ক্ষন্তেক পিছতে, গভীৰ টোপনিয়ে তাক হেঁচা মাৰি ধৰিলেহি।
হঠাৎ, কাৰোবাৰ চিঞৰ-বাখৰ আৰু দৰ্জাখনত পৰা কেইবাটাও বলিষ্ঠ টোকৰত তাৰ টোপনি ভাগি গ'ল। ক’ত কি হৈছে একো ধৰিব নোৱাৰি সি ধৰমৰাই উঠিল, লাইটটো অন কৰি দিলে আৰু ‘কোন, কি হৈছে’ বুলি ডাঙৰকৈয়ে সুধিলে।
‘হেই, আমিহে। ভিতৰত কি কৰি আছে? দুৰ্জা খোলক!’
মানে, ঘৰটোৰ মালিক, মালিকনী!
এনেকৈ চিঞৰিছেহি যে! এওঁলোকৰ আক’ হ’ল কি!
চোলা এটা লৰালৰিকৈ গাত সুমুৱাই লৈ সি দৰ্জাখন খুলি দিলেগৈ।
লগে লগে, তেওঁলোক কেইবাজনো ভিতৰলৈ সোমাই আহিল।
‘কোনো সাৰি-শব্দ নাছিল যে! ইমান দেৰি কি কৰি আছিল?’
আৰে, এইটো আকৌ কি ধৰণৰ প্ৰশ্ন। কথাটো বা কি!
‘শুই আছিলো। হৈছেনো কি?’- সিতো দস্তুৰমত আচৰিত।
‘শুই আছিল? অ, শুইয়েই আছিল হয়। ঠিকেই আছে বাৰু।
নহয় মানে, আমি আক’ ভাবিলো, দুখে-বেজাৰে আপুনি কিজানি...’
কিবা এটা ভাবি মালিকনীয়ে বাক্যটো সম্পূৰ্ণ নকৰিলে।
তথাপিও, তেওঁলোকে কি ভাবিছিল, তাৰ কিন্তু বুজিবলৈ বাকী নাথাকিল।
লগে লগে, তাৰ হাঁহি এটাহে উঠি আহিল।
তাৰ হাঁহিটো দেখি তেওঁলোকে আক’ বেছিহে আচৰিত হৈ দেখুৱালে।
‘বহক, বহক’বুলি তেওঁলোকক বহিবলৈ কৈ সি নিজেও যেনিবা বহিল।
চোলাৰ আস্তিন কোঁচাই কোঁচাই সি এইবাৰ অলপ পোন হৈ বহি ল’লে।
‘চাওক, আপোনালোকে একো ভয় কৰিব নালাগে। মোৰ একো নহয়। মই কোনো কাৰণতে নমৰো। মানে, চুইচাইড নকৰো।
আপোনালোকৰ ঘৰটো চুৱা নকৰো। চিন্তা নকৰিব!’
তাৰ মুখৰপৰা সেই জাতীয় আশ্বাস এটা পাই তেওঁলোকে ভালেই পালে যদিও তাৰ পৰা ইমান এটা স্বাভাৱিক আৰু দৃঢ় উত্তৰ তেওঁলোকে কোনো কাৰণতেই আশা কৰা নাছিল। সেয়েহে নিশ্চয়, তেওঁলোক কিছু হতাশেই হৈ পৰিল।
‘সেইবোৰ বাৰু হ’ব। এতিয়া পিছে, ভাত-পানী বনালেনে নাই?’
মালিকনীয়ে আচলতে কথাৰ দিশটো সলনি কৰিবলৈ বিচাৰিলে।
‘অথনি খালোৱেই। মানে, পুৱাৰে ভাত-দাইল অলপ আছিল যে, তাকে গৰম কৰি খালো। নতুনকৈ এতিয়া নবনাওঁ আৰু! ভোকেই লগা নাই দেখোন!’
সি যিমান পাৰে, পৰিৱেশটো সহজ কৰিবলৈ চালে।