পৃষ্ঠা:এই নদী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এৰা। তথাপিও, ক'ৰবাত এশাৰী হ'লেও বিপক্ষে লিখি চাব পৰা হ'লে!

 কোনে কোনেনো ফেপেৰি পাতেহি, অন্ততঃ তাকে চাবলৈকে।

 ‘ঠিক আছে, আকৌ লগ পাম তেন্তে’ বুলি তেওঁ আঁতৰি গ'ল।

 হাঁহি এটা কোনোমতে ওঁঠত ওলোমাই লৈ সিয়ো বাইকখন ষ্টাৰ্ট কৰিলে।

 কিছুদূৰ আহিয়েই সি দেখিলে,ৰাস্তাৰ মাজতে মানুহৰ এটা জুম বান্ধিছে।

 কিনো হৈছে বুলি সি বাইকখন চাইদ কৰি ৰখাই দিলে।

 গোটখোৱা মানুহখিনিৰ কান্ধ-মূৰৰ ওপৰেদি ডিঙি মেলি চাই সি দেখিলে,

 ওখকৈ খোপা বন্ধা আৰু ডাঠকৈ লিপষ্টিক লগোৱা মহিলা এগৰাকীয়ে টমটমৱালা এজনক পূৰা দম দি আছে। টমটমখনৰ ওচৰতে পৰি আছে এখন স্কুটি।

 ‘চাওক, মইতো নিজৰ ট্ৰেকতে আহি আছিলো।

 তেওঁহে স্কুটিখন হঠাৎ কাটি দিলে। মোৰ গাত কি দোষ?

 আৰে, এইটো দেখোন চন্দন! ইতো গাড়ী ঠিকেই চলায়।

 তাতে, ৰাজীৱহঁতৰ ঘৰলৈ চাউলৰ বেগৰ পৰা গেছ চিলিণ্ডাৰ অনালৈকে সববোৰ কাম ইয়েই কৰে। ল’ৰাটোৰ ব্যৱহাৰ-পাতিও ভালেই।

 এতিয়া, ইয়াৰ কাষত থিয় নিদিলেতো কথাটো বেয়া হ'ব।

 ৰাস্তাৰ কাষতে বাইকখন ষ্টেণ্ড কৰি লৈ ভীৰ ঠেলি সি সোমাই গ'ল।

 টমটমখন আৰু পৰি থকা স্কুটিখনৰ অৱস্থানটো লক্ষ্য কৰি সি চন্দনক নিৰ্দোষী বুলি ঘোষণা এটা দিলে আৰু মানুহজনীক আঁতৰি যাবলৈ ক'লে।

 ‘তুমি কোন হে’? তোমাক কোনে মাতিছে?

 মানুহজনীয়ে তৎক্ষণাত ঘূৰি লৈ ইয়াক ফেপেৰি পাতি ধৰিলে।

 এৰা, ই কোন! সিহঁতৰ কাজিয়াৰ ফয়চলা কৰি দিবলৈ ইনো কোন!

 মানুহজনীৰ ৰুদ্ৰৰূপটো দেখি ইয়াৰতো অৱস্থা একেবাৰে বেয়া হৈ গ'ল।

 হঠাৎ, জুমটোৰ মাজৰে কোনোবা এজনে তাক ‘ছাৰ' বুলি ডাঙৰকৈয়ে মাতি দিয়াত মানুহজনী যেনিবা অলপ তভক মাৰি ৰৈ দিলে।

 মানে, তাইৰো চাগে সন্দেহ হ’ল, ই বা কোন পৰ্য্যায়ৰ ‘ছাৰ’!

 ক্ষন্তেক পিছতে মানুহজনীয়ে মুখেৰে ‘সোঁহ’ কৈ শব্দ এটা কৰি স্কুটিখন ডাঙি ধৰিলে আৰু চন্দনৰ ফালে ঘোপাকৈ চাই ‘তহঁতৰ উৎপাত অলপ বেছি হৈছে, নহয়! আহি আছোঁ, ৰহ!' বুলি কৈ তড়িৎ বেগেৰে আঁতৰি গ'ল।

 কিছুসময়ৰ পিছত, গোট খোৱা মানুহখিনিও এটা এটাকৈ আঁতৰি গ'ল।

 কথা নাই বতৰা নাই হঠাৎ কি ঝামেলাখনত সি সোমাই পৰিলহি বুলি

সিয়ো খঙতে আঁতৰি আহি বাইকত উঠিলহি আৰু ভোঁ ভোঁকৈ চলাবলৈ ধৰিলে।

২৩