দেৱজিত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ প্ৰথম ]

দেৱজিত।

মহাকবি মাধৱকন্দলী ৰচিত।

শ্রীহৰিচন্দ্ৰ দেৱ গােস্বামী

শ্ৰীধৰ্ম্মদত্ত লহকৰ দ্বাৰা
প্রকাশিত।


কামৰূপ, আসাম।
প্রথম সংস্কৰণ
****


এটকা মাথােন।

 

[ মুদ্ৰণ ]

 

কলিকাতা
৫১।২ সুকীয়া ষ্ট্ৰীট, মণিকা প্ৰেসে
শ্ৰীহৰিচরণ নে দ্বারা মুদ্ৰিত।

 

[ পাতনি ]

পাতনি।

 এই এখনি গ্ৰন্থ প্ৰায় লোপ হোৱাৰ নিচিনাই ছিল। আমি বৰ যতন কৰি ইয়াক সংগ্ৰহ আৰু কাশ কৰিলোঁ‌। আশা কৰোঁ‌, ইয়াৰ দ্বাৰা বৈষ্ণৱ লৰ অৱশ্যে অলপ উপকাৰ সাধিত হব। এতিয়া ষ্ণৱ সকলে ইয়াক সাদৰে গ্ৰহণ কৰা দেখিলে কাশকে শ্ৰম সফল জ্ঞান কৰিব। ইতি—

তাং ১৫ ভাদ, ১৩১৭।

প্ৰকাশক।

[  ]
 

দেৱজিত।

শ্ৰীকৃষ্ণায় নমঃ

⸺::•::⸺

শ্লোক।

হবেৰ্ণাম হৰেৰ্ণাম হৰেৰ্ণমৈব কেবলম্।
কলৌ নাস্তেব নাস্তেব নাস্তেব গতিৰন্যথা।।

পদ।

জয় জয় জগত পালক ভগৱন্ত।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ অন্ত॥
জয় জয় জগত পালক নাৰায়ণ।
অচ্যুত অনন্ত পূৰ্ণ ব্ৰহ্ম সনাতন॥১
ব্ৰহ্মা বিষ্ণু মহাদেৱ যাহাৰ স্ৰজন।
যাহাৰ উদৰে আছে চৈধ্যয় ভুবন

[  ]

তোমাৰ স্ৰজন প্ৰভু চৰাচৰগণ।
কোটি কোটি ব্ৰহ্মাণ্ডৰ তুমি নাৰায়ণ॥
যাহাৰ মহিমা কেঁহো নপাৱয় অন্ত।
সকল সংসাৰ ৰঞ্জি আছা ভগৱন্ত॥
দিন পৰসন্নে পালা যত চৰাচৰ।
দিন অৱসানে কৰা জগত সংহাৰ॥ ৩
ব্ৰহ্মা হৰ সমে সব প্ৰাণীক সংহৰি।
অনন্ত শয্যাত শুতি থাকা দেৱ হৰি॥
স্ৰজাহা পালাহা তুমি দেৱ ভগবান।
পুনু ইচ্ছা ভৈলে তুমি কৰা উতপন্ন॥ ৪
হেন ঈশ্বৰৰ কাল মূৰ্ত্তি অৱতাৰ।
ওৰক নপাৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥
দৈৱকী নন্দন প্ৰভু পূৰ্ণ ব্ৰহ্ম হৰি।
ভকতৰ অৰ্থে আছা নৰৰূপ ধৰি॥ ৫
ভকতক দয়া বৰ কৰা দামোদৰ।
ভকত জনৰ প্ৰীতি সাধা বাৰেবাৰ॥
দুষ্ট দৈত্য অসুৰ নাশক ভগৱন্ত।
ভকত জনৰ মন সঘনে পূৰন্ত॥ ৬
এহিমতে কৃষ্ণৰ অনেক কাল গৈলা।
স্বৰ্গত ইন্দ্ৰৰ পাচে বৰ গৰ্ব্ব ভৈলা॥
অমৃতক খাই ভৈলা অজৰ অমৰ।
এহি পদে গৰ্ব্ব বাঢ়ি গৈ দৰ

[  ]

স্বৰ্গত নিন্দিলা মাধৱক ইন্দ্ৰে যত।
সমস্তে কহিলা মুনি কৃষ্ণৰ আগত॥
কৃষ্ণৰ ইন্দ্ৰৰ বৰ লাগিলা বিবাদ।
মাধৱে ৰচিলা পদ শুনা সভাসদ॥ ৮
কৃষ্ণ যে সাৰথি অৰ্জ্জুনক কৰি ৰথী।
অৰ্জ্জুনে ইন্দ্ৰক ৰণে কৰিলা বিৰথী॥
গুৰুৰ চৰণ দুই হৃদয়ত ধৰি।
গুৰুৰ আজ্ঞাক মনে শিৰোগত কৰি॥ ৯
কৃষ্ণৰ চৰণে মই পশিলোঁ শৰণ।
দেৱজিত পদক ভণিলোঁ সুশোভন॥
ঈশ্বৰৰ বাক্য যে বেদত হেন সাৰ।
আক শুনি সভাসদ হুয়োক উদ্ধাৰ॥ ১০
হেনয় পদক শুনা সভাসদ লোক।
চতুৰ্ভুজ ৰূপে যাইবা বৈকুণ্ঠ পূৰক॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
পাচে স্বৰ্গে যি কৰিলা দেৱ হৰিহয়॥ ১১
একদিন ইন্দ্ৰ দেৱে সভাত যে বসি।
নক্ষত্ৰ সহিতে যেন প্ৰকাশন্ত শশী॥
এহিমতে প্ৰকাশ কৰন্ত হৰিহয়।
ইন্দ্ৰক আৱৰি বোলে দিগ পালচয়॥ ১২
যজ্ঞ কৰিবাক ইন্দ্ৰে আছে মৌন ধৰি।
যেন যোগী আছে মহা কষ্ট ব্ৰত কৰি॥

[  ]

অপ্‌সৰা নাচয় গন্ধৰ্ব্বে গাৱে গীত।
জয়ধ্বনি কৰন্ত স্বৰ্গত বিপৰীত॥ ১৩
চিত্ৰসেন আদি কৰি গন্ধৰ্ব্ব চাৰণ।
তাল কৰতাল ধৰি কৰন্ত কীৰ্ত্তন॥
সিদ্ধ মুনিগণে কৰে বেদমন্ত্ৰ ধ্বনি।
বাদ্যৰ প্ৰচণ্ড ৰোলে মাতক নুশুনি॥ ১৪
যজ্ঞ আৰম্ভিলা পাচে দেৱ পুৰন্দৰ।
যজ্ঞক গৈলন্ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥
লগত আসিলা আৰো গুৰু বৃহস্পতি।
ইন্দ্ৰৰ সভাক লাগি গৈলন্ত সম্প্ৰতি॥ ১৫
ব্ৰহ্মা বিষ্ণু মহেশক কৰিলা সম্মান।
ইন্দ্ৰে নিয়া দিলা নিজে দিব্য সিংহাসন॥
সিংহাসনে বসিলন্ত তিনিও ঈশ্বৰ।
তিনিকো নমিলা পাচে দেৱ পুৰন্দৰ॥ ১৬
বৃহস্পতিক দিলা আনি ৰত্নৰ আসন।
আসনে বসিলা পাচে ব্ৰহ্মাৰ নন্দন॥
সেহিবেলা আসিলা নাৰদ মহাঋষি।
হাতে দিব্য বেনা ধৰি পৰম হৰিষি॥ ১৭
ইন্দ্ৰৰ আগত ঋষি প্ৰবেশ ভৈলন্ত।
পাদ্য অৰ্ঘ্য আচমনে ইন্দ্ৰে পূজিলন্ত॥
নাৰদ বদতি দেৱ শুনা পুৰন্দৰ।
তোৰ সম দেৱ নাই স্বৰ্গৰ ভিতৰ॥ ১৮

[  ]

কিবা যজ্ঞ হৱয় নহয় সুৰপতি।
স্বৰূপ কৰিয়া কৈলোঁ মোৰ দৃঢ়মতি॥
যদি যজ্ঞ কৰিবে তোমাৰ আছে মন।
কৃষ্ণক পূজিয়ো আগে সহস্ৰ লোচন॥ ১৯
কৃষ্ণৰ মায়ায় নহৈবেক যজ্ঞ চয়।
আকে জানি কৃষ্ণক পূজিয়ো হৰিহয়॥
তোৰ আগে কওঁ মই কৃষ্ণৰ মহিমা।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ সীমা॥ ২০
কৃষ্ণক মোহিবে ব্ৰহ্মা আসিলেক লৰি।
গোৰক্ষ দামুৰি ব্ৰহ্মা থৈলা চুৰি কৰি॥
হেন দেখি কৃষ্ণে মায়া কৰিলন্ত বৰ।
গোৰক্ষ দামুৰি হুই ৰৈলা ঘৰে ঘৰ॥ ২১
নাৰদ বদতি শুনা দেৱ হৰিহয়।
কৃষ্ণৰ মায়াত মই বৰ ভৈলোঁ ভয়॥
কৃষ্ণৰ মায়াক দেখি দেৱ সৃষ্টিকৰ।
হংসৰ নামিয়া স্তুতি কৰিলা বিস্তৰ॥ ২২
পূৰ্ণ ব্ৰহ্ম কৃষ্ণত অনুজ্ঞ ব্ৰহ্ম লই।
হংস যান চৰি ব্ৰহ্মলোকে গৈলা ধাই॥
বাণক ৰাখিবে পাচে যুদ্ধ দিলা হৰ।
হৰক ভঙ্গাইলা পাচে দেৱ দামোদৰ॥ ২৩
জগত সংহাৰ হৰে ধৰি ৰূপ ৰুদ্ৰ।
কৃষ্ণৰ আগত হৰ ভৈলা যেন ক্ষুদ্ৰ॥

[  ]

অজ ব্ৰহ্ম কৃষ্ণৰ যে যোগমায়া বৰ।
অন্তক নপাৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥ ২৪
নাৰদ বদতি শুনা দেৱ হৰিহয়।
কৃষ্ণৰ মায়াত বৰ মই ভৈলোঁ ভয়॥
হোমক কৰন্তে কৃষ্ণে হাতে শ্ৰুৱ ধৰি।
ঘৰে ঘৰে দেখোঁ মই সেহি দেৱহৰি॥ ২৫
কৃষ্ণতে ভৈলন্ত যেবে বিশ্বৰূপ যত।
ষোড়শ ভাৰ্য্যাৰ ঘৰে কৃষ্ণ উপগত॥
কেউ ঘৰে ব্ৰাহ্মণক কৰয় সম্মান।
কেউ ঘৰে কৰে ব্ৰাহ্মণক ৰত্ন দান॥ ২৬
কৃষ্ণৰ মহিমা দেখি মোৰ কম্পে প্ৰাণ।
সাক্ষাতে ভৈলোহোঁ মই মৃতক সমান॥
স্থিৰ নোহে মোৰ সবে কম্পে হাত ভৰি।
কৃষ্ণত অনুজ্ঞা লই গৈলোঁ স্বৰ্গে লৰি॥ ২৭
তুমি যজ্ঞ কৰা সব যজ্ঞত যে ভাল।
মোহোৰ বচনে কৃষ্ণে পূজা দিগপাল॥
অজ ব্ৰহ্ম কৃষ্ণ পাচে ত্ৰৈলোক্যক ধৰি।
হেনয় কৃষ্ণক পূজা মনত সাদৰি॥ ২৮
শীঘিৰে কৃষ্ণক পূজা কৰা হৰিহয়।
অক্ষয় পুণ্যক পাইবা বুলিলোঁ নিশ্চয়‌॥
নাৰদৰ বাণী শুনি ইন্দ্ৰ দিগপাল।
কৃষ্ণক নকৰোঁ পূজা মই একো কাল॥২৯

[  ]

মোৰ পূজা ভঙ্গ কৃষ্ণে কৰিছে পূৰ্ব্বত।
কৃষ্ণক নকৰোঁ পূজা জানা স্বৰূপত॥
মোক কৃষ্ণে অপমান দিয়া আছে অতি।
নকৰোঁ কৃষ্ণক পূজা মোৰ দৃঢ়মতি॥ ৩০
অধম আচাৰ কৃষ্ণ পৰম নিলাজ।
কৃষ্ণক নকৰোঁ পূজা শুনা মুনিৰাজ॥
আপোনাৰ পুত্ৰবধূ কৰি আছে ঘৰ।
হেনয় আচাৰ কৃষ্ণ পাপমতি বৰ॥ ৩১
হেনয় কৃষ্ণক নুপূজোহোঁ কদাচিত।
সত্যে সত্যে কহোঁ ঋষি তোমাৰ আগত॥
মহা ক্ৰূৰ কৃষ্ণ পাপমতি আতি বৰ।
তাহাক নকৰোঁ পূজা মই পুৰন্দৰ॥ ৩২
সত্যে সত্যে বোলোঁ মোৰ বচন অভেদ।
ঐক যদি আসে কৃষ্ণ কৰিবোহোঁ চেদ॥
মাধৱক ইন্দ্ৰে যে নিন্দিলা যত যত।
শুনি ব্ৰহ্মা বিষ্ণু হৰে কৰ্ণে দিলা হাত॥ ৩০
ব্ৰহ্মায়ে বোলন্ত ইন্দ্ৰ গৰ্ব্ব ভৈলা বৰ।
অল্পতে কৰিবে চুৰ আসি দামোদৰ॥
মহেশ বোলয় আৰ গৰ্ব্ব বৰ আতি।
গৰ্ব্ব খণ্ডাইবেক হৰি অৰ্জ্জুন সহিতি॥ ৩৪
বিষ্ণুয়ে বোলয় শুনা দেৱ হৰিহয়।
তোৰ গৰ্ব্ব ভাঙ্গিবেক কৃষ্ণ ধনঞ্জয়॥

[  ]

এহি বুলি তিনি দেৱ কৰি ক্ৰোধমন।
ইন্দ্ৰৰ সভাৰ পৰা উঠিলা তেখন॥ ৩৫
হংসত চৰিয়া ব্ৰহ্মা ব্ৰহ্মলোকে গৈলা।
গড়ুৰত বিষ্ণু বিষ্ণু-লোকে প্ৰবেশিলা॥
বৃষভত চৰি পাচে দেৱ মহেশ্বৰ।
সেহি ক্ষণে চলি গৈলা কৈলাস শিখৰ॥ ৩৬
তিনিও দেৱতা যেবে গৈলা তিনি দিশ।
ইন্দ্ৰৰ বিবৰ্ণ মুখ ঘোৰ অসন্তোষ॥
যজ্ঞ নিসিজিল দেখি ইন্দ্ৰৰ বিমন।
নিশ্বাস কাঢ়ন্ত ইন্দ্ৰ দেৱে ঘনেঘন॥ ৩৭
নাৰদ বদতি ইন্দ্ৰ শুনা পুৰন্দৰ।
কৃষ্ণক নিন্দাৰ ফল পাইবি বহুতৰ॥
বহুদিন নহৈবেক হৈবে অল্প দিনে।
দিগপাল সমে ইন্দ্ৰ থাকা ৰঙ্গমনে॥ ৩৮
এহি বুলি নাৰদ উঠিল ক্ৰোধ মনে।
শীঘ্ৰে চলি গৈলা ঋষি পৃথিবী ভুবনে॥
কৃষ্ণৰ আগত ঋষি ভেলা উপগত।
নাৰদক দেখি কৃষ্ণে কৰি যোৰহাত॥ ৩৯
ৰত্বৰ আসন কৃষ্ণে দিলে আগে পাৰি।
আসনে বসিলা ব্ৰহ্মা-পুত্ৰ বেনা ধৰি॥
পাদ্য অৰ্ঘ্য আচমনে পূজিলা চৰণ।
কৃষ্ণৰ পূজাত ঋষি হৰষিত মন॥ ৪০

[  ]

নাৰদ বদতি শুনা প্ৰভু দামোদৰ।
তোমাক নিন্দিলা স্বৰ্গে পাপী পুৰন্দৰ॥
ব্ৰহ্মা বিষ্ণু হৰ আগে নিন্দিলেক বৰ।
নিন্দা শুনি তৈৰ গৈলা তিনিয়ো ঈশ্বৰ॥ ৪১
গৰ্ব্ব মদে অন্ধ জানা ভৈলা দেৱৰাজ।
তাৰ গৰ্ব্ব চূৰ কৰি কৰা ঘোৰ লাজ॥
আৰু তোমাসাক বোলে অপবাদ বৰ।
নৰকৰ ভাৰ্য্যা তুমি কৰি আছা ঘৰ॥ ৪২
তাহাৰ নিন্দাত ক্ৰুদ্ধমন ভৈলা বৰ।
এতেকে তোমাত কৈলোঁ দেৱ দামোদৰ॥
যেহি লাগে তাক কৰা প্ৰভু দেৱ হৰি।
স্বৰ্গক চলিলোঁ মই দিব্য বেনা ধৰি॥ ৪৩
এহি বুলি নাৰদ স্বৰ্গক চলি গৈলা।
হেন শুনি মাধৱৰ ক্ৰুদ্ধমন ভৈলা॥
মাধৱে বোলন্ত কিয় নিন্দে দুৰাচাৰ।
ইন্দ্ৰক কৰিবো আজি দুৰ্ঘোৰ সমৰ॥ ৪৪
সাগৰৰ ভাৰ্য্যা হৰি নিলা পুৰন্দৰ।
সাগৰক দিবো অঙ্গীকাৰ ৰাখি মোৰ॥
বৈশম্পায়ন বদতি শুনিয়া নৰেশ্বৰ।
জৰাসন্ধ সমে হৰি কৰিলা সমৰ॥ ৪৫
দশ পঞ্চ বাৰ হাৰি জিনিলা সমৰ।
বলে পাৰি নমাৰিলা তাক দামোদৰ॥

[ ১০ ]

দুষ্ট ৰাজাগণ সব অনেক মতাই।
সব দুষ্ট ৰাজা মাৰি পেশোঁ যমালয়॥ ৪৬
এহি বুলি কৃষ্ণে যুদ্ধ হাৰিবাৰ চলে।
লৱৰেক দিলা কৃষ্ণে শৰীৰৰ বলে॥
সাগৰে পৰিলা ঝাম্প দিয়া যদুপতি।
দেখিয়া সাগৰে ধৰিলন্ত স্কন্ধ পাতি॥ ৪৭
সাগৰত চৰি কৃষ্ণ মহাৰঙ্গ ভৈলা।
সাগৰে কৃষ্ণক পাচে বুলিবাক লৈলা॥
মোহোৰ স্কন্ধত চৰিলাহা নাৰায়ণ।
আবেসে মোহোৰ ভৈল সফল জীৱন॥ ৪৮
মোহোৰ ভাগ্যৰ কথা কহন নযায়।
যোগীয়ো নপাৱে যাক যোগক ধিয়াই।
আৰো এক গোচৰ শুনিয়ো স্বৰূপত।
তোমাক লাগক পাওঁ যেন বৎসৰত॥ ৪৯
এহি খানি গোচৰ শুনিয়ো নাৰায়ণ।
বৎসৰত দেখোঁ যেন তোমাৰ চৰণ॥
এহি হৌক বুলিলন্ত দেৱ দামোদৰ।
বৎসৰত লাগ মোক পাইবা একবাৰ॥ ৫০
সেহি বেলা সাগৰে আসিলা কৃষ্ণ পাশে।
পাদ্য অৰ্ঘ্য ধৰিয়া মনত নিৰুৎসাহে॥
বৈদূৰ্য্য সুবৰ্ণময় ৰত্ন সিংহাসনে।
মাধৱক সাগৰে যোগাইলা সেহি স্থানে॥

[ ১১ ]

সেহি সিংহাসনে বসিলন্ত নাৰায়ণ।
মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন॥
পাদ্য অৰ্ঘ্যে পূজিলন্ত কৃষ্ণৰ চৰণ।
দেখিয়া কৌতুক ভৈলা মাধৱৰ মন॥ ৫২
কৰ্পূৰ তাম্বুল ভোগ বস্তু উপহাৰ।
কৃষ্ণৰ আগত আনি যোগাইলা সাগৰ॥
সাগৰৰ পূজাক লৈলন্ত নাৰায়ণে।
সাগৰক বচন বুলিলা ভগবানে॥ ৫৩
মই মনুষ্যক পূজা কৰিলা বহুত।
কিবা হেতু কৰা পূজা কহা স্বৰূপত।
কিবা দেৱতাত ভয় পাইলা জলেশ্বৰ।
কিবা অসুৰত ভয় পাইলাহা সাগৰ॥ ৫৫
মেঘৰ গম্ভীৰ ধ্বনি বুলি নাৰায়ণে।
মৌন হুয়া ৰৈলা সেই দিব্য সিংহাসনে॥
সাগৰ বদতি শুনিয়োক নাৰায়ণ।
তোমাৰ চৰণে জানি পশিলোঁ শৰণ॥ ৫৫
নুহিকে মনুষ্য তুমি পূৰ্ণ ব্ৰহ্ম হৰি।
মনুষ্যৰ ৰূপ ধৰি আছা অৱতৰি॥
পূৰ্ণ ব্ৰহ্ম কৃষ্ণ তুমি দেৱ ভগৱন্ত।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ অন্ত॥৫৬
চৈধ্যয় ভুবন মানে তোমাৰ স্ৰজন।
ব্ৰহ্মা হৰ আদি দেৱ তোমাৰ পালন॥

[ ১২ ]

কোটি কোটি ব্ৰহ্মাণ্ড যে তোমাৰ স্ৰজন।
তোমাৰ কটাক্ষে হোৱে সবাৰ নিৰ্য্যান॥ ৫৭
এতেকে তোমাৰ পাৱে পশিলোঁ শৰণ।
মোহোৰ বচন শুনিয়োক নাৰায়ণ॥
দেৱ দৈত্যে সাগৰক মথিলা যৈসানি।
উপজিলা লক্ষ্মী দেৱী গোসানী তৈসানি॥ ৫৮
অপ্‌সৰা লক্ষ্মী আৰু ৰূপান্দ্ৰীয়ো নাৰী।
দিব্য বস্ত্ৰ অলঙ্কাৰে ৰৈলা কাচি পাৰি॥
লক্ষ্মীৰ আগক মই বৰ বেগে গৈলোঁ।
দেৱ দৈত্য দানৱ সবাকে দেখি পাইলোঁ॥ ৫৯
ব্ৰহ্মা হৰ পুৰন্দৰ চিনাইলোহোঁ মই।
বলিক চিনাই চিনাইলোহোঁ দৈত্যচয়॥
দেৱ দৈত্য সবাকে চিনাইলোঁ গাৱে গাৱে।
কাকো নবৰিলা লক্ষ্মী জগতৰ মাৱে॥ ৬০
ব্ৰহ্মা সমে দেৱগণে বাচক ৰহিলা।
মাধৱৰ হৃদয়ত লক্ষ্মী লিন গৈলা॥
অপ্‌সৰা সমে ৰূপান্দ্ৰীয়ো ভাৰ্য্যা ৰৈলা।
দেখি সুৰপতি পাচে মহা ভোল ভৈলা॥ ৬১
বৰুণ-নন্দিনী ৰূপান্দ্ৰীয়ো যাৰ নাম।
মোহোৰ ভাৰ্য্যাৰ ৰূপ গুণে অনুপম ॥
প্ৰভাতৰ সূৰ্য্য যেন জ্বলে তান কান্তি।
ৰূপান্দ্ৰীক দেখি চৰাচৰে মোহ যান্তি॥ ৬২

[ ১৩ ]

হেনয় ভাৰ্য্যাক অপ্‌সৰা সমে মোৰ।
স্বৰ্গক নিলন্ত কাঢ়ি দেৱ পুৰন্দৰ॥
নিবে দেখি আৰ কিছু নুবুলিলোঁ মই।
অমৃতক ভুঞ্জি অছিলোহোঁ সেহি ঠাই॥ ৬৩
পাচে মই গৈলোঁ আপোনাৰ নিজ পুৰী।
কহিলোঁ তোমাত সত্য কৰি দেৱ হৰি॥
দৈত্য দেৱতাৰ যুদ্ধ ভাঙ্গিলা সম্প্ৰতি।
বলিক মাৰিয়া স্বৰ্গে গৈলা সুৰপতি॥ ৬৪
একদিনা পাচে মই কৰি দৃঢ়মতি।
ভাৰ্য্যা খুজিবাক মই গৈলোঁ অম্ৰাৱতি॥
মোক দেখি ইন্দ্ৰদেৱ হৰষিত মন।
প্ৰশংসা কৰিয়া মোক দিলা সিংহাসন॥ ৬৫
আৰো বোলে কিসক আসিলা মোৰ থানে।
বিলম্ব নকৰি মোত কহা সাৱধানে॥
নমো ত্ৰিদশৰ নাথ সহস্ৰ লোচন।
এই বুলি ইন্দ্ৰে মই কৰিলোঁ বন্দন॥ ৬৬
পাচে দিব্য সিংহাসনে বসিলোহোঁ যাই।
মোক ৰঙ্গে চাই পাচে বোলে হৰিহয়॥
মোহোৰ থানক কিয় কৰিলা গমন।
মোহোৰ আগত তুমি কহা দৃঢ় মন॥ ৬৭
ৰূপান্দ্ৰীয়ো ভাৰ্য্যা আনি আছা হৰিহয়।
অপ্‌সৰা সমে আনি আছা তযু ঠাই॥

[ ১৪ ]

ৰূপান্দ্ৰীয়ো কন্যা মোৰ দিয়ো পুৰন্দৰ।
শীঘ্ৰ কৰি লৈয়া যাওঁ আপোন নগৰ॥ ৬৮
সুৰাসুৰ ঈশ্বৰ আমাৰ নিজ পতি।
মোহোৰ স্তুতিত তুষ্ট হুয়ো সুৰপতি॥
এহি বুলি নমস্কাৰ কৰিলোহোঁ মই।
মোক বুলিলেক ইন্দ্ৰে ক্ৰোধ মনে চাই॥ ৬৯
বাসৱ বদতি শুনা দুৰ্ম্মতি সাগৰ।
তোৰ সম পাপিষ্ঠ নাহিকে দুৰাচাৰ॥
ভাৰ্য্যা বুলি নিবে চাস অপ্‌সৰা গণ।
সত্যে সত্যে নেদো তোক বুলিলোঁ বচন॥ ৭০
অমৃত মথন্তে ভৈলা অপ্‌সৰা চয়।
হেন অপ্‌সৰা নিবে আসিলিহি তই॥
সসৈন্য সহিতে যদি মোক কৰা ৰণ।
ৰণ জিনি যদি নিবি তোৰ ভাৰ্য্যাগণ॥ ৭১
এহি বুলি ক্ৰোধে ইন্দ্ৰ মৌন হুয়া ৰৈলা।
ইন্দ্ৰক সম্বুধি পাচে বৰুণে বুলিলা॥
বৰুণ বদতি শুনা দেৱপুৰন্দৰ।
মোহোৰ নন্দিনী ৰূপান্দ্ৰীয়ো নাৰী বৰ॥ ৭২
সাগৰত দিছোঁ বিহা ৰূপান্দ্ৰীয়ো স্ত্ৰীক।
ৰূপান্দ্ৰীয়ো কৈল্যা প্ৰভু দিয়ো সাগৰক॥
মোহোৰ নন্দিনী ৰূপান্দ্ৰীয়ো বৰ নাৰী।
সাগৰত দিছোঁ বিহা কৈলোঁ দৃঢ় কৰি॥৭৩

[ ১৫ ]

বৰুণৰ বচনে বাসৱ জ্বলি গৈলা।
নেদিবোহো তোক সত্য কৰিয়া বুলিলা॥
ইন্দ্ৰৰ প্ৰচণ্ড বাণী শুনি জলেশ্বৰ।
বিমনে ইন্দ্ৰক কৰিলেক নমস্কাৰ॥ ৭৪
ইন্দ্ৰত মেলানি কৰি মহা কষ্ট মনে।
ফিৰিয়া আসিলোঁ মই আপোন ভুবনে॥
গৃহক আসিয়া গুণিলোহোঁ মনে মনে।
মোৰ কাৰ্য্য সাধিবন্ত দেৱ নাৰায়ণে॥ ৭৫
এহি মতে মোৰ তিনি যুগ বহি গৈলা।
কলিৰ শেষত আসি নাৰদে কহিলা॥
নাৰদ বদতি তুমি শুনিয়ো সাগৰ।
দৈৱকী নন্দন কাৰ্য্য সাধিবে তোমাৰ॥ ৭৬
নাৰদ বচনে প্ৰভু চিন্তিলোঁ তোমাক।
তুমি বিনে প্ৰভু কোনে ৰাখিবে আমাক॥
ইন্দ্ৰ-গৰ্ব্ব চূৰ কৰি ভাৰ্য্যা দিয়ো মোৰ।
তোমাত শৰণ লৈলোঁ দেৱ দামোদৰ॥ ৭৭
অনাদি অনন্ত প্ৰভু তুমি নিৰঞ্জন।
ব্ৰহ্মা হৰ সুৰ সিদ্ধ দেৱতা গঞ্জন॥
দুষ্ট দৈত্য অসুৰ নাশক ভগৱন্ত।
ভকত জনৰ মন সঘনে পূৰন্ত॥ ৭৮
তোমাৰ স্বৰূপ ভগৱন্ত মনে জানি।
শৰণ পশিলোঁ মোক ৰাখা চক্ৰপাণি॥

[ ১৬ ]

তুমি বিনে মাধৱ নাহিকে মোৰ আৰ।
এহি বুলি সাগৰে কৰিলা নমস্কাৰ॥ ৭৯
কৃষ্ণৰ আগত পৰি আছন্ত সমুদ্ৰ।
সাগৰত পৰি যেন আছে নদী ক্ষুদ্ৰ॥
দণ্ডৱতে পৰিয়া সাগৰে কৰ যুৰি।
কৃষ্ণৰ চৰণে স্তুতি নতি ভক্তি কৰি॥ ৮০
সাগৰৰ স্তুতিত হাসিলা নাৰায়ণ।
সাগৰক দেখি বোলে গম্ভীৰ বচন॥
উঠা উঠা সাগৰক বোলে দেৱ হৰি।
সাগৰক তুলিলন্ত নিজ কৰে ধৰি॥ ৮১
মাধৱ বদতি তুমি শুনিয়ো সাগৰ।
তোমাৰ স্তুতিত তুষ্ট ভৈলোঁ মই বৰ॥
সত্যে সত্যে বোলোঁ মই শুনা দৃঢ় বাক।
ইন্দ্ৰক জিনিয়া দিবো তোমাৰ ভাৰ্য্যাক॥ ৮২
তোমাৰ কাৰ্য্যক মই সাধিবোহোঁ যাই।
বংশক সংহৰি পচে যাইবো নিজালয়॥
ইন্দ্ৰক জিনিয়া মই থাকোঁ মহাশয়।
তাত পাচে যাইবো মই বৈকুণ্ঠ নিলয়॥ ৮৩
হেন শুনি সাগৰৰ ৰঙ্গ ভৈলা বৰ।
কৃষ্ণক সম্বুধি পাচে দিলন্ত উত্তৰ॥
আৰ এক গোচৰ শুনিয়ো দামোদৰ।
সমুদ্ৰ মাজত প্ৰভু কৰিয়ো নগৰ॥ ৮৪

[ ১৭ ]

এহি তো যশস্যা দশোদিশে ৰৌক আতি।
সমুদ্ৰে শোভোক কৃষ্ণ তোমাৰ হাটি বাটি॥
আৰু এক কথা প্ৰভু শুনা সাৱধানে।
বলুক দমাওঁ মই পৰ্ব্বত সমানে॥ ৮৫
পদ্ম যে অখৰ্ব্ব উৰ্দ্ধ যোজনক যুৰি।
দমাইবো বলুকা প্ৰভূ দশোদিশ যুৰি॥
এহি বুলি বালিচয় দমাইল সাগৰ।
সাক্ষাতে দেখিয়া যেন মেৰু শৃঙ্গবৰ॥ ৮৬
সাগৰৰ মাজে যেন জ্বলে লঙ্কাখান।
সেহি মতে বালা জ্বলে দেখি বিদ্যমান॥
হেন দেখি মাধৱৰ কৌতূহল বৰ।
নগৰ পাতিবে মন ভৈলা ঈশ্বৰৰ॥ ৮৭
সেহি বেলা বিশ্বকৰ্ম্মে আদেশিলা হৰি।
ষোড়শ হাজাৰ ঘৰ বান্ধা শীঘ্ৰ কৰি॥
আৰ বান্ধিয়োক কোটি কোটি বৰ ঘৰ।
এহি বুলি আদেশ কৰিলা দামোদৰ॥ ৮৮
কৃষ্ণৰ আদেশ বিশ্বকৰ্ম্মে শিৰে ধৰি।
বান্ধিলেক ঘৰ সব অতি যত্ন কৰি॥
সুবৰ্ণ মাণিক ৰত্ন বৈদূৰ্য্য অপাৰ।
হেন ৰত্ন বৈদূৰ্য্যে বান্ধিলা চাল বাৰ॥ ৮৯
সুবৰ্ণ কাঞ্চন হীৰা মাণিকৰ দ্বাৰ।
সূৰ্যৰ সমান জ্বলে ঘৰ চমৎকাৰ॥

[ ১৮ ]

স্ফটিকৰ লগাই আছে হাজাৰেক স্তম্ভ।
মাধৱৰ দেখি বৰ ঘৰৰ আৰম্ভ॥ ৯০
সুবৰ্ণে বান্ধিলে কান্তি আতি বিতোপন।
মাধৱৰ দেখি বৰ ঘৰৰ শোভন॥
মাধৱৰ গৃহক দেখন্তে লাগে ত্ৰাস।
সাক্ষাতে দেখিয়া যেন হৰৰ কৈলাস॥ ৯১
ৰজতে ঢাকিলা সবে নগৰক চানি।
দেখি মন ৰঙ্গ ভৈলা দেৱ চক্ৰপাণি।
কৃষ্ণৰ নগৰ জ্বলে হুয়া মহা জ্যোতি।
সাক্ষাতে জ্বলয় যেন ইন্দ্ৰ অম্ৰাৱতি॥ ৯২
সাগৰ মধ্যত কৃষ্ণে পাতিলন্ত গ্ৰাম।
সেহিসে কাৰণে ভৈলা দ্বাৰকা যে নাম॥
মথুৰাৰ লোক কৃষ্ণে আনে যোগ বল।
দেখিয়ো কৃষ্ণক কেনে ভকত বৎসল॥৯৩
দ্বাৰকা নগৰ খান কৰিলা বসতি।
দেখিয়ো কৃষ্ণৰ কেনে অনন্ত শকতি॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
এহিমতে ৰঙ্গে তৈতে মাধৱ আছয়॥ ৯৪
সাগৰৰ আগে আছে অঙ্গীকাৰ কৰি।
সাগৰৰ ভাৰ্য্যা আনি দেওঁ শীঘ্ৰ কাৰ॥
এহি অঙ্গীকাৰ স্মৰি মাধৱ আছন্ত।
ইন্দ্ৰৰ ধিক্কাৰ মুনি কৃষ্ণ আগে কন্ত॥ ৯৫

[ ১৯ ]

পঁচিশ অধিক ভৈলা শতেক বৎসৰ।
দেৱক দমিবে মন ভৈলা মাধৱৰ॥
হেন গুণি কৃষ্ণৰ যে ক্ৰোধ ভেলা বৰ।
ইন্দ্ৰক যুজিবে মন ভৈলা মাধৱৰ॥ ৯৬
মাধৱে বোলন্ত ইন্দ্ৰৰ নাহি কিছু লাজ।
মোক নিন্দা কৰে সিতো সমাজৰ মাজ॥
ইন্দ্ৰক যুজিয়া আজি বৰ ভয় দেওঁ।
আৰ যেন লোকক নকৰে উপদ্ৰৱ॥ ৯৭
যদি মই ইন্দ্ৰক যে নকৰোঁ সমৰ।
তেবে সব প্ৰাণীক মাৰিবে পুৰন্দৰ॥
এহিমতে কৃষ্ণে গুণি কৰিলন্ত সাৰ।
কৃষ্ণ ধনঞ্জয়ৰূপে ভৈলোঁ অৱতাৰ॥ ৯৮
নৰ নাৰায়ণ দুয়ো ভৈলোঁ অৱতাৰ।
ইন্দ্ৰৰ লগত দুয়ো কৰোহোঁ সমৰ॥
অৰ্জ্জুনে সহিতে যুদ্ধ কৰাওঁ আজি মই।
যুদ্ধ হাৰি স্বৰ্গ চাৰি যাওক হৰিহয়॥ ৯৯
গোকুল বাসীৰ যে দুখক মই সাৰোঁ।
অৰ্জ্জুনৰ হাতে সব দেৱ-সেনা মাৰোঁ॥
মোহোৰ স্ৰজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।
মোহোৰ কটাক্ষে হৱে যত চৰাচৰ॥ ১০০
মোৰ উদৰত আছে চৈধ্যয় ভুবন।
মোহোৰ পালন আছে চৰাচৰগণ॥

[ ২০ ]

কোটি কোটি ব্ৰহ্মাণ্ড যে মোহোৰ স্ৰজন।
মোহোৰ কটাক্ষে হৱে সবাৰে নিৰ্য্যান॥ ১০১
অৰ্জ্জুনে সহিতে আজি কৰাওঁ ঘোৰ ৰণ।
ৰণত মাৰিবোঁ আবে যত দেৱগণ॥
মোহোৰ মায়াক কোন দেৱে আছে জানি।
বিনাশিবে পাৰোঁ সুৰাসুৰ যত প্ৰাণী॥ ১০২
সত্যে সত্যে ইন্দ্ৰক নকৰোঁ ঘোৰ ৰণ।
মোৰ সম নিলাজ নাহিকে একোজন॥
সম্মুখ সমৰে ইন্দ্ৰে যাইবোহোঁ ধাই।
দৰ্পচূৰ কৰিয়া ভাঙ্গিবো মুনি সাই॥ ১০৩
এহি বুলি প্ৰভুদেৱে কৰি ক্ৰোধ মন।
অৰ্জ্জুনৰ পাশে চলি গৈল নাৰায়ণ॥
অৰ্জ্জুন আগে কৃষ্ণে ভৈলা উপসন্ন।
কৃষ্ণক দেখিয়া অৰ্জ্জুনৰ ৰঙ্গ মন॥ ১০৪
অৰ্জ্জুনৰ আগে উপসন্ন বনমালী।
আসনত কৃষ্ণক বৈসাইল আঙ্কোৱালি॥
কৰ্পূৰ তাম্বুল মাধৱক দিলে যত।
তাম্বুল নুভুঞ্জি কৃষ্ণে মন ভৈলা কষ্ট॥ ১০৫
অৰ্জ্জুনে বোলন্ত কিয় আইলা প্ৰাণ সখি।
মোহোৰ নসহে হৃদি তযু কষ্ট দেখি॥
মোহোত কহিয়ো সখি তুমি দৃঢ় কৰি।
অৱশ্যে সাধিবোঁ মই বোলো দেৱহৰি॥ ১০৬

[ ২১ ]

মাধৱ বদতি সখি শুনা ধনঞ্জয়।
তোমাৰ আগত সত্যে সত্যে কহোঁ ময়॥
ইন্দ্ৰে মোক স্বৰ্গত নিন্দিলা যত যত।
অৱশ্যে জিনিবো সখি প্ৰাণে হৈবো হত॥ ১০৭
নাৰদৰ আগে ইন্দ্ৰে বুলি আছে যত।
যেন বজ্ৰে তাৰি আছে মোৰ শৰীৰত॥
ভীষ্ম, দ্ৰোণ, কৰ্ণক বধিলা ঘোৰ ৰণে।
তোমাৰ সাৰথি ভৈলোঁ এহিসে কাৰণে॥ ১০৮
দশোদিশ জিনাই আনি দিলোঁ বস্তুচয়।
তোমাৰ ঘৰত দিয়া আছোঁ ধনঞ্জয়॥
যজ্ঞ এক কৰাইলোহোঁ ত্ৰৈলোক্য বিজয়।
যাক দেখি দৈত্য দানৱৰ ভৈলা ভয়॥ ১০৯
এতেক কাজক কৰিলোহোঁ ধনঞ্জয়।
ইন্দ্ৰক যুঁজিয়া মোৰ গুছাৱা সংশয়॥
অৰ্জ্জুন বদতি সখি শুনা দেৱ হৰি।
মাৰিবাৰ ঠাইৰ মোক আনিছা উদ্ধাৰি॥ ১১০
যত মোৰ কাজক কৰিলা দেৱ হৰি।
নোৱাৰোঁ সুজিব কোটি কোটি জন্ম ধৰি॥
মাধৱে বেলন্ত সখি শুনা বীৰ সাৰ।
মোক ইন্দ্ৰে কৰে বাক্য বজ্ৰৰ প্ৰহাৰ॥ ১১১
ইন্দ্ৰক যুঁজিবে শীঘ্ৰে চলা ধনঞ্জয়।
ইন্দ্ৰক যুঁজিবা তুমি সাৰথি যে ময়॥

[ ২২ ]

সিকাৰণে যুদ্ধ নকৰোহোঁ ধনঞ্জয়।
বাসৱক যুঁজি যশ কৰা অভ্যুদয়॥১১২
আৰু এক কথা কহোঁ শুনা মহাবীৰ।
কৃষ্ণ ধনঞ্জয় দুয়ো একই শৰীৰ॥
এতেকে যুদ্ধক চলিয়োক ধনঞ্জয়।
ইন্দ্ৰৰ সম্মুখে দুয়ো সখি যাওঁ ধায়॥১১৩
পূৰ্ব্বে ব্ৰহ্মা স্ৰজি আছে স্বৰ্ণ মৃগগণ।
বীজেন্দ্ৰিয় বনে চৰি ফুৰে ৰাত্ৰিদিন॥
কি কহিবো সখি যে মৃগৰ যেন ভ্ৰান্তি।
ৰাত্ৰিক কৰয় দিন মৃগৰ যে কান্তি॥১১৪
বীজেন্দ্ৰিয় বনে মৃগ আছে যত যত।
বৈদূৰ্য্য সুবৰ্ণে যেন জলে মৃগ শত॥
তাৰ এক মৃগ অনি ৰাজাক দেখাওঁ।
সত্যে সত্যে সখি তেবে অষ্টনিধি পাওঁ॥১১৫
ইন্দ্ৰৰ মৃগক সখি পৃথিবীক নেওঁ।
তেবে দুয়োজনে সখি বৰ যশ পাওঁ॥
মাধৱে বোলন্ত কিছু নকৰিবা ভয়।
ইন্দ্ৰৰ মৃগক চলা আনো ধনঞ্জয়॥১১৬
অৰ্জ্জুনে বোলয় সখি নাহি কিছু ডৰ।
কি কৰিতে পাৰে মোক দেৱ পুৰন্দৰ॥
মোহোৰ বিক্ৰম দেখিছাহা নাৰায়ণ।
বিনাশিবে পাৰোঁ মই চৈধ্যয় ভুবন॥১১৭

[ ২৩ ]

তুমি মোৰ সহায় যদি হোৱা চক্ৰপাণি।
নিসন্ধি কৰিবোঁ দেৱতাক শৰে হানি॥
ইন্দ্ৰ বা বৰুণ যম বায়ু ধনপতি।
সবাকো জিনিবো সখি বোলোঁ দৃঢ়মতি॥১১৮
ব্ৰহ্মা যদি আসে ৰণে আসে ত্ৰিনয়ন।
তাহাঙ্ক জিনিবো সখি বুলিলোঁ বচন॥
মোক প্ৰতি আসে দৈত্য ৰাক্ষস যে গণ।
যদি মোক অষ্টবসুগণে কৰে ৰণ॥১১৯
বাসুকি সহিতে ধাই আসে সৰ্পগণ।
যদি বা আসয় একাদশ ৰুদ্ৰ বাণ॥
সাবাকো জিনিবোঁ সখি বলে দৃঢ়মন।
অঙ্গীকাৰ কৰিলোহোঁ জানা নাৰায়ণ॥১২০
মাধৱ বদতি সখি পাইলোঁ দৃঢ়মতি।
ত্ৰৈলোক্য জিনিবে মোৰ আছয় শকতি॥
এহি বুলি মাধৱৰ মহাৰঙ্গ ভৈলা।
ৰথ সাজিবাক চাৰি ঘোঁৰাক আনিলা॥১২১
সব্য সুগ্ৰীৱ মেঘ পুষ্প বলাহক।
ৰথত যুৰিলা হৰি চাৰিয়ো ঘোৰাক॥
গড়ুৰৰ ধ্বজ আনি উপৰে তুলিলা।
এহিমতে মাধৱেও ৰথক সাজিলা॥১২২
অচেদ অভেদ মাধৱৰ চাৰি ঘোৰা।
চল বল কৰে ঘোঁৰা বায়ু নোহে যোৰা॥

[ ২৪ ]

উৰাওঁ উৰাওঁ কৰে ৰথ শীঘ্ৰগতি কৰি।
হেনয় ৰথক সাজিলন্ত দেৱ হৰি॥১২৩
সূৰ্য্য সম জ্বলে দিব্য ৰথ মাধৱৰ।
সম্মুখে দেখিয়া যেন কৈলাস শিখৰ॥
ত্ৰৈলোক্য বিজয় দিব্য ৰথ মাধৱৰ।
অৰ্জ্জুনৰ আগত ৰাখিল দামোদৰ॥১২৪
ৰথ দেখি উল্লাসিলা অৰ্জ্জুনৰ মন।
কৱচ পিন্ধিলা বীৰ আনন্দিত মন॥
পিন্ধি পাচে তুলিলা অক্ষয় দুই তূণ।
আপোনাৰ লৈলন্ত গাণ্ডিৱ ধনু খান॥১২৫
বাম হাতে গাণ্ডিৱ ধনুক ধৰি সাৰ।
যাক দেখি দৈত্য দানৱৰ চমৎকাৰ॥
অসি পত্ৰ খড়গ চৰ্ম্ম ধৰি পাণ্ডুসুতে।
ডেৱ দিয়া ৰথত চৰিলা অতি দ্ৰুতে॥১২৬
শাৰঙ্গ ধনুক অক্ষয় তূণক হৰি।
পিঠিত লৈলন্ত তূণ হাতে ধনু ধৰি॥
ডেৱ দিয়া মাধৱ চৰিলা সেই ৰথে।
বাঘ জৰি ঘোৰাৰ ধৰিলা জগন্নাথে॥১২৭
ৰথৰ উপৰে কৃষ্ণ ধনঞ্জয় বসি।
প্ৰকাশ কৰন্ত কোটি চন্দ্ৰসম শশী॥
বাঘ জৰি ধৰি দিলা চাবুকৰ বাৰি।
এৰাইলেক দশ লক্ষ যোজন সত্তৰি॥১২৮

[ ২৫ ]

উৰ্দ্ধমুখ কৰিয়া মাধৱে ডাকে ৰথ।
মেঘক ভেদিয়া চলে মাৰুতৰ পথ॥
আকাশে সঞ্চাৰে যেন শুক্ল মেঘচয়।
সেই মতে মাধৱেও ডাকে চাৰি হয়॥১২৯
পুনু দিলা মাধৱেও চাবুকত চাট।
নিমিষে এৰাইলা লক্ষ প্ৰহৰৰ বাট।
ৰথ ঘৰিষণত প্ৰচণ্ড বায়ু লাগি।
বৰ বৰ বৃক্ষতাল শাল পৰে ভাগি॥১৩০
সাতো সাগৰত ঢউ আকাশে লঙ্ঘিলা।
পৰ্ব্বতৰ বৰ বৰ শিল খসি গৈলা॥
এহিমতে মাধৱে ডাকিলা দিব্য ৰথ।
দণ্ডেকে এৰাইলা কোটি দশ লক্ষ পথ॥১৩১
নদ নদী সাগৰ এৰাইলা বহু ঠাই।
দণ্ডেকতে পাইলা দুয়ো মেৰুমূল যাই॥
মাধৱে ডাকিলা ৰথ ৰঙ্গমনে অতি।
নিমিষে পাইলেক দুয়ো সীমা অম্ৰাৱতী॥১৩২
মেৰুৰ উপৰি আছে বন সুশোভন।
তাহাকে ডাকিলা ৰথ দেৱ নাৰায়ণ॥
ইন্দ্ৰৰ বীজেন্দ্ৰি বন শোভে অতিশয়।
মন ৰঙ্গে চাই ফুৰে কৃষ্ণ ধনঞ্জয়॥১৩৩
সুবৰ্ণ বৈদূৰ্য্য ৰত্নময় মৃগ চয়।
তাহাক দেখিলাহা খুলিবাক লৈলা॥

[ ২৬ ]

