হালৈদেৱৰ ফোনৰ ৰিংট'নটো বাজি থাকিল। মানে, তেওঁৰ মিছেচৰ কল!
ট্ৰেইনখন ক’ত পাইছেগৈ, তেওঁ চাহ-তাহ কিবা খাবলৈ পাইছেনে নাই, সব কথাৰে মানুহগৰাকীয়ে আপডে'ট বিচাৰি আছে।
ইপিনে, হালৈদেৱৰ মুখততো অনবৰতে হাঁহিটো লাগিয়েই আছে।
কথা-কাণ্ডবোৰ দেখি দেখি তাৰ মানে এটা সময়ত বিৰক্তি লাগিলগৈ।
খিৰিকিৰ কাষৰ চিট এটা খালী হৈ থকা দেখি তালৈকে সি উঠি গ'ল।
‘উঠি গ'ল যে! হৈছে কি?’ - তেওঁ যেন অলপ আহত হ’ল।
সি বোলে, একো নাই, খিৰিকিৰে বাহিৰখন অলপ চাবহে খুজিছে।
যিমান দূৰলৈকে তাৰ চকু গৈছে সিমান দূৰলৈকে কেৱল সেউজীয়া!
বিস্তীৰ্ণ চাহবাগিছা, গছ-গছনি, হাবি-জংঘল, ঘৰ-বাৰী, ধাননীপথাৰ।
মাজে মাজে পাৰ হৈ গৈছে একোখন নদী, একোটা জান, একোটা জুৰি!
ওপৰত ওলমি আছে ৰৌদ্ৰোজ্জ্বল এখনি নীলা আকাশ!
আকাশৰ ঠায়ে ঠায়ে ওলমি ৰৈছে কপাহ-কোমল দুই এটুকুৰা ডাৱৰ!
সুন্দৰ! সঁচায়ে, বৰ সুন্দৰ! চাই থাকিলে হেপাহ নপলায়েই দেখোন!
দবাৰ ভিতৰৰ পৰিৱেশ আৰু বাহিৰৰ পৰিৱেশৰ কি যে পাৰ্থক্য!
দবাৰ ভিতৰৰ হাজাৰটা হুলস্থূলৰ মাজতো এপাকত পিছে তাৰ কাণত পৰিলহি এটা দীঘলীয়া মাত, ‘ছায়, গৰম ছায়!'
‘চাহ খাওঁ, আহক!’-হালৈদেৱৰ প্ৰস্তাৱটো তাৰ অৱশ্যে ভালেই লাগিল।
চাহৰ লগতে তেওঁ যেনিবা টেমা এটাৰ পৰা উলিয়ালে দুটুকুৰা কে'ক।
কে'কটুকুৰা মুখত লৈয়েই সি বুজি পালে এইবোৰ বনোৱা-কৰাত মানুহ গৰাকীৰ হাতখন যথেষ্ট ভালেই।
অন্ততঃ তাৰ গৰাকীতকৈ যে ভাল, সেইটো কথা সঁচা।
এই কথাটো কিন্তু সি ঘৰৰ গৰাকীৰ আগত উলিয়ালেগৈ দিগদাৰ আছে।
তেওঁ যিতুহে মন্তব্য দিব, ভাবিবলৈয়ো তাৰ লাজ লাগে।
‘আৰু এটুকুৰা লাগে নেকি?
দিলেতো লাগেই। আছে যদি লাডু-চাডুুুও খাই চাব পাৰি।
'বুইছে, ভনীয়েকলৈ বুলি ঘৰতে চাউল খুন্দি পিঠা, লাডু এসোপামান বনাই দি পঠিয়াইছে। লগত, সান্দহগুৰি আৰু আচাৰখিনিওতো আছেই।
মই বোলো, বেছিকৈ দিলে বেগত নধৰিব। নিওঁতে অসুবিধা হ’ব।
নাই,নুশুনেই৷ এতিয়া অৱশ্যে ভালেই হৈছে। আমিও তাকে খাব পাৰিম।’
ঠিক আছে, তেন্তে। যিমান পৰা যায় খোৱাহে কথা।