পৃষ্ঠা:দেৱজিত.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
দেৱজিত।

মনুষ্য বৎসৰ আবে শুনা পুৰন্দৰ।
বাৰ মাসে হোৱে আসি মনুষ্য বৎসৰ॥১০৮৬
আকে জানি মাহ চয় কৰা বৰিষণ।
মাহ চয় এৰিবাহা সহস্ৰ লোচন॥
যদি বাৰ মাসে বৃষ্টি কৰা মহাবল।
চৰাচৰ বসুমতী সবে যাইবে তল॥১০৮৭
শিশিৰৰ ধাৰে তুমি কৰা বৰিষণ।
শস্য মৎস্য তেবেসে হৈবেক উৎপন্ন॥
সদায় প্ৰহাৰ তুমি নকৰা বজ্ৰৰ।
মোৰ এহি বাক্য ধৰি থাকা পুৰন্দৰ॥১০৮৮
প্ৰাণীক লাগিয়া বজ্ৰ নাহানিবি তই।
মোৰ এহি বাক্য ধৰি থাকা হৰিহয়॥
ব্ৰহ্মায়ে বোলন্ত শুনা দেৱ পুৰন্দৰ।
মাধৱে শিকাইলা তোক পুত্ৰ সম সৰ॥১০৮৯
মাধৱৰ বচন নেৰিবি হৰিহয়।
মহা সুখে স্বৰ্গ ভোগ কৰিবি নিশ্চয়॥
যদি মাধৱৰ বাক্য এৰা সুৰপতি।
স্বৰ্গ ভোগ নাপাই তই যাবি অধোগতি॥১০৯০
এহি বুলি ব্ৰহ্মা পাছে মৌন হুয়া ৰৈলা।
মাধৱে ইন্দ্ৰক চাই বুলিবাক লৈলা॥
মাধৱে বোলন্ত শুনিয়োক দেৱৰাজ।
অমৃত মথন্তে বৰ কৰিছা অকাজ॥১০৯১