পৃষ্ঠা:দেৱজিত.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
দেৱজিত।


লক্ষ শত অযুত হাজাৰ শৰচয়।
সন্ধানে ভেদিলা বীৰে হৰৰ হৃদয়॥৭৭৯
আৰু দিব্য ক্ষুৰপতি ধনঞ্জয়ে আনি।
শাৰঙ্গৰ গুণে যুৰি পঠাইলেক হানি॥
আকাশে চলিলা শৰ বিধুম অগনি।
দহিবে খোজয় যেন প্ৰলয়ৰ বহ্নি॥৭৮০
শঙ্কৰৰ হিয়ে পৰি পিঠি বাজ ভৈলা।
দেৱতাক লাগি শৰে সেহি মতে ধাইলা॥
কাটি চিঙ্গি শৰ পাত পাতালে পশিলা।
সাগৰত স্নান কৰি সেই স্থানে আইলা॥৭৮১
অৰ্জ্জুনৰ তূণত পশিলা আসি বাণ।
হেন দেখি ৰুদ্ৰ পাচে ক্ৰোধে কম্পমান।
মহেশ বদতি শুনা হা ওৰে অৰ্জ্জুন।
তোক মাৰি খেদাও আজি যমৰ কাৰণ॥৭৮২
অনেক দেৱক ৰণে কৰিলিহি চন্ন।
সম্মুখ সমৰে বেটা মোক কৰ ৰণ॥
ইন্দ্ৰ আদি দেৱতাক নকৰিলি ভাল।
দেৱক মাৰিয়া তই হৈবি দিগপাল॥৭৮৩
দিগপাল হৈবি তই থাক সাৱধানে।
দিগপাল পাতি থওঁ যমৰ ভুবনে।
সাৱধান হৈবি বুলি দেৱ পশুপতি।
হানিলেক অৰ্জ্জুনক দুৰ্ব্বাৰ শকতি॥৭৮৪