তাতেনাে, হ’ল কি ?’
মানুহগৰাকীৰ মাতষাৰত এক কর্তৃত্বৰ সুৰ।
‘কোন আহিছিল বুলি ক'লে ?’
মানৱে যেন নিজৰ কাণদুখনকে বিশ্বাস কৰিব নােৱাৰিলে।
বিশ্বাস কৰিবনাে কেনেকৈ!
দিনৰ দিনটো চকাবন্ধ চলি আছে। বাচ-মটৰ সব বন্ধ।
তেনে স্থলত সি বেটা আহিল কেনেকৈ ! আৰু, আহিলেই বা কিয় !
তেনেতে, মানৱৰ চাৎকৈ মনত পৰিল, অথনি হাস্পাতালৰ সমুখৰ চাহ দোকানখনৰ বাহিৰত যে প্রতাপ ৰৈ আছিল, সি চাগে তাৰ লগতে আহিছিল।
মানে, প্রতাপৰ স্কুটাৰখনতে সিহঁত দুইটা আহিল।
আহিয়েই, হাস্পাতালখনৰ পৰিৱেশ-পৰিস্থিতিখিনি অধ্যয়ন কৰি ল'বলৈ বুলি সিহঁত সেই চাহদোকানখনতে কিছু সময় ৰ’লহি৷ তেনেতে, মানৱ বাহিৰৰ ফালে ওলাই যােৱাত নিৰাপদ যেন অনুভৱ কৰি সুৰেশ হাস্পাতাললৈ সােমাই গ'ল আৰু তাৰ একান্ত অনুগত ভৃত্য প্রতাপে বাহিৰতে পহৰা দি ৰৈ থাকিল।
কথাটো ভাবি ভাবি মানৱৰতাে খঙেই উঠি আহিল।
‘তেৰাৰ ইমাননাে এৱাঁ চৰিলনে ?’
তাৰ মাতটো নিশ্চয় শাহুৱেকৰ কাণত পৰিব পৰাকৈ ডাঙৰ হৈ পৰিল।
মানুহগৰাকীয়ে লগে লগে তাক ফেপেৰি পাতি ধৰিলেহি।
‘যা তা কথাবােৰনাে কিয় কোৱা ?
ঘৰৰ মানুহ বুলিহে ইমান কষ্ট কৰিও খবৰ এটা ল’বলৈ আহিল।
ইমান সন্দেহবাদী হলে তােমাৰ ওচৰলৈ আহিব কোন?’
আমাৰ সুৰেশ! ঘৰৰ মানুহ!
এইবােৰ আক’ কি কথা !
বাৰু, হলেই যেনিবা, কিন্তু চকাবন্ধৰ দিনটোতাে সেই বৃহৎ নামদাং হাবিখনৰ মাজেদি ইমান ৰিস্ক লৈ অহা সেই ঘৰৰ মানুহটোৱেনাে মানৱক দেখা এটা নিদিয়াকৈয়ে গুচি গ'লহি কিয় ?
ইমানকণ সৎ সাহস সি দেখুৱাবহি নােৱাৰিলে কিয় ?
কথাবােৰ ভাবি ভাবি এটা সময়ত তাৰ হাতৰ মুঠি টান হৈয়ে আহিল।
কিন্তু, তাক এক প্রকাৰ প্ৰত্যাহ্বান জনায়েই ৰাধাই মুখখন ভেঙুচাই দিলে।
‘তেওঁ মােৰ ওচৰলৈহে আহিছিল। তােমাৰ ওচৰলৈ অহা নাছিল নহয়।’
ৰাধাৰ সেই স্পষ্টীকৰণটো শুনি তাৰ খঙে যেন চুলিৰ আগ পালেগৈ।