বহল ৰূমটোতে তাৰ ৰন্ধা- খোৱা-থকা-বহা, সববোৰ হৈ গৈছিল। ঘৰৰ কোনোবা আহিলেও চিন্তা নাছিল। বন্ধু-বান্ধৱ আহিলেও বহুৱাবলৈ অসুবিধা নহৈছিল।
তাত আৰু এটা বিশেষ সুবিধাও আছিল।
মানে,বয়সস্থ মহিলাগৰাকীয়ে তাক নিজৰ ল'ৰাৰ দৰেই ব্যৱহাৰ কৰিছিল।
পুৱা-গধুলি চাহ একাপো যাচিছিল। বাৰীৰ শাক-পাচলিৰো ভাগ দিছিল।
সবেই ঠিক আছিল। কিন্তু, জেং লগালেহি ওচৰৰে বুঢ়া এজনেহে।
তেওঁ মানে অনবৰতে বহি থাকেহি আৰু যা তা কথাবোৰ কৈ থাকে।
যিহেতু তেওঁ সেই ঘৰটোৰ মালিকৰ নিজৰে ভায়েক হয়, গতিকে, তেওঁক তাৰ ৰূমৰ পৰা ওলাই যাবলৈয়ো সি খাৰাংখাচকৈ কৈ দিব নোৱাৰে।
ক’বলৈ হ'লে সি নিজেই সেইটো ঘৰ এৰি গুচি যাব লাগিব।
কি ঠিক, তেওঁলোকে তাক গতিয়াই বাহিৰ কৰিও দিব পাৰে।
নহলে, বেলেগ কিবা অপযশ জাপি দি অপমানো কৰি দিব পাৰে।
আজিকালিতো অইন একো নহ'লেও নাৰীজনিত অপযশ এটাকে জাপি দি মানুহ গোটাই লৈ মেডিয়াৰ কেমেৰাৰ সমুখতহে নাটকবোৰ কৰে।
সেই সময়ত, তোমাক বচাবলৈ আহিব কোন?
তাতকৈ, ৰসতে নাম থৈ ঘৰটো সলনি কৰাই মঙ্গল।
কিন্তু, সবফালৰ পৰা সুবিধাৰ ঘৰ এটানো সি ইমান পটককৈ পায় ক’ত!
এইবোৰ সৰু-সুৰা নগৰ এলেকাত ভাল ভাৰাঘৰ মানুহে নবনায়েই।
বনায়েই যেনিবা, সেইমতে গ্ৰাহকো পাব লাগিব নহয়!
গতিকে, যিমান পাৰি কম খৰচত কেঁচাৰূম কেইটামানকে বনাই থয়।
বহুতে আক’ নতুন ঘৰ সজালে আগৰ কেঁচাঘৰটো ভাঙি নেপেলায়।
মনে মিলা ভাৰাতীয়া পালে দিয়ে।নহ’লে, লাংখালিংখি বস্তুবোৰ তাতে থৈ দিয়ে। মানে, সেইটো ঘৰোতো ফাওতে হোৱা নাছিল। দস্তুৰমত খৰচ হৈছিল।
গতিকে, ভাঙি পেলাব কিয়?
তেনেকুৱা ঘৰ এটা পালেওতো তাৰ কাম সিজিব।
সেইয়ে, এদিন অফিচৰ পৰা আহি ‘মেঘালী’তে চাহ-পৰঠা খাই লৈ সি নগৰখনৰ গলিকেইটাত এপাককৈ মাৰি অহাৰ কথা ভাবিলে।
সৰুঠাই। আলি-গলি বেছিনাইয়ো। পূৱে-পশ্চিমে-উত্তৰে-দক্ষিণে এপাক মাৰি আহোতে খুউব বেছি আধা ঘণ্টা লাগিব। সেইটোনো কি কথা!
এই পূৱ দিশে গৈ লাভ নহ'ব। গোটেইখন খিচিৰ মিচিৰ মানুহেৰে ভৰা।
দক্ষিণেতো নাই বুলি সি ইতিমধ্যে জানিছেই। গাঁৱৰ মানুহে ভাৰা নিদিয়ে।
৭২