পৃষ্ঠা:দেৱজিত.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
দেৱজিত।

দেশে দেশে দৈত্যগণে ভিক্ষা মাগি খায়।
পূৰ্ব্বে দৈত্য মাৰি অম্ৰাৱতী দিলোঁ মই॥৪৫৮
অৰ্জ্জুনৰ বাণী শুনি ইন্দ্ৰ জ্বলি গৈলা।
প্ৰলয়ৰ বহ্নি যেন তুলাত লাগিলা॥
প্ৰলয় কালত যেন সাগৰ বাঢ়িলা।
সাগৰৰ জলে যেন স্বৰ্গক বুৰাইলা॥৪৫৯
সেই মতে ক্ৰোধত জ্বলিলা পুৰন্দৰ।
প্ৰলয় কালৰ যেন বহ্নি সম সৰ॥
দৃঢ়াঙ্গ ধনুক ইন্দ্ৰে বাম হাতে ধৰি।
টঙ্কাৰ কৰিলা ইন্দ্ৰে ধনুক আজুৰি॥৪৬০
দশোদিশ পূৰিয়া উঠিলা ঘোৰ ৰোল।
ক্ষণেকতে পূৰিলন্ত সূৰ্য্যৰ যে কোল॥
ধনু ধৰি প্ৰথমে মাৰিলা দশ শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥৪৬১
মাধৱক হানিলন্ত কোটি দিব্য বাণ।
মাধৱৰ শৰীৰত ভৈলা খান খান॥
আৰু মাৰিলন্ত শৰ মাৰিলা সত্তৰি।
ইন্দ্ৰৰ শৰক সহি থাকিলন্ত হৰি॥৪৬২
অৰ্জ্জুনক ইন্দ্ৰে শৰ মাৰিলেক চানি।
কৃষ্ণক পঠাইলা আৰু অগ্নি-শৰ হানি।
শৰচোটে অৰ্জ্জুনৰ কম্পিলন্ত তনু।
বাম হাতে ধৰিলা শাৰঙ্গ নিজ ধনু॥৪৬৩