যিজনী ছােৱালীয়ে আগতে মা-দেউতাৰ ওচৰলৈ আহি বৰতা, বৰমা বুলি অনবৰতে লেন চেলাই থাকেহি, সেইজনী পেন্দুকণা ছােৱালীয়েও পিছলৈ মা-দেউতাৰ চকুৱে চকুৱে পৰিলে নিজেই চকু আঁতৰাই দিবলৈ ধৰিলে।
মায়ে মাত দিলেও তাই নুশুনাৰ ভাও ধৰিবলৈ ল’লে।
‘মিঠাই অকণ খাবিনেকি, আহ’ বুলি দেউতাই মৰমেৰে মাতিলেও তাই মুখখন দুবাৰমান ইঙতি ভিঙতি কৰি ৰূমৰ ভিতৰলৈহে দৌৰ মাৰিবলৈ ল'লে।
সঁচায়ে, খুৰীৰ কি শিক্ষা! মানিবই লাগিব।
তেনে এটি দিনৰে এদিন আবেলি, আমাৰ ঘৰৰ গেইটখন খুলি সােমাই আহিছিল ৰত্না। আমাৰ চুবুৰিৰে সিটো মূৰৰ নীতাই বৰুৱাৰ ডাঙৰ জীয়েক ৰত্না।
গেইট খােলাৰ শব্দটো শুনি কোননাে আহিছে বুলি মা ওলাই গৈছিল।
মাক দেখা পায়েই ‘বৰমা, কি কৰিছে’ বুলি তাই মাত এষাৰ লগাইছিল।
মায়ে ‘এ, আছোঁ আৰু’ বুলি কোৱাৰ ঠিক লগে লগেই খুৰাহঁতৰ ৰূমটোৰ বাহিৰৰ ফালে কাটি লােৱা দুৱাৰখনত হেনাে খুৰীৰ হাঁহিভৰা মুখখন দেখা গৈছিল।
‘ৰ-ত্না, আহা, আহা! মই তােমালৈকে বাট চাই আছিলাে। আহা!’
খুৰীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তাইয়াে হাঁহিমুখেৰেই সােমাই গৈছিল।
অলপ পিছতে, খুৰীহঁতৰ ৰূমৰ পৰা খুৰী আৰু ৰত্নাৰ কথা-বার্তা আৰু উচ্ছল হাঁহিৰ লগতে ৰত্নাৰ প্রতি মাতােৰ আব্দাৰভৰা মাত-কথাবােৰ উফৰি উফৰি আহি মাৰ কাণত পৰিছিলহি। খুৰাহঁতৰ পৰিয়ালটোত আমাক গুৰুত্বহীন কৰিবৰ বাবে সেইখিনি হাঁহি-আনন্দই যথেষ্ট আছিল।
লাহে লাহে, ৰত্নাৰ আহ-যাহৰ পৰিমাণ বাঢ়ি আহিছিল।
সমান্তৰালভাৱে, খুৰীৰ ভায়েককেইটাৰ আহ-যাহাে বাঢ়ি আহিছিল।
খুৰীহঁতৰ পাকঘৰ আৰু ডাইনিং টেবুলৰ পৰা উফৰি উফৰি অহা কথা- বার্তাৰ পৰা বুজিব পৰা গৈছিল, ৰন্ধা-বঢ়াত ৰত্নাৰ হাতখন যথেষ্ট ভাল আছিল।
বিশেষকৈ, মাছ-মাংস ৰন্ধা আৰু সেইখিনি টেবুলত সজাই-পৰাই দিয়াত।
খুৰীৰ প্রতিটো ভায়েকেই তাইৰ ৰন্ধন-শৈলীৰ প্রশংসাত পঞ্চমুখ আছিল।
সিহঁতৰ প্রশংসা শুনি শুনি তাইৰ মনৰ নিভৃত কোণত চাগে এটা আশাই গােপনে বাহ সাজিছিল। সেই বাহটো তাই পিছে সযতনে লুকুৱাই ৰাখিছিল।
আবেলিতে অহা ৰত্নাক ৰাতিৰ সাঁজো খুৱাই-বুৱাইহে থৈ আহিছিলগৈ।
তাইক থৈ আহিবলৈ টর্চ এটা হাতত লৈ খুৰী প্ৰায়ে নিজেই গৈছিল।
কেতিয়াবাহে সুদীপ বা দীপকে বাইকত নি তাইক থৈ আহিছিলগৈ।
আকৌ, প্রতিদিনেই স্কুললৈ যাওঁতে খুৰীয়ে মাতােকো লগত লৈ গৈছিল