পৃষ্ঠা:এই নদী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এজনী বৰ্তমান হাইকৰ্টৰ উকীলনী হৈয়েই থাকিলহেঁতেন।

 কিন্তু, হৰিণাৰ যেনেকৈ মাংসই বৈৰী, নাৰীৰোতো ৰূপেই বৈৰী।

 ‘ইয়াকে কয় ভাগ্য। কি কৰিবা আৰু!’

 হ'বও পাৰে।

 মানে, উকীলনী হওক নহওক, মানুহজনে এওঁৰ পিছ নেৰাটো হ'ব পাৰে।

 এনেয়ো, গাভৰু কালত প্ৰতিজনী ছোৱালী কিছুহলেও সুন্দৰী হৈ উঠেই।

 তাতে, গাৰ ছালছটা অলপ বগা হলেতো কথাই নাই। অইন একো হ’ব নোৱাৰিলেও আইনা চাই চাই মন ভূলোৱা হাঁহি এটা মাৰিবলৈ শিকি ল’লেই হয়।

 মতা মানুহবোৰেতো বিদুষীনাৰী বিচাৰি নুফুৰে। সুন্দৰী নাৰীহে বিচাৰে।

 অৱশ্যে, তেওঁতো নিজকে ‘ব্ৰেইন উইথ বিউটি’ বুলিয়েই দাবী কৰে।

 আৰু, তেওঁৰ সেই দাবীটো অস্বীকাৰ কৰাৰ সাহসকণনো কাৰ আছে?

 সেয়েহে, আজৰি পৰত কেতিয়াবা কেতিয়াবা তেওঁৰ কথা শুনি শুনি তেওঁলোকৰ পিছ বাৰাণ্ডাত বহি থাকোতে, দুচকুত যিমান পাৰি নিস্পাপ চাৱনি এটা ফুটাই তুলিবলৈ চেষ্টা কৰি মানুহগৰাকীৰ মুখলৈ সি চাই থাকে আৰু চাহৰ কাপত চুমুক দিয়াৰ মাজে মাজে ‘ঠিকেই ঠিকেই’ বুলি শলাগিও থাকে।

 কিন্তু, ভাৰতীয়া হ'ল বুলিয়েই মালিকনীৰ প্ৰতিটো কথাতে সি কিমাননো শলাগি থাকিব আৰু! তাতে, যৌৱনৰ নামত ৰান্ধনিবেলিটিৰ ক্ষীণ পোহৰত অলপ মানহে ৰঙচুৱা যেন হৈ থকা মানুহজনীৰ বৰ বৰ কথাবোৰ হজম কৰি থকাটো এটা সময়ত তাৰ সাধ্যৰ বাহিৰ হৈ গল আৰু সি মনে মনে আন এটা ঘৰৰ সন্ধান আৰম্ভ কৰিলে।

 পিছে, কথাটো গম পায়েই মালিকনীয়েতো একেবাৰে হাল্লা লগাই দিলে।

 তাতনো সি কি অসুবিধা পাইছে, ইমান কি বেয়া পাইছে যে ঘৰটোৱেই একেবাৰে এৰি যাবলৈ ওলাইছে!

 গৰমৰ দিনত কেঁচা ঘৰত থকাৰ কিমান কি সুবিধা, ডাঙৰ ডাঙৰ দালান থকা মানুহেও কেনেকৈ সৰুকৈ কটেজ একোটা সজাই লয় আৰু দাদাকেও এইবাৰ গৰম অহাৰ আগে আগে কেনেকৈ নিজাকৈ কটেজ এটা সজোৱাৰ প্লেন বনাইয়ে আছে, তাৰ ওপৰতো বিৰাট এটা লেক্‌চাৰ!

 মানে, ঘৰটো পকা হওক বা নহওক, মনটো কিন্তু পকা হ'ব লাগে।

 তথাপিও, দহটা বাহানা দেখুৱাই সি তাৰ পৰা এদিন ওলাই আহিল।

 এইবাৰ সি পকা ৰাস্তাৰ কাষৰে এটা পকাৰূমলৈ গ'ল।

 সেইটো ৰূম এনেয়ে ভালেই আছিল। বিশফুট দীঘল আৰু চৌধ্যফুট

৭১