিছোঁ।’
দুৱাৰ-খিৰিকিকেইখন মেলি দি সি ৰূম দুটাৰ চুক-কোণবোৰ আকৌ এবাৰ ভালকৈ চাই ল’লেঃ বেৰকেইখনত নতুনকৈ চুণ-তেল দি থৈছে। মজিয়াখনো সাৰি-মচি চাফা কৰিয়েই থোৱা আছে। বিচনা দুখন আৰু টেবুল এখনো দিছে। চিলিংফেন এখনো লগোৱা আছে। পাকঘৰত গেছষ্ট’ভ ৰাখিবৰ বাবে পকা ৰেক এডালতো আছেই। ইফালে, টয়লেট আৰু টিউবৱেলটোও পিছ দুৱাৰমুখতে।
বৰষুণৰ বতৰতো অসুবিধা নহ’ব যেন লাগে।
আগফালে পিছফালে এবাৰ ঘূৰি পকি চাই সি এইবাৰ ভিতৰ সোমাল।
হয়তো, ঘৰ চাফা কৰিবলৈ বুলি আনি এৰি থৈ যোৱা, ধুলিৰে লেতেৰা হৈ থকা পুৰণা কাঠৰ চকী এখন বাৰাণ্ডাতে দেখি, মহাৰিবলৈ ফটা কাপোৰ জাতীয় কিবা এখন পায় নেকি বুলি সি ইফালে সিফালে ঘূৰি পকি চালে। [ ৭৫ ] শেষত, মুখেৰেই তিনিবাৰ মান ফু মাৰি হাতেৰেও অলপ মহাৰি কৰি লৈ সি তাতে বহি ললে।
কৰিবলৈ আন একো নথকাত সি পকেটৰ পৰা ফোনটো উলিয়াই ল’লে।
এ ৰাম! ফোনটোত দেখোন ছাৰ্জ নায়েই!
ঠিক আছে, ছাৰ্জাৰডাল লৈ আনিবগৈ লাগিব তেন্তে।
এইবাৰ সি জয়ন্তৰ নাম্বাৰটো উলিয়াই ল'লে।
‘চা ভাই, মই যিকোনো সময়তে খবৰ দিম। তই গাড়ীখন লৈ আহিবি!’
আৰু কি কৰিব পাৰি ভাবি ভাবি তলৰ ওঁঠখন কামুৰি সি বহি থাকিল।
তাৰ চকুৰ আগেদি দৃশ্যবোৰ এটা এটাকৈ আহি থাকিল।
এইখন নগৰত তাৰ ইতিমধ্যে তিনিটা ভাৰাঘৰ সলোৱা হ’ল।
প্ৰথমে যিটো ভাৰাঘৰত সি সোমাইছিলহি সেইটো কেঁচাঘৰ আছিল।
লগত মাইকী মানুহ এজনী নাথাকিলে কেঁচাঘৰ এটা চাফ-চিকুণ কৰি ৰখাই সমস্যা। ইফালে, ডঙুৱা ডেকাল’ৰা থকা ঘৰটোত বাহিৰা কাম্ লা বাই এজনী ৰখাটোও নিৰাপদ নহয়। দহজনে দহটা ৰটনা ৰটিব। অযথা টেনচন!
গতিকে, মজিয়াৰ ধুলি, খেৰৰ চালৰ কুটা, মকৰাজাল আৰু পইতাচোৰাৰ লগত বুজাবুজি কৰি সি তাত ছমাহমান যেনেতেনে কটালে।
তাতো আক’ মালিকনী গৰাকীৰ যিহে বৰ বৰ কথা!
তেওঁতো ঘৰৰ কামবোৰ কাম্লা বাই এজনীৰ হাততে গতাই দি সাজি- কাচি আৰামচে’ বহি থাকিব আৰু সংসাৰৰ যতমানে বাহাদুৰি মৰা কথাবোৰ ক’ব!
সি নতুন চাৰ্ট এটা পিন্ধা দেখিলেই তেওঁ কয়, এনেকুৱা চাৰ্ট এটা দাদাৰেও এবাৰ লৈছিল। পিছে, মইহে বোলো, ইমান পাতল ৰঙৰ কাপোৰ ভালেই নালাগে। পিন্ধিবলৈকে মন নকৰা হ’ল। এতিয়া, সৌটো আলনাত তেনেকৈয়ে পৰি আছে।
সিয়োনো এতিয়া সেইজাতীয় চাৰ্টটো কি বুলি পিন্ধিব আৰু!
খঙতে দাঁত কামুৰি কামুৰি সিয়ো চাৰ্টটো বিচনালৈকে দলিয়াই দিয়েগৈ।
আকৌ, দিনৰ সাঁজেই হওক বা ৰাতিৰ সাঁজেই হওক, সি কি ৰান্ধিছে, কেনেকৈ ৰান্ধিছে, তেওঁ খবৰ লৈয়ে থাকেহি৷ সি যিয়েই ৰান্ধক লাগিলে, দাদাকে যে সেইবোৰ মুখতেই নিদিয়ে সেই বিষয়ে বহলাই ক’বলৈ ধৰেহি।
এনেয়ে, মতা মানুহৰ হাতৰ ৰন্ধা! তাতে, এইবোৰ কথা! কি খাবা আৰু!
তদুপৰি, বিয়া এখনত তেওঁক দেখিয়েই দাদাকে কেনেকৈ তেওঁৰ পিছ নেৰাই হৈছিল আৰু মেট্ৰিক দিয়াৰ তিনিমাহৰ পিছতে তেওঁক কেনেকৈ বিয়া কৰাই আনিলেই, তাৰ বৰ্ণনাখিনিতো আছেই। নহ'লে হেনো, তেওঁৰ নিচিনা মানুহ [ ৭৬ ] এজনী বৰ্তমান হাইকৰ্টৰ উকীলনী হৈয়েই থাকিলহেঁতেন।
কিন্তু, হৰিণাৰ যেনেকৈ মাংসই বৈৰী, নাৰীৰোতো ৰূপেই বৈৰী।
‘ইয়াকে কয় ভাগ্য। কি কৰিবা আৰু!’
হ'বও পাৰে।
মানে, উকীলনী হওক নহওক, মানুহজনে এওঁৰ পিছ নেৰাটো হ'ব পাৰে।
এনেয়ো, গাভৰু কালত প্ৰতিজনী ছোৱালী কিছুহলেও সুন্দৰী হৈ উঠেই।
তাতে, গাৰ ছালছটা অলপ বগা হলেতো কথাই নাই। অইন একো হ’ব নোৱাৰিলেও আইনা চাই চাই মন ভূলোৱা হাঁহি এটা মাৰিবলৈ শিকি ল’লেই হয়।
মতা মানুহবোৰেতো বিদুষীনাৰী বিচাৰি নুফুৰে। সুন্দৰী নাৰীহে বিচাৰে।
অৱশ্যে, তেওঁতো নিজকে ‘ব্ৰেইন উইথ বিউটি’ বুলিয়েই দাবী কৰে।
আৰু, তেওঁৰ সেই দাবীটো অস্বীকাৰ কৰাৰ সাহসকণনো কাৰ আছে?
সেয়েহে, আজৰি পৰত কেতিয়াবা কেতিয়াবা তেওঁৰ কথা শুনি শুনি তেওঁলোকৰ পিছ বাৰাণ্ডাত বহি থাকোতে, দুচকুত যিমান পাৰি নিস্পাপ চাৱনি এটা ফুটাই তুলিবলৈ চেষ্টা কৰি মানুহগৰাকীৰ মুখলৈ সি চাই থাকে আৰু চাহৰ কাপত চুমুক দিয়াৰ মাজে মাজে ‘ঠিকেই ঠিকেই’ বুলি শলাগিও থাকে।
কিন্তু, ভাৰতীয়া হ'ল বুলিয়েই মালিকনীৰ প্ৰতিটো কথাতে সি কিমাননো শলাগি থাকিব আৰু! তাতে, যৌৱনৰ নামত ৰান্ধনিবেলিটিৰ ক্ষীণ পোহৰত অলপ মানহে ৰঙচুৱা যেন হৈ থকা মানুহজনীৰ বৰ বৰ কথাবোৰ হজম কৰি থকাটো এটা সময়ত তাৰ সাধ্যৰ বাহিৰ হৈ গল আৰু সি মনে মনে আন এটা ঘৰৰ সন্ধান আৰম্ভ কৰিলে।
পিছে, কথাটো গম পায়েই মালিকনীয়েতো একেবাৰে হাল্লা লগাই দিলে।
তাতনো সি কি অসুবিধা পাইছে, ইমান কি বেয়া পাইছে যে ঘৰটোৱেই একেবাৰে এৰি যাবলৈ ওলাইছে!
গৰমৰ দিনত কেঁচা ঘৰত থকাৰ কিমান কি সুবিধা, ডাঙৰ ডাঙৰ দালান থকা মানুহেও কেনেকৈ সৰুকৈ কটেজ একোটা সজাই লয় আৰু দাদাকেও এইবাৰ গৰম অহাৰ আগে আগে কেনেকৈ নিজাকৈ কটেজ এটা সজোৱাৰ প্লেন বনাইয়ে আছে, তাৰ ওপৰতো বিৰাট এটা লেক্চাৰ!
মানে, ঘৰটো পকা হওক বা নহওক, মনটো কিন্তু পকা হ'ব লাগে।
তথাপিও, দহটা বাহানা দেখুৱাই সি তাৰ পৰা এদিন ওলাই আহিল।
এইবাৰ সি পকা ৰাস্তাৰ কাষৰে এটা পকাৰূমলৈ গ'ল।
সেইটো ৰূম এনেয়ে ভালেই আছিল। বিশফুট দীঘল আৰু চৌধ্যফুট [ ৭৭ ] বহল ৰূমটোতে তাৰ ৰন্ধা- খোৱা-থকা-বহা, সববোৰ হৈ গৈছিল। ঘৰৰ কোনোবা আহিলেও চিন্তা নাছিল। বন্ধু-বান্ধৱ আহিলেও বহুৱাবলৈ অসুবিধা নহৈছিল।
তাত আৰু এটা বিশেষ সুবিধাও আছিল।
মানে,বয়সস্থ মহিলাগৰাকীয়ে তাক নিজৰ ল'ৰাৰ দৰেই ব্যৱহাৰ কৰিছিল।
পুৱা-গধুলি চাহ একাপো যাচিছিল। বাৰীৰ শাক-পাচলিৰো ভাগ দিছিল।
সবেই ঠিক আছিল। কিন্তু, জেং লগালেহি ওচৰৰে বুঢ়া এজনেহে।
তেওঁ মানে অনবৰতে বহি থাকেহি আৰু যা তা কথাবোৰ কৈ থাকে।
যিহেতু তেওঁ সেই ঘৰটোৰ মালিকৰ নিজৰে ভায়েক হয়, গতিকে, তেওঁক তাৰ ৰূমৰ পৰা ওলাই যাবলৈয়ো সি খাৰাংখাচকৈ কৈ দিব নোৱাৰে।
ক’বলৈ হ'লে সি নিজেই সেইটো ঘৰ এৰি গুচি যাব লাগিব।
কি ঠিক, তেওঁলোকে তাক গতিয়াই বাহিৰ কৰিও দিব পাৰে।
নহলে, বেলেগ কিবা অপযশ জাপি দি অপমানো কৰি দিব পাৰে।
আজিকালিতো অইন একো নহ'লেও নাৰীজনিত অপযশ এটাকে জাপি দি মানুহ গোটাই লৈ মেডিয়াৰ কেমেৰাৰ সমুখতহে নাটকবোৰ কৰে।
সেই সময়ত, তোমাক বচাবলৈ আহিব কোন?
তাতকৈ, ৰসতে নাম থৈ ঘৰটো সলনি কৰাই মঙ্গল।
কিন্তু, সবফালৰ পৰা সুবিধাৰ ঘৰ এটানো সি ইমান পটককৈ পায় ক’ত!
এইবোৰ সৰু-সুৰা নগৰ এলেকাত ভাল ভাৰাঘৰ মানুহে নবনায়েই।
বনায়েই যেনিবা, সেইমতে গ্ৰাহকো পাব লাগিব নহয়!
গতিকে, যিমান পাৰি কম খৰচত কেঁচাৰূম কেইটামানকে বনাই থয়।
বহুতে আক’ নতুন ঘৰ সজালে আগৰ কেঁচাঘৰটো ভাঙি নেপেলায়।
মনে মিলা ভাৰাতীয়া পালে দিয়ে।নহ’লে, লাংখালিংখি বস্তুবোৰ তাতে থৈ দিয়ে। মানে, সেইটো ঘৰোতো ফাওতে হোৱা নাছিল। দস্তুৰমত খৰচ হৈছিল।
গতিকে, ভাঙি পেলাব কিয়?
তেনেকুৱা ঘৰ এটা পালেওতো তাৰ কাম সিজিব।
সেইয়ে, এদিন অফিচৰ পৰা আহি ‘মেঘালী’তে চাহ-পৰঠা খাই লৈ সি নগৰখনৰ গলিকেইটাত এপাককৈ মাৰি অহাৰ কথা ভাবিলে।
সৰুঠাই। আলি-গলি বেছিনাইয়ো। পূৱে-পশ্চিমে-উত্তৰে-দক্ষিণে এপাক মাৰি আহোতে খুউব বেছি আধা ঘণ্টা লাগিব। সেইটোনো কি কথা!
এই পূৱ দিশে গৈ লাভ নহ'ব। গোটেইখন খিচিৰ মিচিৰ মানুহেৰে ভৰা।
দক্ষিণেতো নাই বুলি সি ইতিমধ্যে জানিছেই। গাঁৱৰ মানুহে ভাৰা নিদিয়ে। [ ৭৮ ] বাকী থাকিল উত্তৰ আৰু পশ্চিম দিশৰ গলিকেইটা।
মাত্ৰ তিনি কিল'মিটাৰ বহল নগৰ এলেকাটোৰ প্ৰধান ৰাস্তাটোৰ পশ্চিম দিশে থকা গলিকেইটাৰে সি একোপাককৈ মাৰিলে। লাভ কিন্তু নহ’ল।
এঘৰত, স্কুল কলেজৰ ল'ৰা থকা ৰূম দুটামান আৰু আন এঘৰত কলেজৰ ছোৱালী দুজনীক যেনিবা ভিতৰৰে ৰূম এটা দি ৰাখিছে। আন এঘৰত আক’ এৰা পৰলীয়া ঘৰ এটা আছে। কিন্তু, ডঙুৱা ল'ৰাক নিদিয়ে বোলে।
পৰিয়াল হলে অৱশ্যে বেলেগ কথা।
এইবাৰ, শেষ বিকল্প বুলিবলৈ থাকিলগৈ উত্তৰ দিশৰ গলি দুটাহে।
ঠিক আছে, সেইফালেও এপাককৈ মাৰি অহা হওক!
