পৃষ্ঠা:দেৱজিত.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
দেৱজিত।

অৰ্জ্জুনৰ শৰ পাছে শীঘ্ৰ কৰি আইলা।
অৰ্জ্জুনৰ তূণে যাই প্ৰবেশ কৰিলা॥
অস্ত্ৰ ছন্ন ভৈলা দেখি অদিতী তনয়।
ক্ৰোধত কম্পয় যেন কালান্তক নয়॥১০০৪
অসংখ্যাত ক্ষুৰপতি পঠাইলেক হানি।
আকাশ গগন দশোদিশে যায় চানি॥
অৰ্জ্জুনৰ হিয়াত পৰিলা নিৰন্তৰে।
পুনু সেই শৰ আসি ইন্দ্ৰ-হাতে চৰে॥১০০৫
সেহি শৰ ধৰি প্ৰহাৰয় হৰিহয়।
বাৰে বাৰে ভেদিলন্ত অৰ্জ্জুন-হৃদয়॥
মনোজয় বেগে পাছে শীঘ্ৰে যায় শৰ।
পুনু পুনু প্ৰহাৰ কৰন্ত পুৰন্দৰ॥১০০৬
হেন দেখি অৰ্জ্জুনেও প্ৰহাৰিলা শৰ।
ইন্দ্ৰৰ হৃদয়ে ভেদিলন্ত দৃঢ়তৰ॥
পাছে দুয়ো বীৰে শৰ প্ৰহাৰয় ৰাগে।
দুহান শৰীৰ বিদৰন্ত সেই চেগে॥১০০৭
একেবাৰে দুয়ো শৰ কৰিলা প্ৰহাৰ।
কোটি কোটি লক্ষে লক্ষে হাজাৰে হাজাৰ॥
অথাকে হানন্ত দুয়ো বীৰে দিব্য শৰ।
দিশ পাশ আকাশ ঢাকিলা নিৰন্তৰ॥১০০৮
যেন মেঘে বৰিষন্ত গগন মণ্ডলে।
সেই মতে দুয়ো শৰ প্ৰহাৰন্ত বলে॥

১৮