পৃষ্ঠা:এই নদী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সন্ধিয়া, নিজুৰ ভনীয়েকৰ ঘৰততো আৰু সাংঘাতিক কথা এটা দেখিলো।

 বহুদিনৰ মূৰত লগ পাই নিজুৱে তাৰে এজনক মোৰ পৰা শুদ্ধ অসমীয়া শিকি ল’বলৈ কোৱাত তেওঁ ক'লে বোলে তেওঁ মোকহে অসমীয়া শিকাব পাৰিব।

 মইতো আচৰিত হোৱাৰে কথা। লগতে, নিৰাপদো অনুভৱ কৰিলো।

 এনেকৈ হ'লে দেখোন আমাৰ ভাষাক লৈ শংকিত হোৱাৰ কাৰণ নাই।

 কিন্তু, মন কৰিলো, তেওঁলোকে মোৰ লগত হাজাৰ অসমীয়া ক'লেও নিজৰ মাজত কিন্তু অনবৰতে বাংলাই কয়। আনকি, হামি এটা মাৰিলেও বাংলা।

 ‘চাওক, আমি অসমীয়া ভাষা গ্ৰহণ কৰিছোঁ। কিন্তু, বাংলা এৰিব নোৱাৰো।

 কেনেকৈ এৰিম? ই আমাৰ তেজত মিহলি হৈ আছে।

 ই আমাৰ মাতৃভাষা। তাহানি, মাত ফুটাৰে পৰাই বাংলা কৈ আহিছোঁ।’

 সেই সন্ধিয়া, আড্ডা মাৰি থাকোঁতে চুবুৰীৰে শিক্ষক এজনে প্ৰসঙ্গক্ৰমে কোৱা কথাষাৰৰ বিৰোধ কৰিবলৈ মোৰ হাতত হলে কোনো সবল যুক্তি নাছিল।

 কোনোবাই নিজৰ মাক আৰু নিজৰ মাতৃভাষাক ভাল পোৱাটো কোনো কাৰণতে অপৰাধ হ'ব নোৱাৰে। অপৰাধ তেতিয়াহে হ’ব যেতিয়া তেওঁ আনৰ মাক আৰু মাতৃভাষাক অপমান কৰিবহি।

 কিন্তু, সেইটোতো তেওঁলোকে কৰা নাই।

 অন্ততঃ তেতিয়ালৈকে তাত মই লগ পোৱাকেইজনে কৰা দেখা নাই।

 ৰাতি শুবৰ পৰত, নিজুৱে পিছদিনাৰ পৰা ফুৰিবলগীয়া ঠাইসমূহৰ এখন তালিকা আওৰালে। মইয়ো ভাবিলো, আহিছোঁ যেতিয়া অলপ কষ্ট হলেও ইয়াৰ য’ত যিমান টুৰিষ্ট স্পট আছে, এবাৰ চাই যোৱাই হওক।

 সেইমতে, পিছদিনা বাইক এখনৰ যোগাৰ হ’ল। লগতে, হেলমেটৰো। নহ’লেতো, ভনী-জোঁৱাইৰ ককায়েক ট্ৰেফিক পুলিচৰ ইন্সপেক্টৰজনেই ৰাস্তাত বাইক ৰখাই ফাইন ভৰাই দিয়াৰ ভয়। আনকি, বাইক ৰাখি থ’বও পাৰে।

 পিছদিনা পুৱা ন বজাতে ভাত-পানী খাই বৈ ওলালো আৰু!

 শিলচৰ চহৰৰ লাইফ লাইন বোলা মহাচড়ক হৈ আমাৰ বাইক দৌৰিল দক্ষিণ দিশলৈ বুলি। বৰাক নদীৰ দলংখন পাৰ হৈ আমি প্ৰথমে উপস্থিত হ’লোগৈ ‘ভাষা-শ্বহীদ ষ্টেচন’ নামে খ্যাত তাৰাপুৰৰ শিলচৰ ৰেইল-ষ্টেচনৰ সমুখত।

 আগদিনা আবেলি, সেইটো ষ্টেচনতে নামিছিলোহি যদিও একান্ত সময়ৰ অভাৱৰ বাবেই কোনোফালে ভালকৈ মনকাণ দিবলৈ নহ'ল। ট্ৰেইনৰপৰা নামিয়েই মানুহৰ ভীৰৰ মাজেৰে নিজুৰ ভনী-জোঁৱাইৰ পিছে পিছে দৌৰি গৈ তেওঁলোকৰ

গাড়ীখনত উঠি লোৱাৰ চেষ্টাহে কৰি থাকিলো।

৫০