পৃষ্ঠা:এই নদী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু কৰিবলৈ আন কাম নথকাত আধাঘণ্টাৰ পিছতে বাহিৰ ওলালো।  এইবাৰ পিছে ওভতনি যাত্ৰাহে। মানে, শিলচৰ টাউনলৈ।

 বাটতে ৰাধা-কৃষ্ণৰ মন্দিৰ এটা দেখা পাই তেওঁ বাইকখন ৰখাই দিলে।

 মই বোলে, হ’ল কি! এওঁ আক’ মন্দিৰতহে সোমাব নেকি?

 তেওঁ বোলে মন্দিৰটোৰ ওচৰৰে খুৰাক এজনৰ ঘৰতহে এপাক সোমাব।

 ইয়াত এওঁৰ আক’ ক’ৰ খুৰাকজন ওলালহি!

 ‘তেওঁ আমাৰ বংশৰ খুৰা হয়। নোসোমালে বৰ বেয়া কথা হ'ব।’

 অ! সম্বন্ধটো মানে তেনেকুৱাহে।

 তথাপিও, তেওঁ যাব খুজিছে যেতিয়া মইনো আপত্তি কৰো কিয়?

 গলি এটাৰে গৈ গৈ বিৰাট অট্টালিকা এটাৰ সমুখত বাইকখন ৰ'লগৈ।

 যথেষ্ট আত্মবিশ্বাসেৰে মোক ‘আহক’ বুলি কৈ তেওঁ আগবাঢ়িল।

 বেলকনিটোতে গৃহস্থজনৰ লগত আমাৰ দেখা-সাক্ষাৎ হ’ল।

 মোৰ লগত চিনাকি কৰাই দিয়াত মই বাংলাতে কথা আৰম্ভ কৰিলো।

 ‘আপুনি অসমীয়া বুলিহে ভাবিছিলো।’

 মইতো অসমীয়াই। পিছে, এওঁনো কি ভাবি এনেকৈ সুধিলে।

 ‘নহয় মানে, অসমীয়া নকৈ আপুনি বাংলা কৈছে যে!’

 গৃহস্থজনৰ কথাষাৰ শুনি মইতো বিচূৰ্তি খালো।

 সঁচা কথা ক’বলৈ হ'লে, নিজকে বিৰাট অপৰাধী যেনেই অনুভৱ হ'ল।

 তাৰ পিছত, প্ৰায় আধাঘণ্টা ধৰি আমাৰ মাজত চলিল কেৱল অসমীয়া।

 গৃহস্থজনৰ লগত মই আত্মবিভোৰ হৈ কথা পাতি থাকোতেই খুৰীয়েকে কোন টলকত নিজুক ভিতৰলৈ মাতি নিলেহি, গমেই নাপালো।

 হঠাৎ, তেওঁ ওলাই আহি ‘ব’লক!’ বুলি কোৱাতহে চক্ খাই উঠিলো।

 ইতিমধ্যে, বাহিৰত আন্ধাৰ হৈ আহিছিল।

 ঘৰে-বাহিৰে চাৰিওফালে লাইটবোৰ জ্বলি উঠিছিল।

 যিমান পাৰি সোনকালে ববীৰ ঘৰ পাই গাটো ধুই ল’বলৈহে মন গৈছিল।

 কিন্তু, মোৰ মন গলেইতো নহ’ব। শিলচৰখনত নিজুৰ কিমান যে বন্ধু!

 ইমান দিনৰ মূৰত আহিছে যেতিয়া, সেইসকলক তেওঁ এবাৰ হ’লেও দেখা এটা নকৰাকৈ গ’লে জানো ভাল হব?

 টাউনৰ প্ৰধান পথটোৰে কিছুদূৰ গৈ, হঠাৎ সোঁফালে হেণ্ডেলডাল ঘূৰাই ডি.চি, অফিচটোৰ কাষেদি পাক এটা মাৰি আকৌ সোঁফালৰ গলি এটাৰে সোমাই

গৈ তেওঁ বাইক ৰখালেগৈ চাহ দোকান এখনৰ সমুখত।

৫৪