মৃগক দেখিয়া দুয়ো হৰষিত মন।।
সঘনে চাহন্ত দুয়ো মৃগৰ বদন॥১৩৪
ইন্দ্ৰৰ স্নেহত আছে বীজেন্দ্ৰিয় বনে।
ইন্দ্ৰেও ৰাখন্ত তাক পৰম যতনে।
বীজেন্দ্ৰি বনক ইচ্ছে নেৰে দিনে ৰাতি।
অত্যন্তে পালন্ত তাক দেৱ সুৰপতি ৬১ ৩৫
বিচণ্ড গন্ধৰ্বে দিছে বীজেন্দ্ৰি ৰাখিত।
কৃষ্ণ ধনঞ্জয় দুয়ো আগে উপস্থিত।।
কৃষ্ণ অৰ্জ্জুন দেখি বিচণ্ড ভৈলা ডৰ।
বিচণ্ডব কম্পয় সকল কলেৱৰ॥১৩৬
বিচণ্ডে বোলয় প্ৰভু তোৰ দুয়োজন।
কিসক আসিল ইতো বীজেন্দ্ৰিয় বন।
ইন্দ্ৰৰ যে বন ইতো মহা মনোহৰ।
কিসক আসিলা ঐক দুয়ে। যে ঈশ্বৰ॥১ ৩৫
সাক্ষাতে দেখোহে দুইকো দেৱ হৰি-হৰ।
অজ্ঞা কৰা প্ৰভু মই সাধোহে সত্বৰ।
গন্ধৰ্বৰ বাণী শুনি দেৱ নাৰায়ণ।
বুলিলেক তাক পাচে প্ৰচণ্ড বচন॥১৩৮
মাধৱ বদতি শুনা বিচও চণ্ডাল।
শীঘ্ৰ কৰি ইন্দ্ৰক ষে জানাও ততকাল।
স্বৰ্গক আসিয়া ভৈলা কৃষ্ণ ধনঞ্জয়।
- ' - শীঘ্ৰে হৰিহয়।১৩৯

[ ২৭ ]

জুৰ কৰি নুবুলিবি বিচণ্ড যে চণ্ড।
শীঘ্ৰ কৰি আসন্তোক খেদি যে পাষণ্ড॥
ব্ৰাহ্মণীক হৰিলেক মনত নুগুণি।
গৌতমৰ শাপে তাৰ সহস্ৰেক যোনি॥১৪০
মোক নিন্দিলাহা যত নাৰদৰ আগে।
যত শাস্তি দিছে তাক কাটিবাক লাগে॥
মাধৱৰ শুনি পাচে খৰ্ব্ব বাণী চণ্ড।
ইন্দ্ৰৰ পাশক গৈলা গন্ধৰ্ব বিচণ্ড॥ ১৪১
গন্ধৰ্ব্ব বিচণ্ডে গৈয়া ইন্দ্ৰৰ আগত।
কহিতে লাগিলা মাধৱৰ কথা যত॥
মাধৱে বুলিলা প্ৰভু! যত বাক্য চয়।
আচোক কহিবো শুনিবাক লাগে ভয়॥১৪২
তোমাক যুঁজিবে আইলা কৃষ্ণ ধনঞ্জয়।
আক জানি উপায় কৰিয়ো হৰিহয়॥
কৃষ্ণ ধনঞ্জয় আইলা বীজেন্দ্ৰিয় বন।
তাহাক ৰাখিবে প্ৰভু কৰিয়ো যতন॥১৪৩
মাধৱৰ বাণী শুনি বৰ ভয় ভৈলোঁ।
শীঘ্ৰ বেগে আসি প্ৰভু তোমাত জনাইলোঁ॥
তোমাত কহিলোঁ মই কৰি দৃঢ়মতি।
মোক দোষ নেদিবাহা দেৱ সুৰপতি॥১৪৪
বিচণ্ডৰ বাণী শুনি বৰ ভয় ভৈলা।
মাতলিক সম্বুধিয়া বুলিবাক লৈলা॥

[ ২৮ ]

শুনিয়ো মাতলি তই মোৰ কথা লৈয়ো।
নিশানত বাৰি দিয়া সৈন্যক জোৰাও॥১৪৫
চন্দ্ৰ সূৰ্য্য বায়ু বৰুণ দিগপাল গণ।
সকলে আসোক জানি মোহোৰ ভুবন॥
কৃষ্ণ অৰ্জ্জুনৰ কথা এহি মানে থওঁ।
যি কৰিলা ইন্দ্ৰদেৱে তাৰ কথা কওঁ॥১৪৬
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
বিচণ্ডৰ বাণী শুনি ইন্দ্ৰ ভৈলা ভয়॥
ইন্দ্ৰে যে বোলন্ত পাচে মাতলিক চাই।
নিশান কোবাই সৈন্য কৰা এক ঠাই॥১৪৭
সেই বেলা মাতলিয়ে নিশান বজাইলা।
তিন কোটি খৰ্ব্ব দেৱ তেখনে আসিলা॥
আৰু ওলাই আহিলা দেৱ সেনা যত মানে।
বাপেৰ শকতি লেখিবাক পাৰে কোনে॥১৪৮
অৰ্ব্বুদ নিৰ্ব্বুদ খৰ্ব্ব পদ্ম মহাধুলি।
ব্ৰহ্মায়ো লেখিয়া সৈন্য নপাৱন্ত উলি॥
অসুৰে মাৰয় বুলি সবে দৈৱগণ।
সকলে আসিলা জানি ইন্দ্ৰৰ ভুবন॥১৪৯
চন্দ্ৰ সূৰ্য্য বায়ু বৰুণ দেৱ যে অগণি।
সবেয়ো গৈলেক নিশানৰ কোব শুনি॥
দেৱতাৰ ৰাজা দশ দিগ পালগণ।
অম্ৰাৱতী নগৰত ভৈলা উপসন্ন॥১৫০

[ ২৯ ]

যত দেৱ সেনা মানে ভৈলা এক টোল।
ইন্দ্ৰৰ নগৰ খান কৰে হুলস্থল॥
ৰত্নময় সুবৰ্ণৰ সিংহাসনে বসি।
প্ৰকাশ কৰন্ত যেন মেৰু শৃঙ্গে শশী॥১৫১
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
মোক্ষ মোক্ষ দেৱতাৰ কহোঁ পৰিচয়॥
বায়ু বৰুণ চন্দ্ৰ সূৰ্য্য কুবেৰ ধনপতি।
অগনিয় সৈন্য নিৰিত্ৰিজ ধৰ্ম্ম মতি॥১৫২
সম্ভাৰ অজম্ভ বিজম্ভ সম্ভ গম্ভ।
ইচণ্ড বিচণ্ড বীৰ কাল মহাজম্ভ
অজঙ্গ বীজঙ্গ বজ্ৰবেগ গৰ্ব্বমতি।
কালম্ভ ৰক্ষস বীৰ সুৰাসুৰ পতি॥১৫৩
বিকৰ্ম্ম বিজয় খৰ্ব্ব অখৰ্ব্ব যে মহি।
বিদৰ্প বিচক্ৰ কালান্দ্ৰীয়ো গৰ্ব্ব বহি
নীলধনু বিচল বিভানু মহামতি।
কাল মহি ৰাক্ষস বিশাল যক্ষপতি॥১৫৪
গণপতি কাৰ্ত্তিক দেৱৰ সেনাপতি।
সবে চলি গৈলেক ইন্দ্ৰৰ অম্ৰাৱতী
আৰু দশ ৰাক্ষস আছয় ভয়ঙ্কৰ।
কৃষ্ণ অৰ্জ্জুনক যায় কৰিবে সমৰ॥১৫৫
মোক্ষ মোক্ষ দেৱৰ কহিলোঁ নাম চয়।
আন নকহিলোঁ পদ বাহুল্যক ভয়॥

[ ৩০ ]

দেৱতাৰ লগে আছে ৰাক্ষস দশ জন।
দেৱতাক ৰাখি কৰে শত্ৰুক নিৰ্য্যান॥১৫৬
একো একো দেৱক দেখন্তে কাল সম।
ত্ৰৈলোক্য দহিবে খোজে কালান্তক যম।
ইন্দ্ৰক প্ৰণামি বোলে সব দেৱগণ।
নমো শত্ৰু নিমৰ্দ্দন সহস্ৰ লোচন॥১৫৭
আমাক কি কাৰ্য্যে আনাইলাহা হৰিহয়।
তোমাৰ বিমনে দহে আমাৰ হৃদয়॥
তোমাৰ কষ্টক দেখি আমাৰ দহে প্ৰাণ।
আজ্ঞা কৰা চন্ন আজি কৰোঁ ত্ৰিভুবন॥ ১৫৮
অমৃত মথন্তে দৈত্যগণক সংহাৰি।
তোমাৰ যশস্যা থৈলে দশোদিশ যুৰি॥
তোমাৰ প্ৰসাদে প্ৰভু কাকো নাহি ডৰ।
অমৃতক খাই ভৈলোঁ অজৰ অমৰ॥১৫৯
আমাক যে আজ্ঞা কৰা শীঘ্ৰ কৰি যাওঁ।
তোমাৰ বৈৰীক মাৰি যমক পঠাওঁ॥
মোক্ষ মোক্ষ দেৱতাৰ শুনিয়ো বচন।
দেৱতাক চাই বোলে কাশ্যপ নন্দন॥১৬০
ধন্য ধন্য দেৱ সেনা বুলিলাহা ভাল।
আমাক ৰাখিতে জানো পাৰা দিগপাল।
সত্য কৰি জানিলোহোঁ বচন প্ৰমাণ।
মোক যুদ্ধে ৰাখি দিবা তোমাসাৰ প্ৰাণ॥১১১

[ ৩১ ]

বাসৱ বদতি সবে শুনা দেৱ চয়।
আমাক যুঁজিতে আইলা কৃষ্ণ ধনঞ্জয়॥
মোৰ বীজেন্দ্ৰিয় বন দহিবাক প্ৰতি।
আসিলেক ধনঞ্জয় দেৱ যদুপতি॥১৬২
সুবৰ্ণ ৰতন হীৰা মাণিক বৈদূৰ্য্য।
নাজানয় দিন ৰাতি জ্বলে যেন সূৰ্য্য॥
হেনয় মৃগক ধনঞ্জয় দামোদৰ।
নিবাক আসিলা শুনা দেৱ নিৰন্তৰ॥১৬৩
পূৰ্ব্বত খাণ্ডৱ বন দহিলা যৈসানি।
কিছু নুবুলিলোঁ মই পুত্ৰ হেন জানি॥
মোক প্ৰতি শৰ চয় হানে ধনঞ্জয়।
নকৰিলোঁ শৰ মই পুত্ৰক দয়ায়॥১৬৪
পুত্ৰে দহিলেক বন যুদ্ধ নকৰিলোঁ।
লাজ হুই ভয়ে মই স্বৰ্গক আসিলোঁ॥
মোক আসিবাক দেখি সব দেৱগণ।
উলটি আসিলা সবে নকৰিয়া ৰণ॥১৬৫
সেই ধনঞ্জয় পুত্ৰে মোক দিলা ৰণ।
আকে জানি সাজ পাৰ হুয়ো দেৱগণ॥
কৃষ্ণ অৰ্জ্জুনক সুৰাসুৰে দিয়ো ৰণ।
ঘোৰ ৰণে মাৰি খেদা যমৰ কাৰণ॥১৬৬
শুনা দেৱগণ সবে সৈন্য মোৰ বাণী!
মাৰা কৃষ্ণ অৰ্জ্জুনক মোৰ আজ্ঞা মানি।

[ ৩২ ]

অৰ্জ্জুন পুত্ত্ৰৰ মনে মই বৰ মন্দ।
বজ্ৰহানি নিপাতিবো অৰ্জ্জুনৰ স্কন্ধ॥১৬৭
বাসুকি প্ৰমুখ্যে সৰ্প আসি আছে যত।
অৰ্জ্জুন কৃষ্ণক মাৰি ৰণে কৰা হত।
বাসুকিৰ লগে আসি আছে যত সৰ্প।
অৰ্জ্জুন কৃষ্ণক মাৰিবাক কৰে দৰ্প॥১৬৮
বাসৱ বদতি কথা শুনা দেৱচয়।
অৰ্জ্জুনক ৰণে কেহো নকৰিবা ভয়॥
কৃষ্ণ অৰ্জ্জুনক দেখি নহৈবাহা ত্ৰাস।
ঘোৰ ৰণে দুইকো মই কৰিবো বিনাশ॥১৬৯
দৰ্পবাণী বুলিলন্ত দেৱ পুৰন্দৰ।
সিংহাসনে বসি ৰৈলা যেন গিৰিবৰ॥
এহিমতে বসি আছে সহস্ৰ লোচন।
চৌপাশে আৱৰি ৰৈলা যত দেৱগণ॥১৭০
দেখিয়ো কৃষ্ণৰ কেনে যোগ মায়া বল।
ইন্দ্ৰ অৰ্জ্জুনৰ কেনে লগাইলা কন্দল।
পিতৃৰ পুত্ত্ৰৰ দেখা ভৈলা ঘোৰ ৰণ।
গৰ্ব্বমদে অন্ধ জ্বলে বিবৰ্ণ বদন॥১৭১
মৰণতোধিক পাচে ভৈলা সুৰপতি।
দেখিয়ো কৃষ্ণৰ কেনে অনন্ত শকতি॥
আকে জানি গৰ্ব্ব নকৰিবা একোজন।
তিলমাত্ৰো গৰ্ব্ব ন সহন্ত নাৰায়ণ॥১৭২

[ ৩৩ ]

এতেকে নামক লোৱা সবে সাধুজন।
কৃষ্ণৰ চৰণে লৈয়ো সত্বৰে শৰণ॥
তপ জপ যজ্ঞ দান জানা তীৰ্থ ব্ৰত।
অপ্ৰয়াসে সিজে সবে নামৰ লগত॥১৭৩
হেন ৰাম নাম যিটো লৱে একবাৰ।
কোটি কোটি পুৰুষক কৰয় উদ্ধাৰ॥
নামতে আছন্ত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ।
এতেকে নামক নেৰে বহ্মা ত্ৰিনয়ন॥১৭৪
সুৰাসুৰ ব্ৰহ্মাণ্ডক নামে আছে ধৰি।
এতেকে মহন্তে গাৱে নামক সাদৰি॥
ৰামকৃষ্ণ উচ্ছৰিয়া যায় যিতো নৰে।
তাৰ পাচে যায় কৃষ্ণ চক্ৰ ধৰি কৰে॥১৭৫
বিঘিনি পাপক কৃষ্ণে চক্ৰে কৰি চন্ন।
ভকত জনক হৰি কৰয় ৰক্ষন॥
যেন ধেনু নেৰে স্নেহে বৎসৰ যে লাগ।
কৃষ্ণ ফুৰে পাচত ভক্তক কৰি আগ॥১৭৬
হেনয় কৃপালু কৃষ্ণ ত্ৰৈলোক্যতে সাৰ।
কৃষ্ণে পিতামাতা জানা জগত আধাৰ॥
কৃষ্ণসে ৰাখিয়া আছে সবাৰে জীৱন।
যেন বায়ু, অবিহনে সবাৰে মৰণ॥১৭৭
এতেকে নামক নেৰে সাধু সব নৰে।
তেবেসে তৰিবা ঘোৰ সংসাৰ সাগৰে॥

[ ৩৪ ]

সাৰ কৰি ধৰা সবে আমাৰ সম্মত।
মহা পুণ্য পদ ৰচিলোহোঁ দেৱজিত॥১৭৮
অৰ্জ্জুন ইন্দ্ৰৰ যুদ্ধ দেৱজিত পদ।
আকে শুনি সভাসদ খণ্ডিয়ো আপদ॥
কৃষ্ণৰ যে যশ নাম পাপ বিমোচন।
মাধৱে ৰচিলা পদ শুনা সুশোভন॥১৭৯
হেনয় পদক শুনিয়োক সৰ্ব্বজন।
তেবেসে কৰিবা সবে বৈকুণ্ঠ গমন॥
হেন জানি নামক ধৰিয়ো দৃঢ় কৰি।
ধন জন দেখা যেন সবে চাইৰ জৰি॥১৮০
দেহা নতু নপৰন্তে কালে নতু গিলে।
ধন জন জীৱন যৌবন একেতিলে॥
হেন জানি মাধৱ-চৰণে দিয়া চিত।
তেবেসে তৰিবা সুখে দুৰ্ঘোৰ কলিত॥১৮১
ৰাম নাম লৈয়ো সবে দৃঢ় কৰি মন।
তেবেসে তৰিবা সুখে যমৰ কাৰণ॥
আকে জানি নৰ নাৰী এৰি আন কাম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥১৮২


দুলৰি॥

এহিমতে ইন্দ্ৰে বোলন্তে আছন্ত
 দেৱতাগণক চাই।

[ ৩৫ ]

আবে কি কৰিবো শুনা দেৱজাক
 কহিয়ো মোত বুজাই॥
যদি ৰণে মই  অৰ্জ্জুনক মাৰোঁ
 হওঁ মই পুত্ৰ বধি।
এতেকে দেৱতা  গণে সবে মোক
 শিখায়োক সদবুধি॥১৮৩
অৰ্জ্জুনক মই  যতেক গৰ্জ্জিলোঁ
 শুনা শুনা দেৱগণ।
কৃষ্ণৰ লগত  অৰ্জ্জুন আসিলা
 বুলিলোঁ মই বচন॥
বাসৱে বোলন্ত  শুনা দিগপাল
 মোহোৰ বচন চয়।
অৰ্জ্জুন কাৰণে  নকৰিবো শৰ
 বুলিলোঁ মই নিশ্চয়॥১৮৪
কুন্তিৰ গৰ্ব্ভত  মোৰ বীৰ্য্যে জাত
 ভৈলা বীৰ ধনঞ্জয়।
মোহোৰ বিক্ৰম  মোহোৰ সমান
 বীৰ ত্ৰৈলোক্য বিজয়॥
ধনঞ্জয় বীৰে  যি কাৰ্য্য কৰিছে
 শুনা দেৱ নিৰন্তৰ।
শঙ্কৰক তুষি  ঘোৰ যুদ্ধ কৰি
 পাইলা পাশুপত্ৰ শৰ॥১৮৫

[ ৩৬ ]

হেন দেখি মই  স্বৰ্গক আনিলোঁ
 শিখাইলোহোঁ অস্ত্ৰচয়।
কেন মতে মই  মাৰিবো অৰ্জ্জুন
 শুনিয়ো দেৱতাচয়॥
অস্ত্ৰ শিখাই মই  বুলিলোঁ বচন
 শুনা বীৰ ধনঞ্জয়।
মাতলি সহিতে  কালকুঞ্জ দৈত্যে
 শীঘ্ৰ বেগে যায়ো ধায়॥১৮৬
বৰ বেগে যাই  দৈত্যক যে পাই
 মাৰিলন্ত ধনঞ্জয়।
মোহোৰ যে শাল  গুছাই ধনঞ্জয়।
 দৈত্যক কৰিয়া ক্ষয়॥
সেহি দিন ধৰি  মোহোৰ যে মনে
 উজ্জ্বলিত ভৈলা কায়।
এতেকে অৰ্জ্জুনে  কিমতে বধিবো
 কহা মোত দেৱচয়॥১৮৭
অৰ্জ্জুন পুত্ৰক  কিমতে যুঁজিবো
 মোহোৰ লাগয় লাজ।
এহিসে কাৰণে  শোধো দেৱগণ
 কহিয়ো মোহোত কাজ॥
ক্ৰোধৰ বেগত  বোলোহোঁ বচন
 মাৰিবোহোঁ ধনঞ্জয়।

[ ৩৭ ]

কেন মতে মই  মাৰিবো অৰ্জ্জুন
 শুনিয়ো দেৱতা চয়॥১৮৮
দৈত্যক মাৰিয়া  ধনঞ্জয় বীৰে
 খণ্ডাইলা মোহোৰ ভয়।
নিপাত কবচ  দৈত্যক মাৰিয়া
 গুছাইলা মোৰ সংশয়॥
মোহোৰ বচনে  পুত্ৰ ধনঞ্জয়
 মাৰে দৈত্য নিৰন্তৰ।
অৰ্জ্জুন কাৰণে  স্বৰ্গভোগ কৰোঁ
 অদ্যাপিও পুৰন্দৰ॥১৮৯
হেন অৰ্জ্জুনক  কিমতে বধিবো
 শুনিয়োক দেৱগণ।
শুনা নিৰন্তৰে  সংগ্ৰাম ভিতৰে
 কেমনে কৰিবো ৰণ॥
ইন্দ্ৰৰ বচন  শুনি দেৱগণে
 ইন্দ্ৰক বুলিলা চাই।
কৃষ্ণ অৰ্জ্জুনৰ  কথা শুনি প্ৰভু
 তুমি ভৈলা মহাভয়॥১৯০
তোমাক মাৰিবে  ৰাজ্য কাঢ়ি লৱে
 কৃষ্ণ যে অৰ্জ্জুনে ধাই।
হেনয় শত্ৰুক  নমাৰাহা তুমি
 এনুয়া চলত পাই॥

[ ৩৮ ]

তোমাৰ ভৰা নাও  সাগৰে বুৰাই
 তোমাৰ সহয় গাৱ।
আমাৰ যে গাৱে  নসহে কিসক
 মিছা কৰোঁ হাই ফুই॥১৯১
এহি খানি আমাৰ  মনত সংশয়
 থাকিবো অৰ্জ্জুনক চাই।
কেনমতে আমি  দেৱতা যে হুই
 মনুষ্য সেবিবোঁ যাই॥
এহিমতে দেৱে  অনেক ধিক্কাৰে
 হেনয় বচন শুনি।
হৰিহয় বোলে  মোক মাৰিবাক
 মনত আছিল গুণি॥১৯২
ৰাজ্যক লৈবাক  আসি ধনঞ্জয়
 কহিলাহা সবে ভাল।
সত্যে বোলোঁ মই  শুনা দেৱচয়
 অৰ্জ্জুনৰ ভৈলোঁ কাল॥
বাসৱ বদতি  শুনা দেৱগণ
 মোহোৰ বচন কৰা।
বলিক যিমত  কৰিলাহা সবে
 অৰ্জ্জুনক তেন কৰা॥১৯৩
অৰ্জ্জুন বীৰক  সমৰত মাৰি
 মোহোৰ সাধিয়ো জয়।

[ ৩৯ ]

তেবে তোমাসাৰ  যশ থাকিবেক
 দশোদিশে দেৱচয়॥
যদি অৰ্জ্জুনক  নকৰোঁ সংহাৰ
 শুনা সবে দেৱগণ।
সত্যে সত্যে মই  স্বৰ্গে নথাকিবো
 বুলিলোঁ দৃঢ় বচন॥১৯৪
ইন্দ্ৰৰ বচন  শুনি দেৱগণ
 বুলিলা ইন্দ্ৰক চাই।
কি কাৰ্য্যে এনয়  বচন বোলয়
 আমাৰ নসহে গাৱ॥
পতঙ্গ সমান  কৃষ্ণ অৰ্জ্জুনক
 নকৰিবা তুমি ভয়।
সত্যে অঙ্গীকাৰ  শুনিয়ো আমাৰ
 মাৰিবোহোঁ ধনঞ্জয়॥১৯৫
আমাৰ বচনে  ৰঙ্গে থাকা চাই
 নকৰিবা ভয় মন॥
কোন চাৰ ইটো  কৃষ্ণ ধনঞ্জয়
 জিনিবে পাৰোঁ ত্ৰিভুবন॥
আমাক যে আজ্ঞা  কৰা পুৰন্দৰ
 নহৈবা তুমি বিমন।
কৃষ্ণ অৰ্জ্জুনক  বেগে যাইবো ধাই
 কৰিবো ৰণত চন্ন॥১৯৬

[ ৪০ ]

আমাৰ বিক্ৰম  দেখিছা বাসৱ
 নাহিকে আমাৰ ভয়।
কৃষ্ণ অৰ্জ্জুনক  সমৰে মাৰিবো
 তুমি থাকা ৰঙ্গ চাই॥
দেৱতাৰ গৰ্ব্ব  বচন শুনিয়া
 মাতলিয়ো জ্বলি গৈলা।
দেৱতা সবক  খঙ্গমনে চাই
 বচন বুলিবে লৈলা॥১৯৭
এনয় দেৱতা  মহা বলৱন্ত
 স্বৰ্গত আছাহা বৰ।
মহাভয়ে তেবে  স্বৰ্গপুৰ এৰি
 কিসক পলায় পুৰন্দৰ॥
কালকুঞ্জ দৈত্য  বাৰে বাৰে আসি
 অম্ৰাৱতী কৰে চন্ন।
হেন কালকুঞ্জ  নমাৰিয়া দেৱে
 পলাইলাহা কি কাৰণ॥১৯৮
তেবে ইন্দ্ৰে মোক  আদেশ কৰিলা
 অৰ্জ্জুনক আনা গই।
ইন্দ্ৰৰ বচনে  অৰ্জ্জুনক আনি
 স্বৰ্গৰ ভুবনে মই॥
ইন্দ্ৰে যে বোলন্ত  শুনিয়ো অৰ্জ্জুন
 দৈত্যক বধিয়ো যায়।

[ ৪১ ]

তোমাৰ লগত  মাতলি সাৰথি
 হেৰা দিলোঁ ধনঞ্জয়॥১৯৯
পাচে দিব্য ৰথে  চৰিলোহোঁ দুয়ো
 দৈত্যক গৈলোহো ধাই।
দৈত্যৰ নগৰ  শীঘ্ৰবেগে পাইলোঁ
 দৈত্যগণে আছে চাই॥
পাচে দৈত্যগণে  খেদি সেহি স্থানে
 প্ৰহাৰিলা যত শৰ।
দিব্য শৰে বীৰে  দৈত্য-শৰ নাশ
 কৰিলন্ত ধনুৰ্দ্ধৰ॥২০০
ব্ৰহ্ম অস্ত্ৰ শৰ  দিব্য শৰ যত
 পাচে হানিলন্ত বীৰে॥
ধনু তূন বাণ  দৈত্যৰ আগত
 ভাঙ্গি গৈলা নিৰন্তৰ।
খেদি আসে দৈত্য  ৰথত চৰিয়া
 ধনু ধৰি দৈত্য বল।
ধনঞ্জয় বীৰে  শৰ মাৰিবাক
 নপাৱন্ত একো চল॥২০১
পাচে ধনঞ্জয়  চিন্তিলন্ত মনে
 দৈত্য বধে কৰি সাৰ।
পাশুপত্ৰ শৰ  ধনঞ্জয় ধৰি
 প্ৰহাৰিলা যত শৰ॥

[ ৪২ ]

ঘোৰ মূৰ্ত্তি ধৰি  দশোদিশ ঢাকি
 যুৰিলা দিশ আকাশ।
হাৰ তেজ মাংস  নিমিষেকে খাই
 দৈত্যক কৰিলা নাশ॥২০২
হেন অৰ্জ্জুনক  মাৰিবাক গৰ্ব্ব
 কৰিলা দেৱতা চয়।
কেন মতে তাক  মাৰা দেৱগণ
 নুবুজাহা দেৱচয়॥
কৃষ্ণ অৰ্জ্জুনক  সব দেৱ মিলি
 মাৰিয়া কৰিবা চাই।
কেন মতে মাৰা  কৃষ্ণ অৰ্জ্জুনক
 দেখোঁ দেৱ মুনিসাই॥২০৩
মিছা সবে টাই  বুজন নযায়
 সবে দেৱ নিৰন্তৰ।
কৃষ্ণ অৰ্জ্জুনক  দেখিয়া দেৱৰ
 লাগিবেক চমৎকাৰ॥
পাচে ইন্দ্ৰ গাৱে  লাগিবেক যাই
 ইন্দ্ৰেও কৰিবে ৰণ।
অৰ্জ্জুনক ৰণে  ইন্দে নোৱাৰিবে
 মই বুলিলোঁ বচন॥২০৪
অৰ্জ্জুনৰ মই  বিক্ৰম দেখিছোঁ
 অদ্যাপিও কম্পে প্ৰাণ।

[ ৪৩ ]

দৈত্য সমে ৰণ অৰ্জ্জুনে কৰন্ত
 দেখি মই অচেতন॥
দৈত্যক মাৰন্তে  মোৰ বুক লৰে
 নকম্পন্ত ধনঞ্জয়।
এহিসে কাৰণে ইবাক্য বুলিলোঁ
 ক্ষমিয়োক হৰি হয়॥২০৫
বাসব বদতি শুনিয়ো মাতলি
 নাহি মোৰ ক্ৰোধ মন।
ভালে সি বচন বুলিলা মাতলি
 মোৰ লৱে হেন মন॥
শুনিয়ো মাতলি মোহোৰ বচন
 শীঘ্ৰ কৰি ধৰ তই।
অশ্বিনী কুমাৰ বৈদ্য দেৱতাৰ
 আনিয়ো মোহোৰ ঠাই॥২০৬
ৰণত বিকল হোৱে দেৱ যত
 মন্ত্ৰবলে কৰিবে ভাল।
সেহিসে কাৰণে চলিয়ো মাতলি
 আনা গৈয়া সোনকাল॥
ইন্দ্ৰ বচনে শীঘ্ৰে চলি গৈলা
 অশ্বিনী কুমাৰ পাশ।
মাতলি বোলন্ত শুনা বৈদ্য দুই
 দেৱৰ লাগিল ত্ৰাস॥২০৭

[ ৪৪ ]

ইন্দ্ৰৰ আদেশে যাইবাক লাগে
 ইন্দ্ৰৰ সভাক দুই।
শুনিয়া যে দুই মাতলিৰ বাণী
 ইন্দ্ৰ-পাশে গৈলা ধাই।॥
ইন্দ্ৰৰ সভাত ভৈলন্ত প্ৰবেশ
 ইন্দ্ৰক প্ৰণামি ৰৈলা।
দেখিয়া বাসৱে অশ্বিনী কুমাৰ
 বুলিবাক লাগি লৈলা॥২০৮
শুনা শুনা দুই অশ্বিনী কুমাৰ
 মোহোৰ বচন কৰা।
ঘাৰ ছেদ হৱে যত দেৱ চয়
 তাহাক গুছাইবে লৰা॥
বাসৱ বদতি শুনা সেনাপতি
 মোহোৰ বচন চয়।
মোৰ বাক্য কৰা যুঁজিবাক লবা
 সঙ্গে লৈয়া সেনাচয়॥২০৯
শুনিয়ো কাৰ্ত্তিক  ধৰা মোৰ বাক্য
 সমৰক লাগি চল।
তোৰ লগে যত যাইবে অসংখ্যাত
 ত্ৰিদশ দেৱৰ বল॥
শুনিয়ো মাতলি মোৰ ৰথ সাজা
 দেখন্তে লাগয় ডৰ।

[ ৪৫ ]

হাজাৰেক ঘোৰা যুৰি সাজা ৰথ
 যিটো সূৰ্য্য সমসৰ॥২১০
দেৱ সমে ৰণ কৰি নাৰায়ণ
 দেৱৰ ভাঙ্গিলা দৰ্প।
যেন বৈদ্যগণে পঢ়ি মন্ত্ৰ মনে
 নিচুকাইলা যেন সৰ্প॥
সেহি মতে হৰি গৰ্ব্ব চূৰ কৰি
 দেৱক কৰিলা লাজ।
এহি মতে কৃষ্ণে দুষ্ট কৰি নষ্ট
 সাধিলেক ভক্ত কাজ॥২১১
দেখা কেন হৰি লোকক উদ্ধাৰি
 ইন্দ্ৰৰ দৰ্প খণ্ডাইলা।
এতেকে নামক ঈশ্বৰক পূজি
 সুখে সংসাৰক তৰা।


ছবি।

সুখে দুখে মুখ ভৰি সদায় ঘুষিয়ো হৰি
 সুখে লৈবা বৈকুণ্ঠত বাস।
তেবে চক্ৰ সুদৰ্শন ৰাখিলন্ত সৰ্ব্বক্ষণ
 পাপক কৰিব সবে নাশ॥
নামক কৰিয়ো ধন নামেসে জানিবা প্ৰাণ
 নামকেসে কহে শাস্ত্ৰগণে।

[ ৪৬ ]

অষ্টাদশ পুৰাণত ভাগৱতে কহে যত
 তৰিবে নপাৰে নামবিনে॥২১২
ধন জন অৰ্থচয় জানা সবে মায়াময়
 সমস্তে বস্তুক তেজি অতি।
সি সবক পৰিহৰি হৰিনাম খাণ্ডা ধৰি
 পেলায়োক মোহ জৰি কাটি॥
মাধৱে ভণিলা পদ শুনা সবে সভাসদ
 এৰি সৰ্ব্বজনে আন কাম।
পাপ সব হৌক নাশ বৈকুণ্ঠত পাইবা বাস
 ডাকি সবে বোলা ৰাম ৰাম॥২১৩


পদ।

মাতলিয়ো ইন্দ্ৰৰ আদেশ শীৰে ধৰি।
ৰথ সাজিবাক গৈলা শীঘ্ৰে দৰদৰি॥
হাজাৰ ঘোৰাক যুৰি সাজি ৰথখান।
সাক্ষাতে দেখিয়া যেন কৈলাস সমান॥২১৪
অচেদ অভেদ ৰথ দিব্য ধনু খান।
যাক দেখি দৈত্য দানৱৰ কম্পে মন॥
অক্ষয় তূণক শেল খড়্গ চৰ্ম্মবৰ।
মাতলিয়ে থৈলা সেই ৰথৰ উপৰ॥২১৫
মৃদঙ্গ কাহাল ভেৰী বাৱে ঢাক ঢোল।
দুন্দুভি দগৰ যে তালৰ বাদ্য ৰোল॥

[ ৪৭ ]

বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
প্ৰচণ্ড বাদ্যক বজাৱয় দেৱচয়॥২১৬
আত অনন্তৰে কথা শুনা মহাশয়।
নিজ নিজ যানে চৰি চলে দেৱচয়॥
ঐৰাৱতে চৰিলন্ত দেৱ সুৰপতি।
নৰস্কন্ধে কুবেৰ মহিসে ধৰ্ম্মমতি॥২১৭
হৰিণত বায়ু দেৱ মগৰে বৰুণ।
সপ্ত ঘোটকত সূৰ্য্য সহস্ৰ কিৰণ॥
শশাত যে চন্দ্ৰ ছাগলত হুতাশন।
নিৰিত বিৰিয়া পশুত চৰি ৰঙ্গ মন॥২১৮
ঈশান চৰিলা নিজ ভুজঙ্গ বাহনে।
আনো দেৱগণে চৰিলন্ত নিজ যানে॥
সম্ভাসুৰ চৰিলন্ত গন্ধৰ্ব্ব বাহনে।
অজম্ভ চৰিলা গৈয়া গড়ৰ যে যানে॥২১৯
বীজম্ভ চৰিলা যাই ঘোঙ্গৰ বাহনে।
সম্ভ যে চৰিলা তাৰ বৰাহৰ যানে॥
গম্ভ যে চৰিলা শূল ধৰি হস্তী-স্কন্ধে।
অচণ্ড চৰিলা যাই নেউলত প্ৰৱন্ধে॥২২০
বিজম্ভ উঠিলা তাৰ মৃগৰ যে যানে।
কাল বীৰ চৰিলন্ত বাঘৰ বাহনে॥
মহাজম্ভ কঙ্কৰ পক্ষীত গৈলা চৰি।
অজঙ্গ ধাইলেক কোৰঞ্ছৰ পিঠিত লৰি॥২২১

[ ৪৮ ]

বীৰঙ্গ চৰিলা ধনু ধৰি বৃষভত।
বজ্ৰবেগ গৰ্ব্বমতি ধাইলা ঘোটকত॥
কালম্ভ ৰাক্ষস বীৰ চৰাচৰ পতি।
সিংহৰ পিঠিত চৰি কৰন্ত দীপিতি॥২২২
ভালুকৰ পিঠিত বিক্ৰম আৰোহিলা।
বীৰ খৰ্ব্ব দুই বীৰ ৰথত চৰিলা॥
অখৰ্ব্ব চৰিলা যাই তুৰুকী ঘোৰাত।
মহাবীৰ দৰ্প দিব্য চৰিলা ৰথত॥২২৩
অশ্বিনীকুমাৰ দুই আছে ঘোৰায় চৰি।
গণপতি গৈলা পাচে মুষকত লৰি॥
কাৰ্ত্তিক সেনাপতি ধাইলা ময়ুৰত চৰি।
গৰ্ব্বমূৰ্ত্তি দিব্য ৰথে শীঘ্ৰে গৈলা লৰি॥২২৪
বিশ্ব কালমন্দ দুই একে ৰথে যাই।
প্ৰজা সংহৰিবে যেন ৰুদ্ৰ খেদি যায়॥
নিজ নিজ যানে চৰি দেৱ-সেনা চয়।
ইন্দ্ৰক আৱৰি সবে কৰে জয় জয়॥২২৫
হয় হস্তী সৈন্যৰ যে লেখা জোখা নাই।
কোটি কোটি লক্ষ লক্ষ হাজাৰ বহি যায়॥
জয় ইন্দ্ৰ বুলি সবে সিংহনাদ কৰি।
চলি গৈলা দেৱ সেনা পটোৱাৰ ধৰি॥২২১
দেৱতাৰ সিংহনাদে স্বৰ্গক পূৰিলা।
গিৰীবৰ সাগৰ যে মহী খলকিলা॥

[ ৪৯ ]

যথা আছে কৃষ্ণ ধনঞ্জয় বীৰ দুই।
তাকে বহে জয় ৰথ ইন্দ্ৰে সাজ হুই॥২২৭
মেৰুৰ উত্তৰে আছে বীজেন্দ্ৰিয় বন।
অহাকে চলিলা দেৱ সহস্ৰ লোচন॥
যেহেন সাগৰে দশোদিশে বাঢ়ি গৈলা।
যেন কাল মেঘখান গগনে চলিলা॥২২৮
সেইমতে ঢাকি দশ দিগপালগণ।
কৃষ্ণ অৰ্জ্জুনক কৰিবাক যায় ৰণ॥
মাধৱে দেখন্ত দেৱ-সেনা আসে চানি।
অৰ্জ্জুনক বুলিলন্ত পৰিহাস বাণী॥২২৯
দশোদিশ ঢাকি আসে দেৱতা যে গণ।
কেনমতে সখি তুমি কৰিবাহা ৰণ॥
অৰ্জ্জুন বদতি সখি শুনা দামোদৰ।
ইন্দ্ৰ সুৰাসুৰে মই কেন কৰোঁ ডৰ॥২৩০
তুমি মোৰ সহায় যদি ভৈলা নাৰায়ণ।
দুৰ্ঘোৰ সমৰে কৰোঁ দেৱ-সেনা চন্ন॥
দেৱতাৰ অৰ্জ্জুনৰ দেখা দেখি ভৈলা।
অৰ্জ্জুনৰ পাশে পাচে ইন্দ্ৰ চলি গৈলা॥২৩১
ইন্দ্ৰে যে বোলন্ত পাচে অৰ্জ্জুনক চাই।
কিসক আসিলি পুত্ৰ মোহোৰ যে ঠাই॥
কিবা যুদ্ধ কৰা তোৰ নুবুজোহোঁ মন।
তোৰ লগে আসি আছে দুষ্ট নাৰায়ণ॥২৩২

[ ৫০ ]

ৰথ ধনু তূণ বাণ আছে সব সাজ।
যদি যুদ্ধ দিবি পুত্ৰ মোত কৈয়ো কাজ॥
অচেদ অভেদ ৰথ ধনু শৰচয়।
লগত আনিয়া আছা বীৰ ধনঞ্জয়॥২৩৩
অৱশ্যে কৰিবি যুদ্ধ কওঁ স্বৰূপত।
সত্য কৰি কহ পুত্ৰ মোহোৰ আগত॥
দহোঁ দহোঁ কৰা দুয়ো ভুবন চৈধ্যয়।
সিকাৰণে শোধোঁ তোত বীৰ ধনঞ্জয়॥২৩৪
হেন শুনি অৰ্জ্জুনেও চপৰাইলা মাথ।
নমোঁ পিতৃ ইন্দ্ৰ তুমি ত্ৰিদশৰ নাথ॥
নমোঁ নমোঁ পিতৃ প্ৰভু দেৱ পুৰন্দৰ।
দশ দিগপালৰ যে তুমি অধিকাৰ॥২৩৫
বীজেন্দ্ৰিয় বনৰ মৃগক এক ধৰি।
আমাক দিয়োক বাপ দেৱ হয় হৰি॥
নেদিলেও মৃগ এক নিবোহোঁ নিশ্চয়।
আক জানি মৃগ এক দিয়ো হৰিহয়॥২৩৬
অৰ্জ্জুনৰ বচনে ইন্দ্ৰৰ বৰ ক্ৰোধ।
মৃগ নিলে বাপ ঘোৰ লাগিবেক যুদ্ধ॥
পিতৃৰ পুত্ৰৰ ঘোৰ লাগিবে কন্দল।
আক জানি মৃগ এৰি চলা মহাবল॥২৩৭
কৃষ্ণৰ বচনে বাপ আইলি ঐক তই।
মোহোৰ বচনে মৃগ এৰা ধনঞ্জয়॥

[ ৫১ ]

লম্পট আছাৰ মাধৱৰ লগ পাই।
কিসক আসিলি বাপ দেৱতাৰ ঠাই॥২৩৮
পুত্ৰৰ সমান কৰি পালোঁ মৃগচয়।
কৃষ্ণৰ বচনে নিবে আইলি ধনঞ্জয়॥
পূৰ্ব্বতে দৈত্যক জিনি ৰাখিলোঁ মৃগক।
হেনয় মৃগক নিবে আসিলি কিসক॥২৩৯
কৃষ্ণৰ বচনে মৃগ এৰা ধনঞ্জয়।
পুনৰপি ফিৰি যোৱা আপোন নিলয়॥
যদি তেও মৃগক নিবিহি বীৰবৰ।
তোৰ মোৰ সমৰ লাগিবে গুৰুতৰ॥২৪০
তোৰ মোৰ যুদ্ধ দেখি হাঁসিবে দেৱচয়।
এতেকে বোলোহোঁ মৃগ এৰা ধনঞ্জয়॥
কৃষ্ণৰ বচন নকৰিবা কদাচিত।
তাৰ সম পাপমতি নাই সংসাৰত॥২৪১
কৃষ্ণৰ সমান নাহি নিলাজ লম্পট।
স্ত্ৰীৰ মেখলা লই উঠয় গাছত॥
দিগম্বৰী কৰি স্ত্ৰীক পাপ কৰি ঘোৰ।
সাক্ষাতে জানিবি আক স্ত্ৰীৰ বস্ত্ৰচোৰ॥২৪২
পূৰ্ব্বতে গোকুলে আসি গোবৰ্দ্ধনোপৰে।
মোক পূজা কৰে সবে পৰ্ব্বত শিখৰে॥
মোৰ ৰূপ ধৰি পাচে কৃষ্ণে সেহি স্থানে।
পৰ্ব্বতৰ উপৰক গৈলা নাৰায়ণে॥২৪৩

[ ৫২ ]

মোৰ মান খণ্ডাই সবে খাইলা পূজাচয়।
হেন দেখি ক্ৰোধে পাচে জ্বলিলোহোঁ ময়॥
প্ৰলয়ৰ অগ্নিসম সাক্ষাতে জ্বলিলোঁ।
প্ৰলয়ৰ বজ্ৰমেঘ আনিবাক গৈলোঁ॥২৪৪
সম্বৰ্ত্তক আদি কৰি বজ্ৰ মেঘ আনি।
গোকুলৰ উপৰত বৃষ্টি কৰোঁ চানি॥
প্ৰলয়-মেঘক মই আদেশিলোঁ ডাটি।
বৰষিলোঁ মই সাত দিন সাত ৰাতি॥২৪৫
বজ্ৰ মেঘ বৰষিলা ঘোৰ শিলা জলে।
ঠাই নপাই পশিলন্ত পৰ্ব্বতৰ তলে॥
মোৰ পূজা ভঙ্গ কৰি কৃষ্ণ কি কৰিলি।
জৰাসন্ধ ভয়ে তই সাগৰে পশিলি॥২৪৬
আৰু খাইলি গোপৰ লয়নু কৰি চূৰ।
তোৰ সম পাতকী নেদেখোঁ মই ঘোৰ॥
পৰস্ত্ৰীক হৰিয়া বনক লৈয়া যায়।
তোৰ সম পাতকী নাহিকে একো ঠাই॥২৪৭
আপোনাৰ মোমাক যে মাৰিলিহি তই।
তোৰ সম পাপমতি নতু দেখোঁ মই॥
কামদেৱ পুত্ৰ অনিৰুদ্ধ বহাৰীক।
উষা নামে বহাৰীক হৰিলি কিসক॥২৪৮
পুত্ৰ অৰ্জ্জুনক মোৰ ভ্ৰষ্ট যে কৰিলি।
সোদৰ মোমাৰ জিউ বহিনীক দিলি॥

[ ৫৩ ]

অধম আচাৰ তোৰ সম আছে কৈত।
অৰ্জ্জুন আসিলা তোৰ লগে হৈবে হত॥২৪৯
আৰু কৃষ্ণ তই কৰিলি অকাৰ্য্য।
স্ত্ৰীৰ মেখলা লই পাইলি বৰ লাজ॥
নৰক-পুত্ৰক মাৰি পাপ কৰি বৰ।
পুত্ৰ বহাৰীক তই কৰি আছা ঘৰ॥২৫০
কৃষ্ণৰ সমান পাপমতি আৰ নাই।
কৃষ্ণক চুইলে ত্ৰৈলোক্যত নাই ঠাই॥
কৃষ্ণৰ সঙ্গত অৰ্জ্জুনৰ পাপ বৰ।
অৰ্জ্জুন সহিতে মই নকৰোঁ সমৰ॥২৫১
কৃষ্ণ অৰ্জ্জুনক মই নকৰিবো ৰণ।
শীঘ্ৰে গুছি যাস ঐৰ তোৰা দুইজন॥
বুলিলোঁ বচন মই দৃঢ় কৰি শুন।
ফিৰিয়া যায়োক দুয়ো আপোন ভুবন॥২৫২
হেন শুনি দুয়ো সখি ক্ৰোধে গুৰুতৰ।
ইন্দ্ৰক চাহিয়া বোলে দেৱ দামোদৰ॥
অৰ্জ্জুনে বোলয় জানো দেৱতাৰ খ্যাতি।
বেশ্যা অপ্সৰা সমে দেৱতাৰ বসতি॥২৫৩
আমাৰ আগত দেৱতাৰ বৰ টাই।
দৈত্যৰ ভয়ত দেৱ বিভঙ্গে পলায়॥
দৈত্যক মাৰিয়া সাধিলোহোঁ দেৱ-কাজ।
মোক ইন্দ্ৰে নিন্দা কৰে আত লাগে লাজ॥২৫৪

[ ৫৪ ]

কালকুঞ্জ মাৰিলোহোঁ অসুৰ দুষ্টক।
আমাক যে নিন্দা কৰে সমস্তে যতেক॥
মাধৱ বদতি পাপী শুনা পুৰন্দৰ।
তোৰ সম পবিত্ৰ নাহিকে দেৱতাৰ॥২৫৫
ধন্য ধন্য পুৰন্দৰ দেৱ সুৰপতি।
গৌতমৰ ভাৰ্য্যা কিয় হৰিলি দুৰ্ম্মতি॥
ঘোৰ পাপ কৰিলিহি হৰিলি ব্ৰাহ্মণী।
গৌতমৰ শাপে তোৰ সহস্ৰেক যোনি॥২৫৬
যোনি দেখি মহা লাজ ভৈলি সুৰপতি।
পদ্মৰ তলত গৈয়া লুকাইলি দুৰ্ম্মতি॥
লাজভয়ে পূৰন্দৰ আছিলি পলাই।
শচী বৃহস্পতি তোক ফুৰে দুয়ো চাই॥২৫৭
শচী বৃহস্পতি তোক বিচাৰন্ত যাই।
আনিলেক তোক পদ্মৰ তলত পাই॥
তোৰ গাৱে যোনি দেখি শচীৰ বিমন।
পাচে মহাশোকে শচী কৰিলা ক্ৰন্দন॥২৫৮
শচীৰ ক্ৰন্দনে পাচে তোৰ কষ্ট মন।
ব্ৰাহ্মণীক হৰি পাচে কৰিলি ক্ৰন্দন॥
পাৰ্ব্বতীক আৰাধিলি তুষ্ট কৰি মন।
তেবে দেৱী আসি তোক দিলা দৰশন॥২৫৯
দেৱীক চাহিয়া তই বোলা সুৰপতি।
মোহোৰ গাৱৰ যোনি গুছায়ো পাৰ্ব্বতী॥

[ ৫৫ ]

দেৱী বোলে শাপ গুছাইবাৰ শক্য নাই।
দেৱীৰ বচনে পাপী কান্দিলিহি তই॥২৬০
পাচে দেৱী গুণি গাণ্ঠি বুলিলা বচন।
যোনি গুছি তোৰ হৌক সহস্ৰ লোচন॥
গৌতমৰ শাপে তোৰ অণ্ডকোষ নষ্ট।
স্বৰ্গত সুখত কৰি সেহি মনকষ্ট॥২৬১
ছাগলৰ অণ্ডকোষ যোৰাইলেক আনি।
এতেকে গুছিলা তোৰ চিন্তা-জ্বৰ খানি॥
ছাগলক দিলি তই পবিত্ৰ যে বৰ।
তোৰ সম পবিত্ৰ নাহিকে পুৰন্দৰ॥২৬২
ব্ৰহ্মবধ জল মহী ব্ৰহ্মস্ত্ৰাক দিলি।
এহিসে কাৰণে কাঢ়ি স্বৰ্গ লৈলা বলি॥
মই পুনু স্বৰ্গে থাপি গৈয়া আছোঁ তোক।
এহিসে কাৰণে পাপী নিন্দা কৰা মোক॥২৬৩
গৰ্ব্ভধাৰী মাতৃ আছে তোৰ শয়নত।
সোমাইলি পাপিষ্ঠ তই কি কাৰ্য্যে গৰ্ব্ভত॥
বজ্ৰ ধৰি কাটিলিহি তাহান সন্ততি।
তোৰ সম অধম নাহিকে পাপমতি॥২৬৪
বজ্ৰাঙ্গৰ ভাৰ্য্যা বাৰঙ্গী মহামতী।
সৰ্পৰূপ ধৰিয়া ঘঁসাইলি দুৰ্ম্মতি॥
ভাই বহাৰীক ঘসাই পাপ কৰি ঘোৰ।
তোৰ সম অধম পাতকী নাহি চোৰ॥২৬৫

