কিন্তু, এতিয়া হঠাৎ এইবোৰ ‘কথা’ হৈ পৰিল যে!
পৰক! সেইবুলি সি কি পৰাজয় স্বীকাৰ কৰি পলায়ন কৰিব?
সি আঁতৰি দিয়া মানেতো সিটো পক্ষক সুবিধা কৰি দিয়াহে হ'ব।
সেই সুবিধাটো সেই বেটাই কিয় পাব লাগে?
সেই সুবিধাটো সি কিয় নাপাব, তাৰ স্পষ্ট উত্তৰ বিচাৰি সি পিছে এদিন এক গাঁৱলীয়া ৰাস্তাৰ কেঁকুৰিত আকৌ এবাৰ ৰাণাৰ মুখামুখি হ’লহি।
‘তোমাক ইয়াৰ পৰা যাবলৈ কৈছিলো নহয়! যোৱা নাই কিয়?
তুমি কি মোক ছেলেঞ্জ কৰিছা নেকি?’
এনেয়ে দুপৰীয়াৰ সেই নিজান ৰাস্তা! তাতে, ৰাণাতকৈ তুলনামূলকভাৱে সি বেছি শক্তিশালীও। তেনেস্থলত, ই এতিয়া কৰে কি!
বহুত দেৰিলৈ ইপক্ষইয়ো লৰচৰ কৰা নাই, সিপক্ষইয়ো।
ইপিনে, ৰাণাৰ মনৰ ভাবটো হ’ল, সেই সময়তে কোনোবা নহয় কোনোবা চিনাকি মানুহ এজন সেই ৰাস্তাৰে আহি ওলাবহিও পাৰে।
নহ'লেও, নাটকীয়ভাৱে পৰিস্থিতিটো সলনি হৈ যাবও পাৰে।
হ’লো সঁচা। মানে, কাষৰ গলি ৰাস্তাটোৰে হঠাৎ কুকুৰ এটা দৌৰি আহি ইহঁত দুটাৰ মাজতে সোমালহি আৰু ভুকিবলৈ ধৰিলে।
তাৰ পিছে পিছে খেদি আহিছে এটা মস্ত ক’লা কুকুৰ!
‘ৰাস্তাই-ঘাটে এই কুকুৰবোৰৰ কিনো এইবোৰ জা-নো! চেই, চেই!’
কুকুৰকেইটাৰ প্ৰতি তাৰ গালিষাৰ শুনি ৰাণাৰতো হাঁহিয়েই উঠি গ'ল।
লগে লগে ই ঠিক কৰিলে, এইটো চান্সতে ইয়াৰ পৰা আঁতৰাহে কথা!
সেই কুকুৰ-আখ্যানৰ পিছত বহুদিনলৈ সিহঁতৰ মুখামুখি হোৱা নাছিল।
হয়তো, ইয়াক ক'ৰবাত দেখিলেই লাজতে সি নিজেই আঁতৰি দিছিল।
কিন্তু, তাৰ আচলতে লাজ লগা নাছিল।
যিহেতু বিয়াখনৰ প্ৰস্তুতি আগবাঢ়িছিল সেয়েহে সি ৰণনীতিহে সলাইছিল।
মানে, মানুহক দেখুৱাই সি বিয়াৰ যা-যোগাৰত অতি ব্যস্ত হৈ পৰিছিল।
তাৰ ওপৰত দায়িত্ব ন্যস্ত নকৰা কামবোৰতো সি হস্তক্ষেপ কৰিছিলগৈ।
চিনাকি দুই-একৰ আগত সি দিয়া যুক্তিটো হ’ল এইখন ঘৰৰ প্ৰতি তাৰ এটা দায়িত্ব আছে। হওতে দায়িত্ব বাকীবোৰৰো আছে, কিন্তু, শহুৰেকৰ ককাই- ভাইবোৰ যিহেতু অতি স্বাৰ্থপৰ আৰু সেইবোৰ মানুহে যিহেতু বিয়াৰ দিনাহে দেখা এটা দি নিজৰ দায় সাৰিবহি, সেইবাবে শহুৰেকক অলপ সহায় কৰি দিবলৈ
বুলি সি নিজেই আগবাঢ়ি আহিছে।