পৃষ্ঠা:এই নদী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যেনেকৈয়ে নহওক, বিপদৰ বন্ধুহে আচল বন্ধু।

 আকৌ, আজি তেওঁক সহায় কৰি থ’লেহে কাইলৈ এওঁকো সহায় কৰিব।

 গতিকে, লগৰে দুজনমানক লৈ সুৰেশ ঢপলিয়াবলগীয়া হ’ল থানালৈহে।

 অ ইয়েছ, উৰহী গছৰ ওৰ তেন্তে এইটোহে!

 মানে, গাখীৰ খাবলৈ লাগে কিন্তু গৰু পুহি কষ্ট কৰিবলৈয়াে মন নাই।

 কথাটো ভাবি ভাবি মানৱৰ পিছে বৰ আমােদ লাগিল।

 ৰাতি বিচনাত পৰােতে ৰাধাৰ আগত সি এই কথাটো লাহেকৈ উলিয়ালে।

 ছােৱালীজনীৰ গাৰ কাপােৰখিনি ঠিক কৰি কৰি তাই লাহে লাহে ক'লে, ‘জা-নাে, লােকৰ কথা, লােকৰ বতৰা। আমাৰনাে কি দৰকাৰ ?’

 আ-মা-ৰ!! ৰাধাই কি সঁচাকৈয়ে এনেকৈ ভাবিছে!

 এক বন্য আনন্দত সি তাইক জোৰেৰে সাবটি ধৰিলে।

ৰচনাঃ জুলাই, ২০১৮.
(অন্ত)