প্ৰথম গলিটোৰেই সি গৈ আছে, গৈ আছে, গৈ আছে।
নতুন নতুন মডেলৰ দালান, ওখ ওখ বাউণ্ডেৰী ওৱাল, ওখ ওখ গেইট, কুকুৰৰ পৰা সাৱধানৰ জাননী, নতুন নতুন মডেলৰ কাৰ, লন, হে’জ!
মূঠতে, সাংঘাতিক কাৰবাৰ!
এইখন ঠাই আগতে চাগে ধাননি-পথাৰহে আছিল।
ৰাস্তা আৰু বাৰী-ঘৰবোৰ দেখিলেই ধৰিব পাৰি।
ওখ-ডাঙৰ গছ-বিৰিখ বুলিবলৈ ক’তো এজোপাও নাই।
দুই-এঘৰত খালি চাপৰতে লগা নাৰিকলগছ আৰু দেৱদাৰু দুই-এজোপা।
বাৰু, এইবোৰ অদৰকাৰী কথা। দৰকাৰী কথা হৈছে ঘৰ এটা পোৱাটোহে।
সি আৰু গৈ আছে, গৈ আছে, গৈ আছে।
দেখিলে, গেইট এখনত লগাই থোৱা টিং এচটাত লিখা আছে To Let.
লগে লগেই, ব্ৰেকত পৰিল ভৰি।
বাইকৰ পৰা ননমাকৈয়ে সি এবাৰ ঘৰটোৰ ফালে মন দি চালে।
দুয়োফালৰ ডাঙৰ ডাঙৰ বিল্ডিংবোৰৰ মাজতে হেঁচা-টেপা খাই সোমাই থকা আসাম টাইপৰ কিছু নতুন যেন লগা এটা ঘৰ!
গেইট খুলি সি সোমাই গ'ল। ইফালে সিফালে চাই কলিং বেল টিপিলে।
তাৰ পিছত, অপেক্ষা।
ঠিক পাঁচ মিনিটৰ পিছতে কাণত পৰিলহি এগৰাকী মহিলাৰ মাত এষাৰ।
কাক বিচাৰিছে?
নাই, মই মানে, ভাৰাঘৰ এটা বিচাৰিহে...'
অ, বহক বাৰু!
আগফালৰ মুকলি ঠাইকণতে থকা প্লাষ্টিকৰ চকী এখনতে সি বহিল। [ ৭৯ ] ‘চাওক, একেটা কেম্পাছত ঘৰ ভাৰালৈ দিয়াটোৱেই আচলতে মস্কিল।
আগতে মানে, দুটা পৰিয়ালক দি তিতা-কেঁহা পাই থৈছোঁ, জানেনে?
প্রথমে যিটো পৰিয়ালক দিছিলাে, তেওঁলােকৰ এটা খটাসুৰ ল’ৰা আছিল।
আপােনাক কি কৈছোঁ, তিনিমাহতে আমাক তিনিভূৱন দেখুৱাই থৈ গৈছে।
তাতে, মানুহজনীৰাে যিহে বাহাদুৰি মৰা কথা।
কিবা বােলে, গাত নাই ছাল-বাকলি, মদ খায় তিনি টেকেলি !
শেষত বােলাে, ইহঁতক খেদোৱাহে কথা !
তাৰ পিছত ভাবিলাে, নিদিওঁ আৰু কাকো ভাৰালৈ। থাকক তেনেকৈয়ে ?
কিন্তু, এদিন ওলালহি নহয় আন এজন! নামানে আৰু, লাগেই।
এখেতেও বােলে, বিপদত পৰিহে আহিছে, দিয়া আৰু!
ঠিক আছে, দিলাে।
কিন্তু, আপােনাক কি কওঁ, দিনে-ৰাতিয়ে সিহঁতৰ মতা-মাইকীহালৰ কাজিয়াৰ প্রকোপত আমাৰ মানে ক'লৈ যাওঁ গােপাল, ক'লৈ যাওঁ কৃপাল অৱস্থা!
ইফালে, মােৰ ঘৰলৈতাে আলহী-দুলহী আহিয়েই থাকে।
সবেই আচৰিত। মােৰাে লাজ লাগে।
ভাবিলাে, ইমান ইমান ডিগ্ৰীধাৰী মানুহ! কিন্তু, ই-মা-ন অভদ্র!
শেষত বােলাে, ওলােৱা ইয়াৰ পৰা !
এতিয়াহে অলপমান শান্তিৰে উশাহ ল’ব পাৰিছোঁ, জানেনে ?
এখেতেতাে কৈয়েই দিছে, এইবাৰৰ পৰা কাকো ভাৰালৈ ঘৰ নিদিয়ে।
কেইটামান পইচাৰ কাৰণেই এইবােৰ ঝামেলা লােৱাত নাই আৰু!’
বুজিছোঁ। কিন্তু, গেইটত যে এতিয়াও To Let!
‘আচ্ছা, কাৰ বাবে লাগেনাে ?’
‘মােৰ নিজৰ বাবেই লাগিছিল বাৰু।’
‘অকলে নে পৰিয়াল আছে?’
‘বর্তমানলৈকেতাে অকলেই। মানে, বিয়া-বাৰু পতাই নাই।’
‘হয় নেকি? চিঙ্গল মানুহ হ’লে অৱশ্যে নিদিওঁ বুলি এখেতে কোৱা নাই।
পিছে, আপােনাৰ ঘৰ বা ক’ত, কৰেনাে কি?’
সি কি, ক’ত, কিয় বিখ্যাত সেই বিষয়ে যিমান পাৰি চমুৱাই ক'লে।
লগতে, সিয়াে যে ৰাগ-জঞ্জাল একেবাৰে ভাল নাপায় আৰু সেইকাৰণেই যে সি এতিয়ালৈকে বিয়া-বাৰুও পতা নাই, সেইটোও ক’লে।
‘সেইটো আক’ কি কথা? ঘৰ-সংসাৰ পাতিলেতাে সেইবােৰ থাকিবই। [ ৮০ ] এতিয়া, ভেকুলীৰ ভয়ত আৰু পুখুৰী নাখান্দিবইনে?’
ঠিকেই। পিছে, লােকৰ পুখুৰীৰ ভেকুলীৰ টোৰটোৰণি শুনি শুনিয়েই কাণ ঘােলা হৈ গৈছে। এতিয়া, নিজেও এটা খান্দি ল’বলৈ মনেই নাযায় দেখােন!
‘আপুনিও আৰু ভাল কথাবােৰ কয়, দিয়ক!’
তাৰ কথা শুনি মানুহগৰাকীয়ে মানে হাঁহিয়েই পেলালে।
বাৰু, সেইবােৰ যিয়েই নহওক, শেষত যেনিবা কথাটো চিগিলগৈ ।
মানে, ঘৰটো সি পাব। যেতিয়াই ইচ্ছা তেতিয়াই ঘৰটো সি ল’বও পাৰিব।
অৱশ্যে, কাৰেণ্টৰ বিলৰ ছাৰ্জটো এক্সষ্ট্ৰা হ'ব আৰু তিনিমাহৰ ঘৰভাৰাও ‘এডভান্স’ দিব লাগিব। লগতে, কিবা কাৰণত ঘৰটো খালী কৰাবলগীয়া হ'লে তাক এমাহৰ আগতে জনােৱা হ'ব আৰু সি ঘৰটো এৰি যাব খুজিলেও এমাহৰ আগতেই কথাটো মালিকক সি জনাব লাগিব।
ভাৰাঘৰ বুলিলেতাে মালিক পক্ষৰ এই ধৰণৰ দুই-এটা চৰ্ত থাকিবই।
ভাৰতীয়াইয়াে এই প্রতিটো চৰ্ত মানি লােৱাৰ বাদে আন বিকল্প নাই।
গতিকে, মালিকনীৰ পিছে পিছে গৈ সি ঘৰটোৰ ভিতৰে বাহিৰে ভালকৈ চাই আহিলগৈ। দুৱাৰকেইখনহে অৱশ্যে অলপ চাপৰ হ’ল। মূৰতে লাগিব নেকি !
বেৰকেইখন কেঁচা হ’লেও মজিয়াখন বাৰু পকাই। ঠিকেই আছে, চলিব।
আৰু, সিতাে বেৰত গাটো ঘঁহাই নাথাকে নহয় !
টয়লেট, টিউবৱেল আদি এটাচ্ছড্ নহয় যদিও ওচৰতে আছে বাৰু।
বিচনা, চকী-টেবুল, গেছ-ছেট থােৱাৰ ব্যৱস্থা, এইবােৰ সি পিছে নিজেই যােগাৰ কৰি ল'ব লাগিব। আৰু, ৰাণিং ওৱাটাৰৰ সুবিধাও অৱশ্যে সি নাপাব।
ঠিকেই আছে। হ’ব। আৰু বেছি তাক নালাগেও।
পিছদিনা পুৱা দহ মান বজাতে সি ঘৰটো সম্জি ল’লেহি।
সন্ধিয়া, মালিক-মালিকনী আৰু লগৰ কেইটামানকো মাতি আনি সৰুকৈ চাহ-পার্টি এটাৰাে সি আয়ােজন কৰিলে। মানে, নতুন ঘৰ লােৱাৰ পার্টি।
পার্টি শেষ হােৱাৰ পিছতে সি নাটকীয়ভাৱে ঘােষণা কৰিলে যে সেইটো আছিল তাৰ বার্থডে’ৰাে পার্টি। মানে, সেইদিনাই তাৰ বার্থডে’ও পৰিছিল।
‘তুমিও আচৰিত মানুহ দেই! আগতেই কোৱাহ’লে গিফ্ট এটাকে...’
মালিকনী যেন আশ্চৰ্য্যত ফাটিহে পৰিল।
পিছে, কোন টলকতনাে মুখৰ পৰা ‘আপুনি’ৰ পৰিৱর্তে ‘তুমি’ ওলাই গ’ল, তেওঁ চাগে ধৰিবই নােৱাৰিলে। সি পিছে ধৰিব পাৰি মিচিককৈ হাঁহি দিলে।
ইটো সিটো কথা পাতি পাতি তেওঁলােক যেতিয়া বিদায় ল’বলৈ উঠিল [ ৮১ ] তেতিয়া তাৰ আচলতে শুবৰে সময় হৈছিল।
ইপিনে, ভাত পানীৰ ব্যৱস্থা কৰাই নহ'ল।
‘এস্ এতিয়ানাে কি ভাত ৰান্ধিবা আৰু!
ব’লা নহ’লে, আমাৰ তাতে শুদাই নিকাই এসাঁজ খাই আহিবাগৈ!’
কাইলৈৰ পৰা নিজে ৰান্ধি-বাঢ়ি যি খােৱা খাই থাকিবা !’
ভদ্রতাৰ খাতিৰত এবাৰলৈ ‘নাই, নালাগে, নিজেই ৰান্ধিম, হ’ব দিয়ক’ বুলি সি ক'লে যদিও মালিকনীৰ প্ৰস্তাৱটো সি অৱশ্যে বৰ এটা বেয়াও নাপালে।
দুৱাৰ-খিৰিকীকেইখন জপাই সি মালিকনীৰ পিছে পিছে খােজ ল'লে।
মালিকজন পিছে অলপ ঠাণ্ডা-মুণ্ডা। বেছি কথা নকয়। মিছেচৰ কথাকে শলাগি থয় আৰু মিছেচে টানকৈ কিবা ক’লেই মনে মনে থাকে। প্রতিবাদ নকৰে।
ঘৰখনত আন কাকো নেদেখি সি মালিকজনক কথাটো নুসুধি নােৱাৰিলে।
‘অ, ইহঁতহাল ঘৰত নাথাকে নহয়! ল'ৰাটো থাকে মােম্বাইত। সি নেভীত কাম কৰে। ছােৱালীজনী থাকে গুৱাহাটীত। তাই প্রাইভেট কোম্পানী এটাতে সােমাই আছে। ঘৰত বর্তমান আমি দুই বুঢ়া-বুঢ়ীয়েই আৰু!
নতুন চিনাকিৰ ঘৰখনত যিমানকণ হাঁহিলে বেয়া নেদেখি সি সিমানকণকে হাঁহিলে আৰু ‘ক’তনাে বুঢ়া হৈছে, ডেকাই হৈ আছে দেখােন’ বুলি ক'লে।
কথা পাতি থাকোতেই, অলপ পিছতে তাক ডাইনিং টেবুললৈ মাতিলে।
শুদাই নিকাই বুলি কৈছিল যদিও আইটেম অৱশ্যে কেইবাটাও ওলাল।
ভাতসাঁজ সি যথেষ্ট তৃপ্তিৰেই খাই আহিল।
পিছদিনাৰ পৰা আকৌ আৰম্ভ হ'ল তাৰ গতানুগতিক সেই জীৱন যাত্রা।
পুৱা এঘণ্টা জগিং কৰা, ঘৰখন চাফা কৰা, কাপােৰ কানি ধােৱা, ৰন্ধা- বঢ়া কৰা, অফিচ কৰা, আবেলি বন্ধু-বান্ধৱৰ লগত আডডা দিয়া, শনিবাৰে পিছবেলা ঘৰলৈ একোপাক মৰা, সােমবাৰে উভতি অহা, মাজে মাজে বজাৰ-সমাৰ কৰা।
এইবােৰেই আৰু!
আন চিন্তা ভাবনা কৰিবলৈ সময়াে নাই, ইচ্ছাও নাই।
‘এস, জীৱনটো এনেকৈয়ে পাৰ কৰি দিম বুলি ভাবিছা নেকি?
সময়ৰ কাম সময়ত কৰি নগ’লে পিছত হাত মহাৰি থাকিবগৈহে লাগিব।
কৈ থ’লাে। পিছত নিজেই বুজিবা ?’
কথাৰ প্রসঙ্গত, মালিকনীয়ে তাক এদিন জীৱনৰ অৰ্থ বুজাবলৈ লাগিল।
অকল অর্থ বুজুৱাই নহয়, সেই অর্থ লাভ কৰাৰ পথটিৰাে সন্ধান দিলেহি।
মানে, পিছৰ মাহতে গুৱাহাটীত থকা জীয়েকক ঘৰলৈ মতাইয়ে আনিলে। [ ৮২ ] সি প্রথমে কথাটো ইমান মন কৰা নাছিল। ভাবিছিল, ঘৰৰ ছােৱালী ঘৰলৈ আহিছে। দুদিন থাকিব আৰু এদিন যাবগৈ। কথা ইমানেই। আৰুনাে কি!
