পৃষ্ঠা:এই নদী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিচালনাৰ ক্ষেত্ৰত প্রয়ােজন হােৱা আচল কথাটোকে উল্লেখ কৰিলেহি।

 লগেলগে, উপস্থিত আটাইকেইজন সহকর্মী যেন এনে এক পৰিস্থিতিত পৰি গ'ল যে তেওঁলােকে না হাঁহিব পাৰে না গহীন হৈ থাকিব পাৰে।

 কিন্তু, তৎমুহূর্ততে পৰিস্থিতি চম্ভালি ল’বলৈ বুলি বিজয় বৰুৱা আগবাঢ়িল।

 ‘হেৰি মানে, সকলােৱে নিজৰ নিজৰ ডিউটিখিনিতাে ঠিকমতে কৰিবই।

 সেইখিনি কথা বাৰু সকলােৱে জানে আৰু আমি ভাবাে কাকো সোঁৱৰাই দিবও নালাগে, নহয় জানাে?

 কিন্তু, তাৰ মাজতাে অৱশ্যে, পৰিৱেশ-পৰিস্থিতি চাই কিছু এৰা ধৰাতাে মাজে সময়ে কৰিব লাগিব আৰু! নে কি কয়?

 এৰা। অধ্যক্ষৰ চকীখনত বহি লৈয়েইতাে ৰাস্না বাইদেৱে ইমান কঠোৰ ৰূপ এটা ধাৰণ কৰিব নােৱাৰে। কৰিলে, তেওঁৰ সহকর্মীসকলে কি ভাবিব !

 তথাপিও, দুই এটা কথাতটো পৰিৱৰ্তন একোটা আনিবই লাগিব।

 বিশেষকৈ, সময়-সূচীখন মানি চলাৰ ক্ষেত্ৰত।

 নিজৰ ক্লাছটো কৰিয়েই কোনেও যাতে কোনাে কাৰণতে গুচি নাযায়, তাৰ বাবে দৰকাৰ হ’লে এক্সষ্ট্ৰা কিবাকিবি প্রগ্রেমাে উলিয়াব লাগিব।

 অৱশ্যে, কাইলৈৰ পৰাই নহয় আৰু। লাহে লাহে।

 বিজয় বৰুৱাদেৱ আকৌ এবাৰ নিজৰ চকীখনৰ পিছফালে থিয় হ’লহি।

 ‘শ্রদ্ধেয় অধ্যক্ষ মহােদয়া আৰু মােৰ সহকর্মীবৃন্দ!

 আজি যিহেতু এগৰাকী নতুন অধ্যক্ষই আমাৰ মহাবিদ্যালয়ৰ কাৰ্য্যভাৰ গ্রহণ কৰিছেহি, এই বার্তাটো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈকো আজিয়েই লৈ যােৱাটো প্রয়ােজনীয়। সেয়েহে, এতিয়া ছাত্র-ছাত্রীসকলৰ লগতাে এখনি সভাৰ আয়ােজন কৰি এই বার্তাটো তেওঁলােকক দিব লাগে।

 আশা কৰাে, আপােনালােক সদৌটি আমাৰ প্রেক্ষাগৃহলৈ গৈ আমাৰ প্রাক্তন অধ্যক্ষক বিদায় সম্ভাষণ জনােৱাৰ লগতে নতুন অধ্যক্ষ গৰাকীকো এক সম্বর্ধনা জনােৱাত সহায় সহযােগিতা আগবঢ়াব। ধন্যবাদ!’

 প্রেক্ষাগৃহটি ইতিমধ্যে সাজু কৰি ৰখা হৈছিলেই।

 ছাত্র-ছাত্রীখিনিও বহুদেৰিৰ পৰাই হাই-হুলস্থুল কৰি সময় কটাই আছিলেই।

 এইবাৰ, ধীৰ গতিত প্রৱেশ কৰিলেহি শিক্ষক-শিক্ষয়িত্ৰীসকল।

 এইখন মিটিং পিছে বেছি দীঘলীয়া নহ'ল।

 ছাত্র-ছাত্রীবােৰেতাে মিটিঙৰ দীঘলীয়া লেকচাৰ ভালেই নাপায়।

 তথাপিও, ‘মােৰ ল'ৰা-ছােৱালীহঁত!' বুলি সম্বােধন কৰি সদ্য প্রাক্তন