পৃষ্ঠা:এই নদী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘মনজিৎ, ভিতৰতে সােমাই কি কৰি আছানাে?’

 হঠাৎ, মালিকনীৰ মাতষাৰ শুনি সি যেন জাপ মাৰিহে উঠিল।

 চোলাটো গাত সুমুৱাই লৈয়েই সি আগফালৰ ৰূমটোলৈ ওলাই গ'ল।

 ‘নাই, এনেয়ে অকণমান জিৰাইছিলােহে। বহক !’

 ‘সন্ধিয়াখন মহৰ কামােৰ খাই খাই কিনাে ভিতৰতে সােমাই আছা ?

 আহা নহ'লে আমাৰ ইয়ালৈকে! চাহ একাপকে খাবাহি!’

 চাহ খাবলৈ মাতিছে! মাে-ক চাহ খাবলৈ মাতিছে! এতিয়া ! কিয় বা !

 অগত্যা, মুখখন এবাৰ আইনাত চাই মূৰটো ফণিয়াই চার্ট এটা পিন্ধি আৰু হাঁহি এটা ওঁঠত ওলােমাই লৈ সি ওলাই গ'ল।

 ঘৰটোৰ ষ্টেপত ভৰি দিয়েই তাৰ পিছে আখজা যেন লাগিবলৈ ধৰিলে।

 তথাপিও, যিমান পাৰি সহজ হ’বলৈ চেষ্টা এটা কৰি সি সােমাই গ'ল।

 ‘আহা আহা, ইয়াতে বহাহি!’- মানে, একেবাৰে ডাইনিং ৰূমৰ চকীত।

 কিয় জানাে, মানুহগৰাকীৰ মাতষাৰ তাৰ কাণত নতুন যেন লাগিল।

 মানুহজনীক যথেষ্ট সাদৰী যেন লাগিল। কিবা, মাক মাক যেনেই লাগিল।

 সি ঘৰ বিচাৰি আহিবৰ দিনা তাৰপৰা তিনিমাহৰ এডভান্স বিচৰা মানুহজনী দেখােন এইজনী নহয়। এইজনী বেলেগ মানুহ। এইজনী যেন নতুন মানুহ।

 এইজনী যেন তাৰ অতি আপােন মানুহ।

 আকৌ, কথা পাতিবলৈ মন কৰিলে কথাৰ কি আকাল পৰে !

 তাতে, আগ্ৰহেৰে মাতি নিয়া জনৰ লগত কথা পাতি আমনিও নালাগে।

 মাক-জীয়েকে আবেলি পৰত ঘৰৰ ঢেঁকীত নিজেই পিঠাগুৰি খুন্দি বনােৱা পিঠা-পনা-লাডুকেইটাৰ পৰা আদিকৰি দেউতাকে গাঁৱৰ ঘৰৰ পৰা আনি দিয়া কৰ্দ্দৈ, থেকেৰাৰে বনােৱা আচাৰলৈকে হাজাৰটা বিষয়ৰ ওপৰত কথা ওলাল।

 তেওঁলােকৰ সেইবােৰ কথাৰ মাজতে এপাকত, সুন্দৰ কেশসজ্জা আৰু চকুত পৰাকৈ লিপষ্টিক বােলােৱা ওঁঠযুৰিত মিঠা হাঁহি এটা ওলােমাই লৈ অলপ চঞ্চল আৰু অলপ গহীন খােজেৰে ধুনীয়া ট্রে’ এখনত পিঠা-পনা আৰু চাহ লৈ সােমাই আহিল মামন। বােলে ‘কি বনাইছোঁ ক'ব নােৱাৰাে আৰু! খাওকচোন!’

 পকামিঠৈ এটাকে হাতত তুলি লৈ মুখলৈ নিব খােজোতেই তাৰ চকুত পৰিল, খুঁটা এটাতে আওজি লৈ মামনে তাৰ ফালে চাই মিচিকিয়াই হাঁহি আছে।

 মিঠৈটো চকুৰ আগলৈ আনি সি এবাৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিলে।

 এপাকত, মুখত সুমুৱাই লৈ কটংকৈ ভাঙি দিলে আৰু চোবাবলৈ ধৰিলে।

 ‘বঢ়িয়া ! ভাল বনাইছে দেই! পাগটো কিন্তু জোখতে হৈছে।’

৭৮