পৃষ্ঠা:এই নদী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেইখন হাস্পাতাল নােহােৱা হ'লে আৰু তাই সেই নতুন কেঁচুৱাটোৰ মাক নােহােৱা হ'লে, কথা কওঁতে যে চাই-চিন্তি ক’ব লাগে সেইটো কথা মানৱে তাইক ভালকৈয়ে বুজাই দিলেহেঁতেন। কিন্তু, তাইৰ ভাগ্য ভাল আছিল বুলিয়েই ক’ব লাগিব যে ঠিক সেই সময়তে নার্চ এগৰাকী ৰূমটোলৈ সােমাই আহিল।

 নাৰ্চগৰাকীয়ে কেঁচুৱাটো ধুৱাই-পখলাই কিবা বেজি এটাও দি বেলেগ কাপােৰ এখনেৰে মেৰিয়াই দিলে। লগতে, ৰাধাৰাে কিবাকিবি পৰীক্ষা কৰি মেলি বেজি এটা দি থৈ গ'ল। তাই লগে লগে চকু মুদি শুইয়ে দিলে আৰু!

 হয়তাে, সম্ভাৱ্য বেয়া পৰিস্থিতি এটা এৰাই চলাৰ এক বিশেষ কৌশল।

 ৰাধাৰ পৰা চকু আঁতৰাই আনি সি কেঁচুৱাটোৰ মুখলৈ চাই ৰ'ল।

 কেঁচুৱাটোৰ কোমল মুখখন দেখি তাৰ সমস্ত খং ৰাগ যেন উৰি গ'ল।

 ক’ব নােৱাৰাকৈয়ে তাৰ মুখত ফুটি উঠিল এক স্বর্গীয় তৃপ্তিৰ হাঁহি।

 সেই তৃপ্তিৰ ভাগ এটা দিবলৈ বুলি কাষতে বহি থকা শাহুৱেকলৈ চাওতেই সি দেখিলে, তীব্র খং, ক্ষোভ আৰু অসন্তুষ্টিত মানুহজনীৰ মুখখনে যেন হিংস্র বাঘিনী এজনীৰহে ৰূপ ধাৰণ কৰিছে। এই যেন তাৰ ওপৰত জপিয়াই পৰিবহি!

 লগে লগে, সি মুখখন ঘূৰাই আনিলে আৰু ওৱাল ক্লকটোলৈ চাই ৰ'ল।

 লাহে লাহে, তাৰ ভাব-চিন্তাবােৰৰ যেন জঁট লাগিবলৈহে ধৰিলে।

 সঁচায়ে, কি আচৰিত কাৰবাৰ !

 খেনােক দেখি যে ৰান্ধে বাঢ়ে আৰু খেনোক দেখি যে দুৱাৰ মাৰে, এই মানুহজনী প্ৰকৃততে কি ধৰণৰ !

 তেওঁ যি ধৰণৰেই নহওক বাৰু, তাত তাৰ ক'বলগীয়া একোৱেই নাই।

 ইয়াৰপৰা যােৱাৰ পিছত তেওঁ তেওঁৰ ভাগে থাকিব, সি তাৰ ভাগে।

 কিন্তু, এই ক্ষেত্ৰত ৰাধাই কি কিছু ত্যাগ স্বীকাৰ কৰিব নালাগে?

 কৰিবতাে লাগে। কিন্তু, যদিহে নকৰে, তেন্তে?

 তাতে, এই সময়ত সন্তানৰ আকাংক্ষা তাই হেনাে কৰাই নাছিল।

 কিন্তু, সন্তানৰ আকাংক্ষা কৰাই নাছিল মানে?

 তেন্তে, তাই বিয়া হৈছিল কিয় ?

 এটা সময়ত এই বিষয়টো তাৰ বাবে এক সন্মানৰ প্রশ্নই হৈ পৰিল।

 সেয়েহে, সি এদিন জোৰ কৰিয়েই নিজৰ অধিকাৰটো সাব্যস্ত কৰিলে।

 ৰাধাৰ প্রতিক্রিয়া কিন্তু স্পষ্ট। সি তাইৰ দেহটো পাব, মনটো কিন্তু নাপায়।

 চাবলৈ গ'লে, এই পৃথিৱীত কোনেনাে কাৰ মন পায় ?

 সবেতাে সুখী দম্পতীৰ অভিনয় কৰিয়েই চলি থাকে।

৮৫