পিছে, লাহে লাহে তাৰ চকুত পৰিবলৈ ধৰিলে, ছােৱালীজনীয়ে ঘৰত থাকোতেও যিমান পাৰে সাজি কাচি থাকে আৰু ঘৰুৱা কাম-বনৰ মাজে মাজে ৰােমান্টিক গান একোটাও গুণগুণাই থাকে। মাজে মাজে গান একোটা গায়ো।
গান গােৱা মাত তাইৰ আচলতে নহয়।
কথাটো তাই নিজে জানে নে নাজানে ঠিক নাই। সি কিন্তু ঠিক জানিছে।
তথাপিও, ছােৱালীৰ মাত যে, কিবাকিবি এটা গাই থাকিলে শুনি থাকিব পাৰি আৰু! তাতে, দুৱাৰ-খিৰিকি, বাৰাণ্ডাৰ গ্ৰীল, ফুলগছ, হে’জ আদিৰ ফাঁকে ফাঁকে হঠাৎ দেখা দি হঠাৎ লুকাই পৰি এক ৰহস্যময় পৰিৱেশৰ মাজত তাই গাই থকা গানকেইটাৰ অনামী আকর্ষণক সি একেচাটে উলাই কৰিবও নােৱাৰা হ'ল বুলিব পাৰি। সােণৰ সােলেংটো কিজানিবা তাতেই লুকাই আছে, ক’বতাে নােৱাৰি।
প্রায় এসপ্তাহমানেই তাক এক ঐন্দ্রজালিক ৰহস্যৰ মাজত ডুবাই ৰাখি এদিন আবেলি তাই তাৰ আগত যেন ধৰা দিলেহি। মানে, সি অফিচৰ পৰা আহিবৰ সময়তে আগফালৰ ষ্টেপতে বহি লৈ তাই নেইল পলিচ লগাই গুণগুণাই আছিল। তেনেতে, গেইটৰ শব্দটো শুনি তাই ঠিক আধা মেলা চকুযুৰিৰ পাহি লৰাই লৰাই তালৈ অলপ পৰ চালে আৰু হাঁহাে নাহাঁহােকৈ সামান্য হাঁহিলে। বচ, সিমানেই।
অলপ পাতল, অলপ ওখ, অলপ বগা আৰু চাগে অলপ বয়সাে হৈছে।
অসাধাৰণ বা অসামান্য বুলিবলৈ একো নাই। কিন্তু তাৰ বেয়াও নালাগিল।
বাইকখন চোতালতে ষ্টেণ্ড কৰি ৰাখি সি ভিতৰলৈ সােমাই গ'ল।
কাপােৰসাজ সলাই টিউবৱেল পালেগৈ আৰু মুখ-হাতকেইটা ধুই ল’লে।
কিয় জানাে, তাৰ মুখৰ পৰাও গুণগুণকৈ গানৰ কলি এটা ওলাই গ'ল।
জলপান খােৱাদি ভাত কেইটামান খাই লৈ সি বিচনাখনতে পৰি দিলে।
কম স্পীডতে ঘূৰি থকা চিলিংফেনখনলৈ একেথৰে চাই চাই বিচনাখনত পৰি থাকোতে এটা সময়ত তাৰ ভাবনাবােৰেও যেন পাক খাবলৈ ল'লেহি।
দেখিবলৈ ইমান বেয়া নহয় দেখােন! পিছে, কি বা কথা, কি বা কাণ্ড!
গুৱাহাটীত বা থাকে ক’ত, কৰে কি!
বিয়া বাৰুৰ কথা বা ক’ত কিমান আগবাঢ়িছে!
নে ক’তাে একোৱেই আগবঢ়া নাই!
বয়স অলপ নােহােৱাকৈয়াে থকা নাই যেন লাগিছে দেখােন!
কিমান হ’ব পাৰে বাৰু! সাতাইশ, আঠাইশ, উ-ন-ত্রি-শ, ত্রি-শ? [ ৮৩ ] ‘মনজিৎ, ভিতৰতে সােমাই কি কৰি আছানাে?’
হঠাৎ, মালিকনীৰ মাতষাৰ শুনি সি যেন জাপ মাৰিহে উঠিল।
চোলাটো গাত সুমুৱাই লৈয়েই সি আগফালৰ ৰূমটোলৈ ওলাই গ'ল।
‘নাই, এনেয়ে অকণমান জিৰাইছিলােহে। বহক !’
‘সন্ধিয়াখন মহৰ কামােৰ খাই খাই কিনাে ভিতৰতে সােমাই আছা ?
আহা নহ'লে আমাৰ ইয়ালৈকে! চাহ একাপকে খাবাহি!’
চাহ খাবলৈ মাতিছে! মাে-ক চাহ খাবলৈ মাতিছে! এতিয়া ! কিয় বা !
অগত্যা, মুখখন এবাৰ আইনাত চাই মূৰটো ফণিয়াই চার্ট এটা পিন্ধি আৰু হাঁহি এটা ওঁঠত ওলােমাই লৈ সি ওলাই গ'ল।
ঘৰটোৰ ষ্টেপত ভৰি দিয়েই তাৰ পিছে আখজা যেন লাগিবলৈ ধৰিলে।
তথাপিও, যিমান পাৰি সহজ হ’বলৈ চেষ্টা এটা কৰি সি সােমাই গ'ল।
‘আহা আহা, ইয়াতে বহাহি!’- মানে, একেবাৰে ডাইনিং ৰূমৰ চকীত।
কিয় জানাে, মানুহগৰাকীৰ মাতষাৰ তাৰ কাণত নতুন যেন লাগিল।
মানুহজনীক যথেষ্ট সাদৰী যেন লাগিল। কিবা, মাক মাক যেনেই লাগিল।
সি ঘৰ বিচাৰি আহিবৰ দিনা তাৰপৰা তিনিমাহৰ এডভান্স বিচৰা মানুহজনী দেখােন এইজনী নহয়। এইজনী বেলেগ মানুহ। এইজনী যেন নতুন মানুহ।
এইজনী যেন তাৰ অতি আপােন মানুহ।
আকৌ, কথা পাতিবলৈ মন কৰিলে কথাৰ কি আকাল পৰে !
তাতে, আগ্ৰহেৰে মাতি নিয়া জনৰ লগত কথা পাতি আমনিও নালাগে।
মাক-জীয়েকে আবেলি পৰত ঘৰৰ ঢেঁকীত নিজেই পিঠাগুৰি খুন্দি বনােৱা পিঠা-পনা-লাডুকেইটাৰ পৰা আদিকৰি দেউতাকে গাঁৱৰ ঘৰৰ পৰা আনি দিয়া কৰ্দ্দৈ, থেকেৰাৰে বনােৱা আচাৰলৈকে হাজাৰটা বিষয়ৰ ওপৰত কথা ওলাল।
তেওঁলােকৰ সেইবােৰ কথাৰ মাজতে এপাকত, সুন্দৰ কেশসজ্জা আৰু চকুত পৰাকৈ লিপষ্টিক বােলােৱা ওঁঠযুৰিত মিঠা হাঁহি এটা ওলােমাই লৈ অলপ চঞ্চল আৰু অলপ গহীন খােজেৰে ধুনীয়া ট্রে’ এখনত পিঠা-পনা আৰু চাহ লৈ সােমাই আহিল মামন। বােলে ‘কি বনাইছোঁ ক'ব নােৱাৰাে আৰু! খাওকচোন!’
পকামিঠৈ এটাকে হাতত তুলি লৈ মুখলৈ নিব খােজোতেই তাৰ চকুত পৰিল, খুঁটা এটাতে আওজি লৈ মামনে তাৰ ফালে চাই মিচিকিয়াই হাঁহি আছে।
মিঠৈটো চকুৰ আগলৈ আনি সি এবাৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিলে।
এপাকত, মুখত সুমুৱাই লৈ কটংকৈ ভাঙি দিলে আৰু চোবাবলৈ ধৰিলে।
‘বঢ়িয়া ! ভাল বনাইছে দেই! পাগটো কিন্তু জোখতে হৈছে।’ [ ৮৪ ] সেইয়াই আৰম্ভণি। তাৰ পিছৰ তিনিমাহত মামনৰ হাতৰ কিমানটা মিঠৈ, কিমানটা পিঠা, কিমান কাপ চাহ, কিমান বাটি জলপান, কিমান বাটি মাছ-মাংসৰ জোল তাৰ পেটত সােমাইছেগৈ, তাৰ কিন্তু হিচাপ নাই।
অৱশ্যে, কিছুমান হিচাপ কোনােবাই নাৰাখিলেও আন কোনােবাই ৰাখে।
বিশেষকৈ, গাভৰু ছােৱালীৰ মাকবােৰে প্রতিকাপ চাহৰাে হিচাপ ৰাখে।
এই হিচাপখিনি অলপ চিজিল লগাই ল’বলৈ বুলিয়েই আবেলি সময়ত তেওঁ ডাইনিং টেবুলতে মামন আৰু দেউতাকৰ মুখামুখিকৈ বহি ল’লে।
‘আমিহে কথাবােৰ এনেকৈ ভাবি আছোঁ। তাকতাে সােধা হােৱাই নাই।
আজি নহ'লে কথাটো উলিয়াম নেকি!’
মামনে ওচৰতে বহি লৈ মাক-দেউতাকৰ কথাবােৰ, মানে তর্কা-তর্কিবােৰ শুনিলে আৰু এটা সময়ত নিজৰ বিচনাখনতে ওপৰলৈ মুখ কৰি পৰি থাকিলগৈ।
মাজে মাজে তাই মিচিকিয়াই হাঁহিলে। মাজে মাজে কান্দিলেও।
মানে, এই ঘৰখন আৰু মাক-দেউতাকক এৰি থৈ যাব লাগিব যে!
তথাপিও, সমাজৰ নিয়ম মানি লৈ ছােৱালীবােৰে এদিন নহয় এদিনতাে মাক-দেউতাকৰ ঘৰখন এৰি যাবই লাগিব। সব ল'ৰাতাে ঘৰজোঁৱাই হ'বলৈ নাহে।
পিছে, মনজিৎ যে এতিয়ালৈকে অহা নাই! ক’লৈ বা গৈছে!
সি ক’ত আছে ফোন কৰি সুধিবলৈকো তাইৰ কিবা লাজ লাজহে লাগিল।
সন্ধ্যা প্রায় সাত বজাত তাৰ বাইকখন গেইটৰ সমুখত ৰােৱাৰ লগেলগে এওঁলােকৰ ঘৰত এনে এক পৰিৱেশ হ’ল যেন মূল নাটকখনৰ আৰম্ভণিৰ ফাইনেল বেলটোহে পৰিল ।
এইয়া, গেইটখন খুলি সি সােমাই আহিছে, এইয়া বাইকখন ষ্টেণ্ড কৰি লৈ গেইটখন বন্ধ কৰিছে, এইয়া বাইকখন ঠেলি আনি বাৰাণ্ডাত ষ্টেণ্ড কৰিছে, এইয়া দুৱাৰ খুলি সােমাই গৈছে, এইয়া কাপােৰযােৰ সলাই বাথৰূমলৈ গৈছে, এইয়া ট্রাউজাৰ আৰু স্পর্টিং এটা পিন্ধিছে, এইয়া দুৱাৰখন জপাই সি ওলাই আহিছে, এইয়া এওঁলােকৰ ঘৰৰ ষ্টেপত ভৰি দিছেহি, এইয়া খােলা দুৱাৰেদি সি সােমাই আহিছে, ‘নক’ব আৰু, বুইছেনে! আজি বহুত ঘূৰা পকা হ’ল। মানে...’
কিন্তু, ই কি! সি যে এতিয়াও অহা নাই!
ওৱাল ক্লকটোলৈ তাইৰ বাৰে বাৰে চকু গৈ আছে।
সৌৱা, ঘড়ীটোৰ কাটাডাল গৈয়ে আছেঃ টিক, টিক, টিক!
ঠিক চাৰে সাত বাজিবৰে হৈছেহি। এতিয়া ক’তনাে আহিব আৰু!
‘ই কি কৰি আছে, খবৰ এটাকে কৰি আহােচোন, ৰহ!’ [ ৮৫ ] মালিকনী ওলাই গৈছে। সেইয়া, তাক কিবা এটা কৈ তেওঁ হাঁহিছে।
‘আহা আহা, বহাহি! আমি বােলাে...'
ডাইনিং ৰূমত মাকৰ মাতষাৰ শুনি তাই যেন জাপ মাৰিহে উঠিল।
লগে লগে, তাইৰ মুখত ফুটি উঠিল এক লাজকুৰীয়া হাঁহি।
কিন্তু, পিছ মুহূর্ততে তাই নিজকে চম্ভালি ল’লে।
তলৰ ওঁঠখন সামান্য কামুৰি ধৰি তাই কাণ উণাই বিচনাতে বহি থাকিল।
সেইয়া, তেওঁলােকে হাঁহি হাঁহি কথা পাতি আছে।
তাইৰ সৰুকালৰ কথাবােৰ কৈ কৈ তেওঁলােক হাঁহিত যেন বাগৰি পৰিছে।
এ ৰাম! ইমান আঁকৰী আছিলােনে মই!
‘মামনক দেখা নাই যে!'
মনজিতৰ প্ৰশ্নটো শুনিয়েই তাইৰ যেন বিৰাট লাজ লাগি গ'ল।
মনৰ সকলাে উত্তেজনা দমাই ৰাখি তাই তলৰ ওঁঠখন কামুৰি ধৰিলে।
‘ তাইৰ কথানাে কি ক’বা! দিনে-ৰাতিয়ে তােমাৰ কথাই কৈ থাকিব।
কিন্তু, আগত ওলাবলৈ আক’ লাজ!’
মায়েনাে কি কথাবােৰ কয় পাই।
‘আমি মানে ভাবিছোঁ, এইবাৰ তাইৰ বিয়াখনহে পাতি দিব লাগে।
বিয়াৰ সময়াে হৈছে। তাকে বােলাে, তােমাৰ লগতাে কথাটো এবাৰ...’
সেইয়া, মায়ে কথাটো কৈহে এৰিলে।
অৱশ্যে, ঠিকেই আছে। কৈ ভালেই কৰিলে।
পিছে, সিফালে বা কি কয়! বিয়াখন কেতিয়ামানে পাতে বা!
‘কথাটোতাে ভালেই ভাবিছে, দিয়কচোন! ক'ৰবাত দৰা ওলাইছে যদি দি দিয়াই ভাল। গাভৰু ছােৱালী ঘৰত ৰাখি থােৱাটোতাে বেয়া কথা, নহয় জানাে?’
দৰা ওলাইছে যদি! এইবােৰ আক’ কি কথা!
সি আচলতে কি বুজাবলৈ বিচাৰিছে!
সি মনতে বেলেগ কিবাহে ভাবি আছে নেকি!
‘নহয় মানে, তুমি বা কি ভাবিছা !’
সেইয়া, মায়ে থেৰাে গেৰাে কৰিছে কিয়? স্পষ্টকৈ কৈ দিলেই হ’ল।
‘চাওক, মইনাে কি ভাবিম আৰু! তাইকতাে মােৰ ভণ্টি বুলিয়েই ভাবাে।
তাইৰ কাইলৈ ভাল এঘৰত বিয়া হৈ গ'লেই ভাল পাম। বাকী...'
