পৃষ্ঠা:এই নদী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৃন্দাবন

 

 ৰাজাই পিঠিৰ বেগটো বাৰাণ্ডাৰ বেঞ্চখনতে ধুপুচকৈ পেলাই দিলেগৈ।

 তাৰ কাণ্ড-কাৰখানাখন দেখি হালৈদেৱৰ হয়তো হাঁহিয়েই উঠিল।

 ‘ইমান ডাঙৰ বেগ! কিনো আনিছে?মই কিন্তু এই সৰু বেগটোহে লৈছোঁ।’

 ‘জা-নো ভাই! আপুনি কি লয়, কি নলয়, আপোনাৰ কথা।

 ফুৰিবলৈ যাওঁতে মই হ’লে দৰকাৰী বস্তুবোৰ লগত লৈয়েই যাওঁ।’

 পিন্ধা কাপোৰখিনিতো সি লয়েই। তাৰ উপৰিও নিজৰ টাৱেলখন, চাবোন, চেণ্ডেল, টুথপেষ্ট, ফণি আদিও লৈ যায়। সি মানে গৃহস্থঘৰক যিমান পাৰে কমকৈ অসুবিধা দিবলৈ চেষ্টা কৰে যাতে তেওঁলোকে ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া নহয়।

 ‘ভালেই কৰিছে। আমাৰজনে অৱশ্যে এইবোৰ চিন্তা কৰিবই নালাগে।  অসমখনৰ য’লৈকে যায় তাতেই নিজৰ মানুহ আছে যে! অসুবিধা নাই।

 তাতে, আমাৰ বাই-ভনীকেইজনীৰ মাজততো মৰম-চেনেহ পূৰা আছে।

 দেখিব নহয়, সিহঁতে এওঁৰ কাপোৰ-কানিও ধুই দিব।’

 গৌৰৱত ৰুণা নবৌৰ হাঁহিটো সমগ্ৰ মুখমণ্ডলতে যেন বিয়পি পৰিল।

 এটা সময়ত, হালৈদেৱৰ মুখতো সেই হাঁহিটিৰ সংক্ৰমণ ঘটিলহি।

 ভাল লাগে। এনেকুৱা সংসাৰবোৰ দেখিলে তাৰ আচলতে ভালেই লাগে।

 তামোল এখন মুখত ভৰাই ৰাজাক ‘ব’লক’ বুলি কৈ তেওঁ আগবাঢ়িল।

 সি দেখিলে, বেগটো হাতত লৈ ৰুণা নবৌয়ে ঠিক তেওঁৰ পিছ লৈছে।

 তেওঁৱো যাব নেকি! তাকো, এইটো সাজত!

 তেওঁ যাব বুলিতো তাক কোৱা নাছিল। তেন্তে?

 ‘না না, মই ষ্টেচনলৈকেহে যাম। অলপ আগবঢ়াই দিওঁ আৰু!’

 ঠিক আছে, ঠিক আছে। ভাল কথাই। অলপ আগবঢ়াই দিবই লাগে।

 সি আৰু বেছি কথা নকৈ তাৰ গধুৰ বেগটো পিঠিতে বান্ধি লৈ হেপোৰ তেপোৰকৈ তেওঁলোকৰ পিছ ল’লে। ৰাস্তাটো ভাল হোৱাহ’লে বেগটো চলাই চলাই নিবই পাৰিলেহেঁতেন। কিন্তু, এইবোৰ ভগা-চিগা ৰাস্তাত তেনে কৰাটো

সম্ভৱেই নহয়। অৱশ্যে, ষ্টেচনৰ ভিতৰত পৰা যাব। কিন্তু, কিমানকণ দূৰনো!

১০