ৰাজেনে মঞ্জুমণি বােলা কোনােবা এগৰাকীৰ নামটো উল্লেখ কৰাৰ পিছতে সিহঁতে তাইক লৈ নিজৰ মাজতে কিছু ৰগৰাে কৰিলে। দীনেশে কিন্তু ‘ধেৎ, নাই নাই, সেইবােৰ একো নহয়’ বুলি মূৰটো কেইবাবাৰাে জোৰে জোৰে জোকাৰিলে।
পার্থই আক’ লগে লগে ‘ঠিকেই আছে, কিনাে বেয়া’ বুলি টিপ্পনি কাটিলে।
কিছুমান বিষয় মানে এনেকুৱা আপদীয়া থাকে যে তুমি আঁতৰি আহিবলৈ যিমানেই চেষ্টা কৰা লাগিলে তাৰ জালখনত বাৰে বাৰে জপটিয়াই লাগিহে ধৰা।
দীনেশৰাে তেনেকুৱাই হ'ল।
মানে, সিহঁতে তাক ইমান সহজে এৰি দিবলৈ নিবিচাৰিলে।
আড্ডা মাৰিবলৈ ইমান ভাল টপিক এটা পােৱাৰ পিছত সিহঁতে আৰু তাক বিনাচর্তে এৰি দিবনে?
‘হেই, সেই বুঢ়ীজনীৰ লগত লাগি মৰিবলৈ মােৰ কি তেল লাগিছে?’
তাৰ শেষ সিদ্ধান্তটো জনাই দি সি যেন বিষয়টোৰ অন্ত পেলাবলৈ চালে।
বেচেৰাটো! কেনেকৈ যে নলগা জেংবােৰত লাগি মৰিছেহি।
আচ্ছা, এই মঞ্জুমণিনাে কোন!
কি ঠিক, ইয়াত ৰহস্য এটা থাকিবও পাৰে।
পাৰিলে, খবৰ এটা ল’বহে লাগিব।
হঠাৎ, হাঁহিমুখেৰে খৰধৰকৈ সােমাই আহিল অনিল।
কিয় জানাে, সি নাহাঁহিলেও হাঁহি থকা যেনেই লাগে।
‘মােক নােকোৱাকৈ আহি আটাইকেইটাই চাহ খাই আছহি যে?’
এৰা, সেইটোতাে তাহাঁতৰ এক সাংঘাতিক অপৰাধেই হ’ল।
তাতে, অনিল হ’ল সিহঁতৰ বিপদৰ বন্ধু।
লাগ বুলিলেই লাখ টকা উলিয়াই দি সহায় কৰিব পৰা মানুহ।
এইটো পাৱাৰ থকাৰ সুবাদতে চাগে সি সকলােকে ‘তই’ বুলি মাতে।
আৰু, কোনেও ইয়াৰ প্রতিবাদ নকৰে। মানে, আজিলৈকে কৰা নাই।
বাৰু সেইবােৰ যিয়েই নহওক, তাক মাত এষাৰ নলগােৱাকৈ আহি চাহ খাই থকাটো সিহঁতৰ যে ভুলেই হ’ল সেইটো কথা তৎক্ষণাত বুজি পাই সিহঁত আটাইকেইটা যেন কিংকর্তব্যবিমূঢ় হৈ পৰিল।
‘নাই নাই, আমি মানে বহিছোঁহিহে। আহক আহক, ইয়াতে বহক !’
আটাইকেইটাই লৰালৰিকৈ উঠি আৰু এখন চকীৰ বাবে ঠাই উলিয়াই দিলে আৰু পার্থই চকী এখন টান মাৰি আনি সেইটো ফাঁকতে সুমুৱাই দিলেহি।
নাই দোষ্ট, হ’ব দে, চাহ-তাহ নাখাওঁ। মই মানে বেলেগ এটা কথাহে...’