[ ৫৬ ]

তই পাপী পাপ কৰিছাস যত যত।
তোত পৰে পাপী আৰ নাহিকে স্বৰ্গত॥
ধিক ধিক দেৱৰাজ আচোক তোৰ নাম।
চাণ্ডালতাধিক তই পাতকী অধম॥২৬৬
মাধৱে বুলিলা যত বাসৱৰ আগে।
অস্ত্ৰ ধৰি ইন্দ্ৰক কি কাটিবাক লাগে॥
মাধৱৰ ধিক্কাৰ যে বজ্ৰৰ সন্ধান।
ইন্দ্ৰৰ হৃদয়ে পৰি ভৈলা কম্পমান॥২৬৭
শুকান বনত যেন অগনি লাগিলা।
ঘৃত পাই যেনমতে আগনি জ্বলিলা।
মাতলি যোগাইলা নিয়া দিব্য ৰথখান।
সেই ৰথে চৰিলন্ত কাশ্যপ নন্দন॥২৬৮
মাধৱৰ নিন্দাত ইন্দ্ৰৰ ক্ৰোধ মন।
বামহাতে ধৰিল দৃঢাঙ্গ ধনুখান।
দৃঢাঙ্গ ধনুক ইন্দ্ৰে টঙ্কাৰ কৰিলা।
দৃঢ়াঙ্গ ধনুৰ ধ্বনি ব্ৰহ্মাণ্ড লৰিলা।২৬৯
অৰ্জ্জুনে কৰিলা পাচে বাসৱে প্ৰণতি।
মোক দোষ নেদিবাহা দেৱ সুৰপতি॥
এহি বুলি গাণ্ডীবক টঙ্কাৰ কৰিলা।
কৃষ্ণৰ মায়ায়ে ঘোৰ শব্দে উৰি গৈলা॥২৭০
গাণ্ডীৱ ধনুৰ মহা বিপৰীত চণ্ড।
কম্পিলেক স্বৰ্গ মহী পাতাল যে খগু।

[ ৫৭ ]

ইন্দ্ৰ চন্দ্ৰ আদি কৰি দেৱতা প্ৰধান।
ধনুৰ শবদে সবে ভৈলা কম্পমান॥২৭১
মাৰ মাৰ কাট কাট ৰোল যে উঠিলা।
দেৱ দেৱাসুৰত তবধ মিলি গৈলা॥
সূৰ্য্যে যে বোলন্ত কিনো বীৰ ধনঞ্জয়।
ইহাৰ ধনুৰ শব্দে কম্পে দেৱচয়॥২৭২
মোহোৰ পুত্ত্ৰৰ বৈৰী বীৰ যে অৰ্জ্জুন।
ইহাক মাৰিয়া খেদাও যমৰ ভুবন
পুত্ত্ৰ বুলি অৰ্জ্জুনে নামাৰে পুৰন্দৰ।
মই মাৰি খেদাও আক যমৰ নগৰ॥২৭৩
আজি মাৰি যদি কৰ্ণ-বৈৰী কৰোঁ নষ্ট।
এহিখানি মোৰ মান কৰোঁ উৎকৃষ্ট॥
এহি বুলি সূৰ্য্যদেৱে কৰিলন্ত সাৰ।
আদেশ বুলিয়া ইন্দ্ৰে কৰে নমস্কাৰ॥২৭৪
আমি থাকন্তে তোমাৰ যুদ্ধে কিবা কাজ।
আমি যুদ্ধ কৰোঁ তুমি চাহা দেৱৰাজ॥
তোমাসাৰ যদি প্ৰভু মই আজ্ঞা পাওঁ।
তেবে কৃষ্ণ অৰ্জ্জুনক যমক পঠাওঁ॥২৭৫
সূৰ্য্যৰ বচনে ইন্দ্ৰে বুলিলা বচন।
শীঘ্ৰ কৰি কৰা ৰণ সহস্ৰ কিৰণ॥
ইন্দ্ৰৰ বচনে সূৰ্য্য মহাৰঙ্গ ভৈলা।
দুই তূণ পিঠিত কৰিয়া ধনু লৈলা॥২৭৬

[ ৫৮ ]

পাচে ডেৱ দিয়া সূৰ্য্য ৰথত চৰিলা।
সুদিব্য সাৰথি ৰথ পবনে ডাকিলা॥
সপ্ত ঘোটকত দিলা চাবুকৰ বাৰি।
দিব্য ৰথখান চলে গগনে সঞ্চাৰি॥২৭৭
যথা আছে কৃষ্ণ ধনঞ্জয় দামোদৰ।
তথাক বহাৱে দিব্য ৰথ অতি বৰ॥
সূৰ্য্য যে আসয় দেখি মাধৱ বদতি।
দেৱতাৰ যুদ্ধে ভয় নকৰিবা সখি॥২৭৮
বাসৱে কহিছে সখি তোমাৰ আগত।
নৰ নাৰায়ণ দুয়ো একে স্বৰূপত॥
তোমাৰ আগত মই কহোঁ আজি সাৰ।
নৰ নাৰায়ণ দুয়ো ভৈলা অৱতাৰ॥২৭৯
পৃথিবীৰ মহাভাৰ সংহৰিবে দুই।
একে ব্ৰহ্ম কৃষ্ণ ধনঞ্জয় আছে হুই॥
সত্যে সত্যে সখি মই কহিলিহোঁ সাৰ।
পূৰ্ণব্ৰহ্ম আসি কৃষ্ণাৰ্জ্জুন অৱতাৰ॥২৮০
আকে জানি সখি তুমি নকৰিবা ডৰ।
সুৰাসুৰ জিনিবাক পাৰোঁ একেশ্বৰ॥
এতেকেসে সখি ভয় নকৰিবা মনে।
তোমাক যুঁজিবে খেদি আসে দেৱগণে॥২৮১
তোমাৰ যে মনে জানা একে মন প্ৰাণ।
সিকাৰণে বোলোঁ মই ইসব বচন॥

[ ৫৯ ]

তুমি মৰিলেও সখি মৰিবোহোঁ মই।
সত্যে সত্যে কহোঁ জানা বীৰ ধনঞ্জয়॥২৮২
মোৰ উদৰত আছে চৈধ্যয় ভুবন।
মোহোৰ স্ৰজন আবে ব্ৰহ্মা ত্ৰিনয়ন॥
মোহোৰ স্ৰজনা আবে চৰাচৰ যত।
মোক মাৰিবাক কোনে পাৰে সংসাৰত॥২৮৩
আকে জানি ভয় কিছু নকৰিবা সখি।
দেৱ-সেনা মাৰা আবে মোৰ কথা ৰাখি॥
প্ৰথমতে সূৰ্য্যে আসি তোমাক দিলা ৰণ।
তাৰ সপ্ত ঘোৰা মাৰি কৰিয়ো নিৰ্য্যান॥২৮৪
অমৃতক খাই ভৈলা অজৰ অমৰ।
মোহোৰ মায়াত মৰিবেক নিৰন্তৰ॥
এতেকেসে সখি তুমি হেলা পৰিহৰি।
সূৰ্য্যক মাৰিয়ো শৰ হাজাৰ সত্তৰি॥২৮৫
হেন শুনি অৰ্জ্জুনৰ হৰিষ অপাৰ।
ৰূদ্ৰৰূপ ধৰিয়া সূৰ্য্যক দিলা ধাৰ॥
মাধৱেও ৰথ খান বাহিলেক বৰ।
সূৰ্য্যৰ সম্মুখে ৰাখিলন্ত দামোদৰ॥২৮৬
গাঞ্জীৱ ধনুক ধনঞ্জয়ে কৰে ধৰি।
মাৰিলেক শৰ দশ হাজাৰ সত্তৰি॥
ধনু শৰ ৰথধ্বজ সূৰ্য্যৰ হৃদয়।
একেবাৰে ভেদিলন্ত পাণ্ডুৰ তনয়॥২৮৭

[ ৬০ ]

আৰু মাৰিলন্ত দশ নৰাচ মহাবলী।
সূৰ্য্যৰ গাৱত পশিলন্ত হল হলি॥
বিশ্ৰুতি বিজ্ঞানে সূৰ্য্য ৰথত পৰিলা।
সুদিব্য সাৰথি ৰথ বিদুৰে ডাকিলা॥২৮৮
সূৰ্য্য পলাই গৈলা দেখি বৰুণৰ ক্ৰোধ।
অৰ্জ্জুনক ধাইলা পাচে কৰি ঘোৰ যুদ্ধ॥
বৰুণে ধাইলেক পাচে পাশা হাতে ধৰি।
অৰ্জ্জুনক মাৰি পেশো যমৰ নগৰি॥২৮৯
এহি বুলি বৰুণে হানিলা নাগ পাশ।
ফোঁকাৰন্তে আসে পাশ গগন আকাশ॥
পাশ আসে দেখিলা অৰ্জ্জুন বিদ্যমান।
গড়ুৰৰ বাণ বীৰে কৰিলা সন্ধান॥২৯০
তেখনে গড়ুৰ হুয়া আকাশে চলয়।
পাশ পাই কাটি চিঙ্গি কৰিলন্ত ক্ষয়॥
বৰুণৰ পাশ চন্ন কৰি সেহি চেগে।
অৰ্জ্জুনৰ তূণত পশিলা বৰ বেগে॥২৯১
পাশ চন্ন দেখি বৰুণৰ কম্পে তনু।
বাম হাতে ধৰিলা সুদিব্য নামে ধনু॥
সেই ধনু ধৰিয়া টঙ্কাৰিলাহা যেৱে।
সাগৰ পৰ্ব্বত মহী কম্পিলেক তেৱে॥২৯২
হেনয় ধনুক ধৰি বৰুণৰ ক্ৰোধ।
মগৰত চৰি অৰ্জ্জুনক দিলা যুদ্ধ॥

[ ৬১ ]

অনল বিনল বহ্নি শৰ প্ৰহাৰিলা।
বিধুম যে অগ্নি হুই আকাশে চলিলা॥২৯৩
অৰ্জ্জুনে দেখে যে শৰ আসে দিশ চানি।
অৰ্জ্জুনে কৰিলা নাশ ব্ৰহ্ম অস্ত্ৰ হানি॥
অৰ্জ্জুনেও হানিলন্ত অৰ্দ্ধচন্দ্ৰ শৰ।
বৰুণৰ ভেদিলন্ত দিব্য কলেৱৰ॥২৯৪
মগৰক ভেদিলন্ত শৰ এক শত।
বিশ্ৰুতি পৰিলা দেৱ মগৰে সহিত॥
কতক্ষণে চেতন লভিলা দিগপাল।
মোক ভঙ্গাইলেক কিনো মনুষ্য চাৱাল॥২৯৫
এহি বুলি ক্ৰোধ ভৈলা বৰুণ দেৱৰ।
অৰ্জ্জুনক লাগি শৰ কৰিলা প্ৰহাৰ॥
অযুত নিযুত লক্ষ হাজাৰ দিব্য শৰ।
খঙ্গ মনে প্ৰহাৰ কৰয় দেৱ বৰ॥২৯৬
শৰ আসে দেখি অৰ্জ্জুনৰ ক্ৰোধ বৰ।
বৰুণৰ শৰক হানিলা দিব্য শৰ॥
আকাশতে বৰুণৰ শৰ কৈলা চন্ন।
হেন দেখি বৰুণৰ ক্ৰোধ ভৈলা টান॥২৯৭
সাত গোট ব্ৰহ্মবাণ পঠাইলেক হানি।
অৰ্জ্জুনক লাগি চলে আকাশক চানি॥
যেন মতে দাবাগ্নি যে দেখি আকাশত।
প্ৰলয়ৰ জুই যেন দেখি সেহি মত॥২৯৮

[ ৬২ ]

ব্ৰহ্ম বাণে খেদি আসে দেখিলা অৰ্জ্জুন।
গাণ্ডীৱ ধনুক ধৰি বীৰে ক্ৰোধ মন॥
সাত ব্ৰহ্ম বাণ পাচে কৰিলা সন্ধান।
দেৱ সাত ব্ৰহ্ম বাণ কৰিলা নিৰ্য্যান॥২৯৯
বৰুণৰ সাত ব্ৰহ্ম বাণ কৰি চন্ন।
পুনু অৰ্জ্জুনৰ বাণ পশিলন্ত তূণ॥
হেন দেখি বৰুণৰ মৰ্ম্ম গৈলা চৰি।
দিব্য দশ শৰ প্ৰহাৰিলা ক্ৰোধ কৰি॥৩০০
অৰ্জ্জুনৰ হিয়াত পৰিলা শৰচয়।
নিঢালে পৰিলা বীৰ পাণ্ডুৰ তনয়॥
মাধৱক হানিলন্ত ব্ৰহ্ম বাণ চয়।
শৰজালে মাধৱে দেখিলা তমোময়॥৩০১
কতো বেলি চেতন লভিলা ধনঞ্জয়।
মাধৱক দেখিলন্ত শৰে তমোময়॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
বৰুণক হানিলন্ত দিব্য দশ শৰ॥৩০২
বৰুণৰ হিয়াত পৰিলা বৰ টানে।
ঢলিয়া পৰিলা দেৱ মগৰ বাহনে॥
মগৰক ভেদিলন্ত কুৰি শৰ চেগে।
মগৰত শৰ পৰিলন্ত সেই বেগে॥৩০৩
মগৰ বৰুণ মৃত্যুভাৱে ৰৈলা পৰি।
অৰ্জ্জুন থাকিলা দৃঢ়মুষ্টি ধনু ধৰি॥

[ ৬৩ ]

মগৰ বৰুণে চেতনত পায়া ডৰ।
ইন্দ্ৰৰ পাশক উঠি দিলেক লৱৰ॥৩০৪
বৰুণ পলাইলা দেখি গম্ভ মহাবীৰ।
অৰ্জ্জুনক ধাইলা ঝঙ্কাৰিয়া চয় শিৰ॥
তাৰ স্থূল শৰীৰে আকাশ লঙ্ঘি যায়।
তাক দেখি ধনঞ্জয় ভৈলন্ত বিস্ময়॥৩০৫
মহা স্থূল শৰীৰ দুৰ্জ্জয় চমৎকাৰ।
ত্ৰিশূল ধৰিয়া অৰ্জ্জুনক দিলা ধাৰ॥
ত্ৰিশূলক তুলি প্ৰহাৰিলা হোহ বুলি।
আকাশে চলিলা শূল অগ্নিসম জ্বলি॥৩০৬
বিম্বাদ শবদে শূল আসে আকাশত।
চয় শৰ হানি শূল কাটিলা বাটত॥
গম্ভৰ হৃদয়ে দিব্য মাৰি কুৰি শৰ।
দশ শৰে হস্তীক ভেদিলা দৃঢ়তৰ॥৩০৭
অৰ্জ্জুনৰ শৰত হস্তীৰ গৈলা প্ৰাণ।
পৰিলে হস্তী যেন পৰ্ব্বত সমান॥
বাহন পৰিলা দেখি গম্ভ মহাবীৰ।
ক্ৰোধত কম্পয় বীৰ দুৰ্জ্জয় শৰীৰ॥৩০৮
গদাগোট ধৰি অৰ্জ্জুনক খেদি যায়।
তাৰ গদা পথত কাটিলা ধনঞ্জয়॥
মাধৱেও ৰথ পাচে ডাকে শীঘ্ৰগতি।
তাক মাজ কৰিয়া ফুৰাৱে যদুপতি॥৩০৯

[ ৬৪ ]

বায়ুত অধিক ৰথ ডাকে শীঘ্ৰ কৰি।
ফুৰিবে লাগিলা ৰথ চক্ৰাকাৰ কৰি॥
পাক দিয়া ফুৰে ৰথ মনোজয় বেগে।
ক্ষণে ৰথ আগে আসে অন্তৰে সেই চেগে॥৩১০
গম্ভবীৰ মনে গুণি তাক আছে চাই।
এনয় ৰথৰ গতি একো থানে নাই॥
তাহাৰ চিদ্ৰক লভিলন্ত মহাবীৰ।
ক্ষুৰপতি শৰে কাটিলন্ত চয় শিৰ॥৩১১
যেন মেৰু-শৃঙ্গ বায়ু নিলা উৰুৱাই।
সেই মতে নিপাতিলা বীৰ ধনঞ্জয়॥
গম্ভ যে পৰিলা দেখি মাধৱৰ ৰঙ্গ।
হেন দেখি বিজম্ভৰ ভৈলা মহা খঙ্গ॥৩১২
ঘোঙ্গৰ বাহনে উঠি গৈলা বেগে ধাই।
দশোদিশ ঢাকি যেন পৰ্বত আসয়॥
বজাঙ্গ ধনুক ধৰি টঙ্কাৰ কৰিলা।
ধনুৰ টঙ্কাৰে ধ্বনি শব্দ উৰি গৈলা॥৩১৩
মেঘৰ গৰ্জ্জনি ধ্বনি উঠিলেক ৰোল।
পূৰিলেক দশোদিশ স্বৰ্গৰ যে কোল॥
বিজম্ভে বোলয় ওৰে শুনা ধনঞ্জয়।
কিসক আসিলি তই দেৱতাৰ ঠাই॥৩১৪
তোক মাৰি খেদাওঁ যম সদনক বুলি।
এহি বুলি বজ্ৰ ঘঁসাই প্ৰহাৰিলা তুলি॥

[ ৬৫ ]

বিজম্ভে পঠাইলা আৰু ব্ৰহ্মবাণ হানি।
দুয়ো শৰে আসে দিশ আকাশক চানি॥৩১৫
বজ্ৰকুট শৰ বীৰ ধনঞ্জয় ধৰি।
বজ্ৰঘোষ শৰ বীৰে পেলাইলা সংহৰি॥
ব্ৰহ্মবাণ ব্ৰহ্মবাণে মাৰিলেক ডাটি।
আকাশত ব্ৰহ্মবাণে পেলাইলেক কাটি॥৩১৬
অৰ্জ্জুনৰ শৰে দেৱ শৰক সংহৰি।
পুনু দুয়ো শৰে বিজম্ভক দিলা ধাৰি॥
তাৰ শৰীৰত পৰি ফুটি সেই চেগে।
দেৱ-সেনা মাৰিবাক গৈলা বৰ বেগে॥৩১৭
সৈন্য সব মাৰি শৰ পাতালে পশিলা।
সাগৰত স্নান কৰি তূণত পশিলা॥
গন্ধৰ্ব্ব কিৰণে বোলে ধন্য বীৰ সাৰ।
কুৰুকুলে অৰ্জ্জুন ভৈলাহা অৱতাৰ॥৩১৮
তোমাৰ থাকিবে জগততে যশ চয়।
এহি বুলি প্ৰশংসা কৰিলা দেৱচয়॥
বৰৰ প্ৰসাদে বিজম্ভৰ ৰৈলা প্ৰাণ।
চেতন লভিলা বীৰ ভৈলা কম্পমান॥৩১৯
বজ্ৰাঙ্গ ধনুক বামহাতে বীৰে ধৰি।
প্ৰহাৰ কৰিলা শৰ হাজাৰ সত্তৰি॥
অৰ্জ্জুনে দেখন্ত শৰ আসে আকাশত।
শৰে হানি সিয়ো শৰ কাটিলা বাটত॥৩২০

[ ৬৬ ]

আৰ বীৰে শৰ তাক কৰিতে নেদিলা।
অৰ্দ্ধচন্দ্ৰ শৰে তাৰ ধনুক চেদিলা॥
তূণ বাণ সকলে কাটিলা শৰে হানি।
পাচে ধনঞ্জয়ে সাত শৰ লৈলা আনি॥৩২১
হেন দেখি বিজম্ভৰ ভৈলা মহা ডৰ।
লৱৰি পলাইলা যেন মেৰু গিৰিবৰ॥
বিজম্ভ পলাইলা দেখি শম্ভ মহাবীৰ।
অৰ্জ্জুনক ধাইলা বীৰ দুৰ্জ্জয় শৰীৰ॥৩২২
অৰে অৰে অৰ্জ্জুন তই কিনো ভৈলি চণ্ড।
দেৱগণ মাৰিয়া কৰিলি লণ্ড ভণ্ড॥
এহি বুলি বীৰে কৰিলেক ক্ৰোধ দৃষ্টি।
অৰ্জ্জুনক কৰিলেক ঘোৰ শৰ বৃষ্টি॥৩২৩
শৰবৃষ্টি সম্ভে কৰিলেক অসংখ্যাত।
কৃষ্ণ অৰ্জ্জুনক নেদেখিয়া সিবেলাত॥
অৰ্জ্জুন কৃষ্ণক নেদেখিয়া শৰজালে।
হেন দেখি হাঁসিলন্ত দশ দিগ পালে॥৩২৪
অৰ্জ্জুনে হাজাৰ লক্ষ লক্ষ শৰ হানে।
তেতিক্ষণে অন্ধকাৰ গুছাইলা অৰ্জ্জুনে॥
সাত শৰে শম্ভৰ হৃদয় মাজে ভেদি।
অৰ্দ্ধচন্দ্ৰ শৰে তাৰ ধনুখান চেদি॥৩২৫
পাচে ধনঞ্জয়ে ব্ৰহ্মবাণ প্ৰহাৰিলা।
শম্ভৰ হিয়াত পৰি পিঠি বাজ ভৈলা॥

[ ৬৭ ]

শম্ভ মৰি সেই বেলা ভূমিত পৰিলা।
সাতখান মহা মহী মেদিনী কম্পিলা॥৩২৬
শম্ভ যে মৰিলা দেখি জম্ভে আছে চাই।
ভাগিন মৰিলা বুলি কান্দে জম্ভ ৰায়॥
হেন দেখি জম্ভৰ উঠিল বৰ ৰাগ।
নিশ্বাস কাঢ়ন্ত যেন বাসুকী যে নাগ॥৩২৭
মহিষত চৰি অৰ্জ্জুনক খেদি যায়।
যমদণ্ড জম্ভে প্ৰহাৰিলা বেগে যায়॥
বিম্বাদ শবদে দণ্ড যায় আকাশতে।
ধনঞ্জয় কাটিলেক শৰবৃষ্টি দ্যুতে॥৩২৮
জম্ভৰায়ৰ মেঘ দণ্ড যেবে কাটা গৈলা।
তৰতৰি কৰি জম্ভ হৃদয় লৰিলা॥
আন অস্ত্ৰ নপাহ জম্ভৰ চিত্ত ভৈলা বৰ।
লৱৰিবা ধৰিলা পব্বত গুৰুতৰ॥৩২৯
হোহ বুলি পব্বত মাৰিলা জম্ভবলে।
চলি যায় গিৰীগোট গগন মণ্ডলে॥
পৰ্ব্বত আসয় দেখি আছে সব্য সাচি।
ক্ৰোধ অপমানে বজ্ৰবাণ লৈলা বাচি॥৩৩০
গাণ্ডিৱত যুৰি বাণ প্ৰহাৰিলা ৰাগে।
মাজত কাটিলা গিৰি কৰি দুই ভাগে॥
দশ খণ্ড হুয়া গিৰি ভূমিত পৰিলা।
জল স্থল গিৰি বন সকলে কম্পিলা॥৩৩১

[ ৬৮ ]

অৰ্জ্জুনক জম্ভে পাচে গদা ধৰি ধাইলা।
অৰ্দ্ধচন্দ্ৰ শৰে তাক হাততে কাটিলা॥
জম্ভৰ যে আৰ কিছু অস্ত্ৰ শস্ত্ৰ নাই।
পলাই গৈলা জম্ভ অৰ্জ্জুনক বৰ ভয়॥৩৩২
শিঙ্গ ভাঙ্গা বৃষভৰ কিছু বল নাই।
ভিৰে লৰ দিলা যেন বতাসে শোষাই॥
জম্ভ পলাইলা দেখি ধাইলা বৰ বেগে।
সাক্ষাতে দেখিয়া যেন কালান্তক মেঘে॥৩৩৩
শূল ধৰি অৰ্জ্জুনক বেগে গৈলা ধাই।
যেন মেৰু গিৰি এৰি আকাশ লঙ্ঘয়॥
মাথা লাগি মেঘগণ খণ্ড খণ্ড ভৈলা।
এহিমতে অৰ্জ্জুনক বজ্ৰ বেগে ধাইলা॥৩৩৪
মেঘৰ গৰ্জ্জনে বোলে অৰ্জ্জুনক চাই।
আজি তোৰ মুণ্ড খাইবো কৈক যাবি পুতাই॥
তোক মাৰি ইন্দ্ৰৰ খণ্ডিবো সবে ভয়।
এহি বুলি শূল প্ৰহাৰিলা বেগে যায়॥৩৩৫
বিম্বাদ শবদে শূল যায় আকাশতে।
ক্ষুৰপতি শৰে কাটিলন্ত পাণ্ডুসুতে॥
শূল কাটা গৈলা দেখি বজ্ৰবেগে বীৰ।
তাৰ কাষে অৰ্জ্জুন পিম্পৰা সমসৰ॥৩৩৬
গদা গোটা ধৰি অৰ্জ্জুনক খেদি যায়।
তাক দেখি ধনঞ্জয় ভৈলা মহা ভয়॥

[ ৬৯ ]

আথ বেথ কৰি অৰ্দ্ধচন্দ্ৰ শৰ আনি।
ধনুৰ গুণত যুৰি প্ৰহাৰিলা টানি॥৩৩৭
গদ সমে হাত কাটিলন্ত ধনঞ্জয়।
বোম্বাল ৰুধিৰ বহে দেখিতে বিস্ময়॥
যেন খৰতৰ বেগে নদী বহি যায়।
সেইমত ধাৰে তাৰ শোণিত বহয়॥৩৩৮
হাত চেদ দেখি পাচে বীৰ বজ্ৰবেগে।
আটাসেক দিয়া ধাইলা যেন কালমেঘে॥
মুখ মেলি অৰ্জ্জুনক বজ্ৰ বেগে যায়।
ৰথত আছন্ত কৃষ্ণ ধনঞ্জয় চাই॥৩৩৯
মাধৱে বোলন্ত সখি কিবা চাহ আৰ।
দিব্য শৰ মাৰি আক কৰিয়ো সংহাৰ॥
মাধৱ বচনে ক্ষুৰপতি শৰ আনি।
প্ৰহাৰ কৰিলা শৰ গাণ্ডিৱক টানি॥৩৪০
অৰ্জ্জুনৰ শৰ মনোজয় বেগে যায়।
বজ্ৰৰ যে শিৰক কাটিলা শৰে পাই॥
যেন মেৰুশৃঙ্গ বায়ু উৰুৱাইলা অতি।
সেইমতে কাটিলা অৰ্জ্জুনৰ ক্ষুৰপতি॥৩৪১
পৰ্ব্বত সমান বীৰ ঢলিয়া পৰিলা।
স্বৰ্গ যে পৃথিবী সব পাতাল লৰিলা॥
নদ নদী সাগৰ কম্পিল গিৰি বন।
কম্পি কম্পি গৈলা পাচে চৈধ্যয় ভুবন॥৩৪২

[ ৭০ ]

বজ্ৰবেগ ৰণত পৰিল যেবে অতি।
বিষাদ কৰিলা পাচে দেৱ সুৰপতি॥
বাসৱ বদতি শুনা দিগপাল গণ।
দেখা কেনমতে কৰে ধনঞ্জয়ে ৰণ॥৩৪৩
অৰ্জ্জুনৰ দেৱতা নভৈলা কেহোঁ সম।
ধিক ধিক দেৱতাৰ দিগপাল নাম॥
এহিমতে ইন্দ্ৰদেৱে কৰিলা ধিক্কাৰ।
ইন্দ্ৰৰ ধিক্কাৰে দেৱতাৰ চমৎকাৰ॥৩৪৪
ইন্দ্ৰৰ নিন্দাত চন্দ্ৰৰ ক্ৰোধ বৰ টান।
ত্ৰিদশক চাই পাচে বুলিলা বচন॥
ত্ৰিদশ অযুত কোটি শুনা দেৱগণ।
সবে আসা যাই অৰ্জ্জুনক কৰোঁ ৰণ॥৩৪৫
ইন্দ্ৰৰ বচনে দেৱগণ গৈলা ধাই।
অৰ্জ্জুনক মাৰি সবে ভাঙ্গোঁ মুনি সাই॥
চন্দ্ৰ যে বদতি শুনা দিগপালচয়।
অৰ্জ্জুনক ঘোৰ ৰণ কৰোঁ আজি ময়॥৩৪৬
এহি বুলি চন্দ্ৰে ক্ৰোধে অৰ্জ্জুনক ধাইলা।
দিব্য শৰ হানি চন্দ্ৰে অৰ্জ্জুনক চাইলা॥
আৰু চন্দ্ৰ হানিলন্ত ব্ৰহ্মদত্ত শৰ।
যাক দেখি দৈত্য দানৱৰ ভৈলা ডৰ॥৩৪৭
শৰ বহি আসন্তে দেখিলা ধনঞ্জয়।
দশোদিশ যুৰিয়া আসন্ত শৰচয়॥

[ ৭১ ]

হেন দেখি ধনঞ্জয় ভৈলন্ত বিস্ময়।
মাধৱে বোলন্ত সখি নকৰিবা ভয়॥৩৪৮
শীঘ্ৰ কৰি যোৰা সখি ব্ৰহ্মদত্ত বাণ।
দেৱ-শৰ কাটি সখি কৰিয়ো নিৰ্য্যান॥
মাধৱৰ বচনে অৰ্জ্জুন মহামানী।
ব্ৰহ্মদত্ত শৰ বীৰে যুৰিলেক আনি॥৩৪৯
গাণ্ডিৱক টানি বীৰে প্ৰহাৰিলা ডাটি।
অৰ্জ্জুনৰ শৰে শৰ পেলাইলেক কাটি॥
সেহি বেলা বায়ুবাণ হানি ধনঞ্জয়।
উৰুৱাইলা দেৱতাৰ কোটি শৰচয়॥৩৫৩
শৰচন্ন দেখি চন্দ্ৰৰ কম্পিলা হৃদয়।
সেই বেলা চন্দ্ৰে লৈলা ব্ৰহ্ম বাণ চয়॥
গাণ্ডিৱ ধনুক ধনঞ্জয়ে ধৰি কৰে।
ব্ৰহ্মবাণ দিব্য শৰ যুৰি বীৰবৰে॥৩৫১
চন্দ্ৰৰ বাণক বীৰে কৰিলা সন্ধান।
আকাশতে দেৱ বাণ কৰিলা নিৰ্য্যান॥
ব্ৰহ্মবাণ ব্ৰহ্মবাণে কৰিলা সংহাৰ।
দিব্য দশ শৰে যে চন্দ্ৰক দিলা ধাৰ॥৩৫২
চন্দ্ৰৰ হিয়াত শৰ পৰিলেক টানে।
বিমূৰ্চ্ছিত ভৈলা চন্দ্ৰ শৰৰ সন্ধানে॥
সেই বেগে দুয়ো বাণ শীঘ্ৰ বেগে আসি।
অৰ্জ্জুনৰ তূণত থাকিলা ৰঙ্গে পশি॥৩৫৩

[ ৭২ ]

হেন অদভুত কৰ্ম্ম অৰ্জ্জুনৰ দেখি।
সিদ্ধ মুনিগণ পুষ্প বৰষিলা ঢাকি॥
জয় ধনঞ্জয় বুলি ঘোষে দশোদিশ।
হেন শুনি অৰ্জ্জুনৰ মনত সন্তোষ॥৩৫৪
শৰ চন্ন দেখিয়া চন্দ্ৰৰ ক্ৰোধ ভৈলা।
অযুত নিযুত শৰ বৰষিবে লৈলা॥
আৰু প্ৰহাৰিলা চন্দ্ৰে লক্ষ দিব্য শৰ।
দিশ পাশ আকাশ ঢাকিলা নিৰন্তৰ॥৩৫৫
পুনৰপি চন্দ্ৰে শৰ কৰয় প্ৰহাৰ।
অদৃশ্য ভৈলন্ত ৰথ ভৈলা অন্ধকাৰ॥
হেন দেখি প্ৰশংসিলা দেৱ হৰিহয়।
সাধু সাধু শশধৰ ত্ৰৈলোক্য বিজয়॥৩৫৬
অৰ্জ্জুন বীৰক তুমি হেনসে কৰিলা।
তোমাৰ খিয়াতি যশ জগতে ৰহিলা॥
ঘোৰ অন্ধকাৰ দেখি বীৰ ধনুৰ্দ্ধৰ।
গাণ্ডিৱৰ গুণে যুৰিলন্ত দিব্য শৰ॥৩৫৭
অৰ্জ্জুনেও প্ৰহাৰ কৰিলা শৰচয়।
দিশ পাশ সমস্তে দেখিলা শৰময়॥
অৰ্জ্জুনেও আৰু প্ৰহাৰিলা শৰ যত।
কি কহিবো অৰ্জ্জুনৰ শৰৰ মহত্ত্ব॥৩৫৮
একৈক শৰত হোৱে লক্ষ কোটি শত।
স্বৰ্গ যে আকাশ মহী যুৰিলা বহুত॥

[ ৭৩ ]

অৰ্জ্জুনৰ শৰে দেৱ-শৰ লগ পাইলা।
চন্দ্ৰৰ শৰক শৰে বিনাশি পেলাইলা॥৩৫৯
চন্দ্ৰৰ সৈন্যক প্ৰতি শৰ বেগে যায়।
কাটি চিঙ্গি শৰ পাচে আসিলা দুনাই।
পৃথিবীত পশি স্নান কৰি সাগৰত।
পুনু পশিলন্ত আসি অৰ্জ্জুন তূণত॥৩৬০
আৱৰ চন্দ্ৰক শৰ কৰিতে নেদিলা।
অৰ্দ্ধচন্দ্ৰ শৰ হানি ধনুক কাটিলা॥
তূণ দুই কাটিলন্ত পাণ্ডুৰ কুমার।
নাথাকিলা চন্দ্ৰৰ যে যুদ্ধৰ সম্ভাৰ॥৩৬১
শশাক ভেদিলা দিব্য তিনি পাত শৰে।
পৰিলেক মৃগ পাচে মৃতক আকাৰে॥
ডেৱ দিয়া শশাৰ নামিলা শশধৰ।
দণ্ড ধৰি ধাইলা অৰ্জ্জুনক ক্ৰোধে বৰ॥৩৬২
অৰ্জ্জুনক মাৰিবাক চন্দ্ৰে গৈলা ধাই।
ৰথত আছন্ত কৃষ্ণ ধনঞ্জয় চাই॥
মাৰোঁ আজি অৰ্জ্জুনক মোৰ দোষ নাই।
প্ৰাণ হত কৰোঁ বুলি বেগে খেদি যায়॥৩৬৩
ধৰি আসে দণ্ড চন্দ্ৰে দেখি পাণ্ডু-সুতে।
তিনি শৰ হানি দণ্ড কাটিলা হাততে॥
পাচে ধনঞ্জয় বীৰে ক্ৰোধ কৰি বৰ।
চন্দ্ৰক হানিলা বীৰে দিব্য দশ শৰ॥৩৬৪

[ ৭৪ ]

বিম্বাদ শবদে শৰ যায় আকাশতে।
বৰ বেগে পৰি শৰ চন্দ্ৰৰ হিয়াতে॥
শৰৰ সন্ধানে চন্দ্ৰ ঢলিয়া পৰিলা।
চেতন নপাই পাচে মৰা যেন ৰৈলা॥৩৬৫
চন্দ্ৰৰ বিপত্তি দেখি সহস্ৰ লোচন।
হা চন্দ্ৰ বুলি ইন্দ্ৰে কৰি কষ্ট মন॥
কতো বেলি চেতন লভিলা দেৱবৰ।
অস্মিনী কুমাৰ পাচে দিলেক লৱৰ॥৩৬৬
ঘাৱ সব গুছাইলন্ত বীৰ বৈদ্য দুই।
চন্দ্ৰ যে ৰহিলা পাচে পূৰ্ব্ব দেহা হুই॥
চন্দ্ৰৰ ভঙ্গক দেখি ত্ৰিদশ যে গণ॥
অৰ্জ্জুনক ধাৱে কৰিবাক ঘোৰ ৰণ॥৩৬৭
দশ লক্ষ কুৰি কোটি অযুত হাজাৰ।
অৰ্জ্জুনক ধাৱে সবে কৰিবে সমৰ॥
কৃষ্ণ অৰ্জ্জুনক আমি খেদি ৰণে পাই।
দুই হাঙ্কো মাৰিয়া ভাঙ্গিবো মুনি সাই॥৩৬৮
এহি বুলি দেৱগণে ঝঙ্কাৰিয়া মাথ।
ধৰিবাক খেদি যায় অৰ্জ্জুনৰ ৰথ।
দিশ পাশ আকাশ চানিলা নিৰন্তৰ।
হেন দেখি দুয়ো সখি হাঁসিলা বিস্তৰ॥৩৬৯
কৃষ্ণে যে বোলন্ত সবে দেৱতাক চাই।
কিসক আসিলি দেৱ আমাক যে ধাই॥

[ ৭৫ ]

অৰ্জ্জুনক ধাই যেবে আসে দিগপাল।
সবাৰে হৈবেক ধনঞ্জয় যমকাল॥৩৭০
ধিক ধিক দেৱতাৰ জীৱন ধিক্কাৰ।
যুদ্ধ হাৰি মৰিবাক আসিলি ইবাৰ॥
মাধৱৰ বাক্যৰ প্ৰহাৰ বৰ টান।
দেৱতাৰ গাৱে ভৈলা বজ্ৰৰ সন্ধান॥৩৭১
ঘৃত পাই যেন মতে উথলিলা বহ্নি।
সেই মতে দেৱগণ গৈলা দিশ চানি॥
যেন কাল মেঘ খান গগনে যুৰিলা।
সেই মতে দেৱগণ অৰ্জ্জুনক ধাইলা॥৩৭২
দশোদিশ আকাশ ঢাকিলা বন গিৰি।
দেৱতা ঢাকিলা সসাগৰা বসুন্ধৰী॥
হেন দেখি বিস্ময় ভৈলন্ত নাৰায়ণে।
অৰ্জ্জুনে নোৱাৰিবে দেৱতাক ঘোৰ ৰণে॥৩৭৩
ইতো বেলা দেৱতাক যুঁজন নাযায।
ত্ৰৈলোক্যৰ বল অৰ্জ্জুনক দেওঁ মই।
এহি বুলি মনে মনে গুণে দামোদৰ।
পচে যোগমায়া প্ৰভু কৰিলন্ত বৰ॥৩৭৪
বৈশম্পাযন বদতি শুনিয়ো জন্মিজয়।
যি কৰিবা কৃষ্ণে তাক শুনন্তে বিস্ময়॥
চৰাচৰ জগতৰ বল বীৰ্য্য আনি।
অৰ্জ্জুনৰ গাৱত দিলন্ত চক্ৰপাণি॥৩৭৫

[ ৭৬ ]

চৰাচৰ দেৱ দৈত্য প্ৰাণী আছে যত।
সকলৰে বল দিলা অৰ্জ্জুন-গাৱত॥
সেই বেলা বল বীৰ্য্য অৰ্জ্জুনক দিলা।
সেই বেলা গাণ্ডিৱৰ বল বীৰ্য্য ভৈলা।৩৭৬
গাণ্ডিৱক টানি বীৰে নপাৱন্ত চল।
লেক সেক কৰে গাণ্ডিৱত নাহি বল॥
ধনুত নেদেখি বল বিস্ময় যে ভৈলা।
কৃষ্ণক সম্বুধি বীৰে বুলিবাক লৈলা॥৩৭৭
অৰ্জ্জুন বদতি সখি শুনা স্বৰূপত।
পূৰ্ব্বৰ সমান বল নাই গাণ্ডিৱত॥
এই ধনু ধৰি স্বৰ্গে যত দৈত্যগণ।
সবাকে বধিলোঁ মই কৰি ঘোৰ ৰণ॥৩৭৮
পৃথিবীত মাৰিলোহোঁ বীৰ যত যত।
কি কহিবো সখি মই তোমাৰ আগত॥
ভীষ্ম দ্ৰোণ কৰ্ণক বধিলোঁ ঘোৰ ৰণে।
আবে গাণ্ডিৱত বল নাই কি কাৰণে॥৭৯
গাণ্ডিৱ ধনুৰ বল কিয় নাই মোৰ।
যাৰ বল দেখি দৈত্য ৰাক্ষসৰ ডৰ॥
কিবা মোৰ মৃত্যুকাল মিলিলেক আসি।
সিকাৰণে গাণ্ডিৱৰ বল গৈলা নাশি॥৩৮০
ধনুৰ নেদেখি বল কম্পে মোৰ মতি।
আকে জানি সখি মোত কহা যদুপতি॥

[ ৭৭ ]

ভূত ভবিষ্যৎ তুমি জানা নাৰায়ণ।
এতেকে তোমাৰ পাৱে পশিলোঁ শৰণ॥৩৮১
নকৰি বিলম্ব প্ৰভু কহা দৃঢ়মতি।
ধনুৰ নেদেখি বল কম্পে মোৰ মতি॥
মাধৱ বদতি সখি শুনা ধনঞ্জয়।
ধনুৰ নেদেখি বল নকৰিবা ভয়॥৩৮২
একো একো দেৱ জানা ত্ৰৈলোক্য বিজয়।
কেন মতে তাক জিনিবা ধনঞ্জয়॥
তোমাৰ সে বলে সখি যুজন নাযায়।
হেন জানি আন মই কৰিছোঁ উপায়॥
মহাযোগ বলে ত্ৰৈলোক্যৰ বল আনি।
তোমাৰ শৰীৰত দি আছোঁ মহামানী॥
দশ লক্ষ কুৰি কোটি হাজাৰ দশ শত।
এতেক হস্তীৰ বল তোমাৰ গাৱত॥ ৩৮৪
এতেক যে হৈছে সখি তোমাৰ যে বল।
কিসক কৰাহা সখি মনত বিকল।
হেনয় বলৰ সখি প্ৰচণ্ড আস্ফোট।
কিমতে সহিবে গাণ্ডিৱ ধনুৰ চোট॥৩৮৫
লেক সেক কৰে ধনু এহি অভিপ্ৰায়।
আকে জানি গাণ্ডিৱ থৈয়োক ধনঞ্জয়॥
তোমাৰ শৰীৰে হৈছে প্ৰচণ্ড যে বল।
কিমতে সহিবে গাণ্ডিৱ ধনুই আস্ফাল॥৩৮৬

[ ৭৮ ]

সত্য কৰি বোলোঁ‌ সখি মই স্বৰূপত।
পূৰ্ব্বৰ সমান বল আছে গাণ্ডিৱত॥
তোমাৰ শৰীৰে দিছোঁ‌ ত্ৰৈলোক্যৰ বল।
সি কাৰণে ধনু তোমাৰ নসহে আস্ফাল॥৩৮৭
মোহোৰ বচন শুনা বীৰ ধনঞ্জয়।
মনত কিঞ্চিত তুমি নকৰা সংশয়॥
দেৱ-সেনা মাৰা আবে মোৰ কথা ৰাখি।
এতেকে গাণ্ডিৱ ধনু এৰা প্ৰাণ সখি॥৩৮৮
মোহোৰ শাৰঙ্গ ধনু ত্ৰৈলোক্য বিজয়।
আমাৰ শাৰঙ্গ ধৰা বীৰ ধনঞ্জয়॥
ব্ৰহ্মা হৰ অনন্তে নপাৰে টানিক।
হেনয় শাৰঙ্গ ধনু ধৰা মোৰ বাক॥৩৮৯
চৰাচৰ ইটো ধনু পাৰে বিনাশিতে।
হেনয় ধনুক তুমি ধৰা দৃঢ়চিত্তে॥
শাৰঙ্গ ধনুৰ মই কি কৈবো মহিমা।
ব্ৰহ্মা হৰ অনন্তে নাপাৱে যাৰ সীমা॥
শাৰঙ্গ ধনুৰ মই কি কৈবো কাৰণ।
ষত শৰ ওলায় লেখিবেক কোন জন॥
হেনয় শাৰঙ্গ ধনু যত শৰগণ।
নিমিষে ঢাকিবে পাৰে চৈধ্যয় ভুবন॥৩৯১
হেনয় শাৰঙ্গ ধনু ধৰা বীৰ সাৰ।
দেৱ-সেনা মাৰি তুমি কৰিয়ে সংহাৰ॥

[ ৭৯ ]

অজয় বিজয় মোৰ দিব্য দুই তূণ।
সি সব লৈয়োক ৰঙ্গে বীৰ যে অৰ্জ্জুন॥৩৯২
তূণ ভৰি আছে চিত্ৰ বিচিত্ৰ যে শৰ।
অন্তক নপাৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥
মাধৱৰ বচনে অৰ্জ্জুন ৰঙ্গ ভৈলা।
দৃঢ়মুষ্টি কৰি ধনু শাৰঙ্গ ধৰিলা॥৩৯৩
মাধৱৰ তৃণ দুই পিঠিত তুলি লই।
দেৱতাক খেদি গৈলা ৰুদ্ৰ ৰূপ হুই॥
মাধৱৰ ধনু শৰ ধৰি বীৰবৰ।
জ্বলন্ত অৰ্জ্জুন কোটি সূৰ্য্য সমসৰ॥৩৯৪
অৰ্জ্জুনৰ ৰূপ গুণ নাযায় চাহন।
দহিবে খোজন্ত যেন চৈধ্যয় ভুবন॥
অৰ্জ্জুনে শাৰঙ্গ ধনু ধৰি আছে বৰ।
দৈৱগণে দেখে যেন ৰুদ্ৰ সমসৰ॥৩৯৫
মাধৱে বোলন্ত সখি শুনা ধনঞ্জয়।
দশোদিশ জ্বলিলা তোমাৰ ৰূপ চয়॥
ধন্য ধন্য ধনঞ্জয় সখি মোৰ প্ৰাণ।
দেৱতাক কৰা ঘৰ শৰৰ সন্ধান॥৩৯৬
দেৱতাৰ গৰ্ব চূৰ কৰা ধনঞ্জয়।
তেবেসে গুছোৱা মোৰ দুৰ্ব্বাৰ সংশয়।
এহি বুলি ৰথত থাকিলা দেৱ হৰি।
দিব্য ৰত্ন সুবৰ্ণৰ চাবুকক ধৰি॥৩৯৭

[ ৮০ ]

বৈশম্পায়ন বদতি শুনিযো জন্মিজয়।
সেই বেলা আগে পাচে ধাইলা দেৱচয়॥
চৌভিতি বেঢ়িয়া অৰ্জ্জুনক দেৱগণ।
কৰিবে লাগিলা সবে শৰৰ সন্ধান॥৩৯৮
অৰ্দ্ধচন্দ্ৰ নৰাচ বিপাট কনিয়াল।
ভল্ল ভিৰিপাল প্ৰহাৰয় দিগপাল॥
সুৰপতি বশ্য দন্ত ভিণ্ডি দিব্য শৰ।
সৰ্পমুখ ত্ৰিকন্তিকা মাৰে নিৰন্তৰ॥৩৯৯
আৰু দেৱ প্ৰহাৰ কৰিলা শৰ যত।
দিবসতে ৰাত্ৰি ভৈলা দেখি সেই মত॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গৈলা চৰি।
বাম হাতে শাৰঙ্গ ধনুক বীৰে ধৰি॥৪০০
শৰ ধনুক বীৰে টঙ্কাৰ কৰিলা।
চৈধ্যয় ভুবন খান গিৰিসই লৰিলা॥
প্ৰচণ্ড নাদত শব্দ উঠিলেক অতি।
কম্পিবে লাগিলা ব্ৰহ্মা দেৱ পশুপতি॥৪০১
শব্দৰ যে ৰোলে মহা স্বৰ্গ কোল পূৰি।
কম্পিবে লাগিলা সসাগৰা বসুন্ধৰী।
তাৰ প্ৰতিধ্বনি সাগৰত ভৈলা ঢউ।
আকাশ লঙ্ঘিয়া সাগৰত ভৈলা ঢউ॥৪০২
পাচে প্ৰতিধ্বনি দেৱতাক গৈলা ধাই।
দেৱতাৰ কৰ্ণে তাল হানিলেক যাই॥

[ ৮১ ]

অচেতনে পৰিলেক ত্ৰিদশ সকল।
দেখিয়ো কৃষ্ণৰ কেনে যোগমায়া বল॥৪০৩
যেহি যৈত আছিলা পৰিলা সেহি স্থানে।
কতোক্ষণে চেতন লভিলা দেৱগণে॥
শাৰঙ্গ ধনুক বীৰে কৰে ধৰি ডাটি।
অৰ্দ্ধচন্দ্ৰ দেৱতাৰ পেলাইলেক কাটি॥৪০৪
সেই বেলা বায়ু বাণ হানি ধনঞ্জয়।
উৰুৱাইলা দেৱতাৰ কোটি শৰচয়॥
সেই বেলা প্ৰসন্ন যে ভৈলা দশোদিশ।
মহা ভয়ে পলাইলা দেৱতা ত্ৰিদশ॥৪০৫
অৰ্দ্ধচন্দ্ৰ নৰাচ হানিলা মহাবলী।
দেৱতাৰ হিয়াত পৰিলা হলাহলি॥
অযুত নিযুত কোটি খৰ্ব্ব শৰ চয়।
প্ৰহাৰ কৰয় ক্ৰোধে পাণ্ডুৰ তনয়॥৪০৬
আৰু মাৰিলন্ত বীৰে কোটি শৰচয়।
গাৱে গাৱে দেৱতাৰ ভেদিলা হৃদয়॥
কাৰো কাটিলন্ত উৰু কাটিলন্ত গল।
কাৰো ভৰি হাত কাটি কাটিলা কঙ্কাল॥৪০৭
কাৰো মৰ্ম্মস্থানে পৰি গৈলা দিব্য শৰ।
আধামৰা হুই কতো কৰে ধৰ ফৰ॥
হয় হস্তী ৰথ সৈন্য কাটিলা বহুত।
সৈন্যৰ শোণিতে নদী বহে বিপৰীত॥৪০৮

