আকৌ, মাকে খুৱাই থাকোতে সি কিবাকিবি এটা কৰি থাকি তাইৰ মনােৰঞ্জন কৰি থাকিবও লাগে। নহ'লে, তাই কেতিয়াবাতাে মুখেই নেমেলে।
‘অমলহঁত ইয়াত আৰু বেছিদিন নাথাকিব যেনহে পাইছোঁ, বুইছা ?’
তাৰ আকস্মিক ঘােষণাটোত ৰশ্মিয়ে পিছে একোৱেই সঁহাৰি নজনালে।
তাই এনেয়াে তাৰ কোনাে কথাতে ভালমতে সঁহাৰি নজনায়।
সময়, সুবিধা পালে তাৰ যিকোনাে কথাতে তাই তীব্র প্রতিবাদহে জনায়।
এতিয়া অৱশ্যে তাই তাৰ কথাটোত না সঁহাৰি জনালে, না প্রতিবাদ !
তাই খালি ছােৱালীজনীক যেনেতেনে খুউৱাতহে লাগি থাকিল।
ইফালে, কাণৰ কাষত মহৰ কোনকোননি শুনি শুনিও তাই আমনি পাইছে।
আধা পােহৰ, আধা আন্ধাৰৰ মাজতে মহবােৰ থকাৰ সম্ভাৱ্য ঠাইবােৰলৈ তাই বৰ খঙেৰে চাইছে আৰু ডাঙৰক দেখি খােৱাৰ মাজে মাজে মহ মাৰিবলৈ বুলি হাত চাপৰিও মাৰি আছে।
কিন্তু, তাইৰ সেইকণ হাতৰ চাপৰত ক’তনাে আৰু মহ মৰিব!
উপায় নাপাই সি বিচনী এখনেৰেই তাইক অলপ অলপকৈ বিচি দিলে।
তাই খাই অঁতােৱাৰ পিছতে অৱশ্যে কাৰেণ্টটো আহিল।
লাইট জ্বলিল, ফেন ঘূৰিল, টি.বি.টোও চলিল।
লগে লগে, ইমান সময় ধৰি পাই থকা অসুবিধাখিনিৰ কথা সিহঁতে যেন পাহৰিয়েই গ’ল। ভয় খালি এটায়েই, কাৰেণ্টটো কিজানি আকৌ যায় !
কাৰেণ্টটো অহাৰ ক্ষন্তেক পিছতে অমলহঁতৰ ৰূমৰ দুৱাৰখন খােল খালে।
লগে লগে আৰম্ভ হৈ গ'ল ল’ৰা-ছােৱালীকেইটাৰ হুলস্থূলবােৰ।
কোনে কি কৈছে, কি চিঞৰিছে, একো ঠিক নাই।
ঠিক যেন, ‘আমাৰ দাবী মানিবই লাগিব’ বুলি ধর্ণা দি থকা দল এটাহে।
কিন্তু, কি দাবী, কোনে মানিব লাগিব, এইবােৰ কথা নাই।
প্রায় আধাঘণ্টামান সিহঁতৰ হুলস্থূলবােৰ অব্যাহত হৈ থাকিল।
‘এ-ই, কি হৈছে? কিহৰ ইমান হাল্লা ?’
হঠাৎ, মালিকনীৰ গর্জনটোৱে গােটেই চৌহদটো যেন কঁপাই তুলিলেহি।
‘এই, অলপ ৰ-চোন! মনে মনে থাক! লাগে নেকি?’
অমলৰ ওৱাইফৰ চেপামৰা কণ্ঠৰ মাতষাৰ বলিনৰাে কাণত পৰিলহি।
তাৰ পিছত, কিছু দেৰিলৈ সব ঠাণ্ডা।
অলপ পিছতে, টিউবৱেল মৰাৰ শব্দ এটা কাণত পৰিলহি।
টয়লেটৰ দুৱাৰখন মেলা-মৰা কৰাৰ শব্দটোও এবাৰ শুনা গ'ল।