যিয়েই নহওক, উভতি গৈয়েই কথাখিনি ভালদৰে পাতিমগৈ বুলি কৈ তেওঁৰ পৰা বিদায় মাগিলো আৰু ফ্ৰে’ছ হৈ লওঁ বুলি টয়লেটত সোমালোগৈ।
ইতিমধ্যে, ট্ৰে এখনতে দুকাপ চাহ আৰু বিস্কুট লৈ ববী ৰৈ আছিলহি।
‘ডাঙৰ দাদাৰ কোৱাৰ্টাৰতো এপাক মাৰি আহিবগৈ নেকি!
অথনি, দিদিয়ে ফোন কৰিছিল। মই বোলো, সন্ধিয়া পঠিয়াই দিম বাৰু।’
ডাঙৰ দাদা মানে সুব্ৰতৰ ককায়েক। ববীৰ বৰজনাক।
ট্ৰেফিক পুলিচৰ ইন্সপেক্টৰ। পুলিচ কল’নিৰ কোৱাৰ্টাৰত থাকে।
পিছে, মোৰনো কি? নিজুৱে য’লৈকে নিয়ে যাম, নিনিলে নাযাওঁ।
গ’লে, নতুন কিবা এটা দেখিম, শিকিম। নগ’লে, নেদেখো, নিশিকো।
কথা ইমানেইহে আৰু!
নোযোৱাৰতো অৱশ্যে কথাই নাছিল।
সন্ধ্যা ছয় বজাৰ লগে লগে নিজুৰ পিছত উঠি ল’লোগৈ আৰু ঠিক পাঁচ মিনিটৰ পিছতে উপস্থিত হ’লোগৈ পুলিচ কলনিৰ তিনি নম্বৰ কোৱাৰ্টাৰটোত।
কলিং বেল টিপাৰ ক্ষন্তেক পিছতে মহিলা এগৰাকীয়ে দুৱাৰখন খুলিলেহি আৰু আমাক বহাকোঠালৈ আগবঢ়াই নিলে। তেওঁ মানে ববীৰ জা।
তাত পিছে মোৰ লগত বেছি কথা-বাৰ্তা নহ'লেই।
প্ৰথম কথাটো হ’ল, মহিলাগৰাকীয়ে নিজুৰ লগত ঘৰুৱা কথা কিছুমানৰহে অৱতাৰণা কৰিলে যিবোৰ কথাত মই ভাগ লোৱাৰ কোনো মানে নাছিল।
দ্বিতীয়তে, তেওঁ অসমীয়া একেবাৰে নাজানিছিল আৰু মই যিমানখিনি বাংলা ক’ব পাৰো সেইখিনিৰে তেওঁৰ লগত ৰসাল বাৰ্তালাপ কৰাৰ উপায় নাছিল।
গতিকে, বেছিভাগ সময় তাত মই নিৰৱ দৰ্শক হৈয়ে কটালো।
অৱশ্যে, মোৰ লগত বিশেষ কথা-বাৰ্তা নাপাতিলেও দেখাই-শুনাই আৰু কথাই-বাৰ্তাই মহিলাগৰাকী বেচ সপ্ৰতিভ আছিল বাবে মোৰ আমনি লগা নাছিল।
তাতে, তেওঁৰ লগত কথা পাতি নিজুৱে ভাল পাইছিল।
তেওঁৰ ভাল লগা কথাটোত আপত্তি কৰিবলৈ মোৰ কোনো কাৰণ নাছিল।
বিদায়ৰ পৰত নিজুৱে পিছে মহিলাগৰাকীৰ ভৰি চুই প্ৰণাম কৰিলে।
কথাটোত মই যথেষ্ট আশ্চৰ্য্যাম্বিতই হ’লো।
মই কিন্তু হাতযোৰ কৰিহে তেওঁক প্ৰণাম কৰিলো আৰু বিদায় ল’লো।
সেই সময়তে আহি উপস্থিত হোৱা তেওঁলোকৰ ল'ৰাজনে কিন্তু নিজুৰ লগতে হঠাৎ মোৰো ভৰি চুই প্ৰণাম কৰিলেহি আৰু হাতখন মূৰত লগাই দিলেগৈ।
কথাটোত মই বিব্ৰত অনুভৱ কৰিলো আৰু ভৰি দুখন আঁতৰাই আনিলো।