কি! মােক ভণ্টি বুলিহে ভাবে! তেন্তে, ইমান দিনে।
এই মতা মনুহবােৰক, দেখিছোঁ... [ ৮৬ ] এতিয়া, মায়ে বাৰু কি কৰিব! কি ক’ব!
কিন্তু, মানুহজনীয়ে লগে লগে নিজৰ ৰূপ ধাৰণ কৰিলেই।
‘অ, তুমি ঠিকেই কৈছা। আমিও তাকে ভাবিছোঁ।
আৰু, কাইলৈ তাইৰ বিয়াৰ ফার্নিচাৰবিলাক আনিব যে, তাৰ আগতেই তােমাক ঘৰটো খালী কৰি দিবলৈ কওঁ বুলিয়েই এই কথাখিনি...'
মায়ে ঠিক কৈছে। ই আচলতে মাক চিনি পােৱা নাই। গম পাবি ৰহ!
‘নিশ্চয় নিশ্চয়। কাইলৈ ৰাতিপুৱাই মই ঘৰটো খালী কৰি দিম, তেন্তে।’
‘নাই, কাইলৈ পুৱাতে ফার্ণিচাৰ আহি পাবহিয়েই। তুমি ঘৰটো এতিয়াই খালী কৰি দিব লাগিব। আমাৰ হাতত সময় একেবাৰেই নাই।
খং-উত্তেজনাত মানুহজনী যেন কঁপি উঠিল। কঁপি উঠিল মাত-কথাও।
মানুহজন কিন্তু নিৰৱ হৈ বহি আছে। তেওঁৰ মুখৰ মাতেই যেন হেৰাল!
সি এবাৰ মানুহজনীলৈ আৰু আনবাৰ মানুহজনলৈ গভীৰভাৱে চালে, তলৰ ওঁঠখন সামান্যভাৱে কামুৰি ধৰিলে আৰু দীর্ঘ নিশ্বাস এটা এৰি দিলে।
‘চেহ, ইমান লৰালৰিকৈ! এই ৰাতিখন বিপদেই হ’ল নহয়! কিনাে কৰাে!
আপােনালােকেতাে এমাহৰ আগতেই...'
‘সেইবােৰ তােমাৰ সমস্যা, তুমি জানা।
মূঠতে, ঘৰ খালী কৰা! কথা ইমানেই।’
‘ঠিক আছে। যাওঁ বাৰু। বিয়ালৈ পিছে নমতাকৈ নাথাকিব।’
যিমান পাৰে সহজ হ’বলৈ চেষ্টা কৰি সি বাহিৰলৈ ওলাই আহিল।
চোতাললৈ ওলায়েই সি পকেটৰ পৰা ফোনটো উলিয়াই ল’লে।
ঠিক, দহমিনিটৰ পিছতে কেৰিয়াৰ এখন আহি গেইটৰ সমুখত ৰ’লহি।
দুটা মানুহ তাৰ ৰূমটোলৈ সােমাই গ'ল আৰু ঠিক দহমিনিটৰ ভিতৰতে গেছ ষ্ট’ভৰ পৰা টি.ৱি.লৈকে সকলাে বস্তুৱেই আহি গাড়ীত উঠিলহি।
আনকি, সি লগাই লােৱা বাল্ব কেইটাও সিহঁতে খুলি আনিলে।
এইবাৰ, টৰ্চটো লৈ ঘৰটোৰ চুকে-কোণে শেষবাৰৰ বাবে চকু ফুৰাই লৈ সি মালিকৰ ঘৰৰ কলিংবেলত হাত দিলেগৈ।
‘এ, হ'ব হ'ব। তােৰ মুখ নাচাওঁ আৰু! যা যা!’
দুৱাৰখন সামান্যভাৱে মেলি মালিকনীয়ে তাক শেষ বিদায় জনালে আৰু দুৱাৰখন ধমকৈ বন্ধ কৰি দিলে। লগে লগে,নুমাই গল আগচোতালৰ লাইটটোও৷
ক্ষন্তেক পিছতে গাড়ী আৰু বাইক দুয়ােখন ষ্টার্ট হােৱাৰ শব্দ শুনা গ’ল।
‘দেখিলানে তাৰ কাৰবাৰটো! ইমান যে তলে পুতল ! [ ৮৭ ] সি মানে ঘৰ এৰিব বুলি আগৰেপৰাই সাজু হৈ আছিল।
আমাক, পিছে, ফুটকে নিদিলে।
নহলে, ইমান তাৎক্ষণিকভাৱে ওলাই গ'ল কিদৰে !
এইবােৰ মানুহক কি বিশ্বাস কৰিবা !
ভাগ্য ভাল, কথাটো এতিয়াই ধৰা পৰিল বুলিহে। নহ'লে...
আৰু, এই মামনজনীও যে ইমান বুৰ্বক, ইমান আঁকৰী !
আজি তিনিমাহে মানুহটোকনাে চিনি নাপালিনে?
মানুহজনীয়ে পাৰিলে যেন মামনক ধৰি আনি চুলিঘটলা এটাকে দিবহি।
‘এ, থােৱা থােৱা ! মইতাে এইবােৰ একো ভবাই নাছিলাে।
তুমিহে একেবাৰে...’
কাজিয়াৰ চূড়ান্ত পৰ্য্যায় পালে মাক-জীয়েকৰ মাজত ‘তুমি চলে।
কথাষাৰ কৈয়েই তাই পিছে ৰূমত সােমালগৈ আৰু দুৱাৰখন মাৰি দিলে।
এনে সময়ত, মানুহজন হয় ৰূমত সােমাই থাকে, নহয় ওলাই যায়।
তেওঁতাে মাত মাতি লাভেই নাই। তেওঁৰ কথা কোনেও নামানেও।
তেওঁ বেছি টেপটেপাই থাকিলে ‘ঔষধ’ এপালিহে ঠিক্চে পাব।
আজি পিছে, তেওঁ মনে মনে থাকিব নােৱাৰিলে।
হাজাৰ হওক, নিজৰ জীয়েকৰ ভৱিষ্যতৰ কথা। তেওঁৰতাে দায়িত্ব আছে।
গতিকে, তেওঁ কথাটো ঠাণ্ডাভাৱে আলােচনা কৰিবলৈ চেষ্টা কৰিলে।
‘এ, থােৱা থােৱা তােমাৰ কথা ! তােমাক কোনে মাতিছে?
অলগদ্ধ ক’ৰবাৰ ! লাগে নেকি এপালি ?’
উৰহৰ খংটো নগাঢাৰিতে সাৰিবলৈ মানুহজনী ইতিমধ্যে সাজু হ'লেই।
তেনেতে, তেওঁলােকৰ মাজত পুনৰ আৱিৰ্ভাৱ হ’লহি মামন।
তাইৰ চকুৱে-মুখে কি খং !
‘বন্ধ কৰ এইসব অসভ্যালী! সব তহঁতৰ কাৰণেই হৈছে।
তহঁতে যে সিদিনা মাৰ-পিতবােৰ কৰিছিলি, সিতাে ৰূমতে আছিল।
মই মন কৰিছিলাে নহয়, সেইদিনাৰ পৰাই তাৰ মনটো সলনি হৈ গ’ল।
তাৰ আগলৈকেতাে সব ঠিকেই আছিল।
আৰু শুন, মইয়াে নাথাকো ইয়াত। কাইলৈকে গুৱাহাটীলৈ যামগৈ।
তহঁত বুঢ়া-বুঢ়ী দুটা নিজৰ মাজতেই কাজিয়া কৰি কৰি মৰিবি!’
ৰাৱণ
কেঁচুৱাটোৰ গাটো মেৰিয়াই ৰাখিব পৰাকৈ সৰু কোমল কপাহী টাৱেল দুখন আৰু জন্সনৰ বেবি কিট এটা লৈ মানৱ হাঁহিমুখেৰেই সােমাই আহিল।
হঠাৎ, টেবুলখনত কাগজৰ সৰু পেকেট এটা দেখি তাৰ কৌতুহল হল।
সেইটোনাে কি হ'ব পাৰে বুলি সি খুলি চাব বিচাৰােতেই ৰাধাই অলপ হঁহাৰ দৰে কৰি ক'লে, ‘চাঁও, সেইটো মােক দিয়া!’
তথাপিও, সি পেকেটটো খুলি চালে আৰু দেখিলে এটা মিঠা পাণ!
‘মিঠা পাণ! ক’ত পালা? মানে, কোনে আনিলে ?’
এইবাৰ ৰাধাৰ চকুৱে-মুখে ফুটি উঠিল এক ৰহস্যৰ হাঁহি।
‘আনিলে আৰু কোনােবাই। উৰহী গছৰ ওৰটোনাে কেলেই লাগে?’
আনিলে আৰু কোনােবাই বুলি ক’লেই হ’বনে!
তাতে, তাই নতুনকৈ মাক হৈছে।
তাই যা তা বস্তুবােৰ খালে তাইৰ গাখীৰলৈ তাৰ উপাদানবােৰ নাযাবনে!
তেতিয়া, তাৰ প্ৰভাৱ সেই কেঁচুৱাটোৰ ওপৰতাে নপৰিবগৈনে!
কথাবােৰ যদি এনেকুৱাই হয় তেন্তে অকল উৰহীগছেই কিয়, আন আন গছবােৰৰাে ওৰ-পােৰ সব উলিয়াব লাগিব। এইবােৰ ধেমালি কথা নহয় নহয়।
‘এইবােৰ বস্তু কোনে আনিলে মই তাকেহে সুধিছোঁ। নােকোৱা কিয় ?’
এইবাৰ, তাৰ মাতষাৰ অলপ কঠোৰ হৈয়ে ওলাল।
ৰাধাই কিন্তু তাৰ সেই ধৰণৰ প্রতিক্রিয়াক কোনাে গুৰুত্বই নিদিলে।
সি অৱশ্যে মন নকৰাকৈ নাথাকিল, তাইৰ চকুৱে-মুখে যেন লাহে লাহে বিয়পি পৰিছিল অদ্ভুত তৃপ্তিভৰা এক হাঁহি। কিন্তু, তাই হাঁহিলে যে!
ঠিক সেই মুহূর্ততে, টয়লে’টটোৰ পৰা ওলাই আহিল ৰাধাৰ মাক।
জী-জোঁৱাইৰ মাজত কিবা এটাক লৈ উখনা উখনি হৈ থকা যেন পাই। তেওঁ মাজতে সােমাই হস্তক্ষেপ কৰিলেহি।
‘কি হ’লনাে? অ, সেইটো মিঠাপাণ হে!
অথনি আমাৰ সুৰেশ আহিছিল যে, তেৱেই আনিছিল। [ ৮৯ ] তাতেনাে, হ’ল কি ?’
মানুহগৰাকীৰ মাতষাৰত এক কর্তৃত্বৰ সুৰ।
‘কোন আহিছিল বুলি ক'লে ?’
মানৱে যেন নিজৰ কাণদুখনকে বিশ্বাস কৰিব নােৱাৰিলে।
বিশ্বাস কৰিবনাে কেনেকৈ!
দিনৰ দিনটো চকাবন্ধ চলি আছে। বাচ-মটৰ সব বন্ধ।
তেনে স্থলত সি বেটা আহিল কেনেকৈ ! আৰু, আহিলেই বা কিয় !
তেনেতে, মানৱৰ চাৎকৈ মনত পৰিল, অথনি হাস্পাতালৰ সমুখৰ চাহ দোকানখনৰ বাহিৰত যে প্রতাপ ৰৈ আছিল, সি চাগে তাৰ লগতে আহিছিল।
মানে, প্রতাপৰ স্কুটাৰখনতে সিহঁত দুইটা আহিল।
আহিয়েই, হাস্পাতালখনৰ পৰিৱেশ-পৰিস্থিতিখিনি অধ্যয়ন কৰি ল'বলৈ বুলি সিহঁত সেই চাহদোকানখনতে কিছু সময় ৰ’লহি৷ তেনেতে, মানৱ বাহিৰৰ ফালে ওলাই যােৱাত নিৰাপদ যেন অনুভৱ কৰি সুৰেশ হাস্পাতাললৈ সােমাই গ'ল আৰু তাৰ একান্ত অনুগত ভৃত্য প্রতাপে বাহিৰতে পহৰা দি ৰৈ থাকিল।
কথাটো ভাবি ভাবি মানৱৰতাে খঙেই উঠি আহিল।
‘তেৰাৰ ইমাননাে এৱাঁ চৰিলনে ?’
তাৰ মাতটো নিশ্চয় শাহুৱেকৰ কাণত পৰিব পৰাকৈ ডাঙৰ হৈ পৰিল।
মানুহগৰাকীয়ে লগে লগে তাক ফেপেৰি পাতি ধৰিলেহি।
‘যা তা কথাবােৰনাে কিয় কোৱা ?
ঘৰৰ মানুহ বুলিহে ইমান কষ্ট কৰিও খবৰ এটা ল’বলৈ আহিল।
ইমান সন্দেহবাদী হলে তােমাৰ ওচৰলৈ আহিব কোন?’
আমাৰ সুৰেশ! ঘৰৰ মানুহ!
এইবােৰ আক’ কি কথা !
বাৰু, হলেই যেনিবা, কিন্তু চকাবন্ধৰ দিনটোতাে সেই বৃহৎ নামদাং হাবিখনৰ মাজেদি ইমান ৰিস্ক লৈ অহা সেই ঘৰৰ মানুহটোৱেনাে মানৱক দেখা এটা নিদিয়াকৈয়ে গুচি গ'লহি কিয় ?
ইমানকণ সৎ সাহস সি দেখুৱাবহি নােৱাৰিলে কিয় ?
কথাবােৰ ভাবি ভাবি এটা সময়ত তাৰ হাতৰ মুঠি টান হৈয়ে আহিল।
কিন্তু, তাক এক প্রকাৰ প্ৰত্যাহ্বান জনায়েই ৰাধাই মুখখন ভেঙুচাই দিলে।
‘তেওঁ মােৰ ওচৰলৈহে আহিছিল। তােমাৰ ওচৰলৈ অহা নাছিল নহয়।’
ৰাধাৰ সেই স্পষ্টীকৰণটো শুনি তাৰ খঙে যেন চুলিৰ আগ পালেগৈ। [ ৯০ ] সেইখন হাস্পাতাল নােহােৱা হ'লে আৰু তাই সেই নতুন কেঁচুৱাটোৰ মাক নােহােৱা হ'লে, কথা কওঁতে যে চাই-চিন্তি ক’ব লাগে সেইটো কথা মানৱে তাইক ভালকৈয়ে বুজাই দিলেহেঁতেন। কিন্তু, তাইৰ ভাগ্য ভাল আছিল বুলিয়েই ক’ব লাগিব যে ঠিক সেই সময়তে নার্চ এগৰাকী ৰূমটোলৈ সােমাই আহিল।
নাৰ্চগৰাকীয়ে কেঁচুৱাটো ধুৱাই-পখলাই কিবা বেজি এটাও দি বেলেগ কাপােৰ এখনেৰে মেৰিয়াই দিলে। লগতে, ৰাধাৰাে কিবাকিবি পৰীক্ষা কৰি মেলি বেজি এটা দি থৈ গ'ল। তাই লগে লগে চকু মুদি শুইয়ে দিলে আৰু!
