পৃষ্ঠা:এই নদী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংক্ৰমণ

 

 দিনৰ ঠিক এঘাৰ বজাৰ লগে লগে আটাইকেইজন শিক্ষক-কৰ্মচাৰীয়েই অধ্যক্ষৰ কক্ষটোলৈ এজন এজনকৈ ধীৰ গতিৰে সোমাই আহিল আৰু যিমানখিনি পৰা যায় সম্ভ্ৰম ৰক্ষা কৰিয়েই তেখেতৰ সমুখৰ চকীকেইখনত বহিলহি।

 চতুৰ্থবৰ্গৰ কৰ্মচাৰীকেইজন যেনিবা সকলোৰে পিছফালে থিয় দিলেহি।

 সকলোৰে মুখবোৰ মোটামুটি গহীন।

 ‘কিবা বিশেষ কথা আছিল নেকি? ক্লাছবোৰ নাই হোৱা নেকি?’

 তেখেতে প্ৰত্যেকৰে মুখলৈ এক গভীৰ কৌতুহলেৰে চাবলৈ ধৰিলে।

 আচলতে, কোনো ধৰণৰ হুলস্থূলীয়া পৰিৱেশ এটাৰ সৃষ্টি নহওক বুলিয়েই তেখেতে আজি ইমানদিনে দৰকাৰী কামবোৰ নীৰৱেই সমাধা কৰি গৈ আছে।

 এইখিনি সময়তো, পিছলৈ যাতে কোনো ধৰণৰ কাগজ-পত্ৰ লৈ তেখেতৰ ঘৰলৈকে ঢপলিয়াব লগীয়া পৰিস্থিতি এটা নহয়গৈ, তাৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষ ফাইল কেইটামানত শেষবাৰৰ বাবে চকু ফুৰাই থকাৰ মাজতে তেখেতে প্ৰতিজন সহকৰ্মীৰ মুখলৈ একোবাৰকৈ মূৰ তুলি চালে।

 এটা সময়ত ফাইলকেইটা জপাই থৈ সকলোৰে মুখৰ ওপৰেদি আকৌ এবাৰ চকু ফুৰাই আনি শেষত অলপ হঁহাৰ দৰে কৰিলে।

 ‘সব আহি ইয়াত উপস্থিত হৈছেহি দেখোন! কি হৈছে?

 ক'ৰবাত কিবা অঘটন হৈছে নেকি?’

 লগেলগেই, কোঠাটোত উপস্থিত থকা প্ৰতিজনৰে মুখমণ্ডলত তেখেতৰ মুখৰ হাঁহিটোৰ সংক্ৰমণ ঘটিলহি আৰু ৰূমটোৰ পৰিৱেশটো কিছু সহজ হৈ পৰিল।

 ‘নাই ছাৰ, আমি মানে আজি আপোনাক এক সম্ভাষণ জনাওঁ বুলিহে...’  ৰূমটোত সোমোৱাৰ বহুত আগৰেপৰাই ঠিক মুখস্থ কৰি থোৱা কথাকেইটা কওতেও লক্ষণ শইকীয়াৰ যেন অলপ থোঁতা-মোজাই লাগিল।

 তেনেতে যেনিবা, বিজয় বৰুৱা বহাৰ পৰা উঠিল আৰু নিজে বহি থকা চকীখনৰ পিছফালেই থিয় হৈ তেওঁলোকৰ আগমনৰ এক উদেশ্য ব্যাখ্যাৰে সমগ্ৰ

বিষয়টোক এক আনুষ্ঠানিক ৰূপ দিব বিচাৰিলে।

৩৯