পৃষ্ঠা:এই নদী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সিয়াে আৰু দ্বিতীয়বাৰ তেনে এটা আদেশ নিদি প্লাষ্টিকৰ চকী এখনতে নাক ফুলাই বহি থাকিল। লাহে লাহে, তাৰ চিন্তাবােৰে পাক খাবলৈ ধৰিলেহি।

 সঁচায়ে, এই পৃথিৱীখনত কি যে মানুহ কিছুমান থাকে !

 খালি, সমস্যাৰ সৃষ্টি কৰে। সমাধানৰ উপায় এটা কিন্তু উলিয়াব নােৱাৰে।

 আচলতে, সিহঁত নিজেই একোটা সমস্যা।

 আৰু, এনেকুৱা অবাঞ্চিত সমস্যাবােৰক মানে হুদুখেদাহে দিব লাগে।

 কথাবােৰ ভাবি ভাবি এটা সময়ত তাৰ পিছে হাঁহি এটাহে উঠিল।

 হাঁহিৰ মাজতে, কিয় জানাে, তাৰ একাপ চাহ খাবলৈ মন গ'ল।

 ‘এই পৰী, প-ৰী! চাওঁ, এইফালে আহ!’

 সি জীয়েকক প্রয়ােজনতকৈ কিছু ডাঙৰকৈয়ে মাতিলে।

 বহুত পৰলৈ তাইৰ কিন্তু কোনাে সহাৰি নাহিল।

 এইৰনাে কি হ'ল বুলি আকৌ এবাৰ মাতিব খােজোতেই সি দেখিলে, তাই আহি তাৰ পিছফালেই থিয় হৈ ৰৈ আছেহি।

 ‘কি হল? সমুখলৈ আহ!

 যাচোন, ধুনীয়াকৈ চাহ একাপ বনাগৈ৷

 আৰু, তােক যে কিবা কাপােৰ লাগে বুলি কৈছিলি, ওলাবি এতিয়া!’

 তাই উভতিব খােজোতেই দেখিলে, মাকে চাহদুকাপ লৈ ওলাই আহিছে।

 পৰীৰ চাহকাপ গেছষ্ট’ভৰ ওপৰতে থৈ আহিছে বুলি কৈ মানুহজনীয়ে ৰাজীৱলৈ বুলি চাহ একাপ আথে-বেথে আগবঢ়াই দিলেহি।

 চাহকাপ ল’বলৈ বুলি হাতখন আগবঢ়াই দিওঁতেই মানুহজনীৰ লগত তাৰ চকুৱে চকুৱে পৰিল। তাই অলপ হঁহাৰ দৰে কৰিলে।

 ‘কি হল?- তাৰ মাতষাৰ এইবাৰ পিছে অলপ কোমলকৈয়ে ওলাল।

 ‘একো হােৱা নাই। চাহ খাওক! আৰু খংটো অলপ কমাওক।’

ৰচনাঃ আগষ্ট, ২০১৮.
(অন্ত)

২৮