হয়তাে, সম্ভাৱ্য বেয়া পৰিস্থিতি এটা এৰাই চলাৰ এক বিশেষ কৌশল।
ৰাধাৰ পৰা চকু আঁতৰাই আনি সি কেঁচুৱাটোৰ মুখলৈ চাই ৰ'ল।
কেঁচুৱাটোৰ কোমল মুখখন দেখি তাৰ সমস্ত খং ৰাগ যেন উৰি গ'ল।
ক’ব নােৱাৰাকৈয়ে তাৰ মুখত ফুটি উঠিল এক স্বর্গীয় তৃপ্তিৰ হাঁহি।
সেই তৃপ্তিৰ ভাগ এটা দিবলৈ বুলি কাষতে বহি থকা শাহুৱেকলৈ চাওতেই সি দেখিলে, তীব্র খং, ক্ষোভ আৰু অসন্তুষ্টিত মানুহজনীৰ মুখখনে যেন হিংস্র বাঘিনী এজনীৰহে ৰূপ ধাৰণ কৰিছে। এই যেন তাৰ ওপৰত জপিয়াই পৰিবহি!
লগে লগে, সি মুখখন ঘূৰাই আনিলে আৰু ওৱাল ক্লকটোলৈ চাই ৰ'ল।
লাহে লাহে, তাৰ ভাব-চিন্তাবােৰৰ যেন জঁট লাগিবলৈহে ধৰিলে।
সঁচায়ে, কি আচৰিত কাৰবাৰ !
খেনােক দেখি যে ৰান্ধে বাঢ়ে আৰু খেনোক দেখি যে দুৱাৰ মাৰে, এই মানুহজনী প্ৰকৃততে কি ধৰণৰ !
তেওঁ যি ধৰণৰেই নহওক বাৰু, তাত তাৰ ক'বলগীয়া একোৱেই নাই।
ইয়াৰপৰা যােৱাৰ পিছত তেওঁ তেওঁৰ ভাগে থাকিব, সি তাৰ ভাগে।
কিন্তু, এই ক্ষেত্ৰত ৰাধাই কি কিছু ত্যাগ স্বীকাৰ কৰিব নালাগে?
কৰিবতাে লাগে। কিন্তু, যদিহে নকৰে, তেন্তে?
তাতে, এই সময়ত সন্তানৰ আকাংক্ষা তাই হেনাে কৰাই নাছিল।
কিন্তু, সন্তানৰ আকাংক্ষা কৰাই নাছিল মানে?
তেন্তে, তাই বিয়া হৈছিল কিয় ?
এটা সময়ত এই বিষয়টো তাৰ বাবে এক সন্মানৰ প্রশ্নই হৈ পৰিল।
সেয়েহে, সি এদিন জোৰ কৰিয়েই নিজৰ অধিকাৰটো সাব্যস্ত কৰিলে।
ৰাধাৰ প্রতিক্রিয়া কিন্তু স্পষ্ট। সি তাইৰ দেহটো পাব, মনটো কিন্তু নাপায়।
চাবলৈ গ'লে, এই পৃথিৱীত কোনেনাে কাৰ মন পায় ?
সবেতাে সুখী দম্পতীৰ অভিনয় কৰিয়েই চলি থাকে। [ ৯১ ] সিয়াে তাকে কৰিব। এইটো কিনাে ডাঙৰ কথা !
আৰু, সি বিচৰা বস্তুটো পাবলৈ চেষ্টা কৰাটো তাৰ অপৰাধ হ'ব নােৱাৰে।
অপৰাধ তেতিয়াহে হ’ব যেতিয়া সি অবৈধভাৱে চেষ্টা কৰিব।
সামাজিকভাৱে বিয়া কৰাই অনা মানুহজনীৰ ক্ষেত্ৰততাে এইয়া অপৰাধ হােৱাৰ প্রশ্নই নুঠে। অপৰাধ বুলি কোনােবাই ক'লেও সি নামানে।
কিন্তু, ৰাধাইতাে তাক স্পষ্টকৈয়ে কৈ দিলে, তাই এবৰ্শ্বন কৰাই দিব।
‘কি-ই-ই? কি ক’লা ?’
মানৱ যেন বহাৰ পৰা সাত ফুট ওপৰলৈকে জাপ মাৰি উঠিল।
সি জানিলে, এইখিনি সময়ত তাইক খং কৰিলে কথা বেয়াহে হ'বগৈ।
তাইক যেনেতেনে হ'লেও বুজাই বঢ়াই শান্ত কৰিবই লাগিব।
তাই আন যি ইচ্ছা কৰে কৰক। কিন্তু, এবৰ্শ্বনৰ কথা যেন ভুলতাে নাভাবে।
শেষত, এনে কৰিলে তাইৰ নিজৰে স্বাস্থ্যৰ অৱনতি ঘটিব বুলি ডাক্তৰে কোৱাত তাই যেনিবা সৈমান হ’ল।
কিন্তু, তাই মনত লৈ থাকিল এক তীব্র অসন্তুষ্টিৰ ভাব।
ৰাধাৰ এই খং, ক্ষোভ আৰু অসন্তুষ্টিখিনিৰ আচল কাৰণ কি হ'ব পাৰে তাকে চিন্তা কৰি থাকোতে সি এদিন সন্ধান পালেগৈ এক বিশেষ পক্ষৰ।
মানে, ‘চাব দেই খনিকৰ, হাতৰ ধন বাটতে হেৰাব’ বুলি এদিন সন্ধিয়া ভাৰাঘৰটোৰ মালিকনী গৰাকীয়ে গেইটৰ মুখতে দিয়া ওৱার্নিংটো ধেমালি বুলিয়েই উৰুৱাই দিবলৈ তাৰ মন নগ'ল।
তাতে, ৰাধাক কোনােদিনেই নবৌ বা বাইদেউ বুলি সম্বােধন নকৰাকৈ কেৱল হেলিয়াই ঠেলিয়ায়েই কথা পাতিবলৈ সুৰুঙা বিচাৰি ফুৰা সুৰেশৰ চাল- চলন সন্দেহজনক হৈ পৰাতাে কেম্পাছটোৰ প্রায় আটাইৰে চকুত পৰিছিল।
তেনে এটি দিনতে, ৰাধা মাক হ’বলৈ আগবঢ়াৰ খবৰটো ৰাষ্ট্ৰ হৈ পৰিছিল।
মানৱ আৰু ৰাধাৰ নিজৰ নিজৰ ঘৰ-পৰিয়ালৰ লগতে ভাৰাঘৰৰ সেই কেম্পাছটোতাে সেই নতুন খবৰটোৱে এক আলােড়নৰে সৃষ্টি কৰিলেহি।
আৰু তেনেতে, এদিন সন্ধিয়া, বহাকোঠাটোত আৰামত বহি লৈ সন্তানৰ লালন পালন সম্পর্কীয় কিতাপ এখন পঢ়ি থাকোতে মানৱৰ কাণত উফৰি আহি পৰিলহি বাহিৰত ভাৰাঘৰৰ মালিকনীগৰাকীয়ে কাৰােবাৰ প্রতি আগবঢ়োৱা এক অতি ৰহস্যজনক প্রস্তাৱ।
‘ভাল খবৰটো শুনিলাে দেই। ডাঙৰকৈ পার্টি দিব লাগিব কিন্তু।’
‘নাই বাইদেউ, চোৰ নহয়, গৃহস্থহে। বিশ্বাস কৰক !’ [ ৯২ ] আৰে, এইটো দেখােন সুৰেশৰ মাত !
কিন্তু, এই ‘চোৰ’, ‘গৃহস্থ’- এইবােৰ কি ?
ই বেটাই ক’বলৈ বিচাৰিছে কি!
তাকো, নিজৰ প্ৰেয়সী এগৰাকী থকা বুলি ৰাইজক কোৱাৰ পিছতাে!
আচ্ছা, কথাবােৰৰ গতি-গােত্র যদি এনেকুৱাহে হৈছে, তেন্তে কিবা এটা বেলেগ ব্যৱস্থাতাে কৰিবই লাগিব। নহ’লে, কাইলৈ জোৰ পুৰি হাত পাবগৈ।
যিকোনাে বিষয়তে সিদ্ধান্ত এটা লােৱাৰ পিছত তাক কাৰ্য্য়কৰী কৰিবলৈ মানৱে সাধাৰণতে বেছি সময় নলয়। এইটো বিষয়ততাে দেৰি কৰাৰ কথাই নাই।
পিছদিনা, পুৱাৰ চাহ-জলপান খায়েই সি ওলাই গ'ল বেলেগ এটা ভাৰা ঘৰৰ সন্ধানত আৰু আক তাক সুধি মেলি সেইদিনাই আবেলি নগৰখনৰ উপকণ্ঠৰ এঘৰত বিচাৰি পালেগৈ একাষৰীয়াকৈ থকা দুটা সৰু সৰু ৰূম।
অন্ততঃ সন্তানটিৰ জন্ম নােহােৱালৈকে নিৰাপদ যেন লগা এক আশ্রয়!
কিন্তু, এসপ্তাহমানৰ পিছতে এদিন সন্ধিয়া, ঘৰত ধূপ-ধূনা দিয়াৰ সময়তে দুৱাৰমুখত এক বিশেষ কণ্ঠ শুনি মানৱ যেন উচপ খাইয়ে উঠিল।
একে ধৰণৰ মাতৰে বেলেগ কোনােবাও হ’ব পাৰে বুলি ভাবি দুৱাৰখন খুলি ওলাই আহিয়েই সি কিন্তু দেখিলে, দুৱাৰমুখতে অতি নির্লজ্জৰ দৰে হাঁহি হাঁহি ৰৈ আছেহি সুৰেশ!
‘কওকচোন, কিবা আছিল নেকি?’
তাৰ প্রতি মানৱৰ মাতষাৰ যথেষ্ট কঠোৰ হৈয়েই ওলাই আহিল।
কিন্তু, ঠিক সেই মুহূর্ততে দুৱাৰমুখত সহাস্যবদনে দেখা দিলেহি ৰাধাই।
তাইৰ ব্যৱহাৰত মানৱ ভিতৰি ভিতৰি সাংঘাতিক ধৰণে আহত হ’ল।
তথাপিও, সন্তানটিৰ জন্ম নােহােৱালৈকে যিকোনাে ক্ষেত্ৰতে সংযম ৰক্ষা কৰি থাকিবলৈ সি সিদ্ধান্ত ল’লে। নহ’লে, সঁচাকৈয়ে হাতৰ ধন বাটতে হেৰাবগৈ।
সেইটো হ’বলৈতাে সি কোনাে কাৰণতে দিব নােৱাৰে।
দিন যায়, ৰাতি আহে। ৰাতি যায়, দিন আহে।
মানৱৰ বাবে কেৱল এটাই অপেক্ষা! এটা ভাল খবৰৰ অপেক্ষা।
সেই অপেক্ষাৰাে এদিন অন্ত পৰিল।
মানে, ৰাধাৰ গা বেয়া কৰিছিল। তাইৰ হেনাে ভয় লাগিবলৈয়ে ধৰিছিল।
মনত প্রচণ্ড এক উত্তেজনা লৈ সি ওলাই গৈছিল এখন গাড়ীৰ সন্ধানত।
কিন্তু, অকল গাড়ীখন পালেইতাে নহ’ব। মানুহজনী নতুনকৈ মাক হ’বলৈ ওলাইছে যেতিয়া হাস্পাতালত হ’লেও তাইৰ কাষত মাকজনীতাে থাকিব লাগিব। [ ৯৩ ] লগে লগে, সি গৈ পালেগৈ শাহুৱেকৰ ওচৰ।
তাৰ পিছতে, গাড়ী দৌৰিল পঞ্চাশ কিঃ মিঃ দূৰৰ টাউন অভিমুখে।
মানে, ৰাধাক ইমান দিনে দেখুৱাই অহা সেই নার্চিং হম অভিমুখে।
তাত ভর্তি কৰােৱাৰ পিছতে আৰম্ভ হ’ল ইটো পৰীক্ষা, সিটো পৰীক্ষা,
ইটো দৰৱ, সিটো বেজি। মূঠতে, সাংঘাতিক কাৰবাৰ একেবাৰে !
পিছে, ইয়াতাে আৰম্ভ হ’লহি অপেক্ষাৰ আন এক পৰিক্ৰমা!
হ'ব। ধৈৰ্য্যতাে ধৰিবই লাগিব। ভুকুতে কলটো নপকে নহয়।
সেইমতেই সি ধৈৰ্য্য ধৰি থাকিল এদিন, দুদিন, তিনিদিন, চাৰিদিন।
পিছে, চতুর্থদিনা সন্ধিয়া, ঠিক চিনেমাবােৰত দেখােৱাৰ দৰেই, নার্চিং হ’মৰ বাৰাণ্ডাখনত সি হাত দুখন পিছলৈ থৈ বহু সময় ধৰি পাইচাৰি কৰি থাকিল।
হঠাৎ, এগৰাকী নাৰ্চৰ মাতত সি যেন উচপ খাইহে উঠিল।
‘ভাল খবৰ ! আপােনাৰ ছােৱালী এজনী হৈছে।’
‘সঁচা?’ - সি যেন জাপ মাৰি উঠিল।
খবৰটো দিয়েই নাৰ্চগৰাকী আঁতৰি গ'ল।
কিন্তু, তাৰ বাবে তেওঁ এৰি থৈ গল কেৱল এবুকু উত্তেজনা।
সেইখিনি উত্তেজনা বুকুত বান্ধিয়েই সি ঢপলিয়াই গ'ল তাৰ শাহুৱেকৰ ওচৰলৈ। কিন্তু, কেঁচুৱাটোৰ প্রতি মানুহজনী যেন নিৰাসক্ত, নিৰুত্তাপ, নিৰুদ্বেগ।
তেওঁৰ কেৱল এটাই কথা, জীয়েকজনী যে সেই বিপদটোৰ পৰা সাৰিল।
এক প্রকাৰে, আহত হৈয়েই তলৰ ওঁঠখন কামুৰি ধৰি বাওঁহাতৰ তলুৱাত সোঁ হাতখনেৰে শব্দ হােৱাকৈয়ে খুন্দা এটা মাৰি সি কিছুপৰ থৰ লাগি ৰৈ থাকিল।
তাৰ পিছতে, সি বাৰাণ্ডাখনলৈ ওলাই আহিল।
তেনেতে তাৰ চকুত পৰিল, নার্চ এগৰাকীয়ে বগা কাপােৰেৰে মেৰিয়াই কৰি বৰ যত্ন কৰি কিবা এটা কোঁচত লৈ আনিছে। কেঁচুৱাটো নহয়নে?
