সমললৈ যাওক

পৃষ্ঠা:দেৱজিত.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
দেৱজিত।

শুনিয়ো মাতলি তই মোৰ কথা লৈয়ো।
নিশানত বাৰি দিয়া সৈন্যক জোৰাও॥১৪৫
চন্দ্ৰ সূৰ্য্য বায়ু বৰুণ দিগপাল গণ।
সকলে আসোক জানি মোহোৰ ভুবন॥
কৃষ্ণ অৰ্জ্জুনৰ কথা এহি মানে থওঁ।
যি কৰিলা ইন্দ্ৰদেৱে তাৰ কথা কওঁ॥১৪৬
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
বিচণ্ডৰ বাণী শুনি ইন্দ্ৰ ভৈলা ভয়॥
ইন্দ্ৰে যে বোলন্ত পাচে মাতলিক চাই।
নিশান কোবাই সৈন্য কৰা এক ঠাই॥১৪৭
সেই বেলা মাতলিয়ে নিশান বজাইলা।
তিন কোটি খৰ্ব্ব দেৱ তেখনে আসিলা॥
আৰু ওলাই আহিলা দেৱ সেনা যত মানে।
বাপেৰ শকতি লেখিবাক পাৰে কোনে॥১৪৮
অৰ্ব্বুদ নিৰ্ব্বুদ খৰ্ব্ব পদ্ম মহাধুলি।
ব্ৰহ্মায়ো লেখিয়া সৈন্য নপাৱন্ত উলি॥
অসুৰে মাৰয় বুলি সবে দৈৱগণ।
সকলে আসিলা জানি ইন্দ্ৰৰ ভুবন॥১৪৯
চন্দ্ৰ সূৰ্য্য বায়ু বৰুণ দেৱ যে অগণি।
সবেয়ো গৈলেক নিশানৰ কোব শুনি॥
দেৱতাৰ ৰাজা দশ দিগ পালগণ।
অম্ৰাৱতী নগৰত ভৈলা উপসন্ন॥১৫০