পৃষ্ঠা:দেৱজিত.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
দেৱজিত।


ব্ৰহ্মা আসিলেক পাচে হংস যানে চৰি।
বিষ্ণুদেৱ আসিলন্ত গড়ুৰত লৰি॥
বৃষভত চৰি পাচে আসিলন্ত হৰ।
আকাশত ৰৈলা সবে চাহিবে সমৰ॥৪২০
ডম্বৰু সহিতে আসিলন্ত দেৱ ঋষি।
নাৰদ আসিলা যুদ্ধ চাহিবে হৰিষি॥
ব্ৰহ্মা সমে দেৱগণ আসি ৰঙ্গ মনে।
যুদ্ধ চাহিবাক লাগি ৰৈলন্ত গগনে॥৪২১
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
অস্ত্ৰ শিকাইবাক যান্ত বীৰ ধনঞ্জয়॥
ঘোৰ তপ আচৰিলা পাণ্ডুৰ সন্ততি।
তপ দেখি মহা ভয় ভৈলা সুৰপতি॥৪২২
মহা ভয়ে শঙ্কৰৰ আগে উপসন্ন।
শঙ্কৰক চাই ইন্দ্ৰে বুলিলা বচন॥
অৰ্জ্জুনৰ তপ দেখি মোৰ কম্পে প্ৰাণ।
অৰ্জ্জুনৰ তপ ভঙ্গ কৰা ত্ৰিলোচন॥৪২৩
শঙ্কৰক চাই পুনু বোলে সুৰপতি।
স্বৰ্গপুৰে থাপা আজি মোক পশুপতি॥
ইন্দ্ৰৰ স্তুতিক দেখি হাঁসি মহেশ্বৰ।
ইন্দ্ৰক সম্বুধি পাচে বুলিলন্ত হৰ॥৪২৪
অৰ্জ্জুনক যুজিবাক হেৰা যাওঁ মই।
নিৰ্ভয় থাকিয়ো স্বৰ্গে দেৱ হৰি হয়॥