[ ৮২ ]

খৰবেগে নদী বহে দেখিতে বিস্ময়।
হেন দেখি দেৱগণ ভৈলা মহা ভয়॥
ৰথ ধ্বজ হয় হস্তী উটি বেগে যায়।
ৰথত হাসন্ত বসি কৃষ্ণ ধনঞ্জয়॥৪০৯
ইন্দ্ৰ আদি কৰিয়া দেৱতা বিদ্যমানে।
দেৱ-সেনা মাৰি বীৰে নিল যম-থানে॥
দেৱ-সেনা বিনাশিয়া কৃষ্ণ ধনঞ্জয়।
শঙ্খক ফুঙ্কিয়া দুয়ো এক সাজ হুই॥৪১০
শঙ্খৰ যে মহা শব্দে উঠিলেক ৰোল।
দশোদশ পূৰিলেক স্বৰ্গৰ যে কোল॥
শঙ্খৰ যে মহা শব্দ উঠিলেক অতি।
কম্পিবে লাগিলা সসাগৰা বসুমতি॥৪১১
আনো দেৱতাৰ গাৱে শ্ৰুতি জ্ঞান নাই।
ঢলি পৰিলেক সবে মৃতক পৰাই॥
চক মক কৰি উঠি দেৱ নিৰন্তৰ।
কৃষ্ণ অৰ্জ্জুনক দেখি কম্পে কলেৱৰ॥৪১২
ইন্দ্ৰে যে বোলন্ত কিনো বীৰ ধনঞ্জয়।
ইহাৰ শঙ্খৰ নাদে কম্পিলোহোঁ‌ ময়॥
ইহাৰ আগত কোন জন হৈবে থিত।
ইহাৰ সমান বীৰ নাহিকে ৰবিত॥৪১৩
অৰ্জ্জুনে কৰন্ত ঘোৰ শৰৰ যে শ্ৰম।
ইহাৰ সমান কোনে কৰিবে সংগ্ৰাম॥

[ ৮৩ ]

মোহোৰ সেনাক ইটো কৰিলা সংহাৰ।
একেশ্বৰে জিনিব পাৰে চৰাচৰ॥৪১৪
অৰ্জ্জুনৰ শৰে শৰ বাঢ়ে অসংখ্যাত।
কি কহিবো অৰ্জ্জুনৰ শৰৰ মহত্ত্ব॥
অৰ্জ্জুনক দেখিয়া মোহোৰ লাগে ভয়।
কিমতে যুজিবোঁ‌ অৰ্জ্জুনক দেৱচয়॥৪১৫
নিপাত কালকুঞ্জ বধিলা যিটো জনে।
হেনয় বীৰক যুজিবেক কোন জনে॥
এহি বুলি ক্ৰোধে জ্বলি গৈলা পুৰন্দৰ।
ৰথত চৰিলা যেন মেৰুৰ শিখৰ॥৪১৬
অক্ষয় তূণক পাচে পিঠিত তুলি লৈলা।
দৃঢ়াঙ্গ ধনুক ধৰি টঙ্কাৰ কৰিলা॥
পৃথিবীক পূৰিলন্ত প্ৰচণ্ড যে ৰোল।
পুনু প্ৰতিধ্বনি গৈলা স্বৰ্গৰ যে কোল॥৪১৭
সাগৰ পৰ্য্যন্তে শব্দ উঠিলেক চানি।
টলবল পৃথিবী কম্পয় সবে প্ৰাণী॥
মাতলি ডাকিলা হাজাৰেক দিব্য ঘোৰা।
মনোজয় বেগে চলে বায়ু নোহে যোৰা॥৪১৮
এহিমতে অৰ্জ্জুনক ধাইলা হৰি হয়।
ইন্দ্ৰক আৱৰি চলে দিগপাল চয়॥
ইন্দ্ৰ অৰ্জ্জুনৰ যুদ্ধ চাহিবাক মনে।
আসিলেক ব্ৰহ্মা বিষ্ণু দেৱ ত্ৰিনয়নে॥৪১৯

[ ৮৪ ]

ব্ৰহ্মা আসিলেক পাচে হংস যানে চৰি।
বিষ্ণুদেৱ আসিলন্ত গড়ুৰত লৰি॥
বৃষভত চৰি পাচে আসিলন্ত হৰ।
আকাশত ৰৈলা সবে চাহিবে সমৰ॥৪২০
ডম্বৰু সহিতে আসিলন্ত দেৱ ঋষি।
নাৰদ আসিলা যুদ্ধ চাহিবে হৰিষি॥
ব্ৰহ্মা সমে দেৱগণ আসি ৰঙ্গ মনে।
যুদ্ধ চাহিবাক লাগি ৰৈলন্ত গগনে॥৪২১
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
অস্ত্ৰ শিকাইবাক যান্ত বীৰ ধনঞ্জয়॥
ঘোৰ তপ আচৰিলা পাণ্ডুৰ সন্ততি।
তপ দেখি মহা ভয় ভৈলা সুৰপতি॥৪২২
মহা ভয়ে শঙ্কৰৰ আগে উপসন্ন।
শঙ্কৰক চাই ইন্দ্ৰে বুলিলা বচন॥
অৰ্জ্জুনৰ তপ দেখি মোৰ কম্পে প্ৰাণ।
অৰ্জ্জুনৰ তপ ভঙ্গ কৰা ত্ৰিলোচন॥৪২৩
শঙ্কৰক চাই পুনু বোলে সুৰপতি।
স্বৰ্গপুৰে থাপা আজি মোক পশুপতি॥
ইন্দ্ৰৰ স্তুতিক দেখি হাঁসি মহেশ্বৰ।
ইন্দ্ৰক সম্বুধি পাচে বুলিলন্ত হৰ॥৪২৪
অৰ্জ্জুনক যুজিবাক হেৰা যাওঁ মই।
নিৰ্ভয় থাকিয়ো স্বৰ্গে দেৱ হৰি হয়॥

[ ৮৫ ]

এহি বুলি হৰে পাচে বৃষভত চৰি।
অৰ্জ্জুনক ধাই গৈলা পিনাকক ধৰি॥৪২৫
অৰ্জ্জুন সহিতে হৰে কৰি ঘোৰ ৰণ।
অৰ্জ্জুনে কৰিলা ঘোৰ শৰৰ সন্ধান॥
ধনঞ্জয় সমে যুদ্ধ কৰিলা যিমত।
মহেশে কহয় পাচে ব্ৰহ্মাৰ আগত॥৪২৬
মহেশ বদতি শুনিয়োক সৃষ্টিকৰ।
অৰ্জ্জুন সহিতে মই কৰিলো সমৰ॥
মাৰিলোহোঁ অৰ্জ্জুনক যত শৰ চয়।
তিল সম কৰিয়া কাটয় ধনঞ্জয়॥৪২৭
আৰু প্ৰহাৰিলা বীৰে অসংখ্যাত বাণ।
মোৰ শৰীৰত পৰে বজ্ৰৰ সন্ধান।
অৰ্জ্জুনৰ শৰচয় সহিবাক নৰি।
মুখ গোট মেলিলোহোঁ ঘোৰ মায়া কৰি॥৪২৮
পাতাল সদৃশ মুখ দেখি ধনঞ্জয়।
মোৰ মুখে প্ৰহাৰিলা দিব্য শৰ চয়॥
ব্ৰহ্ম অগ্নি বাণ প্ৰহাৰিলা মহাবলী।
গগন মণ্ডলে আসে ঘোৰ অগ্নি জ্বলি॥৪২৯
সিয়ো শৰ মই গিলিলোহোঁ ক্ষণেকতে।
না থাকিল শৰ তাৰ অক্ষয় তূণতে॥
তূণ বাণ ধনুক হানিলা হোহ বুলি।
তূণ বাণ ধনু গিলি পাৰিলোঁ‌ টকালি॥৪৩০

[ ৮৬ ]

আন অস্ত্ৰ নপাই পাচে বীৰ ধনঞ্জয়।
লৱৰিয়া হানিলন্ত বৰ ব্ৰহ্ম চয়॥
সিয়ো ব্ৰহ্ম গিলি মই আছোঁ মুখ মেলি।
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গৈলা জ্বলি॥৪৩১
বৰ বৰ শিলক হানিলা হোঁহ বুলি।
মায়াবলে সিয়ো শিলা পেলাইলোহোঁ গিলি॥
ধনু তূণ বাণ সবে গিলি আছোঁ মই।
হেন দেখি ক্ৰোধত জ্বলিলা ধনঞ্জয়॥৪৩২
খড়গ ধৰি ধনঞ্জয় ক্ৰোধে খেদি যায়।
মোৰ মুণ্ডে খড়্গ ঘাৱ মাৰিলন্ত পাই॥
দশদিগ পালে আছে আকাশতে চাই।
অগ্নি উঠ খড়্গে যে ভাঙ্গিলা সমুদায়॥৪৩৩
বহু যুদ্ধে তুষ্ট মোক কৰি বীৰ বৰ।
তৃষ্ট হুয়া দিলোঁ মই পাশুপত্ৰ শৰ।
সেই বেলা স্বৰ্গ দিবে খুজিলোহোঁ ময।
স্বৰ্গক নলৈলা পাচে বীৰ ধনঞ্জয়॥৪৩২
অস্ত্ৰ পাই অৰ্জ্জুনৰ কুতূহল মন।
মোহোত মেলানি লৈযা পাণ্ডুৰ নন্দন॥
মাতলিক পঠাই ইন্দ্ৰে স্বৰ্গক নিলন্ত।
দিব্য অস্ত্ৰ শস্ত্ৰ পাচে ইন্দ্ৰে শিখাইলন্ত॥৪৩৫
অস্ত্ৰ শস্ত্ৰ শিখাই বুলিলা হৰি হয়।
কালকুঞ্জ মাৰা পুত্ৰ বীৰ ধনঞ্জয়॥

[ ৮৭ ]

ইন্দ্ৰৰ বচনে ধনঞ্জয় গৈলা ধাই।
পাশুপত্ৰ হানি দৈত্যে কৰিলন্ত ক্ষয়॥৪৩৬
এক পাক মাৰি বীৰে নপাইলা দুনাই।
পাশুপত্ৰ অস্ত্ৰ পাচে গৈলা মোৰ ঠাই।
হেনয় অস্ত্ৰক ধৰিবেক কাৰ বাপে।
চৰাচৰ দেৱ দৈত্য যাৰ ভযে কম্পে॥৪৩৭
যি অস্ত্ৰক তোমাৰ আমাৰ ব্ৰহ্মা ভয়।
পূৰ্ব্বে সেই অস্ত্ৰক ধৰিলা ধনঞ্জয়॥
শুনিয়োক ব্ৰহ্মা তোমাত কহোঁ দৃঢ় মন।
অৰ্জ্জুনৰ সম বীৰ নাই ত্ৰিভুবন॥৪৩৮
হেন অৰ্জ্জুনক গৈলা ইন্দ্ৰ দেৱে ধাই।
নোৱাৰিলে যুদ্ধে তাক জানা হৰি হয়।
ৰুদ্ৰ নিগদতি পুনু শুনা প্ৰজাপতি।
মোহোত শৰণ পশে যদি সুৰপতি।৪৩৯
অৰ্জ্জুন সহিতে মই কৰো ঘোৰ ৰণ।
মোৰ যুদ্ধ দেখোক যে সবে সুৰগণ।
কৃষ্ণ অৰ্জ্জুনক ৰণে জিনি দৃঢ়মতি।
ইন্দ্ৰৰ সাধিবো জয় শুনা প্ৰজাপতি॥৪৪০
মহেশৰ বাণী শুনি দেৱ সৃষ্টিকৰ।
ৰুদ্ৰক সম্বুধি পাচে বুলিলা উত্তৰ॥
অৰ্জ্জুনক জিনি ৰণে তুমি মহেশ্বৰ।
ৰাখিবাহা জানো আবে দেৱ নিৰন্তৰ॥৪৪১

[ ৮৮ ]

মহেশক চাই পুনু বোলে প্ৰজাপতি।
অৰ্জ্জুনক সম তুমি নহা পশুপতি॥
নৰ নাৰায়ণ কৃষ্ণাৰ্জ্জুন ভৈলা জাত।
তাহাঙ্ক ৰণত তুমি নুহিকে শকত॥ ৪৪২
তেও যদি যুদ্ধ কৰা শুনা মহেশ্বৰ।
অৰ্জ্জুনত আজি তুমি হাৰিবা সমৰ॥
পাচক নুগুণি যদি হৰ হোৱা সাজ।
সত্যে সত্যে ৰুদ্ৰ তুমি হৈবা ঘোৰ লাজ॥ ৪৪৩
বচন নুশুনি যুদ্ধ কৰা মহেশ্বৰ।
বোলা মোত আছে পাশুপত্ৰ ঘোৰ শৰ॥
এহি গৰ্ব্বে যদি হৰ তুমি কৰা ৰণ।
অৰ্জ্জুনে জিনিবে ৰণে বুলিলো বচন॥ ৪৪৪
যদি ধৰা তুমি ঘোৰ পাশুপত্ৰ অস্ত্ৰ।
অৰ্জ্জুনে ধৰিবে নিজ মাধৱৰ চক্ৰ॥
মাধৱৰ চক্ৰৰ প্ৰচণ্ড তেজ বৰ।
দেখি পাশুপত্ৰ শৰ হৈবে মহা ডৰ॥ ৪৪৫
মহেশ নেদিবা দোষ মোৰ বচনত।
সোমাইবেক পাশুপত্ৰ তোমাৰ তূণত॥
প্ৰজাপতি বোলে পুনৰপি মহেশক।
একোকালে যুদ্ধে নোৱাৰিবা অৰ্জ্জুনক॥ ৪৪৬
তুমি আমি যদি ত্ৰিজগতে হওঁ সাজ।
যুদ্ধে নোৱাৰিবো আমি হৈবো ঘোৰ লাজ॥

[ ৮৯ ]

মহেশ বদতি শুনা দেৱ প্ৰজাপতি।
অৰ্জ্জুনক ৰণে পাইলে যি কৰিবো আজি॥ ৪৪৭
অৰ্জ্জুন সহিতে মোৰ কৰিবাক ৰণ।
অনেক দিনৰ পৰা আছে মোৰ মন॥
এহি বুলি ব্ৰহ্মা পাচে দেৱ মহেশ্বৰ।
থাকিলেক বসি হৰ বৃষভ উপৰ॥ ৪৪৮
ব্ৰহ্মা শঙ্কৰৰ কথা এহি মানে থওঁ।
ইন্দ্ৰে যিমতে ধাইল তাৰ কথা কওঁ॥
বাযু বেগে অৰ্জ্জুনৰ সমীপ চাপিলা।
খৰতৰ বাক্যে অৰ্জ্জুনক গৰিহিলা॥ ৪৪৯
ইন্দ্ৰ যে বদতি শুনা পাপিষ্ঠ অৰ্জ্জুন।
মোৰ পুত্ৰ হুই তই মোক কৰা ৰণ॥
তোৰ সম চাণ্ডাল নাহিকে নিদাৰুণ।
তিলেক নচাইলি পাপী পিতৃৰ যে গুণ॥ ৪৫০
মোহোৰ তনয় হুই কুন্তীৰ গৰ্ব্ভত।
মোৰ হেন পুল বুলি জগতে প্ৰখ্যাত॥
পুত্ৰৰ নিমিত্তে তোক স্বৰ্গক আনাইলোঁ।
দিব্য অস্ত্ৰ শস্ত্ৰ মই তোহোক শিখাইলোঁ॥ ৪৫১
ব্ৰহ্ম শৰ ৰুদ্ৰবাণ বজ্ৰকুট শৰ।
বৰুণ গন্ধৰ্ব্ব আৰো বায়ু যমদ্বাৰ॥
পৰ্ব্বত গড়ুৰ মেঘ সৰ্প চতুঃশৰ।
দিব্য ক্ষুৰপতি শৰ মহা দৃঢ়তৰ॥ ৪৫২

[ ৯০ ]

নিদ্ৰা বাণ দিলোঁ তোক ত্ৰৈলোক্য বিজয়।
ইসব প্ৰমুখ্যে শিখাই আছোঁ শৰচয়॥
মন্ত্ৰ সমে শিখাই আছোঁ দিব্য শৰ তোক।
সেহিসে কাৰণে ৰণ দিবে আইলি মোক॥৪৫৩
ধিক তোক শৰ শিখাই পাইলোঁ বৰ ফল।
তোৰ মোৰ ভৈলা আজি দুৰ্ঘোৰ কন্দল॥
যেন বৈদ্যলোকে ধৰি সৰ্পক যে পোষে।
চল পাইলে সেই সৰ্পে বৈদ্যক যে নাশে॥৪৫৪
সেই মতে পাপী তই বৰ নিদাৰুণ।
চল পাই মোৰ সেনা কৰিলিহি চন্ন॥
পিতৃগুৰু বুলি পাপী নজানিলি গুণ।
তোৰ সম চাণ্ডাল নাহিকে নিদাৰুণ॥৪৫৫
অৰ্জ্জুনে বদতি পিতৃ কৰোহোঁ বন্দন।
অকাৰণে মোক নিন্দা বোলাহা বচন॥
অৰ্জ্জুনে বোলন্ত পিতৃ শুনা দৃঢ়বাক।
অস্ত্ৰ শিখাইবাক স্বৰ্গে আনিলা আমাক॥৪৫৬
দৈত্যক মাৰিয়া বাসা দিলোঁ যমালয়।
অদ্যাপিয়ো স্বৰ্গ ভোগ কৰা হৰি হয়॥
বামনে তোমাক ৰাজ্য দিল যেহি মতে।
দৈত্যক মাৰিয়া থাপিলোহোঁ সেই মতে॥৪৫৭
আমাৰ আগত দেৱতাৰ দৰ্প বাণী।
দৈত্যৰ ভয়ত দেৱ পলায় দিশ চানি॥

[ ৯১ ]

দেশে দেশে দৈত্যগণে ভিক্ষা মাগি খায়।
পূৰ্ব্বে দৈত্য মাৰি অম্ৰাৱতী দিলোঁ মই॥৪৫৮
অৰ্জ্জুনৰ বাণী শুনি ইন্দ্ৰ জ্বলি গৈলা।
প্ৰলয়ৰ বহ্নি যেন তুলাত লাগিলা॥
প্ৰলয় কালত যেন সাগৰ বাঢ়িলা।
সাগৰৰ জলে যেন স্বৰ্গক বুৰাইলা॥৪৫৯
সেই মতে ক্ৰোধত জ্বলিলা পুৰন্দৰ।
প্ৰলয় কালৰ যেন বহ্নি সম সৰ॥
দৃঢ়াঙ্গ ধনুক ইন্দ্ৰে বাম হাতে ধৰি।
টঙ্কাৰ কৰিলা ইন্দ্ৰে ধনুক আজুৰি॥৪৬০
দশোদিশ পূৰিয়া উঠিলা ঘোৰ ৰোল।
ক্ষণেকতে পূৰিলন্ত সূৰ্য্যৰ যে কোল॥
ধনু ধৰি প্ৰথমে মাৰিলা দশ শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৪৬১
মাধৱক হানিলন্ত কোটি দিব্য বাণ।
মাধৱৰ শৰীৰত ভৈলা খান খান॥
আৰু মাৰিলন্ত শৰ মাৰিলা সত্তৰি।
ইন্দ্ৰৰ শৰক সহি থাকিলন্ত হৰি॥৪৬২
অৰ্জ্জুনক ইন্দ্ৰে শৰ মাৰিলেক চানি।
কৃষ্ণক পঠাইলা আৰু অগ্নি-শৰ হানি।
শৰচোটে অৰ্জ্জুনৰ কম্পিলন্ত তনু।
বাম হাতে ধৰিলা শাৰঙ্গ নিজ ধনু॥৪৬৩

[ ৯২ ]

ইষ্টদেৱ শঙ্কৰে সুমৰি ধনঞ্জয়।
মাথা দোঁৱাই বুলিলন্ত দেৱ হৰি হয়॥
দ্ৰোণৰ চৰণ দুই হৃদয়ত ধৰি।
কৃষ্ণৰ চৰণে ধীৰে প্ৰণতি যে কৰি॥৪৬৪
শাৰঙ্গ ধনুৰ গুণে যুৰি দিব্য শৰ।
শাৰঙ্গ টানিয়া বীৰে কৰিলা প্ৰহাৰ॥
দিশ পাশ আকাশ চানিলা নিৰন্তৰ।
শৰময় ভৈলা সবে গগন ভিতৰ॥ ৪৬৫
এক শৰ প্ৰহাৰন্তে কোটি শৰ হুই।
আকাশে চলন্তে শৰ লেখা জোখা নাই॥
কোখে পিঠি বুকে শৰে ইন্দ্ৰৰ ভেদিলা।
বিমূৰ্চ্ছিত হুই ইন্দ্ৰ ৰথত পৰিলা॥৪৬৬
কতোক্ষণে চেতন লভিলা পুৰন্দৰ।
ক্ৰোধত জ্বলিলা যেন ৰুদ্ৰ ৰূপে হৰ॥
দশ গোট ব্ৰহ্মবাণ পঠাইলেক হানি।
গগন মণ্ডলে ব্ৰহ্মবাণ গৈলা চানি॥৪৬৭
ধনঞ্জয় দেখে আসে ঘোৰ ব্ৰহ্মবাণ।
দশ ব্ৰহ্মবাণ বীৰে কৰিলা সন্ধান॥
অৰ্জ্জুনৰ দশ বাণে ব্ৰহ্মবাণ পাই।
আকাশতে ব্ৰহ্মবাণ কৰিলন্ত ক্ষয়॥৪৬৮
ব্ৰহ্মবাণ চন্ন দেখি ইন্দ্ৰ ক্ৰোধে বৰ।
অৰ্জ্জুনক প্ৰতি হানিলন্ত দিব্য শৰ॥

[ ৯৩ ]

যেই বেলা ৰুদ্ৰশৰ প্ৰহাৰ কৰিলা।
চৈধ্যয় ভুবন খান গিৰিসাই লৰিলা॥৪৬৯
কম্পিলেক স্বৰ্গ মহী পৃথিবী ভুবন।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত যত সিদ্ধগণ॥
আকাশত চানি আসে ঘোৰ ৰুদ্ৰশৰ।
সাক্ষাতে দেখিয়া যে মেৰু গিৰিবৰ॥৪৭০
জাকে জাকে অগ্নি অস্ত্ৰ ভাগে বাজ হুই।
এহিমতে শৰে অৰ্জ্জুনক খেদি যায়॥
অৰ্জ্জুনে দেখয় শৰ আসে আকাশত।
ৰুদ্ৰশৰ হানি শৰ কাটিলা বাটত॥৪৭১
কাটা শৰ যেই বেলা মহীত পৰিলা।
সসাগৰা মহামহী মেদিনী লৰিলা॥
ৰুদ্ৰশৰ চন্ন দেখি দেৱ সুৰপতি।
অৰ্জ্জুনক হানিলন্ত দুৰ্ব্বাৰ শকতি॥৪৭২
ক্ৰোধ কৰি ইন্দ্ৰে যেবে প্ৰহাৰিলা শক্তি।
দেখি কৃষ্ণ অৰ্জ্জুনৰ বিৰহিলা মতি॥
আকাশে আসন্ত শৰ বহ্নি সম জ্বলে।
ভকৰ ভকৰ কৰি অগনি নিকলে॥৪৭৩
শক্তি খেদি আসে ধনঞ্জয়ে আছে চাই।
শক্তিক দেখিয়া শৰ হানি ধনঞ্জয়॥
অৰ্জ্জুনৰ শৰে যে শক্তিক পাইলা যায়।
শৰচয় তুলি আসে শক্তি বেগে ধাই॥৪৭৪

[ ৯৪ ]

হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ ভৈলা বৰ।
শক্তিক লাগিয়া হানিলন্ত ব্ৰহ্ম শৰ॥
বৰ বেগে ব্ৰহ্মশৰ শক্তিত যে পৰি।
আগমুৰি সিওঁ শৰ পৰিল উফুৰি॥৪৭৫
শৰ চূৰ্ণ দেখি অৰ্জ্জুনৰ কম্পে মন।
মাধৱৰ শক্তি ধৰি কৰিলা সন্ধান॥
আকাশক শক্তি পাছে বৰ বেগে ধাই।
ইন্দ্ৰৰ শক্তিক মাধৱৰ শক্তি পাই॥৪৭৬
ইন্দ্ৰৰ শক্তিক শক্তি কৰিলন্ত চন্ন।
পুনু যাই অৰ্জ্জুনৰ তূণে উপসন্ন॥
ইন্দ্ৰৰ অভেদ শক্তি যেবে কাটা গৈলা।
হেন দেখি ইন্দ্ৰদেৱ ক্ৰোধত জ্বলিলা॥৪৭৭
ব্ৰহ্মাৰ ডিবাৰ শৰ ইন্দ্ৰে প্ৰহাৰিলা।
বিম্বাদ শৰদে শৰ আকাশে চলিলা॥
অৰ্জ্জুনৰ হিযাত পৰিলা শীঘ্ৰগতি।
বিমূৰ্চ্ছিত ভৈলা বীৰ পাণ্ডুৰ সন্ততি॥৪৭৮
কতোক্ষণে চেতন লভিলা সব্য সাচি।
ক্ৰোধ অপমানে বজ্ৰ বাণ লৈলা বাচি॥
সাৰঙ্গত যুৰি প্ৰহাৰিলা বৰ টানে।
ইন্দ্ৰৰ গাৱত পৰি বজ্ৰৰ সন্ধানে॥৪৭৯
শৰ চোতে ইন্দ্ৰদেৱ পৰিলন্ত ঢলি।
আথ বেথ কৰি তুলি ধৰিলা মাতলি॥

[ ৯৫ ]

হেন দেখি দিব্য শৰ মাৰি বীৰ বেগে।
মাতলিৰ হিয়াত তাৰিল বৰ চেগে॥ ৪৮০
দিব্য অৰ্দ্ধচন্দ্ৰ শৰ হানি মহাবলী।
আকাশে চলিলা শৰ অগ্নি সম জ্বলি॥
মাতলিৰ হিয়াত তাৰিলা বৰ টানে।
মাতলি পৰিল যাই শৰৰ সন্ধানে॥ ৪৮১
ৰথী সাৰথি দুয়ো ভৈলা অচেতন।
হেন দেখি হাসিলা অৰ্জ্জুন নাৰায়ণ॥
কতো বেলি শ্ৰুতি পাই ইন্দ্ৰদেৱ উঠি।
দেখন্ত অৰ্জ্জুন শৰে পৰিছে সাৰথি॥ ৪৮২
হেন দেখি ক্ৰোধত কম্পিলা তান তনু।
বাম হাতে ধৰিলা সাৰঙ্গ ঘোৰ ধনু॥
অৰ্জ্জুনক ইন্দ্ৰে হানিলন্ত ব্ৰহ্মবাণ।
অৰ্জ্জুনেও ব্ৰহ্মবাণে কৰিলা নিৰ্য্যান॥ ৪৮৩
অৰ্জ্জুনক ইন্দ্ৰে হানিলেক ব্ৰহ্ম শৰ।
অৰ্জ্জুনেযো ব্ৰহ্ম শৰে কৰিলা সংহাৰ॥
অৰ্জ্জুনক ইন্দ্ৰে হানিলন্ত ব্ৰহ্মবাণ।
অগ্নি শৰে অগ্নি শৰ কৰিলা নিৰ্য্যান॥ ৪৮৪
পাচে বায়ু বাণ হানিলন্ত হৰি হয়।
গিৰ গিৰ কৰি বেগে বায়ু বহি যায়॥
বৰ বৰ শাল তাল বৃক্ষ ভাগি গৈল।
বায়ুৰ আন্দোলে কম্পে পৃথিবী পাতাল॥ ৪৮৫

[ ৯৬ ]

হেন দেখি ধনঞ্জয় বিষ্ণুবাণ আনি।
প্ৰহাৰ কৰিলা বীৰে সাৰঙ্গক টানি॥
আকাশত বিষ্ণুবাণে ইন্দ্ৰবাণ পাই।
সিয়ো বাণ বিষ্ণুবাণে কৰিলন্ত ক্ষয়॥৪৮৬
যত যত ইন্দ্ৰে শৰ কৰিলা প্ৰহাৰ।
তত শৰ ধনঞ্জয়ে কৰিলা সংহাৰ॥
ৰুদ্ৰ অগ্নিবাণ প্ৰহাৰিলা ধনঞ্জয়।
হেন বাণ দেখি ব্ৰহ্মা ৰুদ্ৰৰ বিস্ময়॥৪৮৭
সেই শৰ প্ৰহাৰম্ভ ধনঞ্জয়ে ডাটি।
আকাশতে ইন্দ্ৰবাণ পেলাইলেক কাটি॥
পাছে অৰ্জ্জুনৰ বৰ ক্ৰোধ জ্বলি গৈলা।
অৰ্দ্ধ চন্দ্ৰ শৰ আনি গুণত চৰাইলা॥৪৮৮
মন্ত্ৰ পঢি ধনঞ্জয়ে প্ৰহাৰিলা ডাটি।
ইন্দ্ৰৰ কৱচ বীৰে পেলাইলেক কাটি॥
কৱচ কাটিলা যে উদাস ভৈলা তনু।
ৰথত থৈলন্ত যে দৃঢ়াঙ্গ নিজ ধনু॥৪৮৯
সেহি বেলা চেতন লভিলন্ত মাতলি।
ইন্দ্ৰক বুলিবে লৈলা কৰি কৃতাঞ্জলি॥
অৰ্জ্জুনৰ শৰে প্ৰভু মই অচেতন।
অৰ্জ্জুন সহিতে প্ৰভু তুমি কৰা ৰণ॥৪৯০
এহি বুলি ইন্দ্ৰক প্ৰণামি বাৰে বাৰ।
ৰথক কৰিলা থিৰ পূৰ্ব্বৰ আকাৰ॥

[ ৯৭ ]

হেন দেখি অৰ্জ্জুনৰ ক্রোধ গুৰুতৰ।
ইন্দ্রক ভেদিলা পুনু ত্রিশ কোটি শৰ॥৪৯১
মাতলিক মাৰিলন্ত ত্রিশ যে হাজাৰ।
শৰ জালে মাতলি দেখিলা অন্ধকাৰ॥
ঘােৰাক মাৰিলা বীৰে হাজাৰেক শৰ!
গাৱে গাৱে ঘোৰাৰ ভেদিলা কলেৱৰ॥৪৯২
অৰ্জ্জুনৰ শৰ যেবে ঘােৰাত পৰিলা।
শতেক হাজাৰ হাত পাচ গুচি গৈলা॥
হেন দেখি ইন্দ্ৰদেৱে মহা ভয় ভৈলা।
মাতলিক সম্বুদ্ধি পাচে বুলিবাক লৈলা॥৪৯৩
দেখিযাে মাতলি অৰ্জুনৰ বাহু বল।
ইহাৰ প্রহাৰে মােৰ শৰীৰ বিকল॥
ত্রৈলােক্য বিজয মােক বােলে সুৰপতি।
চৰাচৰ জিনিলোঁ মই দুর্জ্জয় শকতি॥৪৯৪
অৰ্জ্জুনক মই ক্রোধ বেগে দিলোঁ ধাৱ।
ৰণে নােৱাৰিলে হাসিবেক সবে দেৱ॥
এহি জানি মাতলি মােহােৰ ৰথ লৈযো।
সৈন্যৰ মাজক লাগি মােৰ ৰথ বাযো॥ ৪৯৫
হেন শুনি মাতলি ঘােৰাত দিলা বাৰি।
হাজাৰেক ঘােৰা চলিলেক শীঘ্র কৰি॥
আপােন সৈন্যত যাই ভৈলা উপসন্ন।
বিমনে ৰহিলা যাই কাশ্যপ নন্দন॥৪৯৬

[ ৯৮ ]

যদি ৰণ হাৰি গৈলা দেৱ সুৰপতি।
কালন্ত ৰাক্ষস ধাইলা অৰ্জ্জুনক প্রতি॥
শৰীৰৰ বলে বৰ দিলন্ত আটাস।
চৰাচৰ দেৱৰ লাগিল মহা ত্রাস॥৪৯৭
আকাশত লাগি তাৰ আটাসৰ ধ্বনি।
পাতালত কম্পিলন্ত অনন্তৰ মণি॥
দশদিশ ঢাকিলেক ঘােৰ অন্ধকাৰ।
অৰ্জ্জুনে দেখন্ত পাচে বৰ চমৎকাৰ॥৪৯৮
কালম্ভ ৰাক্ষস পাচে অৰ্জ্জুনক চাই।
প্ৰহাৰ কৰিলা শূল আকাশত যাই॥।
প্ৰচণ্ড অগনি জাকে জাকে বাজ হয়।
হেন দেখি সিদ্ধ মুনি লয়ৰি পলায়॥ ৪৯৯
দেখে ধনঞ্জয় শূল আসে আকাশত।
অৰ্দ্ধ চন্দ্ৰ শৰে শূল কাটিলা বাটত॥
শূল চন্ন দেখি কালম্ভৰ ক্রোধ ভৈলা।
দুই হাতে গদা ধৰি অৰ্জ্জুনক ধাইলা॥৫০০
শাৰঙ্গত যুৰি বীৰে ক্ষুৰ পতি শৰ।
হাততে কাটিলা গদা ধনঞ্জয় বীৰ॥
গদাহত দেখি ভৈলা পাচে অন্তর্ধ্যান।
আকাশতে হই ৰৈলা ঘোৰ মেঘখান॥৫০১
প্রলয়ৰ মেঘখান গৰ্জ্জে প্রলয়ত।
সেহি মতে গৰ্জ্জে আকাশৰ মেঘ মত॥

[ ৯৯ ]

প্রচণ্ড শবদে গর্জ্জে নাদে বিপৰীত।
বজ্ৰৰ উপৰে বজ্ৰ পৰে যেন মত॥৫ ০২
সেহি মতে গজ্জি চলে আকাশে ৰাক্ষসে।
মহা ভয়ে সুৰসুৰ কম্পয় তৰাসে॥
ঘােৰ শিলা জলে কৰে বৃষ্টি ভয়ঙ্কৰ।
কৃষ্ণ অর্জ্জুনক বৃষ্টি কৰে বীৰ বৰ॥৫০৩
হেন দেখি ধনঞ্জয হানি বায়ু বাণ।
উৰুৱাইলা আকাশৰ ঘোৰ মেঘ খান॥
মেঘ মায়া এৰিয়া কালম্ভ তেতিক্ষণ।
অজ্জুনৰ আগে আসি ভৈলা উপসন্ন॥ ৫০৪
কালম্ভ ৰাক্ষসে মায়া কৰিলন্ত যত।
তেখনে ভৈলন্ত কোটি কোটি দশ শত॥
দিশ পাস আকাশে চানিলা নিৰন্তৰ।
অৰ্জ্জুনক ধাৱে সবে ধৰি মুদগৰ ॥ ৫০৫
কৈক যাইবি ধনঞ্জয় বােলে খর্ব্ববাণী।
তােক মাৰি খাইবাে সবে ৰাক্ষসে যে চানি॥
মাথা জঙ্কাৰিযা সবে অর্জ্জুনক ধাইলা।
চৰাচৰ বসুমতী সবে কম্পি গৈলা॥ ৫০৬
ৰাক্ষসক দেখি কেন কম্পে সব্য সাচি।
ধনুত যুৰিলা আনি কোটি শৰ বাচি॥
কোটি এক ব্ৰহ্মবাণ যেবে প্রহাৰিলা।
গাৱে গাৱে ৰাক্ষসৰ হৃদয় ভেদিলা ॥৫০৭

[ ১০০ ]

ব্ৰহ্মাৰ বৰত তাৰ নগৈলেক প্রাণ।
ব্ৰহ্ম বাণ পৰি বীৰ ভৈলা অন্তৰ্ধ্যান॥
পাচে কালম্ভেয়ো মায়া কৰিলন্ত বৰ।
অৰ্জ্জুনৰ আগে ৰৈলা হই ভয়ঙ্কৰ॥৫০৮
স্বৰ্গত যে মুণ্ড লগাই পৃথিবীত ভৰি।
অৰ্জ্জুনক ধাৱে সবে মুদগৰ ধৰি॥
আকাশৰ নামি ঘােৰ মেঘ খণ্ড ভৈলা।
এহি মতে কালম্ভেয়ো অজ্জুনক ধাইলা॥৫০৯
কালম্ভক দেখিযা অৰ্জ্জুন বীৰ বৰ।
ক্রোধ মনে ধৰিলন্ত মাধৱৰ শৰ॥
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
ব্ৰহ্মাক গৈলন্ত একেশ্বৰে বেগে ধায॥ ৫১০
ধৰ্ম্মত থাকিয়া ব্রহ্মা নকৰিলা ৰণ।
কালম্ভক বুলিলন্ত ব্রহ্মাই বচন॥
একেশ্বৰে ৰাক্ষসক যায়ো তুমি ধাই।
মােহোৰ বচনে তাক মাৰা সমুদায়॥ ৫১১
ব্ৰহ্মাৰ বচনে তাক মাৰিলেক যাই।
হেন দেখি ব্ৰহ্মাৰ আনন্দৰ সীমা নাই॥
ব্ৰহ্মায়ে বােলে কালম্ভ ৰাক্ষসক চাই।
দেৱ সুৰ ৰাক্ষসত তােৰ ভয় নাই॥ ৫১২
ব্ৰহ্ম অগ্নি বাণে তােৰ নহৌক নিৰ্য্যান।
মাধৱৰ চক্ৰ বাণে তােৰ যাইবে প্রাণ॥

[ ১০১ ]

যেহি বেলা তই অৰ্জ্জুনক যাস ধাই।
সেহি বেলা ধনঞ্জয়ে মিলাইবে প্ৰলয়॥ ৫১৩
এহি অভিপ্ৰায় তৰে নভৈলা মৰণ।
ব্ৰহ্ম বাণত যে সিটো নভৈলা নিৰ্য্যান॥
তাৰ মৃত্যু কাল আসি সমীপ চাপিলা।
ধনঞ্জয়ে বাচি পাচে চক্ৰবাণ লৈলা॥ ৫১৪
সাৰঙ্গত জুৰি বীৰে মাৰি শৰ পাট।
মনোময় বেগে চলে মাৰুতৰ পথ॥
কালম্ভৰ হিয়াত পৰিলা সেহি তালে।
পৃথিবী ফালিয়া শৰ পশিল পাতালে॥ ৫১৫
সাতো সাগৰত স্নান কৰি তেতিক্ষণে।
পুনু পশিলন্ত শৰ অৰ্জ্জুনৰ তৃণে॥
কালম্ভ মৰিল তাৰ প্ৰাণ গৈলা চাৰি।
পৰ্ব্বত আকাৰে ৰৈলা পৃথিবীত পৰি॥ ৫১৬
কালন্ত মৰিল দেখি আছে কাল মহি।
অৰ্জ্জুনক ধাই সিটো খানিকো নসহি॥
পৃথিবী উপৰে যেন আসে মেৰু গিৰি।
কালমহি ধাইলা সেহি মতে ক্ৰোধ কৰি॥ ৫১৭
মহা থুল শৰীৰ দুৰ্ব্বাৰ ভয়ঙ্কৰ।
দশো দিশ আকাশে চলিলা নিৰন্তৰ॥
মহা বেগে কাল মহি অৰ্জ্জুনক ধাইলা।
অৰ্জ্জুনৰ আগে বৰ চমৎকাৰে ৰৈলা॥ ৫১৮

[ ১০২ ]

অৰ্জ্জুনক চাই পাচে গর্জ্জে কাল মহি।
ঘোৰ শক্তি হানি তোক মাৰো থাক ৰহি॥
হেন শুনি অৰ্জ্জুনৰ নসহিলা তনু।
বাম হাতে ধৰিলা শাৰঙ্গ নিজ ধনু॥৫১৯
টঙ্কাৰ কৰিলা বীৰে শব্দ গৈলা চৰি।
সাগৰ খলকি মহা লৰে স্বৰ্গ পুৰি॥
ধনুৰ টঙ্কাৰে তাৰ কৰ্ণে লাগে ধ্বনি।
ত্রাস হুই কাল মহি থাকিলেক গুণি॥৫২০
মনত বোলন্ত কিনো বীৰ বলিয়াৰ।
ইহাৰ ধনুৰ শব্দে মােৰ চমৎকাৰ॥
মোহোৰ হহাক দেখি ভয় আতিশয়।
ভালেতো যে দেৱগণ বিভঙ্গে পলায়॥ ৫২১
এহি বুনি শক্তি প্রহাৰিলা মহাবলী।
আকাশে চলয় শক্তি অগ্নি সম জ্বলি॥
শক্তি আসে দেখিয়া অৰ্জ্জুনে আছে চাই।
মহা বেগে শক্তি অজ্জুনক খেদি যায়॥ ৫২২
হেন দেখি অৰ্জ্জুন ক্রোধ ভৈলা টান।
শক্তিক হানিলা বীৰে ক্ষুৰ পতি বাণ॥
বিদ্যুত সঞ্চাৰে অৰ্জ্জুনৰ শৰ যাই।
কাল মহি ৰাক্ষসৰ শক্তি বেগে পাই॥৫২৩
আকাশতে শৰে যেবে শক্তি কৰি চন্ন।
পুনু যাই পশিলেক অৰ্জ্জুনৰ তূণ॥

[ ১০৩ ]

শক্তি কাটা গৈলা ৰাক্ষসৰ ক্ৰোধ বৰ।
অৰ্জ্জুনক ধাইল ধৰিয়া মুদগৰ॥ ৫২৪
ঘোৰ ৰাৱ চাৰি অৰ্জ্জুনক দিলা ধাৰি।
মুদগৰে কোবাই অৰ্জ্জুনক খাওঁ বুলি॥
মুদগৰ ধৰিয়া যাই ক্ৰোধ কৰি বৰ।
ৰথত আছন্ত চাই দেৱ দামোদৰ॥ ৫২৫
মাধৱ বদতি শুনা বীৰ ধনঞ্জয়।
কাল মহি ইতো ৰীৰ ত্ৰৈলোক্য বিজয়॥
শীঘ্ৰ কৰি কাটো তাৰ হাত দুই খান।
অদ্ধ চন্দ্ৰ শৰ সখি কৰিয়ো সন্ধান॥ ৫২৬
মাধৱৰ বচনে অজ্জুন বীৰ বৰ।
ধনুত জুৰিলা আনি অদ্ধ চন্দ্ৰ শৰ॥
সাৰঙ্গ টানিয়া বীৰে প্ৰহাৰ কৰিলা।
মুদগৰ সমে দুই হাতক কাটিলা॥ ৫২৭
হাত কাটা গৈলা তাৰ ক্ৰোধ ভৈলা আতি।
মুখ গোট মেলি ধাইলা অৰ্জ্জুনক প্ৰতি॥
তাৰ পাৱ ভৰে কাম্পে যত বসুন্ধৰী।
পৰ্ব্বত কম্পিয়া পৰে শিখৰ উফৰি॥ ৫২৮
এহি মতে অৰ্জ্জুনক কাল মহি ধাইলা।
সাগৰ খলকিটো পৰ্ব্বতে লঙ্ঘিলা॥
অৰ্জ্জুনে দেখন্ত মোক আসে মুখ মেলি।
প্ৰচণ্ড অগনি সম তনু গৈলা জ্বলি॥ ৫২৯

[ ১০৪ ]

জাজ্বল্য সমান এক অগ্নি শৰ আনি।
সাৰঙ্গৰ গুণে যুৰি প্ৰহাৰিলা টানি॥
হৃদয়ত পৰি শৰ পিঠি বাজ ভৈলা।
পৃথিবী ফালিয়া শৰ পাতালে পশিলা॥ ৫৩৫
সাতো সাগৰত স্নান কৰি শীঘ্ৰ গতি।
অৰ্জ্জুনৰ তূণে শৰ পশিলা সম্প্ৰতি॥
হেন দেখি ব্ৰহ্মা আদি সিদ্ধ মুনিগণ।
ধনঞ্জয় বুলিয়া প্ৰশংসে ঘনে ঘন॥ ৫৩১
ধন্য ধন্য ধনঞ্জয় বীৰ মধ্যে সাৰ।
ভূমি ভাৰ সংহৰিবে ভৈলা অবতাৰ॥
এহি বুলি পুষ্প বৰশিলা সিদ্ধ মুনি।
ৰথত বসিয়া ৰঙ্গে হাসন্ত ফাল্গুনি॥ ৫৩২
যেই বেলা কালমহি সমৰে পৰিলা।
সাতে খান স্বৰ্গ মহী পৃথিবী কম্পিলা॥
কালমহি পৰিল দেখি আছে সম্ভাসুৰ।
অৰ্জ্জুনক ধাইলা ধনু ধৰি বাম কৰ॥ ৫৩৩
পাঞ্চ পাঞ্চ নৰাচ হানিলা মহাবলী।
কৃষ্ণ অৰ্জ্জুনৰ গাৱে পৰে হলা হলি॥
তাৰ শৰে অৰ্জ্জুনৰ ৰঙ্গ ভৈলা বৰ।
অৰ্দ্ধ চন্দ্ৰ হানি ধনু কাটিলা হাতৰ॥ ৫৩৪
সম্ভাসুৰ বধিবাক বীৰে মন কৰি।
তিনি পাত অৰ্দ্ধ চন্দ্ৰ ধনুৰ্গুণে জুৰি॥

[ ১০৫ ]

শাৰঙ্গ টানিয়া বীৰে প্ৰহৰিলা ডাটি।
হাত গল কঙ্কাল যে পেলাইলেক কাটি॥ ৫৩৫
সম্ভ মৰি সিয়াে বেলা মহীত পৰিলা।
বিকৰ্ম্ম বিজয় খৰে অৰ্জ্জুনক ধাইলা॥
তিনি বীৰে দিব্য শৰ কৰিলা প্ৰহাৰ।
দিশ পাশ আকাশ ঢাকিল। নিৰন্তৰ॥ ৫৩৬
আৰু শৰ মাৰি নিৰােধিলা বায়ু পথ।
ক্ষেণেকে অদৃশ্য ভৈলা অৰ্জ্জুনৰ ৰথ॥
হেন দেখি অৰ্জ্জুনৰ ক্রোধ গুৰুতৰ।
পাচে বীৰে ধৰিলন্ত ঘােৰ ব্ৰহ্ম শৰ॥ ৫৩৭
বায়ু শৰ মাৰি দেবে শৰ উৰুয়াইলা।
ব্রহ্মশৰ মাৰি তিনি বীৰক কাটিলা॥
বিকৰ্ম্ম, বিজয়, খৰ্ব্ব ৰণত পৰিলা।
দেখি কাল কি কাল যে যক্ষপতি ধাইলা॥৫৩৮
ইয়ো তিনি বীৰে যাই মহা ক্ৰোধ কৰি।
অৰ্জ্জুনক ধাইলা পাচে দিব্য ধনু ধৰি॥
পাচে তিনি বীৰে শৰ কৰিল প্ৰহাৰ।
দিবসতে ৰাত্রি যেন ভৈলা অন্ধকাৰ॥৫৩৯
মাধৱক শৰ দেৱে মাৰিলা হাজাৰ।
শৰ জালে মাধৱেও দেখে চমৎকাৰ॥
অৰ্জ্জুনক একশত মাৰি দিব্য শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৫৪০
১০

[ ১০৬ ]

দেৱতাৰ শৰে নকম্পিলা ধনঞ্জয়।
দিব্য শৰে ভেদিলেক তিনিৰো হৃদয়॥
পাচে ধনঞ্জয়ে লৈল তিনি অগ্নি শৰ।
ধনুত যুৰিয়া বীৰে কৰিলা প্ৰহাৰ॥৫৪১
মনোজয় বেগে শাৰঙ্গৰ যাই শৰ।
তিনিয়ো বীৰৰ গাৱে ফুটে দৃঢ়তৰ॥
তিনি দেৱতাৰ অগ্নি-শৰে গৈলা প্ৰাণ।
পৰিলেক তিনি বীৰ পৰ্বত সমান॥ ৫৪২
তিনি বীৰ যেই বেলা ৰণত পৰিলা।
সেহি বেলা ইন্দ্ৰৰ মনে বিষাদ মিললা॥
ইন্দ্ৰে যে বোলন্ত মোৰ কিনো মন্দ দিন।
অৰ্জ্জুনৰ আগে মোৰ বল ভৈল ক্ষীণ॥৫৪৩
কিয় ইন্দ্ৰ হুই আছে। স্বৰ্গৰ ভিতৰে।
কিয় মোক চৰাচৰে বন্দনক কৰে॥
অৰ্জ্জুনে কৰিলে আজি মোক যত লাজ।
ধিক ধিক হেন স্বৰ্গে নাম দেৱ ৰাজ॥ ৫৪৪
ৰাক্ষসক মাৰি মই শুনা দেৱ চয়।
তাহাৰ চাৱাল স্বৰ্গে আনি আছো ময়॥
পুষি পালি সৰ্বকালে ৰাখি আছোঁ তাক।
মোৰ আগুয়ান বীৰ শুনা দেব জাক॥ ৫৪৫
যেহি বেলা দেৱ ৰাক্ষসৰ লাগে ৰণ।
সেহি বেলা মেলি দেয়ো সেই দশ জন।

