‘কথা এটা কওঁ। মই মানে ইয়াৰ পৰা বাহিৰে বাহিৰে মাহঁতৰ ঘৰলৈকে যাম বুলি ভাবিছোঁ। এই অকণমান ঠন নধৰালৈকে তাতে থাকিব লাগিব। তাত, তাইক অকণমান ধৰি-মেলি দিবলৈ মাহঁতাে যিহেতু আছেই, অসুবিধা নহ'ব।
নহ’লে, ভাৰাঘৰটোত তাইক লৈ আমাৰ যথেষ্ট সমস্যাহে হ'বগৈ।’
সমস্যা! এই ছােৱালীজনীক লৈ আমাৰ সমস্যা হ’ব!
কি কথা কোৱাহে’?
মানৱৰ আচলতে খঙেই উঠি আহিল। কিন্তু, সি নিজকে নিয়ন্ত্রণ কৰিলে।
ঠিক আছে বাৰু। দুই এদিন থাকিবগৈ। কিন্তু, বেছিদিন নহয়।
তাইক এৰি সিতাে ভাৰাঘৰটোত অকলে থাকিব নােৱাৰিব।
সেইমতেই, কেঁচুৱাটোৰ জন্মৰ তিনিদিনৰ পিছতে সি ৰাধাহঁতক মাকৰ ঘৰলৈ লৈ গ'ল। পদূলিমুখত গাড়ীখন ৰােৱাৰ লগে লগে চুবুৰীটোৰ দুই-এগৰাকী মহিলা আগবাঢ়ি আহিল আৰু কেঁচুৱাটো তাতে এবাৰ চালেহি।
‘মুখখন দেখােন দেউতাকৰ দৰেই হৈছে। কপালখন অৱশ্যে মাকৰ দৰে।’
কথাটো মানৱে নিজেও মন কৰিছে। তাৰ মনটো ভালেই লাগি গ’ল।
‘ৰংটো অৱশ্যে বগাই হ’ব যেন লাগিছে। নে কি কোৱা ৰাধাৰ মাক ?’
মানৱৰ বুজিবলৈ বাকীয়েই নাথাকিল যে মানুহগৰাকীয়ে আচলতে ৰাধাৰ মাকৰ গাৰ কেটোৰ ক'লা ৰংটোৰ লগত সংগতি ৰাখিহে সেই মন্তব্যটো দিলে।
কিন্তু, কেঁচুৱাটো তাত থকালৈকে সিতাে কোনাে ৰিস্কেই ল'ব নােৱাৰে।
সেয়ে, সি সেই কথাষাৰ মন নকৰাৰ দৰেই বেলেগ ফালে চাই ৰৈ থাকিল।
বাৰু, এইবােৰ যিয়েই নহওক, কেঁচুৱাটো লৈ ৰাধা মাকৰ ঘৰত মােটামােটি এটা মাহেই থাকিল। সেইটো মাহত মানৱেও তালৈ পুৱা-গধুলি দুবাৰকৈ তাঁতবাতি কৰিয়েই থাকিবলগীয়া হ'ল। খালি, ৰাতিটোহে সি ভাৰাঘৰত থাকেগৈ।
পিছে, ৰাতি দেখােন তাৰ ভাল টোপনি নাহেই।
তাৰ চকুৰ সমুখত অনবৰতে ভাঁহি থাকেহি কেৱল ছােৱালীজনী!
তাই বাৰু প্ৰস্ৰাৱতে শুই আছে নেকি! তাই বাৰু কান্দিছে নেকি!
তাৰ মনত যে হাজাৰটা চিন্তা। চিন্তাত সি মানে চট্ফটায়েই থাকে।
পিছে, ঘৰে-বাহিৰে, ৰাস্তাই-ঘাটে শুভাকাংক্ষীসকলে আক’ কয় কি!
বােলে, তাইক অলপ কান্দিবলৈয়াে দিবা!
নহ'লে, তাইৰ মাতটো ভাল নহ’বগৈ।
তাইক অনবৰতে কোঁচতে লৈ নাথাকিবা!
তাইক অলপ হাত-ভৰি মাৰিবলৈয়াে দিবা!