হয়। কেঁচুৱাটোৱেই হয়। কাপােৰৰ আবেষ্টনিৰ মাজত লুকাই থকা সৰু ৰঙচুৱা বৰণৰ এখনি মুখ আৰু একেই বৰণৰ সৰু সৰু আঙুলিৰে দুখনি হাত।
চকু দুটা অৱশ্যে জাপ খাই আছে। হয়তাে, টোপনি।
নাৰ্চগৰাকীয়ে তালৈ বুলি কেঁচুৱাটো আগবঢ়াই দিলে আৰু সিয়াে পৰম আকুলতাৰে তাইক হাতত তুলি ধৰিলে।
আৱেগৰ আতিশয্যত তাৰ সৰসৰকৈ চকুপানীয়েই ওলাই আহিল।
তাৰ এনে লাগিল, কেঁচুৱাটো লৈ সি যেন বাহিৰলৈ দৌৰ মাৰিব আৰু সকলােকে চিঞৰি চিঞৰি জনাই দিব, ‘চোৱা, এইজনী মােৰ ছােৱালী, চোৱা!’ [ ৯৪ ] আনন্দ, উত্তেজনাত নিজকে চম্ভালিব নােৱাৰি কেঁচুৱাটো লৈ সি আকৌ শাহুয়েকৰ ওচৰ পালেগৈ, ‘চাওকচোন! এইক চাওকচোন!’
‘ছােৱালী? হ’ব দিয়া! এতিয়া নাৰ্চক দি দিয়াগৈ!’
তাৰ কেঁচুৱাটোৰ প্রতি মানুহজনীৰ উদাসীনতাখিনি দেখি তাৰ মনটোৱে সঁচাকৈয়ে বিদ্রোহ কৰি উঠিল। লগে লগে, তাৰ দাঁত কামােৰ খাইয়ে আহিল।
তাৰ এনে লাগিল, মানুহজনীক যেন সেই মুহূর্ততে ওলাই যাবলৈ ক’ব।
কিন্তু, দহটা কথা চিন্তা কৰি সি নিজকে নিয়ন্ত্রণ কৰি ৰাখিলে আৰু!
হঠাৎ, নাৰ্চগৰাকীৰ মাত শুনি সি ঘূৰি চালে আৰু কেঁচুৱাটো দি দিলে।
তাইক লৈ নাৰ্চগৰাকী আঁতৰি যােৱাৰ লগেলগে তাৰ মনত যেন হাহাকাৰ লাগিবলৈ ধৰিলে। তাৰ চাৰিওফালে যেন বিয়পি পৰিল শূন্যতা। কেৱল শূন্যতা!
মনৰ অস্থিৰতাখিনি কোনােমতেই নিয়ন্ত্রণ কৰিব নােৱাৰি সি আকৌ বাৰাণ্ডাখনতে পাইচাৰি কৰিবলৈ ল’লে। এপাক, দুপাক, তিনিপাক, চাৰিপাক !
এপাকত সি পিছে ৰৈ দিলে। তাৰ চকুৰ আগত ভাহি উঠিল তাৰ ঘৰৰ আৰু মিতিৰৰ মানুহখিনিৰ লগতে দুই-এক বন্ধু-বান্ধৱৰ মুখকেইখনাে।
তেওঁলােককনাে এই খবৰটো সি এতিয়া নিদিয়াকৈ থাকিবনে ?
লগেলগে সি ৰাস্তাটোৰ সিপাৰে থকা পি.চি.ও.টোলৈ বুলি ওলাই গ'ল।
‘ছােৱালী এজনী হৈছে। হয় হয়, ঠিক আঠ বাজি দহ মিনিটত।
বর্তমান ভালেই আছে। ঠিক আছে, হ’ব বাৰু!’
প্রায় একেখিনি কথাকে সি কমেও দহবাৰমান আওৰাবলগীয়া হ'ল।
তথাপিও, তাৰ কিন্তু বেয়া নালাগিল।
উভতি আহােতে, বাটৰ কাষৰে চাহদোকানখনত সি চাহ একাপ খাই ল’বলৈ বুলি সােমাল। চাহ খাই থাকোতেই সি দেখিলে, কাউন্টাৰৰ পিছফালৰ বেৰখনত ওলমি আছে ধুনীয়া কেঁচুৱা এটাৰে ডাঙৰ আকাৰৰ এখনি কেলেণ্ডাৰ।
তাৰ এনে লাগিল, সেইটো যেন তাৰেই কেঁচুৱাটো।
লগে লগে, তাৰ মুখত ফুটি উঠিল এক নির্মল হাঁহি।
তাৰ বিশ্বাস হ’ল এতিয়াৰ পৰা তাৰ সংসাৰখনৰ এটা গতি লাগিব।
কেঁচুৱাটোৱে সিহঁতৰ জীৱনলৈ কিছু হলেও হাঁহি আনিব পাৰিব।
এইবাৰ সি পিছে ক’তাে নৰ'ল আৰু! চিধাই ৰূম পালেগৈ।
সি দেখিলে, ৰাধাৰ কাষতে অকণমানি ৰঙা-বগা পুতলা এটা শুই আছে।
অলপ হালি সেই পুতলাটোলৈ সি থৰ লাগি চাই থাকিল।
তাৰ চকুৱে চকুৱে পৰাত ৰাধাই যেনিবা অকণমান হঁহাৰ দৰে কৰিলে। [ ৯৫ ] ‘কথা এটা কওঁ। মই মানে ইয়াৰ পৰা বাহিৰে বাহিৰে মাহঁতৰ ঘৰলৈকে যাম বুলি ভাবিছোঁ। এই অকণমান ঠন নধৰালৈকে তাতে থাকিব লাগিব। তাত, তাইক অকণমান ধৰি-মেলি দিবলৈ মাহঁতাে যিহেতু আছেই, অসুবিধা নহ'ব।
নহ’লে, ভাৰাঘৰটোত তাইক লৈ আমাৰ যথেষ্ট সমস্যাহে হ'বগৈ।’
সমস্যা! এই ছােৱালীজনীক লৈ আমাৰ সমস্যা হ’ব!
কি কথা কোৱাহে’?
মানৱৰ আচলতে খঙেই উঠি আহিল। কিন্তু, সি নিজকে নিয়ন্ত্রণ কৰিলে।
ঠিক আছে বাৰু। দুই এদিন থাকিবগৈ। কিন্তু, বেছিদিন নহয়।
তাইক এৰি সিতাে ভাৰাঘৰটোত অকলে থাকিব নােৱাৰিব।
সেইমতেই, কেঁচুৱাটোৰ জন্মৰ তিনিদিনৰ পিছতে সি ৰাধাহঁতক মাকৰ ঘৰলৈ লৈ গ'ল। পদূলিমুখত গাড়ীখন ৰােৱাৰ লগে লগে চুবুৰীটোৰ দুই-এগৰাকী মহিলা আগবাঢ়ি আহিল আৰু কেঁচুৱাটো তাতে এবাৰ চালেহি।
‘মুখখন দেখােন দেউতাকৰ দৰেই হৈছে। কপালখন অৱশ্যে মাকৰ দৰে।’
কথাটো মানৱে নিজেও মন কৰিছে। তাৰ মনটো ভালেই লাগি গ’ল।
‘ৰংটো অৱশ্যে বগাই হ’ব যেন লাগিছে। নে কি কোৱা ৰাধাৰ মাক ?’
মানৱৰ বুজিবলৈ বাকীয়েই নাথাকিল যে মানুহগৰাকীয়ে আচলতে ৰাধাৰ মাকৰ গাৰ কেটোৰ ক'লা ৰংটোৰ লগত সংগতি ৰাখিহে সেই মন্তব্যটো দিলে।
কিন্তু, কেঁচুৱাটো তাত থকালৈকে সিতাে কোনাে ৰিস্কেই ল'ব নােৱাৰে।
সেয়ে, সি সেই কথাষাৰ মন নকৰাৰ দৰেই বেলেগ ফালে চাই ৰৈ থাকিল।
বাৰু, এইবােৰ যিয়েই নহওক, কেঁচুৱাটো লৈ ৰাধা মাকৰ ঘৰত মােটামােটি এটা মাহেই থাকিল। সেইটো মাহত মানৱেও তালৈ পুৱা-গধুলি দুবাৰকৈ তাঁতবাতি কৰিয়েই থাকিবলগীয়া হ'ল। খালি, ৰাতিটোহে সি ভাৰাঘৰত থাকেগৈ।
পিছে, ৰাতি দেখােন তাৰ ভাল টোপনি নাহেই।
তাৰ চকুৰ সমুখত অনবৰতে ভাঁহি থাকেহি কেৱল ছােৱালীজনী!
তাই বাৰু প্ৰস্ৰাৱতে শুই আছে নেকি! তাই বাৰু কান্দিছে নেকি!
তাৰ মনত যে হাজাৰটা চিন্তা। চিন্তাত সি মানে চট্ফটায়েই থাকে।
পিছে, ঘৰে-বাহিৰে, ৰাস্তাই-ঘাটে শুভাকাংক্ষীসকলে আক’ কয় কি!
বােলে, তাইক অলপ কান্দিবলৈয়াে দিবা!
নহ'লে, তাইৰ মাতটো ভাল নহ’বগৈ।
তাইক অনবৰতে কোঁচতে লৈ নাথাকিবা!
তাইক অলপ হাত-ভৰি মাৰিবলৈয়াে দিবা! [ ৯৬ ] তাইক অলপ এৰিও দিবা। কেঁচুৱাবােৰ পৰি-ধৰিহে ডাঙৰ হয়গৈ।
মূঠতে, পৰামৰ্শৰ আদি-অন্ত নাই। কিন্তু, তাৰ মনে যে নামানেই।
তাই ‘কেঁহে’ কৰাৰ লগে লগেই সিতাে কি হৈছে বুলি ঢপলিয়াই যায় ।
পিছে, সি তাত থকাৰ সময়খিনিতহে। কিন্তু, ৰাতি বা তাইৰ হয় কি!
এদিন পিছে সি ঠিক কৰিলে, এই কথাই কথা নহয়।
মাহটো পূৰ হ'লেই মিতিৰ-কুতুম্বখিনিৰ লগতে তাৰ বন্ধুবর্গকো নিমন্ত্রণ কৰি সৰুকৈ হ'লেও পার্টি এটাকে দি ছােৱালীজনী তাৰ ভাৰাঘৰলৈ লৈয়েই যাবগৈ।
সেইমতেই সি পার্টিৰ আয়ােজনখিনিও কৰিলে।
অতিথিৰ তালিকাখন লৈ সি ভাবিলে, এটা কাম কৰিলে কেনে হয় !
মানে, সেই পার্টিটোলৈ সুৰেশকো নিমন্ত্রণ কৰিলে কেনে হয় !
পার্টিটোত সুৰেশৰ উপস্থিতি বা অনুপস্থিতিয়ে হয়তাে তাৰ মনৰ বহুখিনি প্রশ্নৰে উত্তৰ দি যাব পাৰে।
গতিকে, এদিন আবেলি সুৰেশক বাটতে পাই সি নিমন্ত্রণ এটা দিলে।
তাৰ পিছৰ তিনিটা দিন কেৱল অপেক্ষা। এটা উত্তৰৰ অপেক্ষা।
অনুষ্ঠানটোৰ দিনা নিমন্ত্রিতসকলৰ আদৰ-আপ্যায়ন আৰু আন দহটা কামৰ মাজে মাজে সি ৰাধাক লক্ষ্য কৰি থাকিল।
ৰাতি আঠ বজাৰ লগে লগে দীঘল পদূলিটোৰে যিমান দূৰলৈকে মনিব পৰা যায়, সিমান দূৰলৈকে সি এবাৰ চাই ললে আৰু ‘এতিয়া আৰু কোনাে নাহে চাগে’ বুলি দুৱাৰখন বন্ধ কৰি দিলে।
দুৱাৰখন বন্ধ কৰি ঘূৰি দিওঁতেই সি পিছে দেখিলে, ছােৱালীজনী কোঁচত লৈ ৰাধা ঠিক তাৰ পিছতে ৰৈ আছে।
সি তাইৰ মুখৰ ভাষা পঢ়ি চাবলৈ চেষ্টা কৰিলে।
কিন্তু, তাই যেন তাৰ বাবে সঁচাকৈয়ে এক দুর্বোধ্য অংক হৈ পৰিল।
তথাপিও, ৰাধাক আকৌ এবাৰ পৰীক্ষা কৰি চাবৰ বাবে তাৰ মন গ'ল।
‘আজিৰ অনুষ্ঠানটো কিন্তু ভালেই হ’ল,নহয়নে?
নিমন্ত্রণ কৰা আটাইবােৰেইতাে আহিল। খাদ্যবস্তুৰাে লােকচান নহ’ল।’
ৰাধাই কিন্তু একোৱেই নক’লে। টি.ৱিটো অন কৰি ছােৱালীজনী কোলাতে লৈ চোফাখনত তাই বহি ল'লে আৰু প্ৰগ্ৰেমবােৰ চাই থাকিল। তাইৰ চকু-মুখৰ সেই উদাসীনতাখিনি মানৱৰ বাবে কিন্তু এক গৱেষণাৰ বিষয়হে হৈ পৰিল।
পিছদিনা পুৱা সােনকালে উঠি ছােৱালীজনী কোঁচতে লৈ সি চোতাল খনতে ইফালৰ পৰা সিফালে পাইচাৰি কৰি থাকিল আৰু তাই একো নুবুজিলেও [ ৯৭ ] তাইৰ লগত অনেক কথা পাতি থাকিল।
সি তাইক ‘জান মােৰ’ বুলি মাতি মাতি চাৰিওফালৰ বস্তুবােৰ এটা এটাকৈ দেখুৱালে, সেইবােৰৰ নামবােৰ ক'লে আৰু তাই ডাঙৰ হ'লে তাইৰ বাবে সি কি কি আনিব তাৰাে এক বিস্তৃত বর্ণনা দিলে।
তাৰ এনে লাগিল, সি যেন তাইক লৈ আকাশত উৰি ফুৰিব।
ৰাধাই গা-পা ধুই নােলােৱালৈকে সি তাইক এইদৰে ওমলায়েই থাকিল।
ৰাধা আজৰি হৈ অহাত তাইক গাখীৰ খুৱাবৰ বাবে দি দিলে।
সি আশা কৰিছিল, সিহঁত আহিবৰ সময়ত ৰাধাৰ মাকে অন্ততঃ নাতিনী জনীৰ প্রতি কিছু হলেও আৱেগ প্রদর্শন কৰিব। কিন্তু, তাৰ ভবাটো ভুল হৈছিল।
কিয় জানাে, মানুহগৰাকী অবিশ্বাস্যভাৱে উদাসীন হৈ থাকিল।
মনত প্রচণ্ড এক ক্ষোভ লৈ সি ড্রাইভাৰজনকে নির্দেশ দিছিল, ‘ব’লা’ !
