পৃষ্ঠা:এই নদী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কথা হ’ল, আপোনালোকৰ মাজত আজিয়েই মােৰ শেষ দিন।

 চৰকাৰী নীতি-নিদের্শনা অনুযায়ী, অহা কাইলৈৰ পৰা মই মােৰ এই দীর্ঘদিনীয়া চৰকাৰী কর্মক্ষেত্ৰভাগ এৰি অৱসৰৰ জীৱন যাপন কৰিব লাগিব।’

 আচৰিত!দুয়ােটা পক্ষই ইমান সময় মিলাইনাে কামফেৰা কৰিব লাগেনে!

 হয়তু, এয়া এক নাটকীয়তা।নহ’লে,ই সম্পূর্ণ কাকতালীয় হ’ব লাগিব।

 বাৰু যিয়েই নহওক, একেটা দিনতে যেনিবা দুয়ােটা কাম সিজিলগৈ।

 এতিয়া, পৰৱর্তী বা কি আশ্চর্য্য বাকী আছে!

 পৰৱর্তী ঘােষণাটি কৰাৰ আগতে তেখেতে আকৌ এবাৰ কোঠাটোত উপস্থিত প্রতিজন সহকর্মীৰে মুখৰ ওপৰেদি দৃষ্টি পিচলাই আনিলে।

 চাচপেন্স! প্রায় এক মিনিট ধৰি সঁচায়ে এক নাটকীয় চাচপেন্স !

 ‘এতিয়া, আমাৰ এই শিক্ষানুষ্ঠানটিৰ যাৱতীয় অফিচিয়েল কামকাজখিনি অব্যাহত ৰাখিবৰ উদেশ্যে, অধ্যক্ষৰ দায়িত্বভাগ আজিৰপৰাই আপােনালােকৰ মাজতে থকা শ্রীমতী ৰাস্না বৰুৱা মহােদয়াৰ হাতত অৰ্পন কৰি যাব বিচাৰিছোঁ।

 আশা কৰাে, আপােনালােক সকলােৱে তেওঁৰ লগত সহযােগ কৰিব!’

 হঠাৎ যেন এক অভাবনীয় আকাশবাণীহে কাণত পৰিলহি, এনে এক ভাবত ৰাস্না বৰুৱা যেন উচপ খাইয়ে উঠিল।

 তেওঁৰ চকুৱে মুখে ফুটি উঠিল আশ্চৰ্য্যৰ এক ভাব!

 লগে লগে, তেওঁ আৰম্ভ কৰিলে এক মৃদু প্রতিবাদ।

 ‘ইমান এটা গধুৰ দায়িত্ব মােৰ ওপৰত !

 এস্ ছাৰে এইবােৰ কি কৰিব বিচাৰিছে জানাে! মই ভাবাে, মােতকৈয়াে...'

 মানে, আকৌ এক নাটকীয়তা।

 কিন্তু, তেওঁ যি বুলিয়েই আপত্তি দর্শাওক লাগিলে, কোনেনাে বাৰু তেওঁৰ আপত্তিভাগ মানি ল’ব বা সেই প্রস্তাৱটিৰ বিৰুদ্ধে কিবা এষাৰ ক’ব! যেনেকৈয়ে নহওক, হ’বলগীয়া অধ্যক্ষগৰাকীৰ প্রতি সকলােৱেতাে আনুগত্যই প্রকাশ কৰিব।

 বেছি সময় নষ্ট নকৰি, উপস্থিত সকলােৱেই এক দীঘলীয়া হাত-তালিৰে তেওঁক আগবঢ়াই দিলে আৰু শেষত যেনিবা সহকর্মীসকলৰ বিপুল দাবীত ৰাস্না বৰুৱাই ধীৰে ধীৰে আগবাঢ়ি গৈ সকলােলৈকে বুলি নমস্কাৰ জনাই বৰবৰাদেৱৰ হাতৰ পৰা অধ্যক্ষৰ দায়িত্বভাগ সমজি ল’লেগৈ।

 লগে লগে, আকৌ এজাউৰি দীঘলীয়া হাত-তালি!

 কর্তৃত্ব-হস্তান্তৰৰ আদেশ-পত্ৰখনি হাতত লৈয়েই পূর্বৰ চকীখনলৈ বুলি

উভতি আহিব খােজোতেই তেওঁৰ কাণত পৰিলহি আন এক অভাবনীয় নির্দেশ।

৪১