[ ১০৭ ]

ঘোৰ ৰণে মাৰি ৰাক্ষসক নিৰন্তৰ।
স্বৰ্গে অধিকাৰী কৰি দেয় দশ বীৰ॥৫৪৬
মোহোৰ কাৰণে দশ বীৰ ভৈলা চন্ন।
ধিক ধিক আৰ মোৰ স্বৰ্গত জীৱন॥
দেৱত অধিক ৰাক্ষসক স্নেহ বৰ।
মোক ৰাখি কৰে দশে শত্ৰুক সংহাৰ॥৫৪৭
মোৰ হিতকাৰী যে ৰাক্ষস দশ জন।
ৰাত্ৰি দিনে সেবি থাকে মোহোৰ চৰণ॥
কি কহিবে মই দশ বীৰৰ যে গুণ।
অৰ্জ্জুনৰ বাণে গৈলা যমৰ ভুবন॥৫৪৮
বল বীৰ্য্য নাহি মোৰ ভাগিল কপাল।
এতেকে মোহোৰ ভৈলা ধনঞ্জয় কাল॥
এহি বুলি ইন্দ্ৰদেৱ ক্ৰোধ গৈলা চৰি।
ঐৰাৱতে চৰিলন্ত হাতে বজ্ৰ ধৰি॥৫৪৯
মহা ক্ৰোধে যাই ইন্দ্ৰ ঐৰাৱত স্কন্ধে।
বিৰোচন বধিবাক যেহেন প্ৰবন্ধে॥
এহিমতে যাই ইন্দ্ৰ দেৱ বৰ খঙ্গে।
কৃষ্ণ ধনঞ্জয় চাহি আছে মন ৰঙ্গে॥৫৫০
ঐৰাৱত সমে ইন্দ্ৰ সমীপ চাপিলা।
অৰ্জ্জুনক চাই পাচে গৰ্জিবাক লৈলা॥
বাসবে বোলন্ত অৰ্জ্জুনক দৃঢ় বাণী।
মাৰিব পুতাই তোক এই ব্ৰজ হানি॥৫৫১ 

[ ১০৮ ]

বজ্ৰৰ কাৰণ কহো শুনা ধনঞ্জয়।
দধি-ঞ্চিৰ অস্থি বজ্ৰ গঢ়ি আছোঁ ময়॥
পূৰ্ব্বে পৰ্ব্বতৰ পাশা চেদি আছোঁ মই।
অমোঘ বজ্ৰৰ কথা কহন নযায়॥৫৫২
ব্ৰত বিৰোচনক বধিলো বজ্ৰে মই।
দৈত্য সমে সমুচিক নিপাতিলোঁ মই॥
এহি বুলি বদ প্ৰহাৰিলা বৰ ৰাগে।
আকাশে চলয় বজ্ৰ মনো জয় বেগে॥৫৫৩
অৰ্জ্জুনে দেখন্ত বজ্ৰ আশে দিশ চানি।
আথ বেথ কৰি শৰ হানিলা অৰ্জ্জুনি॥
বজ্ৰত পৰিয়া শৰ উফৰিয়া গৈলা।
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ বৰ ভৈলা॥৫৫৪
শাৰঙ্গত যুৰি প্ৰহাৰিলা বিষ্ণু বাণ।
দেখি দেৱাসুৰ নৰ ভৈলা কম্পমান॥
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰে।
ইন্দ্ৰৰ বজ্ৰত পৰিলন্ত দৃঢ়তৰে॥ ৫৫৫
বিষ্ণুবাণে বজ্ৰ শৰে ভৈলা ঘোৰ যুদ্ধ।
হেন দেখি অৰ্জ্জুনৰ জ্বলি গেলা ক্ৰোধ॥
কোপ অপমানে পাচে বীৰ সব্য সাচি।
ব্ৰহ্মাৰ ডিবাৰ ঘোৰ শক্তি লৈলা বাচি॥৫৫৬
শাৰঙ্গত যুৰি প্ৰহাৰিলা ব্ৰহ্ম বাণ।
বজ্ৰৰ উপৰে বজ্ৰ পৰিলা সন্ধান॥

[ ১০৯ ]

সেহি বেলা শব্দ বৰ উঠিলেক চানি।
কম্পিবে লাগিলা যত চৰাচৰ প্ৰাণী॥ ৫৫৭
ব্ৰহ্মাৰ ডিবাৰ ঘোৰ যাই বজ্ৰ বাণ।
ক্ষেণেকে ইন্দ্ৰৰ বাণ কৰিলা নিৰ্য্যান॥
আকাশৰ পৰা দুয়ো বাণ শীঘ্ৰে আসি।
অৰ্জ্জুনৰ তূণত থাকিলা বেগে পশি॥ ৫৫৮
বজ্ৰ বাণ চন্ন দেখি ইন্দ্ৰ ভয় ভৈলা।
উৰু শীৰ কস্পিয়া হৃদয় লৰি গৈলা॥
কি কৰিবে ইন্দ্ৰে একো উপায় নপান্ত।
ঐৰাৱত স্কন্ধে ইন্দ্ৰ বসিয়া গুণন্ত॥ ৫৫৯
অৰ্জ্জুন বদতি পিতৃ শুনা হৰি হয়।
মোহোক নমাৰি শৰ কেনে আছা চাই॥
এহি বুলি ধনঞ্জয় ক্ৰোধ কৰি টান।
এক শত দিব্য বাণ কৰিলা সন্ধান॥ ৫৬০
ইন্দ্ৰৰ গাৱত ফুটিলন্ত থানে থান।
শোণিত বজাইল যেন পৰ্ব্বতৰ জান॥
যেন মতে পৰ্ব্বতৰ গেৰু বহি যাই।
সেহিমতে ধাৰে ইন্দ্ৰৰ শোণিত বজাই॥ ৫৬১
এক কোটি দিব্যশৰ হস্তীক হানিলা।
কান মুণ্ড ঝঙ্কাৰিয়া চিয়ঁৰি উঠিলা॥
ক্ৰোধ মনে বায়ুদেৱে যুদ্ধ আছে চাই।
অৰ্জ্জুনৰ হাতে আজি ইন্দ্ৰ হৈবে ক্ষয়॥ ৫৬২

[ ১১০ ]

এহি বুলি বায়ু পাঞ্চ উনশত হুই।
অৰ্জ্জুনক বৰ বেগে বায়ু গেলা ধাই॥
সাত গোট পৰ্ব্বতক বায়ু নিলা ৰাগে।
কৃষ্ণ অৰ্জ্জুনক মাৰিবাক বৰ বেগে॥ ৫৬৩
গিৰ গিৰ প্ৰচণ্ড যে বায়ু বহি যাই।
হেন দেখি ক্ৰোধে আছে ধনঞ্জয়ে চাই॥
সেহি বেলা ধনঞ্জয় হানি বজ্ৰ বাণ।
আকাশতে পৰ্ব্বতক কৰিলা নিৰ্য্যান॥ ৫৬৪
পাচে বায়ু বাণ হানিলন্ত ধনঞ্জয়।
উৰুৱাইলা উনশত বায়ু মহাশয়॥
দেখি বায়ু দেৱতাৰ ক্ৰোধ ভৈলা বৰ।
সিংহক ধাইলেক যেন প্ৰমত্ত কুঞ্জৰ॥ ৫৬৫
হৰিণত উঠি বায়ু নকৰি বিশ্ৰাম।
অৰ্জ্জুনক ধাইলে বায়ু কৰিবে সংগ্ৰাম॥
দিব্য ধনু ধৰি বায়ু কস্যপ নন্দন।
অৰ্জ্জুনক লাগি প্ৰহাৰিলা শৰ গণ॥ ৫৬৬
পবনৰ বেগে যায় গতি গুৰুতৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥
শৰ পাই অৰ্জুনৰ মন অসন্তুষ্টি।
শাৰঙ্গ ধনুক ধৰিলন্ত দৃঢ় মুষ্টি॥ ৫৬৭
দিব্য অৰ্দ্ধচন্দ্ৰ প্ৰহাৰিলা ধনঞ্জয়।
ধনু কাটি ভেদিলন্ত বায়ুৰ হৃদয়॥

[ ১১১ ]

বিমূৰ্চ্ছিত ভৈলা বীৰ কস্যপ সন্ততি।
হেন দেখি বিমন ভৈলন্ত সুৰপতি॥ ৫৬৮
কতো বেলি চেতন পাইলা মহাশয়।
ভিৰি লৰ দিলা বাযু পাচক নচাই॥
বাযু পলাই গৈল দেখি ইন্দ্ৰৰ বিমন।
ঐৰাবতৰ নামিলন্ত সহস্র লোচন॥ ৫৬৯
সিংহাসনে বসিলন্ত কৰি কষ্ট মন।
চৌপাশে আবৰি বসিলন্ত দেৱগণ॥
ইন্দ্ৰৰ গৰ্ব্বক নসহিলা নাৰায়ণ।
অৰ্জ্জুন সহিতে যাই দিলা ঘোৰ ৰণ॥ ৫৭০
ইন্দ্ৰ অৰ্জ্জুনৰ আবে কেন যুদ্ধ দেখা।
আন সামান্যৰ আৰ তাৰ কোন লেখা॥
ইন্দ্ৰক ৰণত হৰি কৰি বিসঙ্গতি।
দেখিযো কৃষ্ণৰ কেনে অনন্ত শকতি॥ ৫৯১
একে জানি গর্ব নকৰিয়া একো প্রাণী।
পুত্ৰ ধন জন সবে মায়াময জানি॥
দেবতে অধিক ইতো মনুষ্য শৰীৰ।
এতিক্ষণে পৰে কেহোঁ তাৰ নাহি থিৰ॥ ৫৭২
অনেক জন্মৰ মহা পুণ্য ধন দিয়া।
মনুষ্য শৰীৰ নৌকা আচাহা কিনিয়া॥
মহা ভয় সাগৰক তৰিবাক প্রতি।
যাবে নতু ভাগে ভৰা তাবত সম্প্রতি॥ ৫৭৩

[ ১১২ ]

একাদশ, ইন্দ্ৰ নতু হোৱন্ত বিফল।
যাৰ নকৰয় ব্যাধি শৰীৰ দুৰ্ব্বল॥
তেবে কৃষ্ণ কথা কৰা শ্ৰৱণ কীৰ্ত্তন।
মুকুতি সুখক প্ৰতি যাৰ আছে মন॥ ৫৭৪
মহা পুণ্য পদ ৰচিলোহোঁ দেৱজিত।
আক শুনি তৰা সবে দুৰ্ঘোৰ কলিত॥
দেৱজিত পদক শুনিয়ো সৰ্বজন।
দেৱজিত শুনি কৰা বৈকুণ্ঠে গমন॥ ৫৭৫
যি সব কথাত আৰু আছে গুণ নাম।
সি সব কথাক ভজা নকৰি বিশ্ৰাম॥
অষ্টাদশ পুৰাণৰ কথা অনুসাৰ।
কৰিলোহোঁ মই দেৱজিতক প্ৰচাৰ॥ ৫৭৬
হেন দেৱজিত পদ শুনা নৰ নাৰী।
তেবেসে সংসাৰ দুখ তৰিবাক পাৰি॥
দেৱজিত পদ শুনা এৰি আন কাম।
খণ্ডোক পাতেক ডাকি বোল ৰাম ৰাম॥ ৫৭৭


দুলৰি॥

সিংহাসনে বসি  পাচে ইন্দ্ৰ দেৱ
 বোলে দেৱতাক চাই।
বৃত বিৰোচন  বজ্ৰ মাৰি মই
 পঠাইলোঁ যম নিলয়॥

[ ১১৩ ]

হৰি হৰি মোৰ  সুখ শান্তি নাই
 মোহোৰ লাগিল ত্ৰাস।
কৃষ্ণ ধনঞ্জয়  শীঘ্ৰে আইলা ধাই
 আমাক কৰিবে নাশ॥ ৫৭৮
বলিক যে মই  সংগ্ৰাম কৰিলোঁ
 প্ৰাণৰ কাতৰে বৰ।
খনো জিনোঁ ৰণ   হুয়া অচেতন
 নগৈলোঁ যমৰ ঘৰ॥
মোহোৰ বয়সে  জানোমানে মোৰ
 ৰণতেসে গৈল কাল।
অসুৰ দৈত্যক  ৰাক্ষস যুদ্ধতে
  তেহো মোৰ প্ৰাণ ৰৈলা॥ ৫৭৯
এহিমতে ইন্দ্ৰ  বচন বোলন্ত
 শুনা শুনা দিগপাল।
আমাক মাৰিবো  কৃষ্ণ ধনঞ্জয়
 আসিলন্ত হুই কাল॥
এবে কি কৰিবো শুনা দেৱগণ
 কহা মোত শীঘ্ৰ কৰি।
যদি অৰ্জ্জুনক  দিবা সবে ৰণ
 নকৰিবা পাছ ভৰি॥ ৫৮০
অৰ্জ্জুনক মই  দিবো ঘোৰ ৰণ
 না সবে দেৱগণ।

[ ১১৪ ]

অৰ্জ্জুনক মই  ৰণে মাৰোঁ নুহি
 মই ৰণে হওঁ চন্ন॥
এহি বুলি ইন্দ্ৰে  মৌন হুয়া ৰৈলা
 তেজিয়া নিশ্বাস দুখে।
বাযু বৰুণ চন্দ্ৰ  সূৰ্য্য ধন পতি
 বুলিলা ইন্দ্ৰ সম্মুখে॥৫৮১
নমো সুৰপতি  ত্ৰৈলোক্যৰ নাথ
  তুমি বিনে নাহি আৰ।
নকৰিবা মন  হুয়োক প্ৰসন্ন
 কৰোঁ হেৰা নমস্কাৰ॥
আমি এক কথা  কহো প্ৰভু শুনা
 নকৰা তুমি বিমন।
অসুৰ ৰাক্ষস  গণক যুঁজিযা
 সবাকে কৰিলোঁ চন্ন॥৫৮২
প্ৰথমে বলিক  কৰিলো সমৰ
 যুদ্ধত জিনিলোঁ তাক।
তাৰ সৈন্য গণ  আসি আছে যত
 মাৰিলো ৰণে সবাক॥
অসুৰ যে যক্ষ  ৰাক্ষস যুঁজিলোঁ
 তাহাত নাহিকে ডৰ।
অৰ্জ্জুনক যুঁজি  বৰ ভয় পাইলোঁ
 মৰণৰ সম শৰ॥৫৮৩

[ ১১৫ ]

দশ দিগপাল  সবেয়ো যুঁজিবো
 গাৱে গাৱে সেনা লই।
তোমাৰ কষ্ট দেখি  বিদৰয় মন
  শুনা দেৱ হৰি হয়॥
অৰ্জ্জুনক আমি  দশ দিগ পালে
  যুদ্ধ দিবো একবাৰ।
অৰ্জ্জুনে মাৰিবে  অৰ্জ্জুনক মাৰো
 কৰো হেৰা অঙ্গীকাৰ॥৫৮৪
সত্য অঙ্গীকাৰ  কৰিলোহোঁ আমি
 শুনা দেৱ পুৰন্দৰ।
তযু যত কাৰ্য্য  সাধিবে সত্বৰ
  অৰ্জ্জুনক কৰি সংহাৰ॥
দিয়োক মেলানি  সহস্ৰ লোচন
 চলিবো ৰণক প্ৰতি।
অৰ্জ্জুনক মাৰি  যমক পঠাওঁ
 গুছাওঁ তযু দুৰ্গতি॥৫৮৫
পুলক মাৰিলা  এনে নুবুলিবা
 শুনা দেৱ পুৰন্দৰ।
যদি বুলিবাহা  সত্য কৰি তেবে
 কহিয়োঁ কৰি সত্বৰ॥
এতেকে অৰ্জ্জুন  জানিবা মৰিল
 গৈলেক যম নগৰ।

[ ১১৬ ]

এহি বুলি দেৱে   নমাতিয়া ৰৈলা
 দিগপাল বৰ বৰ॥৮৬
দেবতাৰ বাণী   শুনি পুৰন্দৰে
 দেৱক বুলিলা চাই।
শুনা দেৱগণ   মোক প্ৰতি কেহোঁ
 কিছু নকৰিবা ভয়॥
শুনা দেৱগণ   নকৰা সংশয়
 অৰ্জুনক কৰা ৰণ।
যুদ্ধে তাক জিনি   অৰ্জ্জুনক মাৰি
  খেদায়ো যম কাৰণ॥ ৫৮৭
যদি মোৰ পুত্ৰ   স্বৰূপত হুই
 জানা সবে দেৱ চয।
কিসক যে মোক   সমৰ কৰয
 খেদি আসি ধনঞ্জয়॥
মোৰ পুত্ৰ নুই   শুনা দিগপাল
 কহোঁ দৃঢ় কৰি মই।
মোৰ পুত্ৰ ভৈলে   ধনঞ্জয় বীৰ
  কিসক আসিবে ধাই॥৫৮৮
কৰা ঘোৰ যুদ্ধ   মোৰ নাহি ক্ৰোধ
 শুনা সবে দেৱচয়।
অৰ্জ্জুনক ৰণে   কৰিয়ো সংহাৰ
 বুলিলোঁ মই নিশ্চয়॥

[ ১১৭ ]

জয় ইন্দ্ৰ বুলি  সিংহনাদ কৰি
 পূৰিলা তিনি ভুবন॥৫৮৮
পুনৰপি দেৱে  অৰ্জ্জুনক প্ৰতি
  কৰিবে যায় সমৰ।
যেন কাল মেঘ  পৰ্য্যটি আসয়
 যুৰিয়া সবে সংসাৰ॥
সাগৰ সমান   দেখি দেৱগণ
 ঢাকি আসে নিৰন্তৰ।
পৃথিবী আকাশ  একাকাৰ কৰি
 আসে সবে চমৎকাৰ॥৫৮৯
আকাশে চানিয়া  সবে বৰ বেগে
 দেৱতা সবে ত্ৰিদশ।
দেখি চৰাচৰ  কম্পে কলেবৰ
  ভৈলেক সবে তৰাস॥
কাৰ্ত্তি গণপতি   বায়ু বৰুণ চন্দ্ৰ
 সূৰ্য্য যম ৰুদ্ৰগণ।
আন দেৱগণ  সকলে চলিলা
 কৰিবাক ঘোৰ ৰণ॥৫৯৮
দেৱতাৰ ভৰে   সকলে ধৰণী
 কম্পি কম্পি সবে গৈলা।
গিৰিসিত কৰি   কম্পি বসুন্ধৰী
  পাতাল পুৰক গৈলা॥

[ ১১৮ ]

অনন্তে বোলন্ত   দেৱতাৰ কৃষ্ণ
  অৰ্জ্জুন সহিতে যুদ্ধ।
ইসব কথাত   মোৰ খঙ্গ নাই
 নকৰিবো মই ক্ৰোধ॥৫৯১


ছবি।

যেন সাগৰৰ জল   দশোদিশে বাঢ়ি যায়
 দেৱতা ঢাকিলা সেই ভাগে।
মাধৱে আছন্ত চাই   দিশ পাশ ঢাকি আসে
 অৰ্জ্জুনক মাৰিবাক বেগে॥
মাধৱ বদতি বীৰ   শীঘ্ৰ কৰি তোলা শীৰ
 চায়োঁ দেৱগণ আসে ধাই।
মোহোৰ বচন কৰা   শাৰঙ্গ ধনুক ধৰা
 দিব্য শৰে মাৰা দেৱ চয়॥৫৯২
মাধৱৰ বাণী শুনি   অৰ্জ্জুনে মনত গুণি
 ধৰিলা শাৰঙ্গ নিজ ধনু।
কোপে কাম্পে উৰু শীৰ   প্ৰচণ্ড বিশাল বীৰ
 জাজ্বল্য সমানে উঠি মনু॥
ৰুদ্ৰ সম হুয়া বীৰ   শাৰঙ্গ ধনুক ধৰি
 দেৱতা সবক আছে চাই।
সেহি বেল আগে পাচে   অৰ্জ্জুনক বেঢ়ি আসে
 অস্ত্ৰ ধৰি দেৱ সমুদায়॥৫৯৩

[ ১১৯ ]

কেহোঁ বোলে মাৰ মাৰ   কেহোঁ বোলে ধৰ ধৰ
  অৰ্জ্জুনক শীঘ্ৰ কৰি মাৰ।
কেহোঁ বোলে কাটোঁমই   সবে দেৱ থাকা চাই
  অৰ্জ্জুনক ভয় নাহি আৰ॥
কেহোঁ বোলে মোক নাটে   তই জাস কোনমতে
  কৃষ্ণ অৰ্জ্জুনক মাৰোঁ মই।
আৰু দেৱ বোলে শুন  তই যাস অকাৰণ
  মই হেৰা মাৰি কৰোঁ ক্ষয়॥৫৯৪
এহি বুলি দেৱগণে   সবে ধাইলা ক্ৰোধমনে
 অস্ত্ৰ শস্ত্ৰ সবে শীঘ্ৰ ধৰি।
মৰণক নাহি ভয়   ধাইলা সবে দেব চয়
 কেহোঁয়ে নকৰে পাচ ভৰি॥
পৰশু মুদ্গৰ ধৰি   প্ৰহাৰয় দিব্য শৰ
 শক্তি শূল অৰ্জ্জুনক চানি।
অৰ্দ্ধ চন্দ্ৰ কনিয়াল   সৰ্প মুখ ভিণ্ডি পাল
  পঠাইলেক অৰ্জ্জুনক হানি॥৫৯৫
ক্ষুৰ পতি আদি শৰ   ভল্ল তিকন্তিকা শৰ
 ব্ৰহ্ম অগ্নি মাৰে ঘোৰ শৰ।
আৰু বৰ অস্ত্ৰ শস্ত্ৰ   প্ৰহাৰিলা অসংখ্যাত
 দিব শৰে ভৈলা অন্ধকাৰ॥
হেন দেখি অৰ্জ্জুনৰ   কিঞ্চিত নভৈলা ডৰ
 ধনু লৈলা পাণ্ডুৰ কুমাৰ।

[ ১২০ ]

ক্ৰোধে পাছে সব্য সাচি   ক্ষুৰ বাণ লৈলা বাছি
  প্ৰহাৰিলা পাছে বীৰ বৰ॥৫৯৬
প্ৰহাৰন্তে দশ কুৰি   দিশ পাশ যায় যুৰি
  দেৱক ভেদিলা নিৰন্তৰ।
দেৱতাৰ শৰ মানে   ধনঞ্জয় হানি বাণে
  দেৱ শৰ কাটে নিৰন্তৰ॥
পাচে বীৰে ক্ৰোধ কৰি   ঘোৰ দিব্য শৰ ধৰি
  প্ৰহাৰ কৰিলা ধনঞ্জয।
অযুত নিযুত খৰ্ব্ব   মাৰিলন্ত শৰ দিব্য
  ভেদিলন্ত দেৱৰ হৃদয॥৫৯৭
কাৰো কাটিলন্ত হাত   কতো দেৱ মূৰ্চ্ছাগ
 কতো দেৱ পৰিলন্ত ধলি।
কাৰো উৰু গল কাটি   শাৰঙ্গ ধনুক ডাটি
  ৰসত হাসন্ত খল খলি॥
অৰ্জ্জুনৰ দেখি কৰ্ম্ম   দেৱৰ উঠিলা মম্ম
 ক্ৰোধত জ্বলিলা সবে দেৱ।
অৰ্জ্জুনক ধাইলা সবে   নাথাকিলা আৰ কেৱে
  ৰণক চলিলা সবে দেৱ॥৫৯৮
মাধৱে ৰচিলা পদ   শুনা সবে সভাসদ
  বৈকুণ্ঠক যাৰ আছে মন।
শুনা সবে কৰ্ণ ভৰি   যাইবা তেবে মায়া তৰি
 সুখে পাইবা বৈকুণ্ঠ ভুবন॥

[ ১২১ ]

ৰাম নাম লৈয়ো সবে  বৈকুণ্ঠক পাইবা তেবে
  নৰ নাৰী এৰি আন কাম।
ধন জন আশা এৰি  মন প্রাণ এক কৰি
 সদায় ঘুষিয়া বােলা ৰাম॥৫৯৯

পদ।

বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
অৰ্জ্জুনৰ কৰ্ম্ম দেখি সবে দেৱ চয়॥
অৰ্জ্জুনক ধাই গৈলা সবে দেৱগণ।
ক্রোধ মনে খেদি যায় পৃথিবী ভুৱন॥৬০০
যেন পলু পিম্পিৰায়ে দশো দিশে যায়।
সেহি মতে দেৱগণে অৰ্জ্জুনক ধায়॥
একেবাৰে দেৱে শৰ কৰিলা প্ৰহাৰ।
পৃথিবী আকাশ স্বর্গ ভৈলা একাকাৰ॥ ৬০১
হেন দেখি ধনঞ্জয় ক্রোধে লৈলা শৰ।
শাৰঙ্গ টানিয়া বীৰে কৰিলা প্ৰহাৰ॥
দেৱতাৰ শৰক শৰ মাৰিলন্ত ডাটি।
দেৱতাৰ শৰক অৰ্জ্জুনে পেলায় কাটি॥৬০২
শৰ চন্ন দেখি পাছে দেৱ নিৰন্তৰ।
কৃষ্ণ অৰ্জ্জুনক ধৰিবাক দিলা লৰ॥
কেহো মাৰিবাক পৰিঘক তুলি লৈলা।
হেন দেখি অৰ্জ্জুনৰ ক্রোধ বৰ ভৈলা॥৬০৩

[ ১২২ ]

সেহি বেলা ধনঞ্জয় নিদ্ৰাবাণ লৈলা।
মন্ত্ৰ পঢ়ি নিদ্ৰা বাণ হানিয়া পঠাইলা॥
দেৱতাৰ শৰীৰত সন্ধানে ভেদিলা।
নিদ্ৰায়ে পৰিলা দেৱ শ্ৰুতি হত ভৈলা॥৬০৪
যেহি যৈত আছিলা পৰিলা সেহি থানে।
শ্ৰুতি হত ভৈলা দেৱ মৃতক সমানে॥
যেন সূৰ্য্য ৰশ্মি পাই সাগৰ শুকাইলা।
যেন জল পৰি ঘোৰ বহ্নি নুমাই গৈলা॥৬০৫
ধনঞ্জয়ে নিদ্ৰা বাণ হানে সেহি মতে।
সকল দেৱতা ঢলি পৰিলা তহিতে॥
নিদ্ৰা বাণে দেৱগণ মৰা সমশৰ।
দেখ কৃষ্ণ ধনঞ্জয় হাসিলা বিস্তৰ॥৬০৬
কতো বেলি দেৱগণে চেতনক পাইলা।
অৰ্জ্জুনক ক্ৰোধ মনে গৰ্জ্জি খেদি গৈলা॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
কোটি লক্ষ হাজাৰ যে প্ৰহাৰিলা শৰ॥৬০৭
অৰ্দ্ধচন্দ্ৰ নৰাচ হানিলা বীৰে ডাটি।
গল হাত ভৰি স্কন্ধ পেলাইলেক কাটি॥
ক্ষেণেকে কৰিলা বীৰে দেৱ সেনা চন্ন।
বিমন ভৈলন্ত দেখি সহস্ৰ লোচন॥৬০৮
কুৰি কোটি লক্ষ হাজাৰেক দেৱগণ।
অৰ্জ্জুনে দিলন্ত বাসা যমৰ ভুবন॥

[ ১২৩ ]

সন্য মাৰিবাক দেখি মুখ্য দেৱগণ।
অৰ্জ্জুনক ধাইলা কৰিয়া ক্ৰোধমন॥৬০৯
চন্দ্ৰ সূৰ্য্য বায়ু বৰুণাদি দেৱগণ।
অৰ্জ্জুনক খেদি যাই দিলা ঘোৰ ৰণ॥
অৰ্দ্ধ চন্দ্ৰ বিপাত হানিলা দেৱগণে।
অৰ্জ্জুনৰ হিয়াত পৰিলা বৰ টানে॥৬১০
শৰ পাই অৰ্জ্জুন উঠিয়া কম্পমান।
বাম হাতে ধৰিলা শাৰঙ্গ ধনু খান॥
শাৰঙ্গত যুৰিয়া নৰাচ দশ বাণ।
বায়ু বৰুণক ভেদিলা বৰ টান॥৬১১
হানিলন্ত অগ্নি নিৰিতিক দিব্য শৰ।
ধলি পৰিলেক শ্ৰুতি নাহিকে গাৱৰ॥
কুবেৰক শৰ বীৰে মাৰিলা হাজাৰ।
শৰ জানে কুবেৰে দেখিলা অন্ধকাৰ॥১১২
আৰু গাৱে গাৱে শৰ মাৰিলা অপাৰ।
শ্ৰুতি জ্ঞান হত ভৈলা সবে দেৱতাৰ॥
বায়ু বহ্নি যম আদি কুবেৰ নিৰিতি।
চন্দ্ৰ সূৰ্য্য বৰুণাদি কাৰ্ত্তি গণপতি॥৬১৩
ইসব প্ৰমুখ্যে আছে দেৱ সেনা যত।
একে লগে ধাইলা অৰ্জ্জুনক সমৰত॥
অৰ্জ্জুনৰ শৰে দেৱৰ উঠিলেক মনু।
খেদি আসিলেক সবে ধৰি ঘোৰ ধনু॥৬১৪

[ ১২৪ ]

বায়ু দেৱে প্ৰহাৰিলা অৰ্জ্জুনক শৰ।
অগ্নি দেৱে মাৰিলন্ত ত্ৰিশ যে হাজাৰ॥
কুবেৰে নিৰিতি প্ৰহাৰিলা কোটি শৰ।
চন্দ্ৰ সূৰ্য বৰুণেও হানিলা হাজাৰ॥৬১৫
গণপতি কাৰ্ত্তিকে মাৰিলা কোটি শৰ।
স্বৰ্গ মহী দশো দিশ ভৈলা একাকাৰ॥
ঐশন্য কুবেৰে মাৰিলন্ত দিব্য শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৬১৬
দেৱতাৰ শৰ বীৰে সহি ধনঞ্জয়।
শৰে নকম্পিলা বীৰ পাণ্ডুৰ তনয়॥
ক্ৰোধে আৰকত বৰ্ণ চহন নযায়।
ৰুদ্ৰত অধিক দেৱতাক গৈলা ধাই॥১১৭
মাধৱে ডাকিলা শীঘ্ৰগতি দিব্য ৰথ।
আকাশে চলিলা বেগে মাৰুতৰ পথ॥
চক্ৰাকাৰে ৰথ ডাকে মনো জয় বেগে।
আকাশে সঞ্চাৰি ৰথ আইলা সেহি চেগে॥৬১৮
দেৱতাৰ আগত ৰাখিলা দামোদৰ।
দেখি ৰথ দেৱতাৰ লাগি গৈলা ডৰ।
পাচে ধনঞ্জয় বীৰে শাৰঙ্গক টানি।
অৰ্ব্বুদ নিৰ্ব্বুদ শৰ পঠাইলেক হানি॥৬১৯
দিব্য শৰে দেৱতাৰ ভেদিলা হৃদয়।
কম্পি কপি দেৱগণ মূৰ্চ্ছাগত প্ৰায়॥

[ ১২৫ ]

আৰু অৰ্জ্জুনেও মাৰিলন্ত ঘোৰ বাণ।
দশ দিগ পালক যে কৰিলা সন্ধান॥৬২০
শৰৰ প্ৰহাৰে দেৱতাৰ ক্ৰোধ ভৈলা।
অযুত নিযুত শৰ প্ৰহাৰিবে লৈলা।
ৰথ ধ্বজ ঘোৰাৰ যে ভেদিলা শৰীৰ।
শৰৰ প্ৰহাৰে চাৰি ঘোৰা নহে থিৰ॥৬২১
মাধৱক দশ শৰ কৰিলা প্ৰহাৰ।
শৰ জালে গোবিন্দেয়ো দেখে অন্ধকাৰ॥
অৰ্জ্জুনক মাৰিলন্ত ত্ৰিশ কোটি শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৬২২
বায়ু, বহ্নি, চন্দ্ৰ, সূৰ্য কুবেৰ নিৰিতি।
ঈশান বৰুণ যম কাৰ্ত্তিগণপতি॥
এহি দশ জনে খেদি মাৰিলন্ত শৰ।
আকাশ পৃথিবী ঢাকি বহে নিৰন্থৰ॥৬২৩
কৃষ্ণ অৰ্জ্জুনক শৰে অদৃশ্য কৰিলা।
হেন দেখি ইন্দ্ৰদেৱ মহা ৰঙ্গ ভৈলা।
ধন্য ধন্য দশ বীৰ দিগপাল চয়।
এহি বুলি প্ৰশংসা কৰিলা হৰিহয়॥৬২৪
হেন দেখি দশ দিগ পাল ৰঙ্গ ভৈলা।
অৰ্জ্জুনক প্ৰতি দশ বীৰে খেদি গৈলা॥
ব্ৰহ্মা অগ্নি বাণ প্ৰহাৰিলা বীৰ দশে।
বিধুম অগনি হুই চলিলা আকাশে॥৬২৫

[ ১২৬ ]

হেন দেখি ক্ৰোধে বীৰ অৰ্জ্জুন জ্বলিলা।
প্ৰচণ্ড বিশাল বীৰ দেৱতাক ধাইলা॥
শাৰঙ্গ ধনুক বীৰ ধৰি ধনঞ্জয়।
জ্বলন্ত অৰ্জ্জুন কোটি ৰুদ্ৰৰ অন্বয়॥৬২৬
শাৰঙ্গ টানিয়া প্ৰহাৰিলা অগ্লিশৰ।
আকাশতে দেৱশৰ কৰিলা নিবাৰ॥
পাছে দেৱতাক প্ৰহাৰিলা দিব্য বাণ।
মৰ্ম্ম স্থান চাই শৰ কৰিলা সন্ধান॥১২৭
অৰ্জ্জুনৰ শৰে ফুটি গৈলা দেৱগণ।
পলাইবাক লাগিয়া সবাৰ ভৈলা মন॥
মাধৱে বুজিলা পাচে দেৱতাৰ মন।
শীঘ্ৰে অৰ্জ্জুনক চাই বুলিলা বচন॥৬২৮
মাধৱ বদতি সখি শুনা কথা সাৰ।
শীঘ্ৰে দেৱতাক সখি কৰিয়ো সংহাৰ॥@
মাধৱৰ বচনে অৰ্জ্জুন ৰঙ্গ ভৈলা।
শাৰঙ্গত যুৰি অগ্নি শৰ প্ৰহাৰিলা॥৬২৯
কুবেৰ ঈশান নিৰিতি যে শৰে পৰি।
তিনি মৰি গৈলা যমৰ নগৰি॥
তিনি বীৰ পৰিল আনৰ ভৈলা ডৰ।
ইন্দ্ৰৰ পাশক উঠি দিলেক লৱৰ। ৬০০
চন্দ্ৰ সূৰ্য্য পলাই গৈলা ইন্দ্ৰ ভৈলা ভয়।
একাদশ ৰুদ্ৰক পঞ্চিলা হৰি হয়।

[ ১২৭ ]

ইন্দ্ৰ যে বদতি একাদশ ৰুদ্ৰগণ।
মোক ৰাখি অৰ্জ্জুনক কৰা ঘোৰ ৰণ॥ ৬৩১
ইন্দ্ৰৰ বচনে একাদশ ৰুদ্ৰ গণ।
ত্ৰিশূল ধৰিয়া অৰ্জ্জুনক কৰে ৰণ॥
মাৰ মাৰো কৰি অৰ্জ্জুনক খেদি যায়।
আকাশ পৃথিবী স্বৰ্গ লৰে গিৰি সাই॥ ৬৩২
বৰ কোপে ৰুদ্ৰগণ অৰ্জ্জুনক ধাইলা।
চৰাচৰ সিদ্ধগণ চমকিত ভৈলা॥
অৰ্জ্জুনে দেখন্ত একাদশ ৰুদ্ৰে ধাইলা।
দেখি অৰ্জ্জুনৰ পাচে ক্ৰোধ জ্বলি গৈলা॥ ৬৩৩
শাৰঙ্গত ক্ষুৰ পতি শৰ যোৰে আনি।
প্ৰহাৰিলা বীৰে শৰ শাৰঙ্গক টানি॥
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰে।
একাদশ ৰুদ্ৰক ভেদিলা দৃঢ়তৰে॥ ৬৩৪
আৰু অৰ্দ্ধচন্দ্ৰ শৰ প্ৰহাৰিলা ডাটি।
একাদশ ৰুদ্ৰৰ শূল পেলাইলেক কাটি॥
পাচে একাদশ ৰুদ্ৰ লাঙ্গল উচ্ছাই।
কাট মাৰ কৰি অজ্জুনক খেদি যায়॥ ৬৩৫
সেহি বেলা নাৰায়ণ অস্ত্ৰ বীৰে আনি।
শাৰঙ্গ টানিয়া বীৰে পঠাইলেক হানি॥
আকাশে চলিলা বাণ জাজ্বল্য সমান।
দেখি একাদশ ৰুদ্ৰ ভৈলা কম্পমান॥ ৬৩৬

[ ১২৮ ]

লাঙ্গল পেলাই সবে লৰ দিলা ভিৰি।
পলাইলেক একাদশ প্ৰাণ ৰক্ষা কৰি॥
হেন দেখি ইন্দ্ৰদেৱ ভযে কম্পমান।
বাসুকি সৰ্পক চাই বুলিলা বচন॥৬৩৭
শুনিয়ো বাসুকি মোৰ বাণী সৰ্পৰাজ।
কৃষ্ণ অৰ্জ্জুনক মাৰি মোৰ সাধা কাজ॥
সৰ্পগণে সমে তুমি শীঘ্ৰে যোৱা ধাই।
কৃষ্ণ অৰ্জ্জুনক মাৰি ভাঙ্গা মুনিসাই॥৬৩৮
ইন্দ্ৰ চন্দ্ৰ বাযু আদি হাৰিলেক ৰণে।
দেখা আমি কৰি আছো ঘোৰ দুঃখ মনে॥
আকে জানি শীঘ্ৰে আজি তুমি কৰা ৰণ।
কৃষ্ণ অৰ্জ্জুনক মাৰি ৰণে কৰা চন্ন॥৬৩৯
ইন্দ্ৰৰ বচনে সৰ্প বাসুকিযো ধাইলা।
ফেণাই লঙ্ঘিলা মেঘ আকাশে ধাকিলা॥
বাসুকিৰ লগে বৰ বৰ সৰ্প ধাইলা।
সৰ্পময় আকাশ পৃথিবী সব ভৈলা॥৬৪০
ফোকাৰ কৰিয়া সবে সৰ্পে দিলা জাকি।
পলাই দেৱাসুৰ সবে দশোদিশে ঢাকি॥
নাকৰ নিশ্বাসে মেঘ খণ্ড খণ্ড ভৈলা।
এহিমতে অৰ্জ্জুনক সৰ্পগণে ধাইলা॥৬৪১
সৰ্প দেখি অৰ্জ্জুনৰ নসহিলা তনু।
অৰ্জ্জুনে ধৰিলা পাচে শাৰঙ্গ যে ধনু॥

[ ১২৯ ]

গড়ুৰৰ বাণ বীৰ হানি ধনঞ্জয়।
আকাশে চলিলা বাণ খৰতৰ হই॥৬৪২
ইন্দ্ৰে দেখন্ত আশে গড়ুৰ পক্ষী চানি।
ইন্দ্ৰে কৰিলা নাশ ব্ৰহ্ম অস্ত্ৰ হানি॥
বাণ চম্ন দেখি অৰ্জ্জুনৰ ক্ৰোধ বৰ।
বাসুকিক মাৰিলন্ত দিব্য দশ শৰ॥৬৪৩
তিখাল চোখাল বাণ হানি ধনঞ্জয়।
বাসুকিক ভেদিলেক দুৰ্ব্বাৰ হৃদয়॥
শৰৰ প্ৰহাৰে সৰ্পে মাথা চপৰাই।
পৃথিবীত বাসুকি পৰিল গিৰি সাই॥৬৪৪
আন সৰ্প গণক মাৰিলা দিব্য বাণ।
সকল সৰ্পক বীৰে কৰিলা নিৰ্য্যান॥
কতো বেলি বাসুকিয়ে লভিল চেতন।
অৰ্জ্জুনক ডৰে বাসুকি কম্পে প্ৰাণ॥৬৪৫
সেহিবেলা বাসুকি সৰ্পেয়ো চেগ চাই।
ভিৰিলৰ দিল উঠি পাচক নচাই॥
অৰ্জ্জুন থাকিলা দৃঢ় মুষ্টি ধনু ধৰি।
যেন প্ৰজা সংহৰিতে ৰুদ্ৰে ক্ৰোধ কৰি॥৬৪৬
সেহিমতে অৰ্জ্জুন থাকিলা সমৰত।
মহা ভয়ে চমকিল দেৱসেনা যত॥
বাসুকি পলায় দেখি ইন্দ্ৰ ভয় ভৈলা।
কি কৰিবে ইন্দ্ৰে আৰ যেন বাতুল ভৈলা॥৬৪৭

[ ১৩০ ]

মনত গুনন্ত পাচে দেৱ সুৰপতি।
কোনে গুচাইবেক মোৰ এতেক দুৰ্গতি॥
কৈক যাইবো কি কৰিবো নপান্ত উপায়।
এহি বুলি হুমা হুমি কান্দে হৰি হয়॥৬৪৮
অৰ্জ্জুনৰ ৰণে আমি সবে ভৈলোঁ ত্ৰাস।
আবেসে অৰ্জ্জুনে মোক কৰিবেক নাশ॥
মাধৱে ৰচিলা পদ শুনা সভাসদ।
ৰাম ৰাম বোলা সবে খণ্ডোক আপদ॥৬৪৯

⸻⸻

লেচাৰি।

অৰ্জ্জুনত সবে হাৰি ৰণ   লাজ ভৈলা ইন্দ্ৰ দেৱগণ
 কোন দিশে যাই কৰিবোহোঁ প্ৰতিকাৰ।
নপাৱন্ত একো গুণি গান্থি  ঘোৰ ৰণে ভৈলা হাৰাহাণ্ঠি
 লাজ সমুদ্ৰৰ কোনে কৰিবেক পাৰ॥
এহি বুলি ইন্দ্ৰে মূৰ্চ্ছা যাই  যেন ভৈলা মৃতক পৰাষ
 দশ দিগপাল সবে দেৱ আছে বেঢ়ি।
ৰণ হাৰি আজি অৰ্জ্জুনত  একাদশ ৰুদ্ৰ গণ যত
 বাসুকি যে সৰ্পগণ গৈলা ৰণ হাৰি॥৬৫০
সমৰত ভৈলা দেৱ চন্ন  পলাইলা বাসুকি সৰ্পগণ
 অৰ্জ্জুনত হুয়া দেৱগণ ঘোৰ লাজ।
পলায় দেৱজাক কতোদূৰ যাইবো আজি আমি কোনপুৰ
 মনে গুণি গান্থি নপাৱন্ত দেৱ ৰাজ॥

[ ১৩১ ]

অৰ্জ্জুনক ডৰে যায় প্ৰাণ  কোনে কৰিবেক মোক ত্ৰাণ
 সুখ শান্তি নাহি ইন্দ্ৰ আছে মহা দুখে।
শাৰঙ্গ ধনুয়ে ভৈলা গতি  ইন্দ্ৰে কান্দিলন্ত মকমকি
 শৰণ পশিলে আজি যে শঙ্কৰে ৰাখে॥৬৫১
অৰ্জ্জুনত বৰ হুয়া ত্ৰাস  গৈলা ইন্দ্ৰ শঙ্কৰৰ পাশ
 এহি বুলি হৰি হয় গৈলা তান ঠাই।
শঙ্কৰক মাতে ইন্দ্ৰে চাই  বুলিলন্ত পুৰন্দৰ ৰায়
 হা প্ৰাণ প্ৰভু অৰ্জ্জুনেসে মোক খায়॥
নমো নমো দেৱ ত্ৰিপুৰাৰি  জগতৰে সংহাৰ কাৰী
 দেৱতাৰ দেৱ তুমি সখা দেৱ হৰি।
মোক পুত্ৰৱতে ৰাখা বাপ  ত্ৰাহি ত্ৰাহি দেৱ ত্ৰিনয়ন
 প্ৰসন্ন হুয়োক ভগৱন্ত ভয়হাৰী॥৬৫২
জগত সংহাৰ দেৱ হৰ  দেৱতাক তুমি ৰক্ষা কৰ
 মোক পুত্ৰৱতে ৰাখা দেৱ মহেশ্বৰ।
তুমি বিনে নাহি মোৰ দেৱ তোমাত যে পৰে নাহি কেৱ
 নাথ মোৰ নাহি আন জগত ঈশ্বৰ॥
অৰ্জ্জুনে সাগৰে কৰা ত্ৰাণ  নাৰাখিলে প্ৰভু ত্ৰিনয়ন
 হেৰা মই হওঁ চন্ন সবে মনস্কাম।
মাধৱে ৰচিলা পদ চয়  পাপ সাগৰত হোৱা পাৰ
 ভাস ভুস এৰি সবে বোলা ৰাম ৰাম॥৬৫৩

[ ১৩২ ]

ঝুমুৰি।

বৈশম্পায়ন মহা মুনি।
জন্মেজয় থাকে শুনি॥
এহি বুলি পুৰন্দৰে।
হৰত যে কৰযোৰে॥৬৫৪
অৰ্জ্জুনত আমি ৰণ।
হাৰিলোহো দেৱ গণ॥
দেখা দেখা মহেশ্বৰ।
অৰ্জ্জুনে কৰিছে শৰ॥৬৫৫
শৰীৰৰ তেজ ধাৰা।
যেন পৰ্ব্বতৰ জাৰা॥
ধনঞ্জয়ে ক্ৰোধ মন।
কুবেৰক কৰে চন্ন॥৬৫৬
আৰু মাৰিলন্ত যত।
কি কহিবোহোঁ তোমাত॥
আকে জানি ত্ৰিলোচন।
অৰ্জ্জুনক দিয়ো ৰণ॥৬৫৭
যদি মোক আছে দয়া।
ত্ৰাণ কৰা কৃপাময়॥
হৰৰ আগত দেৱ।
কান্দি কান্দি কহে সৱ॥৬৫৮

[ ১৩৩ ]

আমাক ৰাখিয়ো বাপ।
অৰ্জ্জুনৰ এৰাওঁ তাপ॥
শৰণ লৈলোঁহো আমি।
ৰাখিয়োক তুমি স্বামী॥৬৫৯
তোমাত কৰো আশ্ৰয়।
ৰাখিয়োক দেৱ চয়॥
নমো প্ৰভু অন্তকাৰী।
ত্ৰিলোচন জটাধাৰী॥৬৬০
আমাক ৰাখিয়ো হৰ।
তুমি দেৱ দিগম্বৰ॥
তুমি বিনে নাহি আন।
তুমিসে কৰিবা ত্ৰাণ॥৬৬১
সত্যে সত্যে প্ৰভু আমি।
শৰণ পশিলোঁ স্বামী॥
অৰ্জ্জুনৰ শৰে ডৰ।
ৰাখিয়োক মহেশ্বৰ॥৬৬২
অৰ্জ্জুনক মাৰা যাই।
শীঘ্ৰে মাৰিয়োক পাই॥
অৰ্জ্জুনক ত্ৰিনয়ন।
ৰণে যাই কৰা চন্ন॥৬৬৩
বাসৱে বোলন্ত হৰ।
তুমি ৰাখা মহেশ্বৰ॥

[ ১৩৪ ]

চলিয়োক পশু পতি।
প্ৰভু তুমি শীঘ্ৰ গতি॥৬৬৪
অৰ্জ্জুনৰ বিসঙ্গতি।
কি কহিবো পশুপতি॥
অৰ্জ্জুনক ডৰে মোৰ।
কম্পে সবে কলেৱৰ॥৬৬৫
যদি ভৃত্য বোলা মোক।
তুমি খেদা অৰ্জ্জুনক॥
তেবে মোৰ বৰ ভয়।
গুচায়ো মোৰ সংশয়॥৬৬৬
যদি অৰ্জ্জুনক আজি।
সমৰে নাযাৱা সাজি॥
সত্যে সত্যে কহো মই।
মৰিবোহোঁ বিষ খাই॥৬৬৭
তিনি সত্যে কহোঁ হৰ।
যাইবোঁ মই যমঘৰ॥
এহি বুলি পুৰন্দৰ।
কৰিলন্ত নমস্কাৰ॥৬৬৮
দেখিয়া ইন্দ্ৰৰ দুঃখ।
সজনে আচন্ত মুখ॥
দেৱতাৰ দুখ দেখি।
কেনে থাকোঁ প্ৰাণ ৰাখি॥৬৬৯

[ ১৩৫ ]

হাহা কিনো দেৱচয়।
মৰণত অধিক প্ৰায়॥
এহি বুলি ত্ৰিনয়ন।
অনেক ধিক্কাৰে মন॥৬৭০
কিনো বিধি দুখ দিলা।
দেৱতাৰ মৃত্যু ভৈলা॥
দেৱতাৰ ভাল নাই।
বলি লৈলা স্বৰ্গ যাই॥৬৭১
ভিক্ষা মাগি ফুৰে খাই।
বৰ বৰ দেৱ চয়॥
আৰু দান বৰ ভয়।
স্বৰ্গ চাৰি হৰিহয়॥৬৭২
ইন্দ্ৰৰ দুখক আৰ।
সহিবোহোঁ কত বাৰ॥
শুন ইন্দ্ৰ দেৱগণ।
নকৰিবা দুখ মন॥৬৭৩
সাধিবোহো কাৰ্য্য যত।
কহিলোহোঁ মই তত্ত্ব॥
এহি বুলি কৰি দুখ।
চাইলা দেৱৰ মুখ॥৬৭৪
দেৱক যে হৰে চায়াঁ।
কম্পি গৈলা তনু হিয়া॥