ভাৰাঘৰটোত উপস্থিত হৈয়েই তাৰ যেন বৰ মুকলি মুকলি লাগিল।
আবেলি ওচৰৰ ভালেকেইগৰাকী মহিলা আহি কেঁচুৱাটো চালেহি আৰু ইটো সিটো মন্তব্য, উপদেশ আদি দিলেহি।
এই সকলােবােৰৰ মাজে মাজে ৰাধাৰ মনটো পঢ়ি চাবৰ বাবে সি চেষ্টা এটা কৰি থাকিল। তাৰ মনত সন্দেহেই হ’ল, সেইদিনাৰ অনুষ্ঠানটোলৈ সুৰেশ নাহিল কিয়, তাৰ উত্তৰটো তাইক কি সঁচাকৈয়ে নালাগে!
তাইক নালাগিলেও, তাক কিন্তু লাগে।
কিন্তু, উত্তৰটো সি পাব ক’ত?
উত্তৰটো সি পিছে পালেগৈ পিছদিনা অফিচতহে। তাকো, লগৰে দুজনে তাৰ পৰা যথেষ্ট গােপনীয়তা ৰক্ষা কৰিবলৈ চেষ্টা কৰি কৰি পাতি থকা কথাখিনিৰ মাজৰ পৰা উফৰি উফৰি অহা শব্দ কেইটামানৰ পৰাহে।
তেওঁলােকৰ কথাৰ পৰা সি মাথোঁ ইয়াকে বুজিলে যে সেইদিনা সন্ধিয়া সুৰেশহঁতৰ কেম্পাছটোত হেনাে সাংঘাতিক ঘটনা।
মানে, সেই কেম্পাছটোতে থকা কোনােবা মহাবীর্যৱান এজনে ৰাস্তাটোৰ সিটো পাৰৰ কেম্পাছটোৰ ঢাপৰ কাঁইটীয়া তাঁৰৰ বেৰাৰ মাজেদি চমু বাট এটা উলিয়াই লৈ একাষৰীয়া কোৱাৰ্টাৰ এটাত বিৰহ বেদনাত বিলাপ কৰি থকা কোনােবা এগৰাকী সপােনকুঁৱৰীৰ লগত এনেয়ে আৰু অলপ ধেমালি ধুমুলা কৰি থাকোঁতেই কোনােবা চকুচৰহাই গম পাই হেনাে ঘৰটো ঘেৰি ধৰিলেগৈ আৰু সপােনকোঁৱৰ জনক ধৰি বান্ধি অলপ লপাথপাও দি শেষত আৰক্ষীৰ হাতত শােধাই দিলেগৈ।
তাৰ পিছততো আৰু বন্ধুৰ প্রতি বন্ধুৰ দায়িত্বৰ কথা আছে। [ ৯৮ ] যেনেকৈয়ে নহওক, বিপদৰ বন্ধুহে আচল বন্ধু।
আকৌ, আজি তেওঁক সহায় কৰি থ’লেহে কাইলৈ এওঁকো সহায় কৰিব।
গতিকে, লগৰে দুজনমানক লৈ সুৰেশ ঢপলিয়াবলগীয়া হ’ল থানালৈহে।
অ ইয়েছ, উৰহী গছৰ ওৰ তেন্তে এইটোহে!
মানে, গাখীৰ খাবলৈ লাগে কিন্তু গৰু পুহি কষ্ট কৰিবলৈয়াে মন নাই।
কথাটো ভাবি ভাবি মানৱৰ পিছে বৰ আমােদ লাগিল।
ৰাতি বিচনাত পৰােতে ৰাধাৰ আগত সি এই কথাটো লাহেকৈ উলিয়ালে।
ছােৱালীজনীৰ গাৰ কাপােৰখিনি ঠিক কৰি কৰি তাই লাহে লাহে ক'লে, ‘জা-নাে, লােকৰ কথা, লােকৰ বতৰা। আমাৰনাে কি দৰকাৰ ?’
আ-মা-ৰ!! ৰাধাই কি সঁচাকৈয়ে এনেকৈ ভাবিছে!
এক বন্য আনন্দত সি তাইক জোৰেৰে সাবটি ধৰিলে।
খটাসুৰ বধ
এক প্লেইট শুকান ৰুটি, দালি-চব্জি, অলপ আচাৰ আৰু একাপ চাহ।
অর্ডাৰটো দি বহি আছোঁ। ৰেডি কৰােতে অকণমান দেৰি লাগিব বােলে।
মানে, অর্ডাৰমতেহে ৰেডি কৰি দিয়ে বাবে এইকণ দেৰি লাগেই হেনাে।
হ’ব আৰু! বহিবই লাগিব। খাই নল’লেও পিছত ভােকহে লাগিবগৈ।
হ’লেও, কিমান দেৰি বা লাগে!
আন একো কৰিবলৈ নথকাৰ বাবে পকেটৰ পৰা ফোনটোকে উলিয়াই ল’লাে আৰু ক'ত কি ওলায় চাওঁ বুলি তাকে পিটিকিবলৈ ধৰিলাে।
হঠাৎ, কাষৰ টেবুলখনৰ চকীকেইখন লৰচৰ কৰাৰ শব্দ কাণত পৰিলহি।
মূৰ তুলি চাই দেখিলাে, দীনেশ, ৰাজেন, ৰঞ্জন আৰু পার্থ।
মােৰ এনে লাগিল, প্লাষ্টিকৰ চকীকেইখন লৰচৰ কৰােতেই সিহঁতে যেন প্রয়ােজনতকৈ অধিক শক্তি প্রয়ােগ কৰিছে আৰু বহােতেও বেছিকৈ আওজিছে।
চকীকেইখন সিহঁতৰ বাবে যেন সৰুৱেই হৈছে, সেইকেইখনে যেন সিহঁতৰ দেহৰ ওজনখিনি ঠিকমতে ল’বই পৰা নাই, এনে এটা ভাবত সিহঁতৰ প্রত্যেকেই মাজে মাজে চকীকেইখন পৰীক্ষা কৰাত লাগিল আৰু বিৰক্তি প্রকাশ কৰিলে।
এটা সময়ত, মই চকু ঘূৰাই আনিলাে আৰু ফোনটোতে লাগি থাকিলাে।
তেনেতে, বাইজনী আগবাঢ়ি আহিল আৰু সিহঁতে কি খাব সুধিলেহি।
‘গ-ৰ-ম কি আছে?’
ৰঞ্জনৰ দমভৰা মাতটো শুনি তেওঁৰ হয়তাে সহ্যই নহ’ল।
তেওঁ ওভােতাই স্পষ্টভাৱেই সুধিলে, ‘কিমান গৰম লাগে ?’
বাইৰ পৰা তেনে এটা অপ্রত্যাশিত প্রশ্ন শুনি সি হয়তাে থৎমৎ খালে।
তেনেতে যেনিবা পার্থই হাঁহি এটা মাৰি গৰম চিংৰাকে আনিবলৈ ক'লে।
কিয় জানাে,নতুন অর্ডাৰটো লৈ বাইজনী কিচ্ছেনলৈ বুলি সােমাই যাওঁতে মােৰ ফালে চাই লাহেকৈ হাঁহি এটা মাৰি থৈ গ'ল।
মই পিছে কথাটো মন নকৰাৰ দৰেই পুনৰ ফোনটোতে লাগি থাকিলাে।
হঠাৎ, সমুখত ৰুটিৰ প্লেইটখন থােৱাৰ শব্দটো শুনি মূৰ তুলি চালাে। [ ১০০ ] বাইয়ে ক'লে, ‘চাহ আনি আছে। অকণমান ৰ’ব!’
ৰুটিকেইটা গৰমে গৰমে খাই লােৱাটোৱেই ভাল হ'ব বুলি ভাবি ফোনটো বন্ধ কৰি টেবুলখনৰ ওপৰতে থৈ দিলাে। মানে, খাই থাকোতেই কাৰােবাৰ কল আহিলে পকেটত ফোনটো বাজি থাকিলে ভাল নালাগিব আৰু বাওঁহাতেৰে পকেটৰ পৰা খুঁচৰি ফোনটো উলিয়াই আনিবলৈয়াে অসুবিধা। গতিকে, ফোন টেবুলত।
মন কৰিলাে, দালি-চব্জিখিনি ভালেই হৈছে। আচাৰকণাে ঠিকেই আছে।
খাই বেয়া লগা নাই।
‘সিদিনা কি হ’ল জানেনে নাই?’
খাওঁতে মই সদায় চকু মুদি লওঁ। এইটো মানে মােৰ সৰুকালৰে অভ্যাস।
সৰুতেই মায়ে শিকাইছিল, খাওঁতে মন দি খাব লাগে। বেলেগ কথালৈ মন দিবই নালাগে। কিন্তু, সেই বয়সত দেখি থাকিলেতাে দহটা কথালৈ চকু যাব।
সেয়েহে, মায়ে শিকালে চকু মুদি খাবলৈ।
মানে, খাদ্যখিনি চাই-চিতি লৈয়েই খাওঁ। কিন্তু, মুখত ভৰােৱাৰ পিছতে চকু মুদি চোবাই থাকো। তেতিয়া, খােৱা বস্তুৰ সােৱাদটো ভালকৈ পােৱা যায়।
পিছে, চকু মুদি থাকিলেও কাণ দুখনতাে বন্ধ কৰি থ'ব নােৱাৰি।
ৰুটি-চজিৰ সােৱাদটো লৈ থাকোতেই কাণত পৰিলহি ৰঞ্জনৰ কথাষাৰ।
‘সিদিনা মানে এটাক ঠি-ক্-চে দিলাে নহয়!’
মুখৰ ৰুটিকণ চোবােৱাৰ মাজতে কৌতুহলবশতঃ তাৰ ফালে চালাে।
চকীখনত যিমান পাৰে আওজি লৈ সোঁহাতখনেৰে টেবুলখনতে লাহেকৈ ভুকু এটা মাৰি সি বাকীকেইটাৰ মনােযােগ আকর্ষণ কৰিবলৈ চেষ্টা কৰিলে।
‘মই মানে হর্ণ দি আছে। সি কিন্তু চাইদেই দিয়া নাই।
খাই বৈ একেবাৰে টং!
মােৰ মানে খঙেই উঠি আহিল।
নামি গৈ ঠালৰ ঠালৰ দিয়েই দিলাে আৰু!’
নিজৰ বীৰত্বৰ ঘােষণাটো কৰিয়েই সি এইবাৰ দীনেশহঁতৰ মুখলৈ চালে আৰু তাৰ দাবীটো সিহঁতে বিশ্বাস কৰিছেনে নাই তাকে জানিবলৈ বুলি সিহঁতৰ মুখৰ প্রকাশভংগীবােৰ গভীৰভাৱে পৰীক্ষা কৰিবলৈ ধৰিলে।
এনে লাগিল, সিহঁতৰ চেঁচা প্রতিক্রিয়া দেখি সি যেন হতাশেই হ’ল।
এপাকত সি মােৰ ফালে চকু দিলে আৰু তেতিয়াই তাৰ লগত মােৰ চকুৱে চকুৱে পৰিল। মই কিন্তু তাৰ পৰা চকু আঁতৰাই নানিলাে। তাৰ মুখলৈ চাই থাকিয়েই সিহঁতৰ প্রতি উদাসীন ভাব এটা চকুৱে-মুখে ফুটাই তুলি ৰুটি অকণকে [ ১০১ ] পুনৰ চিঙি লৈ মুখত ভৰাই দিলাে আৰু পৰম তৃপ্তিৰে চকু মুদি চোবাবলৈ ধৰিলাে।
তাকে নকৰি মইনাে কৰিম কি? মােৰ কৰিবলৈ আছেনাে কি?
আৰু, ইয়াক মই যেনিবা চিনিহে নাপাওঁ।
এদিন ডিফুৰ ৰেইল ষ্টেচনতে মােক লগ পাই ই যিখনহে চং কৰিলে !
প্লেইটফৰ্মৰ ভিৰৰ মাজত মােক দেখি সি যেন হঠাৎ বেলেগ গ্রহৰ প্রাণী এটাহে দেখা পালে, এনে এটা ভাবত ‘অ-হ!’ বুলি একেবাৰে উচপ খায়েই উঠিল।
তাৰ কথা-কাণ্ডখন দেখি মই বােলাে ইয়াৰ আক’ হ’ল কি!
পিছতহে গম পালাে, সি হেনাে আজিকালি চিনাকি মানুহবােৰক লগ পালেও ‘অহ!” বুলি উচপ খাইহে উঠে। তাৰ পিছত মূৰটো যিমান পাৰে সিমান পিছলৈ নি চকুৰে ঘােপা কৰি সমুখৰ মানুহজনলৈ বৰ অদ্ভুত ধৰণেৰে চায় আৰু তেওঁক তাচ্ছিল্যভৰা কথাকেইটামান কৈ নিজৰ ‘লেভেল’ দেখাবলৈ চেষ্টা কৰে।
সি যেন গালিভাৰ আৰু বাকীবােৰ মানুহ যেন বাওনা, এনে এটা ভাব।
বেটাই চাগে আজিলৈকে হিচাপৰ মানুহৰ মুখামুখি হােৱা নাই।
হ’লে গম পাব।
বাৰু সেইবােৰ যিয়েই নহওক, মােৰ সেই ধৰণৰ চেঁচা প্রতিক্রিয়া এটা দেখি তাৰ চাগে সহ্যই নহ’ল। কিন্তু, সি কৰিবনাে কি!
আন উপায় নেদেখি সি তাৰ সেই কাৰ্য্য়টোৰ সমর্থনতে যুক্তি আগবঢ়োৱাত লাগিল। যুক্তিনাে আন কি হ’ব আৰু, কিছুমান মানুহ যে আজিৰ যুগতাে অভদ্র হৈয়ে আছে আৰু সিহঁতক যে সেই ধৰণেৰেহে লাইনলৈ আনিব পৰা যায়, সেয়াই।
‘মানুহটো মানে পাগলেই আছিল নে কিয়েই জানাে!’
হঠাৎ, ‘পাগল’ শব্দটো শুনি দীনেশৰ মুখখন উজ্বলি উঠিল।
মানে, সি এটা আইডিয়া পাই গ'ল।
এক নাটকীয় মুদ্রাত অলপ পিছলৈ হালি সি প্রথমে হাঁহি এটা মাৰিলে।
মানে, এই বিষয়ত তাৰাে কিছু ক’বলগীয়া আছে।
‘অঅঅঅ...সিদিনাৰ কথাটো কোৱাই হােৱা নাই নহয়!’
