হাঁহি এটা মাৰি সি গেইটৰ বাহিৰ হ’ল আৰু টাউনৰ দিশেৰে আগবাঢ়িল।
তিনি আলিটো পায়েই ‘মেঘালী’ৰ সমুখত সি বাইকখন ৰখালে।
মানে, চাহ একাপ খাই ল'ব লাগে।
‘কি হে’, আজিকালি খুউব ব্যস্ত বোলে!’
চাহকাপত চুমুক দিওতেই হঠাৎ দেখা দিলেহি বেদান্তই।
সমুখৰ চকীখনতে বহি লৈ সি ৰহস্যৰ হাঁহি এটা মাৰিলে।
‘কথা এটা শুনিলো, সঁচা নেকি?’
‘কি কথা?’
‘ইয়াতে বোলে ক'ৰবাত চেটল কৰাৰ কথা ভাবিছা?’
‘ধু-উ-ৰ, কোনে ক'লেহে’?’
‘মোৰ আগত নুলুকুৱাবা, দোষ্ট!
হৈছে যদিতো ভালেই। পিছে, চাই-চিতি লৈছাতো?’
‘চোৱা, এইবোৰ কথা মই বৰ্তমান ভবাই নাই।’
হঠাৎ অহা অচিনাকি নাম্বাৰৰ ফোন এটাৰে গইনা লৈ সি আঁতৰি আহিল।
পাণ এটা মুখত ভৰাই লৈ এইবাৰ সি বাইক পোনালে জয়ানগৰৰ দিশে।
পাঞ্জাৱী হোটেলখনৰ কাষেৰে যোৱা গলি ৰাস্তাটোৰে সি সোমাই গ'ল আৰু বাওঁফালে থকা লোহাৰ গেইট এখনৰ সমুখতে ৰ'লগৈ। গেইটৰ বাহিৰতে বাইকখন ৰখাই সি কেম্পাছটোলৈ সোমাই গ'ল আৰু কলিং বেল টিপিলেগৈ।
লুঙী পিন্ধা ওখ-পাখ মানুহ এজন ওলাই আহিল।
‘আহিলাই নেকি?’
‘নাই নাই, ৰূমটো এবাৰ চাই-চিতি যাবলৈহে আহিছোঁ।’
দুৱাৰ-খিৰিকিকেইখন মেলি দি সি ৰূম দুটাৰ চুক-কোণবোৰ আকৌ এবাৰ ভালকৈ চাই ল’লেঃ বেৰকেইখনত নতুনকৈ চুণ-তেল দি থৈছে। মজিয়াখনো সাৰি-মচি চাফা কৰিয়েই থোৱা আছে। বিচনা দুখন আৰু টেবুল এখনো দিছে। চিলিংফেন এখনো লগোৱা আছে। পাকঘৰত গেছষ্ট’ভ ৰাখিবৰ বাবে পকা ৰেক এডালতো আছেই। ইফালে, টয়লেট আৰু টিউবৱেলটোও পিছ দুৱাৰমুখতে।
বৰষুণৰ বতৰতো অসুবিধা নহ’ব যেন লাগে।
আগফালে পিছফালে এবাৰ ঘূৰি পকি চাই সি এইবাৰ ভিতৰ সোমাল।
হয়তো, ঘৰ চাফা কৰিবলৈ বুলি আনি এৰি থৈ যোৱা, ধুলিৰে লেতেৰা হৈ থকা পুৰণা কাঠৰ চকী এখন বাৰাণ্ডাতে দেখি, মহাৰিবলৈ ফটা কাপোৰ জাতীয়
কিবা এখন পায় নেকি বুলি সি ইফালে সিফালে ঘূৰি পকি চালে।
৬৯