[ ১৩৬ ]

দেৱতাক পাচে মাতি।
শান্ত কৰি পশুপতি॥৬৭৫
দেৱ সমে হৰ বসি।
থাকিলন্ত ৰঙ্গে হাসি॥
দেখি দুখ দেৱতাৰ।
ক্ৰোধে কম্পে মহেশ্বৰ॥৬৭৬
পাচে দেৱতাক হৰ।
নিৰ্ভয় দিলন্ত বৰ॥
মহেশে বোলন্ত চাই।
শুনা সৱে দেৱ চয়॥৬৭৭
নকৰিবা ভয় মনে।
চলোঁ হেৰ ঘোৰ ৰণে॥
আৰু শুনা দেৱ চয়।
নকৰা মনত ভয়॥৬৭৮
অৰ্জ্জুনক নাই ডৰ।
শুনা দেৱ নিৰন্তৰ॥
অৰ্জ্জুনক যাইবো ধাই।
ভাঙ্গো আজি মুনি সাই॥৬৭৯
ব্ৰহ্মা অষ্ট বসুগণ।
দেখোক মোহোৰ ৰণ॥
চৰাচৰ সিদ্ধ চয়।
ৰণ দেখি হৌক ভয়॥৬৮০

[ ১৩৭ ]

শুন দেৱ পুৰন্দৰ।
নকৰা মনত ডৰ॥
অৰ্জ্জুনক যুজোঁ মই।
ভয় এৰা হৰি হয়॥৬৮১
নকৰ মনত ভয়।
যত আছা দেৱচয়॥
সত্য অঙ্গীকাৰ মোৰ।
শুনা দেৱ নিৰন্তৰ॥৬৮২
অৰ্জ্জুনক লাগ পাই।
যমক পঠাইবো মই॥
ব্ৰহ্ম অগ্নি মাৰি শৰ।
বিদাৰিবো কলেৱৰ॥৬৮৩
ৰুদ্ৰ পাশুপত্ৰ শৰ।
প্ৰহাৰিবো গুৰুতৰ॥
এহি শৰ মাৰি মই।
গুচাইবো দেৱৰ ভয়॥৬৮ ৪
অৰ্জ্জুনক ৰণে মাৰি।
তেবেসে আসিবো ফিৰি॥
অৰ্জ্জুনেন মাৰি ৰণে।
নাসো ফিৰি দেৱগণে॥৮৮৫
অৰ্জ্জুনক কৰি ৰণ।
সমৰে কৰবিো চন্ন॥

[ ১৩৮ ]

কৃষ্ণৰ ৰাখিবো প্ৰাণ।
খেদি দিবো নিজ থান॥৬৮৬
দেৱতাৰ আগে হৰ।
কৰি বৰ অঙ্গীকাৰ॥
শুনিয়ো প্ৰতিজ্ঞা মোৰ।
তুমি দেৱ পুৰন্দৰ॥৬৮৭
অৰ্জ্জুনক মাৰি মই।
তোমাৰ খণ্ডিবো ভয়॥
কুবেৰ ভাণ্ডাৰী মোৰ।
মাৰিলন্ত দামোদৰ॥৬৮৮
অৰ্জ্জুনে মাৰিবে পাৰে।
শুনা দেৱ নিৰন্তৰে॥
আৰ কি কৰিবে মোক।
কুবেৰ মাৰি দিলা শোক॥৬৮৯
এহি বুলি মহেশ্বৰ।
ক্ৰোধে জ্বলি গৈলা বৰ॥
বহ্নি যেন প্ৰলয়ৰ।
সেহি মত ভৈলা হৰ॥৬৯০
পিনাকক ধৰি হৰে।
চলিলন্ত চমৎকাৰে॥
বাঘ-চাল হৰে আনি।
সৰ্প বান্ধিলন্ত টানি॥৬৯১

[ ১৩৯ ]

অক্ষয় দুই তূণ বৰ।
পিঠি পাচে লৈলা হৰ॥
শেল শক্তি মুদগৰ।
লৈলা দেৱ মহেশ্বৰ॥৬৯২
বৃষভত উঠি হৰ।
ক্ৰোধ কৰি গুৰুতৰ॥
যুদ্ধক চলিয়া যায়।
সবে দেৱে আছে চাই॥৬৯৩
ৰঙ্গ হুয়া দেৱগণ।
জয় জয় ত্ৰিনয়ন।
এহি বুলি দেৱ চয়।
ৰুদ্ৰক আবৰি যাই॥৬৯৪
জয় জয় ৰুদ্ৰ বুলি।
দেৱগণ যাই চলি॥
ঝুমুৰি মাধৱে ভণে।
ৰাম বোলা ঘনে ঘনে॥৬৯৫

পদ।

বৈশম্পায়ন বদতি শুনা নৰেশ্বৰ।
অৰ্জ্জুনক ধৰে পাচে দিলন্ত শঙ্কৰ॥
প্ৰলয়ত যেন ৰুদ্ৰৰূপ ভৈলা হৰ।
তিনিয়ো জগত যেন কৰয় সংহাৰ॥৬৯৬

[ ১৪০ ]

ভ্ৰুকুতি কুটিল মুখ চাহন নযায়।
চৰাচৰ ইন্দ্ৰ আদি দেৱ ভৈলা ভয়॥
দেৱ মুনি সিদ্ধ নৰ সবে ভৈলা ত্ৰাস।
কম্পিলেক স্বৰ্গ আৰু পৃথিবী আকাশ॥৬৯৭
ৰুদ্ৰৰ ভয়ত কম্পে সঘনে ধৰণী।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত যত সিদ্ধ মুনি॥
এহিমতে খেদি গৈলা অৰ্জ্জুনক হৰ।
ৰথ হন্তে আছে দেখি দেৱ দামোদৰ॥৬৯৮
মাধৱে বোলন্ত সখি শুনা বীৰবৰ।
তোমাক সম্মুখে খেদি আসয় শঙ্কৰ॥
বৃষভত চৰি আসে দেৱ মহেশ্বৰ।
কুমুদ উপৰে যেন ধৱল কেশৰ॥১৯৯
ধৱল স্ফটিক সম জ্বলে কলেৱৰ।
আকাশে প্ৰকাশে দেৱ পূৰ্ণ শশধৰ॥
সেহি মতে জ্বলি আসে খেদি মহেশ্বৰ।
দেৱতাৰ সখা হুই কৰিবে সমৰ॥৭০০
দেৱতাৰ কাতৰ বচনে:ত্ৰিনয়ন।
অবশ্য তোমাক আজি দিবে ঘোৰ ৰণ॥
তোমাত কহিলোঁ সখি কৰি দৃঢ় মন।
আকে জানি হৈয়ো সখি যুদ্ধে সাৱধান॥৭০১
অৰ্জ্জুনে বোলয় সখি শুনা দামোদৰ।
কি মতে হৰক মই কৰিবো সমৰ॥

[ ১৪১ ]

কিৰাতৰ ৰূপ ধৰি মোক দিলা ৰণ।
নিচিনি কৰিলোঁ পূৰ্ব্বে মই ঘোৰ ৰণ॥৭০২
পাচে তপ কৰি চিনি কৰিলো প্ৰণতি।
মোক বৰ দিবে পাচে তান ভৈলা মতি॥
ত্ৰৈলোক্য দিবাক খুজিলন্ত পশুপতি।
ত্ৰৈলোক্য লৈবাক মোৰ নভৈলেক মতি॥৭০৩
পাছে পাশুপত্ৰ শৰ দিলা মোক হৰ।
যাক দেখি দৈত্য দানবৰ বৰ ডৰ॥
বৰদাতা ঈশ্বৰ জগত গুৰু হৰ।
তাহাঙ্ক কিমতে মই কৰিবোঁ সমৰ॥৭০৪
সংগ্ৰাম ভিতৰে মোক যদি মাৰে হৰ।
তথাপিতো তাঙ্ক মই নকৰিবো শৰ॥
এহি বুলি মৌন ভৈলা পাণ্ডুৰ সন্ততি।
হেন শুনি মাধৱৰ অসন্তোষ মতি॥৭০৫
মাধৱে বোলন্ত সখি শুনা মোৰ বাণী।
অকাৰণে মন দুখ কৰা মহামানী॥
ৰুদ্ৰক নকৰা সখি যেবে তুমি ৰণ।
তোমাক হাঁসিবে সখি যত দেৱগণ॥৭০৬
এতেকে দেৱৰ গৰ্ব্ব বাঢ়িবে নিশ্চয়।
শঙ্কৰক দেখি ধনঞ্জয় ভৈলা ভয়॥
তোমাৰ লগত সখি হাঁসিবেক মোক।
আকে জানি যুদ্ধ তুমি দিয়ো শঙ্কৰক॥৭০৭

[ ১৪২ ]

বিকল স্বভাৱ সখি এৰা ধনঞ্জয়।
হৰক যুঁজিয়া যশ কৰা অভ্যুদয়॥
ঈশ্বৰ বুলিয়া যদি নকৰাহা ৰণ।
তাহাৰ কাৰণ কহোঁ শুনিয়ো অৰ্জ্জুন॥৭০৮
মোহোক জানিবা সখি আদি নিৰঞ্জন।
কোটি কোটি ব্ৰহ্মাণ্ডৰ মই নাৰায়ণ॥
পূৰ্ণ ব্ৰহ্ম কৃষ্ণ মই নিৰঞ্জন হৰি।
ভক্তৰ কাৰণে আছো নৰ ৰূপ ধৰি॥৭০৯
ৰাক্ষস অসুৰ দুষ্ট দৈত্য সব মাৰি।
পৃথিবী ভুবনে আছোঁ বৰ লীলা কৰি॥
আৰু এক কথা কহোঁ শুনা ধনঞ্জয়।
কি কাৰণে ব্ৰহ্মা বিষ্ণু স্ৰজি আছোঁময়॥৭১০
ৰজ সত্ব তম গুণে স্ৰজি তিনি জন।
আকশতে থাকি মই বুলিলোঁ বচন॥
ৰজ গুণে ব্ৰহ্মা তুমি স্ৰজা চৰাচৰ।
সত্ব গুণে বিষ্ণু তুমি পালা নিৰন্তৰ॥৭১১
তম গুণে হৰ তুমি জগত সংহাৰ।
এহি বুলি তিনিকো যে দিছো তিনি ভাৰ॥
হেনয় বচন কিয় এৰি মহেশ্বৰ।
তোমাক কৰিবে আসে সম্মুখে সমৰ॥৭১২
মোহোৰ স্ৰজন আবে কাৰণ ঈশ্বৰ।
ইহাৰ কাৰণে খেদ এৰা বীৰবৰ॥

[ ১৪৩ ]

পূৰ্ণ ব্ৰহ্ম শব্দ ব্ৰহ্ম কৃষ্ণ ব্ৰহ্ম পূৰ্ণ।
অদ্ভুত অনন্ত পূৰ্ণ ব্ৰহ্ম নিৰঞ্জন॥৭১০
অনাদি অনন্ত হৰি নিত্য সনাতন।
নিৰাময় নিৰ্ব্বিকাৰ দেৱ নাৰায়ণ॥
মৎস্য কুৰ্ম্ম ৰাম আদি অংশে অৱতাৰ।
পূৰ্ণ ব্ৰহ্ম হুই আছোঁ দৈবকী কুমাৰ॥৭১৪
জন্ম অপবাদ মাত্ৰ মোৰ জন্ম শূন্য।
একো কালে জন্ম মোৰ নাহিকে অৰ্জ্জুন॥
জন্ম মৃত্যু নাহি মোৰ পূৰ্ণ ব্ৰহ্ম হৰি।
ভকতৰ অৰ্থে আছোঁ নৰ ৰূপ ধৰি॥৭১৫
মোহোৰ ইসব মায়া শুনা মহাবলী।
সমস্তে প্ৰাণীক আছোঁ মায়ায়ে বিকলি॥
যিতো জনে মোৰ নলবয় নাম গুণ।
তাহাক তোমাৰ হাতে মাৰাও অৰ্জ্জুন॥৭১৬
ব্ৰহ্মা হৰ অনন্তে সেৱন্ত মোক নিতি।
তুমিও কৰাহা সখি মোহোত ভকতি॥
যদি মহা দেৱ জানা আপুনি ঈশ্বৰ।
কিসক মোহোক সেবে শুনা বীৰবৰ॥৭১৭
মোৰ পূৰ্ব্ব আজ্ঞা কিয় এৰিলা সম্প্ৰতি।
তোমাক যুঁজিবে খেদি আসে পশুপতি॥
হৰে সমে যদি ত্ৰিজগতে দেই ৰণ।
ৰণে নোৱাৰিবে কেহো বুলিলো বচন॥৭১৮

[ ১৪৪ ]

তুমি মই সখি একে ব্ৰহ্ম অৱতাৰ।
নুহিকে তোমাৰ সম ব্ৰহ্মা মহেশ্বৰ॥
বিষ্ণু আদি চৰাচৰ সবে দেৱচয়।
তোমাৰ সমান কেহো নোহে ধনঞ্জয়॥৭১৯
হেন জানি সখি তুমি হেলা পৰিহৰি।
হৰক কৰিয়ো ৰণ শাৰঙ্গক ধৰি॥
আগে বুলি আছা তুমি বীৰত্ব বচন।
চৰাচৰ সমে হৰ দেই যদি ৰণ॥৭২০
সেহি দিন মিলিল শুনিয়ো ধনঞ্জয।
ৰুদ্ৰৰ সহিতে যুদ্ধ কৰা মহাশয়॥
তোমাৰ যশস্যা গাইবেক সিদ্ধ মুনি।
তোমাৰ নিৰ্ম্মল যশে যুৰিব ধৰণী॥৭২১
আকে জানি হৰক যুঁজিয়ো ধনঞ্জয়।
হৰক যুজিয়া যশ কৰা অভ্যুদয়॥
কৃষ্ণৰ বচনে অৰ্জ্জুনৰ ৰঙ্গ ভৈলা।
মাধৱক চাই বীৰে বুলিবাক লৈলা।৭২২
হৰক কৰিবো ৰণ শুনা নাৰায়ণ।
হৰক জিনিবো মই বুলিলো বচন॥
অৰ্জ্জুনৰ বাণী শুনি মাধৱ বদতি।
হৰক যুঁজিবে সখি দৃঢ় কৰা মতি॥৭২৩
তোমাক মাৰন্তা সখি নাহি একো জন।
আকে জানি হৰক কৰিয়ো ঘোৰ ৰণ॥

[ ১৪৫ ]

এহি মতে কথা মাতে আছে দুয়ো জন।
বৃষভ বাহনে হৰ আগে উপসন্ন॥৭২৪
বিজুলী চমকে হৰ আগত ৰহিলা।
তলবল কৰি মেৰু মণ্ডৰ লৰিলা।
সপ্ত সাগৰৰ ঢউ পৰ্ব্বত লঙ্ঘিলা।
কুম্ভীৰ মগৰ মানে পাতালে পশিলা॥৭২৫
চৰাচৰ সিদ্ধ নৰ সবে ভৈলা ত্ৰাস।
কম্পিলেক স্বৰ্গ আৰু পৃথিবী আকাশ॥
মহেশ বদতি শুনা হেৰা দামোদৰ।
দেৱতাৰ যুদ্ধ ভৈলা তোহোৰ অন্তৰ॥৭২৬
দেৱতাৰ অৰ্জ্জুনৰ কৰাইলিহি ৰণ।
তোহোৰ কাৰণে দেৱ সেনা ভৈলা চন্ন॥
আজি অৰ্জ্জুনক মাৰি নিবো যমঘৰ।
কি মতে ৰাখাহ তাক দেখো দামোদৰ॥৭২৭
স্বভাৱে কপটী তই নিলাজ যাদৱ।
অদোষতে বাণ ৰাজাক কাটিলি মাধৱ॥
তাৰ প্ৰতিফল দেওঁ থাকা স্বৰূপত।
কৰ-যুদ্ধ নকৰোঁ নুশুধি অৰ্জ্জুনত॥৭২৮
পাপ পুণ্য নাই শুনা পাণ্ডুৰ সন্ততি।
মোক যুদ্ধ কৰা তই দৃঢ় কৰি মতি॥
যদি মই তোক মাৰোঁ যাইবি বিষ্ণুলোক।
মোক যদি মাৰা যাইবোঁ শিৱৰ পুৰক॥৭২৯

[ ১৪৬ ]

দিবি কি নেদিবি যুদ্ধ কহা দৃঢ় কৰি॥
সত্বৰে না যাইবো যুদ্ধ নকৰিয়া ফিৰি॥
হেন শুনি মাধৱে কৰিলা পাচে হাস।
ত্ৰিপুৰত হন্তে হৰ ভৈলি বৰ ত্ৰাস॥৭৩০
পাচে হৰ তই মোত পশিলি শৰণ।
তোহোক ৰাখিলোঁ মই কৰি ঘোৰ ৰণ॥
ৰসকুণ্ড খাইলোঁ মই ধেনু ৰূপ ধৰি॥
তেবেসে অসুৰ তই পেলাইলিহি মাৰি॥৭৩১
হেন মহেশ্বৰ তোৰ দেখিছোঁ মহত্ত্ব।
ত্ৰিপুৰত হন্তে হৰ দৰ্প ভৈলা হত॥
কি মতে অৰ্জ্জুন মাৰা দেখোঁ মুনি সাই।
অৰ্জ্জুনত হাবি ৰণ যাইবিহি পলাই॥৭৩২
মাধৱৰ বচনে ৰুদ্ৰৰ ক্ৰোধ বৰ।
ভ্ৰুকুটি কুটিল মুখ দেখি লাগে ডৰ॥
ওৰ কুসুম বৰ্ণ লোচন যে তিনি।
জ্বলিবে লাগিল যেন প্ৰলয় অগনি॥৭৩৩
পিনাক ধনুক হৰে টঙ্কাৰিলা ধৰি।
ধনুৰ প্ৰচণ্ড শব্দ পাচে গৈলা চৰি॥
ধনুৰ প্ৰচণ্ড শব্দ স্বৰ্গক পুৰিলা।
তাৰ প্ৰতিধ্বনি লাগি পৃথিবী লৰিলা॥৭৩৪
অৰ্জ্জুন বদতি প্ৰভূ শুনা মহেশ্বৰ।
আগে তুমি কৰা মোক শৰৰ প্ৰহাৰ॥

[ ১৪৭ ]

পাচে প্ৰভু তুমি মোক নেদিবাহা দোষ।
মোৰ শৰ পাই হুইবা মনত সন্তোষ॥৭৩৫
এহি বুলি শাৰঙ্গ ধনুক ধৰি কৰে।
টঙ্কাৰ কৰিলা ধনঞ্জয় বীৰবৰে॥
ধনুৰ প্ৰচণ্ড শব্দ উঠিলেক ৰোল।
পুৰিলেক দশোদিশ স্বৰ্গৰ যে কোল॥৭৩৬
প্ৰচণ্ড শব্দৰ ৰোলে পৃথিবী পুৰিলা।
সাগৰ খলকি ঢউ আকাশে লঙ্ঘিলা॥
তাৰ প্ৰতিধ্বনি পাচে ৰুদ্ৰক গৈলা ধাই।
ধনুৰ প্ৰচণ্ড শব্দে বিমূৰ্চ্ছিত প্ৰায়॥৭৩৭
পিনাকত যুৰি হৰে নৰাচ দশ বাণ।
প্ৰথমতে অৰ্জ্জুনক কৰিলা সন্ধান॥
আকাশে চলিলা শৰ দেখি লাগে ডৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৭৩৮
মাধৱক ৰুদ্ৰে শৰ হানিলা হাজাৰ।
শৰ জালে মাধৱে দেখিলা অন্ধকাৰ॥
ইষ্ট দেৱ মাধৱৰ নমিয়া চৰণ।
পাচে নমিলন্ত বীৰে দেৱ ত্ৰিনয়ন॥৭৩৯
দ্ৰোণৰ চৰণ দুই হৃদয়ত ধৰি।
পুনু প্ৰণামিলা মাধৱৰ পাৱে পৰি॥
শাৰঙ্গ ধনুক বাৰে বাম কৰে ধৰি।
মাৰিলেক শৰ দশ হাজাৰ সত্তৰি॥৭৪০

[ ১৪৮ ]

আকাশে ঢাকিলা যাই অৰ্জ্জুনৰ শৰ।
বুকে পিঠি কোষে ভেদিলেক শঙ্কৰৰ॥
অৰ্জ্জুনৰ প্ৰহৰে হৰৰ ক্ৰোধ বৰ।
অৰ্জ্জুনক লাগি হানিলন্ত অগ্নি শৰ॥৭৪১
আকাশ গগন চানি আসে ঘোৰ বহ্নি।
সাক্ষাতে দেখিয়া যেন প্ৰলয়ৰ অগ্নি॥
হেন দেখি নসহিলা অৰ্জ্জুনৰ তনু।
বাম হাতে ধৰিলা শাৰঙ্গ নিজ ধনু॥৭৪২
বহ্নি যে বাণক প্ৰতি হানি বহ্নি বাণ।
আকাশতে হৰ বাণ কৰিলা নিৰ্য্যান॥
অস্ত্ৰ চন্ন ভৈলা দেখি হৰ ক্ৰোধ মন।
অৰ্জ্জুনক চাই হৰে বুলিলা বচন॥৭৪৩
বহ্নি শৰ নাশ কৰি গৰ্ব্ব ভৈলা তোৰ।
ৰুদ্ৰ শৰ হানি তোক পঠাওঁ যমঘৰ।
এহি বুলি ৰুদ্ৰ শৰ হানি মহেশ্বৰ।
পিনাকৰ গুণে যুৰিলন্ত দৃঢ়তৰ॥৭৪৪
অস্ত্ৰৰ প্ৰভাৱে কম্পে পৃথিবী পাতাল।
সাগৰৰ ঢউ যেন পৰ্ব্বত সচল॥
স্বৰ্গ কোল কম্পিল লৰিল মেৰুগিৰি।
কম্পি গৈলা যেন সসাগৰা বসুন্ধৰি॥৭৪৫
ৰুদ্ৰ মন্ত্ৰ পঢ়ি প্ৰহাৰিলা মহেশ্বৰ।
যেন মেৰু গিৰি যায় গগন ভিতৰ॥

[ ১৪৯ ]

সেহি মতে শৰ যায আকাশত চলি।
প্ৰলযৰ অগ্নি যেন দশো দিশে জ্বলি॥৭৪৬
অৰ্জ্জুনে দখন্ত ৰুদ্ৰ শৰ গাসে ধাই।
সেহি বেলা ৰুদ্ৰ শৰ লৈলা ধনঞ্জয॥
ৰুদ্ৰৰ শৰক ৰুদ্ৰ শৰ প্ৰহাৰিলা।
বিধুম অগনি হুই গগনে চলিলা॥৭৪৭
যেন মহা গডুৰে সৰ্পক গৈলা ধাই।
মাৰিলা সৰ্পক যে গডুৰে লাগ পাই॥
সেহি মতে অৰ্জ্জুনৰ ৰুদ্ৰ শৰ যায়।
হৰ শৰ বিনাশ কৰিলা শৰে পাই॥৭৪৮
হৰৰ যে ৰুদ্ৰ শৰ ব্যৰ্থ হুয়া গৈলা।
তল বল কৰি মহী মণ্ডৰ লৰিলা॥
ৰুদ্ৰ শৰ চন্ন কৰি অৰ্জ্জুনৰ শৰ।
বেগে যাই পশিলেক তূণে অৰ্জ্জুনৰ॥৭০৯
আত অনন্তৰে ধনঞ্জয় মহা বীৰ।
কুৰি শৰে ভেদিল ৰুদ্ৰৰ শৰীৰ॥
তিখাল চোকাল দিব্য হানিলন্ত শৰ।
পুনু পুনু তাৰিলন্ত শৰীৰে হৰৰ॥৭৫০
বৃষভক মাৰিলন্ত বিংশতি নৰাচ।
কেঙ্কাই ফোপাই গৈল কুৰি হাত পাচ॥
অৰ্জ্জুনৰ কৰ্ম্ম দেখি কুপিলন্ত হৰ।
অৰ্জ্জুনক লাগি প্ৰহাৰিলা দিব্য শৰ॥৭৫১

[ ১৫০ ]

মনো জয় বেগে শৰ চলে আকাশত।
অৰ্দ্ধচন্দ্ৰ মাৰে বীৰে কাটিলা বাটত॥
ভল্ল ত্ৰিকন্তিকা আৰু মাৰে ত্ৰিনয়নে।
অৰ্জ্জুন হিয়াত শৰ ভেদিলা সন্ধানে॥৭৫২
শৰৰ প্ৰহাৰে অৰ্জ্জুনৰ ক্ৰোধ বৰ।
শঙ্কৰক লাগি লৈলা ব্ৰহ্মদত্ত শৰ॥
শাৰঙ্গৰ গুণে যুৰি প্ৰহৰিলা টানি।
আকাশে চলিলা যেন প্ৰলয় অগনি॥৭৫৩
দশো দিশ যুৰি যায় ঘোৰ ব্ৰহ্ম বাণ।
ব্ৰহ্মা আদি দেৱগণ ভৈলা কম্পমান॥
চৰাচৰ সিদ্ধ সবে লৱৰি পলাইলা।
ঘোৰ মূৰ্ত্তি ধৰি অস্ত্ৰ শঙ্কৰক ধাইলা॥৭৫৪
দশো দিশ আকাশ ঢাকিলা নিৰন্তৰ।
শঙ্কৰক ধাই গৈলা বিদ্যুত সঞ্চাৰ॥
ব্ৰহ্ম অস্ত্ৰ দেখি শঙ্কৰৰ ভৈলা ডৰ।
আথ বেথ কৰি হৰে লৈল ব্ৰহ্ম শৰ॥৭৫৫
পিনাকত যুৰি প্ৰহাৰিলা মহেশ্বৰে।
মনোজয় বেগে চলে বিদ্যুত সঞ্চাৰে॥
অৰ্জ্জুনৰ ব্ৰহ্ম বাণ ব্ৰহ্ম বাণে পাই।
আকাশত ব্ৰহ্ম বাণ কৰিলেক ক্ষয়॥৭৫৮
অৰ্জ্জুনৰ ব্ৰহ্ম বাণ সংহৰি সেইক্ষণে।
পুনু পশিলন্ত যাই শঙ্কৰৰ তূণে॥

[ ১৫১ ]

ব্ৰহ্ম বাণ চন্ন দেখি অৰ্জ্জুন বদতি।
আপোনাক ৰাখা আজি দেৱ পশুপতি॥৭৫৭
অযুত নিযুত লক্ষ হাজাৰে হাজাৰ।
দুয়ো হাতে শৰাচ্ছন্ন কৰে বীৰবৰ।
আৰু প্ৰহাৰিলা লক্ষ কোটি দিব্য শৰ।
এহি মতে শৰ প্ৰহাৰয় বীৰবৰ॥৭৫৮
দিশ পাশ আকাশ ঢাকিল নিৰন্তৰ।
মৰ্ম্ম স্থান চাই বীৰে ভেদে কলেৱৰ॥
জজ্জৰিত ভৈলা হৰ অৰ্জ্জুনৰ শৰে।
বুকে কোষে পিঠি শৰে ভেদে নিৰন্তৰে॥৭৫৯
বিকল বিহ্বল হুয়া গুণে মহেশ্বৰ।
ধনঞ্জয়ে কৰে মোক সম্মুখ সমৰ॥
পিঠি পাচে কোষে শৰ কৰয প্ৰহাৰ।
পিঠিক ভেদিয়া মোৰ বুকে ওলায় শৰ॥৭৬০
অনুমানে জানিলোঁ শাৰঙ্গ মাধৱৰ।
তাতে সে পৰয় চতুৰ্দ্দিশে চানি শৰ॥
বিশাল তিখাল যে প্ৰচণ্ড ঘোৰ বাণ।
মোহোৰ শৰীৰে পৰে বজ্ৰৰ সন্ধান॥৭৬১
ভালেতো দেৱতা গণে হাৰিলেক ৰণ।
সবেয়ো মোহোত যাই পশিলা শৰণ॥
এহি বুলি মহেশ্বৰ ক্ৰোধে জ্বলি গৈলা।
যুগান্ত কালৰ যেন ৰুদ্ৰ ৰূপ ভৈলা।৭৬২

[ ১৫২ ]

সেহি মতে ক্ৰোধ কৰি দেৱ মহেশ্বৰ।
অৰ্জ্জুনক মাৰে শৰ হাজাৰে হাজাৰ॥
মাধৱক প্ৰতি প্ৰহাৰিলা কোটি বাণ।
শৰৰ সন্ধানে কৃষ্ণ ভৈলা কম্পমান॥৭৬৩
চাৰি দিব্য শৰ চাৰি ঘোৰাক হানিলা।
ত্ৰিশ যে অযুত হাত পাচ গুছি গৈলা॥
তিখাল চোখাল আৰু হানিলেক শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৭৬৪
আৰু দশ নৰচ মাৰিলা মহা ৰাগে।
অৰ্জ্জুনৰ হিয়াত পৰিলা বৰ বেগে॥
হৰৰ বিক্ৰম বৰ দেখি ধনঞ্জয়।
ক্ৰোধত জ্বলিলা বহ্নি শিখা যেন প্ৰায়॥৭৬৫
অৰ্জ্জুনে বোলন্ত সখি হুযো সাৱধান।
ৰথক কৰিয়ো থিৰ পূৰ্ব্বৰ সমান॥
মহেশক কোটি কোটি মাৰোঁ শৰ চয়।
বিহ্বল কৰোহোঁ আজি দেখা কৃপাময়॥৭৬৬
এহি বুলি প্ৰহাৰিলা বিশাল দিব্য শৰ।
জাজ্জ্বল্য সমান হই চলিলা সত্বৰ॥
হৰৰ হৃদয়ে পৰে ব্ৰজৰ সন্ধানে।
ঢলিযা পৰিল হৰ বৃষভৰ যানে॥৭৬৭
দেৱতাৰ দেখি বৰ চমক লাগিল।
অৰ্জ্জুনৰ শৰে আজি মহেশ পৰিল॥

[ ১৫৩ ]

মহেশক সৱে দেৱ দেখি অচেতন।
মহা অসন্তোষ মনে কৰন্ত ক্ৰন্দন॥৭৬৮
বিধাতা আমাৰ দুখ লেখি আছে কত।
অৰ্জ্জুনৰ শৰে যে মহেশ ভৈলা হত॥
অনাথা লোকক কোনে কৰিবেক ত্ৰাণ।
হা বিধি আমাৰ যে উৰি গৈলা প্ৰাণ॥৭৬৯
এহি বুলি দেৱে কৰে হাহাকাৰ বাণী।
অল্পসত দেৱগণ পলাই দিশ চানি॥
কতো বেলি চেতন লভিলা ত্ৰিনয়ন।
অজ্জুনক গজ্জি হৰে বুলিলা বচন॥৭৭০
মই অচেতন ভৈলোঁ তোহোৰ যে ৰণে।
তোহোৰ সমান বীৰ নাই ত্ৰিভুবনে।
পূব্বে ব্ৰহ্মা বুলি আছে মোহোক বচন।
অজ্জুনৰ সম তুমি নহা ত্ৰিনয়ন॥৭৭১
ব্ৰহ্মাৰ বচন মিলিলেক সাৰে সাৰ।
তথাপি কৰিবো মই তোহোক সমৰ॥
এহি বুলি হৰে পাচে ক্ৰোধত জ্বলিলা।
একশত ব্ৰহ্ম বাণ গুণত জুৰিলা॥৭৭২
মন্ত্ৰ পঢি মহাদেৱে প্ৰহাৰ কৰিলা।
জাজ্বল্য সমান হই আকাশে চলিলা।
দশোদিশ আকাশ চলিয়া বেগে যায়।
প্ৰলযৰ বহ্নি যেন দেখি লাগে ভয়॥৭৭৩

[ ১৫৪ ]

সুৰ মুনি সিদ্ধ সবে ভাগিয়া পলায়।
এহি মতে ব্ৰহ্ম শৰে অৰ্জ্জুনক ধায়॥
ব্ৰহ্মবাণে খেদি আসে দেখিলা অৰ্জ্জুন।
শাৰঙ্গ ধনুক বীৰে ধৰে ক্ৰোধ মন॥৭৭৪
একশত ব্ৰহ্মবাণ আনিলা অৰ্জ্জুনে।
শাৰঙ্গৰ গুণে যুৰিলন্ত ক্রোধ মনে॥
মন্ত্র পঢ়ি ধনঞ্জয় কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুৎ সঞ্চাৰ॥৭৭৫
বজ্ৰৰ সন্ধানে অৰ্জ্জুনৰ শৰ পৰি।
ক্ষণেকে ৰুদ্ৰৰ শৰ পেলাইলা সংহৰি॥
মহেশৰ শত ব্ৰহ্ম বাণ কৰি চন্ন।
পুনু অৰ্জ্জুনৰ বাণ পশিলন্ত তূণ॥৭৭৬
হেন দেখি মহেশৰ ক্ৰোধ গৈলা জ্বলি।
দিব্য দশ শৰ প্ৰহাৰিলা হোঁহ বুলি॥
অৰ্জ্জুনৰ হিয়াত পৰিলা দশ শৰ।
নিঢালে পৰিলা বীৰ পাণ্ডুৰ কুমাৰ॥৭৭৭
মাধৱক হানিলন্ত দিব্য শৰ চয়।
শৰজালে মাধৱে দেখিলা তমােময়॥
কতো বেলি চেতন লভিলা ধনঞ্জয়।
মাধৱক দেখিলন্ত শৰে তমোময়॥৭৭৮
মহেশৰ শৰে কৃষ্ণ ভৈলা জৰ্জ্জৰিত।
হেন দেখি ক্ৰোধত জ্বলিলা পাণ্ডুসুত॥

[ ১৫৫ ]

লক্ষ শত অযুত হাজাৰ শৰচয়।
সন্ধানে ভেদিলা বীৰে হৰৰ হৃদয়॥৭৭৯
আৰু দিব্য ক্ষুৰপতি ধনঞ্জয়ে আনি।
শাৰঙ্গৰ গুণে যুৰি পঠাইলেক হানি॥
আকাশে চলিলা শৰ বিধুম অগনি।
দহিবে খোজয় যেন প্ৰলয়ৰ বহ্নি॥৭৮০
শঙ্কৰৰ হিয়ে পৰি পিঠি বাজ ভৈলা।
দেৱতাক লাগি শৰে সেহি মতে ধাইলা॥
কাটি চিঙ্গি শৰ পাত পাতালে পশিলা।
সাগৰত স্নান কৰি সেই স্থানে আইলা॥৭৮১
অৰ্জ্জুনৰ তূণত পশিলা আসি বাণ।
হেন দেখি ৰুদ্ৰ পাচে ক্ৰোধে কম্পমান।
মহেশ বদতি শুনা হা ওৰে অৰ্জ্জুন।
তোক মাৰি খেদাও আজি যমৰ কাৰণ॥৭৮২
অনেক দেৱক ৰণে কৰিলিহি চন্ন।
সম্মুখ সমৰে বেটা মোক কৰ ৰণ॥
ইন্দ্ৰ আদি দেৱতাক নকৰিলি ভাল।
দেৱক মাৰিয়া তই হৈবি দিগপাল॥৭৮৩
দিগপাল হৈবি তই থাক সাৱধানে।
দিগপাল পাতি থওঁ যমৰ ভুবনে।
সাৱধান হৈবি বুলি দেৱ পশুপতি।
হানিলেক অৰ্জ্জুনক দুৰ্ব্বাৰ শকতি॥৭৮৪

[ ১৫৬ ]

বিম্বাদ শবদে শক্তি চলে দিশ চানি।
প্ৰলয় কালৰ যেন ৰিধূম অগনি॥
জাকে জাকে অগনি যে চলে শীঘ্ৰ গতি।
ধনঞ্জয়ে দেখে আসে দুৰ্ব্বাৰ শকতি॥৭৮৫
আথ বেথ কৰি বীৰে শাৰঙ্গক টানি।
দিব্য পাঞ্চ অৰ্দ্ধ চন্দ্ৰ পঠাইলেক হানি॥
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰে।
মহেশৰ শক্তিত পৰিলা দৃঢ় তৰে॥৭৮৬
শৰ চেৰাই চলি আসে শক্তি বেগে ধাই।
দশদিশ ধাকি আসে প্ৰলয়ৰ জুই॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
শক্তিক লাগিয়া হানিলন্ত ব্ৰহ্ম শৰ॥৭৮৭
জাজ্বল্য অগনি জ্বলি যায় ব্ৰহ্মবাণ।
শক্তিত পৰিলা যেন বজ্ৰৰ সন্ধান॥
আগমুৰি সিয়ো শৰ পৰি মহীতলে।
বৰ বেগে চলে শক্তি গগন মণ্ডলে॥৭৮৮
অৰ্জ্জুনে দেখন্ত ব্ৰহ্মবাণ ভৈলা চন্ন।
ক্ৰোধত কম্পন্ত বীৰ পাণ্ডুৰ নন্দন॥
পাচে বৰ কোপ মনে বীৰ সব্য সাচি।
ব্ৰহ্মাৰ ডিবাৰ ঘোৰ শক্তি লৈলা বাচি॥৭৮৯
মাধৱৰ তূণত থাকয় সৰ্ব্ব কাল।
বিদাৰিতে পাৰে মেৰু মণ্ডৰ পাতাল॥

[ ১৫৭ ]

সেহি শৰ ধনঞ্জয়ে পঠাইলেক হানি।
আকাশে চলিলা যেন প্ৰলয় অগনি॥৭৯০
অৰ্জ্জুনৰ শক্তিয়ে শিৱৰ শক্তি পাই।
প্ৰচণ্ড অগনি জ্বলি কৰিলন্ত ক্ষয়॥
শক্তি চন্ন কৰি শক্তি শীঘ্ৰ বেগে আসি।
অৰ্জ্জুনৰ তূণত যে থাকিলন্ত পশি॥৭৯১
হেন দেখি সিদ্ধ মুনি কৰে জয় জয়।
মহেশৰ শক্তি বিনা শিলা ধনঞ্জয়॥
অৰ্জ্জুনৰ সম বীৰ নাহি ত্ৰিভুবনে।
এহি বুলি প্ৰশংসা কৰিলা সিদ্ধগণে॥৭৯২
মহেশে দেখন্ত মোৰ শক্তি ভৈলা চন্ন।
চন্দ্ৰহাস খড়গ ধৰি কৰিলা সন্ধান॥
আকাশৰ পন্থে শৰ যায় গুৰুতৰ।
সাক্ষাতে দেখয় যেন চক্ৰ মাধৱৰ॥৭৯৩
চক্ৰাকাৰে খড়গ যায় দেখি লাগে ডৰ।
আকাশত যায় যেন বহ্নি প্ৰলয়ৰ॥
খড়গ দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
মাধৱৰ খড়্গ ধৰি কৰিলা প্ৰহাৰ॥৭৯৪
মনোজয় বেগে চলি যায় যে গগন।
মহেশৰ খড়্গক কৰিলা খান খান॥
আকাশৰ পৰা খড়্গ শীঘ্ৰ কৰি আইলা।
অৰ্জ্জুনৰ হাতে আসি উপসন্ন ভৈলা॥৭৯৫

[ ১৫৮ ]

খড়্গ চন্ন দেখি পাচে দেৱ ত্ৰিলোচন।
পিনাক ধনুক ধৰিলন্ত ক্ৰোধ মন॥
তিখাল চোখাল হৰে ক্ষুৰ শৰ আনি।
প্ৰহাৰ কৰিলা কোপে পিনাকক টানি॥৭৯৬
মনোজয় বেগে শীঘ্ৰ চলে ঘোৰ বাণ।
আকাশৰ মেঘগণ কৰিলা নিৰ্য্যান॥
অৰ্জ্জুনে দেখন্ত মোক প্ৰতি আসে বাণ।
যুগান্ত কালৰ যেন বহ্নি সম বাণ॥৭৯৭
তিখাল চোখাল ইতো ক্ষুৰপতি বাণ।
প্ৰহাৰ কৰিলা ক্ৰোধে পাণ্ডুৰ নন্দন॥
বিদ্যুত সঞ্চাৰে চলে মাৰুতৰ বাট।
হৰ শৰ কাটিয়া পেলাইলা আকাশত॥৭৯৮
অমোঘ শৰৰ কথা কহন নযায়।
আকাশৰ পৰা বায়ু বেগে গৈলা ধাই॥
হৰৰ হিয়াত পৰি পিঠি বাজ ভৈলা।
সাগৰত স্নান কৰি শীঘ্ৰ বেগে আইলা॥৭৯৯
অৰ্জ্জুনৰ তূণত পশিলা বেগে শৰ।
ইন্দ্ৰ সমে দেখি পাচে ত্ৰিদশৰ ডৰ॥
হৰৰ মনত বৰ বিস্ময় লাগিলা।
অযুত নিযুত শৰ প্ৰহৰিবে লৈলা॥৮০০
আৰু প্ৰহাৰিলা হৰে কোটি দিব্য শৰ।
স্বৰ্গ সমে পৃথিবী ভৈলেক একাকাৰ॥

[ ১৫৯ ]

অৰ্ব্বুদ নিৰ্ব্বুদ শৰ প্ৰহাৰিলা খঙ্গে।
দেখি সুৰ নৰ মুনি পলায় বিভঙ্গে॥৮০১
দিবসতে ৰাত্ৰি ভৈলা ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥
ক্ষণেকে অৰ্জ্জুনক শৰে অদৃশ্য কৰিলা।
সাগৰ পৰ্ব্বত মহী সকলে কম্পিলা॥৮০২
ব্ৰহ্মাণ্ড ভিতৰে সবে ভৈলা শৰময়।
ব্ৰহ্মা আদি দেৱগণ ভৈলন্ত বিস্ময়॥
হেন দেখি অৰ্জ্জুনৰ নসহিলা তনু।
বাম হাতে ধৰিলা শাৰঙ্গ নিজ ধনু।৮০৩
দিব্য ক্ষুৰপতি এক কোটি শীঘ্ৰে আনি।
শাৰঙ্গ আজুৰি বীৰে পঠাইলেক হানি॥
মনোজয় বেগে শৰ চলে শীঘ্ৰ কৰি।
আকাশতে সিয়ো শৰ পেলাইলা সংহৰি॥৮০৪
দশো দিশে অৰ্জ্জুনে হানিলা শৰচয।
হৰ শৰ বিনাশ কৰিলা ধনঞ্জয়॥
আকাশ গগন মহী কৰয় প্ৰসন্ন।
দিশ যে বিদিশ ঢাকি বহয় পবন॥৮০৫
অস্ত্ৰ চন্ন দেখি ক্ৰোধে জ্বলিলন্ত হৰ।
অৰ্জ্জুনক শঙ্কৰে হানিলা কোটি শৰ॥
তিখাল চোখাল মহেশৰ দিব্য শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিল দৃঢ়তৰ॥৮০৬

[ ১৬০ ]

আৰু পাঞ্চ হাজাৰ হানিলা সেহি চেগে।
অৰ্জ্জুনৰ হিয়াত পৰিলা বৰ বেগে॥
মহেশৰ শৰক সহিয়া অবিকলে।
নহালিলা মেৰু যেন বায়ুৰ আন্দোলে॥৮০৭
সেহি মতে অৰ্জ্জুন থাকিলা ৰথে চৰি।
পৰ্ব্বতৰ মধ্যে যেন মহা মেৰু গিৰি॥
নিৰ্ভয় নিঃশঙ্ক পাণ্ডুপুত্ৰ ধনুৰ্দ্ধৰ।
লীলায় যুঁজন্ত যেন মত্ত সিংহবৰ॥৮০৮
সেহি মতে সমৰ কৰন্ত ধনঞ্জয়।
অৰ্জ্জুনৰ কৰ্ম্ম দেখি মহেশৰ ভয়॥
মোহোৰ প্ৰহাৰে আৰ নকম্পে শৰীৰ।
ত্ৰৈলোক্য বিজয় ইটো জানো মহাবীৰ॥ ৮০৯
বজ্ৰৰ সন্ধানে মোৰ পৰে শৰচয়।
কিঞ্চিতো নকম্পে বীৰ পাণ্ডুৰ তনয়॥
এহি বুলি ক্ৰোধে জ্বলি গৈলা মহেশ্বৰ।
পিনাকত যুৰিলন্ত চয় ব্ৰহ্ম শৰ॥৮১০
ব্ৰহ্ম মন্ত্ৰ পঢ়ি প্ৰহাৰিলা মহেশ্বৰে।
ব্ৰহ্ম অস্ত্ৰ চলি যায় গগন ভিতৰে॥
বিধূম অগনি জাকে জাকে বাজ হুই।
দশোদিশ ঢাকিয়া বহয় যেন জুই॥৮১১
আকাশৰ মেঘগণ কৰিয়া নিৰ্জ্জন।
মহাবেগে ধাই আসে শঙ্কৰৰ বাণ॥

[ ১৬১ ]

অৰ্জ্জুনে দেখন্ত ব্ৰহ্মবাণ আসে চানি।
চয় ব্ৰহ্ম বাণ বীৰে পঠাইলেক হানি॥৮১২
আকাশে চলিলা অৰ্জ্জুনৰ ব্ৰহ্মবাণ।
হৰশৰ আকাশতে কৰিলা নিষ্যান॥
হৰ শৰ বিনাশিয়া চয ব্ৰহ্ম শৰ।
বৰ বেগে পশিলন্ত তূণে অৰ্জ্জুনৰ॥৮১৩
হৰশৰ বিনাশিযা বীৰ ধনঞ্জয়।
ক্ৰোধত কম্পয় বীৰ অগনিৰ নয়॥
ক্ৰোধ অপমানে পাণ্ডু পুত্ৰ গৈলা জ্বলি।
দশ দিব্য নৰাচ হানিলা হোঁহ বুলি॥৮১৪
আকাশে চলিলা শৰ বহ্নি সম জ্বলি।
হৰৰ হিযাত পৰিলন্ত হলাহলি॥
পিঠি পাছে বাজ হই গৈলেক নিকলি।
মাৰুতৰ বাটে শৰ শীঘ্ৰে যায় চলি॥৮১৫
অৰ্জ্জুনৰ হাতে যাই উপসন্ন ভৈলা।
ধনঞ্জয় পুনু সেহি শৰ প্ৰহাৰিলা॥
জাজ্বল্য অগনি জ্বলি চলে দশ শৰ।
শঙ্কৰৰ হৃদয়ে ভেদিলা দৃঢ়তৰ॥৮১৬
বিমূৰ্চ্ছিত ভৈলা হৰ দেখি তমোময়।
ক্ষণেকে চেতন পাইলা ব্ৰহ্মৰ তনয়॥
চেতন ভৈলন্ত হৰ লভিয়া হতাশ।
অৰ্জ্জুনে কৰিলা ৰণে মোক বৰ ত্ৰাস॥৮১৭

[ ১৬২ ]

অৰ্জ্জুনৰ সম কোনো নাই জগতত।
আজি সে দেখিলোঁ মই ইহাৰ মহত্ত্ব॥
দহিবাক পাৰে ইটো চৈধ্যয় ভুবন।
ভালেতো দেৱতাগণে হাৰিলেক ৰণ॥৮১৮
মনত বোলন্ত ইতো বীৰ অদভুত।
এহি বুলি ক্ৰোধিলন্ত অজ ব্ৰহ্ম সুত॥
ত্ৰৈলোক্য দহিবে যেন খুজিলন্ত হৰ।
যুগান্ত কালৰ যেন বহ্নি সম শৰ॥৮১৯
তিনিয়ো জগত সবে সংহৰিবে প্ৰতি।
যুগান্তৰ ৰূপ ৰুদ্ৰ ভৈলা পশুপতি॥
পঞ্চমুখ ভৈলা পাচে পোন্ধৰ লোচন।
চৰাচৰ প্ৰাণী সংহৰিবে ত্ৰিনয়ন॥৮২০
মাধৱে দেখন্ত হৰ জাজ্বল্য যে সম।
প্ৰজা সংহৰিতে যেন কালান্তক যম॥
মাধৱে বোলন্ত অবা শুনা প্ৰাণ সখি।
হৰক চাহিয়ো কালান্তক সম দেখি॥৮২১
হৰে সমে যুঁজিবাক এৰা এতিক্ষণ।
বিনাশিবে পাৰে হৰ চৈধ্যয় ভুবন॥
দণ্ড চাৰি ৰণ এৰি মোৰ কথা ধৰ।
শৰৰ যে ঘৰ বান্ধি হৰক বন্দী কৰ॥৮২২
দেৱক হৰক ঢাকি মাৰা ঘোৰ শৰ।
আকাশ পৃথিবী ঢাকি বান্ধা এক ঘৰ॥

[ ১৬৩ ]

