সমললৈ যাওক

পৃষ্ঠা:দেৱজিত.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
দেৱজিত।

তুমি বিনে মাধৱ নাহিকে মোৰ আৰ।
এহি বুলি সাগৰে কৰিলা নমস্কাৰ॥ ৭৯
কৃষ্ণৰ আগত পৰি আছন্ত সমুদ্ৰ।
সাগৰত পৰি যেন আছে নদী ক্ষুদ্ৰ॥
দণ্ডৱতে পৰিয়া সাগৰে কৰ যুৰি।
কৃষ্ণৰ চৰণে স্তুতি নতি ভক্তি কৰি॥ ৮০
সাগৰৰ স্তুতিত হাসিলা নাৰায়ণ।
সাগৰক দেখি বোলে গম্ভীৰ বচন॥
উঠা উঠা সাগৰক বোলে দেৱ হৰি।
সাগৰক তুলিলন্ত নিজ কৰে ধৰি॥ ৮১
মাধৱ বদতি তুমি শুনিয়ো সাগৰ।
তোমাৰ স্তুতিত তুষ্ট ভৈলোঁ মই বৰ॥
সত্যে সত্যে বোলোঁ মই শুনা দৃঢ় বাক।
ইন্দ্ৰক জিনিয়া দিবো তোমাৰ ভাৰ্য্যাক॥ ৮২
তোমাৰ কাৰ্য্যক মই সাধিবোহোঁ যাই।
বংশক সংহৰি পচে যাইবো নিজালয়॥
ইন্দ্ৰক জিনিয়া মই থাকোঁ মহাশয়।
তাত পাচে যাইবো মই বৈকুণ্ঠ নিলয়॥ ৮৩
হেন শুনি সাগৰৰ ৰঙ্গ ভৈলা বৰ।
কৃষ্ণক সম্বুধি পাচে দিলন্ত উত্তৰ॥
আৰ এক গোচৰ শুনিয়ো দামোদৰ।
সমুদ্ৰ মাজত প্ৰভু কৰিয়ো নগৰ॥ ৮৪