দীনেশে আক’ কাকো সম্বােধন ধৰি নামাতে বা কথা নকয়।
কোনােবা চিনাকি মানুহৰ মুখামুখি হলে হয় ‘অস্’ বুলি উচপ খাই উঠে নহ'লে দীঘলীয়াকৈ ‘অঅঅঅ’ বুলি মূৰটো যিমান পাৰি পিছলৈ নি সমুখৰজন প্ৰকৃততে মানুহেই নে কিবা ভূত-প্রেতেই, তাকে পৰীক্ষা কৰি চাবলৈ চেষ্টা কৰে।
সিজন তাৰ নিচিনাই মানুহ বুলি বিশ্বাস এটা হ'লেহে সি কথা পাতে।
মানে, তাৰ ষ্টেণ্ডাৰ্ডৰ মানুহ হােৱাৰ কথা কৈছোঁ। [ ১০২ ] নহ'লে, গহীন হৈ যিমান পাৰি খৰধৰকৈ আঁতৰি যায় ।
হেৰ’, তহঁতে চাকৰিহে কৰ!
চাকৰি কৰ আৰু মাহেকৰ মূৰত দৰমহা কেইটামান পাৱ !
তাতকৈ কিনাে বৰ ডাঙৰ কাম এটা কৰিব পাৰিছ যে এতিয়া একেবাৰে মাটিত ভৰি থ'বলৈকে তহঁতৰ মন নােযােৱা হৈছে!
নে জীৱনত ইমানখিনিকে হ’ব বুলিও ভবা নাছিলি ?
‘সিদিনাতাে সাংঘাতিক ঘটনা একেবাৰে !’
ইহঁতৰতাে প্রতিটো কথাই সাংঘাতিক।
সাংঘাতিক নহ'লেও ইহঁতে সাংঘাতিক বুলি মােহৰ এটা মাৰি দিয়ে।
তাৰ পিছত সেইটো কথা সাংঘাতিক নহয় বুলি ক’বলৈ কাৰ সাধ্য আছে?
‘সিদিনা সন্ধিয়া হ’ল কি মানে, বাহিৰত হুলস্থুল শুনি ওলাই গ'লাে।
দেখিলাে, ৰাস্তাত পাগল এটাই পূৰা হাল্লা কৰি আছে।
সি মানে তাৰ মাইকীৰ লগত কাজিয়া লাগিলে ৰাস্তালৈ ওলাই আহে।
তাৰ পাগলামিখন দেখি মােৰ মানে খঙেই উঠি আহিল।
বাৰাণ্ডাৰ পৰাই তাক দম এটা দিলাে। সি কিন্তু কেয়াৰেই নকৰিলে।
জেওৰাখুঁটি এটা উভালি লৈ সাৰৌপ সাৰৌপকৈ লগায়েই দিলাে আৰু!
দুচাট খায়েই বেটা কেনি পলাল কোনেও ধৰিবই নােৱাৰিলে।
মইতাে তাৰ তেলেই বাহিৰ কৰিলােহেঁতেন। পিছে, মানুহবােৰে...’
মানে, ওচৰৰ মানুহখিনিয়ে তাৰ হাতে-ভৰিয়ে ধৰি ৰাখিলে বুলিহে!
নহ'লে সেই মানুহটোৰ কি অৱস্থা হ'লহেঁতেন একমাত্র ভগৱানেহে জানে।
কথাখিনি কৈয়েই সি আটাইকেইটাৰ মুখৰ ওপৰেদি চকু ঘূৰাই আনিলে।
কিন্তু কিয় জানাে, কাৰােপৰাই সি আশাব্যঞ্জক সহাৰি এটা নাপালে।
প্রত্যেকেই যেন হাঁহিব লাগে বাবেহে অকণমান হাঁহি দেখুৱালে।
সঁচায়ে কৈছোঁ, কথাটো লক্ষ্য কৰি মােৰ পিছে হাঁহি এটাহে উঠি আহিছিল।
কিন্তু, তাৰ কথা শুনিয়েই মই হঁহা বুলি সি ভাবিব পাৰে বুলি ভাব এটা মনলৈ অহাত হাঁহিটো সামৰিয়েই থ’লাে আৰু ৰুটি চোবােৱাতে লাগিলাে।
তাৰ কথাত হাঁহিবলৈ মােৰ কি দৰকাৰ পৰিছে?
মাজতে এবাৰ কাৰােবাৰ ফোনৰ ৰিংট’নৰ শব্দ এটা কাণত পৰিলহি।
দেখিলাে, দীনেশে ফোনটো উলিয়াই লৈ কাৰােবাৰ লগত বৰ কোমল মাতেৰে কথা পতাত লাগিছে। মাজে মাজে, তাল ৰাখি অলপ অলপ হাঁহিছেও।
‘কাৰ ফোন? মঞ্জুমণি নেকি?’ [ ১০৩ ] ৰাজেনে মঞ্জুমণি বােলা কোনােবা এগৰাকীৰ নামটো উল্লেখ কৰাৰ পিছতে সিহঁতে তাইক লৈ নিজৰ মাজতে কিছু ৰগৰাে কৰিলে। দীনেশে কিন্তু ‘ধেৎ, নাই নাই, সেইবােৰ একো নহয়’ বুলি মূৰটো কেইবাবাৰাে জোৰে জোৰে জোকাৰিলে।
পার্থই আক’ লগে লগে ‘ঠিকেই আছে, কিনাে বেয়া’ বুলি টিপ্পনি কাটিলে।
কিছুমান বিষয় মানে এনেকুৱা আপদীয়া থাকে যে তুমি আঁতৰি আহিবলৈ যিমানেই চেষ্টা কৰা লাগিলে তাৰ জালখনত বাৰে বাৰে জপটিয়াই লাগিহে ধৰা।
দীনেশৰাে তেনেকুৱাই হ'ল।
মানে, সিহঁতে তাক ইমান সহজে এৰি দিবলৈ নিবিচাৰিলে।
আড্ডা মাৰিবলৈ ইমান ভাল টপিক এটা পােৱাৰ পিছত সিহঁতে আৰু তাক বিনাচর্তে এৰি দিবনে?
‘হেই, সেই বুঢ়ীজনীৰ লগত লাগি মৰিবলৈ মােৰ কি তেল লাগিছে?’
তাৰ শেষ সিদ্ধান্তটো জনাই দি সি যেন বিষয়টোৰ অন্ত পেলাবলৈ চালে।
বেচেৰাটো! কেনেকৈ যে নলগা জেংবােৰত লাগি মৰিছেহি।
আচ্ছা, এই মঞ্জুমণিনাে কোন!
কি ঠিক, ইয়াত ৰহস্য এটা থাকিবও পাৰে।
পাৰিলে, খবৰ এটা ল’বহে লাগিব।
হঠাৎ, হাঁহিমুখেৰে খৰধৰকৈ সােমাই আহিল অনিল।
কিয় জানাে, সি নাহাঁহিলেও হাঁহি থকা যেনেই লাগে।
‘মােক নােকোৱাকৈ আহি আটাইকেইটাই চাহ খাই আছহি যে?’
এৰা, সেইটোতাে তাহাঁতৰ এক সাংঘাতিক অপৰাধেই হ’ল।
তাতে, অনিল হ’ল সিহঁতৰ বিপদৰ বন্ধু।
লাগ বুলিলেই লাখ টকা উলিয়াই দি সহায় কৰিব পৰা মানুহ।
এইটো পাৱাৰ থকাৰ সুবাদতে চাগে সি সকলােকে ‘তই’ বুলি মাতে।
আৰু, কোনেও ইয়াৰ প্রতিবাদ নকৰে। মানে, আজিলৈকে কৰা নাই।
বাৰু সেইবােৰ যিয়েই নহওক, তাক মাত এষাৰ নলগােৱাকৈ আহি চাহ খাই থকাটো সিহঁতৰ যে ভুলেই হ’ল সেইটো কথা তৎক্ষণাত বুজি পাই সিহঁত আটাইকেইটা যেন কিংকর্তব্যবিমূঢ় হৈ পৰিল।
‘নাই নাই, আমি মানে বহিছোঁহিহে। আহক আহক, ইয়াতে বহক !’
আটাইকেইটাই লৰালৰিকৈ উঠি আৰু এখন চকীৰ বাবে ঠাই উলিয়াই দিলে আৰু পার্থই চকী এখন টান মাৰি আনি সেইটো ফাঁকতে সুমুৱাই দিলেহি।
নাই দোষ্ট, হ’ব দে, চাহ-তাহ নাখাওঁ। মই মানে বেলেগ এটা কথাহে...’ [ ১০৪ ] সেই সময়তে বাইজনী আহি আৰু ৰুটি লাগিব নেকি সুধিলে৷
মইয়ো ভাবিলো, সোনকালে উঠি যোৱাতকৈ ৰুটি চোবাই চোবাই ইহঁতৰ ভাওনাখনকে আৰু অলপ উপভোগ নকৰোনো কিয়!
সেয়েহে, আৰু এটা ৰুটিৰ লগতে এটা অমলেটৰো অৰ্ডাৰ দি দিলো।
সেই সময়তে দেখিলো, অনিল ঘপহকৈ বহাৰ পৰা উঠিল আৰু ‘কথাটো মনত থাকিব নহয়?’ বুলি কৈ খৰধৰকৈ ওলাই গ’ল।
অনিল ওলাই যোৱাৰ পিছতে বাইয়ে সিহঁতৰ বাবে চাহ-চিংৰা লৈ আহিল আৰু সিহঁতে কথা পাতি পাতি খাবলৈ ধৰিলে।
খোৱাৰ মাজে মাজে সিহঁতৰ প্ৰত্যেকেই কাক, ক’ত আৰু কেতিয়া এখন হাতেৰে জপটিয়াই ধৰি আনখন হাতেৰে ঠালৰ ঠালৰ দিলে, সাৰৌপ সাৰৌপ দিলে, ফাতৰ ফাতৰ দিলে, ধাই ধুই দিলে তাৰো খতিয়ানসমূহ দাঙি ধৰিলে।
সেই খতিয়ানসমূহ সিহঁতৰ নিজৰ পিছে কেনেকুৱা লাগিল ক’ব নোৱাৰো,
মোৰ বাবে কিন্তু আমোদজনকেই হৈ উঠিল।
চকু মুদি মুদি ৰেডিঅ’ নাটক এখন উপভোগ কৰাৰ দৰেই শুনি থাকিলো।
হঠাৎ, ৰঞ্জনৰ ‘হেই, এইফালে’ বোলা দমৰ কথাষাৰ কাণত পৰিলহি।
ক’ত কি হ’ল বুলি ভাবি তৎক্ষণাত চকু মেলি চাৰিওফালে চালো।
দেখিলো, কাপ-প্লেইট কেইযোৰমান সামৰি সুতৰি কিচ্ছেনলৈ সোমাই যাব খোজা বাইজনীয়েও মূৰটো ঘূৰাই সিহঁতৰ ফালে চাই ৰৈ দিছে।
তেওঁৰ চকু-মুখৰ অভিব্যক্তিখিনি মোৰ বাবে কিছু দুৰ্বোধ্য যেন লাগিল৷
মই এবাৰ বাইলৈ আৰু আনবাৰ ৰঞ্জনহঁতৰ ফালে চাবলৈ ধৰিলো।
‘হেই, চাওঁ, এইফালে...’
সি মানে বাইজনীকে ওচৰলৈ মাতিছে।
তেওঁ কিন্তু মুখখন ঘূৰাই কিচ্ছেনৰ ফালেহে সোমাই গ’ল।
কথাটো বা কি!
তেনেতে দেখিলো, মালিকজন নিজেই আগবাঢ়ি গৈ ৰঞ্জনহঁতক কিবা লাগিব নেকি সুধিছেগৈ। তেওঁৰ কথা শুনি ৰঞ্জনৰ পিছে খঙেই উঠি আহিল।
‘হেৰি, এইবোৰ কি মানুহ ৰাখিছেহে? মাতিলে ৰেচপণ্ডেই নকৰে যে!’
মালিকজনে যেনিবা হাঁহি এটা মাৰি ‘আহিব আহিব, অকণমান ৰ’ব’ বুলি কৈ নিজেও বাইক ডাঙৰকৈয়ে এবাৰ মাতি দিলে।
তাৰ পিছত কিছু ক্ষণৰ অপেক্ষা। এক নাটকীয় চাচপেন্স।
অলপ পিছতে, পিন্ধি থকা চাদৰখনৰ আঁচলটোতে হাত দুখন মোহাৰি [ ১০৫ ] মোহাৰি তেওঁ ওলাই আহিল আৰু মালিকজনৰ পিছফালে থিয় হ’লহি।
‘এইবোৰ কি হৈছে? কাষ্টমাৰৰ কথা শুনা নাই কিয় ? এনেকৈ হ’লে...’
‘এনেকৈ হ’লে কি?'-মালিকজনৰ কথাষাৰ শেষ হোৱাৰ আগতেই বাইয়ে যেন ফেপেৰি পাতিহে ধৰিলে। তেওঁৰ চকু-মুখত ফুটি উঠিল এক বিদ্ৰোহৰ ভাব।
পিছ মুহূৰ্ততে, তেওঁ যেন বিস্ফোৰণহে ঘটালে৷
‘মই ইয়াত কাম কৰিবলৈ আহিছোঁ, গোলামী কৰিবলৈ অহা নাই নহয়।
কাম কৰিছোঁ, পইচা লৈছোঁ। বচ, ইমানেই ৷
আৰু, এওঁলোকতো মোৰ ভাইৰ লগৰ ভাই।
কিহৰ আক’ হেই ফেইকৈ দম দি মাতিবলৈ আহিছে!
মই এইবোৰ ভাল নাপাওঁ ৷’
কথাকেইটা কৈয়েই তেওঁ কিচ্ছেনলৈ সোমাই গ’ল।
মালিকজনে ‘এ বাই, এ বাই, শুনাচোন’ বুলি কৈ কৈ তেওঁৰ পিছে পিছে গ’ল আৰু তেওঁক কিবাকিবি কৈ আব্দাৰ কৰিবলৈ চেষ্টা কৰিলে। ভিতৰত ৰন্ধা- বঢ়াত লাগি থকা বাইগৰাকীয়েও তেওঁক বুজাবলৈ চেষ্টা কৰা মোৰ কাণত পৰিলহি।
তেওঁ পিছে ওলায়েই নাহিল৷
‘ও-ৱা-হ!কি-ই-ই দম!
‘আজিকালি দেখিছোঁ কাকো একো এটা ক'বই নোৱাৰি৷’
হঠাৎ, ৰঞ্জনৰ কথাকেইটা মোৰ কাণত পৰিলহি।
লগে লগে মূৰটো ঘূৰাই দেখিলো, সিহঁত এটা এটাকৈ যাবলৈ উঠিছে।
এইবাৰ কিন্তু চকী লৰচৰ কৰাৰ কোনো শব্দ মোৰ কাণত নপৰিল।
(অন্ত)
ৰচনাঃ চেপ্তেম্বৰ, ২০১৮.
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।