মাধৱৰ বচনে অৰ্জ্জুন ৰঙ্গ ভৈলা।
দৃঢ় মুষ্টি কৰি ধনু শাৰঙ্গ টানিলা॥৮২৩
অযুত অৰ্ব্বুদ শৰ গুণত চৰাইলা।
শাৰঙ্গ টঙ্কাৰি বীৰে প্ৰহাৰি পঠাইলা॥
একশৰ যোৰন্তে যে দশ কোটি হয়।
প্ৰহাৰন্তে লক্ষকোটি পৰে লেখ নাই॥৮২৪
অখৰ্ব্ব নিখৰ্ব্ব শৰ পদ্ম মহা ঢুলি।
প্ৰহাৰ কৰয় ধনঞ্জয় মহা বলী॥
দুয়ো হাতে শৰাচ্ছন্ন কৰে মহাবল।
প্ৰলয় কালত যেন মেঘে ঢালে জল॥৮২৫
স্বৰ্গ আকাশ সবে পৃথিবীক চানি।
দেৱতাক ঢাকি শৰ প্ৰহাৰে অৰ্জ্জুনি।
দুয়ো হাতে শৰাচ্ছন্ন কৰে ধনঞ্জয়।
হাতক মনিবে নপাৰয় দেৱচয়॥৮২৬
স্বৰ্গ আকাশৰ পৰা শৰ ঘৰ সাজি।
নিমিষে অৰ্জ্জুনে এক ঘৰ থৈলা সাজি॥
হৰে সমে ইন্দ্ৰ আদি দেৱ নিৰন্তৰ।
সবাকে কৰিলা বন্দী ঘৰৰ ভিতৰ॥৮২৭
দেৱ সমে গৃহৰ ভিতৰ ভৈলা হৰ।
ব্ৰহ্মাসুৰ মুনি দেখি ৰঙ্গ কৰে বৰ॥
ব্ৰহ্মায়ে বোলন্ত সাধু সাধু বীৰ সাৰ।
পাণ্ডুবংশে নৰৰূপে ভৈলা অৱতাৰ॥৮২৮

[ ১৬৪ ]

তোমাৰ যশস্যা গাইলেক সবে মুনি।
তোমাৰ নিৰ্ম্মল যশে পূৰিলা ধৰণী॥
এহি বুলি ব্ৰহ্মা আদি সুৰ নৰ মুনি।
পুষ্প বৰষিলা অৰ্জ্জুনৰ মাথে চানি॥৮২৯
সিটো ঘৰ ভেদিবে নপাৰে দেৱগণে।
একে শূলপাণি দেৱ মহেশ্বৰ বিনে॥
দেৱ সমে গৃহৰ ভিতৰ ভৈৰ হৰ।
দেখি কৃষ্ণ অৰ্জ্জুনে যে হাঁসিলা বিস্তৰ॥৮৩০
মাধৱে বোলন্ত সখি শুনা ধনঞ্জয়।
ঘৰৰ ভিতৰ ভৈলা যত দেৱ চয়॥
অচেদ অভেদ মোৰ শৰৰ যে ঘৰ।
ভেদিবে নপাৰে দেৱ সমে পুৰন্দৰ॥ ৮৩১
ব্ৰহ্মা বিষ্ণু নোৱাৰিবে ঘৰ ভেদিবাক।
তোমাত কহিলোঁ সখি মই দৃঢ় বাক॥
চৰাচৰ সিদ্ধে নোৱাৰিবে মহামতি।
শূলৰ প্ৰহাৰে ভেদিবেক পশুপতি॥৮৩২
অৰ্জ্জুনক চাই হৰি বুলিলা বচন।
শীঘ্ৰে চলা দুয়ো যাওঁ স্বৰ্গৰ ভুবন॥
অদিতী মাৱক দুয়ো কৰোহোঁ প্ৰণতি।
অদিতী মাৱত দোষ মাগোহোঁ সম্প্ৰতি॥৮৩৩
তৈৰ পৰা আসি যুদ্ধ কৰোঁ ধনঞ্জয়।
ইহাক লাগিয়া তুমি নকৰা সংশয়॥

[ ১৬৫ ]

ইহাক ৰণত তুমি কৰিবা বিৰথী।
তেবে তোমাসাক জানিবেক বুলি ৰথী॥৮৩৪
হেন শুনি অৰ্জ্জুনে বুলিলা মাধৱক।
শীঘ্ৰে ৰথ ডাকি প্ৰভু চলিয়ো স্বৰ্গক॥
অৰ্জ্জুনে বোলন্ত সখি চপৰাই মাথ।
শীঘ্ৰে চলা স্বৰ্গে যাওঁ বাহা দিব্য ৰথ॥৮৩৫
অৰ্জ্জুনৰ বচনেত প্ৰভু দেৱ হৰি।
ঘোৰাত দিলেক পাচে চাবুকৰ বাৰি॥
সব্য সুগ্ৰীৱ মেঘ পুষ্প বলাহক।
মনোজয় বেগে হৰি ডাকিলা ৰথক॥৮৩৬
খৰতৰ বেগে যে মাধৱে ডাকে ৰথ।
ক্ষণেকে পাইলেক যাই মাৰুতৰ পথ॥
মাৰুতৰ বাট চেৰাই পাইলা আকাশ।
নিমিষে পাইলেক যাই স্বৰ্গৰ যে পাশ॥৮৩৭
স্বৰ্গৰ দুৱাৰ ভেদি ৰথ ডাকে হৰি।
নিমিষে পাইলেক যাই অম্ৰাৱতী পুৰি॥
ৰথৰ নামিয়া যে অৰ্জ্জুন দামোদৰ।
ধীৰে ধীৰে চলি গৈলা অদিতীৰ ঘৰ॥৮৩৮
ৰত্নৰ আসনে বসি আছে মহা সতী।
সাক্ষাতে দেখিয়া যেন হৰৰ পাৰ্ব্বতী
সেহি মতে বসি আছে দেৱতাৰ মাৱ।
চৌপাশে আৱৰি আছে দেৱ কন্যা চয়॥৮৩৯

[ ১৬৬ ]

কৃষ্ণ ধনঞ্জয় দুয়ো সবিনয় হুই।
প্ৰণাম কৰিলা অদিতীৰ পাৱে চুই॥
অদিতীক দণ্ডৱতে নমি বনমালী।
হেন দেখি অদিতী ধৰিলা আঙ্কোৱালি॥৮৪০
মাধৱক বসাইলন্ত ৰত্নৰ আসনে।
একাসনে বসিলন্ত পাণ্ডুৰ নন্দনে॥
মাধৱক চাই সতী বুলিলা বচন।
তোমাৰ লগত বসিলন্ত কোন জন॥৮৪১
মাধৱ বদতি তুমি শুনিয়োক আই।
এহিতো পাণ্ডুৰ পুত্ৰ নাম ধনঞ্জয়॥
নিমিত্ত যে পাণ্ডু পুত্ৰ ইন্দ্ৰৰ তনয়।
তোমাসাৰ নাতি এন্তে জানিবা নিশ্চয়॥৮৪২
অদিতী বদতি পুত্ৰ শুনা নাৰায়ণ।
কিসক আসিলি দুয়ো স্বৰ্গৰ ভুবন॥
মোহোৰ পাশক দুয়ো আসিলি কিসক।
শীঘ্ৰ কৰি আজি পুত্ৰ মোত কহিয়োক॥৮৪৩
হেন শুনি মাধৱে মাতিলা মনে গুণি।
যি কাৰ্য্যে আসিছোঁ আই শুনিয়ো গোসানী॥
মোক ইন্দ্ৰে নিন্দিলা স্বৰ্গত যত যত।
কি কহিবো আই মই তোমাৰ আগত॥৮৪৪
তোমাত কহিলোঁ মই শুনিয়োক আই।
ইন্দ্ৰক কৰিবো ৰণে মৃতক পৰায়॥

[ ১৬৭ ]

প্ৰাণ মাত্ৰ ৰাখিবো যে শুনা স্বৰূপত।
মৰণ সদৃশ মই কৰিবো ৰণত॥৮৪৫
দেৱতাৰ মুখে শুনি যুদ্ধৰ কাৰণ।
অনেক বুলিবা আই দুৰ্ব্বাক্য বচন॥
তোমাত কহিয়া দোষ এৰাইলোহোঁ আই।
দিয়োক মেলানি যাওঁ ইন্দ্ৰক যে ধাই॥৮৪৬
মাধৱৰ বচনে অদিতী বোলে বাণী।
দেৱতাক ধাই শীঘ্ৰে যোৱা চক্ৰপাণি॥
দিলোহো মেলানি পুত্ৰ শীঘ্ৰ কৰি যাওঁ।
সম্মুখ সমৰে আজি ইন্দ্ৰক ভঙ্গাওঁ॥৮৪৭
অদিতীক নমি পাচে অৰ্জ্জুন শ্ৰীহৰি॥
ৰথত চৰিলা দুয়ো বিমৰ্দ্দন কৰি॥
বাঘ জৰি ধৰিয়া ঘোৰাত দিলা বাৰি।
চাৰি দিব্য ঘোৰা চলে উৰ্দ্ধ মুখ কৰি॥৮৪৮
স্বৰ্গক চাৰিযা পাচে আকাশ এৰাইলা।
মাৰুতৰ বাট চেৰাই ৰণভূমি পাইলা॥
আকাশৰ পৰা যেন শুক্ল মেঘ চয়।
সেহি মতে ৰথে চৰি কৃষ্ণ ধনঞ্জয়॥৮৪৯
বৈশম্পায়ন বদতি যে শুনা জন্মেজয়।
গৃহৰ ভিতৰে যি কৰিলা দেৱ চয়॥
দিশ বিদিশক নপাৱয় দেৱতাই।
উশাহ নপাই ঘুৰি ফুৰে দেৱ চয়॥৮৫০

[ ১৬৮ ]

ইন্দ্ৰে যে দেখন্ত পাচে বজ্ৰ সম ঘৰ।
হেন দেখি ক্ৰোধত জ্বলিলা পুৰন্দৰ॥
দৃঢ়াঙ্গ ধনুক ইন্দ্ৰে টঙ্কাৰ কৰিলা।
বাচি বাচি অৰ্দ্ধচন্দ্ৰ গুণত যুৰিলা॥ ৮৫১
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা হৰি হয়।
ঘৰত পৰিয়া ইন্দ্ৰ শৰ ভৈলা ক্ষয়॥
অস্ত্ৰ চন্ন ভৈলা দেখি ক্ৰোধে সুৰপতি।
ব্ৰহ্মাৰ ডিবাৰ শৰ ধৰিলা সম্প্ৰতি॥৮৫২
ধনুৰ গুণত যুৰি প্ৰহাৰ কৰিলা।
প্ৰলয়ৰ জুই যেন আকাশে চলিলা॥
ঘৰত পৰিলা ব্ৰহ্ম-শৰ বেগে যাই।
আগমুৰি সিয়ো শৰ পৰিলা ভোটাই॥৮৫৩
ইন্দ্ৰৰ প্ৰহাৰ ষেবে ব্যৰ্থ হৈয়া গৈলা।
হেন দেখি মহেশ্বৰে ত্ৰিশূলক লৈলা॥
দন্ত কামুৰিয়া হৰে শূল প্ৰহাৰিলা।
উৰ্দ্ধে অৰ্দ্ধে সাত হাত ঘৰক ফানিলা॥৮৫৪
যেহি বেলা ঘৰক ফানিলা মহেশ্বৰ।
সেহি বেলা অৰ্জ্জুনৰ শৰ নিৰন্তৰ॥
আকাশৰ পন্থে শীঘ্ৰ বেগে যাই শৰ।
তূণত পশিলা তেবে বীৰ অৰ্জ্জুনৰ॥৮৫৫
বন্দী যে গুছিলা হৰ সমে দেৱগণ।
স্বৰগ আকাশ মহী ভৈল সুপ্ৰসন্ন।

[ ১৬৯ ]

অৰ্জ্জুনক দেখি পাচে দেৱ মহেশ্বৰ।
পিনাকত দিব্য শৰ যুৰিলা সত্বৰ॥৮৫৬
কৰ্ণ মানে ধনু টানি কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰ॥
অৰ্জ্জুনৰ গাৱে পৰি বজ্ৰৰ সন্ধান।
নকম্পিলা শৰ চোটে পাণ্ডুৰ নন্দন॥৮৫৭
মাধৱে বোলন্ত সাধু সাধু বীৰ সাৰ।
হৰ শৰ প্ৰহাৰে নকম্পে কলেৱৰ॥
অৰ্জ্জুনে বোলন্ত মোৰ নাহি কিছু ভয়।
তুমি মোৰ সহায় যদি ভৈলা কৃপাময়॥৮৫৮
এহি বুলি ধনঞ্জয়ে ধৰিলা শাৰঙ্গ।
ভয় ভীত নাই যেন প্ৰমত্ত মাতঙ্গ॥
ভল্ল দশ পাত শৰ ধনুৰ্গুণে যুৰি।
প্ৰহাৰ কৰিলা বীৰে শাৰঙ্গত যুৰি॥৮৫১
হৰৰ হিয়াত শৰ পৰিলা সন্ধানে।
শৰৰ সন্ধানে হৰ কম্পে ঘনে ঘনে॥
কম্পমান ভৈলা হৰ দিব্য শৰ পৰি।
বৃষভ পলাইলা পাচে কত দূৰে লৰি॥৮৬০
বৃষভক চাই হৰে বোলে ৰহ ৰহ।
ঘোৰ শৰ হানি অৰ্জ্জুনৰ ভাঙ্গোঁগহ॥
হৰৰ বচনে ফিৰে বৃষভ বাহন।
বতাসে ফিৰাইলা যেন শুক্ল মেঘ খান॥৮৬১

[ ১৭০ ]

সেহি মতে বৃষভক ফিৰাই মহেশ্বৰে।
পিনাক ধনুক ধৰিলন্ত বাম কৰে॥
অযুত নিযুত হৰে হানিলন্ত শৰ।
মাৰুতৰ বাটে চলি যায় গুৰুতৰ॥৮৬২
আৰু লক্ষে লক্ষে হৰে হানিলন্ত শৰ।
আকাশ পৃথিবী ঢাকি বহে নিৰন্তৰ॥
হৰ শৰ ভেদি চলে বজ্ৰ সম ধাৰ।
মহেশৰ শৰীৰত পৰিলন্ত শৰ॥৮৬৩
অৰ্দ্ধে উৰ্দ্ধে পিঠি কোষে সন্ধানে যে ফুটি।
বোম্বল আকাৰে বহি তেজ যায় ছুটি॥
আৰু প্ৰহাৰিলা ধনঞ্জযে শৰ চয়।
সন্ধানে ভেদিলা যাই হৰৰ হৃদয়॥৮৬৪
হৃদয়ত পৰি শৰ পিঠি-বাজ ভৈলা।
ইন্দ্ৰক লাগিয়া শৰ সেহি মতে ধাইলা॥
বাসৱৰ হৃদয় ভেদিল দৃঢ়তৰ।
আকাশৰ পন্থে যায় দেখি লাগে ডৰ॥৮৬৫
অৰ্জ্জুনৰ তূণত পশিলা শৰ চয়।
দেখি সুৰ গন্ধৰ্ব্বে কৰয় জয় জয়॥
হেন দেখি মহেশ্বৰে হানি মেঘ শৰ।
আকাশ ঢাকিয়া ভৈলা ঘোৰ অন্ধকাৰ॥৮৬৬
আকাশত কৰে ঘোৰ গৰ্জ্জন আষ্ফাল।
কৃষ্ণ অৰ্জ্জুনক বেঢ়ি বৰিষয় জল॥

[ ১৭১ ]

হৰে শৰ বৰিষয় অৰ্জ্জুনে দেখিলা।
বাচি আনি বায়ু বাণ গুণত যুৰিলা॥৮৬৭
মন্ত্ৰ পঢ়ি ধনঞ্জয় পঠাইলেক হানি।
প্ৰচণ্ড আন্দোলে চলে আকাশত চানি॥
গিৰ গিৰ শবদে যে হৰ মেঘ যাই।
নিজ্জনক লাগি বাযু নিলা উৰুয়াই॥৮৬৮
হেন দেখি আনিলা পৰ্ব্বত পাঞ্চ বাণ।
আথ বেথ কৰি হৰে কৰিলা সন্ধান॥
তেতিক্ষণে বায়ু নিবৰ্ত্তিয়া নিলা হৰ।
আকাশত হুই ৰৈলা পাঞ্চ গিৰিবৰ॥৮৬৯
বায়ু নিবৰ্ত্তিলা অৰ্জ্জুনৰ ক্ৰোধ টান।
বজ্ৰ বাণ হানি পৰ্ব্বতক কৰি চন্ন॥
পাচে বায়ু মেঘ শৰ উৰুৱাই নিলা।
নিজ্জনে পেলাই পুনৰপি আসি ভৈলা॥৮৭০
অৰ্জ্জুনৰ তূণত পশিলা বায়ু শৰ।
দেখি ক্ৰোধে জ্বলি গৈলা দেৱ মহেশ্বৰ॥
অৰ্জ্জুনক হৰে হানিলেক শত বাণ।
ভেদিলেক হৰে অৰ্জ্জুনৰ মৰ্ম্মস্থান॥৮৭১
হৰৰ শৰত নকম্পন্ত বীৰবৰ।
প্ৰচণ্ড অগনি যেন জ্বলে কলেৱৰ॥
আতি বৰ ক্ৰোধত অৰ্জ্জুন গৈলা জ্বলি।
সনাইবাৰ তীক্ষ্ণ শৰ হাতে লৈলা তুলি॥৮৭২

[ ১৭২ ]

মহামন্ত্ৰ পঢ়ি প্ৰহাৰিলা মহাবলী।
জাজ্বল্য সমানে চলে অগ্নি সম জ্বলি॥
হৰৰ হিয়াত শৰ পৰিলা সন্ধানে।
হৃদয় বিদাৰি শৰ ওলাইলা তেখনে॥৮৭৩
শৰৰ প্ৰহাৰে হৰ ভৈলা তমোময়।
সন্ধুক্ষণ ভৈলা পাচে ব্ৰহ্মৰ তনয়॥
চেতন লভিয়া হৰ গুণে মনে মন।
দেৱতাৰ আগে মই বুলিলোঁ বচন॥৮৭৪
অৰ্জ্জুন সহিতে মই কৰিবোহোঁ ৰণ।
সমৰত মাৰি অৰ্জ্জুনক কৰো চন্ন॥
যদি নামাৰোহোঁ হোৱে অঙ্গীকাৰ চন্ন।
এহিসে কাৰণে কৰো দুঘোৰ যে ৰণ॥৮৭৫
মৰণ কালত কোনে কৰিবেক ত্ৰাণ।
ইহাৰ প্ৰহাৰ যেন বজ্ৰৰ সন্ধান॥
এহি বুলি মহেশৰ ক্ৰোধ গুৰুতৰ।
পিনাকত যুৰিলন্ত দশ অগ্নি শৰ॥৮৭৬
প্ৰহাৰ কৰিলা হৰে পিনাকত টানি
আকাশে চলিলা শৰ বহ্ণি সম চানি॥
জাকে জাকে অগনি নিকলে হুই বাজ।
প্ৰচণ্ড আন্দোলে চলে গগনৰ মাজ॥৮৭৭
অৰ্জ্জুনে দেখন্ত অগ্নি শৰ আসে চানি।
আথ বেথ কৰি বীৰে অগ্নি শৰ আনি॥

[ ১৭৩ ]

শাৰঙ্গত যুৰি শৰ কৰিলা প্ৰহাৰ।
শঙ্কৰৰ অগ্নি শৰ কৰিলা সংহাৰ॥৮৭৮
তিখাল চোখাল দিব্য বত্ৰিশ যে শৰ।
শাৰঙ্গ ধনুত যুৰিলন্ত বীৰবৰ॥
কৰ্ণ মানে ধুনু টানি কৰিলা প্ৰহাৰ।
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰ॥৮৭৯
মনোজয় বেগে যায় অৰ্জ্জুনৰ শৰ।
বক্ষস্থলে ভেদিলেক দুৰ্জ্জয় হৰৰ॥
হৃদয় বিদাৰি পিঠি পাচে ওলাই শৰ।
তূণত পশিলা যাই বীৰ অৰ্জ্জুনৰ॥৮৮০
শৰৰ প্ৰহাৰে হৰ জৰ্জ্জৰিত ভৈলা।
অথাকে অৰ্জ্জুনে শৰ প্ৰহাৰিবে লৈলা॥
ভল্ল ভিণ্ডি পাল যে নৰাচ কনিয়ালী।
আৰু দিব্য নানা শৰ হানে মহাবলী॥৮৮১
শিলি মুখ সৰ্প মুখ ত্ৰিকস্তিকা দণ্ড।
ইসব প্ৰমুখ্যে শৰ হানে অপৰ্য্যন্ত॥
আৰু অসংখ্যাত শৰ হানে ধনঞ্জয়।
নিসন্ধি ভেদিলা বীৰে হৰৰ হৃদয়॥৮৮২
দুয়ো হাতে শৰাচ্ছন্ন কৰে বীৰবৰ।
হাতক মনিবে নপাৰয় মহেশ্বৰ॥
ওৰ কুসুমৰ বৰ্ণ দেখি কলেৱৰ।
পলাশ ফুটিলা যেন বসন্ত কালৰ॥৮৮৩

[ ১৭৪ ]

হৃদয় বিদৰি তেজ বহে নিৰন্তৰ।
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ॥
অসংখ্যাত শৰ প্ৰহাৰিলা হোঁহ বুলি।
মহেশৰ পাশে শীঘ্ৰ বেগে গৈলা চলি॥৮৮৪
এহি মতে শৰ যেবে অৰ্জ্জুনে হানিলা।
দশোদিশ আকাশ যে অন্ধকাৰ ভৈলা॥
দুইকো দুই শৰ প্ৰহাৰন্থ মহাবল।
হৃদয় বিদাৰি শৰ পশয় পাতাল॥৮৮৫
শঙ্কৰে হানয় ধনঞ্জয় ৰুদ্ৰ শৰ।
দিশ পাশ আকাশ ঢাকিলা নিৰন্তৰ॥
দিবসতে ৰাত্ৰি ভৈল ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥৮৮৬
আৰু শৰ অৰ্জ্জুনেও পেলাইলেক হানি।
জাজ্বল্য সমানে শৰ যায় দিশ চানি॥
হৰৰ হিয়াত পৰিলেক বৰ টানে।
ঢলি পৰিলেক হৰ বৃষভৰ যানে॥৮৮৭
কতো বেলি চেতন লভিলা মহেশ্বৰ।
চেতন পাইয়া গজ্জি বেলে শূলধৰ॥
হাওঁৰে অৰ্জ্জুন তোক মাৰি কৰোঁ নাশ।
কৃষ্ণৰ সহায় পাই মুনিয বোলাস॥৮৮৮
এহি বুলি হৰে আনি হাজাৰেক বাণ।
পিনাকৰ গুণে যুৰি কৰিলা সন্ধান॥

[ ১৭৫ ]

অৰ্জ্জুনে হানিল দুই হাজাৰ যে শৰ।
শঙ্কৰৰ শৰ সবে কৰিলা সংহাৰ॥৮৮৯
যেন যুদ্ধ ভৈলা পূৰ্ব্বে বলি বাসৱৰ।
সেহি মতে যুদ্ধ ভৈলা হৰ অৰ্জ্জুনৰ॥
যুদ্ধ দেখি চৰাচৰ চমক লাগিলা।
দুই অস্ত্ৰে ঘোৰ যুদ্ধ কৰিবাক লৈলা॥৮৯০
হেন দেখি মহেশৰ ক্ৰোধ জ্বলি গৈলা।
প্ৰলয়ৰ বহ্নি সম শৰ প্ৰহাৰিলা॥
আথ বেথ কৰি হৰে মাৰি শৰ পাত।
জাজ্বল্য সমানে চলে মাৰুতৰ বাট॥৮৯১
অৰ্জ্জুনেও সেই বেগে হানে দশ বাণ।
বিম্বাদ শবদে চলে অগ্নি সম ঠান॥
অৰ্জ্জুনৰ শৰে শঙ্কৰৰ শৰ পাই।
আকাশতে হৰ-শৰ কৰিলন্ত ক্ষয়॥৮৯২
অস্ত্ৰ চন্ন ভৈলা দেখি ক্ৰোধিলন্ত হৰ।
সহস্ৰ হাজাৰ প্ৰহাৰিলা ব্ৰহ্মশৰ॥
আকাশ ঢাকিয়া যায় জ্বলি ঘোৰ বহ্নি।
শুষিলন্ত জলে যেন প্ৰলয় অগনি॥৮৯৩
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ ভৈল টান।
লক্ষ কোটি ব্ৰহ্ম বাণ কৰিলা সন্ধান॥
জাজ্বল্য সমানে চলে অৰ্জুনৰ বাণ।
হৰ-শৰ আকাশতে কৰিলা নিৰ্য্যান॥৮৯৪

[ ১৭৬ ]

হৰ-শৰ চম্ন কৰি মাধৱৰ শৰ।
তূণত পশিলা যাই বীৰ অৰ্জ্জুনৰ॥
ব্ৰহ্ম বাণ চন্ন দেখি হৰ গৈলা জ্বলি।
পাঞ্চ অৰ্দ্ধচন্দ্ৰ প্ৰহাৰিলা হোঁহ বুলি॥৮৯৫
বিজুলী চমকে শৰ শীঘ্ৰে যায় চলি।
অৰ্জ্জুনৰ হিয়াত পৰিলা হলা হলি॥
বায়ু বেগে শৰ যাই পাতালে পশিলা।
সাগৰত স্নান কৰি শীঘ্ৰে আসি ভৈলা॥৮৯৬
মহেশৰ তূণত পশিল বেগে শৰ।
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ॥
তূণ হাতে নাৰায়ণ অস্ত্ৰ বীৰে আনি।
শাৰঙ্গৰ গুণে যুৰি প্ৰহাৰিলা টানি॥৮৯৭
বিধুম অগনি হুই চলে দিশ ঢানি।
লেখি হাহাকাৰ কৰে চৰাচৰ প্ৰাণী॥
বিম্বাদে শৱদে হৰ হৃদয় ভেদিলা।
ঢলোঁ পৰোঁ কৰি হৰ বৃষভে পৰিল॥৮৯৮
হাতৰ পৰিলা খসি পিনাক যে ধনু।
ঘনে ঘনে কম্পয় হৰৰ সবে তনু॥
কতো ক্ষণে স্বস্থ পাছে ভৈলা মহেশ্বৰ।
কোটি কোটি লক্ষে লক্ষে প্ৰহাৰিলা শৰ॥৮৯৯
আৰু অৰ্ব্বদেক শৰ প্ৰহাৰিলা বলে।
আকাশ ঢাকিয়া যাই গগন মণ্ডলে॥

[ ১৭৭ ]

অৰ্জ্জুনে দেখস্ত শৰ আসে আকাশতে।
অৰ্জ্জুনেও শৰ প্ৰহাৰিলা অতি দ্যুতে॥৯০০
এক শৰ প্ৰহাৰন্তে লক্ষ কোটি হুই।
প্ৰহাৰ কৰন্তে শৰ লেখাজোখা নাই॥
অব্বুৰ্দ হাজাৰ কোটি পদ্ম মহা ঢুলি।
দুয়ো হাতে শাচ্ছন্ন কৰে মহাবলি॥৯০১
আকাশ ঢাকিয়া যেন মেঘে ঢালে জল।
সেহি মতে শৰ প্ৰহাৰয় মহাবল॥
আকাশ ঢাকিয়া ভৈলা ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥৯০২
হৰ−শৰ সংহৰিয়া অৰ্জ্জুনৰ শৰে।
নিসন্ধি ভেদিলা মহেশৰ কলেবৰে‌॥
তেজে তল বল ভৈলা হৰৰ সৰ্ব্ব কায।
বিহ্বল ভৈলন্ত হৰ শ্ৰুতি বুদ্ধি নাই॥৯০৩
ক্ৰোধ মনে পাচে জ্বলি গৈলা মহেশ্বৰ।
খৰ্গ ধৰি দেৱ দিল নামি বৃষভৰ॥
অৰ্জ্জুনৰ শীৰক কাটিবে যাই খেদি।
যেন ভয়ঙ্কৰ এক বহি যায় নদী॥৯০৪
সেহি মতে কোপে খেদি যায় পশুপতি।
অৰ্জ্জুনক খেদি যান্ত লৰে বসুমতী॥
অৰ্জ্জুনে দেখস্ত খড়গ ধৰি আসে হৰ।
শীঘ্ৰে ধৰিলন্ত বীৰে অৰ্দ্ধচন্দ্ৰ শৰ॥৯০৫

[ ১৭৮ ]

দিব্য অৰ্দ্ধচন্দ্ৰ শৰ প্ৰহাৰিলা ডাটি।
হৰৰ হাতৰ খড়গ পেলাইলেক কাটি॥
খড়গ কাটা গৈলা দেখি জ্বলে মহেশ্বৰ।
ডেৱ দিয়া উঠিলন্ত বৃষভ উপৰ॥৯০৬
হোঁহ্ বুলি ত্ৰিশূল হানিলা মহেশ্বৰ॥
বিষ্ণু চক্ৰ শৰে শূল কৰিলা নিবাৰ॥
শূল ব্যৰ্থ ভৈলা দেখি ক্ৰোধে মহেশ্বৰ।
জ্বলন্ত মহেশ যেন বহ্ণি প্ৰলয়ৰ॥৯০৭
পিনাক ধনুক হৰে ধৰি নিজ কৰে।
অৰ্জ্জুনক ভেদিলন্ত তিনি কোটি শৰে॥
মাধৱক কুৰি শৰ কৰিলা প্ৰহাৰ।
শৰ-চোতে গোবিন্দে দেখিলা অন্ধকাৰ॥৯০৮
আৰু চয় নৰাচ হানিলা মহেশ্বৰে।
হলাহলি পশিলন্ত কৃষ্ণৰ শৰীৰে॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
শাৰঙ্গ টঙ্কাৰি বীৰে যুৰি বিষ্ণু শৰ॥৯০৯
বিষ্ণু মন্ত্ৰ পঢ়ি প্ৰহাৰিলা ধনঞ্জয়।
সুৰ নৰ মুনি দেখি ভৈলন্ত বিস্ময়॥
বিদ্যুত সঞ্চাৰে হৰ-হৃদয় ভেদিলা।
বিশ্ৰুতি বিজ্ঞান হই বৃষভে পৰিল॥৯১০
পাচে শ্ৰুতি পাই হৰ উঠি বৃষভৰ।
অৰ্জ্জুনৰ বধক চিন্তিলা মহেশ্বৰ॥

[ ১৭৯ ]

মহা পাশুপত্ৰ শৰ হৰে গুণি পাইলা।
পিনাক টঙ্কাৰি হৰে গুণত চৰাইলা॥৯১১
পাশুপত্ৰ অস্ত্ৰ হৰে যুৰিলেক যেবে।
সুৰ নৰ মুনি স্বৰ্গ চাৰি পলাই তেবে॥
মেৰু গিৰী কম্পিলা লৰিলা বসুমতী।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত দেৱ প্ৰজাপতি॥৯১২
সাগৰৰ ঢউ ভৈলা পৰ্ব্বত সঞ্চল।
কুম্ভীৰ মগৰ মানে পশিলা পাতাল॥
দেৱতাই বোলে আজি মিলিলা প্ৰলয়।
ত্ৰিজগত হৰে আজি কৰিবেক ক্ষয়॥৯১৩
পাচে পাশুপত্ৰ অস্ত্ৰ ঘোৰ মূৰ্ত্তি ভৈলা।
সসাগৰা বসুন্ধৰী গিৰিসে লৰিলা॥
অস্ত্ৰৰ ভয়ত স্বৰ্গ পৃথিবী পাতাল।
ঘনে ঘনে কম্পিয়া কৰয় তল বল॥৯১৪
মাধৱে বোলন্ত সখি হৈয়ো সাৱধান।
মহেশে লৈলন্ত ঘোৰ পাশুপত্ৰ বাণ॥
মোৰ সুদৰ্শন চক্ৰ ধৰা সাৱধানে।
তেবে সে যাইবেক ধাই শঙ্কৰৰ বাণে॥৯১৫
হেন শুনি মাধৱক নমি বীৰবৰ।
ধৰিলন্ত ধনঞ্জয় চক্ৰ মাধৱৰ॥
দহোঁ দহোঁ কৰে চক্ৰ চৈধ্যয় ভুবন।
জাজ্বল্য অগণি হুই মহা বহ্নি যেন॥৯১৬

[ ১৮০ ]

মাধৱৰ চক্ৰৰ যে তেজ বাঢ়ি গৈলা
অনন্ত মুখৰ যেন বহ্নি বাজ ভৈলা॥
সেহি মতে মাধৱৰ ক্ৰোধ জ্বলি গৈলা।
চৰাচৰ প্ৰাণী সবে কাল বৰ্ণ ভৈলা॥৯১৭
স্বৰ্গ যে আকাশ যেন ব্ৰহ্মাণ্ড দহয়।
মাধৱৰ চক্ৰ বৰ প্ৰচণ্ডে জ্বলয়॥
দেখি পাশুপত্ৰ শৰ হৃদয় লৰিলা।
কি কৰিব পাশুপত্ৰ মনত গুণিলা॥ ৯১৮
চক্ৰ দেখি পাশুপত্ৰ অস্ত্ৰ ভৈলা ডৰ।
সোমাইলা পাশুপত্ৰ তূণে মহেশৰ॥
পাশুপত্ৰ শৰ যদি তূণত পশিলা।
শুভ শুভ বুলি দেৱে প্ৰশংসা কৰিলা॥৯১৯
প্ৰচণ্ড বিশাল বীৰ পাণ্ডুৰ তনয়।
যাৰ ৰণে পাশুপত্ৰ অস্ত্ৰ ভৈলা ৰয়॥
এহি বুলি ব্ৰহ্মা আদি যত সিদ্ধগণ।
জয় ধনঞ্জয় বুলি ঘোষে ঘনে ঘন॥৯২০
বৈশম্পায়ন বদতি যে শুনা জন্মেজয়।
মাধৱৰ চক্ৰক থৈলন্ত ধনঞ্জয়॥
শাৰঙ্গ ধনুক ধৰিলন্ত বাম কৰে।
হৰক ভেদিলা দশ কোটি দিব্য শৰে॥৯২১
অৰ্জ্জুনে হৰক বিন্ধিলেক থানে থানে।
কম্পি কম্পি পৰিলেক বৃষভৰ যানে॥

[ ১৮১ ]

বৃষভক অৰ্জ্জুনে হানিলা চাৰি শৰ।
বৃষভক ভেদিলন্ত শৰে অৰ্জ্জুনৰ॥৯২২
হৰক অৰ্জ্জুনে প্ৰহাৰিলা কোটি শৰ।
আকাশ ঢাকিয়া যাই বহ্নিৰ সঞ্চাৰ॥
হৰৰ হৃদয়ে পৰি পিঠি বাজ ভৈলা।
ফুৰি ফুৰি মহাদেৱ বৃষভে পৰিলা॥৯২৩
পাশুপত্ৰ অস্ত্ৰ পৰি গুছিলেক বল।
বৃষভক হৰে বোলে শীঘ্ৰ কৰি চল॥
চল চল বৃষভ তই ব্ৰহ্মাৰ যে পাশ।
অৰ্জ্জুনৰ শৰে মোৰ নোলায় উশাশ॥৯২৪
এহি বুলি হৰে পাচে পাচক নচাই।
বৃষভ সহিতে হৰ শীঘ্ৰে পলাই যায়॥
হৰ পলাইলা বুলি হাঁসে দামোদৰ।
শুনি নুশুনিয়া পলাই যায় মহেশ্বৰ॥ ৯২৫
মহেশ পলাইলা দেখি পাণ্ডুৰ নন্দন।
প্ৰণাম কৰিয়া প্ৰহাৰিলা শৰগণ॥
হৰৰ আগত যাই পৰি শৰে শৰ।
অৰ্জ্জুনৰ অৰ্থে শৰে কৰয় কাতৰ॥৯২৬
মহেশক চাই অৰ্জ্জুনৰ সব শৰ।
কৃপা কৰা দোষ প্ৰভু ক্ষমা অৰ্জ্জুনৰ॥
এহি বুলি প্ৰণাম কৰিলা সবে শৰ।
শীঘ্ৰে পশিলন্ত আসি তূণে অৰ্জ্জুনৰ॥৯২৭

[ ১৮২ ]

বায়ুবেগে পলাই যায় গগনৰ কাচে।
থাকিলা লুকাই হৰ ব্ৰহ্মাৰ যে পাচে॥
অৰ্জ্জুনৰ শৰে হৰ বাতুল পৰায়।
মহাভয়ে কম্পয় হৰৰ সৰ্ব্ব কায়॥৯২৮
ব্ৰহ্মায়ে দেখন্ত হৰৰ গাৱ নোহে থিৰ।
অৰ্জ্জুনক ভয়ে কম্পে হৰৰ শৰীৰ॥
হৰক সম্বুধি ব্ৰহ্মা বুলিলা বচন।
কিসক কৰাহা ভয় দেৱ ত্ৰিলোচন॥৯২৯
পূৰ্ব্বে মোৰ বাক্য নুশুনিলা মহেশ্বৰ।
অৰ্জ্জুনক দিলা যাই দুৰ্ঘোৰ সমৰ॥
যদি তুমি আমি চৰাচৰে দেওঁ ৰণ।
বলে নোৱাৰিবোঁ মই বুলিলোঁ বচন॥৯৩০
মহেশ বদতি শুনা দেৱ পশুপতি।
অৰ্জ্জুনে কৰিলা ৰণে মোক বিসঙ্গতি॥
অঙ্গীকাৰ চন্ন দেখি আত নাই ডৰ।
আতে থাকি ৰণ চাওঁ ইন্দ্ৰ অৰ্জ্জুনৰ॥৯৩১
এহি বুলি ব্ৰহ্মাৰ আগত মহেশ্বৰ।
মহাৰঙ্গে থাকি হৰ বৃষভ উপৰ॥
অৰ্জ্জুনত ভয় এৰি দেৱ মহেশ্বৰ।
থাকিলন্ত হৰ বসি গগন ভিতৰ॥৯৩২
অৰ্জ্জুন ৰহিলা পাচে শাৰঙ্গক ধৰি।
যেন হাতে চক্ৰ ধৰি থাকিলা শ্ৰীহৰি॥

[ ১৮৩ ]

সেহি মতে ধনঞ্জয় জ্বলন্ত বিৰিঙ্গ।
ভয় ভীত নাই যেন প্ৰমত্ত মাতঙ্গ॥৯৩৩
সেহি মতে অৰ্জ্জুন আছন্ত লীলা কৰি।
ইন্দ্ৰ আদি দেৱতাৰ ধাতু গৈলা উৰি॥
দেৱতা হৰক কেনে উতপাত তাক দেখা।
আন সামান্যৰ আৰ তাৰ কোন লেখা॥৯৩৪
দৰ্প কৰি কৃষ্ণ আগে বুলিলন্ত হৰ।
অৰ্জ্জুনৰ হাতে হৰি কৰাইলা সমৰ॥
অৰ্জ্জুনৰ শৰে পাচে হৰ ভৈলা ত্ৰাস।
মহা ভয়ে পলাই গৈলা ব্ৰহ্মাৰ যে পাশ॥৯৩৫
অৰ্জ্জুনৰ সহায় আপুনি বনমালী।
কি কৰিতে পাৰে কোটি কোটি ৰুদ্ৰ মিলি॥
আকে জানি গৰ্ব্ব নকৰিবা একো জন।
ঝাণ্ট কৰি লৈয়ো সবে কৃষ্ণত শৰণ॥৯৩৬
ক্ষণমাত্ৰ গৰ্ব্ব নসহন্ত দেৱ হৰি।
আকে জানি গৰ্ব্ব নকৰিবা নৰ নাৰী॥
যিতো নৰে গৰ্ব্ব কৰি ফুৰয় বিস্তৰ।
অল্পতে কৰয় চূৰ দেৱ দামোদৰ॥৯৩৭
মাধৱ কন্দলি ৰচিলন্ত ইতো পদ।
আকে শুনি তৰা সবে দুৰ্ঘোৰ আপদ॥
অষ্টাদশ পুৰাণৰ ভাগৱত পদ।
হেলা এৰি শুনা সবে যত সভাসদ॥৯৩৮

[ ১৮৪ ]

অষ্টাদশ পুৰাণৰ কথা অনুসাৰ।
দেৱজিত পদ মই কৰিলোঁ প্ৰচাৰ॥
আকে জানি সভাসদ এৰি আন কাম।
খণ্ডোক পাতক ডাকি বোলা ৰাম ৰাম॥৯৩৯

দুলৰি।

যেহি বেলা হৰ   হাৰিলেক ৰণ
 পলাইলা বৃষভ চাৰি॥
সেহি বেলা দেৱ   মহা ভয় হুই
 পলাইলা সৰে লৰি॥
ইন্দ্ৰত যে বাজে   চন্দ্ৰ সূৰ্য্য অগ্নি
 পলায় সবে তৰাসে।
দশোদিশে চানি   মৰণক জানি
 পলাইলা সবে আকাশে॥৯৪০
যত দেৱ সৈন্য   লেখিবেক কোন
 ব্ৰহ্মায়ো নপাৱে অন্ত।
গিৰিসিত কৰি   ভাঙ্গি পটোয়াৰ
 সৱেও ভয়ে পলান্ত॥
কেহো সাগৰত   জাম্পদি পৰন্ত
 কতো যাই স্বৰ্গ পন্থে।
বিহ্বল যে হুই   ফুৰন্ত চেঞ্চাই
  কতো পলায় দিব্য ৰথে॥৯৪১

[ ১৮৫ ]

ৰথক নপাই   কতো দেৱ চয়
  তনু কম্পে বৰ ত্ৰাসে।
ৰাখা ধনঞ্জয়   কৰোঁ কাউ বাউ
 নকৰা মোক বিনাশ॥
তোমাসাক দেখি   হৃদয় কম্পয়
 পশিলোঁ মই শৰণ।
দিয়োক মেলানি   শীঘ্ৰ কৰি যাওঁ
 আমাৰ নিজ ভুৱন॥৯৪২
এহি মতে দেৱে   কাতৰ কৰম্ভ
  অৰ্জ্জুনৰ আগে পৰি।
চেগ চাই উঠি   ধৰি বায়ু বেগ
 স্বৰ্গক পলায় লৱৰি॥
সাগৰ পৰ্ব্বত   পৃথিবী আকাশ
  পলায় দেৱতাগণ।
ভৈলা যে বাউল   দেৱ সৈন্যগণ
 নোবোলে একো বচন॥৯৪৩
মৰণক ভয়   জানি দেৱ চয়
 নৰই ৰণ ভূমিত।
আউল ভৈলা কেশ   হুই মুক্ত বেশ
 লুকায় পৰ্ব্বত বনত॥
দেখে ইন্দ্ৰ দেৱ   পলায় দেৱ চয়
  মাতলিক বোলে চাই।

[ ১৮৬ ]

নিশান কোবাই   সবে দেৱগণ
  কৰিয়োক এক ঠাই॥৯৪৪
ইন্দ্ৰৰ বচনে   মতলি সাৰথি
  নিশান কোবাইবে লৈলা॥
নিশানৰ বাদ্য   শুনি দেৱগণ
  তেখনে সবে আসিলা॥
কম্পে হাত ভৰি   বাক্য নহে থিৰ
 ইন্দ্ৰক প্ৰণামি ৰৈলা।
দেৱতাৰ ভয়   দেখি পুৰন্দৰ
 দেৱক বুলিবে লৈলা॥৯৪৫
শুনা দেৱগণ   নহৈবা বিমন
  অৰ্জ্জুনক নাহি ডৰ।
অৰ্জ্জুনক মই   ৰণত মাৰিয়া
 পঠাইবো যম নগৰ॥
হে চন্দ্ৰ সূৰ্য্য   অগণি বৰুণ
  যম বায়ু আন দেৱ।
মই বিদ্যমানে   অৰ্জ্জুনক ভয়
  নকৰিবা কোনো দেৱ॥৯৪৬
অৰ্জ্জুনক মই   হেৰা যাওঁ ধাই
 থাকিবো মই নিৰ্ভয়।
অৰ্জ্জুনক মই   যমক পঠাওঁ
 পঠাইবো আজি নিশ্চয়॥

[ ১৮৭ ]

এহি বুলি ইন্দ্ৰে   দেৱক নিৰ্ভয়
 বুলি ৰৈলা হৰি হয়।
দিব্য ৰথে চৰি   হাতে ধনু ধৰি
 অৰ্জ্জুনক গৈলা ধাই॥৯৪৭
ইন্দ্ৰে যে বোলয়   শুনিয়ে মাতলি
 বাহিয়োক দিব্য ৰথ।
মনোজয় বেগে   পবন সঞ্চাৰে
 ভেদিলা আকাশ পথ॥
ইন্দ্ৰৰ বচনে   সাৰথি মাতলি
 ঘোৰাত দিলেক বাৰি।
হাজাৰেক ঘোৰা   শীঘ্ৰ কৰি চলে
 বায়ুত অধিক কৰি॥৯৪৮
মনোজয় বেগে   বিদ্যুত সঞ্চাৰে
  অৰ্জ্জুন আগে ৰাখিলা।
মাধৱেও ৰথ   ফুৰাই চক্ৰাকাৰে
 ইন্দ্ৰৰ সম্মুখে নিলা॥
ইন্দ্ৰে যে বোলন্ত   শুনিয়ো অৰ্জ্জুন
  পুত্ৰ স্নেহ এৰি মই।
তোক মাৰিবোহোঁ   সম্মুখ সমৰে
 বুলিলো মই নিশ্চয়॥৯৪৯
এহি বুলি ক্ৰোধে   ধনুক টঙ্কাৰি
 প্ৰহাৰিলা দশ শৰ।

[ ১৮৮ ]

গগন মণ্ডলে   মনোজয়ে চলে
  গতি সম গড়ুৰৰ॥
অৰ্জ্জুনৰ হিয়ে   শীঘ্ৰ কৰি যাই
 ভেদিলন্ত বৰ টানে।
শৰ চোতে বীৰ   নকম্পে শৰীৰ
 শৰৰ ঘোৰ সন্ধানে॥৯৫০
পাচে ধনঞ্জয়   ইন্দ্ৰক নমিয়া
 বুলিলা বচন দৃঢ়।
কি কাৰণে পিতৃ   মোক স্নেহ এৰি
  মাৰিলাহা ঘোৰ শৰ॥
নকৰি বিমন   হুয়োক প্ৰসন্ন
 মোক প্ৰতি এৰা ৰোষ।
মাৰি দিব্য শৰ   তুষ্ট কৰোঁ বৰ
 হুয়োক পিতৃ সন্তোষ॥৯৫১
এহি বুলি বীৰে   শাৰঙ্গ টঙ্কাৰি
 প্ৰহাৰিলা দিব্য শৰ।
পবন সঞ্চাৰে   জাজ্বল্য প্ৰচণ্ড
  দেখতে লাগয় ডৰ॥
সুৰ নৰ মুনি   ভৈলা সচকিত
 অস্ত্ৰৰ দেখি মহত্ত্ব।
মহা বেগে যাই   বজ্ৰ সম হই
 পৰিলা ইন্দ্ৰ গাৱত॥৯৫২

[ ১৮৯ ]

হৃদয় বিদাৰি   পাতালে পশিলা
  অৰ্জ্জুনৰ শীঘ্ৰে বাণ।
সাগৰত স্নান   কৰি সেইক্ষণ
  পশিলা অৰ্জ্জুন তূণ॥
কম্পি কম্পি ইন্দ্ৰ   ৰথত পৰিলা
 নাহিকে চেতন জ্ঞান।
অমৃত খাইবাৰ   প্ৰবন্ধে ইন্দ্ৰৰ
  পুনু ৰহিলেক প্ৰাণ॥৯৫৩
চেতন লভিয়া   দেৱ পুৰন্দৰ
 অৰ্জ্জুনে বোলে বচন।
ধন্য ধনঞ্জয়   তোৰ যশ চয়
 থাকিবে তিনি ভুবন॥
মই সুৰপতি   দুৰ্ব্বাৰ শকতি
 কম্পাইলি মোক সমৰে।
তোৰ সম বীৰ   নতু দেখোঁ আৰ
  যশ গাইবে চৰাচৰে॥৯৫৪
এহি বুলি ইন্দ্ৰে   প্ৰশংসা কৰিয়া
  ক্ৰোধত জ্বলিলা বৰ।
দৃঢ়াঙ্গৰ গুণে   যুৰি অগ্নি শৰ
  প্ৰহাৰিলা পুৰন্দৰ॥
জাকে জাকে অগ্নি   নিকলন্তে যাই
  ইন্দ্ৰৰ যে বহ্নি শৰ।

[ ১৯০ ]

দশোদিশ ঢাকি   বিম্বাদ শবদে
 চলে গগন ভিতৰ॥৯৫৫
অগ্নি শৰ আসে   দেখি ধনঞ্জয
 লাগিলেক ভয় মনে।
মাধৱৰ অগ্নি   শীঘ্ৰে হাতে আনি
 যুৰিলন্ত ধনুৰ্গুণে॥
শাৰঙ্গক টানি   প্ৰহাৰ কৰিলা
 ধনঞ্জয় বীৰ বৰ।
প্ৰচণ্ড যে বহ্নি   গগন মণ্ডলে
 আকাশে চলে সত্বৰ॥৯৫৬
আকাশে সত্বৰে   অগ্নি শৰ যাই
 বেগে কৰিলেক ক্ষয়।
অৰ্জ্জুনক লাগি   অস্ত্ৰ ছন্ন দেখি
 ইন্দ্ৰৰ মনত ভয়।
পাছে পুৰন্দৰে   ক্ৰোধ অপমানে
 হানিলেক বজ্ৰ শৰ।
জাজ্বল্য আকাৰে   বিদ্যুত সঞ্চাৰে
 চলে গগন ভিতৰ॥৯৫৭
বজৰ অন্বয়   দেখি লাগে ভয়
 আসে বৰ শীঘ্ৰ গতি।
আকাশৰ পৰা   সিদ্ধ মুনিগণ
 পলায় সবে চতুৰ্ভিতি॥

