পৃষ্ঠা:এই নদী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থোৱা ৰসগোল্লা এটাৰ টেষ্ট চাই ল’বলৈ বুলি মুখত ভৰাই দিওঁতেই ইমান সোৱাদ লাগিল যে পৰাহেঁতেন গোটেই মিঠাইখিনিকে একেবাৰে খাই থ'লোহেঁতেন।

 কেইবাভাগো মিঠাইৰ পৰা পাঁচটা পাঁচটাকৈ চাৰিটা পেকেট ল’লো।

 দামটো কোনে দিব তাকে লৈ নিজুৱে মইয়ে দুইমিনিট কাজিয়া কৰিলো।

 পিছত, মই হাৰ মানি আঁতৰি আহিলো আৰু তেওঁৱেই দামটো দিলে।

 গৌতমজীৰ ঘৰত ভৰি দি পিছে অচিনাকি যেন একেবাৰেই নালাগিল।

 তাতে, মানুহজনে মোৰ লগত নিভাজ অসমীয়াতে কথা পাতিলে।

 তাৰ পিছত মানুহঘৰত অসহজ অনুভৱ কৰিবলৈ একোৱেই নাথাকিল।

 দুপৰীয়াৰ সাঁজ তাতে মাছে-ভাতে খাই লৈ তিনি বজাত উভতি আহিলো।

 শিলচৰ পায়েই মিঃ শীলৰ ৰেষ্টোৰাখনৰ সমুখত নামি দিলোহি।

 মোটামুটি গোটেই আবেলিটো তাতে আড্ডা মাৰি কটালো।

 তাত থাকোঁতেই হিচাপ এটা কৰি দেখিলো, ঠাইখনত চাবলগীয়া তেনেকৈ আৰু নাই। টাউনখনত চাবলৈতো দোকান-পোহাৰখিনিৰ বাহিৰে অন্য নাই। আমাৰ ফালে নোলোৱা কিবা বস্তু এইফালে পোৱা যায় বুলিও তেনেকৈ চকুত নপৰিল।

 ভাবিলো, এইবাৰলৈ আমাৰ টুউৰটো ইমানতে ইতি পেলোৱাহে উচিত।

 সিদ্ধান্তটো লোৱাৰ ঠিক লগে লগে নিজুৱে ফোনতে পিছদিনা পুৱাৰ ৭ বজাৰ ট্ৰেইনখনত দুটা টিকটৰ ব্যৱস্থা কৰিলেই।

 ‘আকৌ লগ পাম’বুলি বিদায় লোৱাৰ পৰত মিঃ শীলে ক’লে, ‘আসবেন’।

 ওভতনি পথত আকৌ সেই একেখিনি অভিজ্ঞতাই।

 খালি, প্লেইট এখনত ৰুটি-চজি উলিয়াই দিবলৈ এইবাৰ নবৌহে নাই।

 মানে, বহুদিনৰ মূৰত মাকক পাই ববীয়ে আহিবলৈকে নিদিলে।

(অন্ত)

ৰচনাঃ চেপ্তেম্বৰ, ২০১৮,

৫৯