পৃষ্ঠা:এই নদী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেই সময়তে বাইজনী আহি আৰু ৰুটি লাগিব নেকি সুধিলে৷

 মইয়ো ভাবিলো, সোনকালে উঠি যোৱাতকৈ ৰুটি চোবাই চোবাই ইহঁতৰ ভাওনাখনকে আৰু অলপ উপভোগ নকৰোনো কিয়!

 সেয়েহে, আৰু এটা ৰুটিৰ লগতে এটা অমলেটৰো অৰ্ডাৰ দি দিলো।

 সেই সময়তে দেখিলো, অনিল ঘপহকৈ বহাৰ পৰা উঠিল আৰু ‘কথাটো মনত থাকিব নহয়?’ বুলি কৈ খৰধৰকৈ ওলাই গ’ল।

 অনিল ওলাই যোৱাৰ পিছতে বাইয়ে সিহঁতৰ বাবে চাহ-চিংৰা লৈ আহিল আৰু সিহঁতে কথা পাতি পাতি খাবলৈ ধৰিলে।

 খোৱাৰ মাজে মাজে সিহঁতৰ প্ৰত্যেকেই কাক, ক’ত আৰু কেতিয়া এখন হাতেৰে জপটিয়াই ধৰি আনখন হাতেৰে ঠালৰ ঠালৰ দিলে, সাৰৌপ সাৰৌপ দিলে, ফাতৰ ফাতৰ দিলে, ধাই ধুই দিলে তাৰো খতিয়ানসমূহ দাঙি ধৰিলে।


 সেই খতিয়ানসমূহ সিহঁতৰ নিজৰ পিছে কেনেকুৱা লাগিল ক’ব নোৱাৰো, মোৰ বাবে কিন্তু আমোদজনকেই হৈ উঠিল।


 চকু মুদি মুদি ৰেডিঅ’ নাটক এখন উপভোগ কৰাৰ দৰেই শুনি থাকিলো।


 হঠাৎ, ৰঞ্জনৰ ‘হেই, এইফালে’ বোলা দমৰ কথাষাৰ কাণত পৰিলহি।


 ক’ত কি হ’ল বুলি ভাবি তৎক্ষণাত চকু মেলি চাৰিওফালে চালো।

 দেখিলো, কাপ-প্লেইট কেইযোৰমান সামৰি সুতৰি কিচ্ছেনলৈ সোমাই যাব খোজা বাইজনীয়েও মূৰটো ঘূৰাই সিহঁতৰ ফালে চাই ৰৈ দিছে।


 তেওঁৰ চকু-মুখৰ অভিব্যক্তিখিনি মোৰ বাবে কিছু দুৰ্বোধ্য যেন লাগিল৷


 মই এবাৰ বাইলৈ আৰু আনবাৰ ৰঞ্জনহঁতৰ ফালে চাবলৈ ধৰিলো।

 ‘হেই, চাওঁ, এইফালে...’

 সি মানে বাইজনীকে ওচৰলৈ মাতিছে।

 তেওঁ কিন্তু মুখখন ঘূৰাই কিচ্ছেনৰ ফালেহে সোমাই গ’ল।

 কথাটো বা কি!

 তেনেতে দেখিলো, মালিকজন নিজেই আগবাঢ়ি গৈ ৰঞ্জনহঁতক কিবা লাগিব নেকি সুধিছেগৈ। তেওঁৰ কথা শুনি ৰঞ্জনৰ পিছে খঙেই উঠি আহিল।

 ‘হেৰি, এইবোৰ কি মানুহ ৰাখিছেহে? মাতিলে ৰেচপণ্ডেই নকৰে যে!’

 মালিকজনে যেনিবা হাঁহি এটা মাৰি ‘আহিব আহিব, অকণমান ৰ’ব’ বুলি কৈ নিজেও বাইক ডাঙৰকৈয়ে এবাৰ মাতি দিলে।

 তাৰ পিছত কিছু ক্ষণৰ অপেক্ষা। এক নাটকীয় চাচপেন্স।

 অলপ পিছতে, পিন্ধি থকা চাদৰখনৰ আঁচলটোতে হাত দুখন মোহাৰি

৯৯