[ ১৯১ ]

অৰ্জ্জুনে দেখন্ত আসে বজ্ৰ বাণ
 দশোদিশ সব জ্বলি।
ব্ৰহ্মাৰ ডিবাৰ ঘোৰ বজ্ৰ বাণ
 প্ৰহাৰিলা মহাবলী॥৯৫৮
হুয়া মহা বহ্নি মনোজয় বেগে
 চলে আকাশক বাণ।
শীঘ্ৰ বেগে যাই ইন্দ্ৰ অস্ত্ৰ পাই
 কৰিলা তৈতে নিৰ্য্যান॥
বজ্ৰ বাণ ছন্ন‌ দেখি পুৰন্দৰ
 ক্ৰোধত জ্বলিলা বৰ॥
তীখাল চোকাল কুৰি দিব্য শৰ
 প্ৰহাৰিলা পুৰন্দৰ॥৯৫৯
শৰ চোটে ঘোৰা  সিহনি কৰিয়া
 কত দূৰ যে গৈলন্ত।
হেন দেখি হৰি ধৰি বাঘ জৰি
 চাৰি ঘোৰা ৰাখিলন্ত॥
ৰথ থিৰ কৰি ডাকিলেক হৰি
 ইন্দ্ৰৰ সম্মুখে নিল।
ইন্দ্ৰৰ বিক্ৰম দেখিয়া অৰ্জ্জুন
 ক্ৰোধত বৰ জ্বলিলা॥৯৬০
পাছে ধনঞ্জয় মাৰি চাৰি শৰ
 পঠাইলেক মহাবল।

[ ১৯২ ]

মহা জ্যোতি হুই সূৰ্য্য সম জ্বলি
 চলে গগন ভিতৰ॥
ইন্দ্ৰৰ হিয়াত পৰি চাৰি শৰ
 গৈলেক বেগে নিকলি।
শৰ চোটে ইন্দ্ৰ ফুটি ফুটি যাই
 পৰিলন্ত ৰথে ঢলি॥৯৬১
অৰ্জ্জুনৰ শৰ পৃথিবী ফালিয়া
 পশিল পাতাল পুৰ।
সাগৰত স্নান কৰি তেতিক্ষণ
 আসিলা অতি সত্বৰ॥
মাধৱে বোলন্ত শুনিয়ো অৰ্জ্জুন
 তুমি কিনো বীৰ বৰ।
তোমাৰ যুদ্ধত বিহ্বল ভৈলন্ত
 আপুনিও মহেশ্বৰ॥৯৬২
ধন্য ধনঞ্জয় মোৰ প্ৰাণসখি
 ত্ৰৈলোক্য বিজয় বীৰ।
তোৰ যুদ্ধ দেখি একে ৰথে থাকি
 মোহোৰ কম্পে শৰীৰ॥
ইন্দ্ৰক যে ৰণে মাৰি ঘোৰ বাণে
 কৰিলাহা মূৰ্চ্ছামান।
তুমি সম বীৰ সত্যে সত্যে সখি
 নাহি কেহে একো থান॥৯৬৩

[ ১৯৩ ]

এহি মতে হৰি অৰ্জ্জুনক চাই
 বুলিলা প্ৰশংসা চয়।
মাধৱৰ বাণী শুনিয়া অৰ্জ্জুন
 কৃষ্ণক বোলে বিনয়॥
মাধৱক নমি অৰ্জ্জুনে বোলন্ত
 শুনিয়োক কৃপাময়।
তোমাৰেসে দাস জানা নাৰায়ণ
 ইতো বীৰ ধনঞ্জয়॥৯৬৪
কোটি যে অৰ্জ্জুন হৰক কি কৰে
 জানা আবে দামোদৰ।
জগত ঈশ্বৰ সখা ভৈল যাৰ
 তাতেসে জিনিলো হৰ।
অদ্যাপিয়ো ইন্দ্ৰ মোক আইলা ধাই
 শুনা দেৱ দামোদৰ।
যদি মোৰ সখা হোৱা নাৰায়ণ
 দেখিবোঁ বল ইন্দ্ৰৰ॥৯৬৫
মোৰ শৰে ইন্দ্ৰ বিমূৰ্চ্ছিত হয়
 দেখি আছ নাৰায়ণ।
সম্মুখ সমৰে ইন্দ্ৰক জিনিবোঁ
 বুলিলোঁ মই বচন।
অৰ্জ্জুনৰ বাণী শুনি কৃষ্ণে হাঁসি
 অৰ্জ্জুনক বোলে চাই।

[ ১৯৪ ]

তিনিও জগত হৰে সমে দেৱ
 সবেয়ো ভৈলন্ত ভয়॥৯৬৬
মাধৱে ৰচিলা দেৱজিত পদ
 শুনা সবে সভাসদ।
বঢ়া টুটা নাই ইতো পদ শুনি
 খণ্ডিয়ো ঘোৰ আপদ॥

পদ।


বৈশম্পায়ন বদতি শুনিয়ে জন্মেজয়।
কতো বেলি চেতন লভিলা হৰিহয়॥৯৬৭
ক্ৰোধত জ্বলিলা যেন ৰুদ্ৰৰূপে হৰ।
জাজ্বল্য সমানে জ্বলে বহ্নি প্ৰলয়ৰ॥
বাম হাতে ধনু ধৰি কৰিলা টঙ্কাৰ।
শবদে পুৰিলা যাই স্বৰ্গৰ দুৱাৰ॥৯৬৮
মহা কোপে বাসবে আনিলা ব্ৰহ্ম শৰ।
ধনুত যুৰিয়া বেগে কৰিলা প্ৰহাৰ॥
বিম্বাদ শবদে যায় আকাশক ছানি।
প্ৰলয় কালৰ যেন বিধুম অগনি॥৯৬৯
অৰ্জ্জুনে দেখন্ত ব্ৰহ্ম বাণ আসে ছানি।
মহা জ্যোতিৰ্ম্ময় হুই প্ৰলয় অগনি।
সেহি বেলা অৰ্জ্জুনেও ব্ৰহ্ম বাণ আনি।
শাৰঙ্গৰ গুণে যুৰি প্ৰহাৰিলা টানি॥৯৭০

[ ১৯৫ ]

অৰ্জ্জুনৰ শৰ গৈলা বিদ্যুত সঞ্চাৰে।
কোটি কোটি বহ্নি যেন গগন ভিতৰে॥
ইন্দ্ৰৰ যে ব্ৰহ্ম অস্ত্ৰ শীঘ্ৰে কৰি নাশ।
দুনাই গৈলেক শৰ অৰ্জ্জুনৰ পাশ॥৯৭১
ব্ৰহ্ম অস্ত্ৰ ছন্ন কৰি পাণ্ডুৰ নন্দন।
সহস্ৰে সহস্ৰে প্ৰহাৰিলা শৰগণ।
অযুত নিযুত শৰ কৰিল প্ৰহাৰ।
ক্ষণেকে ঢাকিলা বীৰে ৰবিৰ সঞ্চাৰ॥৯৭২
আৰু দিব্য নানা শৰ কৰিলা প্ৰহাৰ।
ইন্দ্ৰৰ শৰীৰে ভেদে বজ্ৰ সম শৰ॥
হৃদয় বিদাৰি শৰ গৈলেক নিকলি।
পৃথিবীত সবে শৰ পশে হলহলি॥৯৭৩
সাগৰত স্নান কৰি শৰ শীঘ্ৰে আসি।
অৰ্জ্জুনৰ তূণত থাকিলা বেগে পশি॥
অৰ্জ্জুনৰ শৰ চোটে বাসৱ জ্বলিলা।
দিব্য অৰ্দ্ধচন্দ্ৰ শৰ গুণত চৰাইলা॥৯৭৪
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা শৰ মহাবলে।
জাজ্বল্য আকাৰে বেগে গগনত চলে॥
অৰ্জ্জুনৰ হিয়াত পৰিলা বৰ টানে।
ক্ৰোধে জ্বলি গৈলা বীৰ শৰৰ সন্ধানে॥৯৭৫
আৰকত বৰ্ণ বীৰ চাহন নযায়।
প্ৰলয়ৰ সূৰ্য্য যেন দেখি লাগে ভয়॥

[ ১৯৬ ]

ইন্দ্ৰৰ প্ৰহাৰে যে অৰ্জ্জুন গৈলা জ্বলি।
ক্ষুৰপতি শৰ প্ৰহাৰিলা মহাবলী॥৯৭৬
মনোজয় বেগে শৰ চলে অৰ্জ্জুনৰ।
ইন্দ্ৰৰ হিয়াত পৰি তল গৈলা শৰ॥
শৰৰ প্ৰহাৰে দেখিলে তমোময়।
ধৈৰ্য্য ধৰি ৰহিলেক কাশ্যপ তনয়॥৯৭৭
অৰ্জ্জুনৰ শৰে বীৰ বাসৱ জ্বলিলা।
অযুত নিযুত শৰ বৰষিবে লৈলা॥
ভল্ল ভিণ্ডিপাল আৰো নাৰাচ মাৰন্ত।
অৰ্দ্ধচন্দ্ৰ বিপাট হানন্ত অপৰ্য্যন্ত॥৯৭৮
লক্ষে লক্ষে হাজাৰে হাজাৰে শৰচয়।
মহা ক্ৰোধে প্ৰহাৰ কৰন্ত হৰিহয়॥
ছেদ ভেদ নাই শৰ যতেক হানিলা।
দিবসতে ৰাত্ৰি ঘোৰ অন্ধকাৰ ভৈলা॥৯৭৯
তেনয় দুগুণ শৰ হানে ধনঞ্জয়।
ইন্দ্ৰ-শৰ কাটিয়া গুচাৱে তমোময়॥
ইন্দ্ৰ-শৰ ছন্ন দেখি অৰ্জ্জুন জ্বলন্ত।
ব্ৰহ্ম অস্ত্ৰ অৰ্জ্জুনে যে বেগে যুৰিলন্ত॥৯৮০
প্ৰচণ্ড গৰুড় গতি বেগে চলি যায়।
বিধুম অগনি জাকে জাকে বাজ হয়।
বাসৱে দেখন্ত খেদি আসে ব্ৰহ্ম শৰ।
সাক্ষাতে দেখিয়া যেন বহ্নি প্ৰলয়ৰ॥৯৮১

[ ১৯৭ ]

ব্ৰহ্মশৰ ধৰি পাছে দেৱ পুৰন্দৰে।
প্ৰহাৰ কৰিয়া চলে আকাশে সত্বৰে॥
অৰ্জ্জুনৰ ব্ৰহ্মশৰ আকাশতে পাই।
ইন্দ্ৰ-শৰে ব্ৰহ্ম শৰ কৰিলন্ত ক্ষয়॥৯৮২
হেন দেখি অৰ্জ্জুনৰ নসহিলা মনে।
বিষ্ণু শৰ আনি যুৰিলন্ত ধনুৰ্গুণে॥
কৰ্ণ মানে টানিয়া শাৰঙ্গ ধনুখান।
প্ৰহাৰ কৰিলা বীৰে ঘোৰ বিষ্ণু বাণ॥৯৮৩
মহাবেগে বিষ্ণুবাণ শীঘ্ৰে যায় চলি।
ইন্দ্ৰৰ হিয়াত পৰি গৈলেক নিকলি॥
ঢলোঁ পৰোঁ কৰি ইন্দ্ৰ ৰথত পৰিলা।
মহাবেগে বিষ্ণুবাণ পাতালে পশিলা॥৯৮৪
সাত সাগৰত স্নান কৰি সেইক্ষণে।
শীঘ্ৰ বেগে পশিলন্ত অৰ্জ্জুনৰ তূণে॥
কতো বেলি চেতন লভিলা হৰিহয়।
ক্ৰোধত কম্পন্ত বীৰ অগনি পৰায়॥৯৮৫
চেতন লভিল ইন্দ্ৰে দেখে ধনঞ্জয়।
পুনু প্ৰহাৰিলা বীৰে দিব্য শৰচয়॥
ইন্দ্ৰৰ হিয়াত শৰ ভেদিলেক টানে।
চেতন হৰিলা পুনু শৰৰ সন্ধানে॥৯৮৬
মাতলিক হানিলন্ত বিংশতি নাৰাচ।
হৃদয় ভেদিয়া ওলাই গৈলা পিঠি পাছ॥

[ ১৯৮ ]

শৰৰ সন্ধানে সাৰথিও অচেতন।
হেন দেখি বিমন ভৈলন্ত দেৱগণ॥ ৯৮৭
ঘোৰাক মাৰিলা বীৰে হাজাৰেক শৰ।
বজ্ৰৰ সন্ধানে ভেদিলন্ত দৃঢ়তৰ॥
অৰ্জ্জুনৰ শৰে পাছে হাজাৰেক ঘোৰা।
চক্ৰাকাৰ ফুৰে পাক বায়ু নোহে যোৰা॥ ৯৮৮
ৰথি সাৰথিও পাছে চেতনক পাইলা।
ৰথ পাক ফুৰে দেখি ইন্দ্ৰ ভয় ভৈলা॥
ৰথ থিৰ কৰিলন্ত মাতলি সাৰথি।
অৰ্জ্জুনৰ সম্মুখে ৰাখিলা মহাৰথী॥ ৯৮৯
বাছি বাছি অৰ্দ্ধচন্দ্ৰ গুণত চৰাইলা॥
মন্ত্ৰ পঢ়ি ক্ষুৰপতি প্ৰহাৰ কৰিলা॥
অৰ্জ্জুনৰ হিয়াত পৰিলা সেহি তালে।
পৃথিবী ফালিয়া শৰ পশিলা পাতালে॥ ৯৯০
সাগৰত স্নান কৰি শৰ সেইক্ষণে।
পুনু পশিলন্ত শৰ অৰ্জ্জুনৰ তূণে।
মাধৱক ইন্দ্ৰে শৰ কৰিলা প্ৰহাৰ।
চাৰিও ঘোৰাক শৰ মাৰিলা হাজাৰ॥ ৯৯১
শৰৰ প্ৰহাৰে চাৰি ঘোৰা ফুৰে পাক।
ৰথখান ফুৰে যেন কুমাৰৰ চাক॥
ৰথক কৰিলা থিৰ পাছে দামোদৰ।
ইন্দ্ৰৰ সম্মুখে ৰাখিলন্ত ৰথবৰ॥ ৯৯২

[ ১৯৯ ]

ইন্দ্ৰৰ প্ৰহাৰে পাছে কোপে সব্যসাচী।
নাৰায়ণ শৰ পাছে বীৰে লৈলা বাছি॥
শাৰঙ্গত যুৰি প্ৰহাৰিলা শৰ পাট।
জাজ্বল্য সমানে চলে মাৰুতৰ বাট॥৯৯৩
ইন্দ্ৰৰ হিয়াত পৰি ভেদি সেহি তালে।
পৃথিবী ফালিয়া শৰ পশিলা পাতালে॥
সাতো সাগৰত স্নান কৰি সেহিক্ষণে।
কৃষ্ণক প্ৰণামি শৰ পশিলন্ত তূণে॥৯৯৪
নাৰায়ণ শৰ পাতে বাসৱ জ্বলিলা।
প্ৰলয় কালৰ যেন অগনি বাঢ়িলা॥
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা শৰচয়।
সন্ধানে ভেদিলা যাই অৰ্জ্জুন হৃদয়॥৯৯৫
আৰু প্ৰহাৰিলা অসংখ্যাত দিব্য শৰ।
মাধৱৰ ভেদিলন্ত ব্ৰহ্ম কলেৱৰ॥
চৰাচৰ ব্ৰহ্মাদিৰ স্ৰজন ঈশ্বৰ।
তাহাঙ্ক প্ৰহাৰে শৰ ক্ৰোধে পুৰন্দৰ॥৯৯৬
হেন দেখি অৰ্জ্জুনৰ নসহিলা তনু।
বামহাতে ধৰিলন্ত শাৰঙ্গ যে ধনু॥
বিজম্ভৰ শৰ ধৰি কৰিলা সন্ধান।
আকাশে চলিলা শৰ জাজ্বল্য সমান॥৯৯৭
ইন্দ্ৰৰ হিয়াত শৰ পৰিলেক টানে।
ঢলিয়া পৰিলা যাই শৰৰ সন্ধানে॥

[ ২০০ ]

ইন্দ্ৰেও পীড়িত ভৈলা নাহিকে চেতন।
নলৰয় হাত ভৰি মৃতক সমান॥৯৯৮
ইন্দ্ৰক দেখিয়া পাছে মৃতকৰ নয়।
মাতলিৰ মনত মিলিলা মহা ভয়॥
দণ্ড চাৰি থাকি পাছে লভিলা চেতন।
শুভ শুভ কৰে দেখি যত দেৱগণ॥৯৯৯
ৰণ ছাৰি নযায় পাছে দেৱ পুৰন্দৰ।
অৰ্জ্জুনে লৈবাক আসে মোৰ স্বৰ্গপুৰ॥
এহি বুলি ইন্দ্ৰে বৰ ক্ৰোধত জ্বলিলা।
ব্ৰহ্মাৰ ডিবাৰ শৰ গুণত যুৰিলা॥১০০০
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা হৰিহয়।
বিম্বাদ শবদে শৰ আকাশে চলয়॥
আকাশত মেঘগণ কৰিয়া নিৰ্য্যান।
জাজ্বল্য সমানে চলে বহ্নি সম ঠান॥১০০১
দশোদিশ আকাশ ঢাকিলা সমুদায়।
মহাবেগে অস্ত্ৰে অৰ্জ্জুনক খেদি যায়॥
অৰ্জ্জুনে দেখন্ত খেদি আসে ব্ৰহ্মশৰ।
যুগান্ত কালৰ যেন বহ্নিৰ সঞ্চাৰ॥১০০২
অৰ্জ্জুনেও ব্ৰহ্মশৰ কৰিলা প্ৰহাৰ।
বিধুম অগনি হুই চলিল সত্বৰ॥
মনোজয় বেগে খেদি ইন্দ্ৰ-শৰ পাই।
আকাশতে ইন্দ্ৰ-শৰ কৰিলন্ত ক্ষয়॥১০০৩

[ ২০১ ]

অৰ্জ্জুনৰ শৰ পাছে শীঘ্ৰ কৰি আইলা।
অৰ্জ্জুনৰ তূণে যাই প্ৰবেশ কৰিলা॥
অস্ত্ৰ ছন্ন ভৈলা দেখি অদিতী তনয়।
ক্ৰোধত কম্পয় যেন কালান্তক নয়॥১০০৪
অসংখ্যাত ক্ষুৰপতি পঠাইলেক হানি।
আকাশ গগন দশোদিশে যায় চানি॥
অৰ্জ্জুনৰ হিয়াত পৰিলা নিৰন্তৰে।
পুনু সেই শৰ আসি ইন্দ্ৰ-হাতে চৰে॥১০০৫
সেহি শৰ ধৰি প্ৰহাৰয় হৰিহয়।
বাৰে বাৰে ভেদিলন্ত অৰ্জ্জুন-হৃদয়॥
মনোজয় বেগে পাছে শীঘ্ৰে যায় শৰ।
পুনু পুনু প্ৰহাৰ কৰন্ত পুৰন্দৰ॥১০০৬
হেন দেখি অৰ্জ্জুনেও প্ৰহাৰিলা শৰ।
ইন্দ্ৰৰ হৃদয়ে ভেদিলন্ত দৃঢ়তৰ॥
পাছে দুয়ো বীৰে শৰ প্ৰহাৰয় ৰাগে।
দুহান শৰীৰ বিদৰন্ত সেই চেগে॥১০০৭
একেবাৰে দুয়ো শৰ কৰিলা প্ৰহাৰ।
কোটি কোটি লক্ষে লক্ষে হাজাৰে হাজাৰ॥
অথাকে হানন্ত দুয়ো বীৰে দিব্য শৰ।
দিশ পাশ আকাশ ঢাকিলা নিৰন্তৰ॥১০০৮
যেন মেঘে বৰিষন্ত গগন মণ্ডলে।
সেই মতে দুয়ো শৰ প্ৰহাৰন্ত বলে॥

[ ২০২ ]

দিবসতে ৰাত্ৰি ভৈলা ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥১০০৯
ব্ৰহ্মা আদি দেৱগণ বিস্ময় যে ভৈলা।
সাধু সাধু কৰি সবে প্ৰশংসিবে লৈলা॥
দুয়ো বীৰ অজয় বিজয় ধনুৰ্দ্ধৰ।
দুইৰো সম বীৰ নাই ত্ৰৈলোক্য ভিতৰ॥১০১০
সেহি বেলা দুয়ো শৰ কৰিলা প্ৰহাৰ।
দুইৰো দুয়ো শৰচয় কৰয় সংহাৰ॥
শৰ ছন্ন কৰি দিন কৰিলা প্ৰসন্ন।
দশোদিশ ঢাকি তেবে বহয় পবন॥১০১১
দুইকো দুই শৰ কৰিলন্ত মহাবলে।
হৃদয় বিদাৰি শৰ পশয় পাতালে॥
চেদ ভেদ নাই দুয়ো মাৰে যত শৰ।
অবিচ্ছেদে ভেদয় দুহান কলেৱৰ॥১০১২
দুয়ো বীৰে ক্ৰোধে প্ৰহাৰয় শৰচয়।
হৃদয় বিদাৰি শৰ পাতালে পশয়॥
দুইৰো হাতে সেই শৰ হৱে উপসন্ন।
সেহি শৰ ধৰি দুয়ো কৰয় সন্ধান॥১০১৩
যেন যুদ্ধ ভৈলা পূৰ্ব্বে ৰাম ৰাৱণৰ।
যেন যুদ্ধ ভৈলা হৰি সমে শঙ্কৰৰ॥
ত্ৰিপুৰ সহিতে যেন যুঁজিলন্ত হৰ।
ততোধিক যুদ্ধ ভৈলা ইন্দ্ৰ অৰ্জ্জুনৰ॥১০১৪

[ ২০৩ ]

মহাচিত্ৰ বিচিত্ৰ প্ৰহাৰে দিব্য শৰ।
মহা তীক্ষ্ণতৰ যেন চক্ৰ মাধৱৰ॥
মহাক্ৰোধে দুয়ো শৰ মাৰন্ত অপাৰ।
দুহান শৰীৰে পৰে বজ্ৰৰ প্ৰহাৰ॥১০১৫
দুইৰো শৰীৰ তেজে ৰঙ্গা বৰ্ণ ভৈলা।
অশোক মদাৰ যেন পলাস ফুলিলা॥
যেন মেৰু পৰ্ব্বতৰ গেৰু বহি যায়।
সেহি মতে দুহান্তৰ ৰুধিৰ বজায়॥১০১৬
পাছে ধনঞ্জয় বীৰে শাৰঙ্গক টানি।
চয় দিব্য শৰ পাছে পঠাইলেক হানি॥
বৰ বেগে যাই শৰ হিয়াত পৰিলা।
পৃথিবী পাতাল ভেদি শীঘ্ৰে আসি পাইলা॥১০১৭
মাতলিক হানিলেক এক শৰ টানে।
সাৰথি পৰিলা ঢলি শৰৰ সন্ধানে॥
সাৰথি পৰিল দেখি ইন্দ্ৰ সুৰপতি।
ক্ৰোধত তুলিয়া লৈলা দুৰ্জ্জয় শকতি॥১০১৮
আৰু পাঞ্চ অৰ্দ্ধচন্দ্ৰ গুণত চৰাইলা।
কৰ্ণমানে ধনু টানি প্ৰহাৰি পঠাইলা॥
অৰ্জ্জুনেও শৰচয় প্ৰহাৰিলা ডাটি।
ইন্দ্ৰৰ হাতৰ শূল পেলাইলা কাটি॥১০১৯
শূল কাটি অৰ্জ্জুনে মাৰিলা দশ শৰ।
মহাবেগে চলে শৰ গগন ভিতৰ॥

[ ২০৪ ]

ইন্দ্ৰে যে দেখ শৰ আসে বেগে ধাই।
শৰচয় কাটি বীৰে কৰিলন্ত ক্ষয়॥১০২০
অৰ্জ্জুনৰ শৰ ক্ষয় কৰি সুৰপতি।
বিষ্ণুৰ ডিবাৰ শৰ ধৰিলা সম্প্ৰতি॥
ৰাক্ষস অসুৰ দৈত্য বধিবে কাৰণে।
সেই শৰ আপুনি দিলন্ত নাৰায়ণে॥১০২১
বিষ্ণুমন্ত্ৰ পঢ়ি শৰ গুণত চৰাইলা।
আকৰ্ণ পুৰিয়া ইন্দ্ৰে হানিয়া পঠাইলা॥
জাজ্বল্য সমানে চলে বহ্নি সম জ্বলি।
অৰ্জ্জুনৰ হিয়াত পৰিলা হলহলি॥১০২২
হৃদয় বিদাৰি শৰ পশিলা পাতালে।
সাগৰত স্নান কৰি আসিলা সত্বৰে।
শৰৰ প্ৰহাৰে বীৰ কৰে তলবল।
ঢলিয়া পৰিলা যেন পৰ্ব্বত সচল॥১০২৩
ক্ষণেকে চেতন পাই উঠি বীৰবৰ।
ক্ৰোধত জ্বলিলা যেন বহ্নি প্ৰলয়ৰ॥
সেহি বেলা শাৰঙ্গ ধনুক ধৰি কৰে।
ইন্দ্ৰক ভেদিলা বীৰে তিনি কোটি শৰে॥১০২৪
মাধৱে বোলন্ত সখি মোৰ বাক্য ধৰা।
সম্মুখ সমৰে ইন্দ্ৰে বিৰথী যে কৰা।
বিৰথী কৰিয়া সখা সাধা মোৰ কাৰ্য্য।
সম্মুখ সমৰে ইন্দ্ৰ হৌক ঘোৰ লাজ॥১০২৫

[ ২০৫ ]

পাছে ইন্দ্ৰক যে মাৰিবাহা শৰচয়।
বিহ্বল হৈবেক পাছে কাশ্যপ তনয়॥
মাধৱৰ বচনে অৰ্জ্জুন বীৰ বৰ।
প্ৰহাৰ কৰিলা পাঞ্চ হাজাৰেক শৰ॥১০২৬
পাঞ্চ পাঞ্চ শৰে বীৰে ঘোৰাক ভেদিলা।
নলৰে নচৰে ঘোৰা মন্দগতি ভৈলা॥
সাৰথিক মাৰিলন্ত দিব্য শৰ শত।
মাতলি পৰিলা ঢলি শ্ৰুতি ভৈলা হত॥১০২৭
পাছে ইন্দ্ৰক যে শৰ কৰিতে নেদিলা।
ক্ষুৰপতি শৰে বীৰে ধনুক কাটিলা॥
আৰু দিব্য শৰ আনি গুণত চৰাইলা।
আকৰ্ণ পূৰিয়া বীৰে হানিয়া পঠাইলা॥১০২৮
অৰ্জ্জুনৰ শৰে যাই ভেদিলেক টানে।
বিমুৰ্চ্ছিত ভৈলা ইন্দ্ৰ শৰৰ সন্ধানে॥
কতোবেলি চেতন লভিলা হৰিহয়।
বিৰথী বিধনু দেখি কম্পিলা হৃদয়॥১০২৯
সেহি বেলা মাতলিও লভিলা চেতন।
ঘোৰাত দিলেক বাৰি পলাইবাক মন॥
নলৰে নচৰে ঘোৰা চাবুকৰ বাৰি।
হেন দেখি মাতলিৰ হৃদি গৈলা লৰি॥১০৩০
মাধৱে বোলন্ত সখি শুনা ধনঞ্জয়।
বিৰথী বিধনু হৌক মাৰা শৰচয়॥

[ ২০৬ ]

কোটি কোটি লক্ষে লক্ষে হাজাৰে হাজাৰ।
ইন্দ্ৰক ঢাকিয়া শৰ কৰয় প্ৰহাৰ॥১০৩১
ইন্দ্ৰৰ শৰীৰে যাই ফুটিলেক বাণে।
জৰ্জ্জৰিত ভৈলা বীৰ শৰৰ সন্ধানে॥
সেহি বেলা মাতলিও শীঘ্ৰ কৰি যাই।
এক দিব্য ৰথ আনি দিলেক সিঠাই॥১০৩২
ইন্দ্ৰৰ আগত নিয়া যোগাইলা সাৰথি।
সেই ৰথে চৰিলন্ত ইন্দ্ৰ মহাৰথী॥
দিব্য এক ধনু ধৰি কৰিলা টঙ্কাৰ।
শবদে পূৰিলা যাই স্বৰ্গৰ দুৱাৰ॥১০৩৩
দশ পাত নৰাচ যে শীঘ্ৰ কৰি আনি।
প্ৰহাৰ কৰিলা বীৰে দিব্য ধনু টানি॥
অৰ্জ্জুনৰ হিয়া বিদাৰিলা বৰ টানে।
আকাশ চাৰিয়া শৰ চলয় গগনে॥১০৩৪
হেন দেখি অৰ্জ্জুনৰ নসহিলা তনু।
মাধৱৰ ধৰিলা শাৰঙ্গ দিব্য ধনু॥
মহাবেগে যাই শৰ ইন্দ্ৰৰ যে পাশ।
দশ শৰ মাৰি ধীৰে কৰিলন্ত নাশ॥১০৩৫
ইন্দ্ৰ-শৰ সংহৰিয়া বীৰ ধনঞ্জয়।
ইন্দ্ৰক হানিলা বেগে দিব্য শৰচয়॥
আকাশে চলিলা শৰ বহ্নি শিখা প্ৰায়।
ইন্দ্ৰৰ হিয়াত পৰিলন্ত বেগে যাই॥১৩৩৬

[ ২০৭ ]

শৰ ঘাৱে ইন্দ্ৰদেৱ ভৈলেক বিশ্ৰুতি।
ক্ষণেকে চেতন পাই ইন্দ্ৰ সুৰপতি॥
ইন্দ্ৰশ্ৰুতি পাইলা দেখি বীৰ ধনঞ্জয়।
পুনু দশ শৰ মাৰি ভেদিলা হৃদয়॥১৩৩৭
এক দিব্য শৰ মাৰি ধনুক চেদিলা।
অৰ্দ্ধচন্দ্ৰ শৰ মাৰি ধ্বজক কাটিলা॥
চাৰি শৰ মাৰিয়া মাৰিলা চাৰি হয়।
কুৰি শৰে ভেদিলন্ত সাৰথি-হৃদয়॥১০৩৮
ৰথ ধনু নাই দেখি দেৱ সুৰপতি।
মৰণ সদৃশ ভৈলা ৰণত সম্প্ৰতি॥
কি কৰিবে ইন্দ্ৰে পাছে মনত গুণিলা।
অৰ্জ্জুনক আগে দেখি হৃদয় কম্পিলা॥১৩৯
পাছে সুৰপতি এক উপায় গুণিলা।
দিব্য খড়্গ ধৰি পাছে অৰ্জ্জুনক ধাইলা॥
মহাকোপে অৰ্জ্জুনক ইন্দ্ৰে খেদি যায়।
স্বৰ্গ মহী সাগৰ খলকে গিৰি সাই॥১০৪০
সাতো সাগৰৰ ঢউ পৰ্ব্বত সচল।
মেৰু গিৰী কম্পিয়া কৰয় তলবল॥
বিস্ময় যে হুয়া চাহি আচে ব্ৰহ্মা হৰ।
অৰ্জ্জুনক খেদি কোপে যায় পুৰন্দৰ॥১০৪১
অৰ্জ্জুনে দেখন্ত ইন্দ্ৰে মোক আসে ধাই।
খড়্গ ধৰি খেদি আসে দেখি লাগে ভয়॥

[ ২০৮ ]

এহি বুলি ক্ষুৰপতি হানিলেক ডাটি।
ইন্দ্ৰৰ হাতত খড়্গ পেলাইলেক কাটি॥১০৪২
খড়্গ কাটি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
ধনুত যুৰিলা আনি শতাধিক শৰ॥
আকৰ্ণ পূৰিয়া শৰ হানিয়া পঠাইলা।
বিষাদ শবদে শৰে বাসৱক ধাইলা॥১০৪৩
ইন্দ্ৰৰ হিয়াত শৰ ভেদিলেক টানে।
বিহ্বল ভৈলেক ইন্দ্ৰ শৰৰ সন্ধানে॥
বাচি বাচি আৰু অৰ্দ্ধচন্দ্ৰ শৰ আনি।
প্ৰহাৰ কৰিলা বীৰে শাৰঙ্গক টানি॥১০৪৪
ইন্দ্ৰৰ হিয়াত শৰ পৰি দৃঢ়তৰ।
ভেদিলা নিঃসন্ধি যাই ইন্দ্ৰ কলেৱৰ॥
অৰ্ব্বুদ নিৰ্ব্বুদ আৰু হানে শৰচয়।
ক্ষয় বয় নাহি শৰ হানে ধনঞ্জয়॥১০৪৫
নিঃসন্ধি কৰিয়া যায় অৰ্জ্জুনৰ শৰ।
ইন্দ্ৰৰ ভেদিলা যাই দিব্য কলেৱৰ॥
মাধৱে বোলন্ত সখি শুনা বীৰবৰ।
ধনুত যুৰিয়ো আনি অজ ব্ৰহ্ম শৰ॥১০৪৬
শীঘ্ৰ কৰি যোবা সখি বিলম্ব নকৰ।
অস্ত্ৰ দেখি হৈবে ব্ৰহ্মা শঙ্কৰৰ ডৰ।
নিমিষে কৰিবে পাৰে ত্ৰৈলোক্য সংহাৰ।
শীঘ্ৰ কৰি যোৰা সখি পাণ্ডুৰ কুমাৰ॥১০৪৭

[ ২০৯ ]

মাধৱৰ বচনে অৰ্জ্জুন মহাবলী।
ঘৃতৰ সংযোগে যেন অগ্নি গৈলা জ্বলি॥
সেহি মতে ক্ৰোধত জ্বলিলা বীৰবৰ।
ধনুত যুৰিলা আনি অজ ব্ৰহ্ম শৰ॥১০৪৮
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
অজ ব্ৰহ্ম শৰ জানা আপুনি ঈশ্বৰ॥
ধনুত যোৰন্তে শৰ মূৰ্ত্তিমন্ত ভৈলা।
মেৰু মণ্ডৰৰ সম কায় বাঢ়ি গৈলা॥১০৪৯
বিশ্বৰূপ ধৰি হৰি অস্ত্ৰ আগে ৰৈলা।
ভয়ঙ্কৰ মুখ মেলি গৰ্জ্জিবাক লৈলা॥
সেহি বেলা মুখ ভৈলা দন্ত চক্ষু কৰ্ণ।
লহ লহ জিহ্বা দেখি অগনিৰ বৰ্ণ॥১০৫০
পাছে চৰাচৰ প্ৰাণী মুখে আসে যায়।
মহাভয় হুই ব্ৰহ্মাহৰে আছে চাই॥
স্বৰ্গ মহী পাতাল যে সপত সাগৰ।
চন্দ্ৰ সূৰ্য্য ইন্দ্ৰ আদি দেৱ নিৰন্তৰ॥১০৫১
কাশ্যপ অনন্ত সমে সৰ্প আছে যত।
সবাকে দেখন্ত ব্ৰহ্মা অস্ত্ৰৰ গৰ্ভত॥
ৰাক্ষস অসুৰ যক্ষ পিশাচ আছে যত।
সুৰ নৰ মুনি সিদ্ধ নক্ষত্ৰ সমস্ত॥১০৫২
তৰু তৃণলতা বৃক্ষ পৰ্ব্বত যতেক।
অস্ত্ৰৰ গৰ্ভত ব্ৰহ্মা দেখন্ত প্ৰত্যেক॥

[ ২১০ ]

বৃষভত বসি ৰঙ্গে দেৱ মহেশ্বৰ।
হংসত দেখয় আপোনাক সৃষ্টি কৰ॥১০৫৩
কোটি কোটি ব্ৰহ্মাণ্ডক ব্ৰহ্মায়ে দেখন্ত।
মহা জ্যোতিৰ্ম্ময় হুই অস্ত্ৰ যে জ্বলন্ত॥
সেহি বেলা অস্ত্ৰ মহা জ্যোতিৰ্ম্ময় ভৈলা।
কোটি কোটি ৰবি শশী যেন দেখা দিলা॥১০৫৪
অস্ত্ৰৰ যে মহাৰশ্মি চক্ষুত লাগিলা।
চক্ষু ফুটে বুলি লোকে চক্ষুক ঢাকিলা॥
ব্ৰহ্মা হৰ আদি কৰি চক্ষু ঢাকি ধৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥১০৫৫
নমো নমো নাৰায়ণ তোমাৰ চৰণ।
অগতিৰ গতি প্ৰভু তুমি নিৰঞ্জন॥
চদ্মৰূপে অস্ত্ৰ হুয়া আছা দেৱ হৰি।
অস্ত্ৰৰ মূৰ্ত্তিক দেখি আমি যাওঁ মৰি॥১০৫৬
ৰাখা ৰখা প্ৰভু যে আমাৰ তুমি প্ৰাণ।
নামাৰাইবা তুমি অৰ্জ্জুনৰ হাতে বাণ॥
ইন্দ্ৰক লাগিয়া শৰ নকৰা প্ৰহাৰ।
ইন্দ্ৰ সমে আমাক যে কৰিবে সংহাৰ॥১০৫৭
এহি বুলি ব্ৰহ্মা সমে দেৱ পশুপতি।
কৃষ্ণৰ আগত দেৱ সমে কৰে স্তুতি॥
কোটি কোটি ব্ৰহ্মাণ্ডক স্ৰজা নাৰায়ণ।
তোমাৰ পালন আমি ব্ৰহ্মা ত্ৰিনয়ন॥১০৫৮

[ ২১১ ]

তোমাৰেতো পুত্ৰ ভৈলা ব্ৰহ্মা বিষ্ণু হৰ।
তোমাৰেতো ভৃত্য আমি তিনিও কিঙ্কৰ॥
কোটি কোটি ব্ৰহ্মাণ্ডৰ তুমি নাৰায়ণ।
তোমাৰ চৰণে জানি পশিলোঁ শৰণ॥১০৫৯
ইন্দ্ৰ আদি তোমাৰ যে সবে দেৱ চয়।
আকে জানি আমাক ৰাখিয়া কৃপাময়॥
নমোঁ নমোঁ প্ৰভু দেৱ ঈশান শ্ৰীহৰি।
ইন্দ্ৰক ৰাখিয়োঁ প্ৰভু চৰণে সম্বৰি॥১০৬০
শত্ৰু মিত্ৰ উদাসীন সবাতে সমান।
বায়ুৰূপ হুই আছা সবাৰ যে প্ৰাণ॥
তথাপিতো দুষ্টক যে কৰা তুমি ছন্ন।
সান্তক কৰাহা তুমি সঘনে পালন॥১০৬১
নিন্দিবাৰ ফল যত পাইলা হৰিহয়।
অভয় চৰণ তলে ৰাখা কৃপাময়॥
দহো দহো কৰে অস্ত্ৰ চৈধ্যয় ভুবন।
ব্ৰহ্মা বিনে কেহোঁ একো নোবোলে বচন॥১০৬২
ৰাখা ৰাখা বুলি ব্ৰহ্মা নোতোলন্ত শীৰ।
মহাভয় হুয়া স্তুতি কৰে ধীৰে ধীৰ॥
আৰু স্তুতি নতি ব্ৰহ্মা কৰিলা বিস্তৰ।
ব্ৰহ্মাৰ স্তুতিক শুনি হাসে দামোদৰ॥১০৬৩
মাধৱে বোলন্ত সখি শুনিয়ো অৰ্জ্জুন।
বিনাশিবে পাৰে শৰে চৈধ্যয় ভুবন॥

[ ২১২ ]

শীঘ্ৰে আসি সম্বৰিয়ো অজ ব্ৰহ্ম শৰ।
ব্ৰহ্মাহৰ সমে ভৈলা ত্ৰিদশৰ ডৰ॥১০৬৪
মাধৱৰ বচনে অৰ্জ্জুনৰ ৰঙ্গ ভৈলা।
অজ ব্ৰহ্ম শৰ বীৰে তূণে সোমাই থৈলা॥
যেহি বেলা নিজ শৰ তূণে বীৰে থৈলা।
সেহি বেলা দেৱতাৰ ধাতু আসি পাইলা॥১০৬৫
জয় জয় বুলি দেৱে জোকাৰ পাৰিলা।
শুভ শুভ বুলি দেৱে পুষ্প বৰষিলা॥
পুষ্প বৰষিলা দেৱে দণ্ডৱতে পৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥১০৬৬
নমোঁ নমোঁ কৃষ্ণ প্ৰভু অজ ব্ৰহ্ম হৰি।
পূৰ্ণ ব্ৰহ্ম ৰূপে আছা ব্ৰহ্মাণ্ডক ধৰি॥
প্ৰকৃতি পুৰুষৰূপে প্ৰভু নাৰায়ণ।
মহা লীলা কৰি স্ৰজা চৈধ্যয় ভুবন॥১০৬৭
চৰাচৰ প্ৰাণী সব পশুপক্ষী চয়।
তুমি সে স্ৰজিয়া আছা দেৱ কৃপাময়॥
চৰাচৰ ইন্দ্ৰ আদি যত দেৱগণ।
তোমাৰ শৰীৰে হৈছে সবাৰ উৎপন্ন॥১০৬৮
এতেকে ইন্দ্ৰক প্ৰতি ক্ৰোধ এৰা হৰি।
ইন্দ্ৰক ৰাখিয়ো প্ৰভু চৰণে সম্বৰি।
ব্ৰহ্মাৰ বচনে পাছে প্ৰভু নাৰায়ণ।
মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন॥১০৬৯

[ ২১৩ ]

ব্ৰহ্মা হৰ সমে শুনা সবে দেৱগণে।
ইন্দ্ৰে নিন্দিলাহা মোক স্বৰ্গৰ ভুৱনে॥
এহিসে কাৰণে মই আসিলোহোঁ ধাই।
সমৰে কৰিলোঁ ইন্দ্ৰক বিৰথী পৰায়॥১০৭০
আৰ যেন গৰ্ব্ব নকৰয় পুৰন্দৰ।
মহা সুখে থাকা ইন্দ্ৰ স্বৰ্গৰ ভিতৰ॥
ব্ৰহ্মাৰ ইঙ্গিতে পাছে দেৱ পুৰন্দৰ।
কৃষ্ণৰ পাৱত যাই পৰিলা সত্বৰ॥১০৭১
ইটো ঘোৰ দোষ মৰষিয়ো দামোদৰ।
তোমাক নিন্দিলোঁ মই পাপী পুৰন্দৰ॥
মোৰ সম মূঢ় জন নাহিকে স্বৰ্গত।
তোমাক নিন্দিলোঁ মই ঐশ্বৰ্য্য গৰ্ব্বত॥১০৭২
ইপাকৰ দোষ মোৰ ক্ষমা দেৱ হৰি।
অৰুণ চৰণ তলে লৈয়ো দাস কৰি॥
তোমাৰ ক্ৰোধত প্ৰভু হেৰা হওঁ ছন্ন।
ইপাকৰ দোষ মোৰ ক্ষমা নাৰায়ণ॥১০৭৩
ব্ৰহ্মা হৰ আদি কৰি তোমাৰ স্ৰজন।
তুমি পূৰ্ণ ব্ৰহ্ম হৰি আদি নিৰঞ্জন॥
এতেকে তোমাক জানি পশিলোঁ শৰণ।
মোক ৰক্ষা কৰা হৰি পুৰুষ পুৰাণ॥১০৭৪
তুমি বিনে প্ৰভু কোনে ৰাখিবে আমাক।
বলিক খেদাই পূৰ্ব্বে দিলা স্বৰ্গ লোক।

[ ২১৪ ]

ইটো ৰূপ নাজানিয়া প্ৰভু দেৱ হৰি।
তোমাক নিন্দিলোঁ স্বৰ্গে মহা ক্ৰোধ কৰি॥১০৭৫
নমোঁ নমোঁ প্ৰভু মোক দিয়োক নিৰ্ভয়।
তোমাৰ চৰণে পৰি আছোঁ হৰিহয়॥
এহি বুলি স্তুতি নতি কৰিয়া ভকতি।
কৃষ্ণৰ চৰণে পৰি আছে সুৰপতি॥১০৭৬
ইন্দ্ৰৰ স্তুতিক শুনি হাঁসে নাৰায়ণ।
ইন্দ্ৰক সম্বুদ্ধি হৰি বুলিলা বচন॥
উঠা উঠা সুৰপতি বৰ তুষ্ট ভৈলোঁ।
তোহোক লাগিয়া ক্ৰোধ সকলো এৰিলোঁ॥১০৭৭
হয় হস্তী ৰথ সৈন্য যত ভৈলা ছন্ন।
তাহাক জীয়াইবে লাগি কৰিয়ো যতন॥
যম দণ্ড আদি কৰি অস্ত্ৰ শস্ত্ৰ যত।
অৰ্জ্জুনে কাটিয়া আছে দুৰ্ঘোৰ ৰণত॥১০৭৮
খড়্গ চৰ্ম্ম পাশা শক্তি শূল মহেশৰ।
পূৰ্ব্বক সমান হৌক স্পৰ্শে অমৃতৰ॥
এতেকে অমৃত ইন্দ্ৰ কৰা বৰিষণ।
সকলে জীবেক মই বুলিলোঁ বচন॥১০৭৯
একে মাত্ৰ নিজীয়ে ৰাক্ষস দশ জন।
আতপৰে জীবে সবে বুলিলোঁ বচন॥
ৰাক্ষসৰ দেৱতাৰ কিসৰ সম্বন্ধ।
ৰাক্ষসে কৰয় সবে দেৱতাক মন্দ॥১০৮০

[ ২১৫ ]

এহি দশ ৰাক্ষসক এৰি পুৰন্দৰ।
শীঘ্ৰ কৰিয়োক যাই বৃষ্টি অমৃতৰ॥
মাধৱৰ বচনে যে সহস্ৰ লোচন।
কৰিবে লাগিলা পাছে অমৃত বৰিষণ॥১০৮১
মৰা সৱ হয় হস্তী যত দেৱগণ।
অমৃত পৰিয়া সবে লভিলা চেতন॥
ধনু বাণ তূণ বীৰে কাটিছিল যত।
অমৃত পৰিয়া সবে ভৈলা পূৰ্ব্ববত॥১০৮২
যাৰ ৰথ সেহি দেৱ তাহাতে চৰিলা।
যাৰ অস্ত্ৰ শস্ত্ৰ তাৰ তূণত পশিলা॥
এহি মতে মৰা দেৱগণ সবে জীলা।
হেন দেখি ইন্দ্ৰ দেৱ মহা ৰঙ্গ ভৈলা॥১০৮৩
ব্ৰহ্মা হৰ সিদ্ধ মুনি আছে ৰঙ্গে চাই।
অমৃত বৰ্ষণে জীলা সবে দেৱ চয়।
মাধৱ বদতি শুনা কাশ্যপ নন্দন।
ঈশান কুবেৰ সমে জীলা দেৱগণ॥১০৮৪
আৰ যেন গৰ্ব্ব নকৰয় পুৰন্দৰ।
অগৰ্ব্বে থাকিবা তুমি স্বৰ্গৰ ভিতৰ॥
যত উৎপাত তই কৰিলি পূৰ্ব্বত।
সকলো সহিলোঁ মই জানা স্বৰূপত॥১০৮৫
পৃথিবীত আৰ মই না থাকোঁ সতত।
আকে জানি আৰ নকৰিবি উতপাত॥

[ ২১৬ ]

মনুষ্য বৎসৰ আবে শুনা পুৰন্দৰ।
বাৰ মাসে হোৱে আসি মনুষ্য বৎসৰ॥১০৮৬
আকে জানি মাহ চয় কৰা বৰিষণ।
মাহ চয় এৰিবাহা সহস্ৰ লোচন॥
যদি বাৰ মাসে বৃষ্টি কৰা মহাবল।
চৰাচৰ বসুমতী সবে যাইবে তল॥১০৮৭
শিশিৰৰ ধাৰে তুমি কৰা বৰিষণ।
শস্য মৎস্য তেবেসে হৈবেক উৎপন্ন॥
সদায় প্ৰহাৰ তুমি নকৰা বজ্ৰৰ।
মোৰ এহি বাক্য ধৰি থাকা পুৰন্দৰ॥১০৮৮
প্ৰাণীক লাগিয়া বজ্ৰ নাহানিবি তই।
মোৰ এহি বাক্য ধৰি থাকা হৰিহয়॥
ব্ৰহ্মায়ে বোলন্ত শুনা দেৱ পুৰন্দৰ।
মাধৱে শিকাইলা তোক পুত্ৰ সম সৰ॥১০৮৯
মাধৱৰ বচন নেৰিবি হৰিহয়।
মহা সুখে স্বৰ্গ ভোগ কৰিবি নিশ্চয়॥
যদি মাধৱৰ বাক্য এৰা সুৰপতি।
স্বৰ্গ ভোগ নাপাই তই যাবি অধোগতি॥১০৯০
এহি বুলি ব্ৰহ্মা পাছে মৌন হুয়া ৰৈলা।
মাধৱে ইন্দ্ৰক চাই বুলিবাক লৈলা॥
মাধৱে বোলন্ত শুনিয়োক দেৱৰাজ।
অমৃত মথন্তে বৰ কৰিছা অকাজ॥১০৯১


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )