পৃষ্ঠা:এই নদী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মজিয়াতহে শুই আছে। বিচনাৰ পৰা পৰি যায় বুলি তাইৰ হেনাে ভয় লাগিল।

 এই পৃথিৱীখনত কিমাননাে আচৰিত হ'বা বুলি ভাবি আজিকালি আৰু আচৰিত হ’বলৈ বাদেই দিছোঁ। য’ত যি দেখা পাওঁ, নির্বিকাৰভাৱেই চাই যাওঁ।
 এটা সময়ত, ডাঙৰ ষ্টেচন এটাত ট্ৰেইনখনে ৰােৱাৰ আয়ােজন কৰিলে।

 বাহিৰলৈ চাই দেখিলাে, বাংলাত ডাঙৰ আখৰেৰে লিখা আছে, ‘শিলচর’!

 নিজুয়ে খিৰিকিৰে বাহিৰলৈ চাই চাই কাৰােবাৰ সন্ধান কৰিবলৈ ধৰিলে।

 হঠাৎ, হাতখন বাহিৰলৈ উলিয়াই ‘এই, এইদিকে, এখানে’ বুলি তেওঁ চিঞৰি দিলে আৰু পিছ মুহূর্ততে দেখিলাে, দুজনমানে আমাৰ দবাটোৰ সমানে সমানে দৌৰি দৌৰি আগবাঢ়িবলৈ ধৰিছে।

 নবৌৱে ক'লে, তাৰে ওখজনেই তেওঁৰ জোঁৱায়েক।

 প্লেইটফর্মত ভৰি দিয়াৰ পিছতে দেখিলাে, জোঁৱায়েক দৌৰি আহি নবৌৰ ভৰিত ধৰি প্রণাম কৰিলেহি। তেওঁ জোঁৱায়েকৰ মূৰত হাত থৈ আশীর্বাদ দিলে।

 তেওঁৰ লগত অহা বন্ধুজনেও, দেখিলাে, তাকেই কৰিলে।

 এপাকত মন কৰিলাে, প্লেইটফর্মখনত গােট খােৱা যাত্রীসকল আৰু তেওঁলােকক আগবঢ়াই নিবলৈ অহা বহুতেই বয়সস্থসকলৰ ভৰি চুই প্রণাম কৰিছে।

 আমাৰ সমাজখনত অৱশ্যে হাতযােৰ কৰি নমস্কাৰ দিয়াৰহে নিয়ম আছে। মােৰ বাবেও হাতযােৰ কৰি নমস্কাৰ কৰাটোৱেই যথেষ্ট।

 তাতকৈ বেছি কৰিলে অতিভক্তি যেন লাগে আৰু মােৰ লাজ লাগে।

 নিজুৱে চিনাকি কৰাই দিয়াত তেওঁলােকৰ লগত কিন্তু হেণ্ডশ্বেক কৰিলাে।

 মােৰ হাতৰ বেগটো তেওঁৱেই ল’ব বিচাৰিছিল। মই কিন্তু নিদিলাে।

 গাড়ীৰ খিৰিকিৰে চাই চাই গৈ থাকোতে দেখিলাে, দোকান-পােহাৰবােৰৰ চাইনবর্ডবােৰত বাংলা, হিন্দী আৰু ইংৰাজী। ক’তাে অসমীয়াৰ চিন-চাব নাই।

 আনকি, ‘আসাম’ বুলিহে লিখা দেখিলাে। ‘অসম’ বুলি লিখা নাই।

 সঁচায়ে, এইখন অসমেইনে! ইয়াত অসমৰ কিবা নাম-গােন্ধ আছেনে!

 ভাষাটোৱেই যদি নাই, অসমীয়া বুলিবলৈ ইয়াত আছেনাে কি?

 বেয়া লাগিল। বুকুখনৰ ক'ৰবাত যেন মােচৰ খাই গ’ল।

 যিটো উৎসাহত ঢপলিয়াই গৈছিলাে, সেইটো উৎসাহ যেন হেৰাই গ'ল।

 অৱশ্যে, তেওঁলােকে মােৰ লগত অসমীয়াতে কথা পাতিলে।

 মই বাংলাত কিবা সুধিলেও তেওঁলােকে উত্তৰটো অসমীয়াতে দিয়ে।

 ‘চাওক, ইমানদিনৰ মূৰত অসমীয়া ক’বলৈ সুবিধা এটা পাইছো!’

 মানুহজনৰ কথাষাৰ শুনি তেওঁলৈ কিবা এটা মৰমেই লাগি গ'ল।

৪৯